-মহাবাহু |
বেইজিং, ২৭ এপ্ৰিল : চীনৰ সৰ্বাধুনিক ‘অতিশয় গোপনীয়’ অস্ত্ৰৰ তথ্য ইণ্টাৰনেটত প্ৰকাশ হ’ল। চীনৰ সেই অস্ত্ৰই ঘণ্টাত ১১৫০৯ মাইল বেগেৰে গতি কৰিব পাৰে। ‘হাইপাৰচ’নিক ৰকেট ছিষ্টেমছ্’ নামৰ এই অস্ত্ৰই আমেৰিকাৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাক ফাকি দি আঘাত হানিবলৈ সক্ষম। চীনৰ এই ভিডিঅ’ সংবাদ মাধ্যমত ইতিমধ্যে বিয়পি পৰিছে। ইয়াক ‘জিয়া গেং নম্বৰ ১’ ৰকেট বুলি অভিহিত কৰা হৈছে। এই অস্ত্ৰবিধে পেণ্টাগণৰ প্ৰতিৰক্ষা প্ৰধানৰ ৰক্ষণব্যৱস্থাক অকাৰ্যকৰ প্ৰমাণিত কৰিব পাৰে। ভিডিঅ’ত দেখা গৈছে যে প্ৰোটোটাইপ ক্ষেপণাস্ত্ৰবিধৰ নাকৰ অগ্ৰভাগৰপৰা নেজ পৰ্যন্ত দৈৰ্ঘ্য ৮.৭ মিটাৰ (২৮.৫ ফুট)। ইয়াৰ ওজন ৪০০০ কিলোগ্ৰামৰ ওচৰা-উচৰি। এই ক্ষেপণাস্ত্ৰই দহনক্ৰিয়াৰ মাধ্যমেৰে লক্ষ্যবস্তুৰ ফালে ধাৱমান হয়। শব্দতকৈও দ্ৰুততম এই ক্ষেপণাস্ত্ৰই এতিয়া সংবাদ মাধ্যমত আলোড়ন সৃষ্টি কৰিছে। যি দহনক্ৰিয়াৰে ক্ষেপণাস্ত্ৰবিধে গতি কৰে, সেই ক্ৰিয়াক কোৱা হৈছে ‘স্ক্ৰ্যামজেট’। তাত্ত্বিকভাৱে এই পদ্ধতিৰ ৰকেট ছিষ্টেমৰ সৰ্বোচ্চ গতি ঘণ্টাত ১৫০০০ মাইলৰো অধিক। তথ্য অনুসৰি ক্ষেপণাস্ত্ৰবিধে ভূমিভাগৰপৰা ১৫ মাইল ওপৰেৰে উৰিবলৈ সক্ষম। পপুলাৰ মেকানিক্সৰ প্ৰতিৱেদনত কোৱা হৈছে যে চীনৰ উত্তৰ-পশ্চিমৰ এক মৰুময় ক্ষেত্ৰত অস্ত্ৰবিধৰ সফল পৰীক্ষাও সম্পন্ন কৰা হৈছে।