• নেকিব আলি শইকীয়া
ইউক্ৰেন:
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-অৰ যুদ্ধং দেহি আচৰণক লৈ সমগ্ৰ বিশ্বই পুটিনক সমালোচনা কৰা ৰ সময়ত, ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা সময়ত, ইউক্ৰেনত মাৰাত্মক আক্ৰমণ কৰি সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰখনক জোকাৰি দিয়াৰ সময়চ, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন-এ ৰাছিয়াক আঙুলি জোকাৰি থকা সময়ত, হঠাৎ, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প-এ সোঁতৰ বিপৰীতে গৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-অৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প-এ কৈছে যে ইউক্ৰেনৰ বিদ্ৰোহীসকলৰ দখলত থকা ইউক্ৰেনৰ অংশক স্বাধীন বুলি ঘোষণা কৰাটো হৈছে পুটিনৰ ‘মাষ্টাৰষ্ট্ৰোক’! ট্ৰাম্পৰ এনে বক্তব্যই আমেৰিকাৰ নাগৰিক সকলকো স্তম্ভিত কৰি তুলিছে।
যোৱা সোমবাৰে, ৩১-০২-২০২২ তাৰিখে ডোনেৎস্ক আৰু লুহানস্কক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যদা দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন-এ। পুটিনৰ সেই ঘোষণাক এক চমৎকাৰ ঘোষণা বুলি ট্ৰাম্পে উল্লেখ কৰিছে।এক টেলিভিছন শ্ব’-ত প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প-এ কৈছে,’ যোৱাকালি মই এঠাইত আছিলো। সেই ঠাইত এটা টিভি আছিল। টিভিত মই বাতৰিটো দেখি কৈছিলো – ‘ এয়া জিনিয়াছৰ কাম, চমৎকাৰ’!
ট্ৰাম্পে এনেদৰেও কৈছে,’ পুটিনে ইউক্ৰেনৰ সেই অংশক স্বাধীন বুলি ঘোষণা কৰি দিলে। কিমান স্মাৰ্ট ভাবি চাওক। এতিয়া শান্তিৰক্ষাৰ বাবে তেওঁ সৈন্যবাহিনী প্ৰেৰণ কৰিব। মই দেখা সবাতোকৈ শক্তিশালী শান্তিৰক্ষা বাহিনী। সেই বাহিনীক আমিও দক্ষিণ প্ৰান্তত ব্যৱহাৰ কৰিব পাৰিলোহেতেন। মই তেওঁক ( পুটিন) চিনি পাওঁ। খুব বুদ্ধিমান। বুদ্ধিমানৰ পদক্ষেপেই গ্ৰহণ কৰিছে।’
ডোনেৎস্ক আৰু লুহানস্কক স্বাধীন ৰাষ্ট্ৰ বুলি ভ্লাডিমিৰ পুটিন-এ ঘোষণা কৰা কাৰ্য সম্পৰ্কে ট্ৰাম্পে পুনৰ কৈছে,’ মই বিশ্বাস কৰো, অবিলম্বে ডোনেৎস্ক আৰু লুহানস্কৰ স্বাধীনতা তথা সাৰ্বভৌমত্বক স্বীকৃতি দিবলৈ এক দীৰ্ঘম্যাদী সিদ্ধান্তৰ প্ৰয়োজন। ইউক্ৰেন আচলতে আমেৰিকাৰ হাতৰ পুতলা।'(২৪-০২-২০২২)