নৱজীৱনৰ শিল্পী মই
নৱজীৱনৰ শিল্পী মই
চিৰ জীৱনৰ শিল্পী তই৷
জীৱনে জীৱনে হাঁহি হাঁহি পাহি জপাওঁ
জন্ম আঁকো
জীৱন বাঁকো
পাৰ হৈ যাওঁ মৰণ সাঁকো
তোৰ লগতে থাকিও লগ নাপাওঁ৷
তোৰ লগত থাকিও, লগ নোপোৱাৰ খেলা,
ইয়াৰে মই পাতিলোঁ অ’
বিশ্বজোৰা মেলা
কত ৰূপৰ কত সপোন
মোৰ মনতে ফুলাই
মৰম গানৰ চৰম অগ্নি
উমাই উমাই জ্বলায়৷৷
পখিলা পাখিত ইমান ধুনীয়া
পখিলা পাখিত ইমান ধুনীয়া
কত বৰণীয়া
সোণালী
ৰূপালী
দীপালী আখৰেৰে
মোলৈ তই লিখি আছ চিঠি
ইমান মৰমেৰে৷
বুজিলে তই খং কৰিলেও
মৰমতেই কৰ
তোৰ খঙতো জ্বলে ৰূপহ ছবি
সৌন্দৰ্য্যতেই আন এটা ৰূপ ধৰ৷
সেইহে মই সদায়ে তোৰ কৱি
তোৰ খঙতো জ্বলে ৰূপহ ছবি৷৷
পখিলা পাখিৰে পাল নতৰিবি
পখিলা পাখিৰে পাল নতৰিবি
নাৱৰীয়া
নোৰোৱা ধানৰে ভৰা নভৰাবি
নৱৰীয়া
নিলিখা গানটো
শেষ নকৰিবি নাৱৰীয়া
মই ৰচা সুৰ ওভোতাই
নাগাবি নাৱৰীয়া
ভটিয়া পানীতে
উজনি নাও
উজনি ভাটিৰে
ধেমালি চাওঁ৷৷
পাখি কৰে ৰুণ্ ৰুণ্
পাখি কৰে ৰুণ্ ৰুণ্
গান গাই গুণ্ গুণ্
হাঁহি হাঁহি
দেখুৱাই
অকাবকা চকামকা
ৰঙা সপোন৷৷
পুৱতিৰ গানকেই লিখি শেষ
পুৱতিৰ গানকেই লিখি শেষ
কৰা নাই
সন্ধিয়াৰ গান আহে
মোক লিখ বুলি
মোক লিখ বুলি
লেখনীত ধৰি হাঁহে৷
ৰবি অ’ সন্ধিয়াৰ গান
নকৰিবি অভিমান
তোৰ দেশলৈ যাম
তোক লাখোলাখ চমা খাম,
ৰাতি তই টোপনি যাবি যেতিয়া
তৰাৰ সভালৈ যাম৷৷
পুৱাৰ বকুল বুটলি
পুৱাৰ বকুল বুটলি
অ’ সোণৰ পুতলি
পুৱাৰ বকুল বুটলি ল’৷
মোৰ থাপনাত নথবি
তোৰ থাপনাত নথবি
খোপাতে তোৰ
মালা পিন্ধি ল’৷
বকুল সৰা বননিত
কি দেখিলি ক’
আমোলমোলাই যোৱা গোন্ধৰ
ৰাতিপুৱাৰ সোণৰ ৰ’দৰ
গুণগুণনিত কি শুনিলি
মোৰ, গানত লিখি থ’৷৷
পৃথিৱী ধুনীয়া কৰিব লাগিব
পৃথিৱী ধুনীয়া কৰিব লাগিব,— তই
চকুৰ পানীৰে, বুকুৰ তেজেৰে
কবিতা লিখিছোঁ মই
মোৰ বৈজ্ঞানিক লিখনীডালিত
জুই চিঁয়াহীৰে ভৰা
লিখনীৰ সেই মুখৰপৰা
উফৰি পৰিছে তৰা
কল্পনাযোগী মোৰ মনে আজি
ভাঙিছে পুৰণি ঘৰ
নতুন সৃষ্টিৰ কমাৰ শালত অগ্নি ভয়ঙ্কৰ
ভূমিকম্পক কৰি আনিছোঁ প্ৰধান খনিকৰ৷
হেৰ’ নতুনৰ পোহৰ পৰা ল’ৰা
হেৰ’ ছোৱালী বুকু সেউজীৰে ভৰা
তোৰ চকুৰ মণিত জ্বলিছে যুগান্তৰ
তোৰ মনলে নামিছে সৌৱা
নতুন দিনৰ
নৱতম খনিকৰ৷৷
পৃথিৱীত থাপিবলে’ শান্তি
পৃথিৱীত থাপিবলে’ শান্তি
ঘৰে ঘৰে জ্বলাবলে’
সমৃদ্ধিৰ বন্তি
সৌন্দৰ্য্যৰে কৰিবলে পৃথিৱী ধুনীয়া৷
বিশ্বভুবন ঘুৰি
গ্ৰহে গ্ৰহান্তৰে ফুৰি
মানুহৰ ৰূপলৈ
আহোঁ মই
শিল্পী সত্তা— যাউতিযুগীয়া৷
এই পৃথিৱীলে’ আহোঁ
অশৰীৰী বিশ্বব্যাপী খনিকৰ
পাতিবলে’ লীলা থলী
শান্তি সমৃদ্ধি সৌন্দৰ্য্যৰ৷
শিল্পীৰ—-মানুহৰ এয়ে শেষ কথা
এই পৃথিৱীৰ জীৱনৰ
মহা আদৰ্শৰ৷৷
পৃথিৱীৰ চকুপানী কোনে মচি
পৃথিৱীৰ চকুপানী
কোনে মচি দিবি আজি
সাজি দিবি পোহৰৰ নৱ বাস্তৱ,
দুৱাৰে দুৱাৰে গৈ
দুখিতৰ ঘৰে ঘৰে
অন্ধক চকু দিয়
নিৰাশাক আশা দিয়
মুকক ভাষা দিয়
নিৰ্জীৱক জীৱ দিয়
গানেৰে সুৰেৰে দিয়
জীৱনৰ দৃষ্টি অভিনৱ৷
জনতাৰ প্ৰাণে প্ৰাণে
জ্বলালি কি সঞ্জীৱনী শিখা
কপালত লিখি দিলি
বুকুৰ তেজেৰে তোৰ
কিনো নৱতম ভাগ্য-লিখা
যুগাগ্ৰগামী—— নৱ জনজীৱনৰ বিপ্লৱী-শিল্পী
অনাগত কালৰ জ্বল’ জ্যোতি ৰেখা
ভাবিস্যতিকা চিত্ৰলেখা৷৷
পোহৰ দেশৰ পখিলাৰ জাকে
পোহৰ দেশৰ পখিলাৰ জাকে
মোৰ ফুলনিত নাচে
নোহোৱা নোপজা ফুলাম পাখিৰে
নকৈ চানেকি বাছে
ন পখিলাৰ লাহী ভৰতেই
সৰিছে পুৰণি পাহি
নতুন কলিৰ বুকু শিয়ঁৰিছে
মুখত মিচিকি হাঁহি৷
ৰৈ ৰৈ উৰিবি, পোহৰৰ পখিলা
ৰৈ ৰৈ উৰিবি তই
চিৰসুন্দৰৰ নতুন লিখাৰ
পাখিত অঁকাবঁকা
আখৰ দেখিছোঁ মই
ৰৈ ৰৈ উৰিবি, পোহৰৰ পখিলা,
ৰৈ ৰৈ উৰিবি তই৷৷
পোহৰ নপৰা ফুলত আছিলে
পোহৰ নপৰা ফুলত আছিলে
ফুল সুৰভি শুই
শিল্পী আছিল জনৰ মনত
কল্পনা তাৰ নাজাগোতেই
নালাগোতেই নতুন বেলিৰ জুই৷
পোহৰ লাগি
গন্ধ জাগি বনে বনে যায়
নতুন গানৰ জুই লাগিলত
এই পৃথিৱীৰ জনগণৰ, আকুলতা জাগিল প্ৰাণৰ
মনৰ শিল্পী
উঠিল সাৰ পাই৷
নতুন মানৱ উঠক জাগি
শিল্পী মনৰে
পৰিপূৰ্ণ হওক পৃথিৱী
আনন্দ গানৰে৷৷
পোহৰৰ ফোঁট পিন্ধি কপালত
পোহৰৰ ফোঁট
পিন্ধি কপালত
কিনো বিচাৰি আহ’
মই সুধিলে
ভাষা পাহৰি
ৰঙা নপৰি— হাঁহ’
নতুন দিনৰ অ’ গাভৰু
কাণত পিন্ধি মোৰ কবিতাৰে কেৰু
হাতত পিন্ধি মোৰ
অকোৱা পকোৱা খাৰু৷
আৰু মোৰ যে একোকে নাই
এতিয়া দিওঁ সুদা হাতেৰে
কেনেকৈ পঠিয়াই!
অৱশেষ আছে জগতখনকে ভালপোৱা
মোৰ প্ৰাণ
তাকে দিলোঁ তোক দান৷
মনৰ সজাত থবি
তাৰ গান শুনি
বিশ্বখনকে আপোনাৰ কৰি লবি৷৷
প্ৰণতি প্ৰণতি প্ৰণতি
প্ৰণতি প্ৰণতি প্ৰণতি
নৱ জনজীৱনৰ
অভিনৱ জ্যোতি
প্ৰণতি প্ৰণতি প্ৰণতি৷
আজি সুৰে সুৰে জাগ
জনতাৰ আশা
কণ্ঠে কণ্ঠে জাগ সংগ্ৰামী দলিতৰ
দুৰ্ম্মদ ভাষা৷
ঝঙ্কৃত নৱ জনজীৱনৰ ছন্দ
ফুলি উঠ*
ফুলি উঠ*
সাম্য সংস্কৃতিৰ*
বিশ্বউজলা অৰবিন্দ৷*
নতুনৰ জুই জ্বল দীপান্বিতা পাতি
মনে মনে প্ৰাণে প্ৰাণে
পূৰ্ণিমাৰ জোনাকৰে
বিকশি, প্ৰকাশি উঠে জনপ্ৰগতি৷
শিল্পীৰ প্ৰতিভাৰে, নতুন ৰঙেৰে আঁক
নৱতম পৃথিৱীৰ ছবি
কবিয়ে গানে গানে নতুন ভৱিস্যৰ
আধাবুজা কথাটি কৰি৷
তৰুণ তৰুণী যত জ্যোতি পূজাৰী
আন্ধাৰক জিনিবলে’
জনতাৰ সমৰৰ
প্ৰথম ৰণুৱা দল হৈ
লৈ ব’ল জনতাক
পোহৰলৈ
পোহৰলৈ
পোহৰলৈ ৷৷
পৰ্বততে ফুলিলে ৰঙানোকৈ
পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি
ৰেণুৰে বোলালি তই কুমলীয়া হাত ৷
অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি গাথি
লেখি লেখি সেউজীয়া পাত ৷
বনে মইনা সেউজীয়া,
গছে মইনা সেউজীয়া,
পাতে মইনা সেউজীয়া পাত,
মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি
মাতিছে মিঠা মিঠা মাত৷
আমনে জিমনেকৈ
থাকনো তই কিয় ঐ
গালতেনো দিয় কিয় হাত?
হাঁহ অ’ মোৰ মইনা
হাঁহ অ’ হাঁহ৷
ভালেনো পাওঁ চাবলৈ,
ৰঙা ওঁঠৰ হাঁহিৰ সতে
জিকিমিকি দুয়ো পাৰি দাঁত৷৷
ফুলাম পালৰ নাও
ফুলাম পালৰ নাও
সোৱণশিৰীৰ
ৰূপৰ পানীত বাওঁ
ঘাটে ঘাটে খন্তেক ৰখাওঁ
মনত ফুলা সোণপাহীৰ
সুৰভি বিলাওঁ৷
বাটত ঘাটত
দুয়ো পাৰত
কোন কোন, ক’ত আছ’
সেউজী বনত মৰম বিলাই
পখিলা পাখি
ওৰণি পিন্ধি
বিজুলি নাচ নাচ’
সোনকালে আহ্
যাওঁ
তেৰ নদীত যি নাপালোঁ
কিজানিবা তাক বিচাৰি
সাত সাগৰত পাওঁ৷৷
ফুলে ফুলে মউপিয়া উৰে
ফুলে ফুলে মউপিয়া উৰে
ফুলৰে জীৱন মন জুৰে
নাচে পখিলীয়ে সখিয়াকে মাতি৷
উৰি উৰি সউ গাটি উৱঁলাই
মউ মউ বুলিয়ে বলিয়া পখিলা
ঋতু বসন্ত হাঁহে সোণৰে৷৷
ফুলৰ কলিক ফুলাৰ মন্ত্ৰ
ফুলৰ কলিক
ফুলাৰ মন্ত্ৰ
কৈ যাবলৈ কাণে কাণে
সুন্দৰ বোলে আহি গুচি গ’ল
মই টোপনিত থাকোতেই
বেলি ওলোৱাৰ আগতেই৷
মোৰ নিশা লিখা গান
কৰি অভিমান
শেৱালি তলত
থমকি থাকোতেই
সুন্দৰে তাকে খুজি নিলে আহি
সি সৰোৱা
চকুপানীৰ
তিনটা টোপালেই
কৈ গ’ল বোলে
গানৰ চকুত ওপজা মুকুতা
ক’তো পাবলৈ নাই
সাকো সৰগত এনেকুৱা মুকুতা
দেৱতায়ো দেখা নাই৷৷
ফুলৰ ছাঁ তই
ফুলৰ ছাঁ তই
পাতৰ আঁৰত কিয় লুকাৱ?
তই বিচৰা পোহৰ দেখি
কিয় লাজ পাৱ?
পোহৰে তাক
বেলি থাকোঁতে
কি কথা গ’ল কৈ
পোহৰ গলে ৰাতি হলে
মনে মনে তাকে সোধ গৈ
নে কি তাকে সোধ গৈ?
ফুলৰ পাহিত কোনে থৈ গলি
ফুলৰ পাহিত
কোনে থৈ গলি
এটুপি চকুৰ পানী
পুৱাৰ পোহৰে
আহি চুমা খালে
বেলিৰ মৰম সানি
চুমা-চেনেহতে পমি নাইকীয়া হ’ল
বেজাৰে মৰমে
দুয়ো লগে লাগি
থিতাতে ময়াপী ইযে কি আপুনি
আলাসতে উৰি গ’ল৷
বেজাৰৰ সোণতে মৰম মুকুতাইয়ে
আলসুৱা ৰূপ ধৰে
চকুলোটুপিয়ে পোহৰে উমলি
পৃথিৱী ধুনীয়া কৰে ৷৷
ফুলৰ লগত কথা পতা
ফুলৰ লগত কথা পতা
অকণি ছোৱালীজনী
তোৰ হাঁহিত সৰে
মুকুতা মাণিক
চকুত জ্বলে মণি৷
ৰাতিপুৱাৰ সোণপোহৰে
ফুলৰ পাহিৰ ৰঙা চোতালত বহি
তোক কি ক’লে নতুন কথা
আহ অ’ মোক ক’হি
সুন্দৰ অহাৰ আগজাননী
কিবা দিলেনে তোক
পোহৰৰ যুগ আহিব কেতিয়া
কিবা ক’লেনে
কৈ যা, কৈ যা মোক৷৷
ফুলৰে মৌ খাম
ফুলৰে মৌ খাম
মৌ মিঠা লাৰু
জিৰ জিৰ জুৰ জুৰ নিজৰাৰ
পানীৰে উমলি
ফেনৰে ধেমালি কৰোঁ৷৷
বগা ডাৱৰৰে নাও
বগা ডাৱৰৰে নাও
তাতে উঠি মই জোনবাইৰ
সোণদেশলৈ যাওঁ৷
জোনবাই দেশতে
বগা হৰিণায়ে
ৰঙাকৈ দুবৰি খায়
জিলমিল চৰায়ে
তুলসী বনতে
শুঁইত্কৈ সুহুৰিয়ায়
জহৰে জোনাকত
আইতাই কোৱা মোক
সাধুবোৰ জোনাবাইত থাকে
আইতাই মনতে
তুতিকৈ মাতিলে
মোক নিচুকাবলৈ আহে৷
বগা ডাৱৰৰে নাও
জোনবাইৰ দেশলৈ যাওঁ
পোহৰী লুইতৰ
ৰূপৰ বালিচ’ৰাত
নাও বান্ধি ভাতে খাওঁ৷৷
বগা তগৰৰে পাহি
বগা তগৰৰে পাহি
বগা তগৰৰে পাহি
তাতে আঁকবাক পখিলা
পৰিলে লাহি
ৰঙা ৰেৱতীৰে হেঙুলি হাঁহি৷
কেতেকীৰ ৰেণুৰে বোলে গ’ল ভোমোৰা কলীয়া
হলে হালধীয়া—-
উৰিকি ঘূৰিকি
ৰজাই বনৰীয়া বাঁহী৷
বিৰিঙাৰ পাততে সুৰে সুহুৰিয়াই
আলাসতে গ’লে ভাহি৷৷
বন গাঁৱলৈ যাবি
বন গাঁৱলৈ যাবি
বন ভাৱনা
হেৰোৱা মাণিক জানো বিচাৰি পাবি?
তাত ৰূপৰ নিয়ৰে
মলচা দুৱৰি
সোণ হৰিণাই খায়
তাত নেদেখা ফুলৰ
নুসুঙা গোন্ধত
বননি আমোল মোলায়৷
তাত ধুনতে ধুনীয়া
পাট গাভৰুৱে
কাৰোবালে’ বাট চায়
বনৰে বাটেদি
জোনাকত ফুৰোতে
ফুলকোঁৱৰক পায়৷৷
বন মইনাৰ মাত শুনি –
বন-মইনাৰ মাত শুনি
বন কইনা শাঁত
বন জোনাকত
কোনে গাৱ
বনৰীয়া জাত
বন কইনাৰ হাঁহি গৈ
বন মালতী হ’ল
বন পখিলা উৰি আহি
মৌ খাবলৈ ৰ’ল
বনৰ মাজত নাচে হাঁহে
বনৰ কইনা
মই নেদেখা তই নেদেখা
সেউজী মইনা৷৷
বনত ফুলা বনৰীয়া ফুল
বনত ফুলা বনৰীয়া ফুল
গোন্ধতে তোৰ বন আমোল মোল৷
বনত বোৱা নিজৰাটিৰ
গান কুল কুল
বনত ফুলা বনৰীয়া ফুল৷
বনৰ দুবৰি খোৱা
বন হৰিণা
মৌ সুৱদি মিঠা মাতৰ বনৰ মইনা—
বনে বনে
মনে মনে
বন মৰমৰ চুমা যাচে
হাতত সাৰে ভৰিত সাৰে
কোনে নাচে কোনে নাচে
সোণসেউজী বনৰ কইনা৷৷
বনত ফুলা বসন্তৰ নেদেখা ফুলে
বনত ফুলা বসন্তৰ নেদেখা ফুলে
অকলে বোৱা নিজৰাটিৰ
বন জীৱনত
আমোলমোলালে৷
সেই সুৰভি অকলে ফুৰে
বন জোনাকীৰ মনটো হৰি
মনে মনে ঘূৰে
ফেনতোলা সৌ নিজৰাৰ
বনত কন্দা বাৰিষাৰ
বুকু জুৰালে
বনে বনে মনে মনে আমোলমোলালে৷৷
বন্ধু সুন্দৰ, তোৰ পদুমফুলীয়া
বন্ধু সুন্দৰ,
তোৰ পদুমফুলীয়া
চৰণ পাহিত
মোৰ অগ্নি বেজাৰৰ
যেতিয়া থলোঁ
মোৰ দুটোপা
হীৰা উজালা
তপত চকুপানী,
তোৰ মহামৌন ওঁঠ দুখনিৰ
বিশ্বমোহন হাঁহিৰ
অগ্নিবৰণ
দিলি মোৰ
বগা কপালত সানি৷
সেই ইন্দ্ৰধনু পিন্ধি মই
আগবিঢ়িছো বিশ্বসভালৈ
সেই মহাসভাৰ গান ৰচিছোঁ
তোৰ পূজালৈ৷
বন্ধু সুন্দৰ!!
বনৰ আঁৰত কোনে কান্দি যাৱ
বনৰ আঁৰত কোনে কান্দি যাৱ
মনৰ আঁৰত কোনে বীণ বাৱ
মোক জানো চিনি পাৱ?
পাৱতো মোক চিনি
কতবাৰ তই
কত আহি গৈ
মোৰ মৰম গৈছ জিনি
পাৱতো তই, নাপাবি কিয়নো চিনি?
তোৰ কন্দনা সুৰত
বেদনাৰ কি
নতুন প্ৰকাশ জাগে
তোৰ বীণৰ সুৰত
কোন নতুনৰ
অৰুণ ৰাগী লাগে
জনতা জাগে
আলোক ৰাগে ৰাগে৷৷
বনৰ পখিলা ধৰা বন ছোৱালী
বনৰ পখিলা ধৰা
বন ছোৱালী
তোক জানো লাগে বাৰু
মোৰ, মনৰ পাখিলাবোৰ
আৰু, মন ফুলনিত সৰি থকা
মন শেৱালি?
বনৰ পখিলা খেদি
বনে বনে যাৱ
মোৰ বন কবিতাজনী বাৰু
জানো লগ পাৱ?
তাই তোৰ লগতে ঘূৰি ফুৰি
তোৰ ছাঁতে জিৰাই ৰয়
মোৰ কোঠালৈ ঘূৰি আহি
তোৰ মৰমৰ
বন সাধুটো কয়৷
বনৰ গোন্ধে বনৰ ৰূপে সিযে বনোময়৷৷
বনৰীয়া আমি বনৰ চৰাই
বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰো অনাই বনাই
অনাই বনাই আমি
অনাই বনাই আমি
অনাই বনাই অ’ অনাই বনাই৷
উ- উ-উ-উ….উ-উ…উ-উ-উ৷
ভৈয়ামৰ মইনা তই পোহনীয়া পখী
বনৰীয়া মইনাৰে পাতিলিহি সখী
ঘৰৰ কথা আমি বনত পাতি
বনৰ কথা আমি ঘৰত পাতি
পৰ্ব্বতৰে বননি ফুৰিম বগাই
অনাই বনাই অ’
অনাই বনাই৷৷
বসন্ত তোৰ লেখনীডালি
বসন্ত তোৰ লেখনীডালি
মোক দি যাবি জানো?
সেই লেখনীৰে ভাষা ফুলনিত
অময়া বৰণ সানো৷
পৃথিৱী পুঠিৰ
যুগৰ পাতত
তই যে আঁক ছবি
ভাষাই ভাষাই ৰূপ চৰোৱা
মই যে নতুন কবি,
মোৰ লেখনীত তোৰ লেখনীৰ
স্বৰূপ প্ৰকাশ পাওক
নেদেখা আৰু দেখা কৰিব
জগতেই গান গাওক৷৷
বাইদেউ বাইদেউ
বাইদেউ বাইদেউ
ৰজাৰ জী আইদেউ!
দোলাখন আনি দে যাওঁ,
বাইদেউৰ দৰাটো ফেৰেকাঠেঙীয়া
ধিনিকি ধিন্দাও দাও৷৷
বাৰিষাৰ বৰষুণ
বাৰিষাৰ বৰষুণ,
কিনো কৱ গুণগুণ
কিনো গাৱ ৰুণৰুণ
কি বজাৱ জুন্জুন্
বাৰিষাৰ বৰষুণ
আকাশত পাখি মেলি
উৰি ফুৰা আশাই
জীৱনৰ
সপোনৰ
কয়নে কিবা কথা
ধাৰাসাৰে
নামি অহা ভাষাই ভাষাই৷
তোৰ বিননিত মই
এটি শবদীয়া ভাষা
বাৰে বাৰে শুনো
তাকে লেখি তাকে পঢ়ি শুনো৷
জিৰজিৰ নতুন
ঝৰঝৰ নৰুন
কৰকৰ নতুন
ধৰধৰ নতুন
গছ-বন নতুন
ফুল-ফল নতুন
তাকে দিয়
তাকে কৱ
বাৰিষাৰ বৰষুণ
কিৰিষিৰ বৰষুণ
হৰিষৰ বৰষুণ
বাৰিষাৰ বৰষুণ৷৷
বাৰিষাৰে ঘন ঘোৰ
বাৰিষাৰে ঘন ঘোৰ
বজালি প্ৰাণত মোৰ
কিনো উদাসীন সুৰ?
পবন অ’ উৰুৱাই তাক—-
নিবিনো কত দূৰ?
শূইন জীৱন অ’ মোৰ
উটি যাৱ কোনো ফালে
কোন আকুলতে পাবি কূল?
আকাশ পৱন জোৰা
একেখনি ছবি অ’
কৰি থবি মোৰ এই
জীৱনকে বিয়াকুল৷৷
বিজুলি বাঁতিৰে চাকি জ্বলোৱা
বিজুলি বাঁতিৰে চাকি জ্বলোৱা
কোঠাত কৰিলি কি?
পঢ়িলি, শুনিলি, জানিলি, বুজিলি
আৰু নতুনৰ সৃষ্টি কৰিলি যি?
বিজ্ঞানৰ তই ফুল পাতেৰে
সজালি ফুলৰ দানি
নৱজীৱনৰ এই প্ৰকাশক
আপুনি লৈছোঁ মানি
বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে যাম
অনুবীক্ষণৰ থাপনাতেই
সুন্দৰকেই বহি থকা পাম
বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলৈ যাম৷৷
বিজুলী চাকি জ্বলিল ঘৰে ঘৰে
বিজুলী চাকি জ্বলিল ঘৰে ঘৰে
কাৰ সাধনাত সুন্দৰ নামি
জগত পোহৰ কৰে
সেই বিজুলি জ্বলক আজি
গাঁৱৰ ঘৰে ঘৰে৷
কোন প্ৰতিভাত
সুন্দৰ নামি
জনৰ মনত
আলোককম্প কৰে
কাৰ গানৰ সুৰত
হুন্দৰ হাঁহি
জনতাৰ ৰূপ ধৰে৷৷