অকলশৰীয়া বুলি কোনে ক’লে ?
অকলশৰীয়া বুলি কোনে ক’লে ?
মিছাকৈয়ে মুকুতাৰ ধাৰে ব’লে
চকুলো তোৰ
পোহৰ বিচৰা প্ৰাণৰ ব’ৰাগী মোৰ ৷
তোৰ ভিতৰে বাহিৰে আছে
তাকে আঁকোৱালি
তোৰ চিৰসখা চিৰসুন্দৰ
তোৰ, প্ৰাণে মনে ব্যাপি আছে
তোৰ চিৰলগৰীয়া
যুগ যুগান্তৰ ৷
ৰূপে ৰসে গানে গন্ধে
সুৰ-শবদৰ ছন্দে ছন্দে
বিচিত্ৰ প্ৰবন্ধে
তোৰে সতে কত কথা তাৰ
অনন্ত সংখ্যাত যি এটি ৰূপ ধৰে
সিয়ে তোৰ লগৰীয়া
পুৱা দুপৰীয়া সন্ধিয়াৰ
আঁউসী নিশাৰ ৷৷
অগ্নিৰে মই খেলা খেলিছোঁ
অগ্নিৰে মই খেলা খেলিছোঁ
মোৰ অগ্নিৰে ধেমালি
মোৰ অগ্নিৰে ধেমালি
কোনো যদি নাহে
নালাগে আহিব,
মোৰ অকলশৰীয়া
জীৱন উঠিব
দীপালী হৈ জ্বলি
মোৰ অগ্নিৰে ধেমালি
মোৰ তেজৰ এটি দীপেই
আই তোক
কৰিব সোণালী
মোৰ অগ্নিৰে ধেমালি ৷
অজেয়… মোৰ ধুনীয়া সপোন
অজেয়… মোৰ ধুনীয়া সপোন
ফুৰে কাঁইটীয়া বনত
ৰঙা তেজৰ মণি-মুকুতা অৰুণ ৰঙা
বৰণৰ উজলি জ্বলে
কাঁইটে ফুটা, জেঙে বিন্ধা
পদুম চৰণত ৷
তাই এই দিঠকৰ
মুখত সানে
সোণ পোহৰৰ গুৰি
আপচু এই বাস্তৱতেই
ৰূপান্তৰৰ মন্ত্ৰ শুনাই, ন পোহৰৰ বন্তি জ্বলাই
ফুৰে উৰি উৰি ৷
দুখ-বেজাৰৰ গাঁৱে গাঁৱে
তাই আনন্দৰ, নৱজীৱনৰ, নেদেখা দিনৰ
আগবতৰা কয়
নতুন দিনৰ ন ছোৱালী
আঁকোৱালি লয় ৷
তাইৰ কাষলৈ আহি, মাতে হাঁহি হাঁহি
তাইৰ শৰাইত থকা, ন সেন্দুৰৰ ফোঁটটো পিন্ধি
তাইক চুমা খাই, সখী পতাই
তাইৰ নাচোন বাগোন দেখি
ভোল যায় যত
পোহৰ যাত্ৰী দল
আন্ধাৰৰ ব্যাধে
তাইক শৰ কৰি
ভাঙি দিয়ে সমদল ৷
তেজেৰে ৰাঙলী
ক্ষত বিক্ষতা
মোৰ সপোনে
মোৰ বুকুলৈ আহে,
কোলাত বহি
কথা কয় লাহে লাহে
উচুপি উচুপি
ফেঁকুৰি ফেঁকুৰি
মোৰ মুখলৈ চায়
এই পৃথিৱীত শিল্পী আত্মা
দেখোঁ পাবলৈ নাই ৷
তাইৰ গাৰ তেজ মোৰ চকুলোৰে
মইয়েই দিওঁ
আলফুলকৈ ধুৱাই ৷
দুৰ্নিবাৰ সৌ নৱ কিৰণৰ
জন ভৱিষ্যৰ
আগমণিৰ
নেপূৰৰ ধ্বনি শুনি
পঢ়ি শুনাওঁ কালবিজয়ী
তাইৰে সোঁৱৰণী
পিয়াই পিয়াই
অগ্নি সজীৱনী ৷
শত ব্যাধৰ শৰ সন্ধান
ব্যৰ্থ কৰি তাই
ব্যাধৰ পৃথিৱী ভাঙি চূৰমাৰ কৰি
শিল্পীৰ এক সোণালী পৃথিৱী
গঢ়িবলৈ
মোৰ সপোন বিশ্বকে জগায় ৷
মোৰ ই সপোন-মুগ্ধ সংগ্ৰামী সতীৰ্থ
তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ ৷৷
অন্ধকাৰ
অন্ধকাৰ !
পোহৰ বিচৰা কবিয়ে মই
শিল্পীয়ে তোক
কৰিছোঁ নমস্কাৰ
জানো জানো অ’ অন্ধকাৰ
তয়ো মোৰে দৰে
পোহৰ বিচাৰি
কৰিছ হাহাকাৰ ৷
বাৰে বাৰে
কৰিছোঁ নমস্কাৰ ৷
পোহৰ যেতিয়া
সূৰুযৰ সতে
সোণ দেশলৈ যায়
তই বেজাৰত কান্দি কাটি
মোৰ ফুলনি
থৱ ওপচাই
চকুপানী টোপালৰে
মুকুতা ধুনীয়া
নিয়ৰৰে
ফুলৰ কোলাত
পাতৰ কোলাত
দুবৰি বনৰে কোলাত
উচুপি থাকি
পুৱাৰ বেলিৰ সতে অহা
প্ৰাণৰ পোহৰ অহা
আনন্দতে সৌন্দৰ্য্য বিলায়
তোৰ বতৰা জনায়…
পোহৰৰেই চুমাত পমি যায় ৷
ফুলৰ পাতৰ আঁৰৰ পৰা
ধৰি ছাঁয়াৰ কায়া
তইয়ে থাক মনে মনে চাই ৷৷
অ’ জনতা ! তই বিচৰা অৰুণ-জ্যোতি
অ’ জনতা !
তই বিচৰা অৰুণ-জ্যোতি
আহে
বিয়পালে ৰঙা পোহৰ
বিশ্বভুবনতে
লাহে
লাহে
তোৰ কপালত জিলিক্ মাৰি
মিচিক্ মিচিক্
হাঁহে
হাঁহে
হাঁহে
হাঁহে সি তোৰ, আগচোতালত
হাঁহে সি তোৰ, পাছ চোতালত
তোৰ, ৰান্ধনিঘৰত
গোসাঁইঘৰত হাঁহে হাঁহে
তাৰ আৰতি গা
তাক নয়নভৰি চা
তাৰ হাঁহিৰ অৰ্থ বুজিবলৈ
তাক, মনে প্ৰাণে পূজিবলৈ
তোৰ ফুলনিৰ ফুল ছিঙি ল’
পাহে
পাহে
অ’ জনতা তই বিচৰা অৰুণ-জ্যোতি
আহে ৷
অ’ পৃথিৱী আৰু কিমান দিন
অ’ পৃথিৱী আৰু কিমান দিন
মই
বজাব লাগিব বীণ ?
তোৰ বুলনিত
আপোন পাহৰা
শিল্পী জগাবলৈ
আন্ধাৰত তই
বহুতো বেহালি
আহ এতিয়া পোহৰলৈ
যেনেকৈ তই বিদায় কৰিলি
অসুৰ দানৱ যক্ষ ৰক্ষ দল
তেনেকৈয়ে আজি মানুহকো তই
হাতে হাতে দে মানুহ হৈও মানুহ
নোহোৱাৰ ফল ৷
উছলাই তুলি মহাপ্ৰলয়ৰ জল ৷
এই মানুহৰ প্ৰাণত থকা শিল্পী মানৱটি
মোৰ মন্ত্ৰেৰে সাৰ পাওক
চিৰসুন্দৰৰ নতুন ছবি চাওক ৷
গেলা-পচাৰপৰা উঠি
অৰুণালোকত কৰোক পুণ্যস্নান
গাওক, মহাজীৱনৰ, মহা অভিনৱ গান ৷
অ’ পৃথিৱী, শিল্পীক তই
অ’ পৃথিৱী, শিল্পীক তই
মৰমকে কৰা নাই
আদিৰ পৰা অনাদিলে’
শিল্পীদলেই
মনে প্ৰাণে
আশাশুধীয়া চেনেহৰে
তোক যে ভাল পায় ৷
নিজৰ তেজত বৰণ মাৰি
সাধনাৰে মন্ত্ৰ জাৰি
ভোক পিয়াহো কাতি কৰি
তোৰ মুখনি ধুনীয়া কৰি যায় ৷
আন আশা তাৰ কি আছে বাৰু
সি হৈ থাকে সৰুৰো সৰু
তোক, শুৱনী কৰাৰ আনন্দৰেই জীৱন
ওপচায় ৷
জীৱনাজীৱন মৰম বিচাৰি দুৱাৰে দুৱাৰে ফুৰে
অনীহা অৱহেলাকো নেউচি তোৰ মৰমতে মৰে ৷
মন্বন্তৰৰ মাজেদি আহিলোঁ
কত কথা কলো মোৰ
ভগা নাই কিয় বৰ্ব্বৰ তন্দ্ৰা তোৰ ?
অ’ পৃথীৱী তোৰ
ভুলৰে ওপৰে ভুল
সেইহে হৈয়ো ইমান শুৱনী
শান্তি বিচাৰি বলিয়া বিয়াকুল ৷
অতদিনে তই কতনাজনৰ
শুনিলি বতৰা, যেয়ে যি জানে
আজি শুন তই
হৃদয় মনৰে
কি কথা কয়
ঘোষে কাৰ জয়
নৱতম মোৰ শিল্পী প্ৰাণে ৷
অ’ পৃথিৱীৰ কবিৰ কথা
অ’ পৃথিৱীৰ কবিৰ কথা
কেতিয়া বুজিবি তই ?
কত কবি গ’ল টুকি চকুপানী
দুৱাৰে দুৱাৰে ৰৈ
অ’ পৃথিৱীৰ কবিৰ কথা
কেতিয়া বুজিবি তই ?
যুগে যুগে আহি, কত গান গাই
কতবাৰ ঘূৰি গ’লো
ভাগৰি-জুগৰি নিজেই নিচুকি
পদূলিত পৰি ৰ’লো ৷
জোনে বুজিলে
তৰাই বুজিলে
বেলিয়ে বুজিলে মোক
মোৰ বীণ শুনি
নিজৰাই কান্দিলে
সাগৰৰ উতলে শোক ৷
তইযে মনুহ মোৰ
তেনেই আপোনাৰে
কবিৰ গান শুনিবৰ হ’ল
পৃথিৱী আন্ধাৰে
আৱৰি আনিছে
ব’ল, পোহৰলৈ ব’ল ৷
কাল ভৱিষ্যই আহি গুণগুণালে
এডালি তাঁৰত মোৰ
ৰবিনে এতিয়াও
আন্ধাৰৰ বুলনিত
নজ্বলায় নতুনৰ
চাকিটো তোৰ ?
অ’ মা মই ৰাতি সপোনত
অ’ মা মই
ৰাতি সপোনত
কি দেখিলোঁ জান’
তই যে মা কেতিয়াবা
মোক দিবলৈ আন’
সৰু সৰু কাঠৰ ঘোঁৰা
নেজডাল যে মোটোক মৰা
তেনেকুৱাই
পিছে হলে ঠেঙত পাখি লগা
দেখিবলৈ
ভকভকীয়া বগা ৷
তাৰ পিছত উঠি
আকাশলৈ গলোঁ
অকলশৰে কান্দি থকা
তৰা এটা পালোঁ ৷
মোক দেখি সি হাঁহি দিলে মা
হাঁহিলে সি ইমান পোহৰ ওলায়…
আমি দেখা বেলিটোৰো তিমান পোহৰ নোলায় ৷
মা, তই মাতোতে
সপোন গৈ খাটৰ তলত সোমাল
পাখি লগা ঘোঁৰাজনীও ক’ৰবালৈ পলাল ৷
জ্বলা তৰাটো আক্কাশতে নুমাল ৷
অ’ মোৰ পোহৰ বৰাগী
অ’ মোৰ পোহৰ বৰাগী
মানুহে তোক বোলে বলীয়া ৷
তোৰ লগ থাকোতেও, লগ নাইকীয়া
মানুহৰ মাজতো অকলশৰীয়া
জোনাকীবাটৰ চিৰবাটৰুৱা
অ’ মোৰ পোহৰ বৰাগী
মানুহে তোক বোলে বলিয়া ৷
তোৰ যে মনৰ থিৰ পদুমত
জ্ঞানৰ পোহৰ পৰে
তোৰ যে গানে মনে মনে
দখিতৰ মন হৰে
স্বাৰ্থ অন্ধলা ভূত পিশাচৰ
আন্ধাৰত যি জীৱন বেহায়
পোহৰত যাৰ ক্ষয়,
তোৰ পোহৰৰ সাধুকথা
সি কি বুজি পাব ?
গেলা পচাত তৃপ্তি পোৱাই
জানো অমৃত খাব ?
অভিমান তোৰ মিছাকয়ে
বুলি তোৰ লগ নাই
তোৰ গান শুনি
হাজাৰে বিজাৰে,
আন্ধাৰে আন্ধাৰে
কতনা মানুহ
তোৰ গাতেই লাগি যায়
ভাবত বিভোল পোহৰ বৰাগী
তইহে দেখা নাই ৷
তোৰ চুবুৰিৰ মলি বিচৰাই
তোৰ, গানৰ নাপালে মোৰ
ঘৰৰ পৰৰ কুকুৰে কামুৰি
তেজ উলিয়ালে তোৰ
সেইহে ভাবিছ পৃথিৱীখনতে
কোনো তোৰ লগ নাই
সেইহে ভাৱিছ মানুহৰ মাজতো
মানুহ পাবলৈ নাই ৷
কোনে কয় তই অকলশৰীয়া
যেয়ে বুলিছে বোলক বলিয়া
পোহৰ বিচৰা
কোটি আতুৰে
তোক ৰিঙিয়াই মাতে
ধৰ সিহঁতৰ হাতে হাতে ৷৷
অ’ সখী আজি যৌৱন বন জুৰি
অ’ সখী আজি
যৌৱন বন জুৰি
বন-বসন্ত মুঞ্জৰি
পাতে বৰণৰে মেলা,
হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা ৷
তোৰ ৰূপৰ ফুলনিতে
শেৱালি নেৱালি কতনো ফুল…
দশোদিশ আমোলাই
কৰিছে আকুল
ফুলৰ বাটিৰে মৌৰে
নিজৰা বাকি দিয়া
বিয়াকুল ৰূপ মৌ পিয়া ৷
আজি অভিনৱ তৰালি পোহৰৰ
চঞ্চল গীতি শুনা….
তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ
জোনাকী কাৰেঙত বাজে বীণা ৷
তাতে বাসনা-উৰ্ব্বশী
বিবসনা…
নৃত্যতে আকুল
অ’ সখী ! যায় যে বেলা…
হাঁহা সখী মোৰ
হাঁহা সখী মোৰ
হাঁহিৰে ফাকু খেলা ৷৷
অ’ সখী আহিব পিয়া
অ’ সখী আহিব পিয়া
ৰূপহী জোনৰে
কিৰণ জকেমকাই
বিৰিখৰ পাততে
আহিব পিয়া
সখীৰে চকুৰে
নিয়ৰ জকেমকাই
লাৱনী গালতে
আহিব পিয়া
আমাৰে সখীয়া
ইনাই বিনাই
বিৰহ-বেদনাতে
মিলন বাসনাতে
আহিব পিয়া ৷৷
অ’ সোঁৱৰণি
অ’ সোঁৱৰণি
সমিধান দিয়া,
শাঁত কৰি
প্ৰাণৰ অগনি ৷
নিৰ্ব্বাক অতীতৰ,
গোপন কুঞ্জ এৰি,
আহা মৌসনা সোঁৱৰণি ৷
উৰুৱাই মনৰ মাজলৈ
সুৱৰ্ণৰে পাখি ৷
পাহৰণি-পদুমৰ মন্ত্ৰদূত,
পাহি মেলি মেলি ৷
আঁউসী নিশা মোৰ গানে
আঁউসী নিশা
মোৰ গানে গৈ
আন্ধাৰক চুমা খালে
আন্ধাৰে মৰমত
উচুপি কান্দিলে
চকুপানী সিঁচি
চুবৰি বনতে থলে ৷
পুৱাৰ পোহৰে
আন্ধাৰৰ লোতকক
নতুনৰ সাধু ক’লে
বেজাৰে পোহৰে সবটা সাবটি
পৃথিৱী ধুনীয়া হ’লে ৷
আইদেউৰ বুলনিত
আইদেউৰ বুলনিত
পোহৰৰ ধেমালি
ন চানেকিয়ে জিকেমিকায় ৷
জোনাকী বাটেদি চিত্ৰলেখীয়ে
ন জীৱনৰে ফুলে ফুলায় ৷
আইদেউৰ যঁতৰত
সুৰে গুণগুণালে
আইদেউ মিচিকিয়াই
সুৰতে কঁপিছে কিনো ন বতৰা
জ্বলে মনে তৰা
আইদেউৰ বুকু কঁপায় ৷
আগবাৰীত ফুলিলে সোণে মোৰ চম্পা
আগবাৰীত ফুলিলে
সোণে মোৰ চম্পা
সেউতী মালতী
সোণে মোৰ চম্পা
গোন্ধৰ গুটিমালী
ৰঙাকৈ ৰেৱতা
আমোলে মোলে ঐ
সোণে মোৰ চম্পা ৷
সোণৰে পখিলা
ৰূপৰে পখিলা
ফুলনি জিলিকি উৰে
সোণে মোৰ চম্পা ৷
ক’ৰে বনৰীয়া
ফুটুকা ধুনীয়া
চৰায়ে বিনালে
অময়া সুৰৰে
সোণে মোৰ চম্পা ৷
আজি অৰুন আলোক
আজি অৰুন আলোক
পুৱতী
আকাশে পৱনে
জলে ভজন কিৰণাৱলী
তিমিৰ বিনাশী
কৰে আলোকৰ আৰতি ৷
যুগ যুগ ধৰি
আন্ধাৰে আন্ধাৰে
আলোক বিচাৰি ফুৰা
যাত্ৰী
মুক বধিৰ সম
অন্ধ আতুৰ মৌ
ক্লান্ত ভ্ৰান্ত
শত ভাতৃ
অন্তৰে অন্তৰে
জ্ঞানৰ শলিতাৰে
জ্বলোৱা দীপিতি ৷
আজি, গানৰ শৰাই পাতিলোঁ
আজি, গানৰ শৰাই পাতিলোঁ, প্ৰাণৰ শৰাই
পাতিলোঁ ৷
বিশ্বথাপনাত
মোৰ পূজালৈ মাতিলোঁ, মোৰ পূজালৈ মাতিলোঁ,
বিশ্বজনতা ৷
থাপনাত মই থাপিলোঁ
শুদ্ধ সুন্দৰতাক ৷
আজি সোণৰ শৰাই পাতিলোঁ
ৰূপৰ শৰাই পাতিলোঁ
দুখৰ শৰাই
চকুপানীৰ মুকুতাৰেই ভৰাই
পাতিলোঁ অ’ পাতিলোঁ ৷
তোকো মাতিলোঁ
তোকো মাতিলোঁ
জনতাকো মোৰ পূজালৈ,
মাতিলোঁ মাতিলোঁ ৷
আজি গানৰ শৰাই পাতিলোঁ ৷
মোৰ বেদনাত
হীৰা মাণিক যদি কিবা ফুলে
মোৰ সাধনাত নৱালোকৰ ৰামধেনুখন
যদিহে জ্বলে
সংস্কৃতি মোৰ জাতিকাৰ
যদিহে ফুলে ফলে
অৰ্ঘা-কোষা পূৰ্ণ কৰি বিশ্বতীৰ্থজলে
মাতিলোঁ মই মাতিলোঁ
নিমন্ত্ৰণৰ আমন্ত্ৰণৰ
মন্ত্ৰ বোধনৰ
উদ্ধোধনৰ
চিৰ সুন্দৰৰ
জনতাকো মোৰ পূজালৈ মাতিলোঁ,
মাতিলোঁ আজি
গানৰ শৰাই পাতিলোঁ ৷
আজি জন-জীৱনৰ সাৰ পোৱা
আজি জন-জীৱনৰ সাৰ পোৱা আশাই
প্ৰকাশ বিচাৰে মোৰ ভাষায় ভাষায় ৷
সেই আশা বিজুলী প্ৰবাহ
মই লিখা শবদত বয়,
সেইহে কবিতা মোৰ হ’ল অগ্নিময় ৷
সেই বিজুলিয়ে
জিলিকাই আজি
অযুত অযুত চাকি
পৃথিৱীৰ ঘৰেঘৰে
জন প্ৰগতিৰ
ৰথৰ চক্ৰ
সেই বিজুলিৰে ঘূৰে ৷
ভৱিস্য জয় কৰে ৷
প্ৰাণত কম্প তোলে
মহা জনতাৰ
সেই বিজুলীয়ে আজি হানি হানি
বজ্ৰাঘাত
ভাঙি দিয়ে হিমালয় মহা জড়তাৰ ৷
আজি জনতাৰ জাগিছে বিশ্বৰূপ
আজি জনতাৰ জাগিছে বিশ্বৰূপ
আজি জাগিছে
সুন্দৰৰেই পাৰমানবিক স্বৰূপ
আজি জনতাৰ জাগিছে বিশ্বৰূপ
আজি আপোন পাহৰা মহাশক্তিয়ে
ধৰে অভিনৱ ৰূপ
আপোন কুৰূপ
পোহৰ বিৰূপ
এৰি
ধৰে জনতাই মহাসুন্দৰ ৰূপ ৷
পৃথিৱী আছিলে ৰৈ
জনতা জাগিবলৈ
আন্ধাৰত দেখা মহাসপোনক
আনিব দিঠকলৈ
জয় জনতা জয়
জয় পৃথিৱী জয়
আজি জনতাৰ জয় জয়কাৰ
পৃথিৱী মনোময়
জগত জ্যোতিৰ্ম্ময় ৷৷
আজি জনতাৰ থাপনাত
আজি জনতাৰ থাপনাত
জাগ চিৰসুন্দৰ
তই নচা ছন্দৰে
জনতাৰ অন্তৰ
কঁপাই কঁপাই জগা
বিশ্বৰ নৱতম তন্ত্ৰৰ
উদ্ধোধনী
মই গাওঁ গানে গানে
আগমনী ৷
জানো
জানো তই আহিবি
জানো
জানো তই হাঁহিবি
জাগ্ৰত জনতাৰ
চোতালে চোতালে তই
নাচি ফুৰিবি
মোৰ কবিতাত তোৰ আগজাননী
তোক আদৰিবলে’
তোক সাদৰিবলে’
সাজু যত নৱবাহিনী ৷
আজি জনতাৰ দুৱাৰে দুৱাৰে
আজি জনতাৰ দুৱাৰে দুৱাৰে
নতুন মন্ত্ৰ মাতি
ফুৰে চিৰসুন্দৰ
সেইহে জনতা জাগি
আলোকমুখী হৈ
গায় গায় মহাজীৱনৰ ৷
বহু বহু যুগৰ, চকুপানীয়ে
প্ৰলয়ৰ ৰূপ ধৰি
উত্ৰাৱল হৈ পখালিলে গৈ
চিৰসুন্দৰৰ ভৰি ৷
সেইহে নামি আহি
দুখীয়াৰ ঘৰলৈ যায়
মাটিৰ থাপনালে’
আকাশৰ তৰা নমাই
দিব্য পোহৰৰে কত
জ্যোতি জ্বলায় ৷
আজি জাগা মোৰ মাতৃ
আজি জাগা মোৰ মাতৃ
জাগা আজি জোনাকী বাটৰ যত
শকতিৰূপিনী আৱিযাত্ৰী ৷
আন্ধাৰৰ সতে শেষ সংগ্ৰামৰ বাবে
জাগা জননী জাতি…
প্ৰালয়িকী ছন্দে…
অভিনৱ জীৱনৰ
সুৰ লয় তালে মানে
আলোকময়ী গানে গন্ধে ৷
জাগা নৱ ভাৰতৰ
জাগা নৱ অসমৰ
উদ্ধোধিতা জন মাতৃ,
সংস্কৃতি সৱিতাৰে
পোহৰাই নৱীন ধৰিত্ৰী ৷
বাট দেখুৱাই বলা
নিখিল পৃথিৱীকে
পুন্যভূমি ভাৰতৰ
জ্ঞানাৰুণ জ্যতিস্নাতা
জোনাকী বাটৰ অভিযাত্ৰী….
জাগা নৱ জীৱনৰ
অভিনৱ মাতৃ ৷৷
আজি জাগ্ৰত ভাৰত
আজি জাগ্ৰত ভাৰত
পোহৰৰ গানে গানে
জানো জনতাৰ মহাপ্ৰাণ
যুগ যুগ সঞ্চিত
স্বাধীনতা হীনৰ
জানো জ্বালাময়ী অভিযান
আজি যত ত্যাগীৰ
প্ৰদীপ্ত কপালৰ
অৰুণাৱলীয়ে হাঁহি
দলিতৰ ঘৰ পোহৰায়
মহা পোহৰৰ বাটে
মোহন গান্ধী গলে
পৃথিৱীক বাট দেখুৱায় ৷
ৰামধেনু বাটেৰে
নতুন জগতলৈ
কোন যাবি কোন যাবি
হ আগুৱানা ৷
জ্বলন্ত ফুটন্ত
এই জ্যোতিপ্ৰপাতৰ
আলোক ছন্দত
ঝঙ্কৃত লয় তান ৷
গা গা গা
আজি ভাৰতৰ ঘৰে ঘৰে
পোহৰৰ গান ৷৷
আজি দুৱাৰে দুৱাৰে
আজি দুৱাৰে দুৱাৰে কিহৰ বাতৰি ফুৰে
আজি, কোনে কথা পাতে, পুৱতি নিশাৰে
কোনে কথা পাতে সন্ধিয়াৰে ?
আজি অসীমৰ, সুনীল গন্ধ
হাতত সাৰে
ভৰিত সাৰে
আহিছে গৈছে, বাৰে বাৰে
মোৰ গানে যে তাক, চিনি নাপাই
চিনি পাই মোৰ সুৰে ৷৷
আজি নৱ সুৰ লয় মান মাত্ৰা
আজি নৱ সুৰ লয় মান মাত্ৰা
জাগ্ৰত জনতাৰ আলোক যাত্ৰা ৷
জনতাৰ ভোক জাগে
জনতাৰ শোক জাগে
বাসনা কামনা যত জাগে…
জাগে……. জাগে
বেলিৰ উদয় কোনে
ৰুধিব পাৰে
মানুহৰ প্ৰতাৰণাৰে ???
আশা জাগে
ভাষা জাগে
গান জাগে
সুৰ জাগে
দুৰ্নিবাৰ জাগে ছন্দ
জাগে মহামহত্বৰ প্ৰমুক্ত গন্ধ
জাগে জনজীৱনৰ
জন মহাপ্ৰকাশৰ
মহা হাঁহাকাৰ
জনকম্প জাগে
ভূমিকম্প জাগে
আলোককম্প জাগে
পুৰণিক ভাঙি চিঙি
কৰি ছাৰখাৰ
নবোন্মেষৰে জাগে
মনীষা প্ৰতিভা মেধা
বিপ্লৱ লেখনী লৈ
জুই চিয়াঁহীৰে লিখে কবিতাৰ হাৰ
নতুন তন্ত্ৰ ৰচে
গঢ়িবলে’ জন চৰকাৰ ৷৷
আজি পুৱতি কিহৰে আৰতি
আজি পুৱতি
কিহৰে আৰতি
কি নবীন বীনা বাজে….
পোহৰৰ বাটে বাটে
হে মৌন অতিথি !
আহিলা কি অভিনৱ সাজে ?
নিদ্ৰিত নৱতম পৃথিৱী জানো
(তোৰ) বৰ্ষনক্ষৰিত সেই
জ্যোতি-প্ৰভাততে
পুন্য স্নান কৰি
নবীন দিনৰ নৱজীভন মাগে,
বিশ্বজনতা জানো
পোহৰৰ বাটে বাটে
হে মৌন অতিথি
আহিলা কি অভিনৱ সাজে !!
আজি মানুহৰ ধুনীয়া সপোন
আজি মানুহৰ ধুনীয়া সপোন
নামে পৃথিৱীলৈ নামে
নতুন ৰূপৰ নতুন গুণৰ
বাৰিষা নামিছে অবিৰামে ৷
আন্ধাৰত বহি বিশ্বমানৱে
আছিলে সপোন দেখি
মাটিৰে পানীৰে তাক সাজিবলে’
আছিলে লেখাক লেখি
সপোনে মেলিব দিঠকত চকু
বিশ্বজনতাৰ জুৰাব বুকু ৷
হালধীয়া চৰায়ে
গান গাব নেজানে
কন্দাকৈ সুহুৰিয়ায়,
ক’ৰবাৰ কিবা সুৰে
তাৰ বুকু ভাঙিলে
ফুৰোতে আপোনাৰ
লগ হেৰুৱাই ৷
আন্ধাৰত বিচাৰ
জোনাকত বিচাৰ
বিচাৰ ফুলনিত মোৰ
হেৰ অকলশৰীয়া
লগৰী হেৰোৱা
মোৰ গানেৰে সুৰেৰে
মচি দিওঁ চকুলো তোৰ ৷৷
আজি শিল্পীৰূপেৰে জাগিব লাগিব জগত জনতা
আজি শিল্পীৰূপেৰে জাগিব লাগিব জগত জনতা
আজি কবিটি হৈ
ৰবিটি হৈ জ্বলিব লাগিব বিশ্বজনতা ৷
আজি সকলো দীনতা
সকলো নীচতা
সকলো শঠতা, সকলো ভীৰুতা
বৰ্ব্বৰতা
চিৰকাললৈ
আঁতৰাই থৈ
ফুলাব লাগিব
নিৰ্ম্মলতা
সুন্দৰতা
জ্বলন্ত সততাৰে, পবিত্ৰ ক্ষমতা জ্বলাই
মষিমূৰ কৰি যাউতিযুগীয়াৰ
শক্তিহীনতা
জনজীভনত উঠক জ্বলি বিশ্বপ্ৰানতা ৷
দুষ্কৃতি নাশি’
সংস্কৃতিৰে পৃথিৱী মুক্ত কৰি
শিল্পীৰূপেৰে ওলা জনতা
সুন্দৰৰেই বিৰাটস্বৰূপ ধৰি ৷৷
আজি হওঁক পোহৰৰ পূজা
আজি হওঁক পোহৰৰ পূজা
আজি গীত হওক যত
অন্তৰ পদুমৰ গন্ধবাহী গান
আগেয়ে নোগোৱা কোনোৱে নুবুজা
আজি হওক পোহৰৰ পূজা ৷
জাগা যত জীৱনৰ
সোণাময় সুকুমাৰ বেদনা
আজি উচুপি উঠক যত
সাৰ পোৱা আলসুৱা যাতনা,
আজি হৃদয়ে হৃদয়ে গৈ সুৰৰ সোণজুই
দীপান্বিতা পাতি
নতুন আখৰ লিখ, সকলোৱে বুজা
আজি হওক পোহৰৰে পূজা ৷৷
আনন্দ আনন্দ বুলি
আনন্দ আনন্দ বুলি
জগত ভ্ৰমিলোঁ সখা
আনন্দক নাপালোঁ যে দেখা
আপোন সৰতে বহি
মনতে বিচাৰি পালোঁ
তেতিয়াহে দেখিলোঁ, অভিনয় ৰেখা
আলোকে আন্ধাৰে আছে লেখা ৷৷
আন্ধাৰ নহলে ৰাতিৰ সপোন
আন্ধাৰ নহলে
ৰাতিৰ সপোন
জানো দেখিবি ?
ক’লাশিখা জ্বলাই নিশা
নাহে যদি আকাশলৈ,
জিকমিকিয়া জোন তৰা
কেনেকে’ লেখিবি ?
আন্ধাৰে যদি
চুমা নাখায়
শেৱালি নুফুলে
পুৱা বেলিৰ
প্ৰথম চুমাত
দুবৰি কোলাত
নিয়ৰ নজ্বলে ৷
আন্ধাৰ আহি
বেজাৰ কৰি
মোৰ কবিতাক কয়
পোহৰ বুলি তই বলিয়া….
পোহৰক যদি গোপনে সোধ
পাবি
মই আন্ধাৰৰ আচল পৰিচয় ৷
কবিতা মোৰ, ভাবি থাকিলে… হয়… নে … নহয় ৷৷
আন্ধাৰেদি কোনে
আন্ধাৰেদি কোনে
পোহৰ বিচাৰি যায়
কোন বননিৰ সোণ হৰিণাই
দেও দি দি লৰি
চক্ খাই উঠি
ন জোনাবাই চায় ৷
ন জোনাবাইৰ
জোনাকত কোনে
জগত ৰূপালী দেখ’
আন্ধাৰত বহি
পোহৰৰ ৰেখা
কোনে গণি পঢ়ি লেখ’
ন জোনটিৰ বুকুত বাঢ়ে পূৰ্ণিমাৰেই জোন
মোৰ কবিতা কলিত
গন্ধ জাগি
দেখিছে মহাসপোন ৷৷
আমাৰ গাঁৱৰ গো বাট তাত
আমাৰ গাঁৱৰ
গো বাট
তাত
শিমলুৰ ৰঙা পাপৰি
সৰে
হালধীয়া সৰা পাতত
কোনোবা ফুৰে
কোনোবা ঘূৰে
মৰ মৰ কৰে ৷
আমাৰ গাঁৱৰ
গো বাট
তাত
গাঁৱলীয়াৰ ভালপোৱাই
মেলে মৰম নাট
ৰাতিটোলৈ ইচাট বিচাট ৷
গো বাটেদি গলে তই সোঁ বাটটি পাবি
লুকাই থোৱা মৌজোলৰ
সোৱাদ বুজি খাবি ৷৷
আমাৰে সখিয়া আকুল বিয়াকুলে
আমাৰে সখিয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই,
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই !
দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই ৷
ফাগুনৰ বতাহে গাতে ছাটি মাৰে…
গাতে ছাটি মাৰি যায়
(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখীয়াৰে গাতে উৱাদিহে নাই ৷৷
আমি কৰি ফুৰো বিয়াকুল
আমি কৰি ফুৰো বিয়াকুল
(থাকে) নিজৰ য’ত কুল কুল
ফুলৰ পাহিত নিয়ৰ দুল
সখীয়তীৰ মাতে য’ত বিয়পিছে ইকুল
সিকুল ৷৷
আমি কৰিব লাগিব পৃথিৱী আলোকময়….
আমি কৰিব লাগিব পৃথিৱী আলোকময়….
জ্ঞান-বিজ্ঞানৰ
সকলো ধৰ্ম্মৰ
নানা আদৰ্শৰ নানা বিভেদৰ
কৰিব লাগিব মহান সমন্বয়,
মহামহত্বৰ বিৰোধী আসুৰী
সকলো শত্ৰু কৰিব লাগিব জয় ৷
এই পৃথিৱীলৈ আনিব লাগিব
মহত্বৰ মহাজয়,
কৰিব লাগিব গোটেই জগত
অমৃত, আনন্দময় ৷
মানুহ ফুলিব লাগিব বিকশি
কৰিব লাগিব বিশ্বখনকে
স্বৰগী সুৰভিময় ৷
জয় হওক পোহৰৰ জয়
জয় হওক মানৱৰ মহত্বৰ আদৰ্শৰ জয়
চিৰমঙ্গলৰ, চিৰকল্যানৰ
জগতৰ এই মহাবিকাশৰ
হওক যুগে যুগে জয়
চিৰসুন্দৰৰ জয় ৷৷
আমি গাঁৱত সৰগ পাতিম
আমি গাঁৱত সৰগ পাতিম
আমাৰ গাঁৱৰ নামঘৰলৈ
পৃথিৱীক মাতিম
আমি গাঁৱত সৰগ পাতিম ৷
গাঁৱৰ মাটিত সোণৰ সপোন ফুলিম
গাঁৱৰ ঘৰত গাঁৱৰ মনত ন চানেকি তুলিম
বোকাত ফুলা পদুম পাহি গোন্ধত
আমোল মোল
সেউজী ধানৰ সোণ হাঁহিত
বিনন্দীয়া বোল অ’
বিনন্দীয়া বোল ৷
পোহৰময়ী গাঁওখনিতে
বহি মৰম বাকিম
আমি গাঁৱত সৰগ পাতিম
আমাৰ গাঁৱৰ নামঘৰলৈ পৃথিৱীক মাতিম ৷৷
আহ অ’ ঘুমটি
আহ অ’ ঘুমটি
আহ অ’ ঘুমটি
আহ অ’ ঘুমটি আহ অ’ ৷
ৰিক্মিক্ ৰিক্মিক্ টোপনিৰে পাখি জিকেমিকে
চিক্মিক্ চিক্মিক্ হাঁহি ৷
আহ অ’ ঘুমটি …………
মইনাৰ চিকুণে
চকু মুদে খালে
জাপে গ’ল ধুনীয়া পাহি ৷৷
আৰু তো নিলিখোঁ পদুমকলিৰ
আৰু তো নিলিখোঁ পদুমকলিৰ
কবিতা মই সখি
আৰুতো নাচাওঁ পদুম কলিৰ
পাহিবোৰ লেখি লেখি ৷
আজি মই গান
বোকাত জহি যোৱা
মানুহৰ জয়গান
কঁপাই জনৰ প্ৰাণ,
যি প্ৰাণৰ অভ্যুদয়ে
নোহোৱা নোপজা
সমাজ গঢ়িব,
মহাজীৱনৰ সপোন ৰচিব
মানুহ কৰি সঁচা মানুহ
মহা আলোকৰ বাটে বাটে
কৰিব অভিযান,
সেই, মানুহ প্ৰাণৰ পদুম ফুলাৰ
গাম অভিনৱ গান ৷৷