ধিক্ আমি অসমীয়া
আজিৰ পৰা ১৩৫+ বছৰৰ আগতে, ইংৰাজী ১৮৮৫ চনৰ মে’-জুন মাহত, মনৰ বেজাৰতে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্যই খাছীয়া পাহাৰৰ ওপৰত থিয় হৈ (খাসিয়া পৰ্ব্বতৰ ওপৰত থিয় দি) “মনৰ ভাব ” নামৰ যি অনন্য কবিতা ৰচনা কৰিছিল, সেই কবিতাটো আজি ১৩৫+ বছৰ পিছতো আমাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰযোজ্য হেতুকে নতুন প্ৰজন্মৰ বাবে( যিসকলে পঢ়া নাই) ‘টাইপ’ কৰিলো ইয়াকে ভাবি যে সম্পূৰ্ণ বিশুদ্ধ হৈ থকা নতুন প্ৰজন্মই, কোনোৱেই চৰিত্ৰহনন কৰিব নোৱৰা নতুন প্ৰজন্মই, নতুন যুগৰ নতুন চিন্তাধাৰাৰ নতুন প্ৰজন্মই – যদিহে ধনুৰ গুন টানে বা কেটেপাৰ ৰবৰ দুচটা টানে – মাতৃভূমিৰ উন্নতিৰ স্বাৰ্থত তীব্ৰ বেগেৰে লক্ষ্যভেদ কৰিবলৈ, তেওঁলোকে ধনুৰ গুন বা কেটেপাৰ ৰবৰ দুচটাত টান মাৰোতে পিছুৱাই আহিলে দেখা পাব – কমলাকান্ত ভট্টাচাৰ্য্যই কি বেদনাত কি কৈছিল ১৩৫+ বছৰ আগতেই!!
লগতে বিভিন্ন কাৰণত বিভিন্নজনে ‘সংজ্ঞা‘ বিচাৰি বিভিন্নভাবে ধোঁৱাময় কৰি – হুলস্থূল কৰি সময় অতিবাহিত কৰি থকা ‘নতুন সমস্যা’ “অসমীয়া”ৰ সংজ্ঞাও সুষ্পষ্ট হ’ব।
সেইবাবেই নতুন প্ৰজন্মৰ বাবে আগবঢ়ালো অতীতৰ এক অনন্য সম্পদ••••!
আহক, আমিও লগ ভাগে পঢ়োঃ
( খাসিয়া পৰ্বতৰ ওপৰত থিয় দি )
|| মনৰ ভাব ||
• কমলাকান্ত ভট্টাচাৰ্য্য
কিয় চকুৰ পাণী বহিছে সঘণে,
কিয় চকু একে ঠৰে চাইছা সেই পোণে !
দেশৰ অৱস্থাত দুখী, বুজি তোমাৰ আখি,
তাতে বুজি কান্দি, চাহা দুঃখ অভিমানে !
কি দেখিছা ! সোণাৰ আসাম মাটী,
সূবৰ্ণ প্ৰসূতি ভূমী তেও ভিখাৰিণী !
কি দেখিছা ! সোৰোপা আসাম বাসীক,
অচেতন, অজীবন, অচল ধমনী ।।
কি দেখিছা ! কাঙ্গাল বিদেশী জন
হেথা আসি ধনী সিও লভিছে প্ৰভুত্ব উচ্চ অভিমান।
ধিক্ আমি অসমীয়া নিৰ্জ্জীব পৰাণ ।।
কি দেখিছা ! মহৰি, কেৰাণি ধৰি কলম কানত,
আধাপেটী ভাত মাত্ৰ কথাত পাৰ্গত,
কাছুটী, চেলেঙ্গ নৰই খোজৰ বেগত।
উৰ্দ্ধশ্বাসে লৱড়িছে নিজ আপীসত ।।
হজুৰৰ ৰাগ আৰু গড় হাজিৰ মাত্ৰ কৰিছে ধ্যান !
ধিক্ আমি অসমীয়া নিৰ্জীব পৰাণ ।।
কি দেখিছা ! অসমীয়া! খুছুৰা দোকানীগণ
সিও তোমাক ঋণ জালে কৰিছে বন্ধন ।
পৰৰ গোলাম মাত্ৰ দেশী ভদ্ৰগণ,
মৌজাদাৰ, মহৰি সবে কাপ কাঁঠিত মন
স্বাধীন বৃত্তিৰ প্ৰতি সবে অচেতন
ধিক্ আমি অসমীয়া নিৰ্জীব পৰাণ ।
কি দেখিছা ! অসংখ্য জাহাজ, নৌকা নদীৰ বক্ষত,
সৰিহ, কপাঁহ, লাহা ৰবৰৰ বোঝ, ভৰাই বুটত
শুহিছে বিদেশীয়ে, এইৰূপে প্ৰতি ৰোজ,
দেশিৰ আকাল বিদেশিৰ মহাভোজ ।
নিদ্ৰিত আসাম মন নাই নকৰে কান
নিজৰ ধন লোকে খায় নাই একো জ্ঞান
ধিক্ আমি অসমীয়া নিৰ্জীব পৰাণ ।
কি দেখিছা ! কাণীৰ খোলাত বহি কত জন,
কৰিছে ফুচুৰি গপ অকথ্য কথন
কতো হইছে, ক্ষেতিয়ক হাজাৰ পুৰাৰ,
কতো হইছে বেপাৰি সহস্ৰ টকাৰ
কোনোএ কৰিছে গপ দুজনে এজনে,
কোনোএ বা ওলাইছে দেশ পৰ্য্যটণে,
কতো ভাঙ্গি কতো পাতি গৈলা স্থানে স্থান
ধিক্ আমি অসমীয়া নিৰ্জীব পৰাণ।
কি দেখিছা ! শিক্ষিত যুবক যিবা কেই জন
সমাজৰ ভয়ত সদা সঙ্কুচিত মন।
বোপা ককাৰ নিয়মক দৃঢ় মনে ধৰি,
থইছে সত্যক লুকাই ধৰ্ম্ম অনাদৰি
সত্যৰ আশ্ৰয় বিনা সুসাহস কাৰ ?
মিছা ৰূপ কাঁইট জেঙ্গে ভেটি সত্য দ্বাৰ,
নিজোন্নতি, দেশোন্নতিৰ খাইছে মূৰ
দুনাও দুভৰী কৰি সদায় আতুৰ,
কৰোঁ বুলি ধৰোতেই হেৰুয়ালে মোৰ ।
উনবিংশ শঁকৰ প্ৰায় পৰিলেহি ওৰ
নিজৰ আৰু দেশৰ প্ৰতি নাই মন কাণ,
ধিক্ আমি অসমীয়া নিৰ্জ্জীব পৰাণ ।
গিৰিক সম্বোধি হঠাৎ শব্দ – শুনো কাৰ
অকস্মাৎ শুধিলে মোক, “অসম আজি কাৰ”
হায় ! কি বিষাদ কথা শোকৰ সাগৰ
ভাবাহা ভাবুক আসাম কি তোমাৰ ?
ভাবাহা ভাবুক তোমাৰ কোন অধিকাৰ ?
জেঙ্গ খড়িৰ জন্য আমি কৰিছো হাহাকাৰ !
বল শক্তি জ্ঞান বুদ্ধিত সমান অধিকাৰী
তত্ৰাচ অসমীয়া কীয় দৰিদ্ৰ ভিখাৰি ?
ধিক্ মান হীন আমি আসাম নিবাসী ।
ঘৰত থাকিও আমি সদায় প্ৰবাসি
বাগীছাৰ সাহাব জমীদাৰ, তাৰোধন মান
ধিক্ আমি অসমীয়া নিৰ্জীব পৰাণ ।
এতিয়াও আছে কিছু আমাৰ উপায়
উঠা অসমীয়া হৈ এক মন কায় ।
দেশৰ নিমিত্তে সদা কৰাহা যতন
এলাহত পৰি কাল নকৰা হৰণ
জি জাতিত নাই “একতা” “জাতী’তা”
সি জাতিৰ মান – পৰৰ অধীনতা
অতএব সবে কৰা দৃঢ় পণ,
স্বদেশৰ হীত চিন্তা সৰ্ব্বক্ষণ
ন হয় কি দুখ মনত উদয় এবাৰ ?
ভাবি দেখা যেবে ” আসাম আজি কাৰ” ?
দেখা বঙ্গে কেনে ৰঙ্গে উন্নতি সাধয়
ৰাখিছে নিজৰ সত্ব পৰক নেদয়
শিল্প বাণিজ্যাদি যত উন্নতিৰ পথ
সকলোতে বঙ্গ ৰঙ্গে সিদ্ধ মনোৰথ
নতুন নতুন কত বাতৰি কাকত
সাধিছে দেশৰ হিত হইয়া বেকত
আসাম তোমাৰ কপালৰ গতি, দেখা–
“নিউচ” খনি মৰো মৰো প্ৰায় সদায় আধা লেখা ।।
“মিহিৰ” “দৰ্পণ” “বিলাসিনী” (কলৈ) গল
হায় ! বিস্মৃতিৰ বক্ষত সকলো হৰিল !
কিনো বিধাতাৰ কোপ তোমাৰ প্ৰতি,
কিয় নহয় দেশীয়ৰ সজ বুধি মতি ?
বাতৰি কাকতত যাৰ নাই ভাৰষা,
সি দেশত বৃথা উন্নতিৰ আশা!
কি লেখিলে বিধতায় তোমাৰ কপালে?
আসাম বাসীক সৰ্ব্বনাশে পালে
বিদেশীয়েই কি নিব সৰ্ব্বস্ব তোমাৰ ?
ভাবুক এবাৰ ভাবা আসাম “আজি কাৰ”?
আসামৰ মাটী পৰম উৰ্ব্বৰা
এনে ভূমিৰ যদি আদৰ নকৰা
ভাটীৰ চাউল আমদাণি নহলে ?
ধিক্ অসমীয়া তোমাৰ জীবন নচলে ।
নিদ্ৰা পৰিহৰি এবাৰ ভাবা কি হল !
” ঘৰত জুই ধোদ এলাহত তেও বিহ্বল ।
এতিয়া নকৰা মন নিচিন্তা উপায়,
পিচত পস্তাবা সবে খাবলৈ না পায় ।
লাগিব হুবগৈ সবে বিদেশীৰ চাকৰ
তেতিয়া বুঝিবা সবে আসাম “আজি কাৰ” ?
( বিঃ দ্ৰঃ ওপৰোক্ত কবিতাটো যেনেদৰে লিখিছিল, একেদৰেই ৰাখি ‘টাইপ’ কৰা হৈছে )
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.