নীৰা, হেৰাই নাযাবা
সুনীল গংগোপাধ্যায়
অনুবাদ:অঞ্জন শৰ্মা
নীৰা, হেৰাই নাযাবা
আমাৰ প্ৰতিটো দিনেই আছিল জন্ম সলনি কৰা দিন
আকাশত ভঙা কাচৰ টুকুৰাৰ দৰে পোহৰ
বিপৰীত দিগন্তৰপৰা প্ৰৱাসিনীৰ দৰে দ্বিধান্বিত খোজেৰে আগবাঢ়ি আহিলা তুমি
শুকুলা হাঁহৰ পাখিৰে সমস্ত শৰীৰ আৱৰা, ডিঙিত গেন্ধাইফুলৰ মালা
মই ভয়াৰ্ত হৈছিলো
তেতিয়া ফুৰিবলৈ অহাৰ সময় নাছিল, বহুতেই গৈছে নিৰ্বাসনত
তেতিয়া হিংসাই দাহ কৰিছে চহৰ, মানুহৰ হাতৰ ছুৰিবিদ্ধ হৈছে মানুহৰেই বুকুত
পথত বহি মৃতদেহৰ অগ্নিয়ে পুৰি খাইছে ধৰ্ম
তেজগ্ৰহণীৰ দৰে বমি হৈছে দেশপ্ৰেম
সোপানবোৰৰে যুক্ত সৰু কোঠাত বন্দী মই, তোমাক চিনিব পৰা নাছিলো
তাৰপিছত মই এটা সৰু নোটবুক লৈ জঁপিয়াই গুচি গ’লো নিবিড় নীলিমালৈ
তুমি তেতিয়া দক্ষিণেশ্বৰ দলঙৰ ওপৰত থিয় হৈ আছিলা
চকুৰ মণিত নদী
নগৰত ঘনঘোৰ নিশাৰ নিৰ্জনতা, ঢং ঢং শব্দৰে বাজিছে সমস্ত স্কুলৰ ঘণ্টা…
আমাৰ প্ৰতিটো দিনেই আছিল জন্ম সলনি কৰা দিন
মনত পৰেনে, তুমি গুহামানৱীৰ দৰে হঠাৎ কৈশোৰ অতিক্ৰমি
খুব ৰাতিপুৱাই শীতৰ নৰম ৰক্তিম বেলিটোক আলিংগনেৰে, আদৰেৰে সাবটি ধৰিছিলা
হৰি ঘোষ ষ্ট্ৰীটৰ কদম গছডালৰপৰা তেতিয়া টোপাটোপে সৰি পৰিছিল সৰু সৰু হীৰা
দিনটোৰ প্ৰথম তীক্ষ্ণ ট্ৰামখনে ঘোষণা কৰি গ’ল, জাগা, জাগা
ৰিভলভিং মঞ্চৰ দৰেই ওলট-পালট এই দুপৰীয়া, এই মাজনিশা, এই সন্ধিয়া
মই তেতিয়া গল ফালি আছিলো মিছিলত, নাকেৰে ওলাইছিল টোপা-টোপে তেজ
চাৰিওফালে জ্বলিছিল ভোকৰ অগনি
আঃ সেই মায়াময়, ভিক্ষাৰীৰ ভোক, যযাতিৰ ভোক
কুম্ভীপাক নৰকৰ দৰে পেট মুচৰি দিয়া ভোক
এটা এটা পিৰিকনিৰে দেখা পাইছো বাৰাণ্ডাত ব্যাকুল মাতৃমূৰ্তি, চৰাইৰ দৰেই চকু
সপোন আছিল, পৃথিৱীৰ সকলো মাতৃয়ে এদিনাখন সমস্ত শিশুক ধোঁৱা ওলাই থকা ভাত বাঢ়ি দিব
কলেজ ষ্ট্ৰীটৰ সেই বুলেট আৰু বিস্ফোৰণ
তুমি বাছখনৰপৰা নামিছিলা, সেই ক্ষণতেই বাছখনত আৰম্ভ হৈছিল বাৰুদৰ উৎসৱ
একেদৌৰে গৈ পাৰ্কৰ ৰেলিং পাৰ হৈ কোনোবাই যেন যজ্ঞসূত্ৰৰ দৰে শুই পৰিছিল
ঘাঁহনিত মুখ গুঁজি।
আমাৰ প্ৰতিটো দিনেই আছিল জন্ম সলনি কৰা দিন
তুমি ৰমণী আছিলা, নীৰা হৈ পৰিলা
মই ডাঢ়ি-গোঁফ লগাই হৈ পৰিলো ঔষধৰ গুদামৰ কেৰাণী
জোতাৰ ষ্ট্ৰ্যাপ ছিঙি গৈছে, পথৰ মুচিৰ কাষত বহিছো আঁঠু ভাঙি
কোনোৱেই চিনিব পৰা নাই, পিঠিৰ ফালে সকলোৱেই অচিনাকি
কেতিয়াবা মই মুচি, তেওঁ বাটৰুৱা
কেতিয়াবা ময়েই পথ, মানুহবোৰে খোজ কাঢ়ি গৈছে মোৰ বুকুৰ ওপৰেৰে
কেতিয়াবা মই নীৰৱতা, ময়েই অস্থিৰ গৰ্জন
তুমি অন্ধ বৃদ্ধজনক পইচা দিছিলা, শিয়ালদহৰ ঘড়ীটো স্তব্ধ হৈ গ’ল
ট্ৰেইনৰপৰা নামি ইমান মানুহ দৌৰিছে, সকলো থমকি ৰ’ল কেইটামান মুহূৰ্ত
তাৰপিছত ঝনঝন শব্দৰে আৰম্ভ হ’ল প্ৰচুৰ ভঙা-ছিঙা
কন্দুৱা গেছৰ ধোঁৱাত পুলিচে কান্দিছে, চীনাসকলে ভাই-ভাই মানি নল’লে
ইস্তাহাৰৰ প্ৰয়োজনত ৰাস্তাত খন্দা গাঁতত ছিটিকি পৰি বহুতৰে ভৰি মোচৰ খালে
তিনিটা জীৱন্ত পোৱালিয়ে মহানন্দে লুটি-বাগৰি আছে নৰ্দমাত
ৰঙা চুলিৰ এদল চাহাবে ফৰাচী কেমেৰাৰে তুলি লৈ গ’ল তাৰে ছবি
তুমি পৰীক্ষাগৃহত অকলে বহি থাকিলা, প্ৰশ্নকাকত আহি নাপালে
মই তলমুৱা হৈ বিচাৰি আছো ফুটা পকেটৰ খুচুৰা পইচা
তুমি কুসুম সমাৰোহলৈ গৈ পতাকাৰ দৰে উৰুৱাই দিলা আঁচল
সমগ্ৰ সন্ধিয়াটো মই শুই থাকিলো শ্মশানৰ কাষত।
আমাৰ প্ৰতিটো দিনেই আছিল জন্ম সলনি কৰা দিন
সমস্ত মেজিক দৃশ্যৰ ওপৰতেই আহি পৰে শৰীৰৰ আভা
কবিতাৰ মাজতো উকি মাৰে শৰীৰে, কেতিয়াবা শৰীৰৰ ছায়া, কেতিয়াবা ৰক্ত-মাংসৰ অবাধ্যতা
এবাৰ-দুবাৰ ডুবি যায়, এবাৰ-দুবাৰ আহি মুখামুখিকৈ বহে
কালিদাসৰ ভোমোৰাই স্পৰ্শ কৰিলে তোমাৰ স্ফূৰিত ওঠ
ঘাঁহনিৰ ফুল হৈ মই তোমাৰ নাভিমূলত জিভাৰে স্পৰ্শ কৰো
মদিগ্লিয়ানিৰ নাৰীৰ দৰেই তোমাৰ সুপুষ্ট উৰুত জিলিকে জোনাক
এবাৰ মই শিশু, তুমি চিৰকালৰ জননী
এবাৰ তুমি সৰু বালিকা, এজন স্বৈৰাচাৰী ৰজাই বিচাৰিছে তোমাক
সমুদ্ৰই প্ৰবল ঢৌ সৃষ্টি কৰিছে আকাশৰ পিনে
পাতাললৈ নামি আহিছে আকাশ
যোনিপদ্মৰ ঘ্ৰাণ লৈছে এজন তান্ত্ৰিকে
অতৃপ্ত মহামায়াই কৈছে, আৰু, আৰু
আঃ সেই ক্ৰীড়া, সেই হৃদয়ৰ উন্মোচন
বসন্তশয্যাত লিখা হ’ল কত শত ৰতি-ইতিহাস
গলত সাবটি ধৰি দুয়োজনে খিৰিকীৰ কাষত নিৰ্বাসনত বহি থকা, সন্ধিয়া কিম্বা ৰাতিপুৱা
মোৰ হাতত চিগাৰেট, তোমাৰ চুলিত হিৰন্ময় ফণি
পাহৰি যোৱা পৃথিৱী উভতি আহিছে লাহে লাহেকৈ, অন্তৰীক্ষত মৃদু কণ্ঠস্বৰ
সন্ধিয়া কিম্বা ৰাতিপুৱা, আকাশত বিন্দু বিন্দু সাতৰঙী পানীৰ টোপাল
সেইফালেই তুমি চাই থাকিলা, এতিয়া কোনোদিশে বিমান উৰা নাই
কীটছৰ সৈতে কণ্ঠ মিলাই তুমি উদাসীন গালি দিলা নিউটনক
সেই মুহূৰ্ততে মোৰ পুনৰ জন্মান্তৰ হৈ গ’ল।
নীৰা, আমাৰ ভুল ভাঙি যায়, আমি পুনৰ বালিৰে সৰু সৰু দুখৰ ঘৰ সাজো
আমি এতিয়া উলংগ শিশুবোৰৰ দৰে লৰা-ঢপৰা কৰিছো
সাগৰৰ পাৰত
মাজে মাজে কি চমৎকাৰ আৱৰণ, শতাব্দীৰ কঁহুৱা বন
মই তোমাক দেখা নাপাওঁ, মই তোমাৰ নামত কলম ডুবাইছো দোৱাতত
মই তোমাক স্পৰ্শ কৰা নাই, তুমি গাভিনী হৰিণীৰ দৰে মিলি গ’লা পাহাৰ প্ৰদেশত
এটা এটা ধুমুহাই আহি উৰুৱাই লৈ গৈছে দিগন্তবৃত্ত
যাদুদণ্ড ঘূৰালেই স্বৰ্গৰপৰা নামি অহা বিদ্যুৎ-তৰংগ পোত খাইছে ভূমিত
সকলোবোৰেই শব্দৰ কটা-কটি, পৃষ্ঠা উলটি যোৱা
কৰতলৰ আমলখিটো চাই আছো মাজে মাজে, সিও মোলৈ চাই চকু টিপিয়াই হাঁহিছে
নীৰা, তুমি সুদূৰতম নাৱত অকলশৰীয়া, মেলি দিছা দুয়োখনি ডেউকা
মই দুৰন্ত ট্ৰেইনত বহি এটাও ষ্টেচনৰ নাম পঢ়িব পৰা নাই
তুমি স্কুল কমিটিৰ কাজিয়াৰপৰা আঁতৰি গ’লা দুৱাৰৰ পিছফালে
মই দুপৰীয়াৰ পিছত দুপৰীয়া পাৰ কৰিছো কাচেৰে আৱৰা কোঠাৰ চকীত
অথচ নদীৰ পাৰৰ কিমান গছৰ ছাঁ খালী হৈ পৰি আছে
বিপ্লৱ আহি গ’ল বুলি যিসকলে কৈছিল, তেওঁলোকে লিখিছে স্মৃতিকথা
আৰু যিসকল বিলীন হৈ গ’ল, তেওঁলোক একেবাৰেই বিলীন হৈ গ’ল
ৰঙা চুলিৰ মানুহবোৰৰ কেমেৰাবোৰ এতিয়া ঘূৰি আছে গলিবোৰৰ চুকে-কোণে
কোনোৱেই এতিয়া আৰু ভালপোৱাৰ কথা নকয়
মানুহৰ সভ্যতাই ভালপোৱাৰ কথা শুনিলেই অট্টহাস্যত ফাটি পৰে
বাথৰুমত মুখ ধুবলৈ গৈ কিছুমানে অকলে অকলে কান্দে আৰু মুখত পানী ছটিয়ায়
নীৰা, আমি আৰু বহুদূৰ যাত্ৰা কৰিব লাগিব, হেৰাই নাযাবা
বহু জন্ম সলনি হ’বলৈ বাকী আছে, হেৰাই নাযাবা নীৰা, অমৃতকন্যা, হেৰাই নাযাবা!
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)