-মনাশ্ৰী গোঁহাই |
কিনো লিখিম কিনো নো নিলিখিম
ভাল লগা অনুভৱৰ মোহনাবোৰ
শব্দেৰ লিখি লিখি সাচি যাম
ঘটি থকা পল অনুপলবোৰ
বিনাদ্বিধাই নোৰোৱাকৈ
আকিঁ আকিঁ ভৰাই যাম
হৃদয়ৰ দলিচা
পোৱা নোপোৱাবোৰত নিবিলাও বেথা বিলাপৰ
আনন্দৰ বন্যাৰে
সৃষ্টি কৰি যাম নিজৰা ।
সময়ক নেওচি মূহূৰ্ত ৰচি যাম
কাগজৰ আকাশত
উৰি উৰি পি যাম দুখৰ দুবৰি
ডেউকা মেলি গলাই যাম
বিষাদৰ দুখ
আনন্দৰ নিৰিবিলি ছাঁ
বকুলে বকুলে নাহৰ খেলি যাম
ডিঙা মেলি মেলি সুখ বিলাই যাম
পথাৰে পদূলিয়ে মাথো
হাহিঁৰ সূত্ৰপাত ৰচি যাম ।