পুটিনৰ পুনৰ নিৰ্ব্বাচন আৰু এগৰাকী মহিলা ইউলিয়াৰ প্রত্যাহবান!
হেমেন দাস
১৯১৭ চন, ৭ নবেম্বৰ; ইতিহাসত জনা যায় অক্টোবৰ বিপ্লৱ।
কাৰণ জুলিয়ান কেলেণ্ডাৰৰ ২৫ অক্টোবৰ আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ ৭ নবেম্বৰৰ দিনটোতেই ভ্লাদিমিৰ ইলিচ উলিয়ানভ ওৰফে লেনিনে তেতিয়াৰ অস্থায়ী চৰকাৰৰ পতন ঘটাই ৰাছিয়াৰ ক্ষমতা দখল কৰে।
ইয়াৰ পূর্ব্বে ১৯১৭ চনৰ মার্চ মাহত আৰু এক বিপ্লৱৰ জৰিয়তে লেনিন নেতৃত্বাধীন বলছেভিক সকলে ৰাছিয়াত অবসান ঘটাইছিল দ্বিতীয় নিকোলাছ জাৰৰ শাসন।
বিশ্বৰ ইতিহাসত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ। আৰম্ভ হ’ল সমাজবাদ আৰু পুঁজিবাদৰ শীতল যুদ্ধ।
১৯২৩ চনৰ ১৬ জুনত সমাপ্ত হোৱা গৃহযুদ্ধৰ পিছত পূর্ণাঙ্গৰূপত গঢ় লৈ উঠে ছোভিয়েট ইউনিয়ন। বিশ্বৰ বৃহত্তম দেশ। এলেকা ২ কোটি ২৪ লাখ বর্গ কিলোমিটাৰ। এশৰো অধিক স্বকীয় জাতীয় সত্ত্বাৰে পৰিচিত জাতিৰ মিলনভূমি। বিশ্ব কঁপাই ৰাখিব পৰা শক্তিধৰ।
১৯৯১ চন, ২৫ ডিচেম্বৰ।
মিখাইল গর্বাচেভে ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্রপতি পদৰ পৰা পদত্যাগ কৰে। এই দিনটোৰ পূর্বে ছোভিয়েত ইউনিয়নত ভাঙোন আৰম্ভ হৈছিল। সেইটো বছৰৰে ১ ডিচেম্বৰত ৰাছিয়া, ইউক্রেন আৰু বেলাৰুছ লগ লাগি গঠন হৈছিল স্বাধীন ৰাষ্ট্ৰৰ এক কমনৱেলথ্।
গৰ্বাচেভৰ পদত্যাগৰ লগে লগে আনুষ্ঠানিক ভাবে পতন হ’ল ছোভিয়েট ইউনিয়নৰ। ভাৰতবৰ্ষতকৈ ৭ গুণ ডাঙৰ ছোভিয়েত ইউনিয়ন ভাঙি ১৫ টুকুৰা হ’ল।
ভ্লাদিমিৰ পুটিনৰ ৰাজনীতিত প্রৱেশ
ৰাছিয়াত ইতিমধ্যে অর্থনীতি ভাঙি পৰিছিল। বেকাৰৰ সংখ্যা বাঢ়িছিল। উদ্যোগৰ উৎপাদন কমিছিল।
এনে বিপর্যায়ৰ মাজতেই ১৯৯৯ চনৰ শেষভাগত ৰাছিয়াৰ ভাৰপ্রাপ্ত প্রধান মন্ত্রীৰ দায়িত্ব পাইছিল ভ্লাদিমিৰ পুটিনে। পিছলৈ হৈছিল ৰাষ্ট্রপতি। ছোভিয়েট ইউনিয়নৰ গুপ্তচৰ সংস্থা কে.জি.বি ৰ এসময়ৰ কাৰ্য্যকৰ্ত্তা পুটিন এতিয়া ৰাছিয়াৰ সর্বেসর্বা।
যোৱা তিনিটা দশক ধৰি তেওঁ ক্রেমলিনৰ সর্বেসর্বা। তেওঁ যি কয়, সেয়াই হ’ব। কোনেও বিৰোধ কৰিব নোৱাৰে। সংবিধান সংশোধনৰ জৰিয়তে হলেও তৃতীয়বাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্রপতি পদত তেওঁ নির্বাচিত হোৱাটো ইয়াৰ শেহতীয়া প্রমাণ। তেহেলৈ ৰাষ্ট্রপতি পদৰ বাবে হোৱা নির্বাচন এক ভেঁকো ভাওনাই নহওক কিয়।
এগৰাকী মহিলাৰ প্রত্যাহবান, পুটিনৰ প্রতি
প্রবল-প্রতাপী ভ্লাডিমিৰ পুটিনক কিন্তু প্রত্যাহবান জনাইছে এগৰাকী মহিলাই। কোন এইগৰাকী মহিলা? এইটো জনাৰ আগতে জানি লও অইন এগৰাকী ব্যক্তিক। তেওঁ হ’ল আলেক্সি নাভালনি। ৰাছিয়াৰ এগৰাকী সাধাৰণ আইনজীৱি। আদালতৰ মজিয়া এৰি তেওঁ ৰাজপথলৈ ওলাই আহিল ৰাছিয়াত গণতন্ত্র প্রতিষ্ঠাৰ বাবে। ২০১২ চনত গঠন কৰিলে এক নতুন ৰাজনৈতিক দল। নাম ‘পিপলচ্ এলায়েন্স‘। গণ-মৰ্চ্চা।
নানান ভয়-ভীতিৰ মাজতো চলাই থাকিল ৰাজনৈতিক কার্য্য – কলাপ। ২০১৩ চনত বাতিল হ’ল তেওঁৰ ওকালতিৰ অনুজ্ঞা-পত্র। কাৰাগাৰ গমন তেওঁৰ বাবে সাধাৰণ আৰু স্বাভাবিক ঘটনা হৈ পৰিল।
তাৰ পিছতো অব্যাহত থাকিল পুটিন বিৰোধী অভিযান। পুটিনৰ বিৰুদ্ধে উত্থাপন কৰিলে দুর্নীতিৰ নানান অভিযোগ। ২০১৮ চনত পুটিনৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি পদত প্রতিদ্বন্দিতাও কৰিলে। অৱশ্যে পৰাজিত হ’ব লগাও হ’ল।
২০২০ চনত তেওঁৰ ওপৰত এক সর্ব্বনাশী আক্রমণ চলিল। চিকিৎসকৰ আপ্রাণ চেষ্টাত সেইবাৰলৈ ৰক্ষা পৰিল। কিন্তু আলেক্সি নাভালনিৰ কণ্ঠৰোধ কৰিবলৈ পুটিন চৰকাৰে তেওঁৰ ওপৰত জাপি দিলে ৰাষ্ট্রদ্রোহৰ গোচৰ। ২০২১ চনৰ জানুৱাৰী মাহত তেওঁক কাৰাবন্দী কৰা হ’ল।
নাভালনিৰ মুক্তিৰ বাবে বিশ্বজুৰি সমর্থন গোটাবৰ বাবে এইবাৰ ওলাই আহিল তেওঁৰ পত্নী, ৰাছিয়াৰ বিশিষ্ট অর্থনীতিবিদ ইউলিয়া নাভালনায়া। বিভিন্ন দেশ, বিভিন্ন আন্তর্জাতিক সংস্থাৰ ওচৰ চাপিল ইউলিয়া। সমান্তৰালভাবে চলাই থাকিল স্বামীয়ে আৰম্ভ কৰা গণতন্ত্র প্রতিষ্ঠাৰ সংগ্রাম। ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীত পুটিন চৰকাৰে জনাই দিলে কাৰাবন্দী অবস্থাতেই আলেক্সি নাভালনিৰ মৃত্যু হৈছে। অসুস্থতাৰ হেতু।
বতাহত কিন্তু বিয়পি পৰিল অত্যাচাৰ সহ্য কৰিব নোৱাৰি জেলতেই মৃত্যু হ’ল আলেক্সি নাভালনিৰ। প্ৰতিবাদৰ এক কণ্ঠ চিৰদিনৰ বাবে হেৰাই গ’ল। কিন্তু সজোৰে প্রতিধ্বনিত হ’ল আলেক্সিৰ সেই প্রতিবাদী কণ্ঠ। দুগুণ শক্তিৰে। প্রতিধ্বনিত কৰিলে এলেক্সিৰ পত্নী ইউলিয়া নাভালনায়াই। স্বামীৰ শূন্যতা আঁতৰাই, স্বামীৰ অকাল মৃত্যুৱে সৃষ্টি কৰা অবর্ণনীয় শোক আৰু যন্ত্রণা নেওচি ইউলিয়াই উদাত্ত কণ্ঠে বিশ্ববাসীক জনাই দিলে আলেক্সিয়ে আৰম্ভ কৰা যুঁজখনৰ পৰিসমাপ্তি হোৱা নাই।
দৃঢ় আৰু প্রত্যয়ভৰা কণ্ঠেৰেই ইউলিয়াই ক’লে- “মোৰ স্বামীক হত্যা কৰা হৈছে। এই হত্যাৰ বাবে দায়ী পুটিন। এলেক্সিক মাৰি মোক আধামৰা কৰা হৈছে। কিন্তু মোৰ বিবেকে কৈছে হাৰি যোৱাৰ অধিকাৰ মোৰ নাই। এলেক্সিৰ যুঁজখন মই চলাই যাম।”
ইউলিয়া নাভালনায়াই যেতিয়া এই কথা কৈছিল, তেতিয়া তেওঁৰ চকুত নাছিল চকুপানী। আছিল জুই। যেন ভূপেনদাৰ গীতৰ পানেইজনী। নিজৰ অকণমানি পুত্ৰক দৰব দিব নোৱৰা, ভাতৰ নিসনিও দিব নোৱৰা পানেইজনীয়ে নিজৰ পোনাটিৰ মৰাশ দাঙি লোৱাৰ পিছৰ চিত্ৰ ভূপেনদাই বর্ণনা কৰিছিল এনেদৰে-
“পানেইৰ চকুদুটি হ’ল ৰঙা ফিৰিঙতি
শেষ হ’ল তপত চকুলো
চকুৰ চকুপানী শুকুৱাই পেলালো
এইবাৰ পণ লৈ ৰণলৈ ওলালো।”
ইউলিয়া নাভালনায়াইও চকুপানী শুকুৱাই ৰণলৈ ওলাইছে। এতিয়া হেজাৰ ইউলিয়াই চিঞৰি উঠিব নে? আকাশত সুৰুষে ৰঙাকৈ আঁকিবনে ন-সমাজৰে ছবি? সময়ে কব। ইতিহাস সাক্ষী হৈ ৰ’ব।
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)