-অংকিতা বৰুৱা |
~ বলি দিবলৈ অনা পাৰ যোৰাক খুদ চাউল কেইটামান খাবলৈ দি আয়ুস্মানে আলফুলে হাতখন ফুৰাই মৰম কৰিলে সিহঁতক । পৰম বিশ্বাসেৰে পাৰ দুটাই খুদ চাউল কেইটা খুটিয়াই থাকিল । যেন সিঁহতে বহু দিনৰ পৰা চিনি পাই এই মৰমৰ স্পৰ্শ —–
—— আয়ুস্মানে চুটি শেষ কৰি কৰ্তব্যলৈ উলটি যোৱাৰ আগত আজি তিনিবছৰ ধৰি প্ৰতিবাৰেই দেউতাকে এযোৰা পাৰ দূৰ্গামা ৰ চৰনত বলি দি আহিছে । তাৰ কুশল প্ৰাৰ্থনাৰে ! নিৰাপদে লৰাটোৱে দেশক ৰক্ষা কৰাৰ কামনাৰে ! আয়ুস্মানে যদিও এই নিয়ম মানি আহিছিল ইমানদিনে ; তথাপি সি কোনোবাখিনিত আহত হয় ! তাৰ ভালৰ বাবে কোনো নিষ্পাপ জীৱ এটাক শেষ কৰি দিয়াতো সি অন্তৰেৰে স্বীকাৰ কৰিব নোৱাৰে কোনোদিন —-
—— দেৱী দূৰ্গাক অসীম ভক্তিৰে সেৱা জনাই এই পাৰ যোৰাৰ জীৱন ঘূৰাই দিলেও সি ভালে থাকিব —এয়া তাৰ বিশ্বাস —-
—– সেই বিশ্বাসৰ ভেঁটিতে পাৰযোৰাক সি এটা বাঁহ সাজি দিলে । তাৰ সৰুকালৰ জলপান খোৱা বাতিতোত সিহঁতক পানী খোৱাৰ ব্যৱস্হা কৰি দিলে । খুদ চাউল অলপ যতনাই দিলে ।
— তাৰ বিশ্বাসবোৰ দৃঢ়ৰ পৰা দৃঢ়তৰ হ’ল !
—– এবাৰ আটাইলৈকে মূৰ তুলি চাই আয়ুস্মান যাবলৈ বুলি সাজু হ’ল । এনেকুৱা সময়বোৰত সি বৰ বেছিকৈ চকুত চকু থৈ কথা নাপাতে ঘৰখনৰ কাৰো লগতে । আগতে অকল মাক জনীক বুজাব লগা হৈছিল , এতিয়া অনুশীলা কো ! দেউতাকে পুৰুষসুলভ গাম্ভীৰ্য্যতাৰে আৱেগক ঢাকিবলৈ শিকি ললে আজি তিনিবছৰে । কিন্তু মাক আজিও একেই থাকিল । যাবলৈ ওলোৱাৰ দুই তিনিদিন আগৰ পৰাই মাকক বুজাই সি কথাবোৰ —- দেশৰ শান্তি ৰক্ষাৰ দায়িত্বত আন দহজন সৈনিকৰ দৰে সি ও আছে —–
“এই দায়িত্ব সকলোৰে কপালত নাথাকে মা , তুমি গৌৰৱ কৰিব পাৰা তোমাৰ পুত্ৰ এই মহান দায়িত্বত নিয়োজিত ” —-
—- সকলো বুজিও যে অবুজ মাকৰ হৃদয়খন , সেয়া আয়ুস্মানে জানে !
এতিয়া তাৰ জীৱনলৈ অনুশীলা অহাৰ পাছত বুকুৰ কোনোবা খিনিত যেন তাৰো খোচ মাৰি ধৰে যাবৰ পৰত ! চকুত চকু থৈ কথা পাতিব নোৱৰা হয় সিঁহতে । এবছৰ হল সিঁহতৰ যুগ্ম জীৱনৰ । এই এবছৰত সিঁহতে হয়তো তিনিমাহো একেলগে থাকিবলৈ পোৱা নাই ! অনুশীলাৰ বুকুৰ হাহাঁকাৰ বোৰ তাই নকলেও সি বুজে ।
বিয়াৰ আগতেই কথা হৈছিল সিঁহতৰ মাজত —- আন স্বামী-স্ত্ৰীৰ দৰে সদায় ইজনে সিজনক কাষতে নাপায় সিহঁতে । বেছিভাগ সময় তাইৰ পৰা আতৰিয়েই থাকিব লাগিব আয়ুস্মান । যথেষ্ট ধৈৰ্য্য আৰু সাহসৰ প্ৰয়োজন হব তাৰ দৰে অনুশীলাৰো ।
অনুশীলাই নিজক বুজাই । উজাই অহা কান্দোনটোক সোপা দি ধৰিবলৈ চেষ্ট কৰিও বিফল হয় তাই । টপটপকৈ চকুৰপানীবোৰ বৈ আহে দুগালেৰে ……!
দেউতাকৰ ওচৰত দোষ কৰি ধৰা পৰা সৰু লৰা এটাৰ দৰে কিছুপৰ তলমূৰ কৰি থিয় দি থাকি সি আকৌ কলে —– ” চিন্তা নকৰিবা দেউতা , মোৰ একো নহয় ! মাথো আশীৰ্বাদ কৰিবা যাতে মোৰ দায়িত্বত মই সফল হওঁ সদায় ” —–
সৈনিকৰ পিতৃ হোৱাৰ গৌৰৱৰে উদয়ন দত্তই এবাৰ সাৱটি ধৰিলে পুত্ৰক পৰম আৱেগেৰে !
—- আয়ুস্মান যায়গৈ !
পাৰ যোৰাই ধপাধপাই উৰি আহি পদূলি মূৰৰ শিলিখা জোপাতে পৰেহি ——– !
সি পাছলৈ ঘূৰি নাচায় ……….. !
সৈনিকৰ অন্তৰেও কান্দে —– কিন্তু চকুত সেই চকুপানীয়ে ভীৰ কৰিব নোৱাৰে । এয়া যেন অঘোষিত নিৱমাৱলী । সৈনিকৰ জীৱনৰ প্ৰথম অলিখিত চৰ্ত্ত ।
——- উদয়ন দত্তৰ ঘৰখন নিজম পৰে ।
অনুশীলা ৰ অকলশৰীয়া সময়বোৰ নাযায় নুপুৱাই লাগে । বোৱাৰী ৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি ৰৈ যোৱা সময়খিনিত তাই আয়ুস্মানৰ সৈতে কটোৱা প্ৰতিতো মুহূৰ্ত্তক সজীৱ কৰি ধৰি ৰাখে দিনলিপিৰ পাতত । দিনলিপিৰ পৃষ্ঠাবোৰ সিঁহতৰ মৰমৰ উমত চপচপীয়া হৈ পৰে । নিজেই লিখি নিজেই পঢ়ি চাই তাই । মাজে মাজে ইথাৰৰ মাজেৰে আয়ুস্মানক পঢ়ি শুনাই তাই লিখি ৰখা কথাবোৰ । সি আৱেগিক হয় …….
…… কিন্তু মুহূৰ্ত্ততে কঠোৰ কৰে নিজক । সৈনিক আৱেগিক হলে দেশৰ স্বাৰ্থত ব্যাঘাত জন্মে । সি সংযত হয় । কথা পাতি পাতি কোনোবা সময়ত অনুশীলা উচুপি উঠে । তাৰো মন যায় আৱেগবোৰক কৈ শেষ কৰিবলৈ । উথলি উঠা মৰমবোৰক শব্দৰে বুজাই কবলৈ তাৰ অনুশীলা জনীক , তাৰো মন যায় ! কিন্তু আয়ুস্মানে নকয় । সি দুৰ্বল হৈ ধৰা দিলে তাই নিজক চম্ভালিব নোৱৰিব । সৈনিকৰ পত্নী ও সমানে সাহসী আৰু ধৈৰ্য্যশীলা হব লাগিব । ভীৰুতা , আৱেগ কোনোটোৱে সৈনিকৰ পত্নীৰ বাবে প্ৰযোজ্য নহয় —–
—- তাৰ বুজনিত অনুশীলা ই নিজক পুনৰ নিৰ্মান কৰে —- ধৈৰ্য্য আৰু সাহসৰ কচৰৎ কৰে প্ৰতিদিনে । আয়ুস্মানৰ তাইৰ প্ৰতি থকা মৰমক তাই সাহসলৈ ৰুপান্তৰ কৰে —–
—— পাৰ যোৰাই ৰুণ দিলে তাই দেৱী মাক স্মৰন কৰে —- তাইৰ প্ৰানৰ পূজাৰীক কুশলে ৰাখিবলৈ দূৰ্গামাক অকুন্ঠচিত্তে প্ৰাৰ্থনা কৰে । আয়ুস্মানৰ বিশ্বাসবোৰেই তাইৰ জীৱন জীয়াৰ আশ্বাস —– !!
—— অনুশীলাৰ হঠাতে মূৰ ঘূৰাই , বমি হয় —– একো খাবলৈ মন নোযোৱা হয় …….!
পাৰ যোৰাই ধপধপাই উৰি আহি তাইৰ কোলাতে আলফুলে সোমাই হি ! একলা দুকলা কৈ বাঢ়ি অহা তাইৰ ভৰুন পেটতোত সিহতক সামৰি তাই এক অজান পুলক অনুভব কৰে —
—– মেজৰ আয়ুস্মানৰ কঠিন বৰ্ম অলপ হলেও শিথিল হয় । পিতৃত্বৰ অনুভৱে তাক আন্মনা কৰে ! সি যেন সেই মুহূৰ্ততে তাৰ অনুশীলা জনীৰ কাষলৈ গুচি আহিব —- মাতৃত্বৰ পথত আগবঢ়া তাৰ মৰমী পত্নীৰ সি আদৰ যত্ন কৰিব —
—- আয়ুস্মান নাহে —– । আহিব নোৱাৰে !
তাৰ সৈনিক সত্বাই মুহূৰ্ত্ততে তাৰ শিথিল হৈ পৰা কঠিনতাক মেৰিয়াই ধৰে ——
—— আয়ুস্মানে এৰি থৈ যোৱা তাৰ হেপাঁহৰ পাৰ যোৰাৰ খবৰ লয় সি । অনুশীলাই কৈ যায় —- কিদৰে সিহঁতে তাৰ জলপান খোৱা বাতিতোত ঠোট দুটা জুবুৰিয়াই পানী খায় । কিদৰে সি যতনাই থৈ যোৱা খুদচাউল কেইটা তাই চটিয়াই দিলে সিহঁতে ধপধপাই উৰি আহি খায় পুনৰ ঘৰৰ মুধচত উঠি থাকে গৈ —
—- পাৰজনী ও ভৰুন হয় , অনুশীলাৰ দৰে ! আয়ুস্মানৰ বুকু ভৰি আহে ……. !!
—– স্বাভিমানী সময় ; থমকি নৰয় কাহানিও …….. !
— অনুশীলাৰো বহু আকাংক্ষিত সময় কাষ চাপি আহে ।
সীমান্তত আয়ুস্মান যুদ্ধলৈ সাজু হয় । লাডাখৰ পাংগং হ্ৰদৰ ওপৰত চীনা সৈন্যৰ অতৰ্কিত আক্ৰমনৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতীয় সেনাবাহিনীয়ে অতি বীৰতাৰে সমুখ-সমৰত নামি পৰে—– তেনে সময়ত প্ৰত্যেকেই পাহৰি পেলাই নিজৰ ঘৰখন , প্ৰিয়জন অথবা নিজৰ অস্তিত্বক ! এয়া যে মাতৃভূমিক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰাৰ সময় ! একো একোজন যুজাৰু সৈনিক কেৱল তেওলোক — তাৰ বাহিৰে বেলেগ একো পৰিচয়ে তেওলোকক বিহ্বল কৰিব নোৱাৰে সেই সময়ত !
—- উদয়ন দত্তৰ ঘৰ খনৰ বতাহজাক অস্হিৰ হৈ পৰে । টেলিভিচনৰ সন্মুখত ব্যাকুল হৈ বহি থাকে তেওঁ । কোনো সময়ত কোঠাতোত উদ্দেশ্যহীন ভাৱে পায়চাৰি কৰি ফুৰে । তেওৰ মনত বাৰে বাৰে এটা কথাই খুন্দিয়াই থাকে —- এইবাৰ দেৱীমাৰ সেৱাত বাধা আহিল —- চলি থকা নিতি অমান্য কৰা হল । এতিয়া এই ভয়াবহ সময়ত দেৱী মায়ে ৰক্ষা কৰিবনে তেওৰ পুত্ৰক…….. !!
—–” হেৰি, একো বিঘিনি নঘটে চাগে , নহয়নে ” —-
মাক নিৰ্মলাৰ ভয়ত আতুৰ কন্ঠই উদয়ন দত্তক ভিতৰৰ পৰা শিহৰিত কৰি তোলে —–
—– ” ঈশ্বৰ সেৱাত ভুল কৰিছো যেতিয়া , যিকোনো হব পাৰে বুলি সাজু থাকিবই লাগিব আমি , নিৰ্মলা “—— তেওলোকৰ বিশ্বাসৰ ভেঁটিতো যেন থৰক-বৰক হয় !
অনুশীলা ৰ উশাহ বোৰ চুটি হৈ আহে এনেবোৰ কথাত । আয়ুস্মানৰ প্ৰতিতো সাহস আৰু প্ৰত্যয় ভৰা কথাই তাইক স্হিতপ্ৰজ্ঞ কৰি ৰাখিলেও ঘৰখনৰে দুজন বয়োজেষ্ঠ লোকৰ এনে হতাশাভৰা কথাই তাইক জোকাৰি যায় । আয়ুস্মানৰ বিশ্বাসত আস্হা ৰাখিয়েই তাই ইমান দিনে সাহসী হৈ আছে । আয়ুস্মানৰ কোনো বিপদ হব নোৱাৰে —– তাইৰ বাবে সেয়াই সত্য —–
——” চীনা আৰু ভাৰতীয় সেনাৰ মাজত হোৱা প্ৰচন্ড গুলিয়াগুলিত , ভাৰতীয় সেনাৰ কেইবাজনো সৈনিকক গুলিৰ আঘাতত সংকটজনক অৱস্হাত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে …….” বাতৰিটোৰ পাছৰ অংশত কৈ থকা আঘাতপ্ৰাপ্ত সৈনিকসকলৰ নামৰ মাজত মেজৰ আয়ুস্মান দত্তৰ নামতো শুনা যেন লাগিল অনুশীলাৰ —-
—— উদভ্ৰান্তৰ দৰে তাই গোঁসাই থাপনা খনলৈ দৌৰি যায় ! আচল পাতি হুকহুকাই কান্দি উঠে —- মা দূৰ্গা ক এবাৰ অনুচ্ছ স্বৰত স্মৰন কৰি ঢলি পৰে অনুশীলা ——
পাৰ যোৰা সজাঁতোৰ বাহিৰ নোলায় …..! অনুশীলাই পুৱাতে চটিয়াই থোৱা খুদ চাউল কেইটা ও তেনেদৰেই পৰি ৰয় —–
অসীম ধৈৰ্য্যৰে উদয়ন দত্তই অনুশীলাক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্হা কৰে —-
—— এপাহ গোলাপ ফুলৰ দৰে সুকোমল এটি গুলপীয়া পুতলা আহিছে অনুশীলাৰ কোলালৈ ।
উদয়ন দত্তৰ বুকুখনত বুজাব নোৱৰা আৱেগে খুন্দিয়াইছে । বাৰে বাৰে ফোন তো পিটিকি চাই তেওঁ — কিবা খবৰ আহিছে নেকি আয়ুস্মানৰ —- অচিন অজান এখন ঠাইত পৰি থকা অৰ্ধচেতন আয়ুস্মানৰ খবৰ লৈছে অনাত্মীয় লোকসকলৰ পৰা—- তেওৰ বুকুৰ এচোৱাক বিন্ধি যায় এটা শোকে — মেচেজ বক্সত কিবা এটা আহিলেই খুলি চায় — একেই খবৰ
— ষ্টেটিক —-
—- ষ্টেটিক —-
—- ষ্টেটিক —–
আজি তিনিদিন হল আয়ুস্মানৰ পৰা একো সহাৰি নাই পোৱা চিকিৎসকে । মাথো উশাহ তো আছে — আয়ুস্মানৰ প্ৰিয় বন্ধু মেজৰ ৰাজৱীৰে পুত্ৰৰ প্ৰতিতো পলৰ খবৰ জনাই আছে তেঁওক—-
— হয়তো , দূৰ্গামা ৰ চৰনত পাৰ যোৰা বলি দিয়া হলে আজি এই অথন্তৰ নহলে হেঁতেন —– উদয়ন দত্তৰ মনত একেটা কথাৰে খোকোজা লাগি থাকে — ।
—– কনমানী জনীক আদৰি ঘৰ সুমুৱাইছে । অনুশীলা ৰ যেনেকুৱা লাগিব লাগিছিল , তেনে একো অনুভবে চুব পৰা নাই তাইক । মাতৃত্বৰ আৱেগে তাইক ভৰাই তুলিলেও , তাইৰ প্ৰানৰ পূজাৰীয়ে যে এতিয়াও একো গমেই নাপায় ! আয়ুস্মান যে পিতৃ হৈছে এজনী পুতলাৰ —- সেই খবৰে তাক এতিয়া চুব পৰা নাই —
—- এখন অচিনাকি ঠাইৰ অনাত্মীয় লোকৰ তত্বাবধানত আয়ুস্মানে জীৱন মৃত্যুৰে যুজিঁ আছে । তাই কিদৰে সন্তানৰ সুখত অকলে সুখী হয় —
——- প্ৰতিতো মুহূৰ্ত্তৰ খবৰ যেন লৈ থাকিব তাই —- আয়ুস্মানৰ । দেউতাকক বাৰে বাৰে সুধিছে —- কি খবৰ আহিছে দেউতা ? আয়ুস্মানৰ চেনচ্ আহিছেনে ? কি কৈছে ডাক্টৰে ? তেওৰ ভাল হবনে —- আয়ুস্মানে মোক সদায় তেওৰ বিশ্বাসৰ ওপৰত আস্হা ৰাখিবলৈ কয় দেউতা …….! তেও আলফুলে জীৱন ঘূৰাই দিয়া পাৰযোৰা তেওৰ বিশ্বাসৰ ভেঁটি বুলি কয় —–দেৱী দূৰ্গা ই তেওৰ কোনোদিন ক্ষতি নকৰে বুলি তেওৰ দৃঢ় বিশ্বাস দেউতা —- আপুনি কি ভাবে , তেও এই পুতলা জনীৰ কাষলৈ ঘূৰি আহিবনে —– তেওলৈ খবৰ পঠিয়ালেনে তেও যে পিতৃ হৈছে এজনী পুতলাৰ —– দেউতা …….
অনুশীলাৰ হাজাৰ প্ৰশ্নই উদয়ন দত্তক অস্হিৰ কৰি তোলে —-
— একো যে ভাল খবৰ অহা নাই এতিয়ালৈ আয়ুস্মানৰ — কোন সতে দিয়ে তেওঁ এই খবৰ তেওঁৰেই পুত্ৰবধুক !!
—- ” আয়ুস্মান লিচ্চেন — ইউ আৰ নাও আ প্ৰাউড ফাডাৰ অফ এন এ’নজেল —– নাও ৱেক আপ ব্ৰেভ মেন ——
—- মেজৰ ৰাজৱীৰে কাণে কাণে কলে অৰ্ধচেতন আয়ুস্মানক —–
—— তিনিদিন ধৰি একো সহাৰি নথকা আয়ুস্মানৰ কাৰ্ডিয়াক মনিটৰত সামান্য সালসলনি হ’ল —- !!
—– পাৰ চৰাই যোৰ তিনিদিনৰ পাছত সঁজাৰ পৰা ধপধপাই ওলাই আহি অনুশীলাৰ কোঠাৰ দুৱাৰমুখতে পৰিলহি —— !!
— সমাপ্ত —