-কস্তুৰী চুতীয়া |
বড়ো শান্তি চুক্তি হৈ গৈছে | বড়োসকলৰ নৃগোষ্ঠীয় একতাক অভিনন্দন | আমি এতিয়া সমালোচনা কৰি থকাৰো সময় নহয় | আলোচনা কৰিব পৰা বিষয়টো আছিল, ইয়াৰ ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱসমূহ | চুক্তিখনৰ এঘাৰটা পৃষ্ঠাৰ প্ৰতিটো পৃষ্ঠাতে লাগি আছে জনতাৰ কেঁচা তেজ |
** চুক্তিখন সাম্ভাব্য ধনাত্মক প্ৰভাৱ :
– চুক্তিখনত শিক্ষামূলক উন্নয়নৰ কথা কোৱা হৈছে স্পষ্টকৈ | এইয়া প্ৰকৃততে প্ৰতিটো অঞ্চলৰে প্ৰাপ্য | ই শৈক্ষিক উত্তৰণ আনক |
– পৃষ্ঠা ৮ ৰ পৰা পৃষ্ঠা ১২ লৈকে অনান্য কিছু উন্নয়নমূলক কামৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে ‘অতিৰিক্ত বিষয়’ হিচাপে | আদৰণী জনাইছোঁ |
– বড়োসকলৰ নৃগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ উন্নয়নৰ কথা
কোৱা হৈছে | সকলো নৃগোষ্ঠীৰে সেই অধিকাৰখিনি থাকিব লাগে |
– ভূমিৰ অধিকাৰৰ কথা কোৱা হৈছে | ই BTR ক প্ৰবজনৰ পৰা অলপ হলেও সুৰক্ষিত কৰিব নিশ্চয় |
-চুক্তিখনৰ দাবীবোৰ স্পষ্ট | ই অসমৰ নৃ-গোষ্ঠীসমূহক দেখুৱাই দিলে নৃগোষ্ঠীয় একতা কি!
**চুক্তিখনৰ সাম্ভাব্য ঋণাত্মক প্ৰভাৱ :
-SP ৰ দৰে গুৰুত্বপূৰ্ণ পদৰ নিযুক্তি BTR ৰ ৰাজনৈতিক নেতাৰ অনুমতি অবিহনে হোৱাটো অসম্ভৱ হৈ পৰিল | ইয়াৰ দ্বাৰা তাৰ নেতৃবৃন্দই বেআইনী কাম কৰিলেও, তাৰ আইনক নিয়ন্ত্ৰণ কৰাৰ দ্বাৰ মুকলি হ’ল | আইন আৰু ন্যায় সদায় স্বাধীন হ’ব লাগে |
– শিক্ষাত মানদণ্ড (quality ) আটাইতকৈ গুৰুত্বপূৰ্ণ | BTR ৰ ছাত্ৰ-ছাত্ৰীৰ বৃহৎ চাহিদা স্থানীয় শিক্ষকে পূৰণ কৰিব পাৰিবনে? পূৰ্বতে UGC ৰ যোগ্য বাচনিত তেওঁলোকে হস্তক্ষেপ কৰাৰ কথা পোহৰলৈ আহিছিল | এতিয়া এনে ঘটনাৰ পুণৰাবৃত্তিৰ প্ৰভাৱ লক্ষণীয়!
– BTR ত আন খিলঞ্জীয়া নৃগোষ্ঠীসকলৰ সকলো জনতাই সুৰক্ষিত কৰিবনে? যদি নকৰে অদূৰ ভৱিষ্যতে নৃগোষ্ঠীয় সংঘাত হোৱাৰ সম্ভাৱনা আছে |
-উন্নয়নমূলক কাম-কাজ আমাৰ প্ৰাপ্য | তাৰ বাবে সশস্ত্ৰ সংগ্ৰাম কৰিব লগা হোৱাটো দেশৰে দুৰ্ভাগ্য | অনাগত ভৱিষ্যতে ই আন নৃগোষ্ঠীয় শক্তিসকলক অস্ত্ৰ তুলি লোৱাৰ উদগণি দিব নেকি |
-C(A)A বিৰোধী আন্দোলন আৰু অলপ দুৰ্বল কৰাত চৰকাৰ সফল হ’ল |
-সৰ্বোপৰি, স্পষ্টকৈ ‘অসমীয়া’ৰ সংজ্ঞা আৰু অলপ দুৰ্বল হ’ল | আমাৰ সকলোৰে মাজত কম-বেছি পৰিমাণে বিশ্বজনীনতা, ৰাষ্ট্ৰীয়তাবাদ, জাতীয়তাবাদ আৰু নৃগোষ্ঠীয় চেতনা আছে | নৃগোষ্ঠীয় চেতনাই অনাগত দিনত জাতীয়তাবাদী চিন্তাক আৰু দুৰ্বল কৰাৰ সম্ভাৱনা আছে |
**আমি কি শিকিব পাৰো –
-মিজো ভাইসকল, নগা ভাইসকল, খাচী ভাইসকলক হেৰুৱাই দিয়াৰ দৰে আজি বড়ো ভাইসকলক আমি হেৰুৱালো | ইয়াৰ আঁৰত দীঘলীয়া পটভূমি | নৃগোষ্ঠীয় চেতনাতকৈ জাতীয়তাবাদ মূল : কিন্তু তাৰ বাবে নৃগোষ্ঠীয় চেতনাক ভৰিৰে মোহাৰি পেলোৱা উচিত নহয় | তেনে পৰিস্থিতিয়ে নৃগোষ্ঠীক জাতীয়তাবাদৰ পৰা আঁতৰাই আনে | বড়োসকলে অসম আন্দোলনত অৱদান আগবঢ়াইছিল | অসমীয়া ভাষাৰ বিকাশত অৱদান আগবঢ়াইছিল | কিয় তেওঁলোকক ৰাজনৈতিক তথা সামাজিকভাৱে বঞ্চিত কৰা হৈছিল ? এতিয়াও বহুত নৃগোষ্ঠীৰ লগত একে ব্যৱহাৰ ! এতিয়াই আমি শিকা উচিত… নহ’লে যোৱা শতিকাৰ পৰা তুংগত হোৱা এই বিভাজনমুখী প্ৰক্ৰিয়াত এদিন মিছিং লেণ্ড , কাৰ্বি টেৰিটৰিয়েল ৰিজন, কমতাপুৰ TR, কছাৰী ৰাজ্য ,আহোমলেণ্ড, মৰাণ ৰিজন, চুতীয়া ৰিজন ইত্যাদিৰো দাবী উত্থাপন হ’ব | অসমীয়া বুলি থাকিব কোন?
***এই সন্দৰ্ভত হোৱা আলোচনাত ২৮/০১/২০২০ তাৰিখে Assam Talks ৰ ষ্টুডিঅ’ত উপস্থিত আছিলো | কিছু কথা কোৱা হ’ল | বহুতো কথা থাকি গ’ল | আচলতে, সকলো কথা কোৱা সম্ভৱ নহয়! ( বি.দ্ৰ. চুক্তি এখন সকলো সমস্যাৰ শেষ নহয় | ইয়াৰ ৰূপায়ণ মূল |