অকল্পনীয় অৰ্থনৈতিক খহনীয়া
দিলীপ দৈমাৰী
অৰ্থনীতিৰ ক্ষেত্ৰত কেইবাটাও দু:সংবাদে ভাৰতবৰ্ষত বহুতৰে বাবে বিহ্বলতা-ভীতিৰ সৃষ্টি কৰিছে। এপিনে ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ বিপুলভাৱে বৃদ্ধি পালে, আৰু এপ্ৰিল মাহৰ মুদ্ৰাস্ফীতিৰ হাৰ ১৫.০৮% হৈ পৰিল ;মাৰ্চ মাহত আছিল ১৪%!
ৰিজাৰ্ভ বেংকে সততে ইয়াকেই বাঞ্চা কৰে যে মুদ্ৰাস্ফিতীৰ হাৰ ৫% ৰ কম হৈ থাকক আৰু পাইকাৰী মুদ্ৰাস্ফিতী হাৰ ৮% ৰ ভিতৰতে থাকক। কিন্তু সকলোবোৰ লক্ষ্যমাত্ৰাক অতিক্ৰম কৰি এপ্ৰিল মাহৰ পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ হৈছে ১৫.০৮% !
অৰ্থাৎ, ডবল ডিজিটৰ সীমাৰ পৰা হ্ৰাস হৈ কোনোপধ্যেই ১০% ৰ তললৈ নমাই আনিব পৰা নাই মুদ্ৰাস্ফিতীৰ হাৰ।
দ্বিতীয়তে, কেন্দ্ৰীয় চৰকাৰৰ বহু প্ৰতীক্ষিত ভাৰতীয় জীৱন বীমা নিগমৰ বা সংক্ষেপে এল.আই.চি.ৰ শ্বেয়াৰেও আৰম্ভণিতেই ডাঙৰ খুন্দা খাইছে। যোৱা মঙলবাৰে, ১৭ মে’তাৰিখে, শ্বেয়াৰ বজাৰত নথিভুক্ত হয় এল.আই.চি. আৰু ৯৪৯ টকাৰ পৰা প্ৰাথমিক মূল্য আৰম্ভ হোৱা এল.আই.চি.ৰ শ্বেয়াৰৰ দাম একেকোবে প্ৰথমৰে পৰাই কমিবলৈ ধৰে। এটা সময়ত এল.আই.চি.ৰ শ্বেয়াৰৰ মূল্য ৮৬০ টকালৈ নামি আহি সকলোকে স্তম্ভিত কৰি তোলে। মাজতে এসময়ত ৯২০ টকালৈ উঠে যদিও বেছিপৰ স্থায়ী নহ’ল, পুনৰ নেশ্যনেল স্টক এক্সচেঞ্জত ৮৭৫ টকাত স্থিৰ হৈ পৰে। বুধবাৰেও একেই দশা হৈ ৮৭৬.৩৫ টকাত স্থিৰ হয়।
এই ঘটনাৰ ফলত প্ৰৱল আশংকা আৰু আতংকৰ সৃষ্টি হৈছে শ্বেয়াৰ বজাৰত আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মহলত। কাৰণ ইমান ঢাকঢোল বজাই এল.আই.চি.ক শ্বেয়াৰ বজাৰলৈ সজাই-পৰাই অনাৰ পিছতো প্ৰত্যাশা পূৰণ নহ’ল। প্ৰথমদিনা ২০৫০০ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী হৈছে যদিও আশা আছিল অনেক। আনহাতে, পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ ১৭ বছৰৰ ভিতৰত সৰ্বাধিক হৈ পৰিল!
১৫.০৮% হাৰেৰে সৰ্বাধিক বা সৰ্বোচ্চ ইতিপূৰ্বে হৈছিল ২০০৫ চনৰ এপ্ৰিল মাহত।
তাৰপিছত, ১৭ বছৰৰ পিছত, মোডী চৰকাৰৰ আমোলত এয়া সৰ্বোচ্চ হাৰ!
অৰ্থাৎ, কথাই কথাই, কোন কাহানিবাই পাৰ্থিৱ শৰীৰ ত্যাগ কৰা নেহৰুক টানি অনা আৰু অৰ্থনৈতিক পৰিস্থিতিৰ বাবে ইউ.পি.এ. চৰকাৰক সমালোচনা কৰা মোডী চৰকাৰৰ বাবে এনে তথ্য হৈ পৰিছে চৰম অস্বস্তিৰ কাৰণ! কিন্তু ইয়াতেই শেষ নহয়, যি তথ্য সবাতোকৈ বেছি উদ্বেগজনক, সেয়া হ’ল খাদ্য- সামগ্ৰীৰ মূল্য বৃদ্ধিয়েই প্ৰধান কাৰণ এই বিপুল পৰিমাণৰ মুদ্ৰাস্ফিতীৰ হাৰ বৃদ্ধিৰ।
বিশেষকৈ পাচলি, ফল, খাদ্য শস্য, খাদ্য পণ্য ইত্যাদি। ইয়াৰ লগতে যুক্ত হৈছে পেট্ৰল – ডিজেল আদিৰ ঘোঁৰাৰ কদমত ছুটি মেলা দাম। উৎপাদন চেক্টৰৰ অৱস্থাও শোচনীয়। বিদ্যুৎ, চিমেণ্ট আৰু ধাতুৰ দামো হু হু কৈ বাঢ়ি গৈছে। কোনোভাবেই মূল্যবৃদ্ধিৰ প্ৰৱণতাক চম্ভালিব পৰা হোৱা নাই। এইহেন পৰিস্থিতিত অৰ্শৰ ওপৰত ফোঁহোৰা উঠাৰ দৰে টকাৰ মূল্যৰ পতন হৈছে ৰেকৰ্ড পৰিমাণে। ডলাৰৰ বিনিময়ত টকাৰ মূল্য ৭৭ টকা ৭৯ পইচা হৈ পৰিছে।
অৰ্থাৎ, ৮০ টকা হৈ পৰিলেও আশ্বৰ্য হ’ব লগীয়া একো নাই!
আশ্বৰ্যকৰভাৱে সাম্প্ৰতিক ভাৰতৰ এনে মাৰাত্মক অৰ্থনৈতিক পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখেৰে এষাৰো বাক্য নিৰ্গত হোৱা নাই, যদিও তেওঁ অত্যন্ত সৰৱ আছিল মনমোহন সিঙৰ আমোলত পেট্ৰ’ল – গেছৰ মূল্যবৃদ্ধিক লৈ, পণ্যৰ মূল্যবৃদ্ধিক লৈ।
তেওঁ একেবাৰেই নীৰৱ! যিদৰে নীৰৱ হৈ আছিল হাজাৰ কোটি বৰাদ্দ কৰি পৰিষ্কাৰ কৰিব বিচৰা গঙ্গাৰ বক্ষৰে কৰ’নাকালত শত শত মৃতদেহ উটি যোৱাৰ সময়ত, অক্সিজেনৰ অভাৱত বাটে পথে শত শতজনে মৃত্যু বৰণ কৰা সময়ত, শ্মশানত খৰিৰ অভাৱত মৃতদেহৰ সৎকাৰ কৰিব নোৱৰা সময়ত, সময়মতে টিকাকৰণ কৰিব নোৱৰা সময়ত, বিমুদ্ৰাকৰণৰ ব্যৰ্থতাৰ সময়ত, হঠাৎ লক-ডাউন ঘোষণা কৰাৰ পিছত হাজাৰ হাজাৰ শ্ৰমিকে শ শ কিলোমিটাৰ খোজ কঢ়াৰ সময়ত, নতুন দিল্লীৰ উপকন্ঠত হাজাৰ হাজাৰ খেতিয়কে মাহৰ পিছত মাহ ধৰি শীত – গ্ৰীষ্ম অতিক্ৰম কৰি প্ৰতিবাদ কৰা সময়ত, কোটি কৈটি নিবনুৱাই কপালত চপৰিয়াই থকাৰ সময়ত,…!
গতিকেই এতিয়া দৃষ্টি অইনপিনে ঘূৰাবলৈ জ্ঞানবাপী, চিদাম্বৰমৰ গৃহত চি.বি.আই., তাজমহল,…! মুদ্ৰাস্ফিতীৰ যি হয় হৈ থাকক, মূল্য বৃদ্ধিৰ যি হয় হৈ থাকক, ডলাৰৰ তুলনাত টকাৰ যি হয় হৈ থাকক, কিন্তু ‘চেন্ট্ৰেল ভিস্টা’ হ’বই লাগিব, ৪৫০০+ কোটি টকীয়া বিলাসী বিমানত উঠি উৰিবই লাগিব,…!
19-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.