ময়েই প্ৰধানমন্ত্ৰী
অৰবিন্দ ৰাভা
অসমৰ সোণোৱালী সময়ৰ মন্ত্ৰী পল্লৱ লোচন দাসে ‘অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সময়তে’ই ‘ভুল‘তে ৰাজহুৱা সভাত ‘অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা’ বুলি উল্লেখ কৰিছিল! হয়তো কোনোবা জ্যোতিষীৰ প্ৰৱল প্ৰভাৱত সন্মোহিত হৈ পল্লৱ লোচন দাসৰ শ্ৰীমুখেৰে তেনে ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ নিৰ্গত হৈছিল। পিছলৈ দেখা গ’ল যে সেই ‘ভৱিষ্যত বাণী’ কিম্বা ‘ভুল’ দিঠকত পৰিণত হ’ল।
একেই ধৰণৰ ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ এইবেলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কৰিলে। তেওঁ নেদেখাজনৰ দৈৱবাণী লাভ কৰি সন্মোহিত হৈ আহ্লাদময় আবেগবিভোৰ কন্ঠৰে ‘ভৱিষ্যত বাণী’ কৰিলে নে ‘ভুল’তেই ক’লে – সেয়া সাধাৰণ নৰমনিচৰ বোধগম্য হোৱাটো দুৰুহ কৰ্ম যদিও তেওঁ যি শব্দব্ৰহ্ম প্ৰয়োগ কৰি অমিত শ্বাহক ‘প্ৰধানমন্ত্ৰী‘ আৰু নৰেন্দ্ৰ মোদীক ‘গৃহমন্ত্ৰী‘ বুলি ঘোষণা কৰিলে – তাৰেই পটভূমিত বু বু বা বা হ’বলৈ আৰম্ভ কৰিছে যে..
.. তেওঁক তেনে পল্লৱলোচনীয় ‘ভুল’ কৰিবলৈ ষষ্ঠ ইন্দ্ৰিয়ই প্ৰৰোচিত কৰিছিল নে স্বয়ং অমিত শ্বাহে কথা প্ৰসঙ্গত লাল কৃষ্ণ আদৱানী- মুৰলী মনোহৰ যোশী আদিৰ বয়স হোৱা হেতুকে ‘মাৰ্গদৰ্শক মন্ডলী’ত জিৰণি ল’বলৈ দিয়াৰ বিষয়ে আলোচনা কৰি থাকোতে ‘মোডীজীৰো একেধৰণেই বয়স বাঢ়ি গৈছে, কি বা হয়’ ধৰণৰ কথা উচ্চাৰণ কৰাৰ পটভূমিত ‘নৰেন্দ্ৰ মোদীৰ জীৱনী’ নিলিখি অমিত শ্বাহৰ জীৱনী লেখা জীৱনীকাৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৃষ্টিৰ বাবেই তেনে ‘ভুল’ হ’ল – সেয়া মাৰ্গদৰ্শক মন্ডলীয়ে বা অসমৰ ৰমেন ডেকা, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ৰাজেশ গোঁহাই আদিৰ দৰে বিজ্ঞসকলে নিশ্চয় বিচাৰ কৰিব; …
…..কিন্তু হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত তেনে পল্লৱলোচনীয় ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ কৰাৰ এসপ্তাহ নৌ- হওঁতেই যোৱা পৰহি, বৃহস্পতিবাৰে, ১২-০৫-২০২২ তাৰিখে, ভৰুচত, উৎকৰ্ষ সমাৰোহত কেন্দ্ৰীয় চৰকাৰৰ ৪ খন আচঁনিৰ হিতাধিকাৰীক উদ্দেশ্য কৰি দিয়া ভাষণত কিয় এনেদৰে ষ্পষ্ট কৰি দিলে যে তেওঁ তৃতীয়বাৰৰ বাবেও প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ থাকিব!?
মোডীৰ এনে ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে আৰু ‘কলিয়াবৰত পৈয়েক মৰিল/ঢেকী দিওঁতে মনত পৰিল’ৰ দৰে ‘খানাপাৰাত মাৰিলো টিপা/ ভৰুচ পালেগৈ শিপা‘ৰ দৰেই হৈছে বুলি ভু-ৰখা মহলে বুবু বা বা কৰিছে। তাৰোপৰি অসমৰ প্ৰাক্তন কংগ্ৰেছীসকলে এতিয়া দলে দলে নলবাৰীৰ ৰাস চাবলৈ যোৱাৰ দৰে হেঙেৰাবাৰীলৈ দলে দলে গৈ নেওতা পঢ়ি মূৰত আৰ-এছ-এছৰ টুপী পিন্ধি হঠাৎ মহান হিন্দু হৈ পৰি বিজেপি দলটোক প্ৰাক্তন কংগ্ৰেছীৰ দল হিচাপে পৰিকল্পনা অনুসৰি গঢ়ি লৈ পুৰণি বিজেপি সকলক আগৰ কালৰ লং প্লেয়িং ৰেকৰ্ড সদৃশ কৰি তুলিবলৈ সক্ষম হ’লেও, তেওঁলোকে দশক দশক কংগ্ৰেছত থাকি কি কি কৰ্ম কৰিছিল, মোডীৰ বিষয়ে কি কি কৈছিল – স্বয়ং মোডীয়ে সেইবোৰ পাহৰি যোৱা নাই হেতুকে ভৰুচৰ ৰাজহুৱা সভাত মোডীয়ে ভৰুচৰ সভাত সকলোৱে শুনাকৈ কৈছে -‘ এবাৰ এগৰাকী নেতাই মোক সাক্ষাৎ কৰাৰ সময়ত প্ৰশ্ন কৰিছিল যে দেশৰ জনতাই দুবাৰকৈ আপোনাক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱালে, আপুনি আৰুনো কি বিচাৰে ?’
সেই প্ৰশ্নৰ উত্তৰত মোদীয়ে হেনো কৈছিল যে, ‘তেওঁ কথাষাৰ কওঁতে হয়তো ভাবিছিল যে দুবাৰ প্ৰধানমন্ত্ৰী হোৱাটো এক ডাঙৰ উপলব্ধি আছিল। কিন্তু তেওঁ জনা নাছিল যে এই মোদী অন্য ধাতুৰে গঢ়া। গুজৰাটৰ মাটিয়ে মোডীক আকাৰ দিছে। সেয়ে, এয়াই যথেষ্ট নহয় যে এতিয়া মই আৰাম কৰিব লাগে! যি হৈছে ভাল হৈছে। কিন্তু মোৰ সপোন হৈছে নিজৰ লক্ষ্য ১০০ শতাংশ পূৰণ কৰা।’
হঠাৎ মোডীয়ে কিয় এনেদৰে ক’ব লগীয়া হ’ল?
বহুতেই ক’ব খোজে যে মোডীয়ে ‘ডাঙৰ বিৰোধী নেতা’ শৰদ পাৱাৰৰ কথা কৈছে, কিন্তু বহুতৰ মতে সেয়া হেনো মোডীক লৈ যাতে পুনৰ কোনেও ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ নকৰে, মোডীক যাতে মাৰ্গদৰ্শক মন্ডলীৰ লাল কৃষ্ণ আদৱানী বা মুৰুল মনোহৰ যোশী বুলি কোনেও ভাবি নলয় – সেই সম্পৰ্কে সকিয়নী দি মোডীয়ে তেনেদৰে কৈছে।
তাৰোপৰি, এতিয়া অমিত শ্বাহৰ ভৰিৰ তলৰ কাৰ্পেটখন উত্তৰপ্ৰদেশৰ যোগী আদিত্যনাথে টানি লৈ গৈছে। তাৰেই প্ৰমাণ হিচাপে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবে যোৱাকালি অমিত শ্বাহৰ শৰণাগত হৈ চকুলো টুকি প্ৰাৰ্থনা কৰিলেও অমিত শ্বাহে তেওঁক ৰক্ষা কৰিব নোৱাৰিলে; কাৰণ এতিয়াও শেষ কথা মোডীৰ, আৰু তেওঁৰ পিছত দন্ডায়মান হৈ ৰৈ আছে যোগী আদিত্যনাথ।
শুনামতে, পল্লৱ লোচন দাসৰ উত্ৰাৱলী/সন্মোহিত/নিৰ্দেশিত ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ এতিয়াও সৰ্বানন্দ সোণোৱালে পাহৰি যোৱা নাই আৰু খানাপাৰাৰ ‘ভুল’ বা ‘ভৱিষ্যত বাণী’ৰ সৈতে ‘পল্লৱলোচনীয় ভুল’ৰ চাটনিৰে কোনে কোনসময়ত কিদৰে চকীৰ বাবে উত্ৰাৱল হৈছিল আৰু কিদৰে তেওঁৰ অনুগতসকলে ‘ভুল’ কৰিছিল, সেই সকলোবোৰ পটাত পিহি পিহি সমগ্ৰ ঘটনাৰ বিশ্লেষণ সুন্দৰকৈ ডাঙি ধৰা হৈছে ‘বয়সস্থ হৈ পৰা’ মোডী ডাঙৰীয়াক।
সেইবাবেই হেনো মোডীয়েও ঘোষণা কৰিছে, হয়, ময়েই, ময়েই তৃতীয়বাৰো!
১৪-০৫-২০২২