-মহাবাহু |
ৱাশ্বিংটন (আমেৰিকা) : এতিয়া আমেৰিকাত মানুহৰ মৃতদেহৰপৰা প্ৰস্তুত হ’ব জৈৱ-সাৰ। ছুইডেনৰ পিছতেই আমেৰিকাতো পৰিৱেশ অনুকূল মানৱ মৃতদেহৰ সৎকাৰ পদ্ধতিক আইনসন্মত স্বীকৃতি দিলে আমেৰিকাৰ চিনেটে। বিলখনৰ সপক্ষে বিগত ডেৰ দশক ধৰি আন্দোলন কৰিছিল চিনেটৰ সদস্য আৰু পৰিৱেশবিদসকলে। তেওঁলোকৰ দাবী আছিল—মৃতদেহৰ সৎকাৰ, অৰ্থাৎ কবৰ দিয়াৰ পদ্ধতি সলনি কৰিব লাগিব পৰিৱেশৰ স্বাৰ্থত।
এই পদ্ধতিক পোনপ্ৰথমবাৰৰ বাবে ‘স্বাগতম’ জনাইছিল হলিউদৰ অভিনেতা লুক পেৰিয়ে। তেওঁৰ অন্তিম ইচ্ছা আছিল—তেওঁৰ মৃতদেহটোক যেন পৰিৱেশ-বান্ধৱ পদ্ধতিৰে কবৰ দিয়া হয়। অভিনেতা পেৰিক আমেৰিকাৰ ইতিহাসত সৰ্বপ্ৰথমবাৰৰ বাবে জৈৱ পদ্ধতিৰ মাধ্যমেৰে কবৰ দিয়া হৈছিল। সেই পদ্ধতিক ‘মাশ্বৰুম চ্যুইট’ বুলি কোৱা হয়। ‘জে-ৰাইজ-মিল’ নামৰ এগৰাকী পৰিৱেশবিদে পেৰিৰ শেষকৃত্যৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল।
ইংলেণ্ড আৰু ছুইডেনত পৰিৱেশ-বান্ধৱ পদ্ধতিৰে মানৱ-দেহৰ সৎকাৰ কৰা কাৰ্য ইতিমধ্যে আৰম্ভ হৈ গৈছে। এই পদ্ধতি অনুসৰি, সৎকাৰ কৰিলে মৃতদেহক কফিনৰ মাজত ৰখা নহয়, বৰং মাটি খান্দি গাঁতত প্ৰত্যক্ষভাৱে মাটিৰ স্পৰ্শ হোৱাকৈ ‘শুৱাই’ দিয়া হয়।
কিন্তু আমেৰিকানসকলে মৃতদেহক মাটিৰ সৈতে প্ৰত্যক্ষ সংযোগ হোৱাকৈ শেষকৃত্য কৰিবলৈ নাৰাজ হোৱাৰ পটভূমিত ‘ৰাইজ মিলে’ প্ৰথমতে এক ছয়কোণ বিশিষ্ট ইস্পাতৰ কফিন তৈয়াৰ কৰি তাৰে ভিতৰত কাঠৰ গুড়ি, খেৰৰ টুকুৰা, মাটি ভৰাই মৃতদেহক শয়ন কৰাইছিল আৰু সেই সামগ্ৰীসমূহে মৃতদেহ দ্ৰুতভাৱে পচন হোৱাত সহায় কৰিছিল।
সম্প্ৰতি আমেৰিকাত যি নতুন সৎকাৰ আইন প্ৰৱর্তন কৰা হ’ল, সেইমতে ঘোষণা কৰা হৈছে যে পৰিৱেশ-বান্ধৱ পদ্ধতিৰে কবৰ দিয়াৰ সময়ত প্ৰশাসনৰ তৰফৰপৰা সকলো ধৰণে সাহায্য কৰা হ’ব। পৰিৱেশবিদসকলে ধাৰণা কৰিছে যে এনে পদ্ধতিৰে মৃতদেহ সৎকাৰ কৰিলে কোনো ধৰণৰ দূষিত গেছ বায়ুৰ সৈতে মিহলি হ’ব নোৱাৰিব। ফলস্বৰূপে পৰিৱেশৰ ক্ষতিৰ সম্ভাৱনা একেবাৰেই হ্ৰাস পাব। তদুপৰি কোৱা হৈছে যে মৃতকৰ আত্মীয়সকলে সেই ‘জৈৱ-সাৰ’বিশিষ্ট মাটি ব্যৱহাৰ কৰি নিজৰ নিজৰ উদ্যানৰ ফুলৰ শ্ৰীবৃদ্ধি কৰিব পাৰিব আৰু তাৰ ফলত মৃত ব্যক্তিয়ে নিজৰ পৰিয়ালৰ বাবে ‘চিৰ অমৰত্ব’ লাভ কৰিব পাৰিব। ৱাশ্বিংটন ৰাজ্যৰ গৱৰ্নৰ ‘জে-ইনশ্লে’ মহোদয়ে মৃতদেহ সৎকাৰ সংশোধিত বিলত স্বাক্ষৰ কৰাৰ পিছত ই আইনত পৰিণত হ’ল। দীৰ্ঘদিন ধৰি সৎকাৰ সংশোধিত বিলৰ বাবে আন্দোলন কৰিছিল চিনেটৰ সদস্য ‘ক্যাটৰিনা স্পাৰ্ড’-এ। তেওঁ যিমানবাৰেই এই বিলৰ পক্ষে প্ৰশ্ন উত্থাপন কৰিছিল, সিমানবাৰেই পৰিৱেশ ৰক্ষাৰ বিষয়টোক সন্মুখলৈ লৈ আহিছিল আৰু কবৰৰ স্থানাভাৱৰ প্ৰশ্নকো সমানেই গুৰুত্ব দিছিল। প্ৰত্যেকবাৰেই তেওঁ ছুইডেনৰ সৎকাৰ আইন সংস্কাৰৰ বিষয়টোকো নিজৰ বক্তব্যৰ সৈতে শক্তিশালীভাৱে উত্থাপন কৰিছিল। গৱৰ্নৰে বিলখনত স্বাক্ষৰ কৰি উঠি কৈছে যে—‘মই আশা কৰো, পৰিৱেশ-বান্ধৱ সমাধি পদ্ধতি ক্ৰমশঃ জনপ্ৰিয় হৈ উঠিব, কাৰণ আমেৰিকাৰ নাগৰিকসকলে পৰিৱেশ ৰক্ষা কিদৰে কৰিব লাগে—ভালদৰেই জানে।’