-ডা° সুকৃতি চৌধুৰী |
শ্ৰদ্ধাৰ অভিভাৱক আৰু অভিভাৱিকা সকল, নমস্কাৰ ।
আজি শিশু সকলক ডাঙৰ কৰাৰ কেইটামান সোণসেৰীয়া নিয়ম /”Golden Rule” আপোনালোকক কৈ শুনাব খুজিছো৷ পঢ়ি ভাল পালে মাত দিব৷ বিৰোধাভাস থাকিলেও জনাব যাতে বিষয়টো মই আপোনাৰ আগত আৰু স্পষ্ট কৰিব পাৰো—–
নিয়ম-১: শিশুয়ে যেতিয়াই যি বিচাৰে তাকেই তৎক্ষণাত হাতত তুলি নিদিব৷ এনে কৰিলে শিশু ক্ৰমান্বয়ে জেদী হৈ উঠি সি বিচৰা বস্তুটো পাবই লাগিব বুলি ভাবিবলৈ লয়৷ এই মানসিকতা ডাঙৰ হোৱালৈকে ৰৈ যাব পাৰে আৰু যোগ্যতা নাথাকিলেও গাৰ বলেৰে বিচৰা বস্তু কাঢ়ি ল’বলৈ গৈ অঘটল কৰে৷
নিয়ম-২: শিশুয়ে যদি কাৰোবাক ঠাট্টা কৰি বা জোকাই কিবা কৈছে আপুনি নাহাঁহিব৷ হাহিঁলে শিশুটোৱে ভাবিবলৈ লয় যে কাৰোবাক ঠাট্টা কৰা বা যা তা কৈ জোকোৱাটো আমোদজনক কাম৷
নিয়ম-৩: শিশুয়ে কাৰোবাক বেয়া ব্যৱহাৰ কৰিলে, খং ৰাগ দেখুৱালে তৎক্ষণাত শাসন কৰক৷ অন্যথা সি/তাই এই ভাবিয়েই ডাঙৰ হ’ব যে সমাজত আচাৰ-আচৰন বুলি একো কথা নাই৷
নিয়ম-৪: বহুতো মাকক দেখিছো শিশুটোৰ স্কুলৰ বেগ দাঙি দাঙি স্কুলত থয়গৈ৷ শিশুটোক যেন একোৱেই দাঙিবলৈ বা কৰিবলৈ নিদিব৷ অসমীয়াত যে কয়–“মুৰত থ’লে ওকণিয়ে খায় আৰু মাটিত থ’লে পৰুৱাই খায়” __এনে নকৰিব৷ এয়া বিৰাট ভুল৷ কাৰণ এনে কৰিলি শিশুয়ে এই বুলি ভাবিবলৈ লয় যে তাৰ কোনো দায়িত্ব নাই আৰু তাৰ হৈ দায়িত্ব বেলেগে লোৱা উচিত৷
নিয়ম-৫: টিভিৰ সন্মুখত বহি শিশুক ডাঙৰৰ সৈতে সমানে সমানে সকলো প্ৰোগ্ৰাম চাবলৈ নিদিব৷ এনে কৰিলে শিশুয়ে ডাঙৰ-সৰুৰ পাৰ্থক্য নুবুজা হয়৷
নিয়ম-৬: শিশুক বিচাৰিলে বুলিয়েই হাত খৰচৰ টকা বহুত বেছিকৈ নিদিব৷ বিচৰাতকৈ কমায়েই দিব৷বিচৰাৰ লগে লগেই নিদিব৷ কাৰণ এনে নকৰিলে শিশুয়ে টকাৰ মূল্য নুবুজিব আৰু ডাঙৰ হৈ ইজি-মানিৰ প্ৰতি আসক্ত হ’ব৷
নিয়ম-৭: প্ৰতিবেশী আৰু স্কুলৰ লগ-বন্ধুবোৰৰ সৈতে কাজিয়া কৰিলে বুলিয়েই অন্ধভাৱে সদায় নিজৰ শিশুৰ পক্ষকে নল’ব৷ দুয়োপক্ষৰ কথা শুনক৷ যাচাই কৰি চাওক৷ আপুনি যদি আপোনাৰ সন্তানৰ ভুলবোৰ ঢাকি ৰাখি দোষ থাকিলেও সদায় তাৰহে পক্ষ লয়, তেনেহ’লে জানি থওক যে সি এইবুলি ভাবিয়েই ডাঙৰ হ’ব যে সি যি মন যায় দোষ কৰিব পাৰে৷ তাকটো আপুনি উদ্ধাৰ কৰিবই৷ এই মানসিকতা লৈ ফুৰাই সন্তানটোৰ মাজত অপৰাধ প্ৰৱণতা বঢ়াই তুলিব৷ তাক জানো পুলিচ থানাৰ লক আপ ৰূমত বা জেলৰ চেল এটাত চাবলৈ ভাল পাব কওক৷
নিয়ম-৮: ধৰ্মস্থান, সামাজিক অনুষ্ঠান, যেনে-বিয়া /শ্ৰাদ্ধ আদি সকলোলৈ আপোনাৰ সন্তানক লৈহে যাব৷ এইবোৰৰ পৰা শিশুয়ে সামাজিক আচাৰ-আচৰন শিকে৷ আপোনালোক দুজনে যে বিয়াৰ থিক পিছতে আকলে অকলে বিয়া-পাৰ্টি আদিত গৈছিল এতিয়া তাকে মনত পেলাই শিশুক ঘৰত তলাবন্ধ কৰি থৈ –“মই এটি মুকলি পখী” গাবলৈ নাযাব৷ এনে কৰিলে শিশুৰ মনত বিৰাট বেয়া প্ৰভাৱ পৰে৷ সি/তাই ইগনৌৰ ফিল কৰে৷
শেষত অলপ হাঁহি—-
কণমানি ল’ৰা আৰু ল’ৰাৰ দেউতাকক ঘৰতে এৰি কিবা কথাত ঠেহ-পেচ পাতি মানুহজনী ওচৰতে থকা মাকৰ ঘৰলৈ গ’ল৷ পিছে সিদিনা চুবুৰিত এখন বিয়া আছিল৷ দেউতাকেও পুতেকক লৈ অকলেই বিয়া খাবলৈ গ’ল৷ পিছে বিয়া ঘৰত কনমাণি ল’ৰাটোৰ প্ৰস্ৰাৱ কৰিব লগাত দেউতাকক সকলোৰে আগতেই “দেউতা মোৰ জোৰেৰে চি লাগিছে” বুলি দিলে নহয় কৈ৷ দেউতাক অপ্ৰস্তুত হ’ল৷ তাক “চি” কৰাবলৈ নি শিকালে—“বাবু আজিৰ পৰা তোমাৰ প্ৰস্ৰাৱ লাগিলে ক’বা যে –“দেউতা মই গান গাম🤣৷” গ’ল কথা গুচিল বিয়া খাই আহি ৰাতি বাপেক-পুতেক শুই আছে৷ পিছে মাজৰাতি পুতেকৰ আকৌ প্ৰস্ৰাৱ কৰিব লগাত দেউতাকক ক’বলৈ ধৰিলে–“দেউতা মই গান গাম” ৷ ইপিনে টোপনি জালত দেউতাকেও পাহৰিলে এই কথাটোৰ অৰ্থ আৰু ধমকি দিলে বোলে ’এই মাজৰাতি তই আৰু কিহৰ গান গাৱ হা? চুপ মাৰি শুই থাক”___পুতেকো নাচোৰবান্দা —“দেউতা মই বিৰাট জোৰেৰে গান গাম”____উপায় নাপায় দেউতাকে ক’লে –“মোৰ কানৰ কাষতে লাহেকৈ গাই দে৷ ৰাতিখন বেছিকৈ নিচিঞৰিবি”_____পুতেকে দেউতাকৰ কানৰ কাষত গানটো গোৱাৰ পিছত কি হ’ল নুসুধিব🤣
সদায় হাঁহি থাকক…..