–তনয় চক্ৰৱৰ্তী |
চাও পাওলোৰ পৰা প্ৰাপ্ত বাতৰি অনুসৰি সাপৰ বিষৰ পৰা ঔষধ তৈয়াৰ কৰি কৰ’নাক প্ৰতিৰোধ কৰিব পৰা যাব বুলি বিজ্ঞানীসকলে আশা কৰিছে। এই কথা প্ৰায় সকলোৰে জ্ঞাত যে সাপৰ বিষৰ পৰা তৈয়াৰ কৰা ঔষধেৰে জটিল ৰোগৰ চিকিৎসা কৰা হয় আৰু এনে প্ৰচেষ্টা বিশ্বজুৰি চলি আহিছে। তেনে এক গৱেষণাত ব্ৰতী হৈছিল ব্ৰাজিলৰ চাও পাওলো বিশ্ববিদ্যালয়ৰ কেইজনমান গৱেষক আৰু তেওঁলোকৰ গৱেষণাৰ ফলত এয়া প্ৰাপ্ত হৈছে যে সাপৰ বিষত থকা একপ্ৰকাৰৰ জৈৱ উপাদানে প্ৰাণীকোষত কৰ’না সংক্ৰমণ ৰোধ কৰিব পাৰে।
ব্ৰাজিলৰ এক বিশেষ প্ৰজাতিৰ সাপৰ বিষক লৈ বান্দৰৰ কোষত পৰীক্ষামূলকভাবে প্ৰয়োগ কৰা হৈছিল। পৰীক্ষাত দেখা গৈছিল যে প্ৰাণী কোষত কৰোনা ভাইৰাছৰ দ্ৰুত প্ৰসাৰ লাভৰ প্ৰৱণতা বহুগুণে হ্ৰাস কৰিবলৈ সক্ষম হৈছে বিশেষ প্ৰজাতিৰ সাপৰ বিষৰ উপাদানেৰে। প্ৰাণী কোষত কৰোনা ভাইৰাছ প্ৰৱেশ কৰাৰ পিছত ভাইৰাছে দ্ৰুতগতিত নিজৰ সংক্ৰমণ বৃদ্ধি কৰে যদিও এই বিশেষ সাপৰ বিষত থকা উপাদানে সংক্ৰমণ বৃদ্ধিৰ মাত্ৰা ৭৫% কমাব পাৰে বুলি দাবী কৰিছে ব্ৰাজিলৰ গৱেষক সকলে।
যি সাপক লৈ ইমান আলোচনা, সেই সাপৰ নাম হ’ল ‘ জাৰাৰাকুচ্ পিট ভাইপাৰ’। এই সাপৰ দৈৰ্ঘ্য কমেও ৬ ফুট হয়। ব্ৰাজিল আৰু দক্ষিণ আমেৰিকাত এই প্ৰজাতিৰ সাপ পোৱা যায়। এই সাপ মাৰাত্মক বিষধৰ। এই সাপৰ বিষৰ এক অণু-উপাদানে কৰোনা ভাইৰাছৰ গুৰুত্বপূৰ্ণ স্পাইক প্ৰোটিনক অকামিলা কৰিব পাৰে বুলি গৱেষণাত দাবী কৰা হৈছে। ইয়াকে লৈ এতিয়া আন্তৰ্জাতিক মহলত আলোচনা চলিছে। এই সম্পৰ্কে চাও পাওলোৰ গৱেষক ৰাফাল গুইডোই জনাইছে যে ‘এই কৌতুহল যে আমাৰ মনলৈ অআ নাছি, তেনে নহয়; সকলোৱে যেতিয়া জানিব পাৰিব যে এই প্ৰজাতিৰ সাপৰ পৰা কৰোনা-মুক্তি সম্ভৱ, তেতিয়া সকলোৱেই এই প্ৰজাতিৰ সাপৰ সন্ধান আৰম্ভ কৰিব, সেয়া স্বাভাৱিক। ইয়াত একো অন্যায় নাই। কাৰণ পৃথিৱীৰ বুকুত টিকি থাকিব লাগিব। কিন্তু মনত ৰাখিব লাগিব যে কামটো সিমান সহজ নহয়।’
ইয়াৰ বিশদ ব্যাখ্যা ডাঙি ধৰিছে ৰাফালৰ সৈতে গৱেষণা কৰা বিজ্ঞানী জুচেপি পুওতোৰ-এ। তেওঁ কৈছে যে সাপৰ বিষেৰে কৰোনা নিৰাময় সম্ভৱ নহয়, কিন্তু জাৰাৰাকুচ্ পিট ভাইপাৰৰ বিষত থকা এমিনো এচিডত এক শৃঙ্খল আছে আৰু সেই শ্ঙ্খলেই কৰোনা ভাইৰাছত থকা এক ধৰণৰ এনজাইমৰ সৈতে নিজকে সম্পৃক্ত কৰে। সেই এনজাইমৰ নাম পিএলপ্ৰো। এই এনজাইমে প্ৰাণীকোষৰ ভিতৰত কৰোনা ভাইৰাছৰ বৃদ্ধিত সহায় কৰে। এমিনো এচিডৰ শৃঙ্খলেই পাৰে এই বৃদ্ধিক বাধা দিবলৈ আৰু শ্ঙ্খলক অকাযিলা কৰিবলৈ।
কিন্তু এতিয়াও বহু দূৰ যাবলৈ বাকী। এই বিষৰ অণু উপাদান কিমান পৰিমাণে প্ৰয়োগ কৰিব পৰা যাব, কিমান প্ৰয়োগ কৰিলে শৰীৰৰ ক্ষতি নহ’ব – সেইবোৰক লৈ এতিয়াও বহু বিষয় পোহৰলৈ আহিবলৈ আছে।কাৰণ মানৱ দেহত এতিয়াও পৰীক্ষা কৰা হোৱা নাই। দেখা যাওক, গৱেষণা সফল হয় নে নহয়!