-কাবেৰী গোস্বামী |
পৰাৰ ভয়ৰ পৰা নিজক তুলি ধৰাৰ সাহসৰ প্ৰয়াসেই জীৱন… (Life is an attempt to dare lift the fear of falling) :
কেইদিনমান পূৰ্বে ইৰম হক পৰিচালিত আৰু আদিল হুচেইন অভিনীত “What Will People Say” শীৰ্ষক ছবিখন চালো৷ শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতাকে ধৰি কেইবাটাও শিতানত নৰৱেৰ নেচনেল মুভী এৱাৰ্ড “এমাণ্ডা এৱাৰ্ড” লাভ কৰি তথা অস্কাৰৰ অফিচিয়েল এণ্ট্ৰীৰে ছবিখনে যথেষ্ট চৰ্চাও লাভ কৰা দেখা গৈছিল৷ প্ৰকৃততে পৰিচালনা, অভিনয় আদি প্ৰায় সকলো দিশৰে বলিষ্ঠ ছবিখনৰ এয়া প্ৰাপ্য যদিও ছবিখনৰ কাহিনীৰ কথাহে ইয়াত প্ৰসংগক্ৰমে ক’বলৈ লোৱা হৈছে৷
প্ৰায় ষোল্ল বছৰীয়া নিশা নৰৱে নিবাসী এটি প্ৰবাসী পাকিস্তানী পৰিয়ালৰ জীয়ৰী৷ কিশোৰী নিশাৰ জীৱনটো পিছে দুটা ধৰণৰে চলে৷ নিজৰ সমনীয়া/ বন্ধুবৰ্গৰ লগত ঘৰৰ বাহিৰত থকা সময়ত মুকলিমূৰীয়াকৈ এগৰাকী সৰ্বসাধাৰণ নৰৱেৱান কিশোৰীৰ দৰে চলাৰ বিপৰীতে ঘৰুৱা পৰিবেশত কিন্তু নিশাই এটা ৰক্ষণশীল/ সংস্কাৰী পাকিস্তানী পৰিয়ালৰ জীয়ৰি হিচাপে কটাব লগা হয়৷ য’ত যুক্তি বা উচিত – অনুচিততকৈও মানুহে কি ক’ব, সমাজে কি ক’ব আদিৰ প্ৰতিহে সততে গুৰুত্ব দিয়া হয়৷ এনে পৰিস্থিতিৰ মাজতেই যেতিয়া দেউতাকে নিশাক এদিন তাইৰ সংগীৰ (Boyfriend) ৰ সৈতে তাইৰ কোঠাত কথা পাতি থকা অৱস্থাত পায়, সেই সময়ত তেওঁৰ সন্দেহ আৰু খঙৰ প্ৰতিক্ৰিয়া নিশাৰ দুতৰপীয়া জীৱনটোৰ বাবে ভীষণ হৈ পৰে৷ পিতৃয়ে নিশাৰ এনে আচৰণক চাৰিত্ৰিক স্খলন হিচাপে ভাবি এনে ঘটনাই তেওঁৰ পৰিয়ালত কেনে প্ৰভাৱ পেলাব আৰু সমাজে কি ক’ব ইত্যাদি চিন্তাত পৰি তাৎক্ষণিক উপায় হিচাপে নিশাক নৰৱেৰ পৰা আঁতৰাই তেওঁলোকৰ পাকিস্তানৰ এখন সৰু চহৰত থকা যৌথ পৰিয়ালটোত থাকিবলৈ এৰি আহেগৈ, য’ত নিশা পূৰ্বৰ সকলো স্বাধীনতা হেৰুৱাই গোড়া পৰম্পৰা, কেৱল ঘৰুৱা কাম আৰু মানসিক উৎপীড়নৰ মাজতে আবদ্ধ হৈ পৰে৷ এটা সম্পূৰ্ণ বেলেগ পৰিবেশত আকস্মিকভাৱে পৰি নিশা মানসিকভাৱে বিধ্বস্ত হৈ পৰে আৰু এনে অৱস্থাতে কিশোৰী নিশাই আকৌ এবাৰ ভুল কৰিবলৈ ওলাই আন এক বিপদত পৰি পাকিস্তানৰ ঘৰৰ পৰা অপদস্থ হৈ আকৌ নৰৱেলৈ ঘূৰি আহিব লগা হয় আৰু ইয়াতো নিজৰ পৰিয়ালৰ পৰা অলপো মানসিক support পোৱাৰ বিপৰীতে কঠোৰতাৰ মাজত পৰি দিশহাৰা আৰু বেপৰোৱা হৈ পৰে৷ কাহিনীটো চমুকৈ ইমানেই আছিল৷
আমাৰ ঘৰৰ ডাঙৰ গোহালি ঘৰটোৰ সোঁমাজতে এখন ঝুলনা আছিল, সৰুতে চুবুৰিটোৰ সমনীয়া আটাইবোৰে আহি তাতে খেলো৷ আগলৈ পিছলৈ দুয়োফালে ঝুলি ইটোৰ পাছত আনটো পাল পাতি ফুৰ্তিৰে ঝুলনা খেলি থাকোঁ৷ অলপতে এদিন বহুদিনৰ পাছত ঝুলনাত উঠি জোৰেৰে ঝুলিব লওঁতেই অনভ্যস্ততাত মূৰটো সামান্য ঘূৰায় আৰু পৰি যাম যেন লাগিল, সেয়ে ভয়তে আঁতৰি আহিলো৷ এই যে পৰাৰ ভয়টো, fear of falling, যাক Basophobia বুলিও কোৱা হয়, বহুক্ষেত্ৰত অমূলক হ’লেও এনে ভয় অস্বাভাৱিক নহয় আৰু মানুহৰ লগতে আন স্তন্যপায়ী জীৱৰ ক্ষেত্ৰতো এয়া দেখা যায়৷ কেতিয়াবা আমি সপোনতো বহুত ওপৰৰ পৰা সৰি পৰা দেখোঁ আৰু ত্ৰাসিত হওঁ৷ আমাৰ বহুতৰে ওখৰ পৰা তললৈ চাবলৈ ভয় লাগে বা ওপৰলৈ উঠিবলৈও ভয় কৰোঁ৷ অৱশ্যে উচ্চতালৈ ভয় (Acrophobia) আৰু Basophobia একে নহয়, কিন্তু নতুনকৈ খোজ দিবলৈ শিকা শিশু অথবা বয়সে দুৰ্বল কৰা প্ৰৌঢ়জনৰ মাজত fear of falling সততে ক্ৰিয়া কৰা দেখা যায়৷ কিন্তু মানসিকভাৱে সৰি পৰাৰ ভয়টো..!
“পৃথিৱীৰ প্রতিজন মানুহেই কিজানি কোনো কোনো মুহূর্তত দূর্বল, কোনো কোনো মুহূর্তত
দোষী…৷” (‘অনুৰাধাৰ দেশ’)
ক’ৰবাত পাইছিলো যে শ্রেণীত প্রথম হোৱাজন সদায়েই চিন্তাত থাকিব লগা হয়, পিছৰবাৰ কিজানি তেওঁ দ্বিতীয় হ’ব লগা হয়! একেদৰেই ভাল মানুহৰ ইমেজৰে পৰিয়াল পৰিচিতৰ মাজত পৰিচয় থকাজনকো কিজানি সদায়েই এটা ভয় বা চিন্তাই আমনি কৰি থাকে ক’ৰবাত যদি কেনেবাকৈ মানুহবোৰৰ তেওঁৰ ওপৰত থকা বিশ্বাস ভঙ্গ হয়, তেওঁৰদ্বাৰা যদি কিবা ভুল হৈ যায়! কাৰণ তেনেজনক অহৰহ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সোঁৱৰাই অথবা সকীয়নি দি অহা হয় যে তেওঁৰ ওপৰত থকা আনৰ বিশ্বাস যেন ভংগ নহয়৷ এনে সকীয়নিত কেতিয়াবা অতিষ্ঠ হৈ “ভাল মানুহ” ৰ সেই মোহৰটো তেওঁৰ বাবে বুমেৰাঙস্বৰূপ হৈ পৰে আৰু সুযোগ পালেই তেনে কোনোবাজন কেতিয়াবা বেপৰোৱাহ হৈও উঠিব পাৰে৷ আছলতে যি হ’লেও মানুহ দেৱতা নহয়, মানুহৰ জানি শুনি বা অজানিতে হ’লেও কেতিয়াবা ভুল হ’বই আৰু এনে হোৱাৰ পাছত ব্যক্তিজনে যি বিবেক দংশন বা অপৰাধবোধত ভূগিব লগা হয় তাৰ যন্ত্রণা বৰ তীব্র হয়৷ এই Fear of falling বা নিজৰ দৃষ্টিতে তললৈ যোৱাৰ ভয়টো আৰু সৰুকৈ হ’লেও কৰি যোৱা সাধাৰণ ভুলৰ অসহ্য অপৰাধবোধৰ পৰা সেই চাম মানুহে মুক্তি বিচাৰিও কেতিয়াবা হাবাথুৰি খায়৷
এনেক্ষেত্ৰত প্ৰথমেই প্ৰয়োজন নিজে জানি বা অজানিতে কৰা ভুলৰ বাবে অনুশোচনাৰ, কিন্তু অাত্ম দগ্ধ হৈ নিজকে চৰম পন্থালৈ লৈ যোৱাটো কাপুৰুশালিহে। কাৰণ আনবাৰৰ দৰে সেইবাৰো প্ৰথম হ’বনে নাই সেয়া আনক অনিষ্ট নকৰা এক আত্মভীতি আৰু সেয়ে ইয়াক দুৰ্বলতা বুলিও ধৰিব পাৰি৷ কিন্তু আনৰ অনিষ্ট হোৱা কাম কৰাতোহে ভুল৷ এনেক্ষেত্ৰত অনুশোচনাৰ লগতে পীড়িতজনৰ লগত হোৱা বুজা বুজিয়েই উভয়পক্ষৰ যাতনা উপশম কৰাৰ আশা কৰিব পাৰি৷ আনহাতে আমিবোৰ আনৰ দৃষ্টিতহে ভাল-বেয়া৷ আত্ম পক্ষত কৰা যিকোনো কামেই সাধাৰণতে ভাল বুলিয়েই ধৰোঁ যদিও মন আৰু মগজুৰ অন্তৰ্দ্বন্দ্বত আমি নিৰপেক্ষ হ’ব পাৰিলেই নিজৰ প্ৰতি সৎ হ’ম, আৰু নিজৰ সততাত আনৰ অযুক্তিকৰ সন্দেহ আৰু মন্তব্যক গুৰুত্ব দিয়া মানে নিজৰ প্ৰতি অন্যায় কৰা৷ আমি প্ৰত্যেকেই নিজক ভালকৈ জানো, তেনেক্ষেত্ৰত সজ্ঞান হৈ কৰা আমাৰ যি কোনো কৃতকৰ্মৰ বাবে আমি নিজে জগৰীয়া, আৰু সেইমতে ফল ভূগিবলৈ সাজু থকাতো আমাৰ সততা। কিছুমান মানুহ আনক লৈ বৰকৈ ব্যস্ত হ’ব পাৰে৷ ব্যক্তিগতভাৱে ভাবোঁ যে, মই মই হোৱাৰ বাবে যদি মোৰ কোনো সমস্যা নাই আৰু কাৰো কোনো ক্ষতি নহয়, তেনে মোৰ সমস্যাহীনতাক লৈ আনৰ কি সমস্যা? মুঠৰ ওপৰত আনৰ অপকাৰ নহলেই হয়, নিজেই নিজক ভাল পোৱাত বা গঢ় দিয়াত অসুবিধা কিহৰ!
মানুহ মাত্ৰেই ভুল হয়, সেয়া এটা মাত্ৰালৈ স্বাভাৱিক হ’লেও মানুহ ভুলৰ সমষ্টি হোৱাটো নিশ্চয়েই স্বাভাৱিক হ’ব নোৱাৰে৷ কিছুমানে নাভাবে, কিন্তু সংবেদনশীলজন মানসিক অন্তৰ্দ্বন্দ্বত ভোগে৷ কাৰণ তেনেজনে আনৰ পৰা যিহেতু বেয়া ব্যৱহাৰ সহ্য কৰিব নোৱাৰে, সেয়ে তেনেক্ষেত্ৰত তেওঁৰ আনৰ প্ৰতি আচৰণতো সাৱধান হয় আৰু কেতিয়াবা এনে কোনো ভুল হ’লে তেওঁৰ মনত অপৰাধবোধে ক্ৰিয়া কৰে আৰু এয়াও একধৰণৰ fear of falling. সামাজিক প্ৰাণী হিচাপে আমি বাহিৰৰ পৃথিৱীখনত এটা System ত চলিব লগা হয় আৰু ই নিয়ন্ত্ৰিত আৰু শৃংখলিত হোৱাটোৱে আমাক নিজকে আনৰ ওচৰত এটা ভাল image ৰ পৰিচিতি প্ৰদান কৰে৷ কিন্তু এই পৰিচিতি প্ৰতিখন সমাজ লৈ সুকীয়া সুকীয়া৷ উদাহৰণস্বৰূপে অপৰিচিতজনক হাঁহিমুখে উপযাচি মাত দিয়াটো উদাৰ সমাজ এখনত সৌজন্যবোধ যদিও, ৰক্ষণশীল সমাজ এখনত ই স্বভাৱগত চঞ্চলতা হিচাপেও গণ্য হ’ব পাৰে৷ কথাতে কোৱা হয়, দেশ লৈ ভেশ৷ এনেক্ষেত্ৰত ৰক্ষণশীল সমাজখনত সোঁতৰ বিপৰীতে চলাৰ প্ৰৱণতা আৰু সংস্কাৰৰ সাহসক what will people say (মানুহে/ সমাজে কি ক’ব?) ৰ ভয়টোৱো হৈছে fear of falling. অৰ্থাৎ আনৰ দৃষ্টিত সৰি পৰাৰ ভয়৷ আনহাতে আমাৰ মনোজগতত আমি স্বাধীন যদিও ইও এক systemত চলে আৰু এই system নিয়ন্ত্ৰণৰ বাহিৰলৈ গলেই আমি মানসিক অস্থিৰতাত ভোগো আৰু অতিমাত্ৰা অস্থিৰতাও একধৰণৰ মানসিক ৰোগৰ লক্ষণ৷ আমাৰ মনোজগতখন আমি দেখি, শুনি আৰু শিকি অহা কাৰকবোৰৰ ভিত্তিতে গঢ় লয় আৰু সেইমতেই আমি ভবা- চিন্তা কৰোঁ৷ মনৰ চিন্তাৰ চুনামিত নিজক বিধ্বস্ত হ’বলৈ এৰি দিয়াতকৈ আমি বিবেকৰ দ্বাৰা নিয়ন্ত্ৰিত হওঁ৷ মনৰ ইচ্ছা মতেই সকলো কৰাৰ আগতে বিবেকৰ যুক্তিৰে তাক যুকিয়াই চোৱাটোৱেই নিয়ন্ত্ৰিত মানসিক অৱস্থা বুলিব পাৰি৷ নিজৰ মন আৰু মগজুৰ মাজত সমতুলতাৰ প্ৰয়োজন৷ কিন্তু অহৰহ ভুল হোৱাৰ আশংকা আৰু তাক বাধা দিয়াৰ প্ৰৱণতাও একধৰণৰ fear of falling বা নিজৰ চকুতে সৰি পৰাৰ ভয়৷ যিকোনো ক্ষেত্ৰতে অতিমাত্ৰা ভীতিক প্ৰশ্ৰয় দিয়া উচিত নহয় আৰু সেয়ে fear of falling কো আমি নিজেই নিয়ন্ত্ৰণ কৰিব লাগিব৷ প্ৰকৃততে “Fear of falling in…” এই খালী ঠাই পূৰণৰ ওপৰতে সকলো নিৰ্ভৰ কৰে৷ হৈ যোৱাটো নোহোৱা কৰিব নোৱাৰি, কিন্তু য’ত ৰৈ আছো তাৰ পৰা নিজক শুধৰাই হ’বলৈ ওলোৱাটো সলনি হোৱাৰ আশা কৰিব নিশ্চয়েই পাৰি৷ মই কি আছিলোতকৈ নিজৰ সংশোধন কৰি পুনৰ গঢ় দিয়াকহে মানসিকতাৰ উত্তৰণ বুলিব পাৰি৷ সৰি পৰাৰ ভয়ক তুলি ধৰাৰ সাহস কৰাৰ প্ৰয়াসেই জীৱন৷ “What will people say” ক আমাৰ কাৰণে সমস্যা হ’বলৈ দিব নালাগে, কাৰণ ইয়েই fear of falling ৰ মূল কাৰণ৷ কিশোৰ কুমাৰৰ সেই চিৰ সেউজ গীতটোৰ কথাখিনিৰ দৰেই ক’ব পাৰি, “Kuchh to log kahenge, logon ka kaam hai kehnaa…”৷ ইতিবাচক মানসিকতাৰে সামাজিক জীৱন এটা যাপন কৰাৰ প্ৰণালীতেই সমাজখন বৰ্তি থাকে আৰু নিজক সুস্থিৰ কৰি ৰখাটো নিজৰ প্ৰতি আমাৰ দায়িত্ব৷