স্মৃতিৰ দলিচাত গৌহাটী
যুগান্ত বায়ন
![স্মৃতিৰ দলিচাত গৌহাটী 2 Juganta Bayan](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/07/Juganta-Bayan.jpg?resize=172%2C172&ssl=1)
ব্ৰিটিছে গুৱাহাটী দখল কৰিছিল ১৮২৪ চনৰ ২৮ মাৰ্চত। নেতৃত্ব দিছিল কৰ্ণেল মেকমেৰিনে। ব্ৰিটিছ সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিব নোৱাৰি গুৱাহাটী এৰি মান সেনা পলাই গৈছিল। তাৰ পাছত ব্ৰিটিছ সৈন্যই মান সেনাক খেদি নিছিল।
এইদৰে মান সৈন্যই ১৮২৫ চনৰ জানুৱাৰী মাহত ৰংপুৰ বা শিৱসাগৰ এৰিবলৈ বাধ্য হ’ল। বা সমগ্র ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰিটিছৰ দখললৈ আহিল।
তাৰ পাছত কি হ’ল?
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ কথা নিশ্চয় জানে।
তাৰ পাছত?
ব্ৰিটিছে অসমত প্ৰশাসনিক কাম কাজ আৰম্ভ কৰিলে। ইয়াৰ বাবে নিযুক্ত কৰিলে দুজনকৈ যুটীয়া আয়ুক্ত। ডেভিড স্কটক পশ্চিম বা নামনি অসমৰ দায়িত্ব আৰু লে: কৰ্ণেল ৰিচাৰ্ডচক উজনি অসমৰ দায়িত্ব।
ডেভিড স্কট নামনি অসমৰ দায়িত্বত থাকিলেও তেওঁৰ অধীনত গুৱাহাটীত এচিচষ্টেন্ট কমিচনাৰৰূপে নিযুক্ত কৰা হয় ৪৯ নং ৰেজিমেন্টৰ কেপ্টেইন আদম হোৱাইটক।
ডেভিড স্কট মানুহজন কেনেকুৱা আছিল?
Adam White এ A Memoir to Late David Scott’ ত লিখি থৈ গৈছে-
” Scott remembered as an efficient, zealous, able, intelligent public servent who had endeared the native population by his impartial dispensation of justice and his endeavours to promote their happiness and well beings. “
” Scott wanted justice to be cheap and the seat of judgment accessible to all, for his general principle was to establish a free communication between the government and the governed. His clutchery was all times crowded and there was a large box into which any petition could be thrown without payment of any fee. “
এইদৰেই ১৮২৬ চনৰ পৰা ১৮৭৪ চনলৈ গুৱাহাটীত ব্ৰিটিছ কমিচনাৰৰ ( অসমৰ) হেড কোৱাৰ্টাৰ হৈ থাকিল। তথাপিও ব্ৰিটিছে গুৱাহাটীত স্থায়ী কাৰ্যালয় স্থাপনত গুৰুত্ব নিদিলে।
কিয়?
![স্মৃতিৰ দলিচাত গৌহাটী 3 স্মৃতিৰ দলিচাত গৌহাটী](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/07/Guwahati-Railway-Station-in-Assam-in-1910.png?resize=563%2C376&ssl=1)
এই সন্দৰ্ভত গুৱাহাটী সদৰ ক’ৰ্টৰ জাজ A J Moffat Mills এ ১৮৫৩ চনত লিখিত তেখেতৰ ‘ Report on the Province of Assam ‘ নামৰ গ্ৰন্থ খনত স্পষ্ট ভাৱে উল্লেখ কৰিছে যে গুৱাহাটী খন আছিল অতি লেতেৰা আৰু অস্বাস্থ্যকৰ। চাৰিওফালে পাহাৰেৰে আগুৰা, জলাহ পিতনিৰে ভৰপূৰ এটা এলেকা। পানী ওলাই যোৱাৰ বিশেষ কোনো সুঁতি নাই। নলা-নৰ্দমাৰ কোনো ব্যৱস্থা নাই। চাৰিওফালে মহ-ডাঁহেৰে পৰিপূৰ্ণ, সঘন কলেৰা, মেলেৰীয়াত সঘন আক্রান্ত হ’ব লগা হয়।
তেওঁৰ মতে – there were filthy habits of the natives of Gowhatty.
ইয়াৰ পৰিবেশত তিষ্ঠিব নোৱাৰি তথা মেলেৰিয়া-ক’লাজ্বৰত আক্রান্ত হৈ ১৮৩৬ চনত বহু ব্ৰিটিছ সৈন্যই মৃত্যু মুখত পৰে।
তেনেদৰে জন মেক’চে ১৮৩৭ চনত তেখেতৰ গ্ৰন্থ ” Topography of Assam “তো গুৱাহাটীৰ বৰ্ণনা দি থৈ গৈছে।
তেখেতৰ মতে-” It is the most unhealthy station in Assam, Indeed the records of the hospital for many years past exhibit a rate of mortality surpassed by few stations in India. ” মেক’চেও গুৱাহাটীৰ হাবি জংগল আৰু জলাহ-পিটনিৰ কথা উল্লেখ কৰিছে। যাৰ পানী ওলাই যোৱাৰ কোনো ব্যবস্থা নাই, কলেৰা-মেলেৰিয়া আদি বেমাৰৰ বাহ। আনকি তেওঁ এই জলাহ-পিটনি সমূহত floating soil ৰ ব্যবস্থা কৰি তাৰ ওপৰত খেতি-বাতিৰ সম্ভাৱনীয়তাৰ কথাও উল্লেখ কৰিছে।
” The best practical remedy I could suggest to do away with the such a source of unhealthiness, would be to encourage the growth of floating soil all over the surface and keep it closely cropped so as to prevent the generation of malaria. “
![স্মৃতিৰ দলিচাত গৌহাটী 4 স্মৃতিৰ দলিচাত গৌহাটী](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/07/Dibrugarh-Railway-Station-in-Assam-in-1880s.png?resize=566%2C331&ssl=1)
অসম ৰাজ্যিক অভিলেখাগাৰত ( পুৰণি মহাফেজখানা) পঢ়িবলৈ পোৱা পুৰণি নথি অনুসৰি গুৱাহাটীক এটা গতি লগাবৰ Town Improvement Committe of Gowhattee গঠন কৰা হয়। এই টাউন ইম্প্ৰ’ভমেন্ট কমিটিৰ বাবে সেই সময়ৰ বেংগল চৰকাৰে ৩০০০ টকা অনুদান আগবঢ়ায়।টাউন ইম্প্ৰ’ভমেন্ট কমিটিয়ে ১৮৪৬ চনত কৰ নিৰ্ধাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। বিশেষকৈ বেহা বেপাৰ কৰা বা ফেৰীৱালা সকলৰ পৰা কৰ আৰোপত প্ৰস্তাৱ দিছিল।
দুবছৰৰ পাছত ১৮৪৮ চনত এই টাউন ইম্প্ৰ’ভমেন্ট কমিটিয়ে গুৱাহাটীত হাউচ টেক্স আৰম্ভ কৰিছিল যাৰ তীব্র বিৰোধ কৰা হয়। ১৮৫২ চনত কামৰূপৰ জিলা উপায়ুক্ত তথা টাউন কমিটিৰ চেয়াৰমেনৰূপে নিযুক্ত হয় মেজৰ এইচ ভেটচ্ছ।
বেংগল মিউনিচিপালিটি এক্ট ১৮৫০ ৰ অধীনত এই টাউন কমিটিক মিউনিচিপালিটি ব’ৰ্ডলৈ উন্নীত কৰাৰ বাবে ১১৩ জন গুৱাহাটীৰ বাসিন্দাই স্বাক্ষৰ সংগ্রহ কৰি দৰ্খাস্ত কৰাৰ বিষয়ে জনা যায়।
![স্মৃতিৰ দলিচাত গৌহাটী 5 স্মৃতিৰ দলিচাত গৌহাটী](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/07/kamakhya-temple-1948.png?resize=437%2C650&ssl=1)
টাউন কমিটিৰ মানৱ সম্পদ আৰু সংসাধনৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি প্রথম অৱস্থাত মান্তি নহ’লেও পৰৱৰ্তী সময়ত তেওঁ সেই আহ্বানক গুৰুত্ব দিয়ে।
এই দৰে ১৮৫৩ চনত বেংগল চৰকাৰে Municipality Board of Gowhattee গঠনত অনুমোদন জনায় তথা সেই মতেই গুৱাহাটী মিউনিচিপাল ব’ৰ্ড গঠন কৰা হয়। যাৰ চেয়াৰমেন ৰূপে নিযুক্ত হয় কেপ্টেইন ৰাওলাট আৰু অন্য দুজন ব্ৰিটিছ বিষয়া ক্ৰমে জেমচ হেৰিয়ট আৰু চি কে হাডচন কমিচনাৰৰূপে নিযুক্ত হয়।
চিভিলিয়ানৰ ফালৰ পৰা গৰ্গৰাম দাস আৰু কাফেয়াৎ উল্লাহ মুন্সি টাউন কমিটিত অন্তর্ভুক্ত হয়। আৰম্ভণিতে এই টাউন কমিটি বা মিউনিচিপালিটি ব’ৰ্ডে গুৱাহাটীৰ প্ৰতিঘৰ নাগৰিকৰ পৰা যাৰ মাহিলি ইনকাম ৫ টকা বা তাৰ ওপৰৰ, কৰ সংগ্রহৰ সিদ্ধান্ত লৈছিল।
কিন্তু এই সিদ্ধান্ত বিৰোধিতা কৰি অন্য ৫০জন ব্যক্তিয়ে দৰ্খাস্ত কৰিলে। তেওঁ লোকৰ মতে মিউনিচিপালিটি ব’ৰ্ড বিচৰা ১১৩জন ব্যক্তিয়ে গোটেই গুৱাহাটীবাসীক প্ৰতিনিধিত্ব নকৰে। অৱশ্যে তেওঁ লোকৰ আবেদন নামঞ্জুৰ কৰা হয়।
![স্মৃতিৰ দলিচাত গৌহাটী 6 স্মৃতিৰ দলিচাত গৌহাটী](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/07/Panbajar.png?resize=422%2C236&ssl=1)
এই মিউনিচিপাল ব’ৰ্ডে আৰম্ভণিতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুয়ো ঠাইকে সামৰি লৈছিল। অৱশ্যে ১৮৯২ চনত উত্তৰ গুৱাহাটীক বাদ দিয়া হয়। মাত্ৰ পাণবজাৰ, উজান বজাৰ, ফাঁচী বজাৰ আৰু পল্টন বজাৰক সামৰি ২.৯৫ বৰ্গকিলোমিটাৰ এলেকাৰ পৰিসৰক গুৱাহাটী মিউনিচিপাল ব’ৰ্ডে সামৰি লয়।
১৮৭৬ চনত গুৱাহাটী মিউনিচিপাল ব’ৰ্ড ক্লাচ ৱান কেটেগৰীলৈ উন্নীত হয়।
![স্মৃতিৰ দলিচাত গৌহাটী 7 স্মৃতিৰ দলিচাত গৌহাটী](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/07/sukleswar-temple-ghat-1880-1.png?resize=571%2C381&ssl=1)
গুৱাহাটী মিউনিচিপাল ব’ৰ্ডৰ আয় কিমান আছিল?
W W Hunter এ তেখেতৰ ১৮৯৭ চনৰ ” Statistical Accounts of Assam” গ্ৰন্থত লিখিছে-
” Gauhati is the only municipality town of the district ( Kamrup), in 1869-70 the municipal revenue amounted to £ 2,884,and the expenditure was the same. In 1871,the revenue was £ 2,364 and the expenditure £ 2, 245,incidence of municipal taxation 2.0.10 or 4 shilling 1¼ dime per head. “
সমাজ হিতৈষী তথা প্ৰথম অসমীয়া কমিচনাৰ/চেয়াৰমেন মানিক চন্দ্র বৰুৱা সহিতে গুৱাহাটী মিউনিচিপাল ব’ৰ্ডৰ বাকীখিনি ইতিহাস নিশ্চয় সকলোৰে জ্ঞাত।
![স্মৃতিৰ দলিচাত গৌহাটী 8 স্মৃতিৰ দলিচাত গৌহাটী](https://i0.wp.com/mahabahu.com/wp-content/uploads/2023/07/christ-church-before-1897-earthquake.png?resize=621%2C395&ssl=1)
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Images collected by the writer Juganta Bayan
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)