সৰাপাতৰ সাধু
ব্যস্ত হাইৱেটোৰ কাষতে কাৰখন পাৰ্ক কৰি সি তাইলৈ ফোন কৰিলে৷ তাই খৰকৈ পথটো পাৰ হ’ল, কাইলৈ নতুন বছৰৰ প্ৰথমটো দিন৷ সি কৈছিল এদিন এইবাৰ নিউ ইয়েৰত প্লেন এটা ৰাখিছো ৷ সি চাগে আজি তাইক আছৰিত কৰি দিব৷ এপাক ফুৰাইও আনিব চাগে! একাপ চাহ অথবা ফলৰ ৰস, হাতত ধৰি কথা পাতি পাতি অলপ খোজকঢ়া…
বহুদিনলৈ তাইক সজীৱ কৰি ৰাখিবলৈ এই মুহূৰ্তকেইটাই তাইৰ বাবে যথেষ্ট৷ তাৰ ওচৰ পালেই শিশু হৈ পৰে তাই, আদৰুৱা বহুত৷ কেইবাদিনৰ পাছত আজি তাৰ মাতষাৰ শুনাৰ লগতে লগো যে পাব৷ হ’ব, অভিমানে ওন্দোলাই থকা মুখখন তাক দেখিয়ে ফৰকাল হৈ গ’ল৷
“অ কছোন কিবা ক’ব লগা আছিল, মোৰ বৰ লৰালৰি৷ ভন্টি গাড়ীতে আছে৷ তাইকো লৈ যাওঁ৷ ৰাতিৰ আগতে ঘৰ পাবগৈ লাগে, এতিয়া বাৰই বাজে আৰু৷ দেৰীয়ে হৈছে৷” তাই থৰ হৈ ৰ’ল৷ এসময়ত তাইৰ বাবেই ঢপলিয়াই অহা মানুহটোৰ আজি দুদিন ইয়াতে থাকিও দেখা দেখি নাই৷ আৰু এতিয়া লগ পাইও সময় নাই৷ সি কিবা কৈ আছিল তাইৰ কাণত একোৱে সোমোৱা নাছিল, “ঠিক আছে যাওঁ দে”, সি কৈ উঠিল৷
তাই তাৰ বুকুত সোমাল, তাইৰ নিঃশব্দ কান্দোনৰ চকুপানীত তাৰ চাৰ্টটো সামান্য ভিজিল৷ সি বিৰক্তিৰে ক’লে, “চাওঁ কি কৰিছ মানুহ আছে, ভণ্টি আছে৷”
তাই বুজিলে সি বহুত সলনি হ’ল৷ প্ৰথমবাৰৰ বাবে কেনিও নোচোৱাকৈ ব্যস্ত পথটো তাই অকলেই পাৰ হ’ল…
[ Image: Pixabay.com]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.