বিশ্ব ফাৰ্মাচিষ্ট দিৱস
অঞ্জন জ্যোতি বৰা
বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ লগত সংগতি ৰাখি ফাৰমাচিষ্ট আৰু ফাৰ্মাচিউটিকেল বিজ্ঞান বিভাগৰ ওপৰত এটি নিৱন্ধ প্ৰষ্টুতিৰ নি:কিন প্ৰয়াস কৰিলোঁ Iপ্ৰায় সকলো সময়তেই ফাৰ্মাচিষ্ট প্ৰফেচনৰ উত্তৰোত্তৰ কাৰনে কাম কৰি অহাআৰু মোক লিখিৱলৈ প্ৰৰেণা দিয়া অগ্ৰজ ফাৰ্মাচিষ্ট শ্ৰদ্বাৰ শ্ৰীযুত চন্দ্ৰ ৰাজখোৱা দেৱৰ হাতত মোৰ লিখনি উপহাৰ দিলো I
ফাৰ্মাচিষ্টসকলৰ ভূমিকাক সন্মান প্ৰদৰ্শনৰ অৰ্থে প্ৰতি বছৰে ২৫ ছেপ্তেম্বৰৰ দিনটো বিশ্ব ফাৰ্মাচিষ্ট দিৱস হিচাপে পালন কৰা হয় ৷
বিশ্ব ফাৰ্মাচিষ্ট দিৱস ২০২২-ৰ বিষয়বস্তু হৈছে …‘‘এখন সুন্দৰ আৰু সু স্বাস্থ্যকৰ পৃথিবীৰ বাবে ফাৰ্মাচিষ্ট সকল একত্ৰিত হওঁক I ফাৰ্মাচিষ্টসকলৰ সমাজ আৰু ৰোগীৰ প্ৰতি থকা ভুমিকা আৰু অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ অৰ্থে এই দিৱস পালন কৰা হয় ৷ ‘‘ইণ্টাৰনেশ্যনেল ফাৰমাচিটিকেল ফেডৰেছন’’ নামৰ এটি অনুষ্ঠানে প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰিছিল ৷
বৰ্তমান সময়ত ফাৰ্মাচিষ্টসকলৰ অবিহনে এখন সুন্দৰ বিশ্বৰ কল্পনা কৰাটো সচাঁকৈ অসম্ভৱ ৷ আমি জীৱন পৰিক্ৰমাৰ যি কোনো সময়ত ফাৰ্মাচিষ্টৰ সহায় ল’বই লাগে ৷ অতি প্ৰাচীন কালৰে পৰা ভাৰতীয় ধৰ্মীয় গ্ৰন্থত অথৱা আধ্যাত্মিক কাহিনী সমূহতো যোগ বা চিকিৎসাৰ জ্ঞান উপলব্ধ আছিল ৷ সেইবাবেই ২৫ ছেপ্তেম্বৰৰ দিনটো চিকিৎসা বিজ্ঞানৰ লগত ওত: প্ৰোত: ভাৱে জড়িত থকা ফাৰ্মাচিষ্ট সকলৰ নামত উৎসৰ্গিত কৰা হৈছে ৷
বৰ্তমান আমাৰ সমাজ ব্যৱস্থাত জানি বা নাজানি আমি বহুলোকে ফাৰ্মাচিষ্টসকলৰ অৱদানক অৱহেলা কৰোঁ ৷ কিন্তু অতি প্ৰাচীন কালৰে পৰা বিভিন্ন মহামাৰী যেনে- গ্ৰহনী ,মেলেৰিয়া , পলিঅ’ আদিয়ে কাল ৰুপ ধাৰণ কৰাৰ লগতে বিশেষকৈ ‘‘কোৰোনা’’ ৰোগৰ সংক্ৰমনৰ এই দুটা বছৰত সকলোৱে বুজি পাইছে যে ফাৰমাচিটিকেল বিজ্ঞান বিভাগৰ অৱদান কি I সেয়েহে ফাৰমাচিটিকেল বিজ্ঞান শিক্ষাৰে শিক্ষিত প্ৰতিজন ব্যক্তিক সন্মানৰ পুৰস্কাৰ দিয়াটো সকলো সমাজ সচেতন ব্যক্তিৰ দ্বায়িত্ব আৰু কৰ্তব্য I
বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ লগত সংগতি ৰাখি আমাৰ মনৰ কিছু ব্যক্তিগত অনুভৱ প্ৰকাশৰ প্ৰয়াস কৰিলোঁ I
স্নেপশ্বট– ফাৰ্মাচিষ্টৰ অতীত বুৰঞ্জী বা শিপাৰ আত ধৰি I
সেই সময়ৰ কথা, তেতিয়া কোনো অভিজ্ঞ এম. বি. বি. এছ চিকিৎসক কিম্বা ফাৰ্মাচি বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তি নাছিল I তেতিয়া আছিল এল. এম . পি ‘‘প্ৰেকটিচনাৰ’’ আৰু আছিল তেখেতৰ সোৱে বাওেঁ থাকি সকলো সময়তে সহায়ৰ আগ বঢ়াবলৈ এজন বিশেষ ব্যক্তি I সেই বিশেষ ব্যক্তি জনৰ প্ৰধান কাম হ’ল চিকিৎসকৰ নিদান পত্ৰ মনযোগেৰে নিৰিক্ষণ কৰি নিদিষ্ট অনুপাতত ৰাসায়নিক দ্ৰব্যৰ ( জৈৱিক বা অজৈৱিক অনু পৰমানুৰ ) সঠিক মাত্ৰাত সংমিশ্ৰণ ঘটাই এটি ঔষধৰ প্ৰস্তুতি কৰা I
এই বিশেষ ব্যক্তি সকলৰ প্ৰধান কামেই হ’ল ঔষধ প্ৰস্তুত কৰি ৰোগীক যোগান ধৰা I আচলতে বৈজ্ঞানিক চিন্তাৰে অনুধাৱন কৰিলে সেই সময়ত তেওঁলোক আছিল একো একোজন কেমিষ্ট কিম্বা ৰোগীৰ ত্ৰাণকৰ্তা I তেওঁলোকক ক্ৰমে নামাংকৰণ কৰা হ’ল কম্পাউণ্ডাৰ হিছাপে আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত বেৰী হোৱাইচ স্কুলত বিটিছ প্ৰশাসনৰ তৰফৰ পৰা এবছৰীয়া পাঠ্যক্ৰমৰ সংযোজন ঘটাই তেখেত সকলক বিভিন্ন অনু পৰমাণু বা ৰাসায়নিক দ্ৰব্যৰ সংযোজনৰ ( কম্পাউণ্ডিঙৰ ) সম্পুৰ্ন শিক্ষা দি গঢ়ি তোলা হ’ল একো একো জন দক্ষ কম্পাউণ্ডাৰ হিচাপে I
সময় বোৰ এনেকৈয়ে আগবাঢ়িল ! ৰোগী , চিকিৎসক আৰু কম্পাউণ্ডিঙৰ বিশেষ জ্ঞান থকা ব্যক্তি সকলে ঔষধৰ লগতে সমাজত প্ৰাথমিক স্বাস্থ্য সেৱাত অগ্ৰণী ভূমিকা পালন কৰি নিজকে একো একোজন দক্ষ স্বাস্থ্য কৰ্মী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল I সময়ৰ তাগিদাত বেৰী হোৱাইট স্কুল খনক ফাৰমাচিটিকেল বিজ্ঞান বিভাগৰ এখনি শিক্ষানুষ্ঠানলৈ উন্নীত কৰি ১৯৬০ চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এখনি ফাৰ্মাচী শিক্ষানুষ্ঠানৰ জন্ম দিয়া হয় I ইয়াত দুবছৰীয়া শিক্ষা বৰ্ষৰে ফাৰ্মাচী শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ল আৰু তাৰ ফল স্বৰুপেই ফাৰ্মাচিষ্টৰ জন্ম হল I
ক্ৰমে ফাৰ্মাচী শিক্ষাই এটি নতুন দিগন্তৰ সুচনা কৰিবলৈ সক্ষম হৈছে আৰু ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ফাৰমাচিটিকেল বিজ্ঞান বিভাগত বিফাৰ্ম, এম ফাৰ্ম আৰু পি. এইছ . ডি ডিগ্ৰী অধ্যয়নৰ সুবিধা দিবলৈ সক্ষম হৈছে I আমি জনাত বিশ্বৰ প্ৰায় সাত খন দেশৰ ছাত্ৰ ছাত্ৰীয়ে ফাৰমাচিটিকেল বিজ্ঞান বিভাগৰ বিভিন্ন বিষয়ত ডক্টৰেট ডিগ্ৰীৰ বাবে অধ্যয়নত ব্যস্ত আছে I এই সুযোগতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফাৰমাচিটিকেল বিজ্ঞান বিভাগৰ ড° নাথ ছাৰ, ড° হেমন্ত শৰ্মা ছাৰ ,ড° চেতিয়া ছাৰ ,ড° জামান ছাৰ ,ড° বিভুতি ছাৰৰ নাম তো নোলোৱাকৈ নোৱাৰিলো ৷ কিয়নো এই ব্যক্তি সকলৰ নেৰা নেপেৰা চেষ্টা আৰু একাগ্ৰতাৰ বলতেই বিশ্ববিদ্যালয়ৰ ফাৰ্মাচী শিক্ষাই এক বিশ্বৰ ভিতৰতেই এখন উল্লেখ যোগ্য প্ৰতিষ্ঠান হিচাপে ঠিয় দিবলৈ সুযোগ পালে I উল্লেখ যোগ্য যে ড° নাথ ছাৰে ডি ফাৰ্ম সমাপ্ত কৰাৰ পিছত অসম চৰকাৰৰ স্বাস্থ্য বিভাগত ফাৰ্মাচিষ্ট হিচাপে কৰ্মত যোগদান কৰাৰ পিছত পৰ্যায়ক্ৰমে বি ফাৰ্ম ,এম ফাৰ্ম আৰু ডক্তৰেট ডিগ্ৰীৰে অলংকৃত হৈ ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ শীৰ্ষ পদত অধিষ্ঠিত হবলৈ যোগ্যতা অৰ্জন কৰিছিল I
স্নেপ পট
জয় জয়তেই বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ লগত সংগতি ৰাখি আমাৰ মনৰ কিছু অনুভৱ আৰু এই জীৱিকাৰ লগত প্ৰায় সুদীৰ্ঘঘ কুৰিটোৰো অধিক বছৰ জড়িত হৈ থকা মনৰ অনুভৱ আৰু অভিজ্ঞতা সমূহ ৰাইজৰ আগত অৱগত আৰু উপষ্ঠাপন কৰাৰ এক আশা মনত পুহি ৰাখিছিলোঁ I
আমাৰ অনুৰোধ,
পাঠক সমাজে ফাৰ্মাচী বৃত্তিটোক সন্মান জনাই ঔষধৰ ব্যৱহাৰ আৰু ক্ৰয়ৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব |
ফাৰ্মাচী বা ঔষধৰ বিপণিত আপোনাক চিকিৎসকৰ নিদান পত্ৰৰ আধাৰত বা নিদান পত্ৰ অৱিহনে ঔষধ বিলাই থকা মানুহজনৰ প্ৰাথমিক যোগ্যতা ফাৰমাচিটিকেল বিজ্ঞান বিভাগৰ ডিপ্লমা বা ডিগ্ৰী হয় নে নহয় সেই টো পৰীক্ষা কৰাটো বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় বিষয় I কিয়নো বৰ্তমান সময়ত নকল ঔষধ আৰু ভেজাল ফাৰ্মাচিষ্টে সমাজ খনক আগুৰি ধৰিছে I
প্ৰতি খন ফাৰ্মাচীৰ পৰ্দাৰ আঁৰৰ সেই বিশেষ ব্যক্তি জনৰ নাম হৈছে ৰেজিষ্ট্ৰাৰ ফাৰ্মাচিষ্ট I সেই বিশেষ ব্যক্তি জনৰ উপস্থিতিৰ ওপৰতেই নিৰ্ভৰ কৰি প্ৰদান কৰা হয় এখন ফাৰ্মাচী ৰ অনুজ্ঞা পত্ৰ ৷ আহঁক আমি সকলোৱেই এটি সুন্দৰ স্বাস্থ্যৰ প্ৰতি সদাই সজাগ আৰু সৰ্তক হৈ ঔষধ ক্ৰয়ৰ লগতে ঔষধ খোৱাৰ প্ৰয়োজনীয় নীতি নিয়ম মানি চলাৰ সিদ্ধান্ত লওঁ ৷ এজন অভিজ্ঞ ফাৰ্মাচিষ্টৰ উপস্থিতিত কাৰ্য্য সম্পাদন হোৱা এখন ফাৰ্মাচীৰ পৰা I
কিয়নো ঔষধৰ ব্যৱহাৰ সঠিক মাত্ৰাত আৰু ভালদৰে নহ’লে আমাৰ ধনৰ অপব্যৱহাৰৰ লগতে স্বাস্থ্যৰ ও ক্ষতি হোৱাতো ধুৰুপ I
“”ফাৰ্মাচিষ্ট হৈছে ঔষধৰ ওপৰত এশ শতাংশই সম্পূৰ্ণ জ্ঞান থকা এজন সুদক্ষ আৰু সমল ব্যক্তি ”
স্নেপ পট
সাৰাংশ : দেশৰ প্ৰতিজন সচেতন নাগৰিক আৰু বিভাগীয় বিষয়া সকলক কৰযোৰে নিবেদন কৰিছোঁ I ভেজাল ঔষধ আৰু ভেজাল ফাৰ্মাচিষ্টৰ চিনাক্তকৰণ প্ৰশাসন আৰু চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক I ইয়াৰ অন্যথা নিঘুণি মানুহবোৰ ঘুনিয়া হব’ ৷ দেশৰ যুব প্ৰজন্মৰ মাজত গা কৰি উঠা ড্ৰাগছ বা অন্য নিচাজাতীয় ঔষধ বোৰৰ বহুল প্ৰচলনৰ মুলতেই হল ভেজাল ফাৰ্মাচী I
চৰকাৰে প্ৰতিখন ঔষধৰ বিপনিত এজন অভিজ্ঞ ফাৰ্মাচিষ্টৰ উপষ্ঠিতিত ঔষধৰ বিতৰনৰ ব্যৱস্থা কৰক নহ’লে ঔষধত ব্যৱহাৰ হোৱা ধনৰ অপব্যৱহাৰৰ লগতে মানসিক আৰু শাৰিৰীক স্বাস্থ্যৰ অৱনতি ঘটি দেশৰ যুব প্ৰজন্ম পংগু হৈ পৰাটো খাটাং I কিয়নো আমি লক্ষ কৰিছো প্ৰায় ৭০ % ফাৰ্মাচী তেই ফাৰ্মাচিষ্টৰ উপস্থিতি শূন্য l বৰ্তমান চৰকাৰে ধনৰ লেন দেন কৰা (ঘোচ খোৰ বিষয়া কৰ্মচাৰী ) ব্যক্তিৰ ওপৰত নজৰ ৰাখি বিভিন্ন শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ই দেশৰ বাবে জাতিৰ বাবে সুভ লক্ষণ I আমি আশাবাদী চৰকাৰে ফাৰ্মাচীত ফাৰ্মাচিষ্টৰ অনুপষ্ঠিতত ঔষধ প্ৰচলনৰ প্ৰথা বন্ধ কৰিব আৰু দেশ ,জাতি আৰু মানৱ সম্পদৰ বাবে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহন কৰিব I
স্নেপশ্বট
ভাল লগা বেয়া লগা কিছুমান স্মৃতিৰে :
১)কেতিয়াবা বেয়া লাগে কাৰোবাৰ লগত চিনাকী হ’লে বা কথাৰ প্ৰসংগত আপুনি কি কৰে বুলি প্ৰশ্ন কৰিলে ? ফাৰ্মাচিষ্ট কৰোঁ বুলি কোৱাৰ লগে লগেই সেই একেটাই প্ৰশ্ন ফাৰ্মাচী ক’ত আছে ?
২)তেতিয়া মই ফাৰ্মাচিষ্টৰ শিক্ষা সমাপ্ত কৰিছোঁ মাত্ৰ I ওছৰৰে দাদা এজনে এজনক চিনাকী কৰি দিলে “”ভাইটি এওঁৰ ফাৰ্মাচী আছে ” I মই প্ৰতি নমস্কাৰ জনাই তেখেতৰ চিনাকী টো লৈ ক”ত ফাৰ্মাচিষ্ট পঢ়িছিল সুধিলোঁ ৷ তেখেতে ক’লে ডা: অজিত বৰা ছাৰে (চিকিৎসক ) আমাক পঢ়াইছিল ৷ তোমালোকে পাইছিলা নে ? মই হতবাক হ’লো আৰু বুজি পালোঁ তেখেতৰ ফাৰ্মাচী শিক্ষাৰ ওপৰত থকা জ্ঞানৰ পৰিধি I
3) বৰ্তমান সময়ত পাবত গঁজা ফাৰ্মাচী বোৰ দেখিলে মনে মনে বহুত খং উঠে আৰু ক’বলৈ মন যায় Schedule H ড্ৰাগছ বা ফাৰ্মাকলজি বিষয় টোত কি থাকে কিন্তু কব নোৱাৰো ৷ কাক কম কোনে শুনিব ? প্ৰায় সৰহ সংখ্যক বিপনিতেই অৰ্ধ শিক্ষিত চেলমেন বিলাকৰ দপদপনিত কেতিয়াবা নিজকে প্ৰশ্ন কৰিবলৈ মন যায় ? আগৰ দিনৰ কম্পাউণ্ডিঙ কৰা ব্যক্তি সকলৰ দিন বোৰেই ভাল আছিল কিয়নো তেওঁলোকৰ অৰ্বতমানত বেলেগ ব্যক্তি এতিয়াৰ দৰে ঔষধৰ লগত জড়িত হব পৰাৰ সাৰ্মথ্য নাছিল I
25-09-2022
[অঞ্জন জ্যোতি বৰা ; বি. এচ. চি / বি ফাৰ্ম (প);দুৰভাষ 9859807919]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)