• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী- নাথযোগী সম্প্ৰদায়

খিলঞ্জীয়া জনগোষ্ঠী- নাথযোগী সম্প্ৰদায়

by Editor
September 10, 2024
in Special Report
Reading Time: 4 mins read
0
অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী- নাথযোগী সম্প্ৰদায়
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী– নাথযোগী সম্প্ৰদায়

ড৹প্ৰফুল্ল কুমাৰ নাথ, ড৹হৰকুমাৰ নাথ, উদয় চন্দ্ৰ নাথ

Herath Shiva

নাথ সম্প্ৰদায় ভাৰতবৰ্ষৰ এটি অতি প্ৰাচীন ধৰ্মীয় সম্প্ৰদায়। যোগৰ যোগেদি আত্মদৰ্শন লাভ কৰি আত্মাক পৰমাত্মাত বিলীন কৰা আৰু যোগৰ ধাৰাৱাহিকতা ৰক্ষাৰ বাবে তেওঁলোক সমাজত যোগীৰূপে পৰিচিত।

নাথসকল প্ৰধানতঃ যোগত বিশ্বাসী আৰু সেয়ে অতি প্ৰাচীন কালৰেপৰাই তেওঁলোকৰ মাজত যোগ সাধনাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। বৈদিক আৰু পৌৰাণিক সাহিত্যত বিভিন্ন প্ৰসংগত যোগৰ উল্লেখ কৰা হৈছে। নাথযোগী সম্প্ৰদায়ৰ প্ৰধান আচাৰ্যসকল অতি প্ৰাচীন কালৰেপৰাই যোগধৰ্ম প্ৰচাৰত জড়িত হৈ থকাৰ প্ৰমাণ পোৱা গৈছে।
অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী- নাথযোগী সম্প্ৰদায়

            যোগধৰ্ম আদিধৰ্ম আৰু ভগৱান শিৱই ইয়াৰ প্ৰথম আৰু প্ৰধান প্ৰৱৰ্তক। নাথযোগীসকল শিৱগোত্ৰৰ আৰু তেওঁলোক শিৱসম্ভূত বুলি বিভিন্ন তথ্যৰপৰা জনা যায়। আদিনাথ শিৱই হঠযোগৰ প্ৰৱৰ্তন কৰে আৰু শিৱই তেওঁলোকৰ প্ৰধান দেৱতা বুলি ‘হঠযোগ প্ৰদীপিকা’ত উল্লেখ কৰা হৈছেঃ ‘আদিনাথ শিৱ সৰ্বেসাং নাথানাং প্ৰথমো নাথঃ। ততো নাথ সম্প্ৰদায়িন উৎপত্তি।’ (হঠযোগ প্ৰদীপিকা)।

RelatedPosts

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

May 10, 2026
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

May 6, 2026

নাথযোগীসকল ভাৰতীয় মুনিৰ্ধাৰাৰ অন্তৰ্গত। প্ৰাচীন কালত বৈদিক-ব্ৰাহ্মণসকল দুটা ভাগত বিভক্ত হয়। যিসকলে বেদ বা শ্ৰুতিক প্ৰাধান্য দি কৰ্মকাণ্ডত গুৰুত্ব দিছিল তেওঁলোকৰ যোগেদি ঋষিধাৰা প্ৰৱৰ্ত্তিত হয়। আনটো ধাৰাত কৰ্মকাণ্ডৰ পৰিৱৰ্তে যোগৰ মাধ্যমেদি জীৱমুক্তিৰ পোষকতা কৰা হয়। এই ধাৰাটো মুনিধাৰাৰূপে পৰিচিত। কপিল, যাজ্ঞবল্ক্য, মৰীচি, দত্তাত্ৰেয়, পতঞ্জলি প্ৰভৃতি যোগীসকল নাথ যোগীসকলৰ আদিপুৰুষ।

মহাত্মা কপিলক মুনিসকলৰ ভিতৰত প্ৰধান বুলি গীতাত উল্লেখ কৰা হৈছেঃ মুনিনাং কপিলঃ। এই কপিল মুনিয়েই ভাৰতীয় দৰ্শনৰ অন্যতম সাংখ্য দৰ্শনৰ প্ৰবক্তা। সাংখ্যমতে প্ৰকৃতি আৰু পুৰুষ এই দুই তত্ত্বক বিশ্বাস কৰা হয়। আনহাতে ভাৰতৰ অন্যতম ধৰ্ম যোগধৰ্মকেই পৰম ধৰ্ম বুলি আন এগৰাকী বিশিষ্ট যোগীসিদ্ধ যাজ্ঞবল্ক্যই ‘যাজ্ঞবল্ক্য সংহিতা’ত উল্লেখ কৰি গৈছেঃ

‘অয়ুং তু পৰমোধৰ্ম যদ্ যোগন্ আত্মাদৰ্শনম্।’

ভাগৱত পুৰাণত কপিল

দেৱাহুতি সংবাদত কপিলক ভগৱান আখ্যা দিয়া হৈছে। তেওঁ নিজ মাতৃ দেৱাহুতিক মুক্তিৰ অৰ্থে যোগ সাধনাৰ উপদেশ প্ৰদান কৰিছে।

যোগীসকলে যম-নিয়মাদি অষ্টাংগ যোগ সাধনাৰ যোগেদি দীৰ্ঘ জীৱন-যাপন কৰি অমৰত্ব লাভৰ পথ সুগম কৰি বিশ্ববাসীক নিৰোগী জীৱন-যাপনৰ বাবে পথ দেখুৱাই থৈ গৈছে। ৰামায়ণত ভগৱান ৰামচন্দ্ৰই এগৰাকী শূদ্ৰই যোগ সাধনা কৰা বাবে শিৰচ্ছেদ কৰাৰ প্ৰসংগ উল্লেখ আছে। এই কথাই পুৰণি কালৰেপৰাই যোগ যে যোগীসকলৰ একচেটিয়া সম্পত্তি আছিল তাৰেই আভাস দাঙি ধৰে।

মধ্যযুগৰ ভাৰতীয় সাধু-সন্তসকলৰ মাজতো যোগৰ অনুশীলনৰ ধাৰাৱাহিকতা দেখা যায়। মধ্যযুগৰ ভাৰতীয় ধৰ্মসাধনালৈ নাথযোগী সিদ্ধসকলৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। যোগীসিদ্ধ গোৰক্ষনাথে ভাৰতীয় হিন্দু ধৰ্মক বৌদ্ধ ধৰ্মৰ কৱলৰপৰা উদ্ধাৰ কৰিছিল।

হাডচন, হেমিল্টন, ব্ৰীগছ প্ৰভৃতি পাশ্চাত্যৰ পণ্ডিতমণ্ডলীৰ লগে লগে দয়ানন্দ সৰস্বতী, ঋষি অৰবিন্দ, বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস প্ৰভৃতি দেশী-বিদেশী আধুনিক ধৰ্ম-প্ৰচাৰকসকলেও ভাৰতীয় ধৰ্মসাধনাত নাথযোগীসকলৰ অপৰিসীম প্ৰভাৱৰ কথা আঙুলিয়াই দেখুৱাইছে। আনকি ৰাজনীশ, ছাইবাবা আদিৰ দৰে আধুনিক ধৰ্মগুৰুসকলেও যোগীসকলৰ আধ্যাত্মিক সাধনাৰ প্ৰসংগ অৱতাৰণা নকৰাকৈ থকা নাই।

Gita 5

গীতাত ‘যোগী’ৰ উল্লেখে এটা কথা প্ৰতীয়মান কৰায় যে যোগধৰ্ম পৃথিৱীৰ অন্যতম প্ৰাচীন ধৰ্ম। ভগৱান শ্ৰীকৃষ্ণই সেয়েহে যোগী কুলত জন্মলাভ কৰাটো অত্যন্ত দুৰ্লভ বুলিছেঃ

‘অথবা যোগীনামেৰ কুলে ভৱতি ধীতনাম্।

এতদ্ধি দুৰ্লভতৰং লোকে জন্ম জদীদৃশ্যম।।’ (গীতা)

যোগীসকলে শিৱ আৰু পাৰ্বতীকেই নিজৰ পিতৃ-মাতৃৰূপে বিবেচনা কৰে আৰু ত্ৰিভুৱনৰ অন্তৰ্গত সকলো শৈৱ ধৰ্মাৱলম্বীকেই আপোন বুলি স্বীকৃতি দিছেঃ

‘মাতা চ পাবৰ্তীদেৱী পিতা দেৱ মহেশ্বৰঃ

বান্ধৱা শিৱভক্তাশ্চ স্বদেশ ভুৱনত্ৰময়।।’ (উপনিষদ)

গোৰক্ষনাথ, মৎস্যেন্দ্ৰনাথ, কৃষ্ণাচাৰ্য প্ৰভৃতি সন্তসকলে মধ্যযুগত সমগ্ৰ ভাৰতবৰ্ষক ধৰ্মীয় নেতৃত্ব প্ৰদান কৰিছিল। হঠযোগৰ উপযোগী বিভিন্ন গ্ৰন্থ ৰচনাৰ লগে লগে ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ বাহিৰৰ বিভিন্ন ঠাইত শৈৱ-যোগধৰ্ম প্ৰচাৰ কৰি মানুহক নৈতিক আৰু আধ্যাত্মিক জীৱন-যাপনৰ কাৰণে উৎসাহিত কৰিছিল।

মধ্যযুগৰ কবিসকল বিশেষকৈ কবীৰ দাস, নানক, মহাবীৰ প্ৰভৃতি কবিসকল গোৰক্ষনাথৰ ওচৰত বিশেষভাৱে ঋণী। কেৱল যোগেই নহয়, আয়ুৰ্বেদ চৰ্চাৰ ক্ষেত্ৰতো যোগীসকল আছিল অগ্ৰণী। তেওঁলোকে প্ৰণয়ন কৰা ভালেমান ৰসশাস্ত্ৰৰ গ্ৰন্থ পোৱা গৈছে।

অসমত নাথযোগীসকল খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অন্যতম। পুৰণি অসমীয়া লিখিত সাহিত্যৰ একমাত্ৰ প্ৰাচীন নিদৰ্শন চৰ্যাগীতৰ একাধিক কবি-গীতিকাৰ আছিল নাথ সম্প্ৰদায়ৰ। চৰ্যা আৰু অন্যান্য দোহা ৰচনাৰ যোগেদি নাথযোগীসকলেই অসমীয়া ভাষাৰ বীজ প্ৰতিষ্ঠা কৰে। চৰ্যাগীত, শ্ৰীকৃষ্ণ কীৰ্তন, শূন্য পুৰাণ, মনসা কাব্য আদিত নাথ সম্প্ৰদায়ৰ ধৰ্মীয় দৰ্শনৰ প্ৰতিফলন ঘটিছে।

Jogighopa
যোগীঘোপা

প্ৰত্নতাত্ত্বিক দিশৰপৰা পৰ্যৱেক্ষণ কৰিলে দেখা যায় যে যোগীঘোপা, সূৰ্যপাহাৰ, ননাথ, যোগীজান প্ৰভৃতি স্থানত থকা প্ৰত্নতাত্ত্বিক সমলে তাৰ নিদৰ্শন দাঙি ধৰে। এইসমূহ স্থানৰ ঐতিহ্য কেইবাহাজাৰো বছৰৰ আগৰ।

সমুদ্ৰপাল ৰজাই আমবাৰীত প্ৰদান কৰা যোগীসকলৰ বসতি স্থাপনৰ প্ৰধান স্থানৰ বিষয়ে আমবাৰী শিলালিপিত উল্লেখ পোৱা গৈছেঃ ‘আদিত্যসম সমুদ্ৰপাল ৰাজ্যে প্ৰবল সবাসিক সত্ৰ সগুণ ক্ৰিয়া। সন্ন্যাসিন বোলে দান সজ। যোগীহাটী। শক ঈশ বাণ মুঢ় ভণতি।’— আমবাৰী শিলালিপি। ১২৫৪ শক।।

যোগীসকল অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। তেওঁলোক মূলতঃ বস্ত্ৰবয়ন বিশেষকৈ এৰী, মুগা আৰু পাট-বস্ত্ৰৰ উৎপাদনৰ সৈতে জড়িত। অসমত পাটশিল্পৰ ঐতিহ্য মহাভাৰতৰ যুগৰপৰাই আছিল। ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কপালত পাটবস্ত্ৰ শিৰস্ত্ৰাণ হিচাপে ধাৰণ কৰা কথাটোৱে তাৰ প্ৰমাণ দাঙি ধৰে।

নাথযোগীসকলৰ মুঠ জনসংখ্যা প্ৰায় ৪০ লাখ আৰু ই অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় এক সপ্তমাংশ।

পুৰণি কামৰূপত ৰাজত্ব কৰা হিন্দু ৰজাসকলে বিভিন্ন শিলালিপি তাম্ৰলিপিসমূহত ভূমিদান প্ৰসংগত সিদ্ধযোগীসকলৰ প্ৰসংগৰ অৱতাৰণা কৰিছে। এসময়ত কপিল মুনিয়ে মধ্যঅসমত আশ্ৰম প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ প্ৰচলিত আছে। নগাঁৱৰ যোগীজানৰপৰা গোৱালপাৰাৰ গোৰক্ষ পাহাৰলৈকে বিভিন্ন স্থানত যোগীসকল বাস কৰিছিল বুলি প্ৰবাদ প্ৰচলিত আছে। যোগীজান হৈছে যোগী সন্ন্যাসীসকলে জনসাধাৰণৰ পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে খন্দা এটা বিশেষ জান। পিছত ই নদীৰ ৰূপ লাভ কৰে।

পুৰণি কামৰূপ-কামাখ্যা-মায়ং প্ৰভৃতি তান্ত্ৰিক সাধনাৰ কেন্দ্ৰসমূহত নাথযোগীসকলে বিভিন্ন সাধান কৰি তন্ত্ৰাদি গ্ৰন্থ ৰচনা কৰিছিল। তন্ত্ৰ, মন্ত্ৰ, ইন্দ্ৰজাল বিদ্যা আদিৰ সৈতে নাথযোগীসকল অতি প্ৰাচীনকালৰেপৰা জড়িত। ষোড়শনিত্যতন্ত্ৰত সেয়েহে কোৱা হৈছেঃ

‘তন্ত্ৰং মদুক্তং ভুৱনে নরনাথের কল্পয়েৎ।

ত্বয়াতৈ ভুৱনে তন্ত্ৰং কল্পে কল্পে বিজৃম্ততে।।’

এই নৱনাথ হৈছে নাথ সম্প্ৰদায়ৰ বিশেষ নগৰাকী সিদ্ধ, যি সমগ্ৰ বিশ্বত তন্ত্ৰৰ প্ৰচাৰ কৰিছিল। মায়ং এতিয়াও তন্ত্ৰমন্ত্ৰৰ বাবে পৃথিৱীবিখ্যাত। বৰ্তমানো মৰিগাঁও জিলাৰ মায়ং, ভকতগাঁও, চৰাইবাহী, জৰাবাৰী আদিকে ধৰি বিভিন্ন অঞ্চলত সহস্ৰাধিক নাথযোগী লোক বসবাস কৰে।

ভূমিপুত্ৰ হিচাপে যোগীসকলে অতি প্ৰাচীন কালৰেপৰাই অসমৰ মংগোলীয়মূলীয়, অষ্ট্ৰিকমূলীয় জনজাতিয় মূলৰ মানুহৰ সৈতে সহাৱস্থান কৰি আহিছে। মহাভাৰত-ৰামায়ণ আদি বিভিন্ন মহাকাব্যতো যোগীসকলৰ সামাজিক অৱস্থিতিৰ কথা গৌৰৱেৰে ঘোষণা কৰা হৈছে।

দক্ষিণ-পূব এছিয়াৰ প্ৰায় সকলোবোৰ দেশতেই নাথ সম্প্ৰদায়ৰ লোকে বসবাস কৰে। অকল এছিয়া মহাদেশতেই নহয়, ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন স্থানতো এই সম্প্ৰদায়ৰ লোক বাস কৰে। নাথ সম্প্ৰদায় মূলতঃ সৰ্বভাৰতীয় সম্প্ৰদায় আৰু ইয়াৰ স্থিতি বিশ্ববিয়পা।

নাথযোগীসকলে বিভিন্ন উপাধি ব্যৱহাৰ কৰে বাবে তেওঁলোকৰ প্ৰকৃত জনসংখ্যা অনুমান কৰাটো সম্ভৱ নহয়। কিন্তু, খিলঞ্জীয়া ব্যক্তি হিচাপে নাথযোগী সম্প্ৰদায়ে কেইবা হাজাৰো বছৰৰ আগৰেপৰাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানতে বসবাস কৰাৰ লগে লগে অসমতো অতি প্ৰাচীন কালৰেপৰা বসবাস কৰাৰ তথ্য পোৱা গৈছে। মীননাথ, গোৰক্ষনাথ, জালন্ধৰ নাথ, কানুপানাথ প্ৰভৃতি নাথযোগী সিদ্ধসকলে ৰচনা কৰা সংস্কৃত, হিন্দী প্ৰভৃতি ভাষাত ভালেমান গ্ৰন্থ পোৱা গৈছে।

কৌলজ্ঞান নিৰ্ণয়, অকুলবীৰ তন্ত্ৰ, অমনস্ক যোগবীজম, কামৰত্ন তন্ত্ৰ, গোৰক্ষ সংহিতা, গোৰক্ষ গীতা, গোৰক্ষ সিদ্ধান্ত পদ্ধতি প্ৰভৃতি সংস্কৃত ভাষাত ৰচিত বিভিন্ন গ্ৰন্থই নাথযোগীসকলৰ বিদ্যায়তনিক গভীৰতাৰেই নিদৰ্শন দাঙি ধৰে।

আধুনিক ভাৰতীয় সাহিত্যৰ পিনে দৃষ্টি নিক্ষেপ কৰিলেও দেখা যায় যে মীননাথেই প্ৰথম বাংলা কবি আৰু গোৰক্ষনাথ হৈছে হিন্দী গদ্যৰ প্ৰথম প্ৰবক্তা। তেওঁৰদ্বাৰা ৰচিত গদ্যৰ যোগেদিয়েই হিন্দী গদ্য সাহিত্যৰ ইতিহাস আৰম্ভ হৈছে। এনেবোৰ কথাই নাথযোগীসকলৰ প্ৰাচীনত্বৰ লগতে খিলঞ্জীয়া সত্তাৰ স্বৰূপ উন্মোচিত কৰে।

Pathrughat
পথৰুঘাটৰ বিদ্ৰোহ

ব্ৰিটিছৰ শাসন কালত অনুষ্ঠিত পথৰুঘাটৰ বিদ্ৰোহত মৃত্যুবৰণ কৰা ছহিদসকলৰ ভিতৰত (১৪০জন) প্ৰায় ২৮ জন লোকেই আছিল নাথ সম্প্ৰদায়ৰ। সেইদৰে অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত মৃত্যুবৰণ কৰা ৮৫৫ গৰাকী ছহিদৰ ভিতৰত ১৪০ জনেই আছিল নাথ সম্প্ৰদায়ৰ। ভাৰতীয় স্বাধীনতা সংগ্ৰামত মনবৰ নাথ, খহুলী নাথ, নুমলী নাথ প্ৰভৃতি কেইবাগৰাকীও ছহিদ হোৱাৰ লগতে কেইবাজনো ব্যক্তিয়ে নিৰ্যাতন ভোগ কৰিবলগীয়া হৈছিল।

অসমৰ বিভিন্ন সম্প্ৰদায়ৰ ভিতৰত জাতীয় স্বাৰ্থ জড়িত কাম-কাজত নাথযোগীসকল সমানেই আগবঢ়া। নাথযোগীসকল অতি সংগঠিত, সংস্কৃতিসম্পন্ন জাতি। মঙলদৈৰ ওজাপালি, ঢেপাধুলীয়া, চিয়াগীত আদিৰ ঐতিহ্যৰ লগতে গোৱালপাৰাৰ কুশান গান, যক্ষগান প্ৰভৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণত নাথযোগীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

গতিকে দেখা যায় যে ভাষা, সাহিত্য, সংস্কৃতিৰ বিভিন্ন দিশত নাথযোগী সম্প্ৰদায়ে যুগ যুগ ধৰি অৱদান আগবঢ়াই বৃহত্তৰ অসমীয়া জাতিগঠনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।

(খিলঞ্জীয়া)

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: নাথযোগী সম্প্ৰদায়
Editor

Editor

Related Posts

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads
Artificial Intelligence

Will AI Steal Your Job – or Build You a Better One? India’s Workforce Stands at a Historic Crossroads

by Gitashri Kakoti
May 10, 2026
0

Will AI Steal Your Job - or Build You a Better One? India's Workforce Stands at a Historic Crossroads Artificial...

Read moreDetails
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

May 6, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 5, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
Modi 1

Manipur Is Burning and India’s Leaders Are Looking Away

April 30, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d