অৰুজ হাকিমি
[মহাবাহুলৈ আগবঢ়োৱা আফগান সাংবাদিক (আফগানিস্তানত সাংবাদিক হিচাপে ৰয়টাৰ্ছৰ সৈতে জড়িত আছিল) অৰুজ হাকিমিৰ তিক্ত কাহিনীৰ অসমীয়া ভাঙনি]
অৰুজ হাকিমিৰ তিক্ত কাহিনী
আফগানিস্তানৰ পতনৰ পিছত মই নিজৰ দেশতে আছিলো, এমাহ ধৰি, কিন্তু অপৰাধীৰ দৰে মই গোপন ঠাইবোৰত থাকিব লাগিছিল।
কিন্তু এতিয়া মই এজন বেনামী অনুপ্ৰৱেশকাৰী হৈ পৰিছো যিয়ে পৃথিৱীখনত বাস কৰিবলৈ নতুনকৈ চিন্তা কৰিবলগীয়া হৈছে!
কাবুলৰ পতনৰ পিছত দেশ এৰি যাবলৈ ৪ বাৰকৈ চেষ্টা কৰিলোঁ। প্ৰথম দিনা, অৰ্থাৎ ১৭ আগষ্টত মা-দেউতাৰ সৈতে কাবুল বিমানবন্দৰলৈ গৈছিলো।
অইনে চিনি নাপাবলৈ বাবে মই বোৰ্খা পিন্ধি আছিলো।
কাবুল বিমানবন্দৰৰ গেটৰ আঁৰত যি দেখিলোঁ সেয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰি!
মই বহুত ভয় খাইছিলো আৰু মোৰ গোটেই শৰীৰটো জোকাৰি গৈছিল, শিয়ঁৰি উঠিছিলো, মই মা-দেউতাৰ হাতত ধৰি আছিলো – তেওঁলোকক মাটিত বাগৰি নপৰিবলৈ সহায় কৰিবলৈ।
আমি তালিবানৰ প্ৰত্যক্ষ গুলীচালনাৰ সন্মুখীন হৈছিলো, তেওঁলোকে মোৰ চকুৰ সন্মুখত এজন যুৱকক গুলীয়াইছিল, যিজনে নিজৰ পৰিয়ালৰ সৈতে বিমানবন্দৰৰ গেটত সোমাবলৈ চেষ্টা কৰি আছিল, সেই দিনটো মই একেবাৰেই পাহৰিব নোৱাৰো, ই যেন এটা দুঃস্বপ্ন, সেই কাণ্ডটোৰ প্ৰায় এবছৰ হ’ল৷ কিন্তু মোৰ মনত এতিয়াও সতেজ হৈ আছে।
অৱশেষত কাবুলৰ পতনৰ প্ৰায় এমাহ পিছত মা-দেউতাৰ সৈতে কাবুলৰ পৰা ওলাই যাবলৈ সক্ষম হ’লোঁ, বিমানৰ ভিতৰত থকা সময়ত মই কান্দিলোঁ, সেয়া আছিল প্ৰায় ৫৫ মিনিটৰ যাত্ৰা!
বৰ তিক্ত দিন এটা আছিল যে এতিয়াও কাহিনীটো কওঁতে মই চকুলো টুকি থাকোঁ!
বিশ্বাস কৰিব পৰা নাছিল যে মই আকৌ এবাৰ শৰণাৰ্থী হৈ গৃহভূমিৰ পৰা বহু দূৰত থাকিম! ২৫ বছৰ আগতে সৰুতে শৰণাৰ্থী হোৱাৰ তিতা সোৱাদ লৈছিলোঁ, তালিবানৰ প্ৰথমবাৰৰ শাসনৰ সময়ছোৱাত। প্ৰব্ৰজনৰ কঠিন দিনবোৰ আৰু শৈশৱৰ কথা এতিয়াও মনত আছে!
পাঁচ বছৰ ধৰি আমি মোৰ ভাই-ভনীৰ সৈতে কাৰ্পেট বুইছিলো। তালিবানৰ বাবেই মোৰ শৈশৱ ধ্বংস হৈ গ’ল। স্কুললৈ গৈ ল’ৰা-ছোৱালীৰ লগত খেলা-ধূলা কৰাৰ সলনি আমি ৰাতিপুৱাই সাৰ পাই প্ৰচন্ড গৰমৰ দিনতো সন্ধিয়ালৈকে কাৰ্পেট বুইছিলো , জীয়াই থাকিবলৈ! আমাৰ পৰিয়ালক আৰ্থিকভাৱে পোহপাল দিবলৈ কোনো নাছিল, গতিকে কঠোৰ পৰিশ্ৰম কৰি পৰিয়াল পোহপাল দিয়াটো আমাৰ নিজৰেই দায়িত্ব আছিল!
২৫ বছৰ আগতে আমি সকলো ত্যাগ কৰি কাবুল এৰিছিলো, দেউতাৰ জীৱন বচাবলৈ, আৰু এইবাৰ ২০ বছৰৰ পিছত আকৌ আমাৰ জীৱন ৰক্ষাৰ বাবে আমাৰ সকলো বস্তু, ঘৰ, ভনী, আত্মীয়-স্বজন আৰু গৃহভূমি এৰি যাবলগীয়া হ’ল! বাটত মই ‘ইমিগ্ৰেচন’ৰ কষ্টৰ কথা ভাবি আছিলো আৰু চকুলো বন্ধ কৰিব নোৱাৰিলোঁ! গৃহভূমিৰ পৰা দূৰত্ব সহ্য কৰাটো কঠিন, আৰু পৰিয়ালৰ পৰা আঁতৰত থকাটো আৰু কঠিন!
অৱশেষত পাকিস্তানত তিনিমাহ থকাৰ পাছত ৰয়টাৰ্ছৰ অনুৰোধত কানাডা চৰকাৰে মোৰ বাবে ভিছা দিলে, কিন্তু এতিয়ালৈকে মাক-দেউতাৰ বাবে দিয়া নাই! ২০২১ চনৰ ছেপ্টেম্বৰ মাহত কানাডালৈ মই নিজকে স্থানান্তৰ কৰিবলগীয়া হৈছিল, মোৰ বৃদ্ধ আৰু অসুস্থ পিতৃ-মাতৃৰ বাবে হাজাৰ হাজাৰ চিন্তাৰ সৈতে!
মই উপলব্ধি কৰিলোঁ যে মোৰ সমস্যাবোৰ এটা এটাকৈ কমি যোৱাৰ পৰিৱৰ্তে মাত্ৰ আৰম্ভ হৈছে।
অৱশেষত মই কানাডাত উপস্থিত হ’লোঁ, আৰু মই ছমাহ বিচৰণ কৰিলো, আৰু ভাগ্য নোহোৱাকৈয়ে মোৰ মা-দেউতাই ভিছা পোৱাৰ উপায় বিচাৰিলোঁ আৰু মোৰ ভনীয়েকহঁতৰ বাবে সমাধান বিচাৰিলোঁ – যিসকলে কাবুলত ভয়াৱহ পৰিস্থিতিত আবদ্ধ হৈ আছে! কেৱল মোৰ চাকৰিৰ প্ৰকৃতিৰ বাবেই তেওঁলোকো বিপদত পৰিছে, আৰু মই আশা কৰিছিলো যে এই সকলোবোৰ কষ্টৰ অন্ত পৰিব, কিন্তু ই কাম কৰা নাছিল, দুৰ্ভাগ্যজনকভাৱে!
সেয়ে যেতিয়া মই মাৰ চিকিৎসকৰ লগত যোগাযোগ কৰিলোঁ, তেতিয়া তেওঁলোকে মোক ক’লে যে মাৰ স্বাস্থ্যৰ অৱস্থা জটিল, গতিকে মই পাকিস্তানলৈ পুনৰ উভতি যোৱাৰ সিদ্ধান্ত ল’লোঁ; এতিয়া মাক দেউতাৰ ওচৰলৈ ঘূৰি অহাৰ প্ৰায় ৪৫ দিন হ’ল!
আফগানিস্তানৰ পতনৰ পিছৰে পৰা এতিয়ালৈকে মই এদিনো ভালদৰে প্ৰাণভৰি উশাহ লোৱা নাই! হয় ,এতিয়া মই আফগানিস্তানৰ তুলনাত নিৰাপদ স্থানত আছো, কিন্তু মই এতিয়াও এটা অজ্ঞাত ভৱিষ্যতৰ সন্মুখীন হৈছো আনকি মই নিবনুৱাও! কানাডালৈ যোৱাৰ সময়ত মই ভাবি আছিলো যে মই নিজৰ আৰু পৰিয়ালৰ বাবে এটা নিৰাপদ কোণত নতুন আৰু অধিক শান্তিপূৰ্ণ জীৱন গঢ়ি তুলিব পাৰিম, কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে সেয়া হোৱা নাই!
আফগানিস্তানত সকলো সলনি হৈছে নেতিবাচক ৰূপত! সমাজৰ পৰা নাৰীক নিৰ্মূল কৰা হৈছে, মত প্ৰকাশৰ স্বাধীনতা শূন্যলৈ নামিছে, ছোৱালীৰ বিদ্যালয় নিষিদ্ধ হোৱা ৩০০ দিনতকৈও অধিক হ’ল, নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাই তুংগত উঠিছে, য’ত পৰিয়ালে আনকি সন্তানক বিক্ৰী কৰিছে, নাবালিকাৰ বিবাহ বাঢ়িছে।
হাজাৰা আৰু তাজিকসকলৰ গণহত্যা, বিশেষকৈ পাঞ্জছিৰ, আন্দাৰব, আৰু বালখাবত লক্ষ্য কৰি হত্যাকাণ্ড অব্যাহত আছে, আফিং খেতি আৰু সৰবৰাহৰ বজাৰখন আকৌ এবাৰ উত্থান ঘটিছে, আমাৰ ভূগৰ্ভস্থ সম্পদবোৰ নিষ্ঠুৰভাৱে চুবুৰীয়া দেশলৈ সৰবৰাহ কৰা হৈছে! অৰ্থনৈতিক ব্যৱস্থাটো পক্ষাঘাতগ্ৰস্ত হৈছে, নিবনুৱা সমস্যাই তুংগত উঠিছে, চিকিৎসা ব্যৱস্থাৰ পতন হৈছে, চিকিৎসালয় আৰু ক্লিনিকসমূহত মহিলা চিকিৎসক-নাৰ্ছৰ নাটনিৰ সন্মুখীন হৈছে। এয়া মাত্ৰ কিছুমান নেতিবাচক পৰিৱৰ্তনৰ উদাহৰণহে যিবোৰ ঘটিছে!
মোৰ ভনী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে তীব্ৰ ভাবুকিৰ সন্মুখীন হোৱাৰ পিছতো আফগানিস্তানত আছে, আৰু মোৰ কিছুমান বন্ধুৱে ইৰাণ, ডেনমাৰ্ক, কিৰ্গিস্তান, কানাডাৰ দৰে দেশত উপনীত হৈছে, কিন্তু কিছুমান এতিয়াও আফগানিস্তানত আছে!
এই মুহূৰ্তত আনকি কল্পনা কৰাটোও কঠিন, কাৰণ আফগানিস্তানত নাৰীৰ জীৱন-যাপনৰ অৱস্থা বেদনাদায়ক, কিন্তু হয় – মই ইচ্ছা কৰিছো যে মই এদিন কোনো ভয় নোহোৱাকৈ মোৰ দেশলৈ ঘূৰি আহিব পাৰিম আৰু মই স্বাধীনতা আৰু শান্তিৰ ওপৰত কাহিনীবোৰ সামৰি লম, মই পৃথিৱীৰ সৌন্দৰ্য্যবোৰ দেখুৱাম – হিংসা আৰু যুদ্ধৰ জৰিয়তে নহয়, মোৰ কাহিনীৰ জৰিয়তে বিশ্বৰ প্ৰতি মোৰ গৃহভূমি! এইটো এটা ডাঙৰ কামনা মই জীয়াই থকালৈকে প্ৰাৰ্থনা কৰিম যাতে বাস্তৱায়িত হয়!
তালিবানৰ অধিগ্ৰহণৰ পিছত আফগানিস্তান আকৌ এবাৰ মহিলাৰ কাৰাগাৰত পৰিণত হৈছে, তেওঁলোকে আচলতে আফগান মহিলাৰ জীৱনৰ সৈতে এক লজ্জাজনক চুক্তি কৰিলে! চৰকাৰী অফিচত এতিয়া আৰু নাৰী নাই, মুখ ঢাকি মিডিয়াত কাম কৰিব লাগিব, আমাৰ ছোৱালীৰ বাবে স্কুল বন্ধ, সাধাৰণতে নাৰী হতাশ, কিন্তু তেওঁলোকে নিজৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ চেষ্টা কৰে আৰু নিজৰ অধিকাৰৰ বাবে যুঁজিবলৈ চেষ্টা কৰে!
আনকি কিছুমান মহিলাক কাৰাগাৰত বন্দী কৰা হৈছিল, আফগান মহিলাৰ এই সাহসিকতাক আওকাণ কৰা উচিত নহয়! বাৰু, নতুন তালিবান শাসনৰ অধীনত আমি দেখাৰ দৰে নাৰীৰ বাবে কোনো স্থান বা মূল্য নাথাকিব!
মোৰ বহু বন্ধু আছে যিয়ে বৰ্তমান আফগানিস্তানত কিছুমান সংবাদ মাধ্যমৰ সৈতে কাম কৰি আছে, কিন্তু তেওঁলোকে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হৈছে, আৰু তেওঁলোকে অধৈৰ্য্যভাৱে অপেক্ষা কৰি আছে উপায় বিচাৰি গৃহভূমি এৰি যাবলৈ! মত প্ৰকাশৰ স্বাধীনতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা নাই, আফগানিস্তানৰ বৰ্তমানৰ সংবাদ মাধ্যমত সকলো চেন্সৰ কৰা হৈছে! আফগানিস্তানত কি হৈ আছে, আৰু এইসকল লোক আৰু এই দেশত যি দুৰ্যোগ হৈছে, সংবাদ মাধ্যমক প্ৰকাশ কৰিবলৈ দিয়া হোৱা নাই! এই মুহূৰ্তত আফগানিস্তানত মত প্ৰকাশৰ স্বাধীনতাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছে!
দুৰ্ভাগ্যজনকভাৱে আফগানিস্তান সন্মুখীন হৈছে এক অতি অস্পষ্ট আৰু জটিল ভৱিষ্যতৰ। কাবুলৰ পতনৰ পূৰ্বে আফগানিস্তানত ২১টাতকৈ অধিক উগ্ৰপন্থী সংগঠন সক্ৰিয় আছিল। এতিয়া ভাবি চাওকচোন তালিবানৰ অধিগ্ৰহণৰ লগে লগে আৰু কিমান সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় হ’ব, যিটো নিজেই এটা সন্ত্ৰাসবাদী সংগঠন।
যদি বিশ্বই তালিবানক তুচ্ছজ্ঞান কৰে তেন্তে অঞ্চলটোৰ দেশসমূহৰ বাবে ই সমস্যাই নহয়, বিশ্বৰ দেশসমূহৰ বাবেও ই এক ডাঙৰ সমস্যা হ’ব, ১১ ছেপ্টেম্বৰৰ ঘটনাটো পাহৰি গৈছেনে? ইয়াতকৈও বেয়া কথাটো হ’ল আৰু ভয়াৱহ পৰিঘটনা হ’ব পাৰে!
দুৰ্বল আফগানসকলক বচাবলৈ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়া দেশসমূহক তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ অনুৰোধ কৰিছো, মোৰ পৰিয়াল আৰু মই এনে এক অজ্ঞাত ভাগ্যৰ সৈতে যুঁজি আছো, আৰু মোৰ দৰেই হাজাৰ হাজাৰ সাংবাদিক, মহিলা অধিকাৰ কৰ্মী, আৰু চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী আছে, বিশেষকৈ পৰা এটৰ্নী জেনেৰেলৰ কাৰ্যালয়, যিসকলে প্ৰাণ হেৰুৱাৰ বিপদৰ সন্মুখীন হৈছে, গতিকে আমাক অকলে এৰি নাযাব!
আন্তঃৰাষ্ট্ৰীয় সমাজক অনুৰোধ কৰিছো যে তালিবানক স্বীকৃতি নিদি আফগানিস্তানক সন্ত্ৰাসবাদী সংগঠনৰ কবলৰ পৰা ৰক্ষা কৰক! কাৰণ এয়া তেওঁলোকৰ নিজৰ লাভৰ বাবে!
মই আশাবাদী আৰু সেই দিনটোৰ বাবে আগ্ৰহী যেতিয়া মই আফগানিস্তান আৰু ইয়াৰ জনসাধাৰণ বিশেষকৈ মহিলাসকলক পুনৰ মুক্ত দেখিম!
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)