175+ Years of Assam and Beyond
অঞ্জন শৰ্মা
অৰুনোদইৰ আঁত ধৰি
ধুবুৰীৰ বি.এন.কলেজত ২০১৫ চনৰ ২ মাৰ্চ তাৰিখে বি.এন.কলেজৰ সৌজন্যত আৰু শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত “অসমীয়াৰ সত্তা নিৰ্মাণত কামৰূপ-কমতাৰ ঐতিহ্যৰ অৱদান” শীৰ্ষক এক বক্তৃতা প্ৰদানৰ বাবে এই লেখকক আমন্ত্ৰণ জনোৱা হৈছিল।
উক্ত অনুষ্ঠানৰ সৈতে সঙ্গতি ৰাখি আয়োজিত মত-বিনিময় কাৰ্যসূচীত ধুবুৰীৰ সন্তান, পৰিৱেশ কৰ্মী সৌম্যদ্বীপ দত্তই কথা প্ৰসঙ্গত কৈছিল যে মিছনেৰীসকলে শিৱসাগৰত ছপাশাল স্থাপন নকৰি যদি ধুবুৰীত স্থাপন কৰি ‘অৰুনোদই’ প্ৰকাশ কৰিলেহেতেন, পশ্চিম অসমত প্ৰচলিত ‘দেশী‘(দেচী) ভাষাটোৱেই অসমীয়া ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিলেহেতেন; কিন্তু দুৰ্ভাগ্যবশতঃ সেয়া নোহোৱা হেতুকে আৰু কামৰূপ-কমতা-কোচবিহাৰৰ বিষয়ে সম্যক জ্ঞানৰ অভাৱৰ বাবেই আমাৰ মুখে মুখে হাজাৰ বছৰ ধৰি প্ৰচলিত হৈ থকা ভাষাক আজিও বহুতেই বাংলা ভাষা বুলি ভাবে – যদিও বাংলা ভাষাৰ সৈতে ই মৌলিকভাৱেই সম্পূৰ্ণ পৃথক!
সৌম্যদ্বীপ দত্তৰ কথাখিনিয়ে কেৱল ধুবুৰীক প্ৰতিনিধিত্ব নকৰে, এক বিশাল ভৌগোলিক পৰিসীমাক প্ৰতিনিধিত্ব কৰে- যি পৰিসীমা আছিল প্ৰাচীন কামৰূপৰ অন্তৰ্ভুক্ত, কিন্তু আহোম শাসনৰ অধীনত নাছিল।
তেওঁৰ সেই বক্তব্যত অন্তৰ্নিহিত হৈ আছিল ছপাশালৰ ঐতিহাসিক গুৰুত্ব, মিছনেৰীসকলৰ অৱদান, সংবাদ মাধ্যমৰ লগত জাতিগঠন আৰু ভাষাৰ বিকাশৰ সম্পৰ্কৰ অকল্পনীয় গুৰুত্ব, ‘দেচী‘সকলৰ মৰ্মবেদনা আৰু আক্ষেপ, অৰুনোদইৰ দ্বাৰা এই মুলুকত সূচনা হোৱা এক অনবদ্য কালজয়ী অধ্যায়। সৌম্যদ্বীপ দত্তৰ কথাৰ সৈতে সঙ্গতি ৰাখি ক’ব বিচাৰিছো যে দত্তৰ কথাখিনি কোনো বিচ্ছিন্ন ঘটনা নহয়, গৌৰীপুৰ জমিদাৰীৰ দেৱান গৌৰীনাথ শাস্ত্ৰীয়েও ১৯২৮ চনত ‘নিখিল গোৱালপাৰা জিলা সমিতিৰ অধিবেশন’ৰ সভাপতিৰ অভিভাষণত কৈছিল -“ আমি অসমীয়াও নহয়, আমি বঙালীও নহয়; দুয়োপক্ষই আমাৰ চুবুৰীয়া। তেনেহ’লে আমি কোন? আমি হ’লো ‘আমি’! আমি এই অঞ্চলৰ মানুহ। আমি গোৱালপৰীয়া মানুহ …..আমি সুকীয়া মানুহ, আমাৰ সংস্কৃতিও সুকীয়া, আমাৰ ৰীতি- নীতি, পৰম্পৰাও সুকীয়া।..” [ সভাপতিৰ অভিভাষণ, পৃষ্ঠা ৩৩, ১৯২৮/ধুবুৰী]
মিছনেৰী, ছপাশাল, অৰুনোদইৰ অধ্যায়লৈ যোৱাৰ আগতে অসমৰ এক অন্ধকাৰ অধ্যায়ৰ গৰ্ভত সামান্য বিচৰণ কৰিবলৈ আগবাঢ়িছো। আহোম ৰাজত্বৰ শেষৰফালে অসমদেশৰ ইতিহাস সলনি কৰি পেলোৱা মোৱামৰীয়া বিদ্ৰোহৰ পৰৱৰ্তী কালত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আৰু বদন বৰফুকনৰ পৰস্পৰ বিৰোধী স্থিতিৰ পটভূমিত অসমৰ পৰিস্থিতি, ইতিহাস অকল্পনীয়ভাৱে সলনি হৈ পৰিছিল। বদনে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বৃটিছৰ সহায় বিচাৰি বিমুখ হোৱাৰ পিছত ব্ৰহ্মৰজাৰ কলকাতাস্থ প্ৰতিনিধি এজনক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে ব্ৰহ্মদেশ পাইছিল আৰু ব্ৰহ্মৰজাৰ অনুগ্ৰহ লাভ কৰি অসমলৈ ‘মানসৈন্য’ বা ব্ৰহ্মদেশৰ সৈন্য লৈ আহিছিল।
“অসমীয়া প্ৰজাৰ তেতিয়া বুদ্ধিয়েই নাছিল নে কথা ক’ব পৰা শক্তিয়েই নাছিল, ছৰকাৰৰ আদেশ নিৰ্বিৰোধে চলিল জগন্নাথৰ ৰথৰ দৰে ঘৰ্ঘৰ কৰে। অসমৰ বুদ্ধি আৰু জ্ঞানৰ প্ৰদেশলৈ যে অন্ধকাৰ নামি আহিল! …সেই সময়ত ‘যা নিশা সৰ্বভূতানাম্’, তাত সকলোৰে টোপনিৰ ঘোৰঘোৰণি। অসমীয়া ভাষা জহন্নামে গ’লেও কাৰো কাঁহী- পাতে গা নাকাটিছিল…“
আৰম্ভ হৈছিল এক নাৰকীয় অধ্যায়। ১৮১৭ চনত অসমত প্ৰৱেশ কৰা মানসৈন্যই পুনৰ দুবাৰকৈ , ১৮১৯ চনত আৰু ১৮২১ চনত প্ৰৱেশ কৰি অসমক মৰিশালীত পৰিণত কৰি পেলাইছিল। অসমৰ ইতিহাসৰ চকা তেজ-মাংসৰ বোকাত পোত খাই পৰিল। মানৰ পুতলা ৰজা যোগেশ্বৰ সিংহ আছিল মানৰ বীভৎস অত্যাচাৰৰ নীৰৱ দৰ্শক, জাবৰ বৰবৰুৱা আছিল মান সেনাপতি মিঙ্গিমাহাৰ গোলাম। অত্যাচাৰৰ সীমা নাছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত( ৰাজত্বৰ সময় ১৭৫১ চনৰ পৰা ১৭৬৯ চনলৈ) অসমত যেতিয়া মানুহৰ পিয়ল কৰোৱা হৈছিল, তেতিয়া মানুহৰ সংখ্যা আছিল ২৪ লাখ; কিন্তু ১৮২২ চনৰ ২১ জুন তাৰিখে হাদিৰাচকীত অসমৰ ৰজা চন্দ্ৰকান্ত সিংহই মানৰ সৈতে হোৱা যুদ্ধত পৰাজয় বৰণ কৰাৰ পিছত অসমদেশৰ স্বাধীনতা লুপ্ত হোৱাৰ পিছত বৃটিছৰ আগমণ আৰু মানসৈন্যৰ পৰাজয়ৰ অন্তত অসমদেশ বৃটিছৰ উপনিৱেশ হৈ পৰাৰ পৰৱৰ্তীকালত ডেভিড স্কটে যেতিয়া অসমত লোকপিয়ল কৰাইছিল- তেতিয়া অসমৰ জনসংখ্যা আছিল মাত্ৰ ৮ লাখ!
অৰ্থাৎ, মোৱামৰীয়া বিদ্ৰোহ, বৰজহনী, মানৰ আক্ৰমণত অসমৰ ৩ ভাগৰ ২ ভাগ মানুহৰ মৃত্যু হৈছিল। গৃহকন্দলৰ বাবে এখন স্বাধীন দেশ কিদৰে পৰাধীন হৈ পৰিব পাৰে, কিদৰে স্বাধীন দেশৰ মানুহ এবাৰ ব্ৰহ্মদেশৰ, এবাৰ বৃটেইনৰ প্ৰজা হৈ পৰিব পাৰে আৰু মেৰুদন্ডহীন ৰাজনৈতিক নেতাৰ গাদীৰ লোভৰ বাবে পৰৱৰ্তীকালতো পৰাধীন হৈ চকু- কাণ-নাক বন্ধ কৰি থাকিব পাৰে – অসমৰ ইতিহাসৰ বক্ষত জপিয়াই দিলেই উমান পোৱা যায়।
ক্ষমতাৰ খঁকৰ বাবেই অসমৰ সামাজিক গাঁথনি আৰু সমৃদ্ধ অতীতৰ সকলোপ্ৰকাৰৰ সাংস্কৃতিক ঐতিহ্যৰ পৰম্পৰা তথা ধাৰাবাহিকতা, মানৱীয় মূল্যবোধ, সামাজিক নীতি-নিয়ম মানৰ আক্ৰমণৰ ফলত ধ্বংস হৈ গ’ল। বদন বৰফুকনৰ দ্বাৰা মানসৈন্য অসমলৈ অহাৰ কাহিনী ‘বৰফুকনৰ গীত’ হিচাপে লোককবিৰ মুখে মুখে বাগৰি থাকিল।
কোনোকালেই ব্ৰহ্মদেশৰ অধীনত নথকা আৰু কোনোকালেই হিন্দুস্থান/ভাৰতৰ অধীনস্থ নোহোৱা স্বাধীন অসমদেশ মানসৈন্যই তহিলং কৰাৰ পিছত অসমৰ পৰা মানক খেদি পঠিয়াবলৈ অহা উপনিৱেশিক শক্তি বৃটিছৰ প্ৰতিনিধিয়ে অসমবাসীক উদ্দেশ্যি ঘোষণা কৰিছিল -‘ হে অসমৰ প্ৰজাসকল, আপোনালোক নিশ্চিন্ত হৈ থাকক যে আমাৰ শত্ৰু-শক্তিক অসমৰ পৰা আতৰাই নপঠোৱালৈকে আৰু অসমত আপোনালোকে বিচৰা অনুসৰি শাসন প্ৰৱৰ্তন নোহোৱালৈকে আমি আতৰি নাযাওঁ।’
১৮২৪ চনত ইংৰাজ সেনাপতি জৰ্জ মেক্-মৰিন( George McMorin)ৰ নেতৃত্বত অসমত ইংৰাজৰ ফৌজ প্ৰৱেশ কৰিছিল আৰু তেওঁৰ পিছত, অসমত ১৮২৬ চনলৈ ইংৰাজ সেনাপতি আৰ্থাৰ ৰিচাৰ্ডছ( Arthur Richards)ৰ নেতৃত্বত ইংৰাজৰ ফৌজে বৰ্মাসৈন্য বা মানসৈন্যৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈছিল। অৱশেষত ব্ৰহ্মৰজাই ১৮২৬ চনৰ ২৪ তাৰিখে ইংৰাজৰ সৈতে ‘ইয়ান্ডাবু সন্ধি’ কৰিবলৈ বাধ্য হৈছিল। ১৮২৬ চনৰ পৰা ১৮২৮ চন পৰ্যন্ত অসমত ইংৰাজৰ ‘পলিটিকেল এজেণ্ট’ হিচাপে নিযুক্ত কৰা হৈছিল ডেভিড স্কটক। ১৮২৮ চনত পশ্চিম অসমক বঙ্গ( Province of Bengal)ৰ সৈতে সাঙুৰি দিয়া হৈছিল আৰু ১৮৩৩ চনত সমগ্ৰ অসমক সাঙুৰি দিয়া হৈছিল।
১৮২৮ চনৰ পৰা ১৮৩১ চনলৈ অসমৰ কমিছনাৰ হিচাপে ডেভিড স্কট, ১৮৩১ চনৰ পৰা ১৮৩৪ চনলৈ থমাছ কেম্পবেল ৰবাৰ্টচন, ১৮৩৪ চনৰ পৰা ১৮৬১ চনলৈ ফ্ৰেন্সিছ জেনকিন্স আৰু ১৮৬১ চনৰ পৰা ১৮৭৪ চনলৈ হেনৰী হপকিন্সক দায়িত্ব দিয়া হৈছিল। এইসকলৰ ভিতৰৰ কমিছনাৰ জেনকিন্স-এ উপনিৱেশিক ইংৰাজৰ স্বাৰ্থত স্বাভাবিকতে ধাৰণা কৰিছিল যে অসমৰ মানুহবোৰক যদি খ্ৰীষ্টিয়ান কৰিব পৰা যায়, তেওঁলোক ইংৰাজৰ সমৰ্থক হৈ পৰিব।
সেই উদ্দেশ্য সিদ্ধি কৰিবলৈ জেনকিন্স-এ কলকাতাৰ শ্ৰীৰামপুৰ মিছনলৈ অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছিল – কেইগৰাকীমান খ্ৰীষ্টিয়ান ধৰ্মপ্ৰচাৰক অসমলৈ প্ৰেৰণ কৰিবলৈ। কিন্তু শ্ৰীৰামপুৰ মিছনত সেইসময়ত বেলেগলৈ প্ৰেৰণ কৰিব পৰাকৈ মিছনেৰী নথকা হেতুকে ব্ৰহ্মদেশৰ মৌলমেনত থকা আমেৰিকান বেপ্টিষ্ট মিছনলৈ কেইগৰাকীমান মিছনেৰী পঠিয়াই দিবলৈ অনুৰোধ কৰিছিল।
জেনকিন্সে এইদৰে অৱগত কৰাইছিল যে ৰেংগুনত বেপ্তিষ্টসকলে আভাৰ চৰকাৰৰ পৰা যিবোৰ সমস্যাৰ সন্মুখীন হৈ আছে, সেই সমস্যাবোৰৰ পৰা ইয়াত মুক্ত হৈ থাকিব পৰাৰ লগতে বৃটিছ চৰকাৰৰ সুৰক্ষাও লাভ কৰিব পাৰিব। জেনকিন্সে ইয়াকো ক’লে যে –” You may mention that I will subscribe 1000 rupees, if a family is settled as a mission at Sadiya; and whenever they have had a press at work for six months I will be happy to double that sum if I remain in charge of the province.”
আমেৰিকাৰ ‘নিউ হেম্পষ্ফিয়েৰ’ৰ ‘নিউ ইপ্সউইচ্’-অত ১৮০৭ চনৰ ২২ জুনত জন্মলাভ কৰা আৰু ১৮২৭ চনত ‘উইলিয়াম কলেজ’ৰ পৰা শ্ৰেণীৰ ভিতৰত প্ৰথম হৈ স্নাতক হোৱা তথা ‘বেনিংটন চেমিনাৰী’ত কিছুবছৰৰ বাবে সহকাৰী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা আমেৰিকান এজন আছিল নাথান ব্ৰাউন। ‘দ্যা ভাৰমন্ট টেলিগ্ৰাফ'( The Vermont Telegraph) নামৰ সাপ্তাহিক কাকত এখনৰো সম্পাদনা কৰা ব্ৰাউনে ‘নিউটন থিয়’লজিকেল ইন্সটিটিউট'( Newton Theological Institute)ত মিছনেৰী কাম-কাজৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈও প্ৰশিক্ষণ লৈছিল।
১৮৩২ চনত গ্ৰেজুৱেট হোৱা আৰু ৰেভাৰেণ্ড ড° নাথান ব্ৰাউন হিচাপে পৰিচিত হৈ পৰা তেওঁক ১৮৩৩ চনত আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰী ইউনিয়নে ম্যানমাৰ (ব্ৰহ্মদেশ)ত মিছনেৰী হিচাপে নিযুক্তি দিছিল। ড° ব্ৰাউনে অতি দক্ষতাৰে আৰু অন্তৰ উজাৰি সেই দেশত সেৱা আগবঢ়াইছিল। এইজনা ৰেভাৰেণ্ড ড° নাথান ব্ৰাউনেই পিছলৈ অসমৰ ইতিহাসৰো এক অপৰিহাৰ্য্য অংগ হৈ পৰিছিল। সেই সম্পৰ্কে বকলা মেলাৰ আগতে আমি আৰু অলপ পিছুৱাই যাওঁহক।
“অসমীয়া ভাষাক পোতাশাললৈ নিক্ষেপ কৰাৰ লগতে ইংৰাজে অৰ্থনৈতিক ভাৱে ধ্বংস হৈ পৰা অসমৰ অৰ্থনৈতিক অৱস্থাক পুনৰ কুঁহিয়াৰৰ চোবাৰ পৰা ৰস উলিওৱা পৰ্যায়লৈ লৈ গ’ল, ঠিক অসমৰ চেৰেলা হাড় প্ৰকট হৈ ওলোৱা গাইগৰুবোৰৰ দামুৰী ডাঙৰ হোৱাৰ পিছত গিৰিহতে ওহাৰত খুন্দিয়াই ভুকুৱাই আধাপোৱা গাখীৰ উলিয়াবলৈ যত্ন কৰাৰ দৰেই! ইংৰাজে অসমৰ মানুহৰ নৈতিক শক্তিও দুৰ্বল কৰি পেলালে। কানিৰ ব্যাপক প্ৰচলন কৰি অসমৰ মানুহক কানিয়া অসমীয়া কৰি পেলালে। ১৭৯৪ চনত কেপ্তেইন ৱেলছৰ অসম আগমনৰ সময়তে বৃটিছে সৈন্য বাহিনীৰ মাজত গ্ৰহণী ৰোগ হওতে তাৰ প্ৰতিষেধক হিচাপে যি কানি ব্যৱহাৰ কৰিছিল, সেই কানি ইংৰাজৰ দিনত ৰজাৰ পৰা প্ৰজালৈ সকলোৰে মাজত বিয়পি পৰিল। ইংৰাজে খুলি দিলে কানিৰ মহল। ১৮৭৩-৭৪ চনৰ হিচাব অনুযায়ী অসমৰ ৪০,৯৪,৯৭২ জন মানুহক কানি খাবলৈ অনুজ্ঞাপত্ৰ দিয়া হৈছিল আৰু এওঁলোকে এবছৰৰ ভিতৰতে ১৮৫৬ মোণ ৩২ সেৰ কানি খাই ৰাজহৰ পৰিমাণ বঢ়াইছিল – এতিয়াৰ সময়ছোৱাত সুৰাপান কৰি অৰ্থনৈতিক সমৃদ্ধি বঢ়োৱাৰ দৰেই ! ইংৰাজ চৰকাৰে সেই কানিৰ বিনিময়ত, অৰ্থাৎ ১৮৭৩- ৭৪ চনৰ হিচাব অনুযায়ী অৰ্জন কৰিছিল ১৩, ৯০, ০৮৭.০০ টকা।”
চুখামফা বা ‘খোৰা ৰজা’ই যিসময়ত (১৫৫২-১৬০৩) স্বাধীন অসমৰ সিংহাসনত অধিষ্ঠিত হৈ আছিল, সেইছোৱা সময়তেই, ১৫৫৬ চনৰ ৬ ছেপ্টেম্বৰত, অসমৰ পৰা হাজাৰ মাইল দূৰত্বৰ গোৱাত পৰ্টুগীজসকলে জাহাজৰ পৰা ছপাশাল নমাইছিল আৰু সেই ছপাশালৰ পৰা প্ৰথমখন কিতাপ ছপা হৈ ওলাইছিল ১৫৫৭ চনত। সেইখন কিতাপৰ মুখদৰ্শন ৰাইজে কৰিব পৰা নাছিল।
১৫৫৬ চনতো গোৱাৰ সেই ছপাশালৰ পৰা এখন কিতাপ প্ৰকাশ হোৱা বুলি কোৱা হয় যদিও সেইখনৰো সন্ধান নাই। পৰ্টুগীজ, ইংৰাজৰ উপনিৱেশ হৈ পৰা উপমহাদেশখনত প্ৰথমখন কিতাপ ছপা কৰা হিচাপে যি প্ৰমাণ আছে, সেইখন হ’ল ১৫৬১ চনত ছপা কৰা ‘Compendio Spiritual Da Vida Christa’ ; এই কিতাপখন ১৮৬২ চনত লন্ডনত নীলামত বিক্ৰী হৈছিল আৰু এতিয়া নিউয়ৰ্কৰ পাব্লিক লাইব্ৰেৰীত সংৰক্ষিত হৈ আছে।
প্ৰাপ্ত তথ্য অনুসৰি গোৱাৰ পিছত ছপাশাল অইন এক কেন্দ্ৰস্থল হৈ পৰে কুইলনত আৰু তাৰেপৰাই তামিল মালায়ালম হৰফত ১৫৭৮ চনত ছপা কৰা হয় ১৬ পৃষ্ঠাৰ প্ৰথম ‘স্বদেশী‘ কিতাপ ‘Doutrina Christa’। ইয়াৰ পিছত ছপাশাল স্থাপন কৰা হয় কোচিনত, তাৰপিছত কন্যাকুমাৰীৰ পৰা কিছু নিলগৰ উত্তৰৰ পুডিকাইলত।
ইয়াৰ পিছত ছপাশালৰ কেন্দ্ৰ হৈ পৰে ভিপিকোট্টা, আমবালাকাট্টা, ট্ৰাংকুইবাৰ ( বা ত্ৰিবাঙ্কুৰ), মাদ্ৰাজ, হুগলি ; এই কেন্দ্ৰসমূহ মানচিত্ৰত ধূসৰ হৈ থাকিলেও এয়া ষ্পষ্ট যে সেই কেন্দ্ৰসমূহ আছিল উপকূলকেন্দ্ৰিক। [ ‘Introduction of European Printing into East’; – Richard Garnett, Trans. and Proc. of the second International Library Conference., London, 1898; ‘The first Printing- presses in India’- Leo Proserpio, The New Review, vol-2, July- Dec, 1935]
দাক্ষিণাত্যত দক্ষিণী ভাষাৰ প্ৰথম কিতাপ ছপা হয় ১৫৮৭ চনত; কিন্তু ছপাশাল অসমলৈ আহে তাৰে প্ৰায় ২৫০ বছৰ পিছত। এইখিনিতে উল্লেখ কৰিব পাৰি যে জাৰ্মানীত ছপাশালৰ জন্ম হৈছিল ১৪৫৪ চনত, ইটালীত ১৪৬৫ চনত, চুইজাৰলেণ্ডত ১৪৬৮ চনত, ফ্ৰান্সত ১৪৭০ চনত, হলেন্ডত ১৪৭৩ চনত, স্পেইনত ১৪৭৪ চনত আৰু ইংলেণ্ডত ১৪৭৬ চনত।
গোৱাত ছপাশাল জাহাজৰ পৰা নমোৱাৰ পৰা প্ৰায় ২২২ বছৰ পিছত বঙ্গত ছপাশালৰ পৰা ‘Grammer of the Bengal Language’ ১৭৭৮ চনত নাথানিয়েল ব্ৰাচি হালেডৰ দ্বাৰা প্ৰকাশ হৈ ওলায় । নাথানিয়েল ব্ৰাচি হালেড (১৭৫১-১৮৩০) আছিল অক্সফোৰ্ডশ্বায়াৰৰ স্বচ্ছল পৰিয়ালৰ সন্তান আৰু তেওঁ লেখা-পঢ়া কৰিছিল হ্যাৰো তথা অক্সফোৰ্ডত।
এই ছপাশালটো হুগলিত স্থাপন হৈছিল বুলি জনা যায়। শ্ৰী পান্হৰ ‘যখন ছাপাখানা এল’ নামৰ কিতাপত পোৱা যায় যে হুগলিৰ পিছত ছপাশালৰ প্ৰসাৰ হয় ১৭৫ মাইল দূৰৰ মালদহলৈ। বহুতেই অনুমান কৰা অনুসৰি হুগলিৰ এন্দ্ৰুজৰ ছপাশালটো সম্ভৱতঃ চাৰ্লছ উইলকিন্স-এ কিনি লৈছিল আৰু কোম্পানীৰ বিষয়া উইলকিন্স মালদহলৈ বদলি হোৱাত ছপাশালো মালদহ পায়।
মালদহৰ পৰাই ১৭৮০ চনত প্ৰকাশ হয় ফ্ৰান্সিছ গ্লেডউইনৰ ‘ইংৰাজী – ফাৰ্চী ভোকাবুলাৰি’। ইয়াৰ পিছত উইলকিন্স পুনৰ বদলি হয় কলকাতালৈ, আৰু ছপাশালটোও তেওঁৰ লগত কলকাতালৈ আহে। সেই ছপাশালেই অষ্টাদশ শতিকাৰ কলকাতাৰ অন্যতম ছপাশাল, “অনাৰেবল কোম্পানিজ প্ৰেছ‘, প্ৰতিষ্ঠা ১৭৮১ চনত। ছপাশালৰ প্ৰথম পৰিচালক চাৰ্লছ উইলকিন্স ; ই হৈ পৰে এক ব্যৱসায়িক ছপাশাল, ১৮০০ চন পৰ্যন্ত কলকাতাৰ যিমান কিতাপ ছপা হৈছিল, তাৰে ৩ ভাগৰ ১ ভাগ ছপা কৰা হৈছিল এই ছপাশালত।
কলকাতাত পিছে এইটোৱেই প্ৰথম ছপাশাল নাছিল। প্ৰথম ছপাশাল স্থাপন কৰিছিল সাংবাদিক জেমছ অগষ্টাচ্ হিকিয়ে । ‘চাৰ্জনচ্ মেট‘ বা চিকিৎসকৰ সহকাৰী হিচাপে ১৭৭২ চনৰ ডিচেম্বৰত জাহাজৰ পৰা কলকাতাত পদাৰ্পন কৰিছিল হিকিয়ে । ভাগ্যান্বেষী হিকিয়ে ব্যৱসায় কৰিবলৈ আগ্ৰহী হৈ সমুদ্ৰপথৰ বাণিজ্যত লোকচানৰ সন্মুখীন হৈছিল আৰু পিছলৈ পেটৰ দায়ত ১৭৭৬ চনত হিকি কাৰাগাৰত সোমাবলগীয়াও হৈছিল।
হিকিৰ হাতত আছিল ২০০০ টকা, তাৰেই কিছু টাইপ সংগ্ৰহ কৰি আৰু কাঠৰ ছপাশাল প্ৰস্তুত কৰিছপাকাম আৰম্ভ কৰিছিল ১৭৭৭ চনত। ১৭৭৭ চনৰ পৰা ৩ বছৰ তেওঁ একচেতিয়া মুদ্ৰক হৈ পৰিছিল।
ইষ্ট ইণ্ডিয়া কোম্পানীৰ মিলিটাৰী বিল আৰু ভাট্টাৰ ফৰ্ম, কূটনৈতিক সামৰিক বিধি-বিধান আদি ছপাকাম কৰা হিকিয়ে ১৭৮০ চনত কলকাতাৰ ৰাধাবজাৰৰ পৰা প্ৰকাশ কৰে উপমহাদেশখনৰ বা দক্ষিণ এছিয়াৰ প্ৰথমখন সংবাদপত্ৰ, সাপ্তাহিক হিকিজ ‘বেঙ্গল গেজেট‘ (বা ‘ক্যালকাটা জেনাৰেল অ্যাডভাৰটাইজাৰ’)।
হিকিৰ সংবাদপত্ৰক লৈ কৰ্ণৱালিছ, ৱেলেচ্-লি, হেষ্টিংচ্ আদি অসন্তুষ্ট হৈছিল, কাৰণ চৰকাৰী উচ্চপদস্থ বিষয়া তথা গণ্যমান্য চাহাবসকলক লৈ হিকিয়ে সংবাদপত্ৰৰ দ্বাৰা কৰি থকা শ্লেষ- বিদ্ৰুপৰ বাবে তেওঁৰ ‘গেজেট’ জনপ্ৰিয় হৈ পৰিছিল। গতিকে হিকিৰ ওপৰত এটাৰ পিছত এটাকৈ মানহানিৰ গোচৰ তৰা হয়। চৰকাৰৰ তৰফৰ পৰা হিকিৰ সংবাদপত্ৰ বন্ধ কৰাৰ চেষ্টা চলোৱা হয় আৰু ডাকঘৰৰ দ্বাৰা সংবাদপত্ৰ বিতৰণ কৰা অধিকাৰ কাঢ়ি নিয়া হয়।
১৭৮১ চনৰ জুন মাহত হিকি আদালতৰ দ্বাৰা অৰ্থদন্ডৰে দন্ডিত হয় আৰু জৰিমণাৰ ধন শকত হোৱাৰ বাবে তেওঁ দিব নোৱাৰাত কাৰাগাৰত নিক্ষিপ্ত হয়। কিন্তু অদমনীয় হিকিয়ে কাৰাগাৰত থাকিও ৯ মাহ সংবাদপত্ৰ চলাই থাকে। অৱশেষত ১৭৮২ চনত চৰকাৰে তেওঁৰ ছপাশাল আৰু টাইপবোৰ বাজেয়াপ্ত কৰে। উপমহাদেশখনত প্ৰথমবাৰৰ বাবে সংবাদপত্ৰৰ হত্যাকাণ্ড ‘সফলতা’ৰে সম্পন্ন হয়।
এইসম্পৰ্কে গ্ৰাহাম শ্ব’ই লিখিছেঃ ‘ লক্ষ্যণীয়, কলকাতা তথা বাংলাৰ, ভাৰত তথা দক্ষিণ এছিয়াৰ, প্ৰথম সংবাদপত্ৰৰ জন্ম আৰু মৃত্যু – দুয়োটাই কাৰাগাৰৰ কক্ষত‘ [ Printing in Calcutta To 1800, Graham Shaw] ! ১৮২৩ চনৰ এপ্ৰিল মাহত প্ৰথম প্ৰেছ আইন, সেইকালৰ ভাষাত ‘ সম্বাদপত্ৰ-শাসন আয়িন’ জাপি দিয়া হয়।
হিকিৰ বিষয়ে আৰু প্ৰথমখন সংবাদপত্ৰৰ জন্ম তথা হত্যাৰ বিষয়ে ইমানতে এৰি আমি এতিয়া ব্ৰাউনৰ ওচৰলৈ যাম। আমি ইতিপূৰ্বে উল্লেখ কৰিছো যে ইংৰাজৰ অধীন হৈ পৰা অসমত কাৰ্যনিৰ্বাহ কৰি থকা কমিছনাৰ জেনকিন্স-এ কেইগৰাকীমান খ্ৰীষ্টিয়ান ধৰ্মপ্ৰচাৰক বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল।
কিন্তু শ্ৰীৰামপুৰ মিছনত পঠিয়াই দিব পৰাকৈ মিছনেৰী নথকা হেতুকে কলকাতাৰ ইংলিছ বেপ্টিষ্ট মিছনৰ তৰফৰ পৰা ৰেভাৰেণ্ড ডব্লিউ এইচ্ পিয়েৰ্ছ-এ আৰু কলকাতাস্থ অইন কেইগৰাকীমান বান্ধৱে আমেৰিকান বেপ্টিষ্ট মিছনলৈ অনুৰোধ কৰিছিল যাতে তেওঁলোকে অসমত কাম কৰিবলৈ কেইগৰাকীমান খ্ৰীষ্টিয়ান ধৰ্মপ্ৰচাৰক প্ৰেৰণ কৰে। ব্ৰহ্মদেশৰ মৌলমেনত থকা নাথান ব্ৰাউনহতৰ ওচৰলৈ সেই প্ৰস্তাব গৈছিল।
এইসম্পৰ্কে ব্ৰাউনৰ পত্নী এলিজাবেথ উইবাৰলি ব্ৰাউনে এনেদৰে লিখিছেঃ ‘১৮৩৫ চনৰ ৮ জুন তাৰিখে মিছনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ব্ৰহ্মদেশৰ উত্তৰ আৰু পূৱত থকা শ্বান সকলৰ মাজত সোমাই খ্ৰীষ্টৰ বাণী প্ৰচাৰ কৰাটো ব্ৰহ্মদেশৰ মিছনেৰীসকলৰ বাবে এক দীৰ্ঘদিনীয়া সপোন আছিল, আৰু তেওঁলোকৰ দ্বাৰাই চীনদেশতো প্ৰৱেশ কৰিব পৰা যাব বুলি সকলোৰে দৃঢ়বিশ্বাস আছিল।
অসমখন বৃটিছ সাম্ৰাজ্যৰ অধীনলৈ যোৱা হেতুকে অসমত কাম-কাজত লিপ্ত হ’বলৈ মেজৰ জেনকিন্সৰ পৰা মিঃ চি.ই. ট্ৰেভেলিয়ান [ Mr C.E.(afterwards Dir Charles)Trevelyan, one of the secretaries of the East India Government]-এ প্ৰস্তাৱটো গ্ৰহণ কৰি নাথান ব্ৰাউনক জানিবলৈ দিছিল যে জেনকিন্স-এ সকলো প্ৰকাৰৰ নিৰাপত্তা আৰু সহায়-সহযোগিতা আগবঢ়াবলৈ সাজু হৈছে – যদিহে আমেৰিকন বেপ্টিষ্ট মিছন-এ যাবলৈ সাজু হয়।
সেই প্ৰস্তাৱ আনন্দৰে গ্ৰহণ কৰা হ’ল আৰু ১৮৩৪ চনৰ ১৬ ডিচেম্বৰ তাৰিখে আমেৰিকাৰ বোৰ্ডে জেনকিন্সক চিঠিৰ দ্বাৰা জনালে যে নাথান ব্ৰাউনক সেই কামৰ বাবে নিয়োগ কৰা হৈছে। ব্ৰাউনৰ বৈশিষ্ট্যৰ বিষয়ে জেনকিন্সক জনোৱা হ’ল এনেদৰে –“Strict integrity, enlarged viewsand truly Christian kindness”. ব্ৰাউনে অসমলৈ যাওতে এটা ছপাশাল লগত লৈ যাবলৈও সিদ্ধান্ত ল’লে( ‘The Whole World Kin’; Elizabeth Wibberly Brown, page 100-101)।’
কেৱল সেয়াই নহয়, দুগৰাকী শ্বান ভাষা শিকোৱা প্ৰশিক্ষক {এগৰাকী আছিল ঝিম্মাই (চিয়েংমাই) অঞ্চলৰ আৰু অইনগৰাকী আভা অঞ্চলৰ পৰা উচ্চ অঞ্চলৰ}ৰ ওচৰত শ্বান ভাষা শিকিবলৈ আৰম্ভ কৰিছিল। কলকাতা অভিমুখে মৌলমেনৰ পৰা যাত্ৰা কৰা সময়লৈ ব্ৰাউনে দুই/তিনি হাজাৰ শ্বান শব্দ আয়ত্বাধীন কৰিবলৈ সক্ষম হৈছিল।
“কিন্তু এতিয়া একেবাৰে বিপৰীত ঘটনা; সৌ তাহানিৰ শিলালিপিৰ পৰা যাত্ৰা কৰা সংবাদে বাতৰিকাকত, আলোচনী, আদিৰ বোকোচাত উঠাৰ পিছত নতুন নতুন অকল্পনীয় পৰ্যায়ত প্ৰৱেশ কৰিলে। বিতৰণৰ অত্যাধুনিক প্ৰযুক্তি, গ্ৰহণ কৰা ‘হাৰ্ডৱেৰ’ৰ প্ৰযুক্তিদত্ত ক্ষমতা, তাৰ লগতে বাৰৰঙী পেঞ্চিলৰ দৰে অন্তহীন বাৰেৰঙী সংবাদ বা ‘কন্টেন্ট’ – এই যুগত মেডিয়াৰ সৈতে প্ৰযুক্তিৰ ক্ষমতা অনিবাৰ্যভাৱে সংপৃক্ত হৈ পৰিছে; তাতে ৰহণ চৰাইছে ইন্টাৰনেট, স্মাৰ্টফোন, টেবলেট, আদিয়ে। এতিয়া সমস্যা হৈছে, প্ৰতিমুহুৰ্ততে মেডিয়াই যোগান ধৰা হাজাৰ হাজাৰ সংবাদৰ, ছৱিৰ, ভিডিঅ’ৰ, তথ্য আদিৰ কোনবোৰ চাম, কোনবোৰ সংৰক্ষণ কৰিম, কোনবোৰ অবিলম্বে ‘ডিলিট’ কৰিম, কোনবোৰ নুখুলিম!!”
১৮৩৫ চনৰ জুন মাহৰ ১১ তাৰিখে ড° জুদছন-এ নিজৰ ঘৰলৈ লিখা পত্ৰত উল্লেখ কৰিছিল -‘ব্ৰাউন প্ৰস্তাৱটো অতি উৎসাহেৰে গ্ৰহণ কৰিছিল’। Wayland’s Life of Judson-অত সেই সম্পৰ্কে এনেদৰে লিপিবদ্ধ হৈ আছে -“Brother Brown embraced the proposal with instant enthusiasm, not merely because of the above advantages ; for Assam presents a splendid opening for missionary efforts, and Brother Brown is excellently well qualified to take the lead in that great and
important mission. My heart leaps for joy and glows with gratitude and praise to God, when I think of Brother Jones at Bankok, in the southern extremity of the continent, and Brother Brown at Sudiya in Assam, on the frontiers of China – immensely distant points – and of all the intervening stations, Ava Rangoon, Kyouk Phyoo, Moulmein and Tavoy, and the churches and schools which are springing up in every station, and throughout the Karen wilderness. Happy lot, to live in these days! O happy lot, to be allowed to bear a part in the glorious work of bringing an apostle world to the feet of Jesus.”
অসমলৈ যাত্ৰা কৰি শদিয়াত উপস্থিত হৈ শ্বানসকলৰ মাজত সোমাই খৃষ্টৰ বাণী প্ৰচাৰ কৰিব পাৰিম বুলি উৎফুল্লিত হৈ পৰিছিল ড° নাথান ব্ৰাউন।
এইসম্পৰ্কে ব্ৰাউনে তেওঁৰ বন্ধু এজনলৈ এনেদৰে লিখিছিল -” We hope soon to be able to penetrate amongst the Shans in the interior of the country, and also among the other tribes, which are very numerous. These inhabit the ranges of Himalaya mountains around Sudiya, and open a glorious field for missionary labor. There are Singphos, the Miris, the Mishimis, the Abors, the Nagas and other savage tribes, some of whom are in a state very similar to the Karen, and have no written language or books. Here is the spot for missionaries to go in, and sow the seed of life.” ( ‘The Whole World Kin’- by Elizabeth Wibberly
Brown)
এনেদৰেই অসমৰ উত্তৰ-পূব কোণত শ্বান সকলৰ মাজত সোমাই খৃষ্টৰ বাণী বিলাবলৈ আৰু অদূৰ ভবিষ্যতে চীন দেশতো প্ৰৱেশ কৰিবলৈ নাথান ব্ৰাউনে বৰ্মাৰ মৌলমেন ত্যাগ কৰি কলকাতালৈ আহি লগত ও.টি.কাট্টাৰ নামৰ এগৰাকী মুদ্ৰক আৰু ছপাশাল এটা লগত লৈ ১৮৩৫ চনৰ ২০ নৱেম্বৰ তাৰিখে কলকাতাৰ পৰা নাৱেৰে যাত্ৰা আৰম্ভ কৰিলে। ব্ৰাউন আৰু কাট্টাৰৰ সৈতে তেওঁলোকৰ পত্নী দুগৰাকীও আছিল।
এয়াই অসমৰ বাবে আছিল প্ৰথম ছপাশালৰ ঐতিহাসিক যাত্ৰা। ব্ৰাউনে লিখিছে -“We first proceeded up the Hoogly into the Ganges, thence down the main stream of the Ganges to the point of its intersection with the Brahmaputra some distance above Dacca. The Ganges and Brahmaputra each diverge into numerous small streams as they approch the ocean; these meeting and crossing each other in every direction, from a labyrinth of rivers, called by the name of Sunderbunds. Boats pass from the Ganges to the Brahmaputra at different points; the nearer the passage is to the ocean, the more complicated is the maze in which they are involved.” ( ‘The Whole World Kin’- Elizabeth Wibberly Brown)
খ্ৰীস্টৰ বাণী প্ৰচাৰেই মিছনেৰী সকলৰ প্ৰধান বিষয় যদিও জেনকিন্সৰ অনুৰোধৰ সৈতে বৃটিছ সাম্ৰাজ্যবাদীৰ স্বাৰ্থ সাঙোৰ খাই আছিল, কাৰণ অসমৰ সীমাত থকা পাহাৰীয়া অঞ্চলৰ খামটি, চিংফৌসকলক প্ৰশমিত কৰাবলৈ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি কৰিবলৈহে মিছনেৰীক অসমলৈ আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।
আনপিনে আকৌ, ব্ৰাউনৰ দলটোৰ তথা আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ লক্ষ্য আছিল শ্বান জনগোষ্ঠীৰ মাজত সোমাই পৰি অদূৰ ভৱিষ্যতে চীনদেশলৈ নিজৰ প্ৰয়াস বিস্তাৰিত কৰা; সেইবাবেই তেওঁলোকৰ মিছনক ‘Mission to Shans’ বুলি কোৱা হৈছিল।
এওলোকে যিদৰে অসমৰ শদিয়াত সোমাই লৈ অদূৰ ভৱিষ্যতে চীনদেশলৈ যাব পাৰিম বুলি আশা কৰিছিল, একেই আশা কৰিছিল কামৰূপৰ মাজেৰে গৈ চীনদেশ পাম বুলি বখতিয়াৰ খিলজীয়েও – কিন্তু কামৰূপৰ ৰজা মহাবীৰ পৃথুৱে তেওঁৰ বাহিনীক শোচনীয়ভাবে পৰাস্ত কৰিছিল। একেই ধৰণে সপ্তদশ শতিকাত ভাবিছিল অসম আক্ৰমণ কৰা মীৰজুমলাইও।
এইখিনিতে উল্লেখ কৰিব পাৰি যে অসমত সৰ্বপ্ৰথমে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ বাবে অহা খ্ৰীষ্টিয়ান মিছনেৰীজনৰ নাম আছিল জেম্ছ- ৰে, তেওঁৰ বিষয়ে কওতে ইংৰাজ বুলি কোৱা হয়। সৈনিক হিচাপে ভাৰতলৈ তেওঁৰ আগমন হৈছিল যদিও তেওঁ চৰকাৰী পূৰ্ত বিভাগৰ অধীক্ষক হিচাপেও কিছুবছৰ কৰ্মৰত হৈছিল। তেওঁ ঢাকা চহৰত থকা সময়তে ধৰ্মৰ প্ৰতি তেওঁৰ আগ্ৰহ জন্মে আৰু মিছনেৰী কামত লিপ্ত হবৰ বাবে ১৮২৭-২৮ চনত শ্ৰীৰামপুৰ কলেজত প্ৰয়োজনীয় শিক্ষাগ্ৰহণ কৰে।
শিক্ষাগ্ৰহণৰ পিছত তেওঁ ধৰ্মপ্ৰচাৰক হিচাপে স্বীকৃত হয় আৰু পত্নী তথা সন্তানৰ সৈতে ১৮২৯ চনৰ জুলাই মাহত গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে। এইসম্পৰ্কে ড° মহেশ্বৰ নেওগেও ‘অৰুনোদই’ শীৰ্ষক লেখাত উল্লেখ কৰিছে –” অৰুনোদইৰ ছেপ্তেম্বৰ ১৮৫৪ সংখ্যাত ‘ক্ৰিষ্ণ পাল নামে প্ৰথম হিন্দু খ্ৰিস্টিয়ানৰ বিবৰণ’ প্ৰকাশ পাইছিল। এই কৃষ্ণচন্দ্ৰ পাল হ’ল ড° কেৰিৰ দ্বাৰা ধৰ্মান্তৰিত প্ৰথম বঙালী মানুহ। তেওঁ ১৮১৩ ছনতে আহি কিছু দিন খাছিয়া পাহাৰত কৃতকাৰ্যতাৰে মিছনেৰি কাম কৰিছিল। এতিয়া শ্ৰীৰামপুৰে আশা কৰিছিল যে ৰে-ই গুৱাহাটীৰ লগতে খাছিয়া অঞ্চলো সামৰি কাম চলাব পাৰিব। কিন্তু তেওঁক প্ৰথমৰে পৰা নানা বাধা-বিঘিনিয়ে আগুৰি ধৰিলে আৰু শেহান্তত তেওঁৰ সোঁহাতৰ নিচিনা পত্নীকো যমে তেওঁৰ পৰা কাঢ়ি লৈ গ’ল। যদিও তেওঁ চাৰিওফালে আশাকে দেখা পাইছিল, নাতিসুন্দৰ অসমীয়া নিউ টেস্টামেন্টখনকে বিলাইছিল বা বিক্ৰী কৰিছিল, ১৮৩৬ ছনত ছজন লোকক বুৰ পোৱা (baptism) দিছিল। হঠাতে যেন পৰিস্থিতি অনুকূলৰ পৰা প্ৰতিকূলত পৰিণত হ’ল। ৰে ছাহাবৰ অনুৰোধৰ উপৰি অনুৰোধত শ্ৰীৰামপুৰৰপৰা উইলিয়াম ৰবিনছনক গুৱাহাটীলৈ পঠিওৱা হয়। এওঁ সেইখিনিপালতহি কেইবাখনো পঢ়াশালি পতা হ’ল। কিন্তু অতি সোনকালেই ৰেই এখন ছৰকাৰী স্কুলত মাস্টৰি কৰিবলৈ ল’লে আৰু ৰবিনছনে গুৱাহাটী এৰি থৈ ভোটানত কাম কৰিবলৈ গুচি গ’ল। ১৮৩৮ ছনৰ ৭ মাৰ্চত কেপ্তেইন জেনকিন্ছ আৰু ৰেভাৰেণ্ড ৰবিনছনৰপৰা বতৰা পোৱা গ’ল যে শ্ৰীৰামপুৰৰ মূল সমাজে মিছনৰ কেন্দ্ৰবোৰৰ দায়িত্ব এৰি দিব লাগিব, আৰু অসম আৰু আৰাকানত আমেৰিকাৰ বেপ্টিষ্টসকলক ধৰ্মপ্ৰচাৰ কৰিবলৈ দিয়া হ’ব।’ ( অৰুনোদই, ভূমিকা, .৭, .৮, অসম প্ৰকাশন পৰিষদ)
ব্ৰাউনে কলকাতা পোৱাৰ পিছত ড° জুদছনলৈ লিখিছিল -‘ We find there has been some disturbances in Sudiya, by disaffected tribes, but we apprehend nothing serious. What is before us, however, is only known to him who directs all things.” ইয়াৰোপৰি, ব্ৰাউনে মত পোষণ কৰিছিল যে যিমানেই প্ৰত্যাহ্বান আহিব, সিমানেই সংকল্প দৃঢ়ৰ পৰা দৃঢ়তৰ হ’ব (Whole World Kin, page 111)।
ব্ৰাউনৰ সৈতে যাত্ৰা কৰিবলৈ সততে সাজু হৈ থকা তেওঁৰ পত্নী এলিজাবেথ উইবাৰলি ব্ৰাউনেও কৈছিল –
‘We took it as a call from heaven for us to go, hence obstacles and dangers counted nothing.’
“Through floods and flames, if Jesus lead,
I will follow you where he goes;
Hinder me not, shall be my cry,
Though earth and hell oppose.”
আমেৰিকাৰ বেপ্টিষ্টৰ যাত্ৰা আৰম্ভ হৈছিল ১৮৩৫ চনৰ ২০ নৱেম্বৰ তাৰিখে। সেই দু:সাহসিক অথচ প্ৰত্যয়পূৰ্ণ, এতিয়াৰে পৰা প্ৰায় ১৮৫ বছৰ পূৰ্বৰ হুগলী, বুঢ়ীগঙ্গা হৈ বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষত নাওৰে শদিয়ালৈ ছপাশাল লৈ উজাই থাকোতে ( আমি অসমত জন্মিও আজিলৈ এবাৰো শদিয়াৰ পৰা ধুবুৰীলৈ ভটিয়াবলৈ চিন্তাই কৰিব নোৱাৰিলো!) যাত্ৰাপথৰ শিহৰণ জগোৱা বৰ্ণনা এলিজাবেথ উইবাৰলি ব্ৰাউনৰ গ্ৰন্হৰ পাতে পাতে আছে।
ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ অটব্য অৰণ্য, ১০/১২ ফুট উচ্চতাৰ ঘাঁহৰ মাজে মাজে বনৰীয়া হাতীৰ জাক, প্ৰকান্ড বনৰীয়া ম’হৰ জাক আৰু আগতে কতো নেদেখা ধৰণৰ ম’হৰ প্ৰকান্ড আকৃতিৰ শিঙ, হৰিণাৰ পাল, বাঘ, শিয়াল, ব্ৰহ্মপুত্ৰৰ পানীত বিচৰণ কৰি থকা কুম্ভীৰ… আৰু যে কিমান কি! ১৮৩৬ চনৰ ৪ জানুৱাৰীত শদিয়াৰ পৰা চিকিৎসাৰ প্ৰয়োজনত ব্ৰহ্মপুত্ৰৰ বুকুৰে ভটিয়াই কলকাতা অভিমুখে যাত্ৰা কৰা কেপ্তেইন চাৰ্লটনক লগ পালে।
তেওঁ চিংফৌসকলৰ সৈতে হোৱা ৰণত বাৰুকৈয়ে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁৰ মুখেৰে ব্ৰাউনৰ দলটোৱে শদিয়া আৰু তাৰে অধিবাসীসকলৰ বিষয়ে ভালেমান তথ্য সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল।
এইসম্পৰ্কে ব্ৰাউনে লিখিছে,” He gave us a very interesting Account of the people. He thinks it would be unsafe for a person to go among them without arms, as they do not hesitate to takehuman life. They seem to be perfect savages, entirely in the state of nature, having no books, and are even without a written character to express their own language. These people, inhabiting the south-eastern border hills which separate Assam from Burma, are called Singphos on the Assam side, and Ka-khyens or Kachins in Burma. They are an athletic race, above the ordinary standard in height, and for several generations were the terror of the Assamese, whom they were in the habit of capturing and enslaving. The captives often escaped, and when the British authorities refused to restore the fugitives, the irritated Singphos sometimes rebelled. A single British officer is said to have received and released from the Singphos 5000 Assamese captured by them for slaves…..”
জানুৱাৰীৰ ১৪ তাৰিখে ব্ৰাউনৰ দলটোৱে গোৱালপাৰা পাই তাতে জিৰণি ল’লে। গোৱালপাৰা সেইসময়ত আছিল বৃটিছৰ সামৰিক ঘাঁটি। গোৱালপাৰাৰ মনোৰম সৌন্দৰ্য্যই তেওঁলোকক মুগ্ধ কৰিলে। গোৱালপাৰাত অৱস্থান কৰি থকা ইংৰাজ কেপ্তেইন ডেভিদছন নাওঁলৈ আহি ব্ৰাউনৰ দলটোক নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনালে। সন্ধিয়াপৰত তেওঁলোকে ডেভিদছনৰ বঙলালৈ গৈ বঙলাৰ দুৱাৰমুখৰ পৰাই শুকুলা বৰফে ঢাকি থোৱা পৰ্বতৰ শৃংগ দেখা পাই মুগ্ধ হ’ল।
গোৱালপাৰাতেই ব্ৰাউনে এগৰাকী শ্বান পন্ডিতক লগ পালে, তেওঁক জেনকিন্সে প্ৰেৰণ কৰিছিল ব্ৰাউনৰ শ্বান ভাষাৰ জ্ঞান বৃদ্ধি কৰিবলৈ। তেওঁ গুৱাহাটীৰ পৰা গোৱালপাৰালৈ আহিছিল। গোৱালপাৰা চহৰৰ পৰা তেওঁলোকে পুনৰ ব্ৰহ্মপুত্ৰৰে উজাবলৈ ধৰিলে, আৰু গুৱাহাটী অতিক্ৰমি ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখে তেজপুৰ, ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে বিশ্বনাথ,…; এনেদৰে গৈ গৈ মাৰ্চ মাহৰ ২৩ তাৰিখে নাথান ব্ৰাউনৰ দলটো শদিয়াত উপস্থিত হ’ল।
নাথান ব্ৰাউনে শদিয়ালৈ যি উদ্দেশ্য লৈ যাত্ৰা কৰিছিল, যি সপোন দেখিছিল, শদিয়া পোৱাৰ পিছত সেই সকলোবোৰ অসাৰ হৈ পৰিল। এইসম্পৰ্কে ড° মহেশ্বৰ নেওগে এনেদৰে বৰ্ণনা কৰিছে যে ‘স্বৰ্গীয় সাম্ৰাজ্য‘ৰ স্বৰ্ণদ্বাৰ আৰু শ্বান জাতিৰ অৱস্থিতিৰ মধ্যবিন্দু বুলি হামৰাও কাঢ়ি অহা সদিয়া পোৱা গ’ল; কিন্তু সদিয়াত সেইবোৰ বিভূতিহে একো পোৱা নগ’ল। যি শ্বান ভাষা আৰু মান ভাষা প্ৰায় একে বুলি ধাৰণা কৰা হৈছিল, গুৱাহাটী পাওঁতে নৌ পাওঁতেই ( গোৱালপাৰাতে জেনকিন্সে লগ লগাই দিয়া) এজন শ্বান পন্ডিতৰ পৰা শ্বান শিকি ব্ৰাউনে উপলব্ধি কৰিলে, সি দুই ভাষা সম্পূৰ্ণ বেলেগ। গতিকে শ্বান আৰু মান-ভাষা-ভাষীৰ বাবে একোটা বৃহৎ খ্ৰীষ্টিয়ান সাহিত্য-সৃষ্টিৰ স্বপ্ন থানবান হ’ল। সদিয়া পাই ব্ৰাউনে দেখিলে তেওঁলোকে বিচাৰি অহা শ্বানসকলতো তাত নাই। আছে পৰ্বতবোৰৰ সিপাৰেহে। কিন্তু তেওঁ আশা এৰি নিদিলে। সদিয়াৰ কেয়োফালে অসমীয়া মানুহ পাই তেওঁলোকৰ ভাষা শুনি তেওঁৰ উপৰুৱা এটা ধাৰণা হ’ল, সেই ভাষা বঙলা ভাষাৰ উপভাষা মাথোন। কিন্তু তেৱেঁই অতি সোনকালে অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ পক্ষে প্ৰধান অধিবক্তা হৈ পৰিল। অসমীয়া ভাষাৰ হৈ প্ৰধান ৰণুৱা সেনাপতি হৈ পৰা মাইলছ্ ব্ৰনছন্ ১৭ জুলাই ১৮৩৭ত সদিয়া পায়হি। সপৰিবাৰে ব্ৰনছন্ আৰু জেকব তমাছক আমেৰিকাৰ বোৰ্ডে শ্বান মিছনত সদিয়াত যোগ দিবলৈ নিৰ্দেশ দিয়ে।
যেতিয়া দুই পৰিয়ালে আমেৰিকাৰ পৰা দীঘলীয়া যাত্ৰা কৰি কলিকতা পায়হি, তেতিয়া আগ-বাৰিষা। কলিকতাৰ পৰা গুৱাহাটীলৈকে বা বিশ্বনাথলৈকে সিসকলৰ নৌযাত্ৰা ভালেই গ’ল। তাৰ পিছতে কিন্তু বাঢ়নী পানীৰ ভটীয়নী সোঁতৰ বল বাঢ়িল, নাও উজাই নিয়াই টান হ’ল আৰু ব্ৰনছনক টান জ্বৰে ধৰিলে। শেহন্তত এনেকুৱা হ’ল যে ডিবৰু নৈৰ মুখ পোৱাৰ অলপ আগতে বঙালী মাঝিৰ বৰ নাও ৰাখি এখন সৰু নাৱত জেকব তমাছক সদিয়াৰ পৰা দৰব-পাতি আনিবলৈ পঠিয়াই দিব লগা হ’ল।
তমাছৰ নাও নৈৰ গৰাৰ দাঁতিয়ে দাঁতিয়ে বাই যাওঁতে দুৰ্ভাগ্যবশতঃ পাৰৰ দুজোপা বৰগছ উভাল খাই পৰি তমাছক হেঁচা মাৰি ধৰি মাৰি পেলালে। বাকী নৱাগতসকলে ১৭ জুলাই ১৮৩৭ তাৰিখে সদিয়া পালেগৈ। এটা বিষাদৰ ছায়াই সকলোকে আৱৰি ধৰিলে। ইফালে সদিয়াত খামটি আৰু চিংফৌৰ আক্ৰমণ আৰম্ভ হ’ল – যদিও মিছনেৰিসকলে খামটি আৰু চিংফৌ ভাষা শিকি পুথি ৰচনা কৰাৰ দিহা কৰিছিল, শ্ৰীমতী ব্ৰাউন আৰু শ্ৰীমতী কাট্টাৰে অসমীয়া পঢ়ুওৱা এখন পঢ়াশালিও খুলি লৈছিল।
যেতিয়া খামটিয়ে ১৮৩৯ ৰ ২৮ জানুৱাৰী তাৰিখে কৰ্ণেল আডাম হোৱাইটক বধ কৰিলে, আতংকৰ মাজত থাকি সদিয়াৰ মিছন পৰিত্যাগ কৰাৰ কথাকে মিছনেৰিসকলে শেষ পথ ৰূপে দেখা পালে। ব্ৰনছন্ আৰু শ্ৰীমতী ব্ৰনছনে এপ্ৰিলত (১৮৩৮) সদিয়া এৰি জয়পুৰত কেন্দ্ৰ পাতিছিলগৈ ‘পূব নগা’ সকলৰ মাজত কাম আৰম্ভ কৰিবৰ উদ্দেশ্যে। ব্ৰাউন আদিয়েও ১২ মেই ১৮৩৯ তাৰিখে ছপাশাল আদি সকলো বস্তু-বাহানিৰে জয়পুৰ বুলি যাত্ৰা কৰিলে। সদিয়াৰ শ্বান মিছনৰ ইমানতে অন্ত পৰিল।
১৮৩৯ চনৰ ২৮ জানুৱাৰী তাৰিখে পুৱতি নিশাই শদিয়াৰ কেন্টনমেন্টত ধুমুহাৰ গতিৰে খামতিসকলে অতৰ্কিতে আক্ৰমণ চলাই ঘৰ-দুৱাৰ জ্বলাই ভস্মীভূত কৰাৰ লগতে সন্মুখত পোৱা সকলোকে কাটি মাৰি বহুতকে হত্যা কৰে আৰু মহিলা- কেচুৱাকে ধৰি আসাম লাইট ইনফেন্ট্ৰি বেটেলিয়নৰ কমান্ডেন্ট মেজৰ হোৱাইটকো বধ কৰাৰ পটভূমিত সমগ্ৰ অঞ্চলত এক মহা আতংকৰ সৃষ্টি হয়। কোনেও তৰ্কিবই নোৱাৰিলে। পলায়ন কৰাৰ বিষয়েও চিন্তা কৰিবলৈ কাৰো আহৰি নহ’ল। মাত্ৰ কেইজনমান মিছনেৰীয়ে এখন সৰু নাওত উঠি পলাই সাৰিল। এইসম্পৰ্কে ‘Baptists in Assam‘ শীৰ্ষক গ্ৰন্হত লেখক ভি.এইচ. চোৱৰ্ড ( V.H. Sword, Baptists in Assam, 1836- 1936, Chicago, 1936) মহোদয়েও বৰ্ণনা কৰিছে। তেওঁ লিখিছে -‘প্ৰতি মুহুৰ্ততে বৰ্বৰ আক্ৰমণৰ আশংকাই সকলোকে কপাই ৰাখিছিল, কোন মুহুৰ্তত মৃত্যু হয়, কেতিয়া বা দাস হিচাপে বন্দী কৰি লৈ যায়….’;
….আৰু লিখিছে, ” Sadiya turned out to be a barred door rather than a open gateway to China.” খামতি, চিংফৌ, শ্বান সম্পৰ্কে যি ধাৰণা লৈ মিছনেৰীসকল আনন্দমনেৰে আহি শদিয়া পাইছিল, সেই আনন্দ নিৰানন্দত পৰিণত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে শদিয়া ত্যাগ কৰি জয়পুৰ অভিমুখে যাত্ৰা কৰিবলৈ বাধ্য হ’ল। সেইসময়ত জয়পুৰ চাহবাগিচাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হৈছিল আৰু জয়পুৰৰ পৰা ভৱিষ্যতে নাগা, চিংফৌ, খামতি আদিৰে সম্পৰ্ক অটুত ৰাখিবলৈও ভৌগোলিক ভাবে অসুবিধা নাছিল। নাথান ব্ৰাউনৰ পৰিবাৰৰ দিনলিপিতো উল্লেখ আছে যে কেনে পৰিস্থিতিৰ বাবে ছপাশাল, টাইপ, কাগজ নাওত বোজাই দি কিদৰে জয়পুৰৰ পিনে যাত্ৰা কৰিবলগীয়া হৈছিল। মে’ মাহৰ ১২ তাৰিখে তেওঁলোকে শদিয়া ত্যাগ কৰিছিল আৰু তেওঁলোকৰ নাওদিয়া এৰাৰ পিছত জীৱনৰ এক নতুন অধ্যায়ৰ সূচনা হৈছিল। ১২ দিন ব্ৰহ্মপুত্ৰৰে আৰু বুঢ়ীদিহিং নদীৰ বক্ষৰে যাত্ৰা কৰি তেওঁলোক জয়পুৰ পাইছিল।
ড° মহেশ্বৰ নেওগে লিখিছে – ‘ব্ৰনছনে দেখা পালে, জয়পুৰৰ পৰাও চিংফৌৰে সম্পৰ্ক ৰখা সম্ভৱ নহ’ব। কিন্তু নামচঙীয়াসকলৰ ( নক্টে) লগত তেওঁৰ পৰিচয়ে তেওঁৰ মনত শ্বান মিছনৰ শেষ আশা এটি পুহি ৰাখিছিল। ভাষাতত্ত্বৰ বিশেষজ্ঞ তেওঁ নক্টে ভাষাৰ এখন স্পেলিং বুক (বৰ্ণ পৰিচয়) আৰু কেটেকিজম (প্ৰশ্নোত্তৰমালা) লেখি উলিয়ালে। তেওঁৰ কামত বৃটিঃশ সেনাধ্যক্ষ কেপ্তেইন হানে আৰু আয়ুক্তয়ো উৎসাহ যোগাবলৈ ধৰিলে। আমেৰিকাৰ বোৰ্ডে নগাসকলৰ মাজত কামত ব্ৰনছনক সহায় কৰিবলৈ চাইৰাছ্ বাৰ্কাৰক পাঁচিলে। তেওঁ সপৰিবাৰে যাত্ৰা কৰাৰ বেলা ব্ৰনছনৰ ভনীয়েক ৰোডা নিজ খৰচত ককায়েকক সহায় কৰিবলৈ বুলি আহি তেওঁৰ লগ হ’ল। বাৰ্কাৰ- দম্পতি আৰু ৰোডা ব্ৰনছন্ মেই মাহত জয়পুৰ পালেহি। ব্ৰনছনে নামচাঙত থাকিবলৈ লৈছিল; ৰোডাই তেওঁৰ লগত যোগ দিছিলগৈ। বাৰ্কাৰসকল কিন্তু অসুখৰ বাবে ভৈয়ামতে ৰ’ল। আনফালে নক্টেৰ মাজত কামত ব্ৰনছনে অগ্ৰসৰ হোৱাৰ কোনো আশা দেখা নাপালে। শেহান্তৰত ব্ৰাউন, কট্টাৰ, বাৰ্কাৰসকলে দৃঢ়নিশ্চিতৰূপে বুজিলে, শ্বান মিছন বা খেহ দেশৰ দুৱাৰ মুকলি কৰাৰ মূল ধাৰণা কাৰ্যকৰী নহ’ব। ৮ ডিচেম্বৰৰ দিনা ৰোডাৰ মৃত্যু ঘটিল। সেয়ে শ্বান মিছনৰো মৃত্যু।’ ( অৰুনোদইৰ ভূমিকা, ড° মহেশ্বৰ নেওগ, পৃ: .৮০, .৮১, অসম প্ৰকাশন পৰিষদ)
ইতিহাসবিদ ড° হেৰম্বকান্ত বৰপূজাৰীয়ে “The American Missioneries and North East India (1836- 1900 A.D.)” গ্ৰন্থত এইসম্পৰ্কে লিখিছে – “On his arrival at Jaipur in May 1838, when Bronson found that the Nagas were more numerous than the Singphos, he decided to start a mission in their midst. The task was indeed formidable. After having collected a Naga vocabulary and crossing dense forests he arrived at Naga village Namsang (at present Tirap Frontier), a
center of salt trade on 8th January, 1839. The Bura Khunbao, the Naga Chief, suspected him to be an English spy who had come on a reconnoitering mission with the ultimate object of annexing his territory. Bronson’s geniality, soft words persuasive manners eventually won the hearts of the Nagas who welcomed him, fed him and built a house to which later he brought his wife and little child Marie. To work in the Naga field there had also arrived the family of Cyrus Barker and Bronson’s sister Miss Rhode Bronson. Since Bronson had already opened a school and started operations Barkar returned to Jaiput and thence to Sibsagar.”
জয়পুৰতো কোনো আশাৰ ৰেঙণি নেদেখি মিছনেৰীসকলে অৱশেষত জয়পুৰ ত্যাগ কৰি শিৱসাগৰ অভিমুখে যাত্ৰা কৰাই সমীচিন হ’ব বুলি থিৰাং কৰিলে। কাৰণ শিৱসাগৰত সা-সুবিধা ভালেখিনি আছিল। সেইবাবেই দেখা গ’ল যে ১৮৪১ চনৰ ২৪ মে’ তাৰিখে দিখৌ নদীৰে সপৰিবাৰে উজাই আহি বাৰ্কাৰে শিৱসাগৰত উপস্থিত হ’ল।
কিছুদিন পিছত নাথান ব্ৰাউনেও নাওৰে পৰিবাৰৰ লগত আহি শিৱসাগৰ পালে ( ব্ৰাউনে অৱশ্যে চিকিৎসাৰ বাবে শিৱসাগৰলৈ আহিছিল) আৰু তেওঁলোকেও শিৱসাগৰতে অৱস্থান কৰিলে। ব্ৰনছনো নামি আহিল নগাপৰ্বতৰ পৰা। ১৮৪৩ চনৰ ১৫ নৱেম্বৰত কাট্টাৰ আৰু তেওঁৰ পৰিবাৰক লৈ অইন এখন নাও শিৱসাগৰ পালে, সেই নাওতেই আছিল অসমৰ ইতিহাসৰ বক্ষত অইন এক বৰ্ণিল অধ্যায় সংযোগ কৰা ঐতিহাসিক ছপাশালটো – যিটো ছপাশালৰ চেপা খাই অদূৰ ভৱিষ্যতে অন্ধকাৰ ভেদি প্ৰকাশ হ’ব অৰুণ বা সূৰ্য, হ’ব সূৰ্যোদয়, অৰুণোদয়!
আমি আৰম্ভণিতে কৈছো, সেই পটভূমিতেই ধুবুৰীৰ সভাত ধুবুৰীৰ সন্তান এজনে কৈছিল যে মিছনেৰীসকলে ছপাশাল শিৱসাগৰত স্থাপন নকৰি যদি ধুবুৰীত কৰি ‘অৰুনোদই’ প্ৰকাশ কৰিলেহেতেন, এতিয়াৰ ‘পশ্চিম অসম’ত প্ৰচলিত ‘দেশী'(দেচী) ভাষাটোৱেই অসমীয়া ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিলেহেতেন! এইখিনি কথা পাঠশালা, হাউলী, বৰপেটা, নলবাৰী আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য।
কাৰণ, “পুৰণি অসমীয়া পুথিত ভাষাটোৰ নাম বিশেষ ৰূপত ক’তো পোৱা নাযায়; ‘ভাষা’ বুলিয়েই হয়তো তাৰ চিনাকি। কোনোবাই’দেশী ভাষা’ বুলিলেও বুলিব পাৰিছিল। মহাপুৰুষ শংকৰদেৱক বা ৰুদ্ৰসিংহ স্বৰ্গদেৱক অসমীয়া ভাষা কোনটো বুলি প্ৰশ্ন কৰা হ’লে সিসকল বিমোৰত পাৰিলেহেঁতেন। ১৮৩৩ৰ শ্ৰীৰামপুৰীয়া ‘ধৰ্মপুস্তক’ত ভাষাটিক ‘অহমীয়া মাত’ বোলা হৈছে নাম-পাততে। ‘অৰুনোদই’ৰ আগ-বয়সত কিন্তু ‘অসমীয়া ভাষা’ , ‘অসমীয়া লোক’ নাম স্পষ্ট হৈ ওলাই অহা নাছিল। ‘অসম কথা’ (অ৩৬৫ : আগষ্ট ১৮৪৯) ‘অচম ভাষা'(অ৪৬০ : আগষ্ট ১৮৫০), ‘অচম মতে কথা'( অ৪৭৮ : অক্টোবৰ ১৮৫০), বুলি ভাষাটিৰ চিনাকি দিবৰ যত্ন কৰা হৈছিল। মানুহৰ উল্লেখতো ‘অসম মানুহ’ (অ৩৬৫ -৩৬৬ : আগষ্ট ১৮৪৯), ‘অসম লৰা’, ‘অসম দেসি লোকবিলাক'(অ৩৬৫ : আগষ্ট ১৮৪৯)। ‘অহমিয়া বিলাক’ আখ্যা (অ২৮০ : নৱেম্বৰ ১৮৪৮) মানুহৰ বাবে পূৰ্বৰে পৰা ব্যৱহাৰ হৈছিল, কিন্তু তাত এটা শ্লেষ আৰু সীমা আছিল, সেই কথা অচম/অসম/অহমৰাজ্যৰ পৰা কামৰূপ ৰাজ্যলৈ প্ৰব্ৰজন কৰা ঘাঘৰ মাজিক কামৰূপৰ লোকে ‘অহমিয়া’ বুলি বছাৰপৰা (গুচক,৬২১) বুজিব পাৰি। ….”( ড° নেওগ, অৰুনোদইৰ ভূমিকা)
ব্ৰাউনৰ আছিল ভাষা শিকাৰ প্ৰতি অনন্য আকৰ্ষণ আৰু খ্ৰীস্টৰ বাণী প্ৰচাৰৰ বাবেও নিখাদ ধাউতি। তেওঁ শদিয়াত থাকোতেই অসমীয়া ভাষা শিকিবলৈ আৰম্ভ কৰিছিল। অসমীয়া ভাষাৰ স্বকীয়তা, শক্তি, সুন্দৰতা তেওঁ আন্তৰিকতাৰে উপলব্ধি কৰিছিল। তেওঁৰ পত্নী এলিজাবেথ উইবাৰলি ব্ৰাউনেও কৈছিল যে- ” Mr Brown admired the Assamese language; its open, agreeable vocalization, its picturesque Sanscritic characters, its quaint inflections and idioms, became delighted in its marked family likeness to the European tongues. He vindicated its independence of Bengali,…..”
মোৱামৰীয়া বিদ্ৰোহৰ সময়তে বিধ্বস্ত হৈ পৰা অসমক মানৰ তিনিওটা আক্ৰমণে অবৰ্ণনীয় শোচনীয় অৱস্থালৈ লৈ গৈছিল আৰু ইয়াৰ পিছত অচেতন- অৰ্দ্ধচেতন হৈ লাং খাই পৰি থকা অসম ইংৰাজৰ উপনিৱেশত পৰিণত হৈছিল।
যদিও মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ইংৰাজে অসমৰ মানুহক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে অসমখন দখল কৰিবলৈ অসমলৈ অহা নাই, উমৈহতীয়া শত্ৰুক পৰাস্ত কৰি খেদি পঠিওৱাৰ পিছত তেওঁলোকে অসমত শান্তি প্ৰতিষ্ঠা কৰি স্ব-স্থানলৈ উভতি যাব। কিন্তু সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা নকৰিলে। বৰং মানৰ সৈতে ইয়ান্ডাবু সন্ধি স্বাক্ষৰিত কৰি অসমৰ পৰাধীনতা বাহাল ৰাখে।
অসম অধিকাৰ কৰাৰ পিছত মানে অসমৰ সীমাত থকা অঞ্চলবোৰতো উপদ্ৰৱ কৰিছিল। কোনোদিনে আহোম ৰাজত্বৰ অধীনত নথকা গোৱালপাৰা অঞ্চলতো ভালেমান গাঁৱত অত্যাচাৰ চলাইছিল। তাৰোপৰি ১৮২৩ চনত কাছাৰ আৰু মণিপুৰ আক্ৰমণ কৰি মানে চট্টগ্ৰামৰ ওচৰৰ শ্বাহপুৰী দ্বীপ দখল কৰে। ইয়াৰ পিছত মানে ঢাকা আৰু চট্টগ্ৰাম দখল কৰিবলৈ যো-জা চলোৱাৰ পটভূমিত মানৰ সৈতে ইংৰাজৰ সংঘাত অনিবাৰ্য হৈ পৰে আৰু ইংৰাজে ১৮২৪ চনৰ ৫ মাৰ্চত মানৰ বিৰুদ্ধে ৰণৰ শিঙা বজায়।
সেইসময়ত গৱৰ্ণৰ জেনেৰেল পদত আছিল লৰ্ড আৰ্মহাষ্ট। তেওঁৰ আদেশমৰ্মে উত্তৰ পূব সীমান্ত অঞ্চল (বৰ্তমানৰ উত্তৰ বঙ্গ)ৰ বৃটিছ প্ৰতিনিধি বা ‘এজেন্ট’ ডেভিড স্কটে সৈন্য বাহিনীৰ নেতৃত্ব লৈ কাছাৰ, মণিপুৰ, আৰাকান অভিমুখে যায় আৰু অসম অভিযানৰ দায়িত্ব বহন কৰা লেফটেনেন্ট কৰ্ণেল জৰ্জ মেকমোৰিন ব্ৰহ্মপুত্ৰৰে উজাবলৈ আৰম্ভ কৰে। অইন এটা তৃতীয় বাহিনীয়ে সাগৰৰ বাণিজ্যিক ঘাটিবোৰ আক্ৰমণ কৰি কৰি ইৰাৱতী নদীৰে ৰেঙ্গুন অভিমুখে যাত্ৰা কৰে।
ইংৰাজ সৈন্যই অত্যাধুনিক অস্ত্ৰ আৰু ৰণকৌশলৰ দ্বাৰা বহুকেইখন যুদ্ধত মানসৈন্যক পৰাজিত কৰে আৰু ১৮২৪ চনৰ মাৰ্চ মাহৰ ২৮ তাৰিখে গুৱাহাটীৰ দখল ইংৰাজৰ হাতলৈ যায়। গুৱাহাটী ইংৰাজৰ হাতলৈ যোৱাৰ পিছত মানসৈন্য পিচহুহকি নগাঁও পায় আৰু নগাঁৱতো ১৮২৪ চনৰ মে’ মাহত মান পৰাজিত হৈ যোৰহাট আৰু গৌৰীসাগৰলৈ পিছুৱাই যায়। জৰ্জ মেকমোৰিনৰ ইতিমধ্যে পৰলোকপ্ৰাপ্তিৰ পটভূমিত কৰ্ণেল ৰিচাৰ্ডছ ইংৰাজ সেনাপতি হয় আৰু পৰাজিত মানসৈন্যই নিজৰ দেশলৈ গুচি যোৱাত অসমৰ ৰাজধানী ৰংপুৰ ইংৰাজৰ হাতলৈ যায়। সমান্তৰালকৈ মণিপুৰ আৰু কাছাৰতো মানসৈন্যই পৰাজয় বৰণ কৰে; তথা ইংৰাজৰ সৈন্যই ইৰাৱতী নদীৰে যাত্ৰা কৰি ব্ৰহ্মদেশৰ ভিতৰত প্ৰৱেশ কৰি ইয়ান্ডাবুলৈকে দখল কৰে। ইয়াৰ পিছতেই স্বাক্ষৰিত হয় ইয়ান্ডাবু সন্ধি।
এই সময়ত মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ লগতে বহু আঢ্যৱন্ত লোকে আনন্দ-উৎসাহত ক’ব নোৱাৰা হৈ পৰে! ডেভিড স্কট আৰু কৰ্ণেল ৰিচাৰ্ডছক যুটীয়া আয়ুক্ত হিচাপে নিযুক্ত কৰা হয় আৰু নামনি অসমৰ আয়ুক্ত ৰূপে ডেভিড স্কট তথা উজনি অসমৰ আয়ুক্ত ৰূপে ৰিচাৰ্ডছক দায়িত্ব দিয়া হয়। এওঁলোকৰ পিছত ক্ৰমে মেজৰ আদম হোৱাইট ( নামনি অসম, ১৮২৭-১৮৩২), কেপ্তেইন নিউভিল (উজনি অসম,১৮২৮- ১৮৩০), লেফটেনেন্ট জেমছ মেথি (উজনি অসম, ১৮৩০-১৮৩১) টমাছ কেম্পবেল ৰবাৰ্টচন(১৮৩১-১৮৩৪) আদিয়ে যথাক্ৰমে অসমৰ শাসনৰ দায়িত্ব পালন কৰে। ১৮৩৪ চনৰ পৰা ১৮৬১ চনলৈ শাসনৰ দায়িত্ব লয় ফ্ৰান্সিছ জেনকিন্স-এ।
এই জেনকিন্সেই অসমলৈ আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলক আমন্ত্ৰণ জনাইছিল আৰু ছপাশাল আনিলে পাৰিতোষিক দুগুণ দিয়া হ’ব বুলি কৈছিল। সেইবাবেই অসমলৈ যাত্ৰা কৰিছিল আমেৰিকান মিছনেৰীসকল, যিসকলৰ বিষয়ে আমি ইতিমধ্যেই উনুকিয়াইছো। এই জেনকিন্সৰ দিনতেই অসমত ভূমিৰাজহ প্ৰৱৰ্তন, নদীৰ পৰা আহৰণ কৰা সোণৰ বাবে ঠিকা দিয়াৰ ব্যৱস্থা, টিকত কৰ ( Stamp Duty), আয়কৰ, আমদানি শুল্ক, অনুজ্ঞা কৰ, কানি বিক্ৰী আদি ব্যৱস্থা আৰম্ভ হোৱাৰ লগতে অসমৰ চৰকাৰী কাৰ্যালয় আৰু পঢ়াশালিবোৰত অসমীয়াৰ সলনি বঙলা ভাষাৰ প্ৰৱৰ্তন কৰা হৈছিল তথা চৰকাৰী দপ্তৰত বঙালী লোকক নিযুক্তি, মাৰোৱাৰী-কেঞাসকলক অসমলৈ আহিবলৈ পথ সুচল কৰি দিয়াৰ দৰে কৰ্ম আৰম্ভ হৈছিল।
জেনকিন্সৰ দিনতেই পুৰন্দৰ সিংহক একেবাৰে উচ্ছেদ কৰি ১৮৩৮ চনৰ ১৮ ছেপ্টেম্বৰত চৰকাৰী ঘোষণা অনুসৰি উজনি অসম ইংৰাজৰ প্ৰত্যক্ষ উপনিৱেশ কৰা হয়। অসমৰ ইতিহাসৰ ক্ষেত্ৰত মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ, ইংৰাজৰ দখল আৰু ১৯৪৭ চনৰ পিছতো একেই স্থিতাৱস্থাৰ পটভূমিত হোৱা অভাৱনীয় পৰিৱৰ্তনৰ বাবেই অসমৰ আজি এই দশা! জেনকিন্সৰ দিনত অসমৰ আদালত আৰু পঢ়াশালিবোৰত অসমীয়া ভাষাৰ পৰিবৰ্তে বঙলা ভাষা চলোৱা সিদ্ধান্ত সম্পৰ্কে ড° মহেশ্বৰ নেওগে ষ্পষ্টভাৱে কৈছে- ‘ অসমীয়া প্ৰজাৰ তেতিয়া বুদ্ধিয়েই নাছিল নে কথা ক’ব পৰা শক্তিয়েই নাছিল, ছৰকাৰৰ আদেশ নিৰ্বিৰোধে চলিল জগন্নাথৰ ৰথৰ দৰে ঘৰ্ঘৰ কৰে। অসমৰ বুদ্ধি আৰু জ্ঞানৰ প্ৰদেশলৈ যে অন্ধকাৰ নামি আহিল! …সেই সময়ত ‘যা নিশা সৰ্বভূতানাম্’, তাত সকলোৰে টোপনিৰ ঘোৰঘোৰণি। অসমীয়া ভাষা জহন্নামে গ’লেও কাৰো কাঁহী- পাতে গা নাকাটিছিল…( অৰুনোদইৰ ভূমিকা, ড° মহেশ্বৰ নেওগ)!
এ.জে. ম’ফট মিলছ(A. J. Moffat Mills)এ তেওঁৰ ঐতিহাসিক ভাৱে গুৰুত্বপূৰ্ণ’ৰিপোৰ্ট অন দ্যা প্ৰভিন্স অব আছাম'( Report on the Province of Assam) নামৰ খতিয়ানত উল্লেখ কৰিছে –‘Since the annexation of the Province to the British Empire, Sanskrit education, owing to the want of encouragement, has gradually been abolished. A certain number of Institutions styled Vernacular schools has been established in the country. Instructions in these schools are imparted in a foreign language,viz., the Bengalee, which is but imperfectly understood by the teachers themselves, not to speak of the pupils. The education which they afford is of the simplest and most elementary kind; the students seldom aspire to a higher knowledge than a mere acquaintance with simple reading and writing. The few books that are used on the different branches of elementary learning are composed in a foreign tongue, which necessarily prevents their being of any popular use. Much time is in the first instance wasted in acquiring a knowledge of the Bengalee, and the reason assigned for the substitution of Bengalee for the Vernacular Assamese, is, that “Bengalee is the language adopted in the courts,” as if the object were to make the Assamese a nation of judicial officers; and strange to say, notwithstanding the proposed object of the schools, very few ex-students of the Vernacular institutions in the interior have ever qualified themselves to fulfill offices of trust or responsibility in the courts of the Province.’
ইয়াৰোপৰি তেওঁ লিখিছে, “Under the Provisions of Act XXIX of 1837, the Vernacular language of a District was directed to be used in the courts. We find, however, with regret, that notwithstanding the provisions of this wholesome law, a foreign language, viz., the Bengallee, has been introduced into the courts of Assam. It is only to the officers and other persons connected with the courts that Bengalee is generally intelligible. The mass of the population and even private gentleman possess no knowledge of the language. The Native judges are less familiar with the Bengallee than with their own tongue, and the European judges have always been found to understand the Vernacular Assamese with greater facilitity than the Bengallee; and they often speak the former with a degree of fluency much to be commended. Even evidence which under Section VI., Regulation IV. of 1793, ought to be taken in the language intelligible to the witnesses is recorded in Bengallee, and the mischiefs arising from this practice have been already alluded to on the head of evidence.
‘For more than ten years after the annexation of the Province the Assamese was the language of the courts. On what grounds the Bengallee has been now allowed to supersede the Vernacular we are at a loss to understand. The Assamese being the Vernacular language as well of the people as of the majority of the judges and ministerial officers of the courts, no inconvenience can possibly arise from its use, and if it be advanced that the Bengallee bears an affinity with the Assamese, we would beg to point out that the Bengallee bears no closer resemblance to the Assamese than it does to the Uria language, and if the courts of Orissa be allowed the privilege of using the langauge of the country, we are unable to understand why the same benefit should have been withheld to the Assamese.’( page131-132, Mills Report)
অসমীয়া ভাষাক পোতাশাললৈ নিক্ষেপ কৰাৰ লগতে ইংৰাজে অৰ্থনৈতিক ভাৱে ধ্বংস হৈ পৰা অসমৰ অৰ্থনৈতিক অৱস্থাক পুনৰ কুঁহিয়াৰৰ চোবাৰ পৰা ৰস উলিওৱা পৰ্যায়লৈ লৈ গ’ল, ঠিক অসমৰ চেৰেলা হাড় প্ৰকট হৈ ওলোৱা গাইগৰুবোৰৰ দামুৰী ডাঙৰ হোৱাৰ পিছত গিৰিহতে ওহাৰত খুন্দিয়াই ভুকুৱাই আধাপোৱা গাখীৰ উলিয়াবলৈ যত্ন কৰাৰ দৰেই! ইংৰাজে অসমৰ মানুহৰ নৈতিক শক্তিও দুৰ্বল কৰি পেলালে।
কানিৰ ব্যাপক প্ৰচলন কৰি অসমৰ মানুহক কানিয়া অসমীয়া কৰি পেলালে। ১৭৯৪ চনত কেপ্তেইন ৱেলছৰ অসম আগমনৰ সময়তে বৃটিছে সৈন্য বাহিনীৰ মাজত গ্ৰহণী ৰোগ হওতে তাৰ প্ৰতিষেধক হিচাপে যি কানি ব্যৱহাৰ কৰিছিল, সেই কানি ইংৰাজৰ দিনত ৰজাৰ পৰা প্ৰজালৈ সকলোৰে মাজত বিয়পি পৰিল। ইংৰাজে খুলি দিলে কানিৰ মহল।
১৮৭৩-৭৪ চনৰ হিচাব অনুযায়ী অসমৰ ৪০,৯৪,৯৭২ জন মানুহক কানি খাবলৈ অনুজ্ঞাপত্ৰ দিয়া হৈছিল আৰু এওঁলোকে এবছৰৰ ভিতৰতে ১৮৫৬ মোণ ৩২ সেৰ কানি খাই ৰাজহৰ পৰিমাণ বঢ়াইছিল – এতিয়াৰ সময়ছোৱাত সুৰাপান কৰি অৰ্থনৈতিক সমৃদ্ধি বঢ়োৱাৰ দৰেই! ইংৰাজ চৰকাৰে সেই কানিৰ বিনিময়ত, অৰ্থাৎ ১৮৭৩-৭৪ চনৰ হিচাব অনুযায়ী অৰ্জন কৰিছিল ১৩, ৯০, ০৮৭.০০ টকা।
এইসম্পৰ্কে মিলছ-অৰ প্ৰতিবেদনতো উল্লেখ আছে-” The universal use of opium has converted the Assamese, once a hardy, industrious and enterprising race, into an effeminate, weak, indolent, and a degraded people. It has been universally the sole cause it undermining the health and physical constitution of the whole population. It is used by the young as well as the old. Women themselves are often not excepted; and in many parts of the country, opium is freely administered to infants and children. It is therefore high time for the Government to provide speedy and effectual remedies to preserve the country from utter ruin and degradation. Opium was not so generally used in Assam a century back. Some fix the year 1792, the year of Captain Welsh’s deputation to Assam to restore the reigning Rajah to his throne, as the time at which opium was introduced into the country. Without insisting on the truth of this account, we feel confident in asserting, that before the accession of the British power, twenty-eight years ago, the use of opium was not half so universal. We are therefore of opinion that strenuous measures and timely remedies will soon enable the people to recover their former state.”
অসমৰ এনে এক পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত আমি আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ কৰ্ম বিচাৰ কৰি চাব লাগিব। হয়, তেওঁলোকৰ মূল উদ্দেশ্য আছিল শ্বান মিছন, শদিয়াত থিতাপি লৈ পিছলৈ চীনদেশলৈ গৈ সেইদেশত খ্ৰীস্টৰ বাণী প্ৰচাৰ কৰা, পঢ়াশালি খোলা; কিন্তু শদিয়াত তেওঁলোকৰ ক্ষেত্ৰত হোৱা বিপৰ্যয়ৰ বাবে তেওঁলোকৰো সপোন থান-বান হৈ পৰিছিল।
তেওঁলোকে শদিয়া ত্যাগ কৰি জয়পুৰ হৈ শিৱসাগৰলৈ আহিছিল হতাশগ্ৰস্ত হৈ। মৌলমেনৰ পৰা কলকাতা হৈ অসম অভিমুখে যাত্ৰা কৰোতে তেওঁলোকৰ কৰ্মসূচীত ‘অৰুনোদই সম্বাদ পত্ৰ’ৰ উল্লেখ নাছিল ( কিন্তু কিতাপ প্ৰকাশ কৰা সম্পৰ্কে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰা হেতুকে ছপাশাল লগত লৈ আহিছিল)!
অসমৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান কেনে, অসমীয়া ভাষাৰ গ্ৰন্হ আদিৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান কেনে, ব্ৰাউন আৰু ব্ৰনছনৰ অসমত অৱদান কেনে – সেইবিষয়ে বহুতেই বিভিন্ন সময়ত বিভিন্ন ধৰণে বিশদভাৱে ব্যাখ্যা কৰিছে হেতুকে তথা এই লেখাৰ মূল সংবাদ মাধ্যমৰ ইতিহাসৰ সৈতে সাঙোৰ খাই থকা হেতুকে আমি সেই অধ্যায়সমূহলৈ নাযাও, কেৱল অৰুনোদইৰ ক্ষেত্ৰতে আমাৰ বিচৰণ হৈ থাকিব।
গতিকে এয়া দেখা যায় যে অসমত ইংৰাজে বঙলা ভাষা জাপি দিয়া সময়ত, অসমত ইংৰাজে কানি বৰবিহ চাৰিওফালে প্ৰসাৰিত কৰি দিয়া সময়ছোৱাত, অসমৰ অৰ্থনৈতিক অৱস্থা তথা ৰাজনৈতিক অৱস্থা মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা সময়ত, যিসকল মিছনেৰীক ইংৰাজে অসমলৈ আমন্ত্ৰণ কৰি আনিছিল খামতি, চিংফৌ আদিৰ মাজত শান্তিৰ বাণী বিলাই শান্ত কৰি ইংৰাজক শান্তি দিবলৈ – সেই চিংফৌ আৰু খামতিৰ দ্বাৰা সৃষ্ট অশান্তিৰ বাবেই নিজৰ মূল উদ্দেশ্য ‘শ্বান মিছন’ জলাঞ্জলি দি শিৱসাগৰলৈ আহিছিল উপায়হীন হৈ।
মৌলমেনৰ পৰা কলকাতা হৈ অসম অভিমুখে যাত্ৰা কৰোতে তেওঁলোকৰ কৰ্মসূচীত ‘অৰুনোদই সম্বাদ পত্ৰ’ৰ উল্লেখ নাছিল ( কিন্তু কিতাপ প্ৰকাশ কৰা সম্পৰ্কে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰা হেতুকে ছপাশাল লগত লৈ আহিছিল)!
সকলো চালি জাৰি চাই দেখা যায় যে অসমত ইংৰাজে বঙলা ভাষা জাপি দিয়া সময়ত, অসমত ইংৰাজে কানি বৰবিহ চাৰিওফালে প্ৰসাৰিত কৰি দিয়া সময়ছোৱাত, অসমৰ অৰ্থনৈতিক অৱস্থা তথা ৰাজনৈতিক অৱস্থা মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা সময়ত, যিসকল মিছনেৰীক ইংৰাজে নিজৰ স্বাৰ্থত অসমলৈ আমন্ত্ৰণ কৰি আনিছিল যিসকল খামতি, চিংফৌ আদিৰ মাজত শান্তিৰ বাণী বিলাই শান্ত কৰি ইংৰাজক শান্তি দিবলৈ আৰু যিসকল মিছনেৰী আহিছিল নিজৰ শ্বান মিছনৰ সপোন পূৰণ কৰিবলৈ -তেওঁলোকৰ সেই সপোন সেই চিংফৌ আৰু খামতিৰ দ্বাৰা সৃষ্ট অশান্তিৰ বাবেই ফলৱতী নোহোৱাত নিজৰ মূল উদ্দেশ্য ‘শ্বান মিছন’ জলাঞ্জলি দি শিৱসাগৰলৈ আহি প্ৰকাশ কৰা প্ৰথমখন অসমীয়া সংবাদ পত্ৰ ‘অৰুনোদই’ আছিল প্ৰকৃততে এক দুৰ্ঘটনাবশতঃ সৃষ্টি হোৱা এক ঐতিহাসিক ঘটনা, যি ঘটনা ঘটিছিল ১৮৪৬ চনৰ জানুৱাৰী মাহত, আজিৰে পৰা এশ পয়সত্তৰ বছৰ আগতে!
এই অৰুনোদইৰ বিষয়ে শিৱসাগৰত বসবাস কৰিবলৈ লোৱা এলিজাবেথ উইবাৰলি ব্ৰাউনে লিখিছে, “In January, 1846, Mr. Brown prepared the first number of the ‘Orunodoi’ (Dawn of Day), “A Monthly Magazine, devoted to Religion, Science, and General Intelligence,” which he edited in the Assamese language during most of the remaining years at Sibsagar. It was copiously illustrated by native engravers, whose work was pronounced in Calcutta superior to anything that had then been produced there by Bengali workmen. The reading natives liked this wide-awake magazine; the Brahmans found it interesting, and obtained some new ideas in an attraction form, besides information on topics of general interest……”(পৃষ্ঠা ৪১৬, The Whole World Kin)
অসমীয়া বাতৰি-কাকতৰ কাকতৰ ইতিহাস ‘অৰুনোদই’ ( খ্ৰী: ১৮৪৬-১৮৮৩) শীৰ্ষক এক লেখাত বেণুধৰ শৰ্মাই লিখিছে – ‘এইখনেই অসমীয়া ভাষাত পোনপ্ৰথম আলোচনী শ্ৰেণীত পৰা বাতৰি-কাকত। ইয়াৰ আগেয়ে আলোচনী বা বাতৰি-কাকত কাক বোলে অসমীয়া মানুহে ভু পোৱা নাছিল। আনকি ইংৰাজী ‘নিউজ-পেপাৰ’ শব্দটোৰো অসমীয়া প্ৰতিশব্দ নাছিল। ‘অৰুনোদইয়ে’ সম্বাদ-পত্ৰ বুলিহে তাৰ অসমীয়া বাংগনী কৰিছিল। ‘সমাচাৰ’ ‘শম্বাদ’ বা ‘সংবাদ’ এই কেইটা শব্দহে ‘নিউজ পেপাৰ’ৰ সলনি ব্যৱহৃত হৈছিল। ‘বাতৰি-কাকত’ নামটো পাছত ওলোৱা।
‘অৰুনোদই’ আমেৰিকান বেপটিষ্ট মিশ্যনৰ ঐতিহাসিক দান। উজনি অসমত ‘অসম-বন্তি’ ওলোৱা দিনতো মানুহে সেইখন কাকতকো ‘অৰুনোদই’ বুলিহে চাবলৈ ওলাইছিল। ই অসমীয়া মানুহৰ মাজত জ্ঞানৰ পোহৰ বিলালে, গোট- গোট হৈ থকা লেখা-পঢ়া জনা শিক্ষিত মানুহখিনিক সভা-সমিতি পাতিবলৈ শিকালে, বাতৰি-কাকতলৈ বাতৰি দিব লাগে কেনেকৈ তাকো শিকালে। আলোচনীৰূপে অসমৰ সাঁচিপতীয়া বুৰঞ্জী আদি ছপাই অসমীয়া জাতিৰ স্বতন্তৰীয়া সভ্যতা জগতৰ আগত দাঙি ধৰিলে। ‘অৰুনোদই’য়ে আটাইতকৈ ডাঙৰ কাম কৰিলে—অসমীয়া ভাষাটো একেবাৰে স্বতন্তৰীয়া বুলি প্ৰতিপন্ন কৰি। অৱশ্যে ইয়াৰ আঁৰত আছিল আনন্দৰাম ঢেঁকীয়াল ফুকন। তদুপৰি ছপাশালৰ আওভাও নোপোৱা অসমীয়া মানুহক ‘অৰুনোদই’ ছপাশালত আখৰ-বাছিবলৈ শিকালে। বজৰমণি কাঁইটৰ ব্লক কৰি ছবি ছপাব লাগে কেনেকৈ তাকো দেখুৱালে।
‘অৰুনোদই’ উলিওৱা ইতিহাস বৰ দীঘল। তথাপি সকলোৱে জানে যদিও ইয়াৰ বিশেষত্ব দুটিমান নুনুকিয়াই নোৱাৰিলো। ‘অৰুনোদই’ ছপা কৰা যিটো ছপাশাল সেইটো ৰেভাৰেণ্ড কটাৰ (Rev Cutter) চাহাবে শদিয়াৰ পৰা আনি শিৱসাগৰৰ দৈকলঙীয়া গাঁও আৰু থানাঘাটৰ পৰা অলপ ভাটীয়ে পকাঘাটৰ ওচৰত বহুৱায়হি। ইয়াৰ পৰাই ১৮৪৬ চনত, কটাৰ, ডঃ নাথান ব্ৰাউন পাদুৰী চাহাব দুয়ো গোট খাই ‘অৰুনোদই’খন প্ৰকাশ কৰে। কাকতখনত মাহেকৰ মূৰে মূৰে ওলাইছিল। আজিকালি মাহেকীয়া কাকত এখনক কোনেও বাতৰি-কাকত বুলি নকয়—আলোচনী বুলিহে ক’ব। কিন্তু, অসমত নাভূত-নাশ্ৰুত সম্বাদপত্ৰ ‘অৰুনোদই’য়ে মাহেকৰ মূৰত হ’লেও আলোচনী আৰু বাতৰি দুয়োবিধ কাকতৰে কাম সম্পাদন কৰিছিল।…’( বুৰঞ্জীৰ সঁফুৰা, বেণুধৰ শৰ্মা ৰচনাৱলী)
এনেভাবেই এক দুৰ্ঘটনাবশতঃ অসমত অৰুনোদইৰ জন্ম হ’ল আৰু সেয়া আমাৰ বাবে হৈ পৰিল এক ঐতিহাসিক ‘ঘটনা’! সুদূৰ আমেৰিকাৰ পৰা মৌলমেনলৈ আহি, মৌলমেনৰ পৰা কলকাতালৈ আহি, হুগলী-বুঢ়ীগঙ্গা- ব্ৰহ্মপুত্ৰৰে নাওত ছপাশাল লৈ শদিয়া পাই, শদিয়াৰ পৰা জয়পুৰ, জয়পুৰৰ পৰা শিৱসাগৰলৈ আহি আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে এক অন্ধকাৰাচ্ছন্ন পৰিৱেশৰ মাজত আজিৰে পৰা ১৭৫ বছৰ আগতে অৰুণৰ উদয় সংঘটিত কৰালে।
অসমত সৰ্বপ্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল সংবাদ সেৱা। অসমৰ শিৱসাগৰ অঞ্চলৰ বা- বাতৰিৰ লগতে বিশ্বৰ বিভিন্ন বা-বাতৰিৰে অসমৰ মানুহক অৰুনোদইয়ে পৰিচয় কৰালে। অসমৰ পঢ়াশালি আৰু চৰকাৰী কাৰ্যালয়, আদালতৰ পৰা অসমীয়া ভাষাক বহিষ্কাৰ কৰা সময়ছোৱাত অৰুনোদইয়ে অসমীয়া ভাষাত ১৮৪৬ চনৰ জানুৱাৰী মাহত আৰম্ভ কৰা সংবাদপত্ৰৰ ঐতিহাসিক যাত্ৰাৰ প্ৰথমটো সংখ্যাত প্ৰকাশ হ’ল “জোআ বচৰৰ কথা” ( Summary of Events in 1845)।
এই লেখাত ইংলেণ্ড, কলিকতা, মলমাইন, মেক্সিকো, দূৰবীন, চুইজাৰলেণ্ড, আমেৰিকা, কাবুল, ৰুচিয়া, নুজিলেন্ড, স্কটলেণ্ড, জাৰ্মানী, মাদাগাস্কাৰ, আলজেৰিয়া, টাহিটি, ঢাকা, গুৱাহাটী, পাটনা, বঙ্গ, আইচলেন্ড, ডেনমাৰ্ক, পঞ্জাৱ, ফিৰোজপুৰ আদিৰ বাতৰি সহজ- সৰলভাৱে চুটি চুটিকৈ পাঠকৰ চকুত ডাঙি ধৰিলে; আৰু সেয়াই আছিল অসমীয়া ভাষাৰ প্ৰথম সংবাদ উপস্থাপন তথা পঠন।
‘জোআ বচৰৰ কথা’ৰ পিছত অৰুনোদইৰ পৃষ্ঠাত দেখা গ’ল ‘ধৰমৰ কথা বাত্ৰা’ ( Religious Intelligence), ‘ৰজাৰ মৈদাম খনা'( Tombs of the Ahom Kings), – ইয়াত(১) ‘লখমি সিংহ ৰজাৰ পকি মৈদাম খানিলে। তাত অনেক বস্তু ওলাল; যি মানুহে খানিলে তাক ফাটকত দিলে;(২) ডেকা গৰখীয়া ৰজাৰ মৈদাম। তাক ১৪৭৪ সঁকত বান্ধিচিল; চ খোটালি ঘৰ; খানিলতে অনেক সোন ৰূপৰ বাচন অলঙ্কাৰ পালে বুলি কই, আৰু মৈদামৰ ভিতৰত ঠায়ে ঠায়ে অনেক হাৰ ওলাল; (৩) প্ৰমত সিংহ ৰজাৰ পকি মৈদাম, তাক ১৬৭৩ সঁকত বন্ধা হৈচিল;……(১৩) প্ৰতাপ সিংহ ৰজাৰ মৈদাম… আগৰ কালত মিচৰ দেসত ৰজা সকলৰ এনে পকি মৈদাম বন্ধা দস্তুৰ আচিল। সেই মৈদাম তিনি হেজাৰ বচৰতকৈ অধিক হৈচে, তথাপি এতিয়ালৈকে নষ্ট নো হোআকৈ সেই দেসতে আচে। তাৰ এটা নক্সা তলত লিখা আচে।’
অৰুনোদইৰ প্ৰথম সংখ্যাত প্ৰকাশ হ’ল “কানিৰ বিবৰন“(Evils of Opium);
সেই বিবৰনত লিখা হ’লঃ
‘অতি মন্দ বস্তু কানি
জি খাই বৰ অগিয়ানি,
সঞ্চিত বস্তু হই তাৰ হানি,
মুখে কই কটু বানি।
সকল লোকে থাকে জানি,
কানি খাই মন্দ প্ৰানি,
সি ন হই সংসাৰত গিয়ানি,
কথাই তাৰ অপ্ৰমানি।’
কানি বৰবিহে অসমক গ্ৰাস কৰাৰ পটভূমিত ‘কানিৰ বিবৰন’ত পুনৰ লিখা হৈছিলঃ ‘বুধবাৰ ইং সন ১৮৪৫ ৰ ২৪ ডিচেম্বৰত বেলি চাৰি ঘৰি বজখৰ সমইত এক জন লোকে সিৱসাগৰৰ গিয়ানৰ সভাত নিবেদন কৰি কলে বোলে, কানি খালে ভাল ন হই, কিয়নো তাক খালে একো লাভ নাই, কেৱল মানুহ নষ্ট হই মাথোন; এই নিমিত্তে সেই কথাৰ বাদ বিচাৰ হবলৈ সভাপতি প্ৰমুখ্যাত সভাৰ সকলো মানুহৰ আগত বিনই ৰূপে নিবেদন কৰি জনালে।
‘পিচে সেই কথাতে সভাৰ প্ৰধান লোক এই দেসি আৰু বিদেসি জি জি মানুহ সভাত আচিলে, সকলোএ বাদ বিচাৰ কৰি কৰি দেখিলে, আৰু কলে বোলে, কানি খালে ভাল নহই, এই কথা সকলোৱে গ্ৰাহ্য কৰিলে; আৰু কানি খালে তাৰ অপকাৰৰ জি জি ফল ধৰে, তাকো সকল মানুহে পৰ্হি জানিবলৈ ইয়াতে লিখি জনাইচে।
‘জদি কোনো বৰ ভদ্ৰ লোকৰ ঘৰত বহুত সম্পতি থাকে আৰু সোনে ধনে বৰ চহকি হই, পিচে সি কানি খাবলৈ সিকিলে, আৰু লাহে লাহে অলপকৈ নিতৌ নিতৌ খাই পিচে সহজ হলে , তেতিয়া তাৰ সেই ধন থাকে মানে, নিৰ্ভই মনেৰে অতি মন দি খাই, আৰু আন আন জি কানিয়া মানুহ আহে তাকো খুৱাই; এই ৰূপে খাঁওতে খাঁওতে কিচুমান বচৰৰ মূৰত তাৰ জি জি সোন ধন আচিলে, সেই আটাই কানি খাওঁতে ধুকাল, আৰু আন জি জি কানি কাপৰ লোটা বাটি কাঁহ পিতলৰ পাত্ৰ তাকো কানিৰ লগতে বেচি বেচি খালে; পিচে সেই কানিৰ গুনতে থাকি সি একো বন কৰিব নোঅৰা হল, কিয়নো একো সক্তি নাই নিৰ্বলি হল, আৰু সৰপা হৈ বেলিলৈকে সুবৰ মন মাথোন; পিচে তাৰ ঘৰৰ গৰু মহ আন আন জি সম্পতি আচিলে সেই সকলো কানিৰ লগতে নষ্ট হল, আৰু নিচইকৈ সি দুখিয়া হল।
‘পিচে তাৰ লৰা তিৰোতা জি জি পৰিয়াল থাকে, সিহঁতে সৈতে সদাই দন্দকৈ থাকে, আৰু খোআ বোআ বেলিত একো সুখ নাই, আৰু তাৰ ওচৰ চুবুৰিয়া চিনাকি মিতিৰবিলাকেও তাক মৰম ন কৰে, সেই নিমিতে কতো কানি পাবৰ উপাই নাই দেখি, আপোন ঘৰ বাৰি এৰি দেসে দেসে গাঁৱে গাঁৱে ফুৰি থাকে; আৰু সেই কানিয়া মানুহৰ আই বুপাই ভাই বন্ধু ইষ্ট কুটুম কালৈকো এফেৰিও মৰম নে লাগে; তাৰ গুন এই, জদি তাৰ মিতিৰৰ ঘৰত কিবা ভাল বস্তু দেখে তেন্তে সেই বস্তু লবলৈ সি বৰ চল চাই ফুৰে, কানি বা ৰূপ বা সোন বা আন জি বস্তু দেখে, তাকে চুৰকৈ আনে, পিচে আন ঠাইত বেচি কানি খাই, আৰু সি কেতিয়াও সঁচা কথা ন কই, এই ৰুপে কানিয়া মানুহে কানি খাবলৈ নেপালে সদাই চুৰ কৰি ফুৰে; কিন্তু কেতিয়াবা ধৰিবলৈ পালে ৰাজ সোধলৈ ধৰি নিএ, তাতে তাৰ আটাই চিনাকি মিতিৰবোৰৰ আগতো বৰ লাজ পাই, আৰু সোধতো দুসি হই তেতিয়া ৰাজ আগ্যানুসাৰে তাক ফাটকত দি থই; তাতে কানি খাব নাপাই অতি দুখ ক্লেস পাই, জাতনা ভুঞ্জি সৰিল অতি খিন হৈ, কি জানি কিচুমান দিন থাকি তাতে মৰি জাই।…..’
আমেৰিকাৰ বেপ্টিস্ট মিছনেৰীসকলে অসমত কানিৰ প্ৰাদুৰ্ভাৱ দেখি বিস্মিত হৈ পৰিছিল। সেইবাবেই প্ৰথম সংখ্যা অৰুনোদইত কানিৰ বিষয়ে দীঘল লেখা প্ৰকাশ কৰি মানুহক সচেতন কৰিবলৈ বাঞ্চা কৰিছিল। ১৭৫ বছৰ আগৰ সেই দীঘল লেখাটোৰ মোখনি মাৰিছিল এনেদৰে-
‘অতি প্ৰিয় বন্ধু লোক সুনা কৰ্ন ভৰি,
মই নিবেদন কৰোঁ ক্ৰিতাঞ্জলি কৰি,
কানি, ভাঙ্গ, ফটিকা, এই সকলো নষ্ট,
তাক জি জি লোকে খাই অতি পাই কষ্ট।
অল্প অল্প কৰি খাই নু গুনে মনত,
পিচে হাত লগাই তাৰ সঞ্চিত ধনত,
একো লাভ নে পাই, তাৰ ৰাগি থাকে ধৰি,
বন বাৰি ন কৰি কেৱল থাকে পৰি।
এই ৰুপে খাঁওতে খাঁওতে ধনৰ পৰে ওৰ,
একো উপাই নে পাই পিচে হই মাথোন চোৰ,
অনেক অমৰ্জতা কৰি লৈ জাই ধৰি,
অতি দুখে থাকে পিচে কইদত পৰি।
কিচু দিন থাকে তাতে অতি দুখ পাই,
অনেক জাতনা খাই প্ৰানে মৰি জাই,
পৰকালে গতি তাৰ কি হব বিলাই,
অনন্ত নৰকে পৰি কৰে হাই হাই।
কানি আদি ৰাগি বস্তু খালে এই গুন,
সমস্ত সংসাৰৰ প্ৰানি মন দি সুন,
জানি জত্নে এৰা অতি মন্দ কানি,
ইস্বৰ আগ্যা সিৰে ধৰা, এই প্ৰিয় বানি।
প্ৰিথিবিত গিয়ানি হবা, পাবা সন্তৰ সঙ্গ,
প্ৰেমে প্ৰভুৰ গিত গোআ মনে কৰা ৰঙ্গ,
মৰনতো নাই ভই জানিবা নিচই,
অনন্ত ঐস্বৰ্জ সুখ পাবা স্বৰ্গে জাই।’
“কানিৰ বিবৰন”ৰ দ্বাৰাই সমাপ্ত হৈছিল প্ৰথম সংখ্যা ‘অৰুনোদই সম্বাদ-পত্ৰ’। একেবাৰে তলত ছপা কৰা হৈছিলঃ
“THE ORUNODOI”, A monthly Paper, devoted to Religion, Science, and General Intelligence, is printed and published at the Sibasagar Mission Press, by O.T. Cutter, for the American Baptist Mission in Asam. Price one Rupee per annum, in advance, or oneand a half at the end of the year.”
অৰুনোদই সম্বাদ-পত্ৰৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সংখ্যাত ‘অনেক দেসৰ সংসাৰিক সম্বাদ'( General Intelligence) শীৰ্ষক প্ৰথম পৃষ্ঠাৰ সংবাদে কঢ়িয়াইছিল ‘হিন্দুস্থানৰ বাতৰি’ৰ লগতে ‘অন্য অন্য দেসৰ কথা’- য’ত আছিল কলকাতাৰ পৰা আয়াৰলেণ্ডৰ সংবাদ, মানদেশৰ পৰা বৰ্নিও উপদ্বীপৰ সংবাদ, ব্ৰাজিলৰ পৰা নিউয়ৰ্কৰ সংবাদ। সংক্ষেপে প্ৰকাশ কৰা ‘ধৰমৰ কথা বাত্ৰা'( Religious Intelligence)ৰ লগতে বিশদভাৱে বৰ্ণনা কৰা ‘গ্ৰহৰ বিবৰন'( The Solar System) প্ৰকাশ কৰা হৈছিল।
প্ৰকাশ কৰা হৈছিল ‘প্ৰিথিবিৰ আকাৰৰ বিসই'( Shape of the Earth); আৰু এই লেখাৰ জৰিয়তে পাঠকসকলক জনোৱা হৈছিল -‘ প্ৰিথিবি ৰবাব টেঙ্গাৰ নিচিনা ঘুৰনিয়া। পুৰান আদিতে কই, প্ৰিথিবি আৰ্চিৰ নিচিনা; আৰু পুথি কৰা লোকে লিখে, যে প্ৰিথিবি চাৰি চুকিয়া, ও কোনোএ তিনি চুকিয়া বুলি কই। সেই সকল কথা প্ৰমান ন হই ; কাৰন ইউৰপ দেসৰ জোতিসৰ পুথিত ও ব্ৰহ্ম সিদ্ধান্তত ও সুৰ্জ্য সিদ্ধান্তত ও সিদ্ধান্ত সিৰোমনিকে আদি কৰি পুথিবিলাকত প্ৰিথিবি ঘুৰনিয়া বুলি কৈচে। ….. প্ৰিথিবি জে ঘুৰনিয়া ইয়াৰ পৰিমান পাবলৈ কোনোবা নাবিক ইউৰোপৰ এক দেসৰ পৰা জাহাজেৰে একে মুখে প্ৰিথিবিৰ চাৰিও ফালে ঘুৰি আকও আপোন দেস পাইচিল। জদি প্ৰিথিবি ঘুৰনিয়া নো হোআহেঁতেন তেন্তে নাবিক লোকে আপোন মুখ নু ঘুৰুআকৈ আপোন দেসলৈ আহিব নোআৰিলেহেঁতেন।….প্ৰিথিবি জে গোল আৰু সূজক ঘুৰে, গালিলিও নামে জি জন পন্ডিতে এই কথা প্ৰমান দি থিৰ কৰিলে, সেই কথা প্ৰকাস কৰাৰ কাৰনে কমিয়া ধৰমৰ ৰজাই তেওঁক ধৰিলে, আৰু ধৰমৰ বিৰোধে মিচা কথা সিকাইচে বুলি তেওঁক বন্দিসালত থৈ অনেক দুখ তাৰনা কৰিলে।’
১৮৪৬ চনৰ মাৰ্চ মাহৰ তৃতীয় সংখ্যাত একেধৰণে ‘অনেক দেসৰ সম্বাদ’ত ‘সিবসাগৰৰ উজনি মেটেকাৰ ঘাটত বৰ্তমান মাহে এজনি তিৰোতা মানুহে দিখৌ নৈত নামি পাৰ হঁওতে এটা ঘঁৰিয়ালে কামুৰি মাৰিলে’ৰ পৰা সতদ্ৰু নদীত হোৱা ঘটনা, লাহোৰৰ সম্বাদ, কলিকতা, ইংলেণ্ড, ইত্যাদি বিভিন্ন সম্বাদৰ লগতে ‘লঙ্কাৰ বিবৰন (Dwarakanath Tagore’s Description of Ceylon)’, ‘পলিকাৰ্পক মৰাৰ কথা ( Martyrdom of Polycarp)’ , ‘আমেৰিকা প্ৰথমে দৰ্সন হোআৰ কথা( Discovery of America)’ আদি বিশদভাৱে ডাঙি ধৰিছিল; আৰু প্ৰকাশ কৰিছিল ‘প্ৰিন্তিং প্ৰেচৰ বিবৰন, অৰ্থাত চাপা খানাৰ আখ্যান ( Discovery of Printing)’। এই বিৱৰণত চকু ফুৰালেই সাধাৰণভাৱে অনুমান কৰিব পাৰি যে মিছনেৰীসকলে যেতিয়া অসমলৈ আহি অৰুনোদই প্ৰকাশ কৰিছিল, সেইসময়ত ছপাশাল কেনে আছিল! সমগ্ৰ বিশ্বজুৰি ছপাশালে বৈপ্লৱিক পৰিবৰ্তন আনিছিল। সেইকাৰণেই ধুবুৰীৰ সভাত বেপ্টিস্ট মিছনেৰীসকলৰ ছপাশালৰ গুৰুত্ব অনুধাৱন কৰি তেনে এক বিষয়ৰ ওপৰত সৌম্যদ্বীপ দত্তই আলোকপাত কৰিছিল।
হয়, অসমৰ সংবাদ জগতৰ বাবেই নহয়, অসমীয়া সাহিত্য, অসমৰ সভ্যতা- সংস্কৃতি, অসমীয়া ভাষা এই সকলোৰে সৈতে ছপাশাল জড়িত হৈ আছিল আৰু ছপাশালৰ গুৰুত্ব আছিল তুলনাবিহীন। কিন্তু সেইছোৱা সময়ৰ ছপাশাল কেনে আছিল? অৰুনোদইৰ সেই লেখাৰ জৰিয়তে কোৱা হৈছিল -‘ আগৰ কালত কোনো মানুহে চাপা খানাৰ জন্ত্ৰ আৰু সেই কৰম কি ৰুপে কৰে তাক, কেৱে নে জানিচিল ; খেহ দেসত হলে কাঠৰ ওপৰত আখৰ কাটি পাচে তাতে মহি দি কুঁচিএৰে থপিয়াই চাপিচিল, তাৰ বাহিৰে একোকে নে জানে। কিন্তু ১৪৩০ ইং সঁকত হলন্ড দেসৰ হাৰ্লেম নগৰত লাৰেঞ্চ জাঞ্চেন নামে এজন লোকে উমলিবৰ কাৰনে এজোপা গচত আখৰ কাটি তাৰ ওপৰত মহি দি চাপিলত অতি সুন্দৰ ৰুপে আখৰ ওলাল ; পাচে এনে হবৰ দেখি সেই মানুহৰ আসা বাৰ্হি আৰু আখৰ এটি এটিকৈ কাটিব ধৰিলে, পাচে সকলোকে একেলগ কৰি কিতাপ চাপিব ধৰিলে; কিন্তু কাঠত আখৰ কাটোঁতে অতি বিলম হোআত, এখন কিতাপ চাপোঁতে সাত আঠ বচৰ হল।
‘পাচে গতনবৰ্গ নামেৰে এজন মানুহে আখৰ বেলেগকৈ কাটি জোঁটাই জোঁটাই দিবলৈ ধৰিলে ; তাতে একে আখৰ অনেক বেলি অনেক পুথিত সুমাই চাপিব পাৰে। পাচে কাঠৰ আখৰ বেগাই খ্যই হই, ইয়াকে দেখি সিহৰ ওপৰত আখৰ কাটিবলৈ ধৰিলে। ইয়াৰ পাচে ফষ্টচ আৰু চেফৰ নামেৰে দুজন মানুহে গোট খাই কাম কৰিবলৈ সন্মত হলত সেই চেফৰে সিহ পগাই আখৰ ঢালিবলৈ কাৰ্বাৰ কৰিলে। কিন্তু ইয়াৰ আগৈএ জেতিয়া সিহত আখৰ কাটিচিল তেতিয়া অনেক বিলম হৈচিল। পাচে সেই চেফৰে আখৰ ঢালিবৰ বুধিৰে প্ৰথমে এডোখৰ টিখাৰ ওপৰত আখৰ কাটি সেই টিখাৰ আখৰক এডোখৰ তামৰ ওপৰত বৰ সকতকৈ বহাই দি; পাচে জিমান ইচা কৰে সিমান আখৰ সিহ উতলাই বাকি লই। গতনবৰ্গ, ফষ্টচ, আৰু চেফৰ, এই তিনিএ গোট খাই লাতিন ভাসাৰে ইস্বৰৰ ধৰম পুথি চাপি ১৪৫০ সঁকত এঁটালে।
‘সেই কালৰে পৰা ইংৰেজি লোকে অনেক বুধি কৰি সেই চাপা খানাকে আদি কৰি আৰু অনেক চাপা খানাৰ জন্ত্ৰ তৈয়াৰ কৰি আগতকৈও অতি উত্তমকৈ সাজিলে। আগৰ কালত হলে জিবিলাক চাপা কৰম কৰিচিল সেইবিলাকৰ কাঠৰ জন্ত্ৰ আচিল, কিন্তু এতিয়া হলে মানুহৰ গিয়ান বাৰ্হি তাতোকৈও ভালকৈ নতুন জন্ত্ৰ অকল লোহাৰে কৰিচে; তাতে আগৈএ দিনে দিনে তিনি চাৰি স চাপিচিল, কিন্তু পাচে দিনত এহেজাৰ বা ডেৰ হাজাৰ চাপিব পাৰিচিল ; এতিয়া ১ ঘৰিতে ভাপ কলেৰে দু হেজাৰ দুয়ো ফালে চাপিব পাৰিচে। এই কাৰন এতিয়াৰ কালত মানুহৰ অতি লাভ হৈচে।
‘আৰু সেই চাপা খানা প্ৰেচত গাই পতি ১০০০ এহেজাৰ টকা দাম হই, কিন্তু জি খানত ঘৰিত ২০০০ দু হেজাৰ চাপিব পাৰে তাৰ দাম অধিক হব। আৰু জি সালত চাপে তাৰ তলে ওপৰে দুচটা লোহাৰ পতা আচে, তলৰ চঁটাৰ ওপৰতে আখৰ থৈ পাচে চাপে। আৰু ইয়াৰ নক্চা ওপৰে দিয়া হৈচে ; তাৰ গুৰিতে দুফালে দুটা মানুহ থিয় হৈ চাপিচে। আৰু তাৰ বাঁও ফালে জি এটা থিয় হৈ আচে, সি আখৰৰ ঘৰৰ পৰা আখৰ আনি এচঁটা লো হাতত লৈ তাতে এটা এটাকৈ মিলাই জোঁটাইচে। জেতিয়া সাত আঠ সাৰি হই তেতিয়া এচটা কাঠত থৈ, এপিঠি হলে পাচে জৰিৰে বান্ধি ৰাখে ; আৰু জেতিয়া সৰহ পিঠি হই তেতিয়া সেই চপা সালৰ ওপৰত থৈ নিএ।
‘এই ৰুপে এই অসম দেসলৈকো আমেৰিকাৰ সাহাব লোকে চাপা খানাৰ সাল আনি কিতাপ চাপি ধৰম বিসয়ে আৰু গিয়ান বিসয়ে লোক সকলক দিচে। ইয়াতে সকলো মানুহলৈ অতি উত্তম হৈচে, কিয়নো আগৈএ অনেক মানুহে কিতাপ সাস্ত্ৰ নো পোআতে অধিককৈ পৰ্হিব নোআৰিচিল ; কিন্তু এতিয়া দেসে দেসে চাপা কৰা কিতাপ গৈচে, আৰু অনেকে পৰ্হিচে, আগৈএ ভদ্ৰলোকৰ বাহিৰে সামান্য লোকে সৰহকৈ পৰ্হিব নোআৰে, তেও এতিয়া অনেকে পৰ্হি গিয়ান বুধি পাইচে, আৰু জাক জি কিতাপ লাগে চাপাখানালৈ আহিলে তাকে পোআ জাই।’
মুঠতে অসম মুলুকত ছপাশালে আৰু ছপাশালৰ পৰা ওলাই অহা অৰুনোদইয়ে এক নতুন অবিস্মৰণীয় অধ্যায়ৰ সূচনা কৰিলে। অৰুনোদইৰ পৃষ্ঠাই পৃষ্ঠাই ছপা হবলৈ ধৰিলে – প্ৰিথিবিৰ বিবৰন, কএদি এজনক ফাঁসি দিয়া কথা, কলিকতাৰ পানি সিলৰ ভঁৰাল, সিংহৰ বিবৰন, কানিয়া মানুহ এজনি মৰাৰ কথা, তেজ জোআ সিৰৰ বিবৰন, প্ৰিথিবিৰ উত্তৰ ফালৰ বিবৰন, কাকতি ফৰিঙ্গৰ কথা, ফটিকাৰ বিবৰন, বাঘৰ বিবৰন, ভোটৰ দেসৰ বিবৰন, অৰুনোদই পৰ্হা সৰু লৰাবিলাকৰ প্ৰতি প্ৰথম প্ৰনই পত্ৰ, উত্তমাসা অন্তৰিপ ঘুৰি ইউৰপৰ পৰা ভাৰতবৰ্সলৈ প্ৰথম আহিবৰ কথা, থেইমচ্ নৈৰ তলে দি সুৰুঙ্গা বাট কৰৰ বিবৰন, লোৰ বিবৰন, মিচৰ দেসৰ বিসই, য়িহুদিবিলাকৰ কথা, গ্ৰিক দেসৰ কথা, ৰোমৰ ৰাজ্য, নতুন গ্ৰহ দেখা পোআৰ কথা, অসমিয়া আৰু বঙ্গালি, বিবাহ নো হোআকৈ চোআলি অনা, চন্দ্ৰ সুৰ্জৰ গ্ৰহন, জাইফলৰ গচ, খামতিৰ বিবৰন, মিচিমিৰ বিবৰন, চিংফৌৰ বিবৰন, প্ৰিথিবিৰ বৰ্গমাইল আৰু প্ৰজাৰ মুঠ লেখা, অঁকাৰ বিবৰন, কলিকতাত বলুনত উঠি জোআৰ কথা, অসম লৰা আমেৰিকালৈ জোআৰ কথা, অসমিয়া লৰাৰ মিত্ৰ, হিন্দুস্থানৰ বুৰঞ্জি, কলিকতা নগৰৰ পিয়ল, পুৰনি অসম বুৰঞ্জী, কাস্মিৰ দেসৰ বিবৰন, কামৰুপৰ বুৰঞ্জি, টাইমচ্ নামেৰে সম্বাদ পত্ৰ চপা ঘৰ, অচম দেসৰ লোক সকলৰ প্ৰতি নিবেদন পত্ৰ, অচমিয়া ভাষা, হুমায়ুন বাদস্যাৰ বিবৰন, কামৰুপ ৰজা নৰনাৰায়ণৰ মোহৰ, অচমিয়া আৰু বঙ্গালি ভাসাৰ কথোপকথন, ….. এনেদৰেই অৰুনোদইৰ পৃষ্ঠাই বহন কৰা সংবাদবোৰ অসমীয়া ভাষাৰ মাধ্যমেৰে মানুহৰ কাষ চাপিবলৈ ধৰিলে। ইতিমধ্যে পৃথিৱীৰ বক্ষত ছপাশাল আৰু সংবাদ-পত্ৰ / সংবাদ-সেৱাৰো লাহে লাহে পৰিৱৰ্তন হৈছিল। অৰুনোদইৰ ১৮৪৯ চনৰ জুলাই মাহৰ সংখ্যাত অসমীয়াই পুনৰ পঢ়িলে – ‘চাপা খানাৰ কথা( Printing)’! সেই লেখা আছিল এনেধৰণৰঃ লন্ডন নগৰত টাইমচ্ নামে প্ৰতি দিনে চপা এক ডাঙ্গৰ সমাচাৰ পত্ৰ ভাপ কলেৰে ঘন্টাই পতি এপিঠিকৈ ৪৫০০ পাত চাপে, আৰু দেওবাৰ এৰি দিনেপতি ৪০,০০০ মান চাপি ডাকত পঠাই দিএ। সেই পত্ৰকে ঘন্টাত ১০,০০০ পাত চাপিবৰ আসয়েৰে এজন গিয়ানি চাহাবে এক ভাপৰ প্ৰেচ সাজিচে। কোনো ঠাইত এতিয়াও ৮০০০ চাপে। আমেৰিকান মেচেঞ্জাৰ নামে এক
পত্ৰ নুয়ৰ্ক নগৰত মাহে পতি ১৩০০০০ এক লাখ ত্ৰিচ হেজাৰ চাপে।
‘ইংৰাজি ১৭৭৫ সনত আমেৰিকা মহাদেসত মুঠে ৩৮ সমাচাৰ পত্ৰ আচিল ; এতিয়া সেই দেসত ৩০০০ আচে। সেই দেসৰ নুয়ৰ্ক নগৰতে ১৬০ পত্ৰ চাপা জাই। সেই নগৰৰ পৰা ৭,০০,০০,০০০ সাত কোটি খন বচৰত ঠায়ে ঠায়ে পঠাই দিএ। সেই পত্ৰবোৰ চাপিবৰ নিমিত্তে ৩৬,০০,০০০ তিনি নিজুত চই লাখ মান দিস্তা তুলাপাত খৰচ হই।
‘পাৰি নগৰত মৌৰ্তন নামে এজন আমেৰিকান চাপা খানাৰ কাম কৰা মানুহ ধনৱন্ত হৈ ম্ৰিত্যুকালত এই আগ্যা কৰিলে, জি কোনোএ একে ঘৰিত ১০,০০০ পাত চাপিব পৰা জন্ত্ৰ সাজিব সেই মানুহক মোৰ ধনৰ ৪,০০,০০০ চাৰি লাখ টকা দিব; তাৰ নিমিতে সেই মান টকা থৈ গল; এতিয়া জাৰ জি বুধি সি পুৰুষাৰ্থ কৰিলে কি জানি সেই ধন পাব পাৰে।
‘ইন্দিয়ান টাইমচ্ নামে এখন নতুন সমাচাৰ দৰ্পন প্ৰথম জানুৱাৰিৰ পৰা নিতৌ নিতৌ কলিকতাত চাপিচে। সেই পত্ৰ বেগাই চাপিবৰ নিমিতে ভাপৰ কল জন্ত্ৰ ইংলন্ডৰ পৰা অনাইচে। ইউৰপিয়া আমেৰিকা দেসত এনে ভাপৰ প্ৰেচেৰে বহুত পত্ৰ আৰু কিতাপ চাপে, কিন্তু এই ভাৰতবৰ্সলৈ তেনে জন্ত্ৰ আগৈএ আনি চপা নাই। মান দেসত আমেৰিকান মিস্যন চাপা খানালৈ হাতেৰে ঘুৰাই চপা কলৰ প্ৰেচ ১২ বচৰ মানৰ আগৈয়ে আনিলে। তেনে প্ৰেচৰ নকচা সিপিঠিত লিখা আচে।'(অৰুনোদই, জুলাই, ১৮৪৯) অসমত সংবাদ সেৱা পোনপ্ৰথমে আৰম্ভ কৰা আৰু পোনপ্ৰথমবাৰৰ বাবে ছপাশাল স্থাপন কৰা আমেৰিকান মিছনেৰীসকলৰ কাকত অৰুনোদইৰ ১৮৫১ চনৰ মেই মাহত ‘কলিকতা আদি বঙ্গাল দেসত চলোআ বঙ্গালি ভাসাৰ সমাচাৰ পত্ৰবিলাকৰ নাম’ (Periodical Publications in Bengali) শীৰ্ষক এক লেখাৰ জৰিয়তে অসমৰ পাঠক সমাজক আভাস দিয়া হৈছিল-
দিনে পতি চাপা কৰা পত্ৰ ।
নাম ঠাই বচৰেকত দৰ
১. প্ৰভাকৰ সিমলা ১২\
২. পুৰ্নচন্দ্ৰোদই আম্ৰাতলা ১২\
সপ্তাহত তিনি বেলি চাপা ।
১. ভাস্কৰ সোভা বাজাৰ ১২\
২. ৰসসাগৰ চোৰিবাগান ৬\
সপ্তাহত দুইবাৰ চাপা।
১. চন্দ্ৰিকা আৰপুলি ১২\
২. ৰসৰাজ সোভা বাজাৰ ৬\
৩. সজনৰঞ্জন সিমলা ৩\
৪. গ্যানপ্ৰদানি বৰ্ধমান ৩\
সপ্তাহত এবেলি চাপা।
১. সাধুৰঞ্জন সিমলা ৩\
২. সুধাংসু কলিকতা
৩. গৱৰ্নমন্ট গেজেট স্ৰিৰামপুৰ ১২\
৪. সত্য প্ৰদিপ স্ৰিৰামপুৰ ৬\
৫. সংবাদ বৰ্ধমান বৰ্ধমান ৬\
৬. চন্দ্ৰোদই বৰ্ধমান ৬\
৭. বাৰ্তাবহ ৰঙ্গপুৰ ৬\
মাহত দুবেলি চাপা
১. নিত্য ধৰ্মানুৰঞ্জিকা পাতৰিয়া ঘাট ৩\
মাহে মাহে চাপা
১. তত্ববোধিনি পত্ৰিকা জোৰাসাঙ্ক ১২\
২. কৌস্তুভকিৰন সোভা বাজাৰ ১২\
৩. উপদেসক চেৰ্কুলৰ ৰোদ ১||
৪. সত্যাৰ্নব মিৰ্জাপুৰ ১✓
৫. সৰ্বসুভকাৰি বৌ বাজাৰ ৩\
ওপৰৰ তালিকাৰ পৰাই গম পোৱা যায় যে অসমতকৈ আগতে বঙ্গদেশত ছপাশালৰ প্ৰৱেশ হোৱা হেতুকে তাত সংবাদ-সেৱাৰ প্ৰসাৰ কিমান বাঢ়িছিল। যি কি নহওক, ছপাশাল এটা লগত লৈ নদীৰে উজাই আহি, অসমীয়া ভাষা শিকি, শিৱসাগৰত ব্ৰাউনৰ দলটোৱে জন্ম দিয়া ‘অৰুনোদই সম্বাদ-পত্ৰ’ ১৮৫১ চনৰ জানুৱাৰী মাহৰ পৰা ‘অৰুনোদই’ হৈ পৰিছিল, ‘সম্বাদ-পত্ৰ’ শব্দ দুটা বাদ পৰিছিল। ১৮৫৩ চনৰ ‘ফেবৰুআৰি’ সংখ্যাত জনৈক দয়াৰাম চেটিয়াৰ ‘চাপাখানাৰ বিবৰন( Description of the Printing Office)’ প্ৰকাশ হ’ল অতি সুন্দৰ আঙ্গিকেৰে-
চাপাখানাৰ বিবৰন।
মাহে মাহে অৰুনোদই জেনে মতে পাই,
তাৰ বিবৰন লিখোঁ জন্ত্ৰ সব চাই ;
বহু বহু লোক আচে দেখিতে নে পাই,
অচম দেসত জানা এনে জন্ত্ৰ নাই।
এক গোটা পকি ঘৰ ইটাৰে কৰিচে,
ঠায়ে ঠায়ে বহু জন্ত্ৰ তাহাতে থাপিচে;
কোঁঠালি কোঁঠালি তাক দেখিবাক ভাল,
আৰ্চিৰ দুআৰ তাত দিচে চাৰি ফাল।
তাহাৰ ভিতৰে জন্ত্ৰ জতক আচই,
আদি অন্ত নাহি তাৰ কত কৰ্ম হই,
আখৰ ঢলোৱা জন্ত্ৰ জতেক আচই ;
খোঁটালিৰ মাজে সব ভৰিয়া ৰাখই।
নানা দেসে নানা বাত্ৰা জত জত পাই,
ডাকেৰে সি সব কথা ইখানে পঠাই;
মাচুলক দিয়া পাচে তাহাক আনই,
জিতো কথা অতি ভাল তাহাক লিখই।
তাত জত কথা থাকে কম্পোচ কৰই
,মিচা কথা তাৰ মধ্যে কিচু নে লেখই,
ওপৰে কাগজ দিয়া আখৰ চাপই;
চাহাবক দিএ নিয়া তাহাক পৰ্হই।
পৰ্হি সুনি পাই তাত জতেক অসুধ,
কৰেক্ত কৰিয়া পাচে তাক কৰে সুধ;
এই মতে হলে পাচে ফমক বান্ধই,
হজুৰ হুকুম মতে তাহাক চাপই।
দুই খান সাল আচে সমস্তে লোহাৰ,
আৰু ভালেমান জন্ত্ৰ মাজত তাহাৰ;
তাহাৰ ওপৰে নিয়া আখৰক থই,
ৰুলত কালিক আনি ওপৰে ঘঁহই।
ওপৰে কাগজ দিয়া কলক ঘুৰাই,
দুই পাকে গৈই তাৰ ভিতৰে সোমাই,
এক চেপা দিলে তাত আখৰ বহই,
এক নিমিসতে চাৰি পাঁচ খন হই।
দুই এক দিনে জাক লিখিতে নোআৰে,
সিসব আখৰ জানা একে বাৰে পাৰে;
দুই পিঠি তিন কথা জানিবা নিচই,
সেই হেতু দুই বাৰ পুনৰ চাপই ;
কাগজ চৌবিচ পাত দিস্তাতে থাকই,
তেনে এক কুৰি দিস্তা দিনতে চাপই ;
অৰুনউদয় মধ্যে নক্চা জত আচে,
দিনে দিনে চাৰি জনে তাহাক কাটিচে।
পাঁচ চই দিনে তাক তৈয়াৰ কৰই,
দুই এক বাৰ বিনে আৰু নি দিয়ই।
এহি ঘৰে কৰ্ম কাৰি প্ৰাই ত্ৰিচ জন,
আগ্যা অনুসাৰে সব কৰ্মক সাধন;
সবাৰ ওপৰে আচে এক অধিপতি,
জত কাম কৰে মানে তেঁওৰ অনুমতি;
তাহাৰ ভিতৰে কাম কৰে জত জন,
লিখিব পৰ্হিব পাৰে আনন্দিত মন।
ইস্বৰৰ অনুগ্ৰহ পাই নিৰন্তৰ,
বয়সে সমান সব দেখিতে সুন্দৰ,
ধন্য ধন্য ইংৰাজিহে বুধিমান হই,
দেৱৰ নিৰ্মান কৰ্ম মানুহে কবই।
আগে ৰজা গনে কৰে বহু প্ৰজা পাই,
জত কৰ্ম ইংৰাজিএ কলেৰে চলাই;
জিতো কাম বহু লোকে কৰিতে নোআৰে,
কল হেতু দুই তিনি জনে তাক কৰে।
অগাধ সাগৰে অবিলম্বে হই পাৰ,
সিসব কৰম দেখি অতি চমত্কাৰ,
সত্য গুনে ইস্বৰৰ দায়া আচে পাই,
দেখা কেনে পূত্ৰৱন্তে প্ৰজাক পালই।
. ……….’
দয়াৰাম চেটিয়াৰ কাব্যৰেই অৰুনোদই ছপা কৰা ছপাশালটোৰ বিষয়ে অনুমান কৰিব পাৰি। আজিকালিৰ নৱপ্ৰজন্মৰ ক্ষেত্ৰত তেনে ছপাশাল কল্পনা কৰাটোৱেই দুৰূহ, কাৰণ আজি সৌ মাথো সিদিনাৰ ‘ট্ৰাংক-কল’, ৰেকৰ্ড প্লেয়াৰ, টেলিগ্ৰাম, পেজাৰ, ভি-চি-ডি, ভি-চি-আৰ, টেপ ৰেকৰ্ডাৰৰ কেচেট, ইত্যাদিবোৰেই পাহৰণিৰ গৰ্ভত।
কিন্তু আমি দেখিছিলো ছপাশালত হাতেৰে আখৰ বচা, কম্পোজ কৰা, সুতাৰে বান্ধি ‘গেলি-প্ৰুফ’ দিয়া, ট্ৰেডেল প্ৰিন্টিং মেচিনত প্ৰিন্টিং কৰা। তিনিদিনীয়া অগ্ৰদূতত আৰু সাপ্তাহিক নীলাচলত ১৯৭৮ চনৰ পৰাই লেখা-মেলা কৰিছিলো হেতুকেই গুৱাহাটীৰ মালিগাঁৱত অগ্ৰদূতৰ কাৰ্যালয়লৈ আৰু সাপ্তাহিক নীলাচল প্ৰকাশ হৈ ওলোৱা শ্ৰীগুৰু প্ৰেছলৈ মোৰ অবাধ গতি আছিল।
বাতৰি কাকত কেনেদৰে প্ৰকাশ হয়, মই কলেজীয়া দিনতেই সেই বিৰল অভিজ্ঞতা লাভ কৰিছিলো, লগতে লাভ কৰিছিলো ছপাশালৰ জ্ঞান। হাতেৰে আখৰ বাচি বাচি কম্পোজ কৰা পদ্ধতিৰেই ১৯৮০ চনৰ পৰা এই লেখকৰ সম্পাদনাত পষেকীয়া ‘মহাবাহু‘ প্ৰকাশ হৈছিল, অগ্ৰদূত কাকতো তেনেদৰেই প্ৰকাশ হৈছিল, শ্ৰীগুৰু প্ৰেছত দেখিছিলো মন’কাষ্টিং পদ্ধতিৰে নতুন আখৰবোৰ তড়িৎ গতিৰে সৃষ্টি কৰা, দেখিছিলো অফছেট পদ্ধতিৰ ছপা, চিট অফছেট, ৰিল অফছেট, আখৰৰ বাবে বৈপ্লৱিক উদ্ভাৱন ‘ফটো টাইপ চেটিং’, তাৰপিছত ডি টি পি আৰু লেজাৰ পদ্ধতি, তাৰপিছত….অনেক প্ৰযুক্তি দেখিলো, আৰু ২০০৭ চনৰ পৰা কৰ্মস্থল ভৱানী অফছেট এন্ড ইমেইজিং চিষ্টেমচ্ হৈ পৰাত অত্যাধুনিক প্ৰযুক্তিৰ মাজত আমাৰ দিন অতিবাহিত হ’ল।
সেইহেতুকে মই ব্যক্তিগতভাৱে ছপাশাল কাক কয়, বুজিব পাৰো, লগতে সংবাদপত্ৰৰ বিষয়েও বা সংবাদ মাধ্যম সম্পৰ্কেও মই কিছু অভিজ্ঞ। সেই অভিজ্ঞতাৰ পটভূমিত যেতিয়া ১৮০ বছৰ আগৰ পটভূমিলৈ লক্ষ্য কৰো আৰু দেখা পাওঁ যে সাগৰলৈ ধাবমান ব্ৰহ্মপুত্ৰ প্ৰচন্ড শক্তিমন্ত সোঁতৰ সৈতে যুঁজি যুঁজি উজাই অহা আমেৰিকান মিছনেৰীসকলে লগত এটা ছপাশাল, টাইপ, কাগজ কঢ়িয়াই আনিছে, আৰু পৰ্যায়ক্ৰমে অসমীয়া ভাষা ৰপ্ত কৰিছে, অসমীয়া ভাষাত অসমত পোনপ্ৰথমবাৰৰ বাবে ১৭৫ বছৰ আগতেই এখন সংবাদপত্ৰ প্ৰকাশ কৰি বিশ্বৰ সংবাদ-মাধ্যমৰ জগতৰ সৈতে আৰু ছপাশালৰ জগতৰ সৈতে অসমৰ সংযোগ-সাধন কৰাইছে, তেতিয়া মূৰ আচন্দ্ৰাই কৰে!
আমি উজোৱা দূৰৈৰ কথা, অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত জন্মগ্ৰহণ কৰিও আমি শদিয়াৰ পৰা ধুবুৰীলৈ কেতিয়াবা ভটিয়াম বুলি ভাবিবও নোৱাৰিলো! মিচিচিপি, আমাজন, আফ্ৰিকাৰ জঙ্গল, ইৰাণ-ইৰাকৰ যুদ্ধক্ষেত্ৰত সাংবাদিকতা, এইবোৰ আমাৰ বাবে আজিও যেন অলীক সপোন!
কিন্তু সেই দুৰ্যোগপূৰ্ণ দিনবোৰত, মোৱামৰীয়া বিদ্ৰোহ, মহামাৰী, মানৰ আক্ৰমণ, ইংৰাজৰ শাসন, কানিৰ প্ৰাদুৰ্ভাৱ, অৰাজকতা আৰু বিধ্বস্ত এক অৱস্থাৰ মাজত প্ৰাণটো লৈ জীয়াই থকা অসমৰ মানুহৰ মাজলৈ প্ৰত্যয়পূৰ্ণ যাত্ৰা কৰিছিল আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে। তেওঁলোকৰ সেই যাত্ৰাৰ বাবেই অসমত এক নতুন অধ্যায়ৰ সূচনা হ’ল আৰু আজি আমি এই লেখা লিখিবলৈ সমৰ্থ হৈছো।
আমি ইতিপূৰ্বে উল্লেখ কৰা অৰুনোদইৰ কিছুসংখ্যক ‘বিষয়-সূচী’য়েই প্ৰমাণ কৰে যে তেওঁলোকে অসমীয়া পাঠকৰ সন্মুখত কিদৰে পৃথিৱীখনৰ বিভিন্ন ঘটনা উপস্থাপন কৰি সেইবিষয়ে কিদৰে জ্ঞান প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছিল। ১৮৪৬ চনত অৰুনোদইৰ গ্ৰাহকৰ সংখ্যা হৈছিল ৫৭৬ জন আৰু ১৮৬৭-৬৮ চনত ৭০০ জন ( অৰুনোদই,৯ম বছৰ, ৭ম সংখ্যা; অসমীয়া সাহিত্যৰ বুৰঞ্জী- ডিম্বেশ্বৰ নেওগ, পৃ: ৫৭৭)! এয়া নি:সন্দেহে এক লেখত লবলগীয়া ঘটনা।
যদিও মিছনেৰীসকলে ধৰ্ম প্ৰচাৰ কৰিবলৈহে আহিছিল বা সেয়াই তেওঁলোকৰ মূল উদ্দেশ্য, অৰুনোদইৰ পৃষ্ঠাবোৰে খ্ৰীস্টধৰ্মৰ বা-বাতৰি যিমান কঢ়িয়ালে, তাতোকৈ অধিক কঢ়িয়ালে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বাতৰি, গ্ৰহ-নক্ষত্ৰৰ বাতৰি, অসম বুৰঞ্জী, চৰক পূজা, ৰথ যাত্ৰা, তিৰ্থ আৰু পুৰাতৰ উত্পতিৰ কথা, হিন্দুধৰ্মৰ বিবৰন ইত্যাদি। অসমীয়া পাঠকে পোনপ্ৰথমবাৰৰ বাবে পদূলিমুখত পৃথিৱীখন যেন দেখিবলৈ সক্ষম হ’ল।
ড° নগেন শইকীয়াই লিখিছে, ‘অসমীয়া ভাষাৰ আধুনিক গদ্যশৈলী গঢ়ি তুলিলে ‘অৰুনোদই’এ। এই গদ্যশৈলী প্ৰধানকৈ উজনি অসমৰ কথিত গদ্যৰ ভিত্তিত গঢ় লৈ উঠিল( ‘অৰুনোদইৰ পৰা জোনাকীলৈ’ শীৰ্ষক প্ৰৱন্ধ)।’
অৰ্থাৎ, আমি আৰম্ভণিতে উল্লেখ কৰা ধুবুৰীৰ সভাগৃহৰ সেইষাৰ কথা প্ৰমাণিত হ’ল [ ‘মিছনেৰীসকলে শিৱসাগৰত ছপাশাল স্থাপন নকৰি যদি ধুবুৰীত স্থাপন কৰি ‘অৰুনোদই’ প্ৰকাশ কৰিলেহেতেন, পশ্চিম অসমত প্ৰচলিত ‘দেশী'(দেচী) ভাষাটোৱেই অসমীয়া ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিলেহেতেন; কিন্তু দুৰ্ভাগ্যবশতঃ সেয়া নোহোৱা হেতুকে আৰু কামৰূপ, কমতা,কোচবিহাৰৰ বিষয়ে সম্যক জ্ঞানৰ অভাৱৰ বাবেই আমাৰ মুখে মুখে হাজাৰ বছৰ ধৰি প্ৰচলিত হৈ থকা ভাষাক আজিও বহুতেই বাংলা ভাষা বুলি ভাবে – যদিও বাংলা ভাষাৰ সৈতে ই মৌলিকভাৱেই সম্পূৰ্ণ পৃথক’] !
কাৰণ, মিছনেৰীসকলে শিৱসাগৰত ছপাশাল স্থাপন কৰা বাবেই অসমীয়া ভাষাৰ আধুনিক গদ্যশৈলী প্ৰধানকৈ ‘উজনি অসমৰ কথিত গদ্যৰ আৰু বুৰঞ্জীৰ গদ্যৰ ভিত্তিত গঢ় লৈ উঠিল’ ; যদি ছপাশাল নলবাৰী বা বৰপেটাত স্থাপন হ’লহেতেন- নলবাৰী বা বৰপেটাৰ কথিত গদ্যৰ ভিত্তিত বা কামৰূপীয়া গদ্যৰ ভিত্তিত গঢ় লৈ উঠিলহেতেন। নিঃসন্দেহে অৰুনোদইৰ তথা ছপাশালৰ এয়া অইন এক অনন্য অৱদান। ১৮৪৬ চনত অৰুনোদইৰ প্ৰকাশৰ পূৰ্বেই ১৮৪৪ চনত কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰঞ্জী’ মিছন প্ৰেছত ছপা কৰি উলিয়াইছিল।
ড° মহেশ্বৰ নেওগে লিখিছে,’ বিশেষজ্ঞ ভাষাতাত্বিক ব্ৰাউন অসমীয়া ভাষাৰ এজন সেৱক হৈ পৰিল। কেৰিৰ বাইবেলৰ অসমীয়া ৰূপটো(idiom) তেওঁ বৰ গোলমলীয়া পাইছিল বাবে সকলোৰে কামত আৰু মনত লাগিব পৰাকৈ নতুন ভাঙনিৰ আঁচনি হাতত লৈ হাতে-কামে তাত লাগিয়ে গ’ল।
তেওঁৰ নিউ টেস্টামেন্ট ‘য়িচু খ্ৰিস্টৰ নতুন নিয়ম’ ১৯৪৮ চনত ওলাল; …গুৱাহাটীত শ্ৰীৰামপুৰৰ প্ৰতিনিধিৰূপে পোনতে মিছনেৰি কাম কৰি পিছত শিক্ষকতাত ধৰা অসমীয়া ভাষাৰ স্বতন্ত্ৰতা মৰিলেও স্বীকাৰ নকৰা ইংৰাজ উইলিয়াম্ ৰবিনছনে ১৮৩৯ ছনত গৌহাট্টি ছেমিনাৰিৰপৰা উলিওৱা Grammar of the Assamese Language-অৰ পিছত অধিক সংগতভাৱে অসমীয়া ভাষাৰ স্বতন্ত্ৰতা দেখুৱাই ব্ৰাউনে অসমীয়া ভাষাৰ ব্যকৰণ প্ৰকাশ কৰে ১৮৪৮ চনত – Grammatical Notices of the Assamese Language; তেওঁ সদিয়াত থকাতে আৰম্ভ কৰা চাৰিখন Gospel- অৰ অসমীয়া ৰূপ ১৮৫৪ তহে শিৱসাগৰৰ প্ৰেছৰপৰা ওলাইছিল। Psalms of David-অৰ কিছু গীত তেওঁ সুন্দৰকৈ ভাঙি উলিয়াইছিল।
পঢ়াশলীয়া পাঠ্যৰ বিষয়ত ব্ৰাউন আছিল আমাৰ বাটকটীয়া। তেওঁৰ ‘প্ৰথম গননা’ (১৮৪৫), ‘দুতিয় গননা’ (১৮৫৫), ‘ভূগোলৰ বিবৰন'(১৮৫১) সৈই সময়ৰ বঙলা পুথিতকৈও উত্তম আছিল। ব্ৰাউন ছাহাবে পুৰণি অসমীয়া সাঁচিপতীয়া-তুলাপতীয়া পুথি সংগ্ৰহ-প্ৰকাশ আৰু অসমৰ অতীত-অধ্যয়নৰ বিষয়তো পথ- প্ৰদৰ্শকৰ কাম কৰিছিল। কাশীনাথ তামুলী ফুকনৰ’আসাম বুৰন্জি'(১৮৪৪) আদি মিছন প্ৰেছৰ পৰাই ছপা হৈ ওলায়। ব্ৰাউনৰ দৰেই অভিজ্ঞ ভাষাতাত্ত্বিক মাইলছ্ ব্ৰনছনৰ দুটি অক্ষয় কীৰ্তি – প্ৰথম ‘অচমিয়া – ইংৰাজি অভিধান'(১৮৬৭) আৰু অসমীয়া ভাষাৰ হকে যুঁজত সেনাপতিৰ পদ গ্ৰহণ কৰি বিজয় লাভ ( ‘অৰুনোদই’ৰ ভূমিকা)।’
‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ দ্বিতীয় অধ্যায় ‘আমেৰিকাৰ বেপ্টিষ্ট মিশ্যন সমাজৰ যত্ন’ত ডিম্বেশ্বৰ নেওগে কৈছে যে ‘অসমীয়া মানুহ তেতিয়াও তন্দ্ৰাত মগ্নপ্ৰায়, কাৰো সাৰসুৰেই নাই। এই মিশ্যনেৰীসকলে তেতিয়া একেহতীয়াকৈ এই সকলো অনাটন আতৰাবলৈ দিনে-ৰাতিয়ে পৰিশ্ৰম কৰিবলৈ ধৰিলে, আৰু তাৰে সুফল স্বৰূপে আদ্ শতিকাৰ ভিতৰতে, অসমীয়া ভাষাৰ ভেটি বান্ধিবলৈ লগা আটাইখিনি সজুঁলি, বুৰঞ্জী, ব্যাকৰণ, অভিধান, আলোচনী আৰু বাতৰি-কাকত, যুগুত হ’ল।
১৮৪৪ চনত কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰঞ্জী’,১৮৪৬ চনত অসমীয়া আলোচনী আৰু সম্বাদপত্ৰ ‘অৰুনোদই’, ১৮৪৮ চনত নেথন ব্ৰাউনৰ অসমীয়া ভাষাৰ ব্যাকৰণ, ১৮৬৭ চনত মাইল্ছ ব্ৰন্সনৰ অসমীয়া ভাষাৰ অভিধান আদি এটি এটিকৈ ওলাবলৈ ধৰে, আৰু ইয়াৰ বাবে ১৮৪৪ চন মানতে শিৱসাগৰত দুটি ছপাযন্ত্ৰ ভালদৰে প্ৰতিষ্ঠিত হয়।
এইবোৰৰ উপৰি এই যন্ত্ৰৰ পৰাই ১৮৫০ চনত ‘চুটিয়া বুৰঞ্জী’, ১৮৬৫ চনত নিধি লেৱি ফাৰৱেলৰ ‘ভাৰতবৰ্ষৰ দন্ডবিধি আইন’ আদি আন বিষয়ৰ পুথি ওলায়; আৰু অসমীয়া ভাষাৰ মৌলিকতা প্ৰমাণৰ বাবে ১৮৫৫ চনত ওলোৱা আনন্দৰাম ঢেকিয়াল ফুকনৰ পুথিখনৰ দৰে আৰু ভালেখিনি পুথি ওলায়। মুঠতে, ঊনৈশ শতিকাৰ দুপৰ নৌ পাৰ হওঁতেই, অসমীয়াৰ দাবী গৱৰ্ণমেন্টৰ আগত গহীনকৈ দাঙি ধৰিব পৰা হ’ল।
বেপ্টিষ্ট মিশ্যনৰ এই কামবোৰৰ মোল অকল যে সেই বিষয়ৰ প্ৰথম কাম বুলিয়েইহে, এনে নহয়। এইবিলাক পুথিয়ে পোনতে সেই সেই বিষয়ৰ ভৱিষ্যত আন আন গ্ৰন্থ-ৰচনাৰ আঁত ধৰি দিলে। তামুলী ফুকনৰ বুৰঞ্জী তেওঁৰ পৰৱৰ্তী গুণাভিৰাম, গেইট্আ দি অসম বুৰঞ্জী লেখকসকলৰ মূলপুথি স্বৰূপ হৈছে। ব্ৰন্সনৰ অভিধান যদিও পিছৰ ‘হেমকোষে’ তল পেলালে, তথাপি তাক ‘হেমকোষ’ৰ বাট দেখাওঁতা বুলি নক’লে অশলাগী হোৱা হ’ব।
‘অৰুনোদই’ কাকতৰ বিষয়ে কোনো প্ৰশংসাই অধিক হ’ব নোৱাৰে।পোনতে, কাকত চলোৱা ব্যৱসায়ত অসমীয়াৰ এয়ে প্ৰথম দীক্ষা; দ্বিতীয়তে আধুনিক অসমীয়া গদ্য-পদ্য ৰচনাৰ এয়ে কঠিয়াতলি; তৃতীয়তে, আদি হৈও, এই কাকতেই এতিয়াও অসমীয়া আলোচনী আৰু বাতৰিকাকতৰ অনেক বিষয়ত আদৰ্শনীয় হৈ ৰৈছে। ‘ইলষ্ট্ৰেটেড লন্ডন নিউজ’ প্ৰভৃতি কাকতৰ চিত্ৰৰ পৰা অসমীয়া বাঢ়ৈৰ হতুৱাই ব্লক কটাই তাৰে সচিত্ৰ কৰি দেশ-বিদেশৰ বুৰঞ্জী, বাতৰি-বিজ্ঞান আৰু সাহিত্যৰ জ্ঞানগৰ্ভ প্ৰবন্ধেৰে ৯০০ গ্ৰাহক সংখ্যা লৈ , ৩৫ বছৰ কাল অতুল প্ৰভাৱেৰে, সদৌ অসমীয়া ৰাইজৰ মাজত সমানে সৰবৰহী হৈ চলা এই কাকত আজিও অসমীয়া কাকত-চলোৱা ব্যৱসায়ীৰ আদৰ্শৰ আৰু প্ৰেৰণাৰ থল নহয় জানো?’
ডিম্বেশ্বৰ নেওগৰ ভাবনাৰ দৰেই অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তি ড° নগেন শইকীয়াইও ‘অৰুনোদইৰ পৰা জোনাকীলৈ’ শীৰ্ষক এক লেখাত উল্লেখ কৰিছে যে ‘অৰুনোদই’এ মাতৃভাষা-সম্পৰ্কে তেতিয়াও সচেতনতা লাভ নকৰা, বৰং শাসনকৰ্তা ইংৰাজৰ আৰু ইংৰাজৰ সহায়ক বাংলাভাষীসকলৰ ভাষাক ‘ৰজাৰ ভাষা’ জ্ঞান কৰি ভাষিক হীনমন্যতাত ভোগা অসমীয়া মানুহৰ প্ৰাণত প্ৰথমবাৰৰ বাবে মাতৃভাষাৰ প্ৰতি সচেতনতা গঢ়ি তুলিলে আৰু ভাষিক জাতীয়তাবাদৰ গুটি সিঁচিলে। আনন্দৰাম-গুণাভিৰাম-হেমচন্দ্ৰৰ মাজত গঢ় লৈ উঠা ভাষা-চেতনা আৰু অসমীয়া ভাষাৰ প্ৰতি দায়বদ্ধতা সৃষ্টি কৰি দিলে মিছনেৰীসকলে আৰু প্ৰধানকৈ ‘অৰুনোদই’এ। অসমৰ স্কুলত বঙলা ভাষা চলোৱাৰ বিপক্ষে কৰা যুঁজৰো যুঁজাৰু আছিল এই মিছনেৰীসকলেই।’
১৮৫৭ চনৰ মাৰ্চৰ সংখ্যা কাকতত এজন অনামী লেখকে শিক্ষিত অসমীয়া মানুহৰ মাতৃভাষাৰ প্ৰতি থকা অনীহা কঠোৰভাৱে সমালোচনা কৰিছিল আৰু তেওঁবিলাকক এনে মনোভাৱ ত্যাগ কৰিবলৈ উদ্গনি দিছিল।
‘মাত্ৰি ভাসাৰ সক্তি’ (Force of the Vernacular) শীৰ্ষক সেই লেখাত কোৱা হৈছিল – জি দেসৰ জি চলিত ভাসা তাক সেই দেসৰ লোক সকলৰ মাত্ৰি ভাসা বোলে, জেনেকৈ আমাৰ দেসৰ লোক সকলৰ মাত্ৰি ভাসা অচমিয়া, বঙ্গালিবিলাকৰ বঙ্গালি, ইংৰাজিবিলাকৰ ইংৰাজি, আৰব দেসৰ আৰবি, ইত্যাদি। এই মাত্ৰি ভাসাৰ সক্তি বৰ আচৰিত, কিয়নো ইয়াক আমি কেতিয়াও নে পাহৰোঁ। জি দেসত ওপজা জাই, সেই দেসত ৯|১০ বচৰিয়া মানলৈকে থাকি , পাচে সেই দেসৰ মানুহৰ সমাগম নো হোআ ঠাইলৈ গলেও মাত্ৰি ভাসাৰ অনেক কথা না পাহৰাকৈ থকা জাই ; জৰ প্ৰভিতি কেতবিলাক ডাঙ্গৰ নৰিয়াত পৰিলে, মানুহৰ সোঁৱৰন সক্তিৰ বৰ বিঘিনি হই, সেয়ে হলে অনেক কথা পাহৰা জাই; কিন্তু মাত্ৰি ভাসাৰ কি আচৰিত সক্তি, জে আন ৰুপে তাক হঠাত পাহৰা নেজাই। এজন ইংৰাজি মানুহে ১০|২২ বচৰিয়া বয়স হোআত জৰ্মানি দেসত বাস কৰি সেই দেসৰ ভাসা সিকিচিল, পাচে আপোনাৰ দেসলৈ উলটি আহি এবাৰ বৰ সকত নৰিয়া পৰাত সেই ভাসা একেবাৰে পাহৰিলে। আৰু এজনে সৰুতে ইস্পানিয়া দেসত থকাত সেই ভাসা সিকিচিল, পাচে আপোনাৰ দেসলৈ অহাত অনেক দিন সেই দেসৰ লোকে সৈতে চলকৰ ন থৰাত সেই ভাসা সকলোটি পাহৰিচিল; কিন্তু এবাৰ টান জৰ হোৱাত নৰিয়া থাকোঁতেই সেই ভাসা আকও মনত পৰিল, তাতে তাক কবলৈ ধৰিলে। দেখা সকলে তেওঁবিলাকে ন জনা ভাসা কোৱা দেখি, বুলিলে, বোলে, ই নৰিয়াতহে এইবোৰ মিচা বলকিবলৈ ধৰিচে; পাচে সেই নৰিয়া চোআ বেজে সেই ভাসা জানি, লোক সকলৰ মিচা ভ্ৰম গুচাই দিলে। সেই সময়ত জদি আমাৰ অচমিয়া মানুহ ওচৰত থাকিলহেঁতেন, তেন্তে সেই নৰিয়া মানুহটোক বৰ গচৰ বলিয়া চামোনৰ দোস, বা অপেস্বৰাৰ দোস লাগিচে বু বেজ মতাই কানে মুৰেৰঙ্গা কলা সুতাৰে ঔষধ দিলেহেঁতেন ; আৰু বুৰা ডাঙ্গৰিয়াৰ সেৱা, অপেচৰাৰ সেৱা আৰু কানিয়া সেৱা কৰিবলৈ উদ্যোগ কৰিলেহেঁতেন। এই ৰুপে সকলো ভাসাকে পাহৰা জাই; কিন্তু মাত্ৰি ভাসাৰ তেনে বিপৰিত ঘটনা হোআ সুনা নাই, আৰু তাৰ জেনেহে সক্তি দেখা জাই, তাৰ দোআৰাই তাক জে সমুলি পাহৰা জাব, এনে অনুভও ন হই। ইয়াৰ এটি দ্ৰিষ্টান্ত দিও, পৰ্হা সকলে স্ৰৱন কৰক।
“ড° চন্দ্ৰপ্ৰসাদ শইকীয়াই এক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল,’ কিন্তু প্ৰতিবেশী ভাষাৰ বিৰুদ্ধে থিয় দিয়া মিছনেৰীসকলৰ থলুৱা অসমীয়া ভাষাৰ প্ৰয়োগ-প্ৰচেষ্টা অসমীয়া মানুহে পিছলৈ কিয় গ্ৰহণ নকৰিলে: “অৰুনোদই”ৰ দন্ত্য ”ন” কিয় মূৰ্ধন্য “ণ”ত আৰু “ই” কিয় “য়”ত পৰিণত হ’ল? মানে, অসমীয়া ভাষাক কিয় পুনৰ সংস্কৃতৰ ওচৰ চপাই অনা হ’ল?”
‘আমাৰ দেসৰ কামৰুপ জিলাৰ বাউসি পৰগনাৰ ফালৰ এজন লোকে সৰু কালতে বঙ্গাল দেসলৈ আহি, বৰ বৰ পৰ্হা সালিত সংস্ক্ৰিত পৰ্হিলে। আৰু হৰিদ্বাৰ, দাৰকা, গুজৰাট, হাইদাৰাবাদ প্ৰভিতি নানা ঠাই ফুৰিচিল; এই ৰুপে ইস্কাট চাহাবৰ প্ৰথম দিনৰে পৰা আজি পৰ্জন্ত বিদেসতে বাস কৰে, কেতিয়াবা কেতিয়াবাহে কোনো কোনো ঠাইত অচমিয়া মানুহে সৈতে সাখ্যাত হই। তথাপি এনে হোআতো আজিলৈকে পৰগনিয়া কথা অনেক নাপাহৰাকৈ আচে, বিসেসকৈ “উলটি” আৰু “সেত্ৰা” এই দুই বাউসিয়া কথাহে সৰ্বদাই সেই জনে কৈ থাকে। কথা কোআতো বঙ্গালি সকলৰ কথা জেনে সুধ আৰু পষ্ট সুনি তেনে ন হই, এনে আচৰিত সক্তিৰ কথা অচমিয়া সকলে অনেক দেখিব পাই; আৰু সকলোএ আপোন আপোন গাতে গম পাবও পাই; আমি অধিক কি কম ? এতেকে জনা গল, জে এই মাত্ৰি ভাসাৰ দৰে অন্য ভাসাৰ সক্তি কেতিয়াও হব নোআৰে; সেই নিমিতেহে মাত্ৰি ভাসাৰ প্ৰতি সকলোতকৈ ভক্তি আৰু জতন কৰা উচিত। কিন্তু কি লোকৰ কথা, এই দেসৰ লোক সকলে ইয়াকে জানিও অনেকে মাত্ৰি ভাসাক অস্ৰধা কৰি, বঙ্গালি ভাসাকহে মান ভাগ দিয়ে, সমনিয়া মানুহৰ সাৰিত সৰু তল মানুহ এটাক মান ভাগ দিলে, নোপোআবিলাকে জেনেকৈ দিঁওতা গৰাকিৰ প্ৰতি মনত বেজাৰ কৰে, সেই দৰে অচমিয়া সকলে বঙ্গালিক মান ভাগ দিয়াত থাকি, আমাৰ অচমিয়া ভাসাই বেজাৰ পাইচে। অচমিয়া ভাসা আমাৰ মাত্ৰি ভাসা আৰু মাত্ৰিৰ নিচিনা, সেই দেখি মাত্ৰিয়ে বেজাৰ পোআ কৰম কৰা সন্তান সকলৰ পখ্যে অতি অজুগুত। ই সাস্ত্ৰৰ কথা। ইয়াকে জানি অচমিয়া সকলে মাত্ৰি ভাসাৰ প্ৰতি স্ৰধা আৰু ভক্তি প্ৰকাস কৰা উচিত। ………’
১৮৫৫ চনৰ অক্টোবৰ (১০ বচৰ) সংখ্যাৰ ‘অৰুনোদই’ত শ্ৰী মাধৰাম সৰ্মা বৰপুজাৰিয়ে ‘অচমিয়া মানুহে অৰুনোদই পৰ্হাৰ ফল'( Advantage of reading the Orunodoi) শীৰ্ষক এক লেখাত ক’লে- ‘বিদ্যাই এই সংসাৰত সাৰ বস্তু। বিদ্যা বিহিন হলে মানুহৰ জিৱন বিফল। বিদ্যা ন জনা মানুহ দিনতে সাৰে থাকিও টোপনিত থকা মানুহৰ নিচিনা। কিয়নো বিদ্যা সিকিলে গিয়ান উপাৰ্জন কৰিব পাৰি, গিয়ান হলে মন প্ৰফুল আৰু দিপ্তিমন্ত হই। আৰু তেনে হলে ইহ পৰলোকত অসেস সুখ ভুঞ্জিব পাৰি। বিদ্যা সিকিবলৈ ধৰিলে প্ৰথমে এনে বিবেচনা কৰা উচিত, জে কোন বিদ্যা প্ৰথমে সিকা জুক্তি সিধ? জাৰ বিবেচনা সক্তি ভাল থাকে, তেঁও তেতিখনে বুজিব, জে আপোনাৰ দেসৰ ভাসাৰে প্ৰথমে বিদ্যা সিকা উচিত; কিয়নো আন ভাসাতকৈ সিঘ্ৰে আমি আপোন দেসৰ ভাসা সিকিব আৰু বুজিব পাৰোঁ। এতেকে অচমিয়া মানুহ সকলে প্ৰথমে অচমিয়া ভাসা সিকি, পাচে আন ভাসা সিকিবলৈ জতন কৰা উচিত।
‘কিন্তু অচমিয়া ভাসাত পৰ্হিব লগিয়া পুথি অতি তাকৰ; গিয়ান ভন্ডাৰ ৰুপ জি অৰুনোদই পত্ৰ আচে, তাৰ বিসয়েহে কেৱল অচমিয়া ভাসাই অহঙ্কাৰ কৰিব পাৰে। এই অৰুনোদই পৰ্হাৰ পৰা আমাৰ কি পৰ্জন্ত উপকাৰ হব পাৰে, তাক কব লগিয়া নাই। এই পত্ৰৰ দোআৰাই মাহে মাহে জি মধু প্ৰচাৰ কৰা হই, তাক পৰ্হা সকলেহে জানে। সম্পাদক চাহাবে বিদেসি হৈও আমাৰ দেসৰ উপকাৰৰ নিমিতে জিমান জতন কৰিচে, তাক আটায়ে জানে, দেসি সকলেও জদি এই ৰুপে দেসৰ হিত চিন্তে, তেন্তে আমাৰ দেস অতি সিঘ্ৰে ভাল হই।….’
শিৱসাগৰৰ ‘সিবসাগৰ আচাম দেস হিতৈসিনি সভা’ৰ সম্পাদক শ্ৰী পূৰ্ণানন্দ ডেকা বৰুৱাই লেখা, ‘অৰুনোদই’ৰ ‘১১ বচৰ’ত, ১৮৫৬ চনৰ মাৰ্চ মাহৰ সংখ্যাত ‘অসমিয়া ভাসাৰ কথা'( Plea of an Assamese for his own Vernacular) শিৰোনামেৰে প্ৰকাশ হৈছিল। তেওঁ লিখিছিল – ‘জি দেসৰ জি ভাসা, তাক সেই দেসৰ সকলো কাৰ্জত বেৱহাৰ কৰিবলৈ দিয়া উচিত; কিয়নো দেসি সকলে আপোনাৰ ভাসাৰ ভাব, সঙ্কেত আদি জেনেকৈ বুজে, অন্য ভাসাৰ তেনেকৈ বুজিব নোআৰে। এতেকে জি ভাসা মানুহবিলাকে ভালকৈ বুজিব নোআৰে, তাৰ দোআৰাই মানুহবিলাকৰ চলা চলত মহত কষ্ট হব; আৰু আমাৰ দেসত অনেক বচৰৰ পৰা গৱৰ্ণমেণ্টৰ খৰচেৰে বঙ্গালি ভাসাৰ বিস্তৰ পৰ্হাসালি পতা হৈচে, কিন্তু তাত পৰ্হা বালক সকলে এই পৰ্জন্ত ক্ৰিতকাৰ্জ হব পৰা নাই। তাৰ কাৰন বিচাৰি চালে আমি ইয়াকেহে জানিব পাৰোঁ, জে লৰাবিলাকে স্বদেসি মাত্ৰি ভাসাত বিসেস পাৰগত নহলে, বঙ্গালি ভাসা সিকি কোনো ৰুপে ক্ৰিতকাৰ্জ হব নোআৰে; কিয়নো লৰাই জি ভাসাৰে উপজি এই মাত কাৰ্হিলে, সেই ভাসাৰে প্ৰথমে নি সিকালে, কেতিয়াও আপুনি উচাৰন ন কৰা আৰু মাক বাপেকৰ মুখতো নু সুনা কথাৰ, সি একো ভাব বুজিবই নোআৰে; আৰু ভাসাই নো কি বস্তু, তাকো বিসেস ৰুপে নে জানে, আৰু তাত মনো ন পৰে; এই নিমিতে তাক সিকিব নোআৰে। বিসেস ভাসা সিকা অতি টান; কিয়নো জিবিলাক সবদৰ ভাব, ইঙ্গিত আদি ভালকৈ নু বুজে , তাৰ অৰ্থ নো কেনেকৈ বুজিব? ইয়াতে আপোনাৰ ভাসা হলে সৰুৰে পৰা কৈ সুনি থকাত তাৰ ভাব আৰু ইঙ্গিত বুজিবলৈ অন্য ভাসাতকৈ সহজ; আৰু তাক সোন কালে সিকিবও পাৰে। কিন্তু বিদেসি ভাসাৰে জি বিসই কই, লৰাই তাকো নে জানে আৰু তাৰ ভাসাৰ ভাবো নু বুজে, এই নিমিতে তাক সিকোঁতে অতি কষ্টহে পাই, তথাপি ক্ৰিতকাৰ্জ ন হই। …সেয়ে নো হোআতহে আমাৰ দেসৰ বঙ্গালি পৰ্হাসালি সকলে এই পৰ্জন্ত একো উপকাৰ কৰিব পৰা নাই। এই দৰেই পুৰ্বে ইংলন্ডত লাটিন, গ্ৰিক আদি ভাসাৰ চলন থকাত ইংৰাজি সকলে সেই ভাসাৰ সম্পূৰ্ণ ভাব বুজিব নোআৰা হেতু, সেই ভাসা জনা পাপা নামেৰে ধৰমৰ গুৰুৰ অধিন হৈ, সিবিলাকে তেতিয়া অতি কষ্ট পাইচিল, কিন্তু জেতিয়াৰ পৰা সেই সকল ভাসা গুচি ইংৰাজি ভাসা চলিল, তেতিয়াৰ পৰাহে তেওঁবিলাকৰ গিয়ান চকু মুকলি হৈ আহিল। …
‘ দুতিয়। আমাৰ দেসত বিচাৰ আসনত বঙ্গালি ভাসা চলাত, ৰায়তে বঙ্গালি ভাসা নুবুজা হেতুকে গোচৰৰ সমন্ধিয় সিহঁতৰ চআল, জবাব, উতৰ, প্ৰত্যুতৰ একোকে কৰিব নোআৰে; আৰু জদি ভুলত থাকি কোনো কথা লিখোঁতে সিহঁতৰ কোআ মতে লিখা ন হই, তথাপি সিহঁতে তাৰ সংসোধন কৰিব নোঅৰাত তাতে মান্তি হব লগা হই ; কাৰন লিখি এঁটাই তাক মাতি সুনালেও সিহঁতে তাৰ একো ভাব বুজিব নোআৰে। পাচে জেতিআ গোচৰ সাঙ্গ হই, জদি লিখা জনে একো ভুলো কৰা নাই, সিহঁতে কোআ মতেই লিখা হৈচে, তথাপি গুচৰিয়া বা পদকিয়া জিটেই ঘাটে, সেইটেই সকলো দাই আমোলাৰ গাতহে দিএ, বোলে, আমোলাই বেয়াকৈ লিখিহে মোৰ কথা গোলমাল কৰিলে; ….এতেকে এই সকল কথাৰ জদি মূল কাৰন বিচাৰি চাঁও, তেন্তে কেৱল দেসত আপোন ভাসা গুচি, বঙ্গালি ভাসা চলা হোআহে আমি বুজোঁ ; আৰু আপোন ভাসা ন চলিলে, আগলৈকো জে দেস ভাল হব, এনে আসাও নে দেখোঁ। ….
‘ত্ৰিতিয়। ৰাজকিয় কৰ্মবিলাকত জি দেসৰ জি ভাসা, তাক চলাবৰ নিমিত্তে ইংৰাজি ১৮৩৫ সঁকত গৱৰ্ণমেন্টে জি আইন প্ৰচাৰ কৰিচিল, তাৰ দোআৰাই উৰিচা, বঙ্গলা আদি দেসৰ পাৰ্চি ভাসা গুচি, আপোন আপোন দেস ভাসা চলন হল।…..’
১৮৬০ চনৰ মেই মাহ(১৫ বছৰ, নম্বৰ ৫)ৰ ‘অৰুনোদই সম্বাদ পত্ৰ’ত এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰি কোৱা হ’ল যে শ্ৰী বাবু হেমচন্দ্ৰ শৰ্ম্মা ডেকা বড়ুয়াই অসমীয়া ভাষাৰ এটা ব্যাকৰণ কিতাপ ৰচনা কৰাত, তাকে আমাৰ ছাপা খানাত ছাপা কৰা হল। সেই কিতাপৰ ১৬৮ পিঠি আছে, তাৰ মূল্য π অনা। এই মূল্য কেৱল ছাপা কৰাৰ খৰচ মাত্ৰ; কিয়নো সেই বাবুএ আপোন পৰিশ্ৰমে বিনা মূল্যে এই কিতাপ প্ৰস্তুত কৰিলে। আৰু ছাপোঁতে ইয়াৰ কথা বাবুএ অতিশয় শ্ৰমেৰে সকলোবিলাক অশুদ্ধ আৰু ভুল গুচাবলৈ জতন কৰিছিল; তথাপি কোনো কোনো ঠাইত নে দেখাকৈ দুটা, এটা অশুদ্ধ থাকিল। বাবু হেমচন্দ্ৰে অসমীয়া লোকৰ পৰা প্ৰশংসা পাবলৈ উচিত হয়, কিয়নো এই কিতাপৰ পৰা দেশী লোকৰ মাঝত আগলৈ অনেক মঙ্গল প্ৰকাশ হব।…’
অৰুনোদই সম্বাদ পত্ৰৰ ১৮৪৭ চনৰ এপ্ৰিল মাহৰ ( দুতিয় চোআ, নম্বৰ ৪) সংখ্যাত শ্ৰীজুত বাবু আনন্দিৰাম ফুকন কত্ৰিক ‘ইংলন্ডৰ বিবৰন’ ( An Account of England) প্ৰকাশ হৈছিল আৰু সেই লেখাৰ জৰিয়তেই পোন প্ৰথমবাৰৰ বাবে অসমীয়া ডেকা এজনে অসমীয়া জাতীয়-চেতনাৰ ভাবনা বিতৰণ কৰিছিল। মুঠতে, অসমত ছপাশাল স্থাপন কৰি, অসমত পোন প্ৰথমবাৰৰ বাবে সংবাদপত্ৰ প্ৰকাশ কৰি, পঢ়াশালি- আদালত- কাৰ্যালয়ত প্ৰচলন কৰা বঙলা ভাষাৰ বিপক্ষে যুজঁত অৱতীৰ্ণ হৈ অসমীয়া ভাষাৰ আধুনিক গদ্যশৈলী গঢ়ি তোলা, অসমক সমগ্ৰ বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়া, সেই অন্ধকাৰ যুগতেই প্ৰকৃতাৰ্থত সংবাদ-সেৱা আগবঢ়োৱা, খ্ৰীস্টৰ বাণীতকৈও বহু বেছি পৰিমাণে বা-বাতৰি, বুৰঞ্জী ( অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী, হিন্দুস্তানৰ বুৰঞ্জী আদি), সাহিত্য, সমাজতত্ত্ব ( ভোট, অকা, গাৰো, নগা, খামটি, মিচিমি, চিংফৌ, মিৰি, দফলা, আবৰ ইত্যাদি), কানিৰ অপকাৰিতা, আদি পাঠকসকললৈ আগবঢ়োৱা, ইত্যাদি কৰ্মৰে, নিষ্প্ৰাণ নিস্তেজ মুমুৰ্ষ পৰাজিত বিধ্বস্ত অসমীয়া মানুহৰ মনলৈ কিছু পৰিমাণে হলেও আত্মবিশ্বাস তথা আত্মপ্ৰত্যয় ওভোতাই অনাৰ ক্ষেত্ৰত অৰুনোদইৰ যি অৱদান – সেয়া কোনো মূল্যৰে জোখা সম্ভৱ নহয়।
‘অৰুনোদই সম্বাদ-পত্ৰৰ সংবাদ’ শীৰ্ষক প্ৰৱন্ধৰ এঠাইত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছে- ‘ অৰুনোদই অকল সম্বাদ-পত্ৰই নাছিল। ইয়াত নীতিশিক্ষা আৰু ধৰ্মশিক্ষামূলক প্ৰৱন্ধও আছিল। এইবিলাকৰ ভিতৰত অনুবাদ আৰু ‘এডেপটেশ্যনো’ আছিল। সমাজৰ সংস্কাৰ সাধিবৰ বাবে ইয়াত যথেষ্ট প্ৰেৰণাদায়ক লেখা ওলাইছিল। বিধবা বিবাহৰ সমৰ্থনো ঠায়ে ঠায়ে পোৱা যায়। ঢেকিয়াল ফুকনৰ প্ৰবন্ধটোত ইংলন্ডৰ শিল্পবিপ্লৱৰ প্ৰতি গভীৰ তান প্ৰকাশ পাইছিল। বিশুদ্ধ জ্ঞানৰ আৰু আমোদজনক লেখাও অৰুনোদইয়ে পৰিৱেশন কৰিছিল। পঢ়ুৱৈৰ কৌতুহলোদ্দীপক স্থানীয় খবৰো তাত প্ৰকাশ পাইছিল। এই কাৰণেই অসমীয়া মানুহে এই কাকতখন সাদৰেৰে গ্ৰহণ কৰিছিল। মানুহে বহুত দিনলৈকে বাতৰি কাকত বুলিলেই অৰুনোদইকে বুজাইছিল। অৰুনোদইৰ প্ৰকাশক, মুদ্ৰক আৰু সম্পাদকসকল বিদ্বান আৰু উদাৰচিতীয়া লোক আছিল। এই লিখকে অৰুনোদইৰ প্ৰথম কেইটিমান সংখ্যাৰ অধ্যয়ন কৰি লেখাবিলাকৰ মাজত এটা উদাৰ বিশ্বচেতনা আৰু জ্ঞানানুশীলনতাৰ প্ৰৱণতা দেখা পাইছে। সেই সময়ত ই প্ৰগতিশীল শক্তি আছিল।’
১৮৪৬ চনৰ জানুৱাৰী মাহত আৰম্ভ কৰা ‘অৰুনোদই সম্বাদপত্ৰ‘ নামটো ১৮৫০ চনলৈ বৰ্তি আছিল। ১৮৫১ চনৰ পৰা ‘অৰুনোদই সম্বাদপত্ৰ’ হৈ পৰিল ‘অৰুনোদই‘। ১৮৬০ চন পৰ্যন্ত ‘অৰুনোদই’ত দন্ত্য ‘ন’ আৰু হ্ৰস্ব ‘ই’ ব্যৱহাৰ কৰা হৈছিল। ১৮৫৯ চনত হেমচন্দ্ৰ বৰুৱাৰ ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ প্ৰকাশ হোৱাৰ পিছত ১৮৬০ চনৰ পৰা ‘অৰুনোদই’ হৈ পৰিল ‘অৰুণোদয়’ ; ইয়াৰ লগতে আখৰ- জোঁটনিৰো পৰিৱৰ্তন হ’ল।
ৰেভাৰেন্ড নাথান ব্ৰাউন আছিল অৰুনোদইৰ প্ৰথমজন সম্পাদক আৰু তেওঁ ১৮৫৪ চনলৈ সম্পাদনা কৰিছিল ( অৰুনোদইৰ ধলফাট, সম্পাদনা: মহেশ্বৰ নেওগ, পৃ ৭০)। ব্ৰাউনৰ পিছত ১৮৫৫ – ১৮৫৭ চনৰ জানুৱাৰীলৈ এ. এইচ. ডেনফোৰ্ট; ১৮৫৭ চনৰ ফেব্ৰুৱাৰী- ১৮৬০ চনৰ ডিচেম্বৰলৈ এম. হোইটিং ; ১৮৬১ – ১৮৬৮ চনলৈ উইলিয়াম ৱাৰ্ড ; [ ড° নগেন শইকীয়াই লিখিছে যে ‘১৮৬৯ চনৰ পৰা ১৮৭৩ চনলৈ ডব্লিউ ডব্লিউ হান্টাৰৰ মতে ‘অৰুণোদয়’ ওলাই আছিল, কিন্তু এই বিষয়ে তথ্যৰ অভাৱত থিৰাংকৈ কোৱা টান‘- ‘অৰুনোদইৰ পৰা জোনাকীলৈ’] আৰু ১৮৭৩ চনৰ অক্টোবৰৰ পৰা ১৮৭৪ চনৰ ছেপ্টেম্বৰ মাহলৈ ই.ডব্লিউ ক্লাৰ্ক আৰু শ্ৰীমতী এছ. আৰ. ৱাৰ্ড; ১৮৭৪,১৮৭৯,১৮৮০ চনত এ.কে. গাৰ্ণী। ড° নগেন শইকীয়াই লিখিছে যে ১৮৭৫ৰ পৰা ১৮৭৮ লৈকে কাকতখনৰ প্ৰকাশৰ কোনো তথ্য-পাতি পোৱা নাই। দৰাচলতে ১৮৫৭ খ্ৰীষ্টাব্দলৈকে কাকতখনৰ একেলগে বন্ধা ভল্যুমৰ বিজ্ঞাপন কাকতখনত ওলাই আছিল; তাৰ পিছৰ পৰা তেনে বিজ্ঞাপন প্ৰচাৰ নকৰাৰ বাবে ধাৰাবাহিকতা ৰক্ষিত হোৱা- নোহোৱা সম্পৰ্কে সঠিকভাৱে কোৱা সম্ভৱ নহয়। আনহাতে ১৮৫৭ খ্ৰীষ্টাব্দত হোৱা চিপাহী বিদ্ৰোহৰ বাবে মিছনেৰিসকলৰ কাম-কাজত বাধা জন্মিছিল আৰু কোনো কোনো মিছনেৰি দেশলৈ ঘূৰি গৈছিল। সি যি কি নহওক শেহলৈ অনিয়মীয়াকৈ প্ৰকাশ হ’লেও ই যে শতিকাটোৰ অষ্টম দশকলৈ প্ৰকাশিত হৈ আছিল, সেই বিষয়ে সন্দেহ নাই। ‘অৰুনোদই’-এ যথাৰ্থতে আধুনিক গদ্যশৈলী ভাষা-সাহিত্যৰ আৰু আধুনিক দৃষ্টিভংগীৰ অৰুণোদয় ঘটালে।
মানুহৰ বিৱৰ্তনৰ সৈতে সংবাদৰ সম্বন্ধ নিবিড়তম। আমাৰ ‘ডি-এন-এ’ৰ সৈতেও সেয়ে যেন ‘সংবাদ’ ওতঃপ্ৰোতভাৱে জড়িত! সংবাদ-শূণ্য বা মেডিয়া-শূণ্য এক পৰিৱেশত নিজৰ জীৱন কল্পনা কৰাই কঠিন। সেইবাবেই সংবাদ প্ৰাসঙ্গিক।
প্ৰকৃতাৰ্থত মানুহৰ বিৱৰ্তনৰ সৈতে সংবাদৰ সম্বন্ধ বুলি কোৱাৰ মূলতে হৈছে- খ্ৰীষ্টপূৰ্ব হাজাৰ হাজাৰ বছৰ আগতেই এই সম্বন্ধ মানৱ-জীৱনৰ অঙ্গ হৈ পৰিছিল আৰু এতিয়া ই হৈ পৰিছে সৰ্বব্যাপ্ত, শোৱনি কোঠাৰ পৰা স্নানাগাৰ – সকলোতে ইয়াৰ অবাধ যাত্ৰা। খ্ৰীষ্টপূৰ্ব ৪০০০ চনত চুমেৰিয়ানসকলে ‘মোহৰ'(Stamp Seals)ৰ প্ৰচলন কৰি একধৰণৰ সাংকেতিক সংবাদৰ প্ৰচলন কৰাৰ পিছত খ্ৰীষ্টপূৰ্ব ৩১০০ চনত চুমেৰিয়ানসকলৰ দ্বাৰা মাটিৰে প্ৰস্তুত কৰা এক বিশেষ চিত্ৰাক্ষৰেৰে ব্যক্ত কৰা সংবাদৰ প্ৰচলন আৰম্ভ হয়।
প্ৰাচীন মিচৰত ‘হায়াৰোগ্লিফিক্স’ (Hieroglyphics)ৰ প্ৰচলন, অৰ্থাৎ এক বিশেষ প্ৰকাৰৰ চিত্ৰাক্ষৰৰ দ্বাৰা ভাব প্ৰকাশ কিম্বা ‘সংবাদ বিতৰণ’ৰ সূচনাইও বিৱৰ্তনৰ সৈতে সেই নিবিড় সম্বন্ধকেই প্ৰমাণ কৰে।
খ্ৰীষ্টপূৰ্ব ২০০০ চনত ‘ফোনিচিয়ান’ বৰ্ণমালা ( Phoenician Alphabet)ৰ উদ্ভৱ হয় আৰু খ্ৰীষ্টপূৰ্ব ১৫০০ চনত – ‘চেমিটিক’ শব্দৰে আমি যিসকল ইহুদী, আৰব আদিক বুজি পাও, সেই চেমিটিক (Semites) সকলৰ দ্বাৰা সম্পন্ন হয় বৰ্ণমালা প্ৰস্তুতকৰণ ; আৰু খ্ৰীষ্টপূৰ্ব ১০০০ চনত ইজিপ্তত প্ৰস্তুত হয় ‘পেপিৰাছ'( কাগজৰ প্ৰাচীন ৰূপ)। মানুহৰ বিৱৰ্তিত জীৱনযাত্ৰাই অগ্ৰসৰ হৈ হৈ খ্ৰীষ্টপূৰ্ব ৬০ চনত লেটিন শব্দ ‘ এক্টা ডিউৰনা'( Acta Diurna)ৰ সৈতে পৰিচিত হয়।
‘এক্টা ডিউৰনা’, অৰ্থাৎ এই লেটিন শব্দৰ মৰ্ম হ’ল – দৈনিক ৰাজহুৱা নথি/তথ্য সংৰক্ষণ, আৰু ইয়াৰেই শুৱদি/কাব্যিক মৰ্মাৰ্থ হ’ল – ‘দৈনিক গেজেট’। এই তথ্য সংৰক্ষণ শিলত খোদিত কৰি বা ধাতুত খোদাই কৰি ৰাজহুৱা স্থানত, ফলকত প্ৰদৰ্শন কৰা কাৰ্যৰ সূচনা হৈছিল ৰোমত, আৰু এনে কাৰ্যক চমুকৈ ‘এক্টা'(Acta) বোলা হৈছিল।
স্তম্ভিত হ’বলগীয়া কথা এয়েই যে ১৯০০ চনত চীনৰ কানচু প্ৰদেশত আৱিস্কৃত হোৱা এখন পুস্তিকা ৮৬৮ চনৰ ১১ মে’ত ছপা কৰা হৈছিল বুলি লিপিৱদ্ধ হৈ আছে। সেইখনেই বিশ্বৰ সবাতোকৈ পুৰণি ছপাপুথি বুলি স্বীকৃত হৈছে। ৫৯৪ চনতেই চীনত ‘নিগেটিভ ৰিলিফ’ৰ পৰা ছপাকাম আৰম্ভ হৈছিল আৰু তাৰেপৰাই পাশ্চাত্যলৈ ছপা- সংস্কৃতি বিস্তাৰিত হয়। চীনদেশত ১০৪১ খ্ৰীষ্টাব্দত পৃথক পৃথক তথা ইফাল-সিফাল কৰিব পৰা বৰ্ণ/আখৰৰ দ্বাৰা ছপা কাৰ্যৰ আৰম্ভণি হৈছিল আৰু সেই কাৰ্যৰে সংবাদ-জগতত এক নতুন অধ্যায়ৰ আৰম্ভণি হৈছিল।
জাৰ্মানীত জোহান্স গুটেনবাৰ্গ (Johannes Gutenberg)ৰ দ্বাৰা আৱিস্কৃত ধাতুৰ ভ্ৰাম্যমাণ আখৰেৰে ছপাশালত ছপা-কাৰ্যৰ সূত্ৰপাত হোৱাৰ পিছত সমগ্ৰ পৃথিৱীত মানব সভ্যতাৰ ইতিহাসত এক বৈপ্লৱিক অধ্যায়ৰ আৰম্ভণি হয়। ইংলেণ্ডত উইলিয়াম কেক্সটন( William Caxton)-এ ১৪৬৮ চনত সৰ্বপ্ৰথমবাৰৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি গ্ৰন্হ প্ৰকাশ কৰে; আৰু ১৫০০ খ্ৰীষ্টাব্দৰ ওচৰে পাজৰে ছপা গ্ৰন্থ তথা ছপা কৰা গোহাৰিৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়।
১৬০০ – ১৮০০ খ্ৰীষ্টাব্দৰ সময়ছোৱাত, উপনিৱেশিক যুগ আৰু গণতন্ত্ৰৰ প্ৰাথমিক সময়ছোৱাত গ্ৰন্হৰ, গোহাৰিৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰে, ছপাশাল হৈ পৰে সভ্যতাৰ অসামান্য আহিলা কিম্বা গুৰুত্বপূৰ্ণ প্ৰতিস্থান। ১৬০৫ খ্ৰীষ্টাব্দত ‘ৰিলেচন'(Relation) নামেৰে পৃথিৱীৰ সৰ্বপ্ৰথম বাতৰিকাকতখন এন্টৱৰ্প(Antwerp)ৰ পৰা জোহান কাৰ’লাচ(Johann Carolus)-এ প্ৰকাশ কৰি এক নতুন দিগন্তৰ সূচনা কৰে।
এই কাকতখনক ‘ৱৰ্ল্ড এচোছিয়েশ্যন অব নিউজপেপাৰ্ছ'(World Association of Newspapers)-এ পৃথিৱীৰ সৰ্বপ্ৰথম বাতৰিকাকত হিচাপে স্বীকৃতি দিছে। ইউৰোপত ছপাশালৰ বিপ্লৱে বাইবেল ছপাৰ ক্ষেত্ৰত এক বিৰাট ভূমিকা পালন কৰে, সাহিত্যৰ জগতখনো অতি সমৃদ্ধ হৈ পৰিবলৈ ধৰে, উপন্যাস-গল্প আদিৰ সৃষ্টি ত্বৰান্বিত হবলৈ ধৰে।
গ্ৰন্থৰ এক নতুন বজাৰ সৃষ্টি হয় আৰু গ্ৰন্থৰ, আলোচনী, কাকতৰ সেই বজাৰক কেন্দ্ৰ কৰি মানুহৰ সমাৱেশ, আড্ডা আৰম্ভ হয় । নতুন নতুন প্ৰতিস্থানৰ সৃষ্টি হয়। টেলিগ্ৰাফৰ আৱিষ্কাৰ হোৱাৰ পিছত মাটিৰে আৰু সাগৰৰ পানীৰ মাজেৰে টানি নিয়া ‘কেবল লাইন’-এ সংবাদ সম্প্ৰচাৰৰ ক্ষেত্ৰত নতুন দিগন্ত মুকলি কৰে, হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰিবলৈ সক্ষম হয় আঞ্চলিক ক্ষেত্ৰৰ মেডিয়াই।
এই সময়ছোৱাৰ পৰা অসমত সৰ্বপ্ৰথমবাৰৰ বাবে প্ৰকাশ হোৱা অৰুনোদইৰ সময়ছোৱালৈ প্ৰায় ২৪১ বছৰৰ ব্যৱধান। অসমলৈ আমেৰিকান মিছনেৰীসকল আহি ছপাশাল স্থাপন কৰি ‘অৰুনোদই’ প্ৰকাশ কৰা সময়ছোৱাত বিশ্বৰ বিভিন্ন দেশত মানুহৰ বিৱৰ্তনে এক নতুন মাত্ৰা লাভ কৰিছিল।
বাতৰিকাকত প্ৰকাশ বৃদ্ধি হ’বলৈ ধৰিছিল, ছপাশাল উন্নত হ’বলৈ ধৰিছিল, ১৭৩১ চনত বেন ফ্ৰেংকলিন(Ben Franklin)-এ পুথিভঁৰাল স্থাপন কৰিছিল, ১৭৪১ চনত এন্ড্ৰু ব্ৰেডফৰ্ড(Andrew Bradford)-এ ‘আমেৰিকান মেগাজিন’ প্ৰকাশ কৰিছিল। ১৭৯৮ চনত দেশ/চৰকাৰ-বাহাদুৰ বিৰোধী অপৰাধমূলক আইন (Sedition Act) প্ৰণয়ন আমেৰিকাত কৰা হয় [ The Alien and Sedition Acts were four laws passed by the Federalist dominated 5th United States Congress and signed into law by President John Adams in 1798. ‘ The sweeping language of the Sedition Act made it illegal, among other actions, to “write, print, utter or publish ….any false, scandalo and malicious writing…. with intent to defame the… government” or “to srir up sedition within the United States.”]।
১৮০০-১৯০০ খ্ৰীষ্টাব্দৰ কালছোৱাত মানৱ সভ্যতাই প্ৰৱেশ কৰে টেলিগ্ৰাফৰ যুগত আৰু সেইছোৱা সময়তেই শিল্পবিপ্লৱৰ সূচনা হয়; এই সময়তেই সংবাদ-পত্ৰইও এক বৈপ্লৱিক যুগত প্ৰৱেশ কৰে। ১৮২৮ চনত সকলোকে বিস্ময়াভিভূত কৰি ছাৰা জোচেফা হেলে ( Sara Josepha Hale) মহোদয়াই প্ৰকাশ কৰে সৰ্বপ্ৰথম মহিলা আলোচনী। ১৮৪৪ চনত ছেমুৱেল মৰ্চ (Samuel Morse)-এ প্ৰথমবাৰৰ বাবে টেলিগ্ৰাফৰ লাইন বহুৱায়।
ইতিপূৰ্বে আমি উল্লেখ কৰি আহিছো যে জেমছ অগষ্টাচ্ হিকিয়ে ১৭৮০ চনত কলকাতাৰ ৰাধাবজাৰৰ পৰা প্ৰকাশ কৰে উপমহাদেশখনৰ প্ৰথম সংবাদপত্ৰ ‘বেংগল গেজেট’; তাৰপিছত ১৭৮৫ চনত মাদ্ৰাজত ‘মাদ্ৰাজ কুৰীয়াৰ’ প্ৰকাশ হয়, ১৭৮৯ চনত ‘বোম্বে হেৰল্ড’ বোম্বাইৰ পৰা প্ৰকাশ হয়, আৰু সংবাদ-পত্ৰৰ সেই যাত্ৰা সময়ৰ লগে লগে তীব্ৰ গতিৰে বিস্তাৰিত হৈ পৰে।
বহুবছৰ আগতে ড° চন্দ্ৰপ্ৰসাদ শইকীয়াই লিখিছিল,’ সাংবাদিকতাৰ লক্ষ্য হ’ল মানুহৰ সমস্যাৰ বিষয়ে মানুহৰ ধাৰণা গাঢ় কৰা। মানুহ কোনো নিৰ্জন দ্বীপৰ দৰে সুদূৰ আৰু নি:সঙ্গ নহয়। মানুহে নিজৰ কথা, নিজৰ নিকটাত্মীয় অথবা সম্প্ৰদায়ৰ কথা জানিয়েই ক্ষান্ত নেথাকে। মানুহক জানিবলৈ লাগে অন্য মানুহৰ কথা, নিজৰ ৰাজ্যৰ, নিজৰ দেশৰ মানুহৰ কথা আৰু নিজৰ দেশৰ ভৌগোলিক সীমা অতিক্ৰমি বিশাল বিশ্বৰ মানুহৰ কথা। মানুহে মানুহৰ কথা জনাৰ বাসনাৰ মাজতে বাতৰিকাকতৰ প্ৰয়োজনীয়তা সুপ্ত হৈ আছিল। সংবাদ-পত্ৰৰ জন্ম স্থানিক হ’লেও, তাৰ প্ৰকৃতি বিশ্বজনীন। বহল দৃষ্টিৰে ক’ব পাৰি, বাতৰিকাকতে মানুহৰ মনত সমগ্ৰ বিশ্বকে স্থাপন কৰে।….. কেৱল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ মুখপত্ৰ অথবা মাধ্যম হিচাপে মিছনেৰীসকলে অসমৰ এই প্ৰথম বাৰ্তালোচনী অৰুনোদই প্ৰকাশ কৰা হ’লে সেই আলোচনীৰ বৰ্তমান স্থান হ’লহেতেন যাদুঘৰৰ কোনো এক অন্ধকাৰ কোঠাত : সেই আলোচনীয়ে অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্যৰ ইতিহাসত কোনোকালেই স্থান নেপালেহেতেন।
…যিখন আলোচনী (অৰুনোদই সম্বাদপত্ৰ)ৰ প্ৰথম সংখ্যাতে কেৱল পোৱা যায় দেশ-বিদেশৰ নানান বাতৰি, আহোম ৰজাৰ মৈদাম খনাৰ বিচিত্ৰ কাহিনী আৰু কানিয়ে মানুহক কেনেকৈ ধ্বংস কৰে তাৰ কথা, সেই আলোচনী একমাত্ৰ ধৰ্ম প্ৰচাৰৰ মুখপত্ৰ কেতিয়াও হ’ব নোৱাৰে। অসম; থলুৱা ভাষাৰে অসমীয়া লোকক নানান বিষয়ৰ খবৰ-বাতৰি যোগোৱাই আছিল সেই আলোচনীৰ মূল লক্ষ্য…
.সেই ঐতিহাসিক দৃষ্টিকোণৰ পৰা চালে আমি দৃঢ়ভাৱে ক’ব পাৰো যে বাংলা ভাষাক ‘ৰজাৰ ভাষা’ বুলি ভবা সেই যুগৰ অসমীয়াৰ মনত মাতৃভাষাৰ প্ৰতি প্ৰৱল সচেতনতা সৃষ্টি কৰিলে অৰুনোদই কাকতে। দেশ-বিদেশৰ নানা বাতৰিৰে অসমৰ মানুহৰ মনৰ দিগন্ত সেই কাকতে প্ৰসাৰ কৰিলে। আনন্দৰাম ঢেকিয়াল ফুকনৰ ইংলন্ডৰ বিৱৰণ নামৰ ৰচনা অৰুনোদইৰ ১৮৪৭ চনৰ এপ্ৰিল সংখ্যাত প্ৰকাশ হৈছিল আৰু তাৰ মাজেদি অসমীয়া লোকে ইংলন্ডৰ জয়জয়-ময়ময় অৱস্থাৰ কথা জানি নিজৰ বৃটিছ-শাসিত দেশৰ দুৰ্দশাৰ স্বৰূপটো উপলব্ধি কৰিব পাৰিছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ’অসমীয়া ল’ৰাৰ মিত্ৰ’ৰো প্ৰশংসা হৈছিল সেই কাকতত। অসমীয়া ভাষাৰ বিষয়ে আলোচনাৰ লগতে অসমৰ পুৰণি বুৰঞ্জীৰ কাহিনীও ধাৰাবাহিকৰূপে তাত প্ৰকাশ পাইছিল। অসমৰ সমাজতাত্ত্বিক দিশটোৱেও গঢ় লৈছিল সেই কাকততঃ ভোট, গাৰো, নগা, খামটি, মিচিমি, চিংফৌ, আবৰ, ডফলা, মিৰি, অকা আদি অসমৰ বিভিন্ন সম্প্ৰদায়ৰ পৰিচয়মূলক অনেক প্ৰৱন্ধ প্ৰকাশিত হৈছিল। বিদেশী সাহিত্যৰ লগতো অৰুনোদইয়ে অসমৰ মানুহক পৰিচয় কৰি দিছিল। ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল জন বিনিয়নৰ ‘পিলগ্ৰিমছ্ প্ৰগ্ৰেছ’ৰ অসমীয়া অনুবাদ ‘জাত্ৰিকৰ জাত্ৰা’।
ড° চন্দ্ৰপ্ৰসাদ শইকীয়াই এক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল,’ কিন্তু প্ৰতিবেশী ভাষাৰ বিৰুদ্ধে থিয় দিয়া মিছনেৰীসকলৰ থলুৱা অসমীয়া ভাষাৰ প্ৰয়োগ-প্ৰচেষ্টা অসমীয়া মানুহে পিছলৈ কিয় গ্ৰহণ নকৰিলে: “অৰুনোদই”ৰ দন্ত্য ”ন” কিয় মূৰ্ধন্য “ণ”ত আৰু “ই” কিয় “য়”ত পৰিণত হ’ল? মানে, অসমীয়া ভাষাক কিয় পুনৰ সংস্কৃতৰ ওচৰ চপাই অনা হ’ল?’
যি কি নহওঁক, অসমৰ মহাসংক্ৰান্তিৰ ক্ৰান্তিকালত অৰুনোদইয়ে এক বিশেষ বিশাল মহত্তৰ ভূমিকাৰে অসমত অসমীয়া ভাষাৰ হৈ সেনাপতিৰ দায়িত্ব পালন কৰাৰ উপৰিও অসমৰ মানুহক বিশ্বৰ সৈতে পৰিচয় কৰাই অসমৰ সাংবাদিকতাৰ সুদৃঢ় পথ উন্মুক্ত কৰি ঐতিহাসিক ভাৱে কালজয়ী হৈ পৰে।
আমেৰিকান মিছনেৰীসকলে, অসমীয়া মানুহৰ মাজত নিহিত হৈ থকা সুকীয়া ভাষাটোক অসমীয়া মানুহে প্ৰথমবাৰৰ বাবে উপলব্ধি কৰাবলৈ প্ৰয়াস কৰি সফল হোৱা সম্পৰ্কে ”ধৰ্মপুস্তক’ বা বাইবেলৰ পৰা অৰুনোদইলৈ’ শীৰ্ষক এক প্ৰৱন্ধ (অৰুনোদই সংখ্যা, প্ৰকাশ, পৃ ২৬, ১৯৮৩)ত প্ৰফুল্লদত্ত গোস্বামীয়ে লিখিছে, ‘…মিশ্যনেৰীয়ে স্থাপন কৰা পঢ়াশালিয়ে নতুন শিক্ষাৰ বাট মুকলি কৰিলে আৰু তেওঁলোকে ক্ষতিগ্ৰস্ত হৈ চলোৱা আলোচনীয়ে অসমীয়া ভাষাৰ সুকীয়া ৰূপ ঢাকি ৰখা ওৰণিখন আঁতৰাই দিলে, অসমীয়া লেখকক প্ৰেৰণা যোগালে আৰু এইদৰেই আমাৰ আধুনিক চিন্তা-চৰ্চাৰ ভেটি বান্ধি থৈ গ’ল।’ অৰুনোদইৰ সৰ্বশ্ৰেষ্ঠ অৰিহণা হ’ল, ড° সুনীল পৱন বৰুৱাৰ ভাষাত- ‘কাকতখনে ছপা আখৰৰ মাধ্যমত অসমীয়া সাহিত্যক সাধাৰণ মানুহৰ ওচৰ চপাই আধুনিক জ্ঞান- বিজ্ঞান তথা বহিঃ বিশ্বৰ লগত থলুৱা অসমীয়া মানুহক পৰিচয় কৰাই দিলে।( ‘সংবাদ -সাহিত্য, ১৮৮৯-১৯৩৯’- সুনীল পৱন বৰুৱা)’
এই শতিকাৰ প্ৰথম দুটা দশক ইতিমধ্যে পাৰ হৈ গ’ল। অৰুনোদইৰ প্ৰকাশৰ মাহটোৰ পৰা হিচাব কৰিলে ২০২১ চনৰ এই জানুৱাৰীত অসমৰ সংবাদ জগতৰ ১৭৫ বছৰ সম্পূৰ্ণ হ’ল।
সেই আপাহতে আমি এই লেখাৰ জৰিয়তে মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণত বিধ্বস্ত অসমৰ পটভূমিত ইংৰাজৰ প্ৰৱেশৰ পিছত সুদূৰ আমেৰিকাৰ পৰা এই মুলুকলৈ অহা মিছনেৰীসকলৰ যাত্ৰা, সেই সময়ত অসমত কানিৰ প্ৰচলন, বঙলা ভাষাৰ আধিপত্য, মিছনেৰীসকলে তেওঁলোকৰ সৈতে লৈ অহা ছপাশাল, অসমত তেওঁলোকে প্ৰকাশ কৰা প্ৰথমখন বাতৰিকাকত প্ৰকাশ কৰি অসমত সূচনা কৰা নতুন অধ্যায়ৰ বিষয়ে আভাস দিবলৈ প্ৰয়াস কৰিলো আৰু এই লেখাৰ জৰিয়তেই তেওঁলোকৰ অৱদানক আন্তৰিকতাৰে স্মৰণ কৰিলো।
১৭৫ বছৰৰ পিছত সমগ্ৰ বিশ্বতে মেডিয়াৰ যি অকল্পনীয় ৰূপান্তৰ সাধন হৈছে, অসমো তাৰ ব্যতিক্ৰম নহয়। অৰুনোদইৰ পিছত ১৮৭১ চনত আউনীআটী সত্ৰৰ পৰা শ্ৰীশ্ৰীদত্তদেৱ গোস্বামীয়ে ‘ধৰ্মপ্ৰকাশ যন্ত্ৰ’ৰ সহায়ত প্ৰকাশ কৰা ‘আসাম বিলাসিনী’, আসাম মিহিৰ, আসাম দৰ্পণ, গোৱালপাৰা হিত-সাধনী, আসাম দীপক, চন্দ্ৰোদয়, আসাম নিউজ, আসাম বন্ধু, মৌ, জোনাকী, বিজুলী, টাইমছ অফ আসাম, আসাম বন্তি, ঊষা, বাঁহী,আসাম বান্ধৱ, সাপ্তাহিক জনমভূমি, নতুন অসমীয়া, চেতনা, আৱাহন, আসাম ট্ৰিবিউন, সাপ্তাহিক নীলাচল, অগ্ৰদূত, সাদিন, অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা, বডোছা, দ্যা বড়োলেণ্ড এক্সপ্ৰেছ, প্ৰান্তিক, প্ৰকাশ ইত্যাদি বিভিন্ন সংবাদপত্ৰৰ মাধ্যমেৰে যাত্ৰা কৰা সংবাদ আৰু সংবাদ-মাধ্যম এক অকল্পনীয় অধ্যায়ত প্ৰৱেশ কৰিছে; আৰু আজি সেই অধ্যায়ৰ বোকোচাত উঠি উভতি চাইছো ১৭৫ বছৰ আগৰ অৰুনোদইৰ সময়ছোৱালৈ।
আমি সাধাৰণতে বুজি পোৱা মেডিয়াৰ সংজ্ঞা হ’ল – কোনো অৰ্থপূৰ্ণ মূল্যবান তথ্য, সংবাদ, বিষয় আদি আৰু বিশ্বাসযোগ্যতাৰে তথা যতিবিহীনভাবে স্থান আৰু সময়ৰ বোকোচাৰে সৰবৰাহ কৰা প্ৰযুক্তি – সেয়া লাগিলে জকাচুকৰ গুৰুত্বপূৰ্ণ সংবাদেই হওক বা শুক্ৰাচাৰ্য ৰাভাৰ ‘আন্ডাৰ দ্যা শাল ট্ৰি’ৰ নাটকেই হওক অথবা নেটফ্লিক্সৰ চিনেমাই হওক কিম্বা অসম আন্দোলনৰ বাতৰি – তথ্যচিত্ৰই হওক বা ‘টক শ্ব’/সাক্ষাৎকাৰ, ইত্যাদিয়েই হওক। যিয়ে চিহ্ন, ছৱি বা ফটো, শব্দ, লেখা বা বাৰ্তা, সাক্ষাৎকাৰ, ইত্যাদিক ‘কন্টেন্ট’ বুলি অভিহিত কৰে আৰু প্ৰযুক্তিৰ সহায়ত বিতৰণ কৰে – সেই সমস্তৰ মন্ডকেই মেডিয়া বুলি কোৱা হয় আৰু এই মেডিয়াইয়ে আমাৰ জীৱনৰ চোতালখন বৰ্ণময় কৰি ৰাখে হেতুকে ই আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ স্বৰূপ হৈ পৰিছে।
এঠাইৰ পৰা অইন এঠাইলৈ , মানুহক অৰ্থবহ সংবাদেৰে সংযোগ কৰি কৰি মেডিয়াই নতুন নতুন পৰিমন্ডল সৃষ্টি কৰিছে আৰু জীৱন যাত্ৰাৰ ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়াইছে; ইয়াৰ ফলতেই মেডিয়াৰ বা সংবাদ মাধ্যমৰ জগতখনৰ ক্ষমতা অতুলনীয়।
উল্লেখযোগ্য যে প্ৰযুক্তিয়ে আজি অকল্পনীয় মাত্ৰা লাভ কৰি মেডিয়াক এক উচ্চতৰ শিখৰত উপনীত কৰাইছে যদিও মেডিয়া যি ক্ষমতাৰে শক্তিমান, প্ৰযুক্তিবিদসকল তেনে ক্ষমতাৰ অধিকাৰী নহয়। সংবাদ জগতৰ ইতিহাস খুচৰিলে পোৱা যায় যে সংযোগ/সংবাদৰ উদ্দেশ্য সাধনৰ ক্ষেত্ৰত মেডিয়াই আৰম্ভণিৰে পৰাই ভীষণ প্ৰত্যাহ্বানৰ মুখামুখি হৈ আহি আহি এই পৰ্যায় পাইছে।
অৰ্থবহ সংবাদ কঢ়িওৱা মাধ্যমৰ পৰিবহনৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান ( উদাহৰণস্বৰূপে, শিলালিপিত আখৰ লেখা, সেই লিপি কঢ়িওৱাৰ সৈতে আজি হাতেৰে কঢ়িওৱা স্মাৰ্টফোনৰ তুলনাই নহয়) গ্ৰহণ কৰা সহজ কথা নহয়। সংবাদ বা তথ্য বহন কৰা, প্ৰেৰণ কৰা, সংৰক্ষণ কৰা মাধ্যম যেতিয়া গধূৰ আছিল, মেডিয়াৰ পৰিসীমা আছিল অঞ্চলভিত্তিক।
খ্ৰীষ্টপূৰ্ব ২০০০ৰ সময়ৰ মেচ’পটেমিয়াৰ মাটিৰ ফলিসমূহ বা প্ৰায় ১৫০০ বছৰ আগৰ কামৰূপাধিপতি ভাস্কৰবৰ্মাৰ ডুবিৰ শিলালিপি – যিবোৰে সংৰক্ষণ কৰিছিল গুৰুত্বপূৰ্ণ সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় তথ্য – সেইসমূহৰ পৰিসৰ আছিল সীমিত, কাৰণ আকাৰ-ওজন-পৰিবহন আদি বিভিন্ন সমস্যা আছিল ।
কিন্তু এতিয়া একেবাৰে বিপৰীত ঘটনা; সৌ তাহানিৰ শিলালিপিৰ পৰা যাত্ৰা কৰা সংবাদে বাতৰিকাকত, আলোচনী, আদিৰ বোকোচাত উঠাৰ পিছত নতুন নতুন অকল্পনীয় পৰ্যায়ত প্ৰৱেশ কৰিলে।
বিতৰণৰ অত্যাধুনিক প্ৰযুক্তি, গ্ৰহণ কৰা ‘হাৰ্ডৱেৰ’ৰ প্ৰযুক্তিদত্ত ক্ষমতা, তাৰ লগতে বাৰৰঙী পেঞ্চিলৰ দৰে অন্তহীন বাৰেৰঙী সংবাদ বা ‘কন্টেন্ট’ – এই যুগত মেডিয়াৰ সৈতে প্ৰযুক্তিৰ ক্ষমতা অনিবাৰ্যভাৱে সংপৃক্ত হৈ পৰিছে; তাতে ৰহণ চৰাইছে ইন্টাৰনেট, স্মাৰ্টফোন, টেবলেট, আদিয়ে। এতিয়া সমস্যা হৈছে, প্ৰতিমুহুৰ্ততে মেডিয়াই যোগান ধৰা হাজাৰ হাজাৰ সংবাদৰ, ছৱিৰ, ভিডিঅ’ৰ, তথ্য আদিৰ কোনবোৰ চাম, কোনবোৰ সংৰক্ষণ কৰিম, কোনবোৰ অবিলম্বে ‘ডিলিট’ কৰিম, কোনবোৰ নুখুলিম!!
নব্বৈৰ দশকতেই আমি শুনিছিলো যে এক নতুন অধ্যায়ৰ সূচনা হ’ল, প্ৰযুক্তিবিদ্যাৰ এক নতুন অধ্যায় আৰম্ভ হ’ল। তেতিয়া ভাবিবই পৰা নাছিলো যে ইমান ব্যাপক আৰু গভীৰ আৰু সৰ্বজনপ্ৰিয় হ’ব সেই অধ্যায়।
আমি পঢ়িবলৈ পাইছিলো যে কানাডা নিবাসী আমেৰিকান উইলিয়াম গিবছন আচৰিত হৈছিল ভিডিঅ’ গেমৰ খেলুৱৈসকলক দেখি আৰু সেইবোৰক লৈ শিশু-চেমনীয়াৰ সম্পূৰ্ণ দৈহিক জড়িতকৰণ-মানসিক আসক্তি দেখি — যেন তেওঁলোক বাস্তৱৰ এখন খেলপথাৰত হে আছে! গিবছনে কৈছিল – “It was like a feedback loop, with photons coming off the screens into the kid’s eyes, neurons moving through their bodies and electrons moving through the video game. These kids clearly believed in the space the game projected.” সেই চিন্তাই গিবছনক ঘেৰি ৰাখিছিল।
তেওঁৰ ভিডিঅ’গেম বা কম্পিউটাৰৰ জ্ঞান আছিল তেনেই সীমিত – আৰু তেওঁৰ বিখ্যাত উপন্যাস Neuromancer (১৯৮৪)খন তেওঁ তেওঁৰ পূৰণি টাইপৰাইটাৰটোত লিখি উলিয়াইছিল। গিবছনে কৈছিল -” They develop a belief that there’s some kind of actual space behind the screen, some place that you can’t see but you know is there.” সেই স্থানৰেই তেওঁ নামাকৰণ কৰিছিল “Cyberspace” — আৰু সেই শব্দটো তেওঁ ব্যৱহাৰ কৰিছিল তেওঁৰ উপন্যাস-গল্প আদিত।
ইয়াৰ পিছত নতুন নতুন শব্দ, সংজ্ঞা বহুত শুনা গ’ল – The Net, The Web, The Cloud, The Matrix, The Metaverse, The Datasphere, The Electronic Frontier, The Information Superhighway, The IT, ICT, ইত্যাদি; কিন্তু গিবছনৰ Cyberspace হৈ থাকিল অতুলনীয়।
সেই শব্দটোক লৈ সৃষ্টি হ’ল চাইঞ্চ- ফিক্সন নিৰ্ভৰ ফেন্টাছি, ইত্যাদি – পৰৱৰ্তীকালত যি সমগ্ৰ বিশ্বৰ সমস্ত কম্পিউটাৰবোৰক ইন্টাৰনেটৰ এখন ঘন জালেৰে গুঠি পেলোৱা প্ৰযুক্তিৰ জৰিয়তে সৃষ্টি হোৱা বাস্তৱসদৃশ কাল্পনিক জগতখনৰ কোটি কোটি বাসিন্দাৰ বাবে এক বীজমন্ত্ৰত পৰিণত হ’ল।
আজি আমি মেডিয়াৰ এই নতুন অধ্যায়ত উপনীত হওতে ছপাশালৰ ঘাটৰ লগতে বিভিন্ন ঘাটত বিৱৰ্তনৰ নাওঁখন চপাই চপাই আহিছো।
তাৰে কেইটামান উল্লেখ কৰি থব বিচাৰিছো, যেনে- জৰ্জ লুইচ লেছেজ( George Louis Lesage)-এ ১৭৭৪ চনত সভ্যতাক উপহাৰ দিয়া ইলেক্ট্ৰিক টেলিগ্ৰাফ, ১৮২৯ চনত ডব্লিউ এছ বাৰ্ট (W. S.Burt)-এ আৱিষ্কাৰ কৰা টাইপৰাইটাৰ, ১৮৭৬ চনত আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ টেলিফোন আৱিষ্কাৰ, ১৮৭৭ চনত টমাছ আলভা এডিচনৰ দ্বাৰা আৱিস্কৃত ফন’গ্ৰাফ, ১৮৯৪ চনত মাৰ্কনিয়ে আৱিষ্কাৰ কৰা ৰেডিঅ’, ১৯০০-ৰ প্ৰথমভাগত ৰেডিঅ’- টেলিভিছন- চিনেমাৰ জয়যাত্ৰাঃ ১৯১৮ চনত প্ৰথমখন ৰঙীন চিনেমাৰ বাবে দৃশ্যগ্ৰহণ (Cupid Angling), ১৯১২ চনৰ ৪ এপ্ৰিলত আটলাণ্টিক মহাসাগৰৰ বুকুত টাইটানিক ডুবি যোৱাৰ সময়ত বিশ্ববাসীয়ে নাটকীয় ৰূদ্ধশ্বাসেৰে দেখা মাৰ্কনিৰ ৰেডিঅ’ই বিপুল ক্ষমতাৰে কিদৰে আন্তৰ্জাতিক ভূমিকা পালন কৰি মেডিয়াক এক অকল্পনীয় উচ্চতালৈ লৈ গ’ল ( উদ্ধাৰকাৰী নাওৰ ৰেডিঅ’ৰ পৰা অদূৰৰ জাহাজলৈ, জাহাজৰ পৰা কানাডাৰ পূৱ উপকুললৈ, কানাডাৰ পৰা আমেৰিকা আৰু ইউৰোপলৈ – য’ৰ পৰা টাইটানিকৰ যাত্ৰী হৈছিল শ শত জন) , ১৯২৩ চনত প্ৰথমখন উচ্চ মানদণ্ডৰ বাৰ্তালোচনী ‘টাইম'(TIME)ৰ আত্মপ্ৰকাশ, ১৯২৭ চনত ফিল’ ফাৰ্ণ্চৱৰ্থৰ দ্বাৰা প্ৰথম টেলিভিছনৰ সম্প্ৰচাৰ, ইত্যাদিৰ পিছত ১৯৩০ চনৰ পিছত ইলেকট্ৰনিক যুগত প্ৰৱেশ কৰি ১৯৪০ চনত কমিউনিটি এন্টেনা টেলিভিছন চিষ্টেম (early cable), ১৯৫০ চনত আত্মপ্ৰকাশ কৰা ক’লা-বগা টেলিভিছনে মূলসুতিত পৰিণত হোৱা ঘটনা, ১৯৬০ চনত এফ-এম ৰেডিঅ’ৰ জয়যাত্ৰা, ১৯৬৩ চনত অডিঅ’ কেছেটৰ ব্যাপক প্ৰচলন, ১৯৭২ চনত ৰে’ টমলিনশ্বনৰ দ্বাৰা ই- মেইলৰ বিকাশ সাধন, ১৯৭৩ চনত জন মিশ্বেল আৰু মাৰ্টিন কুপাৰৰ দ্বাৰা হাতেৰে কঢ়িয়াই নিব পৰা প্ৰথম ম’বাইল ফোনৰ আৱিষ্কাৰ, ১৯৭৫ চনৰ পৰা ‘ভি-চি-পি’ আৰু ‘ভি-চি-আৰ’ৰ অপ্ৰতিৰোধ্য গতি, ১৯৮০ চনত ৰঙীন টেলিভিছনে মূলসুঁতিৰ বাতৰিকাকতক প্ৰথমবাৰৰ বাবে পৰ্যুদস্ত কৰি সিংহাসন দখল কৰা ঘটনা, ১৯৮১ চনত আই-বি-এম(IBM)ৰ দ্বাৰা ব্যক্তিগত কম্পিউটাৰৰ সূচনাৰে আৰম্ভ হৈ পৰা অইন এক কালজয়ী অধ্যায়, ১৯৮৫ চনত আত্মপ্ৰকাশ কৰা ‘মাইক্ৰ’ছফ্ট উইনডোজ’, ১৯৮৬ চনত মুকলি হোৱা প্ৰথম বাণিজ্যিক ই-মেইল সেৱা MCI Mail, আৰু ১৯৯০ চনৰপৰা অকল্পনীয় ভাবে সমগ্ৰ পৃথিৱীকেই আলোড়িত কৰা ইন্টাৰনেট, তাৰ তালে তালে ছছিয়েল নেটৱৰ্কিং-অৰ অজস্ৰ ঠিকনা, এইবোৰৰ কান্ধত উঠি বিজয় পতাকা উৰুওৱা ছছিয়েল মেডিয়াৰ অনন্য মাত্ৰা আৰু যাত্ৰা, ১৯৯১ চনত পৃথিৱীৰ উপৰিভাগ মকৰাজালৰ দৰে ইন্টাৰনেটৰ অন্তহীন আন্তৰ্জালেৰে বান্ধিবলৈ ছাৰ টিমথি জন বাৰ্ণাৰ্ছ লিয়ে মুকলি কৰি দিয়া ‘ৱৰ্ল্ড ৱাইড ৱেব'( World Wide Web), ‘আই-বি-এম’ৰ দ্বাৰা ১৯৯২ চনত তৈয়াৰ কৰা প্ৰথম স্মাৰ্টফোন ১৯৯৪ চনত বিক্ৰীৰ বাবে বজাৰত মুকলি কৰা ঘটনা, টেলিভিছন ‘গ্লবেল টেলিভিছন’ হৈ পৰি ১৯৯৪ চনত বিশ্ববাসীৰ সন্মুখত নেলচন মেন্ডেলাক উপস্থাপন কৰা ঘটনা আৰু ৰাজকুমাৰী ডায়েনাৰ শৱদেহ লৈ কৰা ১৯৯৭ চনৰ যাত্ৰা তথা ২০০৮ চনত অ’বামাৰ বিজয় ভাষণ, ১৯৯৫ চনত মাইক্ৰ’চফ্টৰ ইন্টাৰনেট এক্সপ্ল’ৰাৰ মুকলি, ১৯৯৭ চনত ‘ডি-ভি-ডি’ৰ দ্বাৰা ‘ভি- চি-আৰ’ বিধ্বস্ত হোৱা, ২০০১ চনৰ পৰা আৰম্ভ হোৱা তাৎক্ষণিক বাৰ্তা প্ৰেৰণৰ সেৱা(Instant Messaging Service)ৰ সূচনা, ২০০২ চনত ভৱিষ্যতৰ ছছিয়েল মেডিয়াৰ জগতৰ অবিসম্বাদী সম্ৰাট হিচাপে আৰোহণ কৰা ফেচবুক, ২০০৫ চনত ইউ-টিউব ( YouTube)ৰ আত্মপ্ৰকাশ, ২০০৭ চনত টাম্বলাৰৰ আৱিৰ্ভাৱ, ২০০৯ চনত হোৱাটচ্এপ আৰু ২০১০ চনত ইন্ষ্টাগ্ৰাম আদিৰ আত্মপ্ৰকাশ আদিয়েই তাৰে উৎকৃষ্ট উদাহৰণ।
সমগ্ৰ বিশ্বৰ মহানগৰ-নগৰসমূহত বসবাস কৰা জনসংখ্যাই ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে মহানগৰ- নগৰসমূহত বসবাস নকৰা জনসংখ্যাক ২০০৭ চনত অতিক্ৰম কৰিছে আৰু এই বিৱৰ্তনৰ বাবে ৫০০০ বছৰ সময়ৰ প্ৰয়োজন হৈছে। কিন্তু বিশ্বৰ মুঠ জনসংখ্যাৰ অধিকাংশতকৈও বেছি জনসংখ্যাক তেনেই কম সময়ৰ ভিতৰতেই ইন্টাৰনেটে আলিংগন কৰিবলৈ সক্ষম হৈছে।
বিশ্বৰ মুঠ জনসংখ্যাৰ অধিকাংশই এতিয়া ‘অনলাইন’ত থাকে। ‘ৱেব'(web)ৰ জগতে পশ্চিমীয়া দেশবোৰত প্ৰযুক্তিৰ সৈতে জড়িতসকলক মাত্ৰ ২৫ বছৰ পূৰ্বে স্পৰ্শ কৰাৰ পিছতে ই এক বিৰল ঘটনাত পৰিগণিত হৈছে। এতিয়া সৰ্বদিশত ইন্টাৰনেটৰ দ্বিতীয় অধ্যায় আৰম্ভ হৈছে। হয়, ইন্টাৰনেটৰ দ্বিতীয় ইনিংছ আৰম্ভ হৈছে।
সমাজৰ বিভিন্ন স্তৰৰ বান্ধোন ইন্টাৰনেটৰ এই দ্বিতীয় অধ্যায়ে স্পৰ্শ কৰিছে, সলনি কৰিছে, নতুন নতুন দৃশ্যপটৰ অৱতাৰণা কৰিছে, মুঠতে এক নতুন বিপ্লৱ তীব্ৰগতিৰে চৌদিশে আৰম্ভ হৈছে। নতুনকৈ ইন্টাৰনেটৰ বাসিন্দা তথা আসক্ত হোৱাসকলৰ সৰহভাগেই এখন নতুনকৈ সৃষ্টি হোৱা জগতৰ বাসিন্দা হৈছে আৰু বিগত ৩ বছৰৰ ভিতৰতেই তেনে এখন জগতত ৭২৬ নিযুত মানুহে ‘নাগৰিকত্ব’ গ্ৰহণ কৰিছে।
দুৰন্ত গতিৰে আগবাঢ়িছে চীন। দুখীয়া অঞ্চল হিচাপে স্বীকৃত ভাৰত আৰু আফ্ৰিকাও আগবাঢ়ি গৈছে। আফ্ৰিকাৰ যিবোৰ অঞ্চলত সৌ সিদিনা পৰ্যন্ত দাস কিনা-বেচা হৈছিল, সেইবোৰ অঞ্চলত কৃষ্ণাঙ্গ কিশোৰৰ হাতত এতিয়া স্মাৰ্টফোন দেখা গৈছে আৰু নিত্য নতুন ক্ষেত্ৰ তেওঁলোকৰ চকুৰ সন্মুখত উন্মোচিত হবলৈ ধৰিছে।
ইন্টাৰনেটৰ এনে প্ৰসাৰৰ সমান্তৰালকৈ উৰাবাতৰি, চৰিত্ৰহনন, ধৰ্মীয় মেৰুকৰণ, ধৰ্মীয় বা ৰাজনৈতিক কাৰণত নিৰ্য্যাতন আদিও বৃদ্ধি পাইছে ভাৰত, ম্যানমাৰ আদি অঞ্চলত – যিবোৰে উদ্বিগ্ন কৰি তুলিছে শুভবুদ্ধিসম্পন্ন মানুহক।
ইয়াৰ বিপৰীতে পৰোপকাৰ, বদান্যতা, সাহায্য, কৃষকে স্মাৰ্ট ফোনৰ দ্বাৰা শইচৰ মূল্য সম্পৰ্কে অৱগত হোৱা, কৰ’নাই ঘৰতে সোমাই থাকিবলৈ বাধ্য কৰা সময়ছোৱাত অনলাইন শিক্ষাগ্ৰহণ, কোভিড-১৯ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য-প্ৰাপ্তি, চিকিৎসক-চিকিৎসাৰ সুবিধা, যাত্ৰা, ইত্যাদি বিষয়বোৰো যোগাত্মক দিশ হিচাপে উন্মোচিত হৈছে।
ইন্টাৰনেটৰ প্ৰথম অধ্যায়টোৰ আশ্বৰ্যকৰ তন্ময়পূৰ্ণ, কিন্তু আপেক্ষিকভাৱে মন্হৰ সময়ছোৱাৰ তৰপ ভেদ কৰি ওপৰলৈ (উতলা গাখীৰে সৰৰ তৰপ আতৰাই দিয়াৰ দৰে) দুৰন্ত গতিৰে দ্বিতীয় অধ্যায়টোৰ উতলা ইন্টাৰনেট সংযুক্ত প্ৰযুক্তিৰ প্ৰবাহে সৰ্বদিশে প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে অযুতবাহু।
আজি ব্যৱসায়ৰ ক্ষেত্ৰত, সামাজিক সম্পৰ্কৰ ক্ষেত্ৰত, ভিডিঅ’ গেমৰ ক্ষেত্ৰত, মনোৰঞ্জনৰ ক্ষেত্ৰত, বহুততেই প্ৰৱেশ কৰিছে লক্ষ লক্ষ বিশ্ব-নাগৰিকে ; গতিকে অনিবাৰ্যভাবে মেডিয়াৰ জগতখনো ইন্টাৰনেটৰ দ্বিতীয় অধ্যায়ৰ তথা ইন্টাৰনেট নিৰ্ভৰ ছছিয়েল মেডিয়াৰ ‘এপ’সমূহৰ বোকোচাত, অত্যাধুনিক প্ৰযুক্তিৰ কোলাত লেতুসেতু হৈ আশ্ৰয় গ্ৰহণ কৰিছে।
কোভিড-১৯ৰ সময়ছোৱাত সমগ্ৰ বিশ্বত সংবাদৰ পতাকাখন ইন্টাৰনেটৰ মাধ্যমেৰে তথ্য নতুন ডিজিটেল যুগৰ বিভিন্ন ছফ্টৱেৰ-এপচ্ আদিৰ মাধ্যমেৰে উৰি থাকিবলৈ সক্ষম হৈছে। কিন্তু এতিয়া সেই প্ৰসঙ্গ আমি বহলাবলৈ নাযাও।
সেই সম্পৰ্কে আলোচনা কৰিবলৈ হ’লে আমি কৃত্ৰিম বুদ্ধিমত্তা( Artificial Intelligence), কলন বিধি বা আ্যলগৰিথম(Algorithm), ফেচবুক, গুগল, টুইটাৰ, ডাটা সংৰক্ষণ, ছছিয়েল মেডিয়া, মাচ্ মেডিয়া, চিটিজেন জাৰ্নেলিজিম, ইত্যাদি বিভিন্ন ক্ষেত্ৰত পৰিভ্ৰমণ কৰিব লাগিব।
কিন্তু সংক্ষেপে দুটা গুৰুত্বপূৰ্ণ বিষয় ইয়াতে উল্লেখ কৰা উচিত হ’ব –(১) আ্যলগৰিথম, কৃত্ৰিম বুদ্ধিমত্তা, ডাটা আদিৰ সহায়ত ফেচবুক-এ সাংবাদিক নিয়োগ নকৰাকৈ মেডিয়াৰ জগতত প্ৰৱেশ কৰিছে , আৰু ১৫/১২/২০২০ তাৰিখৰ খবৰঃ ‘Facebook told employees on 15th December, 2020 that it’s developing a tool to summarize news articles so user won’t have to read them. It also laid out early plans for a neural sensor to detectpeople’s thoughts and translate them into action…’; (২) বাতৰিকাকত, আলোচনী, কিতাপ, গোহাৰি, ইত্যাদিবোৰ হ’ল ‘এটম'(Atom) বা পৰমাণু; কিন্তু মেডিয়াৰ মাধ্যম স্বৰূপ এই ‘এটম’ৰ কাৰেংঘৰত এতিয়া ডিজিটেল জগতৰ মহাবাহুবলী ‘বিটচ্'(Bits)-এ প্ৰৱেশ কৰি ‘এটম’ক সিংহাসনচ্যুত কৰিবলৈ উপক্ৰম কৰিছে আৰু ৰংহীন, ওজনহীন, আকাৰহীন, পোহৰৰ গতিবেগেৰে ‘চুপাৰ হাইৱে’ৰে সাগৰ-মহাসাগৰ-দেশ-মহাদেশ নিমিষতে পৰিভ্ৰমণ কৰিব পৰা ‘বিটচ্’-এ তথ্যনিৰ্ভৰ অৰ্থনীতিৰ মহানায়ক হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে।
এইসম্পৰ্কে এই লেখাত অধিক উল্লেখ নকৰো। এতিয়া এইখিনিকেই আমি উপলব্ধি কৰি আমি সন্তুষ্ট হৈ থাকিম যে সৌ তাহানি, আজিৰ পৰা প্ৰায় ১৮০ বছৰ আগতে ছপাশাল, কাগজ, টাইপ আদি লগত লৈ নাওৰে ব্ৰহ্মপুত্ৰৰে উজাই শদিয়াত উপনীত হৈ ১৭৫ বছৰ আগতে ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ পৰা সেই ছপাশালৰ দ্বাৰা অসমৰ সৰ্বপ্ৰথম বাতৰিকাকত ‘অৰুনোদই সম্বাদপত্ৰ’ প্ৰকাশ কৰি বিশ্বৰ বিভিন্ন বা- বাতৰি তথা স্থানীয় সংবাদ-বুৰঞ্জী আদি বোকোচাত কঢ়িয়াই অসমৰ মানুহৰ মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে অসমীয়া ভাষাৰ হৈ যুঁজ দিয়া আমেৰিকান মিছনেৰীসকলৰ সেই সময়ছোৱাৰ ছপাশালৰ প্ৰযুক্তি, পৰিবহনৰ আন্তঃগাথঁনি, তথ্য সংগ্ৰহৰ ক্ষেত্ৰৰ প্ৰত্যাহ্বান ইত্যাদি আজি আৰু নাই; আৰু সেইবাবেই ড° নাথান ব্ৰাউন, ব্ৰনছন্ আদিক সচাকৈয়ে যদি আন্তৰিকতাৰে স্মৰণ কৰিবলৈ আমি ইচ্ছুক – ইমান অত্যাধুনিক প্ৰযুক্তি হাতৰ মুঠিতে পোৱা , আজিৰ যুগত ভৌগোলিক পৰিসীমাই ঢুকি নোপোৱা আমাৰ সংবাদপত্ৰ, সাংবাদিক, লেখক, মেডিয়াৰ সৈতে জড়িত সকলোৱে নিজৰ দায়িত্ব উপলব্ধি কৰা যে প্ৰয়োজন সেয়া সংশ্লিষ্টসকলে হৃদয়াঙ্গম কৰিব।
আজি বাৰ্তা কঢ়িওৱা ‘মাধ্যম’ৰ মাত্ৰা বহু ওপৰলৈ গুচি গৈছে, কিন্তু সি মহীৰুহ হ’ব পৰা নাই উপযুক্ত ‘কন্টেন্ট’ৰ অভাৱত। যি জ্ঞান শিপাৰ পৰা প্ৰাপ্ত হয়, সেই জ্ঞান পাতত বিচাৰি উলিয়াই দিলেই ‘কন্টেন্ট’ নহব। সংশ্লিষ্টসকলৰ শাখা-প্ৰশাখা দেখি ভ্ৰম হব নালাগে, ফল-ফুল দেখিও পথভ্ৰষ্ট হবৰ প্ৰয়োজন নাই, কাৰণ শিপা পালেই সমস্ত বৃক্ষকে পোৱা যাব।
তথ্ৰাচ, প্ৰযুক্তিৰ ইমান সুবিধা লাভ কৰিও আজি যেন মেডিয়াই অতীতৰ বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে। বিপুল বৈভৱৰ মাজত যেন আত্মিক সংকটে আজি আমাৰ হৃদয় চেপি ধৰিছে।
মোৱামৰীয়া বিদ্ৰোহ, মহামাৰী, মানৰ বৰ্বৰ আক্ৰমণ, ইংৰাজৰ দ্বাৰা কানিসেৱন – শোষণ, ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ পীড়ণ-প্ৰতাৰণা, দশক দশক ধৰি চৰম সুবিধাবাদী চৰিত্ৰৰ ‘থলুৱা’ আৰু ‘বহিৰাগত’ ৰাজনৈতিক নেতাৰ দ্বাৰা ‘সংজ্ঞা’হীন খিলঞ্জীয়া অসমীয়াক ‘সংজ্ঞাহীন’কৰণ – এইবোৰৰ মাজত নিজস্ব সত্বা হেৰুৱাই পেলাবৰ উপক্ৰম হোৱা এই মুলুকৰ খিলঞ্জীয়া বাসিন্দাসকল আজি যেন নিজৰ জন্মস্থানতেই ‘ৰিফিউজি’!
যেন মানৰ আক্ৰমণ এতিয়াও বৰ্তমান!
অসম যেন মন্দিৰৰ ঘন্টা, যাৰ যেনে ইচ্ছা – তেনেকৈয়ে বজাব পাৰে!
এনে সময়ত, ইংৰাজৰ দিনত অসমৰ এচামে যিদৰে চাটুকাৰ হৈ আনন্দ লভিছিল, আজিৰ দিনৰ প্ৰযুক্তিৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত অসমৰ বহু মেডিয়াই সেই একেই ধৰণৰ অতীতৰ চাটুকাৰৰ আনন্দ লাভ কৰাটোৱেই সম্ভৱতঃ অসমৰ বাবে নিৰানন্দৰ অইন এক প্ৰধান কাৰণ।
ক’ৰবাত পাইছিলো, পথ হেৰুৱালে অহা বাটটোৰে পুনৰ পিছুৱাই যাব লাগে আৰু ক’ত ভুল হৈছিল চাব লাগে; হেৰুৱাই পেলোৱা অতীতৰ বহু সম্পদো উদ্ধাৰ কৰিব পাৰি এনেদৰেই।
সেইবাবেই পিছুৱাই গলো অৰুনোদইৰ দিনবোৰলৈ, ১৭৫ বছৰৰ সংবাদ মাধ্যমৰ লগত জড়িত সকলোকে আন্তৰিকতাৰে স্মৰণ কৰিলো আৰু এই লেখা লিখিলো এই ভাব অন্তৰত ধাৰণ কৰিয়েই – জানোচা অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পটভূমিত অৰুনোদইৰ আঁত ধৰি পথৰ ভ্ৰান্তি আতৰ কৰিব পাৰিয়েই•••
[images from different sources]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)