• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, January 31, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

খং

-ডা° সুকৃতি চৌধুৰী

by Admin
June 23, 2021
in Special Report
Reading Time: 2 mins read
0
wood fashion man people

Photo by RODNAE Productions on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

–ডা° সুকৃতি চৌধুৰী |

বহুতো সময়ত আপোনাৰ বৰ খং উঠে ৷ সামন্য এটা কথাতে খঙৰ ভমকত আপুনি উগ্ৰতাৰে কোৱা একাষাৰ কথাই হয়তো বিশ বছৰৰ পুৰণি এটা মধুৰ সম্পৰ্ক চিৰদিনৰ বাবে নিঃশেষ কৰি দিলে যাৰ বাবে আপুনি পিছত বহুত অনুতাপ কৰে ৷ বহুত চেষ্টা কৰিও হয়তো সেই সম্পৰ্কটোক আগৰ দৰে কৰিব পৰা নাই ৷ কাৰণটো খগেন মহন্তই গোৱা এটা গাণৰ কলিৰে দিলো- –“ বনত জুই লাগিলে থাকে দুদিনলৈ ৷ মনত জুই লাগিলে লাগে ৷ ” খঙতে মানুহে কি নকৰে ? ভাৰত কঁপাই যোৱা তন্দুৰ মাৰ্ডাৰ কেচটো মনত আছে নে ? য’ত এজন সেই সময়ৰ শাসনাধিষ্ঠিত দলৰ দিল্লী নিৱাসী কেন্দ্ৰীয় যুৱ নেতাই সামান্য বিষয়তে কথা কটা-কটি হোৱাৰ বাবে নিজৰ পত্নীক কাটি টুকুৰা-টুকুৰ কৰি তাইৰ শৰীৰৰ অংশবোৰ তন্দুৰৰ জুইত পুৰি পুৰি ছাই কৰিছিল ! তদুপৰি জেচিকা লাল মাৰ্ডাৰ কেচ টো ? এই সকলো বিলাকেই আছিল  সাময়িক খঙৰ পৰিণতি ৷

RelatedPosts

Hate Speech: Turning the tide

Hate Speech: Turning the tide

January 31, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023

             মই নিজেই এজন এনে লোকক জেললৈ গৈ মানসিক চিকিৎসা কৰিছিলো যি জনে খেতি কৰা মাটিৰ কাঁজিয়াত খঙৰ ভমকত নিজৰ ভায়েক আৰু ভতিজাকক কাটি টুকুৰা টুকুৰ কৰি মঙহ বোৰ পথাৰত সিচি দি তাৰ ওপৰত হাল বাই হে শান্তি পাইছিল বোলে ৷ খং শান্ত হোৱাৰ পিছত তেওঁ ইমানেই অনুতপ্ত হৈছিল যে উন্মাদৰ দৰে ব্যৱহাৰ কৰিছিল ৷ অৱশেষত মই তেওঁক জেললৈ গৈ গৈ কাউন্সেলিং কৰি বহু খিনি শান্ত কৰিছিলো যদিও সফল হ’ব নোৱাৰিলো ৷ নিৰ্দিষ্ট কৰি থোৱা কোনো এটা তাৰিখে তেওঁক কাউন্সেলিং কৰিবলৈ গৈ দেখিলো তেওঁ চিপজৰী লৈ আত্মহত্যা কৰিলে ৷ তেওঁৰ কেচটো চলিহে আছিল ৷ সকলো দোষ স্বীকাৰ কৰি তেওঁ হেনো বাৰে বাৰে ন্যায়াধীশক তেওঁৰ বাবে ফাঁচীৰ হুকুম দিবলৈ অনুনয় কৰিছিলো…..ভাৰতৰ পুৰণি সাধুবোৰত বা ধৰ্মীয় আখ্যান বোৰত খঙৰ ভমকত কৰা অনুচিত কাম আৰু তাৰ বাবে উৎপন্ন হোৱা বেয়া পৰিস্থিতি বোৰৰ  অলেখ বৰ্ণনা আছে ৷

   এইবাৰ  মই আপোনাক খং উঠোৱাৰ চেষ্টা আৰু নিজৰ উচ্চ বুদ্ধিমত্তাৰে চুঙা চাই সোপা দিয়া এটা ৰসাল কাহিনী কৈ শুনাব খুজিছো ৷ ঘটনাটো ভাৰতৰ স্বাধীনতাৰ আগৰ ৷ মই যাৰ কথা ক’ব খুজিছো তেখেতৰ নাম ভাৰতৰ ইতিহাসত মহানতম স্বাধীনতা সংগ্ৰামৰ নায়ক হিচাপে সোণালী আখৰেৰে লিখা আছে ৷ এয়া তেওঁৰ প্ৰথম যৌৱনৰ কাহিনী ৷ সেইবাৰ তেওঁ ICS পৰীক্ষাৰ (এতিয়াৰ IAS) ইন্টাৰভিউ দিব ৷ ইন্টাৰভিউত তেওঁৰ self control কিমান আছে সেয়া পৰীক্ষা কৰি চাবলৈ চতুৰ ইংৰাজ পৰীক্ষকে তেওঁক প্ৰশ্ন কৰিলে —-“মিঃ xxxxx আমি শুনিবলৈ পাইছো আপোনাৰ মা হেনো এগৰাকী বেশ্যা ৷ হয়নে বাৰু ? ” ভাবি চাওঁক আপোনাক যদি কোনোবাই এই প্ৰশ্ন কৰে আপুনি খঙতে কি নকৰিব ? কিন্ত প্ৰশ্নটো শুনি তেখেতে মিচিকিয়া হাঁহি মাৰি যিটো উত্তৰ দিলে সেইটো শুনি তেওঁৰ সাক্ষাৎকাৰ লোৱা মানুহ কেইজনৰ মুখৰ মাত হেৰাল ৷ তেওঁ দিয়া উত্তৰটো ইংৰাজীতে শুনক —“ Yes Sir. But my father is the only customer . ” (হয় ছাৰ ৷ কিন্ত মোৰ দেউতাই একমাত্ৰ গ্ৰাহক ৷) ! তেখেতৰ উচ্চ স্তৰৰ বুদ্ধিমত্তাৰ বাবে ICS পৰীক্ষাত সফল হ’ল ৷ কিন্ত তেওঁ এই লোভনীয় চাকৰি বাদ দি দেশৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিল ৷ বাকী খিনি ইতিহাস ৷ মই ইচ্ছা কৰিয়েই কিবা এটা কাৰণে তেখেতৰ নামটো ইয়াত উল্লেখ কৰা নাই ৷

       আপোনাৰ জীৱনতো বহু সময়ত এনে পৰিস্থিতিৰ নিশ্চয় উদ্ভৱ হৈছিল যেতিয়া আপুনি খঙৰ ভমকত কোৱা একাষাৰ কথায়েই বা আপুনি কৰা উগ্ৰ ৰিয়েক্টে  আপোনাক বহুত জটিলতাত পেলালে  যাৰ বাবে কাকো নক’লেও আপুনি মনে মনে আজিও অনুতপ্ত ৷ বা এনে কিবা এটা পৰিস্থিতিৰ কথা ভাবি আপুনি মিচিকিয়া হাঁহি মাৰিছে য’ত আপোনাক বহুত উচটনি দিয়াৰ / Provoke কৰাৰ পিছতো আপুনি বৰ সুন্দৰকৈ খং নকৰাকৈ শান্ত মনেৰে পৰিৱেশটো চম্ভালি লৈছিল ৷

       বহুতে আক’ নিজকে মই কিন্ত বিৰাট একাচেকা দেই বা মই বহুত খঙাল কিন্ত বুলি কৈ গৌৰৱ কৰা দেখা যায়!  কিন্ত এটা কথা জানি থওঁক, খং এটা বিৰাট Negative emotion. শাৰীৰিক আৰু মানসিক দুয়ো দিশেৰে ই আপোনাৰ বাবে ভীষণ ক্ষতিকাৰক ৷ খঙৰ বাবেই আপোনাৰ অসহ্য মুৰৰ বিষ, উচ্চ ৰক্তচাপ, হজম হোৱাৰ সমস্যা , অনিদ্ৰা, হাৰ্টৰ সমস্যা আদি অনেক গুৰুতৰ ৰোগ-ব্যাধি হ’ব পাৰে ৷ মুৰৰ বিষৰ কথা কওঁতে মনলৈ আহিল, মাইগ্ৰেণৰ সমস্যা থকা সকলৰ খং বেছি নে কি ? এই বিষয়ে 2013 চনত এটা অনুসন্ধান চলোৱা হৈছিল ৷ এই পৰীক্ষাত মাইগ্ৰেণ ৰোগী সকলক তিনি ভাগত ভগোৱা হৈছিল ৷ যেনে —-১. Higher attack frequency,  ২. Lower attack frequency ৩. Chronic attack frequency. পৰীক্ষাৰ শেষত প্ৰমাণ হৈছিল Lower attack frequency ৰ মাইগ্ৰেণ ৰোগী সকল তুলনামুলক ভাৱে খঙাল হয় ৷

     খং কৰাত কোনো গৌৰৱ নাই ৷ গৌৰৱ আছে খং কন্ট্ৰ’ল কৰাতহে ৷

         কোনোবা এজন প্ৰখ্যাত ৰাষ্ট্ৰনেতাৰ বিষয়ে ক’ৰ’বাত এইবুলি পাইছিলো যে তেওঁক কটু সমালোচনা কৰা বা গালি পৰা মানুহকো তেওঁ অলপো খং নকৰি আদৰ-সাদৰ হে কৰিছিল। তেওঁ এই কাম কেনেদৰে কৰিছিল ? তেওঁ হেনো তেওঁৰ সমালোচক বা গালি দিওঁতাৰ নামটো এটুকুৰা কাগজত লিখি কাগজ খিলা টুকুৰা-টুকুৰকৈ ফালি ডাষ্টবিনত দলিয়াই দিছিল ৷ ইয়াৰ লগতে তেওঁৰ সমালোচক বা গালি পাৰোতাৰ প্ৰতি উন্সেষ হোৱা খঙো অন্ত পৰিছিল ৷

       খং যে আমাৰ বাবে সকলো দিশেৰে ক্ষতিকাৰক সেয়া জানিও আমি খং কৰো ৷ খং কিয় যে উঠে আমাৰ ?

খং উঠাৰ কাৰণবোৰ হ’ল – বিৰক্তি , অপ্ৰকাশিত আবেগ , ‘ষ্ট্ৰেচ্’, হঠাতে কৰা কামটো কিবা কাৰণে একেবাৰে বিফল হোৱা , আশা কৰা মতে নোপোৱা..! এনেকুৱা কিবা এটা পৰিস্থিতিত থাকিব লগা যাৰ বাবে আপুনি বহুত Adjust কৰিব লগা হয় অথচ ইয়াৰ বাহিৰ হোৱাৰ একো পথ আপুনি পোৱা নাই ৷ কোনোবাই আপোনাক যদি provoke কৰে ৷ একঘেয়েমী জীৱন ৷ সদায় একেটা কামকে কৰিবলৈ বাধ্য হোৱা আৰু  নতুনত্বৰ অভাৱ। অতৃপ্ত যৌনতাৰ পৰা উদ্ভৱ হোৱা হতাশা বা বিকৃত যৌনতাৰ বলি হোৱা বা মাত্ৰাধিক যৌনতা ৷ মদ, ড্ৰাগচ বা আন কিবা নিচাৰ প্ৰতি আসক্তি ৷ দুখজনক আৰু মৰমহীন শৈশৱ ৷ জীৱনত যেতিয়া কাৰোবাৰ দ্বাৰা অৱহেলিত অনুভৱ হয় ৷ এনেকুৱা কিবা এটা স্মৃতি যাক পাহৰিব পৰা নাই আৰু এডাল কাঁইটৰ দৰে সি হিয়া খন ক্ষতবিক্ষত কৰে ৷

                     মাত্ৰাধিক খঙাল সকলক মনোবৈজ্ঞানীক সহায়ৰ দৰকাৰ হ’ব পাৰে ৷ ইয়াৰ বাবে Cognitive Behavior Therapy বা চমুকৈ CBT নামৰ Psychotherapeutic treatment কৰা হয় ৷  খং দমনৰ বাবে মনোৰোগ চিকিৎসা বিজ্ঞানত Relaxation technique, Breathing technique আৰু Cognitive restructuring ৰ দিহা আছে ৷ কিন্তু এইবোৰ  পৰ্যায় পোৱাৰ আগতে আহকচোন কেতবোৰ সাধাৰণ কিটিপেৰে খং কন্ট্ৰ’ল কৰিবলৈ শিকো  :-

১. খং উঠাৰ লগে লগে ১০০ ৰ পৰা ০১ লৈ ওলোটাই গণনা কৰক

২. ফ্ৰীজৰ পৰা ঠাণ্ডা পানী থোৱা বটলটো বাহিৰ কৰি শীতল পানী খাওঁক ৷

৩. সেই পৰিবেশটোৰ পৰা তৎক্ষণাত আতৰি আহক ৷ সেউজীয়া ঘাহঁনি ডৰাত আকণমান খোজ কাঢ়ক ৷

৪. কথা কোৱা বন্ধ কৰক ৷ দীঘল কৈ দুবাৰমানউশাহ লওঁক ৷

৫. এনে কিবা এটা কথা মনত পেলাওক যেতিয়া আপুনি বহুত ৰোমাণ্টিক হৈ উঠিছিল বা বৰ সুখ অনুভৱ কৰিছিল ৷

৬. ভাবি লওঁক যে যিজনে আপোনাৰ খং উঠাইছে তেওঁ আপোনাৰ কেৰিয়াৰ আৰু সকলো প্ৰকাৰৰ উন্নতিৰ শত্ৰু ৷ তেওঁ আপোনাক হিংসা কৰি ধ্বংস কৰিবলৈ খং উঠোৱাৰ চেষ্টা কৰিছে ৷ গতিকে তেওঁ যিমানেই যি নকৰক আপুনি খং নকৰে ৷ এই কথা বাৰে বাৰে নিজকে কওঁক ৷

৭. কেতিয়াও কোনো Grudge পুহি নেৰাখিব। সময়ে সকলোৰে উচিত বিচাৰ কৰে ৷ উচিত সময়ত সকলোৰে উচিত বিচাৰ হ’ব ৷ অনাহকতে কাৰোৰে প্ৰতি খং পুহি নেৰাখিব ৷

৮. নিজকে জোৰ কৰি হাঁহক ৷ এবাৰ দুবাৰ তিনিবাৰ ……পৰা নাই ? আৰু দুবাৰমান চেষ্টা কৰক ৷ কোনোবা এবাৰত হাঁহি ওলাবই আপোনাৰ

৯. খং উঠি আছে নে কি আপোনাৰ ? ভাল লগা গাণবোৰ কেতিয়া শুনিব কওঁক ? এতিয়াই শুনক আক’ ৷ গাণবোৰ মন লগাবলৈ হে ৷

১০. পুৱাতে উঠিল নে খংটো ? যাওঁক 2 কিঃ মিঃ দৌৰি আহকগৈ বা আধা ঘন্টামান ব্যায়াম কৰক ৷

১১. বহুত খং উঠিছে নে কি ? আপোনাৰ এন্দ্ৰইদটোত ইউ টিউব টো খোলক ৷ ইয়াত যে আছে চিনেমাৰ হাঁহি উঠা ক্লীপবোৰ বা কপিল শৰ্মা, ৰাজু শ্ৰীবাস্তৱ হঁতৰ কমেডি বা চাৰ্লি চেপলিন বা মিষ্টাৰ বীনৰ হাঁহি উঠা কাণ্ড-কাৰখানা বিলাক,–এইবোৰ এনে মুহূৰ্তত চাবৰ বাবেই ৷

১২. আপোনাৰ মা-দেউতা, সন্তান বা আপোনজনৰ ফটোবোৰ চাওঁক যাক আপুনি বহুত ভাল পায় ৷ এন্দ্ৰইদটোতেই হওঁক বা এলবামতেই হওঁক ৷

১৩. আইনাৰ আগত থিয় দিয়ক ৷ আপোনাৰ ফেভাৰিট  হিৰ’ বা হিৰ’ইনৰ দৰে এক্টিং কৰি চাওঁক ৷ দুটামান ডায়লগ মাৰিও চাব পাৰে –“ মুকেম্বু খুচ হোৱা”😂

১৪. বিৰক্তিয়ে যিহেতু শেষত খং ৰূপ লয়, সেয়ে সহজে বিৰক্ত নহ’বলৈ সদায় এনে যিকোনো এটা কাম কৰিব যিটো কৰি আচলতে আপুনি বৰ আমনি পায় ৷ যেনে –ঠাণ্ডা ভাত বৰ ভাল পায় ৷ তেনেহ’লে আনন্দৰে গৰম ভাত খাওকচোন আজি ৷ যদি গৰম ভাত হে খায় ভাল পায়, তেনেহ’লে  হাঁহিমুখে আজি ঠাণ্ডা ভাত খাই চাওঁকছোন ৷ এয়া এটা উদাহৰণ হে ৷

১৫. ধ্যান,প্ৰাণায়ম আৰু Access আদি কেতবোৰ পদ্ধতিৰে খং কম হোৱা কথা বিজ্ঞানেও মানি লৈছে ৷ অসমত এইবোৰ প্ৰফেশ্যনেলী শিকোৱা দুই-এজনৰ কথা মই শুনিছো ৷ আপোনাৰ দৰকাৰ হ’লে এওঁলোকৰ সহায় ল’ব পাৰে ৷ উপকাৰ পাব।

টেইল পিচ

======= আপুনি যদি মাত্ৰ সাত মিনিট খং নকৰাকৈ থাকিব পাৰে তেনেহ’লে সেই নিৰ্দিষ্ট কথাটোত আপোনাৰ সেই সময়ত উঠা খং মাৰ যাব ৷ আপুনি নিজৰ বাবে কি সাত মিনিট সময়ো সহ্য কৰিব নোৱাৰিব নে?

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: খং
Admin

Admin

Related Posts

Hate Speech: Turning the tide
Special Report

Hate Speech: Turning the tide

by Admin
January 31, 2023
0

Hate Speech UN Online hate speech might seem like an unstoppable tide, but strategies are being employed by governments, civil...

Read more
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

January 29, 2023
ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এগৰাকী মহাবিদ্ৰোহী

January 29, 2023
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

January 27, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Hate Speech: Turning the tide

Hate Speech: Turning the tide

January 31, 2023
Afghanistan: Humanitarians await guidelines on women’s role in aid operations

Afghanistan: Humanitarians await guidelines on women’s role in aid operations

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
“মে ডাম মে ফী “– এটি দৃষ্টি …

“মে ডাম মে ফী “– এটি দৃষ্টি …

January 31, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: