গীতা-আলোকপাত@লক-ডাউন
অঞ্জন শৰ্মা
[‘লক-ডাউন’ বিশেষ]
[ গীতা সম্পৰ্কে আলোকপাত , ২০২০ চনৰ ২৭ মাৰ্চৰ পৰা ‘কাল্পনিক চৰিত্ৰ’ কেইটামানৰ সহযোগত আৰম্ভ কৰা হৈছে জীৱনত প্ৰথমবাৰৰ বাবে সন্মুখীন হোৱা সুদীৰ্ঘ ‘লক-ডাউন’ৰ পটভূমিত। ইয়াৰে চৰিত্ৰ সমূহৰ সৈতে কোনো বাস্তৱৰ কোনো চৰিত্ৰৰ মিল নাই। আলোচনা আগবঢ়াই নিয়াৰ বাবে চৰিত্ৰসমূহ সৃষ্টি কৰা হৈছে। এই কথাখিনি আৰম্ভণিতে কৈ থোৱা হ’ল এইবাবেই যে কোনোবাই পিছলৈ আমাৰ বন্ধু-বান্ধৱসকলৰ মাজৰ পৰা নামৰ সাদৃশ্য থকা কোনোবা-কোনোবাক গীতাপাঠ কৰিবলৈ ভুলতে আমন্ত্ৰণ কৰি লঘু হ’ব পাৰে! এই সমস্ত আলোচনা আমাৰ কিছুসংখ্যক বন্ধু-বান্ধৱৰ সৈতে আমি সমানে ভগাই ‘লক-ডাউন’ৰ সময়ছোৱা পাৰ কৰিছো। ই এক ক্ষুদ্ৰ প্ৰচেষ্টা, এক বিশেষ ধৰণে আমি যাতে এই সময়ছোৱাত ‘গীতা’ সম্যকভাৱে তথা চমুকৈ উপলব্ধি কৰিব পাৰো। – লেখক ]
২৭ মাৰ্চ, ২০২০, শুক্ৰবাৰ
গীতা-আলোকপাত
(প্ৰথম অধ্যায়)
অৰ্জুনৰ বিষাদ-যোগ
আজি ‘লক-ডাউন’ উপলক্ষে অপূৰ্ণ খাউন্ড ডাঙৰীয়াৰ সৈতে গণেশ শৰ্মা, বেদোজ্জ্বল মিশ্ৰ, হিতেশ্বৰ নেওগ আৰু মই ভিডিঅ’ কনফাৰেন্সত অংশ ল’লো আৰু ‘গীতা’ৰ প্ৰথম অধ্যায় ‘অৰ্জুনৰ বিষাদ যোগ’ সম্পৰ্কে আলোকপাত কৰি মিশ্ৰ ডাঙৰীয়াই ক’লে যে যি মানুহৰ জীৱনত জিজ্ঞাসা নাই, সেই জীৱন স্থবিৰ হৈ ৰয়। কাৰণ জীৱন জিজ্ঞাসাই মানুহক আগবঢ়াই লৈ যায়।
জিজ্ঞাসা উৎপত্তি হয় সন্দেহ আৰু প্ৰয়োজনৰ পৰা। আমাৰ প্ৰয়োজন কি? প্ৰয়োজন যথাৰ্থ শান্তিলাভ, আৰু অক্ষয় আনন্দ প্ৰাপ্তি। কিন্তু সংশয় হয়, যথাৰ্থ শান্তি বা যথাৰ্থ স্থায়ী আনন্দ সম্ভৱ হয় নে নহয়! এইখিনিৰ পৰাই যথাৰ্থ মানৱ জীৱনৰ আৰম্ভণি হয়।
মিশ্ৰৰ কথাখিনি সমৰ্থন কৰি নেওগে কয় যে কোনোবা এজন দাৰ্শনিকে কৈছিল যে It is better to be a man dissatisfied than a pig satisfied, it is better to be a Socrates dissatisfied than a fool satisfied. গতিকে অভাৱ বোধৰ পৰাই মুক্তিৰ পথৰ উপায় আৱিষ্কাৰ। শান্তিৰ অভাৱৰ বাবেই গীতাৰ আৱিৰ্ভাৱ। সেয়ে গীতাৰ প্ৰথম অধ্যায় হ’ল অৰ্জুনৰ বিষাদ-যোগ।
গণেশ শৰ্মাই ক’লে যে নেওগে যি কৈছে, সেয়া সঠিক। মহাভাৰতৰ যুদ্ধৰ আৰম্ভণি হওঁতে শ্ৰীকৃষ্ণই অৰ্জুনৰ প্ৰাৰ্থনা শুনি ৰথ চালনা কৰিছিল আৰু পান্ডৱ- কৌৰৱ মুখামুখি হৈ থকা স্থানত উপনীত হৈছিল। তাৰ পিছৰ বৰ্ণনা এনেধৰণৰঃ
‘থমকিল কপিধ্বজ আছে য’ত ভীষ্ম পিতামহ,
বীৰ দ্ৰোণাচাৰ্য আৰু অন্যান্য সেনানী যত;
সাৰথি কৃষ্ণই ক’লে,
চাই লোৱা সখা তুমি সমুখত এয়া কুৰু-সেনাদল।’
# # #
‘অৰ্জুনে দেখিলে সমুখত সকলো আপোনজন-
পিতৃকল্প, পিতামহ, আচাৰ্য, মাতুল – পৰম শ্ৰদ্ধেয়
অথবা স্নেহৰ ভাতৃ, পুত্ৰ-পৌত্ৰ আদি বংশৰ প্ৰদীপ,
নহ’লেবা পৰম কোনোবা বন্ধু জীৱন বাটৰ।’
# # #
‘দেখা পালে ধনঞ্জয়ে দুয়োকাষে আৰু বহু প্ৰাণৰ কুটুম
দেখা পালে কোনো কোনো বিবাহ-ঘটিত পিতা;
ভেদাভেদ একো নাই দুয়োটা পক্ষৰ,
মুখামুখি মাথোঁ পৰস্পৰ পৰম শত্ৰুৰ দৰে।’
# # #
নেওগে ক’লে যে সেই দৃশ্য দেখা পায়েই অৰ্জুনৰ হিয়া ব্যাকুল হৈ পৰিল আৰু তাৰেপৰাই আৰম্ভ হ’ল বিষাদ! কাৰণ, অৰ্জুনে কিদৰে নিজৰ পিতামহ, গুৰু, ভাতৃ আদিৰ বিৰুদ্ধে যুঁজ কৰিব!!
খাউন্ডে হয়ভৰ দি কয় যে শ্ৰীকৃষ্ণৰ মুখেৰে গীতা আৰম্ভ হৈছিল সখা অৰ্জুনক উদ্দেশ্য কৰি, খ্ৰী:পূ: ৩১৪০ চনৰ ৯ নৱেম্বৰ, শুক্ৰবাৰে, দিনৰ ১০ বজাত। যুদ্ধ আৰম্ভ হোৱাৰ আগতে অৰ্জুন বিষাদগ্ৰস্ত হৈ পৰিছিল আৰু যুদ্ধ নকৰো বুলি গান্ডীৱ ত্যাগ কৰিবলৈ ওলাইছিল। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক অনন্য যুক্তিৰে বুজাইছিল যে যি প্ৰত্যক্ষ আধ্যাত্মিক অনুভূতিৰে সমৃদ্ধ, তাৰদ্বাৰাহে যুদ্ধত অৱতীৰ্ণ হব লাগে। এই যুদ্ধ যিদৰে বাহিৰৰ যুদ্ধ, ভিতৰৰো যুদ্ধ। নিজৰ ভোগাকাংক্ষা, অসৎ প্ৰবৃত্তি, চাকৰি- কেৰিয়াৰৰ মোহ, পদলেহন, পৰাধীনতা, ইত্যাদিৰ বিৰুদ্ধেও যুদ্ধ। এই যুদ্ধ যিয়ে নকৰে, সি ক্লীৱ। এয়াই ভগৱানৰ দৃপ্ত ঘোষণা……
[ ইয়াৰ পিছত খাউন্ডৰ ব্যাখ্যা শুনি কিদৰে দুঘন্টা পাৰ হৈ গ’ল – গমেই নাপালো। বেটেৰী শেষ হও হও হওতে হে সামৰিলো। ……অহাকালি দ্বিতীয় অধ্যায়ৰ ‘সাংখ্য যোগ’ৰ ওপৰত আলোচনা হ’ব। অহাকালি ঋষিকৃষ্ণ শৰ্মা আৰু মুক্তাকংকনেও অংশগ্ৰহণ কৰিব বুলি শুনি ভাল পালো। সকলোকে প্ৰণাম।]
আজিৰ উল্লেখযোগ্য শ্লোক আৰু ব্যাখ্যাঃ
“কুটুম্ব্য শান্তাত্মা দ্বন্দাৰামাঃ পতৎত্ৰিবৎ।
পুঞ্চণ্ কুটুম্বং কৃপণঃ সানুবন্ধোহবসীদতি।।
যঃ প্ৰাপ্য মানুষং লোকং মুক্তিদ্বাৰমপাবৃতম্।
গৃহেষু খগবৎ সক্তস্তমাৰুঢ়চ্যুতং বিদুঃ।।”
অৰ্থাৎ, যিসকলে মাথোন পৰিয়াল -পৰিজন লৈ হে জীয়াই আছে, যি বিষয়ভোগ আৰু স্ত্ৰী-সন্তানৰ প্ৰতিহে মাথো প্ৰৱল আকৰ্ষণ অনুভৱ কৰে ( অইনক ‘খানা’ খুৱোৱাটো যাৰ বাবে মাথোন এক দিবাস্বপ্ন জাতীয় কথাও ইয়ালৈ আহিব পাৰে, পিছত আলোচনা কৰা হব), আৰু তেওঁলোকৰ ভৰণ-পোষণতেই যি অহৰহ মত্ত হৈ থাকে – সেইসকলে কেৱল কষ্টকেই ভোগ কৰি থাকে।…
••••••••••••••••••••••••••••••••••••••••••••••••••
২৮/০৩/২০২০ ( শনিবাৰ)
||গীতা- আলোকপাত@ লক-ডাউন||
( দ্বিতীয় অধ্যায়)
সাংখ্য-যোগ
অৰ্জুনৰ বিষাদ দেখি ভগৱান শ্ৰীকৃষ্ণই ক’লেঃ
‘অশোচ্যানম্বশোচস্তং প্ৰজ্ঞাবাদানংশ্চ ভাষসে।
গতাসূনগতাসূংশ্চ নানুশোচন্তি পন্ডিতাঃ।।’
অৰ্থাৎ, শ্ৰীকৃষ্ণই কৈছে, অৰ্জুনৰ বিষাদ দেখি কৈছে, যিসকলৰ বাবে শোক কৰা উচিত নহয়, তুমি তেওঁলোকৰ বাবে অকাৰণে শোক কৰিছা, আৰু পন্ডিতৰ দৰে কথাও কৈছা। পন্ডিতসকলে মৃত আৰু জীৱন্ত – কাৰো বাবেই শোক নকৰে।
খাউন্ড ডাঙৰীয়াই আৰম্ভ কৰিলে- এই শ্লোকটোক গীতাৰ বীজ বুলি কোৱা হয়। যিসকলৰ বাবে শোক কৰা উচিত নহয়,সেইসকলৰ বাবে শোক প্ৰকাশ কৰিলে মূল উদ্দেশ্য হেৰাই যাব পাৰে আৰু সেয়া পন্ডিতৰ কৰ্ম নহব। অৰ্জুন ইমান emotional হৈ ফৰিছে যে বাস্তব জগত ঢাক খাই পৰিছে। অৰ্জুনৰ ভাব হৈছে যে সকলো হেৰুৱাব। কিন্তু হেৰুৱাবলৈ আছেই বা কি? আমি আত্মা – আনন্দই আমাৰ স্বৰূপ। দুঃচিন্তা দুঃখ কল্পনাহে মাথোন। সেয়ে পুৰুষব্যাঘ্ৰ হৈ, জড়তাশূণ্য হৈ আনন্দতে নিজক পাহৰি নিষ্কামভাৱে জগৎকল্যাণত আত্মনিয়োগ কৰিব লিগে।
হঠাৎ নেওগে সুধিলে – তেনেহ’লে কিছুমান মানুহে কৃষক পৰিষদৰ সভাপতিৰ দায়িত্বত থাকিও তথা কৃষিমন্ত্ৰীৰ প্ৰিয় হৈও কৰ’নাৰ ভয়াবহ দিনবোৰত শাক- পাচলি বিতৰণ নকৰে কিয়? কিয় কিছুমানে কিছুমান আনন্দ উপভোগ কৰিব নোৱাৰে?
নেওগক সঞ্চালক মিশ্ৰ ডাঙৰীয়াই মৃদু চাৱনি এটাৰে নিৰস্ত কৰিলে, ক’লে – সেইবিষয়ে পিছত আনোৱাৰৰ লগত আলোচনা কৰিম। এতিয়া মূল কথালৈ আহো…
ঋষিকৃষ্ণ শৰ্মাই চিৰিয়াছলি সুধিলে – কৰ’না ভাইৰাছৰ দ্বাৰা আতংকময় হোৱা দিনত আমাৰ যদি কৰ’নাজনিত দেহলীলা সমাপ্ত হয় – গীতাপাঠৰ আলোচনাৰ ফলত শ্ৰীকৃষ্ণৰ দূতে আমাক নিশ্চয় উদ্ধাৰ কৰিব আৰু আমি মোক্ষ লাভ কৰিম।
মুক্তাকংকনঃ That’s the spirit…! ( ঋষিকৃষ্ণৰ পিনে চাই হাঁহি)
মিশ্ৰঃ মই কেতিয়াও নাছিলো, তুমিও কেতিয়াও নাছিলা, নাছিল কোনো ৰজা বা আই-এ-এছ বিষয়া, অথবা কৰ্পোৰেটৰ জেনেৰেল মেনেজাৰ। সেইসম্পৰ্কে শ্ৰীকৃষ্ণই কৈছে-
‘ ন ত্বেবাহং জাতু নাসং ন ত্বং নেমে জনাধিপাঃ।
ন চৈব ন ভৱিষ্যামঃ সৰ্বে বয়মতঃ পৰম্।।’
অৰ্থাৎ, জন্ম জীৱনৰ আৰম্ভণি নহয়, মৃত্যুও জীৱনৰ শেষ নহয়। জীৱন এক চলমান প্ৰবাহ।
দেহধাৰী জীৱৰ শৰীৰত যিদৰে বাল্যাৱস্থা, যৌৱন, বাৰ্দ্ধক্য আহে, সেইদৰে দেহান্তৰপ্ৰাপ্তিও হয়; স্থিৰ ধীৰ পুৰুষে সেইবোৰৰ দ্বাৰা বিচলিত নহয়।
খাউন্ডঃ এইবোৰ ঘটিয়েই থাকে। শাস্ত্ৰত অস্তি, জায়তে, বৰ্দ্ধতে, বিপৰিণমতে, অপক্ষীয়তে, নশ্যন্তি – এনে ৬ বিধ বিকাৰৰ কথা কোৱা হৈছে। কিন্তু এই পৰিৱৰ্তন শৰীৰৰ, মনৰ নহয়।আত্মা অপৰিৱৰ্তনীয়, অচ্যুত, সচ্চিদানন্দ।
মুক্তাকংকণঃ সেয়ে হয়তো শ্ৰীকৃষ্ণই জোৰ দি কৈছিল যে অবিনাশী, অপ্ৰমেয়, নিত্য আত্মাৰ বিনাশ নাই, গতিকে হে অৰ্জুন, তুমি যুদ্ধ কৰা। হয় নে?
মিশ্ৰঃ হয়।
নেওগঃ সেয়েই শ্ৰীকৃষ্ণই কৈছে-
( এখন শ্ৰাদ্ধানুষ্ঠানৰ পত্ৰ হাতত লৈ)
‘ন জায়তে ম্ৰিয়তে বি কদাচিন
নায়ং ভূত্বা ভবিতা বা ন ভূয়ঃ।
অজো নিত্যঃ শাশ্বাতোহয়ম্ পুৰাণো।
ন হন্যতে হন্যমানে শৰীৰে।।’
ঋষিকৃষ্ণঃ আঃ, মন ভৰি গ’ল। কৰ’না, ইবোলা এইবোৰ নিমিত্ত মাত্ৰ! এই আত্মা কেতিয়াও নজন্মে, নমৰে, আত্মা জন্মৰহিত, নিত্য, শাশ্বত আৰু পুৰণি, শৰীৰ নষ্ট হ’লেও আত্মা বিনষ্ট নহয়। আঃ, আঃ, কি উক্তি ভগৱানৰ!
খাউন্ডঃ ঠিকেই। সেইকাৰণে ভগৱানে অৰ্জুনক উৎসাহিত কৰিবলৈ কৈছিল-
‘বাসাংসি জীৰ্ণানি যথা বিহায়
নবানি গৃহাতি নৰোহপৰানি।
তথা শৰীৰানি বিহায় জীৰ্ণা-
ন্যন্যানি সংযাতি নবানি দেহী।।’
অৰ্থাৎ, যিদৰে মানুহে জীৰ্ণ বস্ত্ৰ পৰিত্যাগ কৰি নতুন বস্ত্ৰ গ্ৰহণ কৰে, সেইদৰে দেহাধাৰী আত্মাইও পুৰণি শৰীৰ ত্যাগ কৰি নতুন শৰীৰ প্ৰাপ্ত কৰে।…
মুক্তাকংকনঃ খাউন্ড দা, আপুনি অৱসৰ লোৱাৰ পিছত আমি এনেদৰে ‘সৎ- চিন্তন’ৰ অনুষ্ঠান কৰিব পাৰো দেখোন।
খাউন্ডঃ পাৰি! কিন্তু শৰ্মাকো লগত লাগিব। কাৰণ, মই কিছুমান ঠাইত ইংৰাজীত ক’ব লাগিব পাৰে, শৰ্মা থাকিলে আমি অসমীয়া, ইংৰাজী, হিন্দী, বঙলা আদিতো পাৰিম। মিশ্ৰই ৬৫ বছৰ বয়সত অৱসৰ ল’ব, আৰু দুবছৰ আছে – তেওঁক আমনি নকৰো। পিছলৈ ল’ম।
নেওগঃ পাটগিৰিক?
খাউন্ডঃ তেওঁক যোগ- প্ৰশিক্ষণৰ বাবে নিৰ্দিষ্ট কৰা আছে।
মিশ্ৰঃ ‘অব্যক্তাদীনি ভূতানি ব্যক্তমধ্যানি ভাৰত।
অব্যক্তনিধনান্যেব তত্ৰ কা পৰিদেবনা।।’
ইয়াৰ অৰ্থ, হে অৰ্জুন! জীৱ আদিতে অব্যক্ত, মাজত ব্যক্ত, বিনাশান্তে অব্যক্ত হৈ থাকে, গতিকে শোক কিহৰ??
গণেশ শৰ্মাঃ যুদ্ধখন অৰ্জুনৰ ক্ষেত্ৰত নিজে নিজেই আহি উপস্থিত হৈছিল। যদি কুৰুসভাত দ্ৰৌপদীক লাঞ্চনা নকৰিলেহেতেন, যদি ভীষ্ম-দ্ৰোণ-ধৃতৰাষ্ট্ৰ আদিয়ে দুৰ্যোধন- দুঃশাসনক বাধা দিলেহেতেন, যদি পান্ডৱক কেইখনমান গাওঁ দিলেহেতেন, তেন্তে কুৰুক্ষেত্ৰ নহ’লহেতেন। গতিকে কিহৰ শোক? ঠিকেই! শ্ৰীকৃষ্ণই সঠিক কথাই কৈছে।
ভগৱানে ইয়াকো কৈছে যে–
‘যদৃচ্ছয়া চোপপন্নং স্বৰ্গদ্বাৰমপাবৃতম্।
সুখিনঃ ক্ষত্ৰিয়াঃ পাৰ্থ লভন্তে যুদ্ধমীদৃশম্।।’
অৰ্থাৎ, হে পাৰ্থ! হে অৰ্জুন! নিজে নিজেই গজালি মেলা আৰু উন্মুক্ত স্বৰ্গদ্বাৰস্বৰূপ এনে যুদ্ধ ভাগ্যবান ক্ষত্ৰিয়সকলেহে লাভ কৰে…!
( মিশ্ৰই নেওগৰ ব্যাখ্যা শুনি বিভোৰ হৈ পৰা দেখা যায়।)
ইয়াৰ পিছত খাউন্ডে মোখনি মাৰে-
‘ এষা তেহভিহিতা সাংখ্যে বুদ্ধিৰ্যোগে ত্বিমাংশৃণু।
বুদ্ধ্যা যুক্তো যয়া পাৰ্থ কৰ্মবন্ধং প্ৰহাস্যতি।।’
অৰ্থাৎ, হে পাৰ্থ! সাংখ্যযোগৰ বিষয়ে তোমাক অৱগত কৰোৱা হ’ল, গতিকে ইয়াৰ পিছত এইসম্পৰ্কে অধিক ষ্পষ্ট হ’বলৈ বুদ্ধিযোগ বা কৰ্মযোগৰ কথা শ্ৰৱণ কৰিব লাগিব আৰু সেই জ্ঞান লাভ কৰিলে কৰ্মবন্ধন পৰিত্যাগ কৰিব পাৰিবা।
মুক্তাকংকন বৰুৱাই এনেতে সুধিলে- ‘খাউন্ড দা, স্থিতপ্ৰজ্ঞ সমাধিস্থ ব্যক্তিৰ লক্ষণ কি?’
খাউন্ডে দুচকু জপাই ক’লে – ‘ মানুহে সুখৰ আশাত বিভিন্ন কামনাৰ পিছে পিছে দৌৰি থাকে। যেতিয়া মানুহে আত্মাৰ সন্ধান পায় তেতিয়া মানুহে সমস্ত সুখৰ পৰাকাষ্ঠা লাভ কৰে। কাৰণ আত্মা সমস্ত সুখৰ সাগৰ। আত্মাৰ সন্ধানেই আনে সমস্ত সুখৰ চিৰতৃপ্তি। তেতিয়া মনৰ সমস্ত ক্ষুধাৰ অন্ত হয় বাবে মনোগত সমস্ত কামনা স্বতঃস্ফুৰ্তভাৱে দূৰ হৈ যায়। এই অৱস্থাত আত্মাই আত্মাত আত্মাৰ দ্বাৰা সন্তুষ্ট হৈ পৰে। এই অৱস্থাকে স্থিতপ্ৰজ্ঞ অৱস্থা বুলি ক’ব পাৰি। আমি পিছতো এইবিষয়ে আলোচনা কৰিম। ভগৱান শ্ৰীকৃষ্ণই কৈছে-
‘ তস্মাদ্ যস্য মহাবাহো নিগৃহীতানি সৰ্বশঃ।
ইন্দ্ৰিয়াণীন্দ্ৰিয়াৰ্থেভ্যস্তস্য প্ৰজ্ঞা প্ৰতিস্থিতা।।’
ইয়াৰ অৰ্থ হৈছে, হে মহাবাহু ( শ্ৰীকৃষ্ণই অৰ্জুনক ‘মহাবাহু’ বুলি সম্বোধন কৰিছে), যাৰ ইন্দ্ৰিয়সমূহ ইন্দ্ৰিয়ৰ বিষয়সমূহৰ পৰা সৰ্বতোভাৱে প্ৰত্যাহৃত হৈছে, তেওঁৰ প্ৰজ্ঞা প্ৰতিস্থিত হৈছে!
গণেশ শৰ্মা ডাঙৰীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে ‘বাহিৰৰ জলৰাশি প্ৰৱেশ কৰিলেও সমুদ্ৰ যিদৰে একেধৰণৰেই হৈ থাকে, তেনে স্থিতি লাভ কৰিলেহে মানুহৰ ক্ষোভ- লোভ- কামনা-বাসনা নাইকীয়া হৈ পৰে, আৰু তেওঁ শান্তিলাভ কৰিব পাৰে।…..’
গণেশ শৰ্মাৰ কথাখিনি শুনাৰ পিছত মোৰ মনলৈ আচম্বিতে আহিল কেইফাকিমান পদ্যঃ
‘সাগৰৰ নীলিমাত বিলীন যদিও হয় বহুতো নদীৰ পানী,
শুনা নাই সাগৰৰ বুকুখন উঠে বুলি উখহি উপচি;
সাধকৰ সাধনায়ো যদিওবা শুহি থয় মনৰ জাজৰি,
হিয়াখন সিজনৰ নহয় তথাপি
হেঁচা মাৰি থৈ দিয়া পোহনীয়া হেপাহৰ ওপচা গাগৰি।’
# # #
কামনাৰ কোনো ছাটিফুটি নাই যিজনৰ,
হেপাহৰ ছাঁ- জুই যিজনে নুফুৰে খেদি,
মই-মোৰ ভাবে যাক খোজেপতি নধৰে আগচি,
অহংকাৰে মনৰ চোতাল যাৰ নেযায় খচকি,
হয় জানা সিজনেই নজহা- নপমা শান্তিৰ গৰাকী।’
# #
‘যিজনে লভিব পাৰে সেই ব্ৰহ্মময় শান্তিৰ অমিয় স্বাদ,
সিজনৰ নেহেৰায় বাট সংসাৰৰ আলি- দোমোজাত;
সিজনে পেলাব পাৰে শেষৰ নিশাহ মিহলাই শান্তিৰ সুৰভি
সিজনে নিশ্চয় পায় ব্ৰহ্মময় মুক্তি শেষ কৰি ভ্ৰমণৰ ক্লান্তি।’
# #
ইয়াৰ পিছত গণেশ শৰ্মা, হিতেশ্বৰ নেওগ, মুক্তাকংকন বৰুৱা, ঋষিকৃষ্ণ শৰ্মা, বেদোজ্জ্বল মিশ্ৰ, অপূৰ্ণ খাউন্ড – সকলোৱে নেত্ৰ জপাই নেদেখাজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ নিজৰ নিজৰ মোবাইল বন্ধ কৰে।
মুঠতে আজি সাংখ্য-যোগ অধ্যায় সম্পৰ্কে এনেধৰণৰ বহু আলোচনা হয়, সকলোবোৰ মোবাইলত টাইপ কৰা সম্ভৱপৰ নহয়।
গতিকে আজি ইমানতে এৰিলো।
অহাকালি ২৯/০৩/২০২০ তাৰিখ দেওবাৰে গীতাৰ তৃতীয় অধ্যায় ‘কৰ্মযোগ’ৰ ওপৰত সংক্ষেপে আলোচনা কৰিবলৈ মনস্থ কৰা হৈছে।
সকলোকে শতকোটি প্ৰণাম••••।
[অহাকালি পুৱা ৭ বজাত ‘কৰ্মযোগ’ সম্পৰ্কে আলোচনা হ’ব – খাউন্ডৰ সঞ্চালনাত।]
••••••••••••••••••••••••••••••••••••••••••••••••••
(২৯/০৩/২০২০, দেওবাৰ)
||গীতা- আলোকপাত@ লক-ডাউন||
(তৃতীয় অধ্যায়)
কৰ্মযোগ
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
অইনসকলঃ
(১) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
(২) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
(৩) শ্ৰীযুত হিতেশ্বৰ নেওগ
(৪) শ্ৰীমান মুক্তাকংকন বৰুৱা
(৫) শ্ৰীযুত গণেশ শৰ্মা
(৬) শ্ৰীমান সৰল দত্ত
(৭) শ্ৰীমান তনয়জিৎ ডেকা
(৭) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ।
আমি মূল কথালৈ যাওঁহক। কৰ’নাই আমাক দিয়া সুবিধাকণৰ বাবে আমি আজি তৃতীয় অধ্যায় ‘কৰ্মযোগ’ৰ ওপৰত সংক্ষেপে আলোচনা কৰিম। নৱাগত শ্ৰীমান তনয়জিৎ ডেকা আৰু শ্ৰীমান সৰল দত্তক আমি আদৰিছো….
সাংখ্য-যোগত হোৱা আলোচনাৰ পিছত এয়া কৰ্মযোগত প্ৰৱেশ কৰিলো। শ্ৰীকৃষ্ণই কোৱা কথাবোৰ অৰ্জুনৰ হজম হোৱা নাছিল। সেয়েহে অৰ্জুনে সুযোগৰ অপেক্ষাত আছিল। শ্ৰীশ্ৰী ভগৱানে যেতিয়া ব্ৰাহ্মীস্থিতি আৰু স্থিতপ্ৰজ্ঞ ব্যক্তিৰ বিষয়ে ক’লে, অৰ্জুনে ভাবিলে যে এয়া ধ্যানৰ দ্বাৰাহে সম্ভৱ, ইয়াৰ বাবে নিৰ্জন স্থান লাগে, জনকোলাহলমুক্ত স্থান লাগে! সখা কৃষ্ণক সেয়ে সুধিব লাগিব – যদি মই ধ্যান কৰা প্ৰয়োজন, তেন্তে সখাই কিয় মোক যুদ্ধত নিয়োগ কৰিব বিচাৰিছে?
অৰ্জুনে সুধিলেঃ
‘ জ্যায়সী চেৎ কৰ্মণস্তে মতা বুদ্ধিৰ্জনাৰ্দন।
তৎ কিং কৰ্মণি ঘোৰে মাং নিয়োজয়সি কেশৱ।।’
অৰ্থাৎ, হে জনাৰ্দন! তোমাৰ মতে যদি জ্ঞানেই কৰ্মতকৈ শ্ৰেষ্ঠ হয়, তেন্তে হে কেশৱ, মোক তুমি কিয় যুদ্ধত নিয়োগ কৰিব বিচাৰিছা?
তেতিয়া শ্ৰীকৃষ্ণই ক’লে……’
খাউন্ডৰ কথাখিনি শেষ নৌ-হওতেই নেওগে এখন বহীৰ পৃষ্ঠা চাই কৈ উঠিল-
তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিলঃ
‘ হে অনঘ, অৰ্থাৎ হে নিষ্পাপ অৰ্জুন, মোৰ দ্বাৰা এই সংসাৰত দুইধৰণৰ নিষ্ঠা আগতে কথিত হৈছে – জ্ঞানযোগৰ দ্বাৰা সাংখ্যগণৰ আৰু কৰ্মযোগৰ দ্বাৰা যোগীগণৰ…’
ঋষিকৃষ্ণঃ সাধু, সাধু, নেওগ ডাঙৰীয়া, সাধু!
মুক্তাকংকন আৰু সৰলঃ ৰাধে ! ৰাধে!!
মিশ্ৰঃ পুৰুষে কৰ্মৰ অনুষ্ঠান নকৰিলে নৈষ্কৰ্ম্যৱস্থা লাভ কৰিব নোৱাৰে আৰু কৰ্মত্যাগ কৰিলেই সিদ্ধি লাভ নহয়।
গণেশ শৰ্মাঃ মিশ্ৰ ডাঙৰীয়াই খুব সৰলভাৱে বুজাই দিলে, ধন্যবাদ।
[ এনে সময়তে শ্ৰীহিতেশ্বৰ নেওগৰ মিত্ৰ শ্ৰীদিলদাৰ পাটগিৰিয়ে নেওগলৈ ফোন কৰাত পৰিৱেশ কিঞ্চিৎ খেলিমেলি হোৱাৰ আশংকাত নেওগে ‘লাইন’ কাটি দিয়ে আৰু শ্ৰীবেদোজ্জ্বল মিশ্ৰক কয়- আজি শ্ৰীদিলদাৰ পাটগিৰিয়ে কৰ্মযোগৰ প্ৰতি আকৃষ্ট হৈ খেতিয়ক পৰিষদৰ সভাপতি হিচাপে শাক- পাচলি আমাক দিব নিশ্চয়! মিশ্ৰই এটা বেকা হাঁহি মাৰি থৈ দিয়ে।]
খাউন্ডঃ শ্ৰী কৃষ্ণই পুনৰ ক’লে, হে অৰ্জুন, যিজনে অনাসক্ত হৈ ইন্দ্ৰিয়বোৰক মনৰ দ্বাৰা সংযত কৰি কৰ্মন্দ্ৰিয়ৰ দ্বাৰা কৰ্মযোগ অনুষ্ঠান কৰে, তেৱেঁই শ্ৰেষ্ঠ।
‘তস্মাদসক্তঃ সততং কাৰ্যং কৰ্ম সমাচৰ।
অসক্তো হ্যাচৰণ্ কৰ্ম পৰমাপ্নোতি পুৰুষ।।’
অৰ্থাৎ, অনাসক্ত হৈ সৰ্বদা কৰ্তব্য আচৰণ কৰিব লাগে, যিহেতু আসক্তিৰহিত হৈ কৰ্ম কৰিলে মোক্ষপ্ৰাপ্তি হয়।
মুক্তাকংকনঃ কিন্তু বেছিভাগকেই দেখোন আসক্তিপূৰ্ণ হৈ থকা দেখা যায়! আচৰিত।
ঋষিকৃষ্ণঃ সেইবাবেই গীতালোচনাৰ দৰকাৰ। কৰ’না সেইপিনৰ পৰা আশীৰ্বাদ স্বৰূপ। দীঘলীপুখুৰীত শৰালি হাঁহ চৰিছে, আকাশ পৰিষ্কাৰ হৈছে, জীৱ-জন্তু মুকলিকৈ ফুৰিছে, আমিও বিশুদ্ধ অম্লজান পাইছো, চৰাই-চিৰিকটিৰ মাত শুনিছো…
সৰলঃ দাদাই একেবাৰে ঠিক কথা কৈছে। হাতীৰ জাক মুকলিকৈ ফুৰিছে, প্ৰদূষণ কমিছে…!
তনয়জিৎঃ খাউন্ড দা, তাৰপিছত?
গণেশ শৰ্মাঃ প্ৰকৃতিৰ গুণসমূহৰ দ্বাৰা সংমূঢ় চিত্তৰ ব্যক্তিয়ে গুণ আৰু কৰ্মত আসক্ত হয়, সৰ্বজ্ঞ পুৰুষে সেই অল্পজ্ঞ মন্দবুদ্ধিৰ মানুহক গুৰুত্ব দি লাভ নাই – এনেদৰেই হয়তো শ্ৰীকৃষ্ণই কৈছিল।
খাউন্ডঃ হয়। আৰু কৈছিল, বিবেকবুদ্ধিৰ দ্বাৰা সমস্ত কৰ্ম মোক সপি দি আশাৰহিত, শোকৰহিত, মমতাৰহিত হৈ তুমি যুদ্ধ কৰা।
নেওগঃ (বহীৰ পৃষ্ঠা চাই চাই)..
‘কাম এষ ক্ৰোধ এষ ৰজোগুণসমুদ্ভৱঃ।
মহাশনো মহাপাপ্মা বিদ্ধ্যেনমিহ বৈৰিতম্।।’
ইয়াৰ অৰ্থ কি মিশ্ৰ ডাঙৰীয়া? এয়া কৰ্মযোগ অধ্যায়ত আছে, টুকি থৈছিলো।
ঋষিকৃষ্ণঃ মই কৈছো ৰব। ইয়াৰ অৰ্থ হ’ল, আমাৰ মাজত ৰজোগুণ আছে। এই ৰজোগুণে চিত্তত ক্ষোভ সঞ্চাৰিত কৰে। অন্তৰৰ শান্তি নষ্ট কৰে। কামনাৰ জন্ম দিয়ে। কামনা প্ৰতিহত হ’লে ক্ৰোধ উৎপন্ন হয়। ক্ৰোধ কামজ, অৰ্থাৎ কামনাৰ পৰা জন্মে। সেয়ে ভগৱানে উভয়কে একেই অৰ্থত গ্ৰহণ কৰিছে। তাকেই শত্ৰু বুলি শ্ৰীকৃষ্ণই কৈছে। তাৰে স্বৰূপ বুজাবলৈ গৈ ভগৱানে ‘মহাশনঃ’ আৰু ‘মহাপাপ্মা’ ব্যৱহাৰ কৰিছে।
মহৎ অশন্ যাৰ – অৰ্থাৎ অশন্ হ’ল ভোজন, গতিকে যাৰ ভোজন সীমাহীন, ‘মহাশন’! যি কোনোকালে তৃপ্ত নহয়! আকৌ কামনাৰো শেষ নাই। গতিকে শান্তি নাই। সেয়েহে ‘মহাপাপ্মা’, সমস্ত পাপৰ কাৰণ। ইয়াৰ দ্বাৰা মানুহ ভীষণ দুঃখ সমুদ্ৰত নিমজ্জিত হয়। গতিকে ই মূল শত্ৰু।
নেওগঃ বহু ধন্যবাদ শৰ্মা।
খাউন্ডঃ এনেদৰেই ভগৱানে অৰ্জুনক যিমান পাৰে বুজনি দিলে।
অহাকালি ‘জ্ঞানযোগ’ অধ্যায়ত আমি বহু গভীৰলৈ যাম। গীতা আলোচনা কৰা দুৰুহ, কিন্তু আমি এনেদৰে লগ হোৱাটোও ভগৱানৰ ইচ্ছা। এতিয়া আমি প্ৰাৰ্থনা কৰিম, আৰু সামৰিম।
মিশ্ৰ আৰু নেওগঃ অহাকালিও কিন্তু একেসময়তে আপুনিয়েই আৰম্ভ কৰিব লাগিব। নে কি কয়?
মুক্তাকংকনঃ খাউন্ড দা-ই নকৰা কথাই নাই।
সৰলঃ দাদা, আমি কম বয়সতে ইমান সুবিধা আৰু নাপাম। বৰ ভাল পালো।
তনয়জিৎঃ মোৰো এয়েই প্ৰথম!! ঈশ্বৰৰ ইচ্ছা।
এইবাৰ মৌনব্ৰতী লিপিকাৰ শৰ্মাই এখন কাগজ তনয়জিৎ ডেকাক WhatsAppত প্ৰেৰণ কৰি পাঠ কৰিবলৈ অনুৰোধ কৰিলে । তনয়জিৎ ডেকাই মোবাইলৰ পৰ্দাত চাই চাই কৈ গ’ল–
শ্ৰীকৃষ্ণই ক’লে
‘নহয় একোকে আন, কাম আৰু ক্ৰোধ তাৰ একান্ত কাৰণ,
এই দুই সৰ্বগ্ৰাসী ৰিপুৰ জ্বালাই মাথোন চালনা কৰে
মানুহক সেই পাপৰ পংকিল পথে শেষ যাৰ পৰম দুখত;
চিনি থবা দুয়োটাকে মানুহৰ জীৱনৰ কালান্তক বৈৰী।’
# #
‘যিদৰে আবৃত থাকে লেলিহান অগ্নিশিখা ধোঁৱাৰ জালেৰে,
যিদৰে আবৃত হয় দাপোণৰ স্বচ্ছ ছবি ধূলিৰ মলেৰে,
যিদৰে আবৃত আৰু জীৱনৰ ভ্ৰুণকোষ জলৰ ছালেৰে,
সিদৰেই সমাচ্ছন্ন জ্ঞানৰ পোহৰ- চাকি ৰিপুৰ ঢলেৰে।’
# #
‘আত্মাক জনাই জানা আপোনাকে জনাৰ পূৰ্ণতা,
আত্মজ্ঞান প্ৰদীপেৰে পথ চিনি কৰা তুমি কৰ্মৰ সাধনা;
হে মহাবাহু, অধম দলন কৰি সৰ্বোত্তম চেতনাৰে
পৰাভূত কৰা তুমি জটিল জটাৰ যত কামৰ তাড়না।’
# #
আজি ‘কৰ্মযোগ’ অধ্যায়ৰ ইয়াতেই অন্ত পৰে।
অহাকালি, ৩০/০৩/২০২০ তাৰিখ সোমবাৰে গীতালোচনাৰ চতুৰ্থ অধ্যায় ‘জ্ঞানযোগ’ৰ ওপৰত সংক্ষেপে আলোচনা কৰা হ’ব।
সকলোকে প্ৰণাম।
•••••••••••••••••••••••••••••••••••••••••••••••••
৩০/০৩/২০২০, সোমবাৰ
||গীতা- আলোকপাত@ লক-ডাউন||
চতুৰ্থ অধ্যায়
জ্ঞানযোগ
আজিৰ এই অধ্যায়ৰ সঞ্চালক হিচাপে সৰ্বসন্মতিক্ৰমে শ্ৰীযুত অপূৰ্ণ খাউন্ড ডাঙৰীয়াকেই দায়িত্ব লবলৈ অনুৰোধ কৰাত তেখেতে হাঁহিমুখে সন্মতি জনালে।
অংশগ্ৰহণ কৰা গীতানুৰাগীসকল হ’লঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত গণেশ শৰ্মা
৩) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৪) শ্ৰীমান সৰল দত্ত
৫) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৮) শ্ৰী মুক্তাকংকন বৰুৱা
৯) লিপিকাৰ মৌনব্ৰতী শৰ্মা
সময়ঃ ৰাতিপুৱা ৭ বাজিছে।
খাউন্ডঃ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে- মই ইতিমধ্যে তোমাক যি নিষ্কাম কৰ্মযোগৰ কথা ক’লো, সেয়া অতি পৌৰাণিক কালৰ পৰাই চলি আহিছে। এয়া নতুন কথা বুলি নাভাবিবা। তুমি মোৰ সখা, আৰু এতিয়া ধৰ্মসংকটত পৰিছা বাবেহে মই কথাবোৰ কৈছো। যি যি ক্ষণত ধৰ্মৰ নিন্দা হয় আৰু অধৰ্মৰ প্ৰভাৱ হয়, সেই সেই ক্ষণতেই মই অৱতাৰ গ্ৰহণ কৰি আৱিৰ্ভাৱ হও আৰু ভক্তক ৰক্ষা কৰো তথা পাপীক সংহাৰ কৰো।
নেওগঃ পাপীৰ সংজ্ঞা কি? অসমক প্ৰতাৰণা কৰাসকল, জাতি-মাটি-ভেটিৰ ৰক্ষাৰ কথা কৈ ৰাইজক ঠগোৱাসকল পাপীৰ শাৰীত পৰিব নে নপৰে? বিদেশীক বহিষ্কাৰ কৰিম বুলি ‘কা’ অনাসকল কিহৰ শাৰীত পৰিব? নিবনুৱা সমস্যা নাইকীয়া কৰিম বুলি চাকৰি লাখে লাখে নাইকীয়া কৰি, উদ্যোগ বন্ধ কৰাসকল,….(নেওগক কিছু উত্তেজিত যেন দেখি মিশ্ৰ ডাঙৰীয়াই ইংগিতেৰে ইংৰাজীত ‘Cool- Cool’ বুলি কয়, আৰু নেওগ নীৰৱ হৈ পৰে)!
গণেশ শৰ্মাঃ নিষ্কাম কৰ্মযোগ হ’ল-
• কৰ্তব্যৰ বাবে কৰ্তব্য কৰিম।
• কঠিন পৰিশ্ৰম কৰিম।
• সংসাৰৰ পৰা একো প্ৰত্যাশা নকৰো।
• ভগৱানলৈ লক্ষ্য কৰি কৰ্ম কৰিম, সংসাৰলৈ চাই নহয়।
• কোনো কৰ্মত বিফল হ’লে দুঃখ নকৰো।
• সফলতা আৰু বিফলতা সমজ্ঞানে গ্ৰহণ কৰিম।
• সকলো কৰ্মই ঈশ্বৰৰ আৰাধনা বুলি কৰি থাকিম।
• ভগৱদ্দৰ্শন বা আত্মদৰ্শনক জীৱনৰ লক্ষ্য হিচাপে ধৰি ল’ম।
• কৰ্মত উদাসীন নহ’ম….
এনেধৰণৰ কৰ্মই হ’ল নিষ্কাম কৰ্ম।
মুক্তাকংকনঃ এনেদৰে চলিলে সত্যস্বৰূপ ভগৱান প্ৰত্যক্ষ হয়। নিষ্পাপ অন্তৰেৰে কৰ্ম কৰিলে ভগৱানে প্ৰসাদ দিয়ে। মই বাল্যকালতে প্ৰমাণ পাইছো। শ্ৰীদিলদাৰ পাটগিৰি-দাইও দেখিছে সেই প্ৰমাণৰ চিহ্ন। এতিয়া সেইবোৰ আলোচনা নকৰো, জ্ঞানযোগ মূল বিষয়। কথা বেলেগলৈ লৈ গ’লে খাউন্ড-দাই খুচি দিব পাৰে!
নয়নঃ মই পুৱাই পঢ়ি আহিছো এইকথা যে শ্ৰীকৃষ্ণই হেনো কৈছিল- হে অৰ্জুন, তুমি মোৰ সখা আৰু ভক্ত, সেইকাৰণে হে মই তোমাক সেই প্ৰাচীন কৰ্মযোগৰ কথা ক’লো – কিন্তু ই পৰম ৰহস্যময়। এই যোগ মই প্ৰথমে সূৰ্যক কৈছিলো, সূৰ্যই মনুক কৈছিল, মনুৱে ইক্ষ্বাকুক কৈছিল।…
তনয়জিৎঃ হয়, হয়, মইও পাঠ কৰি পাইছো। তাৰপিছত অৰ্জুনে কৈছিল-
‘অপৰং ভবতো জন্ম পৰং জন্ম বিবস্বতঃ।
কথমেতদ্বিজানীয়াং ত্বমাদৌ প্ৰোক্তবানিতি।।’
বেদোজ্জ্বল মিশ্ৰঃ অৰ্থাৎ, অৰ্জুনে জানিব বিচাৰিছে যে সখা, তোমাৰ জন্ম পিছত, সূৰ্যদেৱৰ জন্ম আগত, তেনেস্থলত তুমি কিদৰে উপদেশ দিলা সূৰ্যক?
সৰলঃ তেতিয়া ভগৱানে ক’লে, হে অৰ্জুন, মোৰ আৰু তোমাৰ বহু বহু জন্ম অতীতত বিলীন হৈ গৈছে, কিন্তু মোৰ সকলো মনত আছে, তোমাৰ মনত নাই।
ঋষিকৃষ্ণঃ সাধু, সাধু! দত্তই দেখোন একেবাৰে thorough….!
নয়নঃ নাই, আমি দুয়ো এবাৰ এটা গোচৰ সংক্ৰান্তত অলপ অচৰপ অধ্যয়ন কৰিবলগীয়া হৈছিল! অভিযুক্ত(বিপৰীত পক্ষ)ৰ অধিবক্তাই গীতাৰ শ্লোক আদালতত পাঠ কৰিছিল বাবে আমিও পঢ়িবলগীয়া হৈছিল, কিন্তু গভীৰত প্ৰৱেশ কৰা নাছিলো। এতিয়া কৰ’নাজনিত বন্ধৰ দিনত আপোনালোকৰ পৰা জানিম বুলিহে ….!
মুক্তাকংকনঃ Thats the spirit….খাউন্ড দা আৰু মিশ্ৰ দা আছে যেতিয়া চিন্তা নকৰিবা।
নেওগঃ মোৰো সেয়ে কথা। লগৰ দুজনমানে অকালতে মৃত্যুবৰণ কৰিলে। সময় আছে বুলি ভাবি থাকোতেই সময়ে টানি লৈ যায়। সেইকাৰণে খাউন্ড আৰু মিশ্ৰৰ সান্নিধ্যলৈ আহিছো। কিছুমানে খানা খুৱাব বুলি ভাবি থাকোতেই মাহৰ পিছত মাহ পাৰ হৈ যায়, বছৰ বাগৰে, তথাপিও কি যে মোহ! লগত লৈ যাব টকা-পইচা! আচৰিত কথা! জ্ঞানযোগত সেইধৰণৰ বিলাককো আমন্ত্ৰণ কৰিব লাগিছিল!
মিশ্ৰঃ হেৰি নেওগ, সেইবোৰ দুৰাশা বাদ দিয়ক। দুঃখ নকৰিব। সময় সত্য, সেয়ে আপুনি ইয়াত; আৰু কোনোবাই টকা গণি আছে! কিন্তু এতিয়া হোটেল-ৰেষ্টোৰা সকলো বন্ধ। গণি থাকক দিয়ক। আমি ঈশ্বৰৰ প্ৰসাদ লাভ কৰিলেই হ’ল!
গণেশ শৰ্মাঃ
‘যদা যদাহি ধৰ্মস্য গ্লানিৰ্ভবতি ভাৰত।
অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম্।।’
ঋষিকৃষ্ণঃ
‘পৰিত্ৰানায় সাধূনাম্ বিনাশায় চ দুষ্কৃতাম্।
ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে।।’
মুক্তাকংকনঃ ৱাঃ ৱাঃ, মন ভৰি গ’ল। এই শ্লোক মহাভাৰত চিৰিয়েলত বৰকৈ বজাইছিল।
মিশ্ৰঃ যিসকলে কৰ্মত অকৰ্ম আৰু অকৰ্মত কৰ্ম দৰ্শন কৰে, মানুহৰ মাজত সেইসকলেই বুদ্ধিমান, কৰ্মযোগী, সৰ্বকৰ্মৰ অনুষ্ঠাতা।
গীতাৰ জ্ঞানযোগত ভগৱানে কৈছে-
‘কৰ্মণ্যকৰ্ম যঃ পশ্যেদকৰ্মণি চ কৰ্ম যঃ।
স বুদ্ধিমান্ মনুষ্যেষু স যুক্তঃ কৃৎস্নকৰ্মকৃৎ।।’
এইক্ষেত্ৰত ‘কৰ্ম’ৰ অৰ্থ হৈছে নিষ্কাম কৰ্ম, গতিকে যিয়ে নিষ্কামভাৱে কৰ্ম কৰে তেওঁ কৰ্ম কৰি থাকোতেও নাভাবে যে তেওঁ কৰ্ম কৰি আছে, এনেদৰে তেওঁ কৰ্মত অকৰ্ম দৰ্শন কৰে। এনে কৰ্ম স্বাৰ্থৰহিত। যাৰ সকলো কৰ্ম কামনা-সংকল্পৰহিত, জ্ঞানৰ অগ্নিৰে যাৰ কৰ্মসমূহ দগ্ধ, তেওকেই জ্ঞানীসকলে পন্ডিত বুলি কয়।
খাউন্ডঃ মিশ্ৰ ডাঙৰীয়াই বৰ সুন্দৰকৈ ব্যাখ্যা কৰি দিয়াত আমি হৃদয়াঙ্গম কৰিবলৈ সক্ষম হ’লো।
কোনো কোনোৱে প্ৰাণবায়ুক অপান বায়ুত আৰু অপানবায়ুক প্ৰাণ বায়ুত আহুতি দি প্ৰাণবায়ু- অপ্ৰাণবায়ুৰ গতিৰোধ কৰি প্ৰাণায়মস্বৰূপ যজ্ঞপৰায়ণ হয়। কিছুমানে ইন্দ্ৰিয়বোৰক প্ৰাণবায়ুত আহূতি দিয়ে। এইখিনিতে তনয়, প্ৰাঞ্জলহতক কও যে প্ৰাণায়ামৰ তিনিটা অঙ্গ থাকে – পুৰক, কুম্ভক, ৰেচক। প্ৰাণায়ামৰ বিষয়ে পিছত শ্ৰীদিলদাৰ পাটগিৰিৰ পৰা বুজি লব পাৰিবা। শ্বাসক ভিতৰলৈ আকৰ্ষণ কৰি নিয়াটোক ‘পুৰক’ বোলা হয়, ভিতৰত ধৰি ৰখাটোক ‘কুম্ভক’ আৰু বাহিৰলৈ ত্যাগ কৰাটোক ‘ৰেচক’ বোলা হয়।
তনয়জিৎঃ খাউন্ড দা, ময়ো কাব্যৰূপে পঢ়িছিলো। লিখি থোৱা আছে, লগতে আছে।
নয়নঃ তনয়জিৎ দা, অনুগ্ৰহ কৰি শুনাওকচোন….
মুক্তাকংকনঃ তনয়জিৎ দা, প্লিজ্…
তনয়জিৎঃ বাৰু…
‘আন কিছুমানে – যিবোৰে সাধনা কৰে যোগাভ্যাস প্ৰাণায়াম,
নিশাহৰ বাট ভেটি মাথোন উশাহ লয়,
সিবোৰে উচৰ্গা কৰে নিশাহৰ বতাহত উশাহৰ প্ৰাণ
নহ’লেবা উশাহতে নিশাহৰ বতাহৰ পৰম প্ৰশান্তি।’
# #
‘আৰু আছে কিছুমান যিবোৰে আহাৰ কৰে মাথোন এমুঠি,
সিবোৰে প্ৰাণৰ বায়ুত প্ৰাণকেই দিয়ে যজ্ঞাহুতি;
এই সকলোৱে জানে যজ্ঞৰ মহিমা
আৰু জানে যজ্ঞৰ আহুতি মানে পাপৰ দাহন।’
নেওগঃ এইখিনি মোকো লাগিব দেই। আ: , কি সুমধুৰ।
খাউন্ডঃ
‘অপি চেদসি পাপেভ্যঃ সৰ্বেভ্যঃ পাপকৃত্তমঃ।
সৰ্বং জ্ঞানপ্লবেনৈব বৃজিনং সন্তৰিষ্যসি।।’
অৰ্থাৎ, যদি সকলো পাপীতকৈও পাপী হোৱা, তথাপি জ্ঞানৰূপী নাওৰ দ্বাৰা পাপ সমুদ্ৰ পাৰ হব পাৰিবা।
গতিকে হে অৰ্জুন! যিদৰে অগ্নিয়ে কাঠ ভষ্ম কৰে, সেইদৰে জ্ঞানৰূপী অগ্নিয়েও সকলো কৰ্ম ভষ্ম কৰে।
মিশ্ৰঃ এই জগতত জ্ঞানৰ তুল্য পৱিত্ৰ একোৱেই নাই, কালক্ৰমে যোগসংসিদ্ধ ব্যক্তিয়ে নিজেই সেই আত্মজ্ঞান লাভ কৰে।
ঋষিকৃষ্ণঃ
‘ অজ্ঞশ্চাশ্ৰদ্দধানশ্চ সংশয়াত্ম বিনশ্যতি।
নায়ং লোকোহস্তি ন পৰো ন সুখং সংশয়াত্মনঃ।।’
অৰ্থাৎ, অজ্ঞ, শ্ৰদ্ধাহীন আৰু সংশয়যুক্ত ব্যক্তি বিনষ্ট হৈ যায়, সংশয়াত্মাৰ ইহলোক নাই, পৰলোক নাই, সুখো নাই।
মুক্তাকংকনঃ ৱা: ৱা:, কি ক’লে!! ধন্যবাদ শৰ্মা। প্ৰণাম।
নয়নঃ তনয়জিৎ দা, শেষৰখিনি মোক দিয়ক, মই পাঠ কৰো।
তনয়জিৎঃ নিশ্চয়, নিশ্চয়..।
খাউন্ডঃ তনয়ে পাঠ কৰাৰ পিছত আজিৰ জ্ঞানযোগ অধ্যায় সমাপ্ত হ’ব। তাৰপিছত আমি প্ৰাৰ্থনা কৰিম। অহাকালি আমি আৰম্ভ কৰিম পঞ্চম অধ্যায়, ‘সন্ন্যাস-যোগ’!
সময়, পুৱা ৭ বজা।
নয়নঃ
‘নাই জ্ঞান, নাই শ্ৰদ্ধা, আছে মাথো অনন্ত সংশয়,
সিবোৰে বিনষ্ট পায় অতি সোণকালে;
সংশয়ত অগা-পিছা কৰি থকা ঠুনুকা মনৰ মানুহে জানা
নেপায় বিচাৰি শান্তি ইহকাল পৰকাল কোনোটো কালতে।’
# #
‘যোগৰ নিষ্ঠাৰে যিবোৰে বিনাশ কৰে সমস্ত কৰ্মৰ ভাৰ,
জ্ঞানৰ চাকিৰে যিবোৰে আঁতৰ কৰে দ্বিধাৰ আন্ধাৰ,
যিবোৰে বিচাৰি পায় অধিকাৰ আপোন আত্মাৰ,
সিবোৰক নকৰে আমনি কৰ্মবন্ধে মহা যন্ত্ৰণাৰ।’
# #
‘সেইবাবে জ্ঞানৰ কুঠাৰ লৈ টুকুৰাটুকুৰ কৰা মনৰ সংশয়,
জানা তুমি দ্বিধাৰ কুঁৱলী এয়া অজ্ঞতাৰে মিহলি আন্ধাৰ;
হেৰা সব্যসাচী, উঠা – উঠি যুদ্ধ কৰা,
জোকাৰি পেলোৱা ধূলি সংশয়ে যলিন কৰা তোমাৰ আত্মাৰ।’
#
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ!!
খাউন্ডঃ তেনেহ’লে আজি ইমানতে সামৰো।
তনয়জিৎ,মুক্তা,সৰল, গণেশ শৰ্মা, নেওগ, মিশ্ৰ, নয়ন, সকলোকে অহাকালি পুনৰ লগ পাম। আশাকৰো সকলোৱে জ্ঞানৰ বন্তি জ্বলাবলৈ প্ৰয়াস কৰিব।
প্ৰণাম।
সকলোৱেঃ প্ৰণাম ।
[ জ্ঞানযোগ ইমানতে সমাপ্ত]
•••••••••••••••••••••••••••••••••••••••••••••••••
।। ওঁ ।।
৩১/০৩/২০২০ (মঙলবাৰ)
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা- আলোকপাত@ লক-ডাউন||
পঞ্চম অধ্যায়
সন্ন্যাস -যোগ
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
৯) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
আজি আমি গীতাৰ পঞ্চম অধ্যায়ৰ ওপৰত কিছুপৰ আলোচনা কৰিম। আজি আলোচনা হ’ব সন্ন্যাস-যোগ সম্পৰ্কে ভগৱান আৰু অৰ্জুনৰ মাজত কি আলাপ হৈছিল, সেই সম্পৰ্কে। মিশ্ৰ ডাঙৰীয়াই আৰম্ভ কৰক…
মিশ্ৰঃ কৰ’নাই সমগ্ৰ বিশ্বতে আজি মহাতংক সৃষ্টি কৰাৰ সময়ত পাশাখেল, অইনৰ চৰিত্ৰহনন, ফেচবুকত আৰু হোৱাটচ্এপ আদিত হোৱাই নোহোৱাই তৰল মন্তব্য প্ৰদান, সমগ্ৰ জীৱনকালত কাকো অলপো সহায় নকৰি নিজৰ কেৰিয়াৰ আৰু সংসাৰ লৈ ব্যস্ত হৈ থকাসকলৰ অৱসৰকালীন কালৰ চিন্থেটিক উপদেশ, হতাশা-বিৰক্তি-অলসতা- ইত্যাদিৰ পৰা বহু সুকীয়া এনে এক পৰিৱেশত গীতালোচনাৰ ব্যৱস্থা কৰি আমাক এক বিৰল সুবিধা প্ৰদান কৰা বাবে আলাপ-লেখক তথা এইকেইদিন আত্মাৰ-আৰামৰ বাবে দিনটোৰ আগবেলা মৌনব্ৰত ধাৰণ কৰি থকা শ্ৰী শৰ্মাদেৱক আমাৰ সকলোৰে হৈ ধন্যবাদ জ্ঞাপন কৰিলো। আৰু এতিয়া পঞ্চম অধ্যায় সম্পৰ্কে আমাৰ কনিষ্ঠ সৰল দত্তই যিখিনি অধ্যয়ন কৰি আহিছে – সেইখিনিৰ সাৰাংশ বেকত কৰিবলৈ অনুৰোধ জনালো।
সৰলঃ জ্ঞানযোগৰ অধ্যায়ত ভগৱানৰ কন্ঠৰে সমস্ত কথা মনোযোগেৰে শুনি অৰ্জুনৰ ভাব হ’ল যে নিষ্কাম কৰ্ম আচৰণ চিত্তশুদ্ধিকৰ তথা সাধনাৰ প্ৰথম ঢাপ, আৰু কৰ্মত্যাগৰূপ ধ্যানযোগৰ দ্বাৰা শেষ পৰ্যায়ৰ অৱস্থান। গতিকে কৰ্মযোগ আচৰণ শ্ৰেষ্ঠ নে কৰ্মসন্ন্যাস শ্ৰেষ্ঠ – বুজাত অসুবিধা হৈছিল। অৰ্জুনে ভগৱানক প্ৰশ্ন কৰিছিল –
‘সন্ন্যাসং কৰ্মণাং কৃষ্ণ পুনৰ্যোগং চ শংসসি।
যচ্ছ্ৰেয় এতয়োৰেকং তন্মেব্ৰুহি সুনিশ্চিতম্।’
অৰ্থাৎ,……
তনয়জিৎঃ মই দুইশাৰী কৈছো ৰ’ব..
অৰ্জুনে ভগৱানক সুধিলে, কোনটো শ্ৰেষ্ঠ? নিশ্চিতভাৱে কওক! তেতিয়া শ্ৰীকৃষ্ণই কৈছিল-
‘ একোকে বিৰোধ নাই কৰ্মযোগ আৰু কৰ্ম-সন্ন্যাসৰ,
দুয়োটা পথৰ শেষ সীমা মানুহৰ জীৱনৰ মুক্তি;
তথাপিতো নিষ্কাম কৰ্মৰ যোগ কিছু বেছি শ্ৰেষ্ঠ,
তুলনাত বৈৰাগ্যবিহীন কৰ্মসন্ন্যাসৰ নাই সেই জ্যোতি।
যিজনে নকৰে দ্বেষ নকৰে আকাংক্ষা হ’লেও কৰ্মত যুক্ত,
সিজনকে ক’ব পাৰি পৰম সন্ন্যাসী সকলো কালৰ;
দ্বন্দহীন জীৱন যাপন কৰি সিজনেই লাভ কৰে শান্তি
মুক্ত হৈ যতমানে বন্ধন-পাশৰ।’
নেওগঃ অনন্য তনয়জিৎ। এতিয়া মোৰ মগজলৈ এটা প্ৰশ্ন আহিছে। আমাৰ উমৈহতীয়া বন্ধু এজনৰ জীয়ৰীৰ বিয়া উপলক্ষে বিয়াৰ বহুদিন আগৰে পৰাই আমাৰ সহপাঠী বসুমতাৰীয়ে গাড়ীৰ তেল পুৰি সময় খৰছ কৰি বিয়াখনৰ নিমন্ত্ৰণ দিয়াৰে পৰা বিয়াৰ দিনলৈ আনোৱাৰ উপাধিযুক্ত অইন এগৰাকী বন্ধুৰ লগত দেহাৰ ঘাম মাটিত পেলাই কষ্ট কৰাৰ পিছতো এদিনো কইনাৰ অৰ্দ্ধকোটিপতি দিলদাৰ দেউতাকে দুয়োকে এটা খানাও নুখুৱালে; তদ্সত্বেও সেই অৰ্দ্ধকোটিপতি বন্ধুৰ পুত্ৰৰ বিয়াতো একেদৰেই দুয়োজনে খাটি থাকিল – এইবাৰো খানা এটাও নাই!! ইয়াৰ ব্যাখ্যা কি মিশ্ৰ ডাঙৰীয়া?
মুক্তাকংকনঃ ‘প্লিজ…জাষ্ট এ মিনিট’, মই কৈ দিছো দাদা, সেয়াই নিষ্কাম-কৰ্ম। তেওঁলোকে খানা খাবলৈ পাম বুলি কৰ্মৰত হোৱা নাছিল। সেইবাবে আক্ষেপো নাই। অথচ গীতা-পাঠ নকৰা বাবে সেই চিন্তাই আপোনাৰ মনত ঘূৰি আছে।
গণেশ শৰ্মাঃ সাধু! সাধু!! সেয়া প্ৰাৰব্ধ, বসুমতাৰীয়ে আৰু আনোৱাৰ চাহাবে আগৰ কোনোবা এটা জন্মত অৰ্দ্ধকোটিপতি বন্ধুজনৰ ওচৰত ধৰুৱা হৈ আছিল। এতিয়া ঋণমুক্ত হৈ আছে। আচলতে এইবোৰ লীলা!
নেওগঃ লীলা কাৰণেই মোৰ সহপাঠী বসুমতাৰীয়ে এইজন্মত পাইছে ব্ৰইলাৰৰ ঘিলা..হাঃ হাঃ হাঃ…
এইখিনিতে এটা কথা কৈ থও,এইবাৰ কৰ’নাৰ আতংকৰ বাবে Financial yr বঢ়াই দিলে নহ’ব। লগতে Income Tax ৰ slab সলনি কৰিব লাগিব। নহ’লে আমাৰ দৰে মানুহৰ Tax Period ১২ মাহৰ ঠাইত ১৫ মাহ হব আৰু আমাৰ দৰে ‘Genuine businessmen’ বিলাকে ‘ব্ৰইলাৰৰ ঘিলা’ খোৱাৰ দৰে হ’ব ,, অধিক টেক্স ভৰিব লাগিব, যিহেতু ‘Business Volume’ বাঢ়ি যাব। ১২+৩= ১৫…!!
মিশ্ৰঃ কিহৰ ব্ৰইলাৰৰ ঘিলা নেওগ?
নেওগঃ পিছত ক’ম দিয়ক, এতিয়া নিমিলিব!
মিশ্ৰঃ বাৰু! হ’ব দিয়ক। আপোনাৰ দৰে ‘বেপাৰীৰ টেক্স’ৰ কথাও পিছত, এতিয়া নিমিলিব! ক’ত সন্ন্যাস-যোগ আৰু ক’ত ‘ফাইনেন্সিয়েল ইয়েৰ’, আপুনি মানুহ মাৰি দিব দেই…!! তাতে ক’ৰ পৰা ‘ব্ৰইলাৰৰ ঘিলা’কো টানি আনিছে!
খাউন্ডঃ
সন্ন্যাসস্তু মহাবাহো দুঃখমাপ্তুমযোগতঃ।
যোগযুক্তো মুনিৰ্ব্ৰহ্ম নচিৰেণাধিগচ্ছতি।।
অৰ্থাৎ, হে মহাবাহু অৰ্জুন! কৰ্মযোগব্যতীত সন্ন্যাস দুঃখপ্ৰাপ্তিৰ হেতু। যোগযুক্ত মুনিয়ে শীঘ্ৰে ব্ৰহ্মক লাভ কৰে।
নৈব কিঞ্চিৎ কৰোমীতি যুক্তো মন্যেতে তত্ত্ববিৎ।
পশ্যন্ শৃণ্বন্ স্পৃশন্ জিঘ্ৰন্নশ্নন্ গচ্ছন্ স্বপন্ শ্বসন্।।
অৰ্থাৎ, তত্ত্ববিৎ যোগী পুৰুষে দৰ্শন, শ্ৰৱণ, স্পৰ্শ, ঘ্ৰাণ, ভোজন, গমন, নিদ্ৰা, শ্বাসক্ৰিয়া, কথন, বিসৰ্জন, গ্ৰহণ, উন্মেষ, নিমেষ কৰিও ইন্দ্ৰিয়বোৰ ইন্দ্ৰিয়ৰ বিষয়সমূহত প্ৰবৃত্ত হোৱা ধাৰণা কৰি নিজে যেন একোকে কৰা নাই – তেনেদৰে ভাব গ্ৰহণ কৰে।
সৰলঃ দাদা, মই দুষাৰ কওঁ, লিখি আনিছো…
‘নেভাবে সিজনে ‘ময়েই কৰিছো এয়া – ময়ে ইবোৰৰ কৰ্তা’,
যদিওবা তেওঁৰেই চকুৰ মণিয়ে দেখে, কাণৰ কুহৰে শুনে;
পৰশি উমান লয়, নাকৰ বিন্ধাৰে শুঙে, জিভাৰে চেলেকি চায়,
আৰু খোজ কাঢ়ে, শুই থাকে, উশাহ- নিশাহ লয়,
সকলোটি নিজে আৰু বিভিন্ন অংগেৰে’..
মুক্তাকংকন আৰু নয়নঃ দুৰ্দান্ত, সৰল, বঢ়িয়া বঢ়িয়া..
ঋষিকৃষ্ণঃ ৰাধে! ৰাধে!!
মিশ্ৰঃ
‘ইহৈব তৈৰ্জিতঃ সৰ্গো যেষাং স্থিতং মনঃ।
নিৰ্দোষং হি সমং ব্ৰহ্ম তস্মাদ্ব্ৰহ্মণি তে স্থিতাঃ।।’
খাউন্ডঃ অৰ্থাৎ, যিসকলৰ মন সাম্যত স্থিত, তেওঁলোকৰ এই জন্মতেই সংসাৰ জয় হৈছে, নিৰ্দোষস্বৰূপ তেওঁলোকে ব্ৰহ্মতেই স্থিতি লাভ কৰিছে।
নয়নঃ খাউন্ড দা, ক’ৰবাত পঢ়িছিলো যে এই জন্মত শৰীৰ ত্যাগ কৰাৰ আগতে যিয়ে কাম-ক্ৰোধৰ পৰা উদ্ভুত হেচা সহ্য কযিব পাৰে, তেনে ব্যক্তিকেই যোগী বুলিব পাৰি।
খাউন্ডঃ আছে, তেনে শ্লোক গীতাত আছে। সন্ন্যাস যোগতেই আছে..
‘শক্নোতীহৈব যঃ সোঢুং প্ৰাক্ শৰীৰবিমোক্ষণাৎ।
কামক্ৰোধোদ্ভবং বেগং স যুক্তঃ স সুখী নৰঃ।।’
যোগীৰ বিষয়ে জানিবলৈ হ’লে পৰমহংস যোগানন্দদেৱৰ Autobiography of a Yogi খনৰ অঞ্জন শৰ্মাই কৰা অনুবাদ ‘এগৰাকী যোগীৰ আত্মজীৱনী’খনো পঢ়ি চাব পাৰা। যোগীৰ কৃচ্ছসাধনৰ উমান পাবা। এই যে এনেদৰে লগ হৈছো, গীতাৰ আলোচনা কৰিছো- কোনোবাদিনা জানো ভাবিছিলো? আমি ইয়াত গোট খোৱা সকলোৱেই কোনো নহয় কোনো জন্মত ইজনে সিজনক জানিছিলো। নহলে অসম্ভৱ! ইমান মানুহৰ। মাজত এইকেইজনেই বা কিয়? শ্ৰীযুত আনোৱাৰৰ নাম গীতাৰ আলোচনাত বাৰম্বাৰ আহিছে কিয়? ইছলাম ধৰ্মৰ মানুহ হৈও তেওঁ কিয় ভাৰতৰ বিভিন্ন স্থানৰ মানুহক মা-কামাখ্যা মন্দিৰলৈ লৈ যায়? শ্ৰীবসুমতাৰীৰ নাম গীতালোচনালৈ আহিল কিয়? শ্ৰীদিলদাৰ পাটগিৰি-চৰ্চা কিয় বাৰম্বাৰ – কাৰণ আগৰ কোনো জন্মতো তেওঁ নেওগ বা মিশ্ৰ আদিক জ্বালা দিছিল, এইবাৰো দি আছে! এই সমস্তৰ উত্তৰ আমি গীতাত পাম।
গণেশ শৰ্মাঃ কিন্তু গীতাৰ সৈতে কৰ’নাৰ কি সম্পৰ্ক? কৰ’নাপূৰ্ব সময়ত আমি এনেদৰে লগ হ’ম বুলি, তাকো গীতালোচনা কৰিম বুলি ভবা নাছিলো। মোক ঘৰতো সুধিছে – হঠাৎ গীতা @ কৰ’না!! কিয়?
খাউন্ডঃ তাৰে উত্তৰ দিব পৰা মানুহজন মৌনব্ৰতত আছে। হয়তো কৰ’নাক আমি এক নিগেটিভ এনাৰ্জি বুলি ধৰি ল’ব পাৰো, আগৰ কালৰ দৈত্য-অসুৰসদৃশ- অদৃশ্য, কিন্তু পজিটিভ এনাৰ্জিও আছে – সেই নিগেটিভ এনাৰ্জিৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া হিচাপে ভগৱানে শৰ্মা ডাঙৰীয়াৰ মাধ্যমেৰে আমাক এনেদৰে লগ লগাইছে – পজিটিভ এনাৰ্জিৰে নিগেটিভক নিষ্প্ৰভ কৰাবলৈ। গতিকে কৰ’নাৰ লগতো সম্পৰ্ক আছে। আপুনি অংশগ্ৰহণ নকৰো বুলিও ক’ব পাৰিলেহেতেন বা মোবাইলৰ পৰ্দাত ব্যস্ত হৈ থাকিব পাৰিলেহেতেন বা বেলেগৰ দোষ খুচৰি, বেলেগক ‘ইডিয়ট’ বা ‘গাহৰি’ বুলি মন্তব্য দি থাকিব পাৰিলেহেতেন! কিন্তু এনে আলোচনালৈ কিয়? নিজকে সোধক!
তনয়জিৎঃ একেবাৰে সচা কথা! মই নিজেই আচৰিত। আৰু এই সময়ত যদি নহ’লহেতেন, হয়তো কেতিয়াও নহ’লহেতেন! কাৰণ আমি busy, super-busy! কৰ’নাই প্ৰমাণ কৰি দিছে – তহত কিহৰ busy? তহঁত নহলেও পৃথিৱী ভালকৈ চলিব! হয়, পৃথিৱী ভালকৈয়ে চলি আছে, একেদৰেই প্ৰকৃতিয়ে আচৰণ কৰি আছে, আকাশ নিৰ্মল হৈছে, চৰাইবোৰ মুকলিকৈ উৰি আছে,…! এতিয়া প্ৰতিটো দিনেই ধৰিত্ৰী-দিৱস, মানুহ নাথাকিলেও পৃথিৱীৰ একো ক্ষতি নহয়। সেই কথা কৰ’নাই বুজাইছে। যদা যদাহি ধৰ্মস্য…..!
নেওগঃ এটা কথা বুজিলো যে যুগে যুগে কিছুমানে জ্বালা দিবলৈয়ে এই পৃথিৱীৰ বুকুলৈ আহে! কি হ’ব…!!
ঋষিকৃষ্ণঃ মিশ্ৰ ডাঙৰীয়া, বাহ্য বিষয়সমূহক বহিস্কৃত কৰি চকুহালক ভ্ৰূদ্বয়ৰ মাজত স্থাপন কৰি নাকৰ অভ্যন্তৰত বিচৰণশীল প্ৰাণ আৰু অপান বায়ুক স্থিৰ কৰি ইন্দ্ৰিয় – মন আৰু বুদ্ধিক সংযত কৰি মোক্ষপৰায়ণ তথা ইচ্ছা, ভয়, ক্ৰোধৰহিত হৈ মননশীল হৈ থাকিব পৰাজন সৰ্বকালেই মুক্ত।
খাউন্ডঃ সন্ন্যাস-যোগৰ এইবোৰেই মূল কথা।
আজিলৈ সামৰিম। অহাকালি ষষ্ঠ অধ্যায় ‘ধ্যান-যোগ’ সম্পৰ্কে আমি আলোচনা কৰিম।
সৰলঃ
‘যোগৰ সাধনা কৰে যথাযোগ্য আসনেৰে ঠিক এইদৰে,
মনক আঁতৰ কৰি জাগতিক বিষয়ৰ পৰা
দুচকুৰ দুয়োটা পাহিতে
ভূৰুৰ পিনলে’ চাই মণি দুটা হৈ থাকে থৰ,
নোসোমায় উশাহৰ বায়ু নোলায় নিশাহ নাকৰ বিন্ধাৰে।
# #
যোগৰ আসন কৰি যিবোৰ মুনিয়ে জানে জয় কৰি ল’ব
ৰিপুৰ দাহন, মন আৰু বুদ্ধিৰ চমক,
সিবোৰে সাধনা কৰে পৰম মুক্তিৰ
ত্যাগ কৰি সকলো বাসনা, ভয়- ভীতি, খঙৰ ভমক;
সিবোৰেই পায় জানা ব্ৰহ্মনিৰ্বাণৰ অন্তহীন আনন্দৰ পথ।
# #
মানুহে যেতিয়া জানে ময়েই গ্ৰহণ কৰোঁ ভোক্তাৰূপে
সকলো যজ্ঞৰ আৰু তপস্যাৰ আহুতি- অঞ্জলি,
জানা মোক ময়ে’ মহেশ্বৰ সকলো প্ৰাণীৰ
আৰু মই সিবোৰৰ পৰম সুহৃদ,
পায় জানা তেতিয়াই মহাজীৱনৰ আশিস- নিৰ্মালি।’
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ!!
খাউন্ডঃ আজি সামৰিলো।
প্ৰণাম। অহাকালি আমি আলোচনা কৰিম ষষ্ঠ অধ্যায়। অৰ্থাৎ, ধ্যানযোগ!
সকলোৱেঃ প্ৰণাম।
[ পঞ্চম অধ্যায় সমাপ্ত]
•••••••••••••••••••••••••••••••••••••••••••••••••
।। ওঁ ।।
০১/০৪/২০২০ (বুধবাৰ)
সময়ঃ ৰাতিপুৱা ৭ বজাত।
|| গীতা-আলোকপাত @ লক-ডাউন ||
ষষ্ঠ অধ্যায়
ধ্যানযোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীযুত গণেশ শৰ্মা
৮) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৯) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ অসমখনো ‘হাই এলাৰ্ট’ৰ মাজত সোমাই পৰিল। অসমলৈও অৱশেষত কৰ’না আহিল! আৰু ইয়াৰ লগতে সমগ্ৰ অসমতে সংক্ৰমণৰ কথাও জড়িত হৈ পৰিল। ই এক গভীৰৰো গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিল। চীনৰ ভয়ংকৰ সংক্ৰমণ হোৱাৰ পিছতেই, ইটালী-ইৰাণ- দক্ষিণ কোৰিয়া আদি দেশত কৰ’না সংক্ৰমণ হোৱাৰ পিছতেই ভাৰত চৰকাৰে কঠোৰ ব্যৱস্থা ল’লে দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাত আৰু অযোধ্যাৰ উৎসৱ (দুয়োটাই একেপ্ৰকাৰৰ জন-সমাৱেশ হোৱা অনুষ্ঠান) আদিৰ আয়োজনেই নহ’লহেতেন! কিন্তু অযোধ্যাৰ অনুষ্ঠানৰ কথা ভাবি( যদিও অযোধ্যাৰ মুখ্যমন্ত্ৰীয়ে অৱশেষত বন্ধ কৰিবলৈ বাধ্য হ’ল) সময়মতে হয়তো ভাৰত চৰকাৰে কঠোৰ সিদ্ধান্ত নললে; যাৰফলত নিজামুদ্দিনত সমাৱেশ হৈ গ’ল! এতিয়া অসমৰ পৰিস্থিতি ভয়ংকৰ। আমি সকলোৱে সজাগ হৈ থাকিব লাগিব আৰু সজাগ কৰিবও লাগিব। বেলেগ উপায় নাই।
আশাকৰো সকলোৱে কথাখিনি হৃদয়াঙ্গম কৰিবলৈ যত্ন কৰিব।…..
নেওগঃ অতিমাত্ৰা ধৰ্মীয় গূঢ়তা ,তাৰ আলমত কৰা ৰাজনীতিৰ পাশাখেল আৰু এইবোৰৰ সমান্তৰালকৈ গঢ় লৈ উঠা কিছুমান নাভুত – নাশ্ৰুত অন্ধবিশ্বাসেই সকলো অথন্তৰৰ মূল ৷ নিজামুদ্দিনৰ তবলিগি জামাতৰ আয়োজক বা অযোধ্যাৰ ৰাম নৱমী মেলাৰ আয়োজক……চাবলৈ গ’লে কোনোৱেই কোনোতকৈ কম নহয় ৷ তবলিগিয়ে লক ডাউনৰ (১৩ মাৰ্চ-১৫ মাৰ্চ) আগতেই ইজটেমাৰ আয়োজন কৰি কৰ’নাৰ বোমাটো ফুটাই দিলে আৰু অযোধ্যাৰ আয়োজক সকলে ৰাম নৱমীৰ মেলাৰ বোমাটো অৱশেষত নুফুটাও বুলি কাণে কাণ মাৰি যোৱা ২১ মাৰ্চ ( য’ত ২১ মাৰ্চলৈকে ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ২৩৬ চুইছিল গৈ) তাৰিখে ঘোষণা কৰি দিলে প্ৰচণ্ড হেচাঁত ( নহ’লে নাকী লগোৱা টান আছিল) !…
মুক্তাকংকনঃ মাত্ৰ কেইদিনমানৰ আগতে বাতৰিকাকতত ওলাইছিল -‘The Uttar Pradesh government is choosing tradition over expert advice and pushing ahead with the millennia-old Ayodhya Ram Navami Mela despite the coronavirus pandemic. The mela (fair), which draws lakhs of pilgrims from across the country, will be held from 25 March to 2 April…!!’
খাউন্ডঃ এতিয়া আমি মূল কথালৈ আহো। আজি আমাৰ বিষয় হ’ল গীতাৰ ধ্যান-যোগ। আমি আগবাঢ়োহক…
জপ কৰি কৰি ধ্যানত তন্ময়তা লাভ কৰি সমাধি লাভ কৰিব পাৰিলে ভগৱান প্ৰাপ্তি হয়। নিষ্কাম কৰ্মই চিত্তক ধ্যানৰ উপযোগী কৰি গঢ়ি তোলে। নিষ্কাম কৰ্ম কৰি কৰি যেতিয়া এনে এক অৱস্থা লাভ হয় যে ধৈৰ্য আৰু একোৱেই নষ্ট কৰিব নোৱাৰে, সকলো অৱস্থাতেই আমি অটুত ধৈৰ্যশীল হৈ থাকিব পাৰো – তেতিয়াই বুজিব পাৰি যে ধ্যানৰ ভিত্তি প্ৰস্তুত হৈছে। গীতাৰ ষষ্ঠ অধ্যায় অনুশীলন সাধকৰ নিত্য পাঠ হোৱা উচিত। ষষ্ঠ অধ্যায়ৰ প্ৰথম শ্লোক হ’ল —
শ্ৰীকৃষ্ণই কৈছিল:
অনাশ্ৰিতঃ কৰ্মফলং কাৰ্যং কৰ্ম কৰোতি যঃ।
স সন্ন্যাসী চ যোগী চ ন নিৰগ্নিৰ্ন চাক্ৰিয়ঃ।।
অৰ্থাৎ, কৰ্মফলৰ আশ্ৰয় নকৰি যিয়ে নিজৰ কৰ্তব্য কৰ্ম কৰি যায়, তেওঁৱেই যোগী, তেওঁৱেই সন্ন্যাসী। কেৱলমাত্ৰ কৰ্মত্যাগী ব্যক্তিয়েই সন্ন্যাসী নহয়।
ঋষিকৃষ্ণঃ বাল গঙ্গাধৰ তিলকে কৈছিল যে – ‘নৰ কৰণী কৰে তো নৰ নাৰায়ণ হোয়’, অৰ্থ হ’ল, মানুহে যদি কৰ্তব্য কৰ্ম কৰে – তেতিয়া তেওঁ নাৰায়ণক লাভ কৰে। যিকোনো এটা আদৰ্শক ধৰি সংসাৰত থাকিব লাগে, শত বিৰুদ্ধতাতো আদৰ্শক ত্যাগ কৰিব নাপায়। যিকোনো আদৰ্শক ধৰি আগবাঢ়োতে বহু ত্যাগ স্বীকাৰ কৰিব লাগে, আনকি ভোগ – বাসনাও ত্যাগ কৰিব লাগে। ত্যাগেই নিষ্কাম কৰ্মৰ প্ৰাণ। অন্তৰত ত্যাগ থাকিলে চিত্ত বৰ্হিমুখী নহৈ লাহে লাহে অন্তৰ্মুখী হৈ পৰে আৰু ধ্যানত তন্ময়তা লাভ কৰে। ধ্যানত তন্ময়তা লাভ কৰিলে ভগৱানক লৈয়েই সন্ন্যাসী বা সাধক মত্ত হৈ থাকে, তাতেই পৰমানন্দ লাভ কৰে, তাতেই তৃপ্ত হয়, মনটোৱে বাহ্যিক ভ্ৰমণ সমাপ্ত কৰি আত্মাতেই বিশ্ৰাম লয়, আৰু সংসাৰৰ কোনো কাৰ্য অৱশিষ্ট নাথাকে।
খাউন্ডঃ সুন্দৰ ব্যাখ্যা। ধন্যবাদ ঋষিকৃষ্ণ। নামটোতেই সকলো সোমাই আছে –‘ ঋষি’ও সোমাই আছে, ‘কৃষ্ণ’ও আছে, কি অদ্ভুত! সন্ন্যাসযোগ আৰু কৃষ্ণ, আৰু ঋষিকৃষ্ণ!!
তনয়জিৎঃ কৃষ্ণ! কৃষ্ণ!
নয়নঃ মুনিকৃষ্ণ- দাৰ নামটো ল’লেই পূণ্য হয়।
নেওগঃ সেইবিলাক সকলো বুজিলো, কিন্তু এই যে এটা আদৰ্শক ধৰি আগবঢ়াৰ কথা কৈছে, বাস্তৱত সম্পূৰ্ণ বিপৰীত দেখি থাকো কিয়!
মিশ্ৰঃ যেনে?
নেওগঃ যেনে!! আপুনি নাজানে!? বছৰৰ পিছত বছৰ ‘ৰাজীৱ ভৱন’ত থাকি যতৰত সূতা কাটি কাটি মূৰত গান্ধীটুপী পিন্ধি পিন্ধি হঠাৎ সেই আদৰ্শ বাদ দি হেঙেৰাবাৰীৰ ‘বাজপায়ী ভৱন’লৈ গৈ আগৰ আদৰ্শৰ বিষয়ে মনতেই নাই – ইফালে সন্ন্যাসৰ কথাও কয়! আমবাৰীৰ দুজনমানেও হেঙেৰাবাৰীলৈ জোৰণ দিবলৈ গৈছিল, সেইবোৰ দেখি দেখি বিৰক্তি আহে। মন একাগ্ৰ নহয়। …
মুক্তাকংকনঃ নেওগ দা, আপুনি কিন্তু এঠাইতে আছে, আমি দেখি আছো। আপুনি আদৰ্শচ্যুত হোৱা নাই।
ঋষিকৃষ্ণঃ নেওগ ডাঙৰীয়া, আপুনি অধৈৰ্য নহব। আজি ১ এপ্ৰিল, সকলোৱে ‘এপ্ৰিল ফুল’ৰ দিন বুলি কয়; এওঁলোকে সমগ্ৰ জীৱনকাল মানুহক এপ্ৰিল ফুল কৰি থাকে – কিন্তু লগত কি লৈ যাব? দুৰ্যোধনৰ কি হ’ল!!
সৰলঃ ঠিকেই। আমিও বহুতকে দেখিলো।
খাউন্ডঃ কৃষ্ণই পুনৰ ক’লে, হে পান্ডব! শাস্ত্ৰত যাক সন্ন্যাস বুলি কয়, সিয়েই যোগ।
প্ৰথম কথা, নিষ্কামভাৱে কৰ্ম নকৰিলে চিত্তশুদ্ধি নহয় আৰু অলসতা তমোগুণৰেই নামান্তৰ। গতিকে পৰম উদ্যমেৰে নিষ্কাম কৰ্ম কৰি যাব লাগে।
‘যদা হি নেন্দ্ৰিয়াৰ্থেষু ন কৰ্মস্বনুষজ্জতে।
সৰ্বসংকল্পসন্ন্যাসী যোগাৰূঢ়স্তদোচ্যতে।।’
অৰ্থাৎ, সাধকে যেতিয়া ইন্দ্ৰিয়ভোগ – কৰ্মভোগত আসক্ত নহয়, তেতিয়া সেই সৰ্বসংকল্পত্যাগী পুৰুষক যোগাৰূঢ় বুলি কোৱা হয়।
‘উদ্বৰেদাত্মনিত্মানং নাত্মানমবসাদয়েৎ।
আত্মৈব হ্যাত্মনো বন্ধুৰাত্মৈব ৰিপুৰাত্মনঃ।।’
অৰ্থাৎ,……
নয়নঃ দাদা, এইখিনি কালি নিশা অলপ পঢ়ি টুকি আনিছো, পঢ়ো নেকি?
খাউন্ডঃ উত্তম।
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ!
নয়নঃ ‘ভোগতেই মজি থকা আত্মাক উদ্ধাৰ কৰে মাথোন আত্মাই,
আত্মা সি যে অজেয় শক্তিৰ, নকৰিবা আত্মাক দমন;
মানুহৰ দুটি আত্মা: জীৱন সন্ধানী আৰু ভোগৰ পিয়াসী,
আত্মাই আত্মাৰ বন্ধু, আত্মাই আত্মাৰ শত্ৰু জানিবা পৰম।’
নেওগঃ ইয়াৰ অৰ্থ কি?
মুক্তাকংকনঃ মিশ্ৰ দাই ভালকৈ ক’ব পাৰিব। কিন্তু মই বুজামতে, আমি নিজেই নিজকে উদ্ধাৰ কৰিব লাগিব। আমি নিজেই নিজৰ মিত্ৰ, নিজেই নিজৰো শত্ৰু। মন নানাধৰণে ভগৱৎ সাধনাৰ পৰা আতৰি আহিব বিচাৰে। অলসতাই ইয়াৰ মূল কাৰণ। গতিকে নিজৰ ওচৰত হাৰ মানিলে নহ’ব। বহু সময়ত অভিমান কৰি আমি সাধনাত উৎসাহহীন হৈ পৰো। গতিকে অদম্য উৎসাহেৰে মনৰ এনে নিৰ্বেধ অৱস্থাক জয় কৰিব লাগিবই।…
খাউন্ডঃ সুন্দৰ, মুক্তা, অতি সুন্দৰ! অনুপম ব্যাখ্যা তোমাৰ।
আত্মজয়ী প্ৰশান্তচিত্ত পুৰুষে শীত-উষ্ণ, সুখ-দুঃখ, মান-অপমান ইত্যাদি সকলোতে সম্যকৰূপে স্থিৰ হৈ থাকে।যি সুহৃদ-শত্ৰু-মিত্ৰ সম্পৰ্কে উদাসীন আৰু মধ্যস্থ-দ্বেষী-বন্ধু-সাধু-পাপী সকলোকে সমান জ্ঞান কৰে, তেওঁ প্ৰকৃতপক্ষে শ্ৰেষ্ঠ।
সৰলঃ অৰ্থাৎ, ‘কোভিড-১৯’ৰ দৰে হ’ব লাগিব, ৰজা- প্ৰধানমন্ত্ৰী- স্বাস্থ্য মন্ত্ৰী-ইউৰোপ-আমেৰিকা-ক’লা-বগা-ধনী -দুখীয়া একোকেই চোৱা নাই; সমান জ্ঞান!
মুক্তাঃ এইটো দিলা আৰু! Mind blowing প্ৰাঞ্জল, Fantastic!
গণেশ শৰ্মাঃ ‘কোভিড-১৯’ৰ আৱিৰ্ভাৱেই আমাৰ গীতালোচনাৰ মূল কাৰণ, নহ’লে এনে বৈঠকত বহাৰ সময় ক’ত! আজি যে ষষ্ঠ অধ্যায় পালো, সেয়া ভাগ্য! অঞ্জনে যে এই ব্যৱস্থা এটা কৰি আমাক লগ লগাইছে- কি বুলি যে ধন্যবাদ দিম ভাবি পোৱা নাই।
মিশ্ৰঃ মইও তাকেই কালি পৰিবাৰক কৈছো – জীৱনৰ এই দিনকেইটা মনত থাকিব; ‘লক-ডাউন’, কৰ’না – এইবোৰৰ আতংক আৰু অশান্তি আমাৰ মনলৈ অহা নাই। কেনেকৈ যে পাচটা অধ্যায় পাৰ হৈ গ’ল!!
খাউন্ডঃ এতিয়া আসনৰ কথালৈ আহিম।
শুচৌ দেশে প্ৰতিষ্ঠাপ্য স্থিৰমাসনমাত্মনঃ।
নাত্যুচ্ছিতং নাতিনীচং চৈলাজিনকুশোত্তৰম্।
অৰ্থাৎ, বিশুদ্ধ নাতিউচ্চ, নাতিনিম্ন স্থানত প্ৰথমে কূশ, তদুপৰি মৃগচৰ্ম, তদুপৰি পশমী বা ৰেশমী বস্ত্ৰৰ দ্বাৰা নিজৰ আসন সুস্থিৰভাৱে স্থাপন কৰিব লাগে। আসন স্থাপন হোৱাৰ পিছত আসনখনত বহি একান্তমনে উদ্বেগ শূণ্য চিত্তে জপ কৰিব লাগে। শ্ৰদ্ধা,বিদ্যা, উপনিষদৰ দ্বাৰা জপ কৰিব লাগে। ‘বিদ্যা’ মানে মন্ত্ৰৰ অৰ্থ শ্ৰীগুৰুৰ মুখেৰে জ্ঞাত হোৱা। ‘অ’ শব্দৰ অৰ্থ হ’ল শ্ৰীভগৱান। ’উ’ শব্দৰ অৰ্থ হ’ল শ্ৰীগুৰু। ‘ম’ শব্দৰ অৰ্থ হ’ল ‘শিষ্য’। অৰ্থাৎ ‘অ-উ-ম’ বা ‘ওঁ’ ৰ অৰ্থ হ’ল শ্ৰীগুৰুৱে আমাক নিজহাতেৰে ভগৱানক সমৰ্পিত কৰি দিছে আৰু ভগৱানে আমাক আত্মসাৎ কৰি লৈছে। ‘উপনিষদ’ হ’ল জপ কৰাৰ কৌশল সম্পৰ্কে জ্ঞাত হোৱা।
এইসম্পৰ্কে নিজৰ নিজৰ গুৰুৱে ভালদৰে বুজাই দিব আৰু সেইমতে ব্যৱস্থা কৰিব লাগিব।
সৰলঃ যাৰ গুৰু নাই?
ঋষিকৃষ্ণঃ ভগৱানে পথ দেখুৱাব, শ্ৰীগুৰুৱে সময়ত নিজে প্ৰকট হ’ব – কিন্তু নিজৰো প্ৰৱল আগ্ৰহ লাগিব। এইবিষয়ে খাউন্ড দাৰ লগত পিছত ভালদৰে কথা পাতি ল’লে বুজাই দিব।
খাউন্ডঃ সেই আসনত বহি মনক একাগ্ৰ কৰি চিত্ত আৰু ইন্দ্ৰিয়ৰ ক্ৰিয়া ৰোধ কৰি আত্মশুদ্ধিৰ বাবে যোগ অভ্যাস কৰিব লাগে। শৰীৰ, মূৰ, ডিঙি সমান আৰু অচলভাৱে ৰাখি স্থিৰ হৈ নিজৰ নাকৰ সন্মুখভাগৰ বা আগভাগৰ সম্যক দৰ্শন কৰিব লাগে অইন দিশবোৰলৈ অৱলোকন নকৰাকৈ।
যেতিয়া চিত্ত সংযত হৈ আত্মাত অৱস্থান কৰে, তেতিয়া সকলো প্ৰকাৰৰ কাম্যবস্তুৰ প্ৰতি স্পৃহাশূণ্য পুৰুষকেই যোগী বোলা হয়।
‘যথা দীপো নিবাতস্থো নেঙ্গতে সোপমা স্মৃতা।
যোগিনো যতচিত্তস্য যুঞ্জতো যোগমাত্মনঃ।।’
অৰ্থাৎ,…….
নয়নঃ যুক্ত হয় যিজনৰ যোগৰ সাধনা পৰম – আত্মাৰ স’তে,
সিজনৰ জীৱনৰ আছে এটি ধুনীয়া উপমা —
নকঁপা শিখাৰ দৰে জ্বলি থকা শলিতাৰ এগছি চাকিৰ
নেলাগেহি য’ত বৈ অহা দখিনাৱৰীৰ বা’।
মুক্তাকংকনঃ ৱা:, ৱা:, Exceeeeelent..!
খাউন্ডঃ অৰ্থাৎ, যিদৰে বায়ুশূণ্য স্থানত স্থিত দীপশিখা বিচলিত নহয়, আত্মবিষয়ক যোগ অভ্যাসকাৰী সংযতচিত্ত যোগীপুৰুষৰ সম্বন্ধে সেয়া কোৱা হৈছে। ইয়াৰ পিছত এনে বহু নিয়ম-নীতি আদিৰ কথা কৈ শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে- হে অৰ্জুন, যিজনে সুখক অথবা দুঃখক নিজৰ সৈতে তুলনা কৰি সকলোৰে মাজতে সমভাৱে দেখে, সেই যোগী শ্ৰেষ্ঠ।
গণেশ শৰ্মাঃ তেতিয়া অৰ্জুনে কৈছিল, হে মধুসূদন, তোমাৰ দ্বাৰা এই যি সমতাৰূপ যোগ উক্ত হ’ল, মনৰ চঞ্চলতাৰ হেতু মই এইবোৰক স্থিৰভাৱে দেখা সম্ভৱ হোৱা নাই। হে সখা কৃষ্ণ, যিহেতু মন চঞ্চল, বলবান, দৃঢ়, গতিকে মই সেইসমূহৰ দমন বায়ুৰে হোৱাটো দুষ্কৰ বুলি ভাবো। গতিকে এনে সুন্দৰ অৱস্থা আমি পাম কিদৰে? মন শান্তই নহয়! সকলো সময়তে বায়ুক একেস্থানত নিৰোধ কৰা যিদৰে। দু:সাধ্য, একেদৰে মনকো স্থিৰ কৰাটো দুষ্কৰ!
ঋষিকৃষ্ণঃ কথাটো হয় , মনটোক শান্ত কৰা বৰ দু:সাধ্য। নেওগ ডাঙৰীয়াই পাৰে নে?
নেওগঃ মোৰ মন কিদৰে শান্ত হ’ব ? আপুনি যে ভাবিছে, সেয়াই আশ্বৰ্য! ইমান জ্বালা। কি ক’ম আপোনাক! মিশ্ৰ ডাঙৰীয়া হে শান্ত সমাহিত, ৰাস্তাৰ বাওঁফালে খোজ কাঢ়ি যাওতেও হেলমেট পিন্ধি যায়…..হাঃ হাঃ ..!
খাউন্ডঃ অৰ্জুনৰ সেই প্ৰশ্নৰ উত্তৰ শ্ৰীকৃষ্ণই দিছিল – হে অৰ্জুন, মন দুৰ্নিৰোধ্য আৰু চঞ্চল, সেইসম্পৰ্কে সন্দেহ – সংশয় নাই। কিন্তু অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা নিৰোধ কৰা সম্ভৱ।
তেতিয়া অৰ্জুনে পুনৰাই সুধিলে–
‘অযতিঃ শ্ৰদ্ধয়োপেতো যোগাচ্চলিতমানসঃ।
অপ্ৰাপ্য যোগসংসিদ্ধিং কাং গতিং কৃষ্ণ গচ্ছতি।।’
অৰ্থাৎ, হে কৃষ্ণ, শ্ৰদ্ধাসহকাৰে যোগসাধনত প্ৰবৃত্ত যত্নহীন ব্যক্তি যোগৰ পৰা ভ্ৰষ্টচিত্ত হৈ যোগসংসিদ্ধি লাভ নকৰিলে কি গতি ষষ্ঠ প্ৰাপ্ত হয়?
তনয়জিৎঃ তেতিয়া ভগৱানে ক’লে–
‘হ’ব পাৰে যোগভ্ৰষ্ট, তথাপি সিবোৰ নহয় দুৰ্গতিগ্ৰস্ত
ইহকাল পৰকাল কোনোটো কালতে;
কাৰণ যিবোৰে সঁচাই আৰম্ভ কৰে কিবা শুভকাৰ্য,
ব্যৰ্থতাত হ’লেও সমাপ্তি তাৰ
মুখামুখি নহয় সিবোৰ কাহানিও কোনো বিনাশৰ।’
মুক্তাকংকনঃ ( বিভোৰ হৈ পৰা দেখা যায়) কৃষ্ণ! কৃষ্ণ!!
ঋষিকৃষ্ণঃ ৰাধে! ৰাধে!!
খাউন্ডঃ তাৰোপৰি কৃষ্ণই ক’লে যে যোগভ্ৰষ্ট ব্যক্তিয়ে পুণ্য কৰ্মকাৰীসকলৰ লোকসমূহ প্ৰাপ্ত হৈ বহু বছৰ বাস কৰি পুনৰ শুদ্ধাচাৰী স্বচ্ছল গৃহত জন্ম লাভ কৰে বা জ্ঞানবান যোগীসকলৰ কুলত জন্ম হয় – যি জন্ম অতি দুৰ্লভ। সেই নতুন জন্মত পূৰ্বজন্মাৰ্জিত বুদ্ধি-জ্ঞান পুনৰ সংযোগ হয় আৰু তেওঁ পুনৰ সম্যক সিদ্ধিলাভৰ বাবে চেষ্টা কৰে। যত্নশীল যোগীয়ে প্ৰকৃষ্ট যত্নৰ দ্বাৰা নিষ্পাপ হৈ অনেক জন্মত সিদ্ধমনোৰথ হৈ পৰাগতি প্ৰাপ্ত হয়।
মিশ্ৰঃ সাধনাৰ বাধা ন প্ৰকাৰৰ। ইয়াক যোগ প্ৰতিবন্ধক বুলিও কয়। এইবোৰ হ’ল – ব্যাধি, স্ত্যান(মানসিক দুৰ্বলতা), সংশয়, প্ৰমাদ, আলস্য, অবিৰতি, ভ্ৰান্তিদৰ্শন, অলব্ধভূমিকত্ব আৰু অনবস্থিতত্ত্ব।
নেওগঃ খাউন্ড ডাঙৰীয়া, ‘বেদোজ্জ্বল’ শব্দৰ অৰ্থ কি? বেদসমূহৰ জ্যোতিৰে উজ্জ্বল নে কি?
খাউন্ডঃ হঠাৎ ‘বেদোজ্জ্বল’ শব্দৰ অৰ্থ? চাব লাগিব!
নেওগঃ ঠিক আছে, আপুনি আগবাঢ়ক। মই মিশ্ৰ ডাঙৰীয়াক পিছত সুধি ল’ম। তলে তলে প্ৰগাঢ় জ্ঞানৰ জ্যোতি লৈ বহি আছে তেওঁ, গমকেই দিয়া নাই…!
খাউন্ডঃ অলব্ধভূমিকত্ব হ’ল – দীৰ্ঘকালীন ভগৱানক সাধনা কৰাৰ লগতে কিছু ত্যাগ কৰাৰ পিছত সাধাৰণ মানুহে সাধকক যেতিয়া পূজা কৰিবলৈ আৰম্ভ কৰে আৰু সাধকেও সাধনা সম্পূৰ্ণ হোৱা বুলি যদি সাধনা ত্যাগ কৰে – তাকেই অলব্ধভূমিকত্ব বোলা হয়। ‘অনবস্থিতত্ত্ব’ হ’ল সাধন ভূমি লাভ কৰিও তাত লাগি থাকিব নোৱাৰা।
কৃষ্ণই ক’লে – হে অৰ্জুন! যোগীসকল তপস্বীসকলতকৈ শ্ৰেষ্ঠ, জ্ঞানীতকৈও শ্ৰেষ্ঠ, কৰ্মীতকৈও শ্ৰেষ্ঠ, গতিকে – তুমিও যোগী হোৱা!
এইসম্পৰ্কে ইংৰাজীতো ভাঙনি সুন্দৰভাৱে কৰা আছে, ক’ৰবাত পঢ়িছিলো…
মুক্তাকংকনঃ আছে খাউন্ড দা, এনেদৰে আছে -‘ A yogi is greater than the ascetic, greater than the empiricist and greater than the fruitive worker. Therefore, O Arjuna, in all circumstances, be a Yogi!’
খাউন্ডঃ ধন্যবাদ মুক্তা। বহুত ধন্যবাদ।
মুক্তাকংকন, সৰল, তনয়জিৎ,নয়ন, ঋষিকৃষ্ণ, মিশ্ৰ, নেওগ, শৰ্মা, এতিয়া আমি অন্তিম শ্লোকটোৰে ধ্যানযোগ অধ্যায় সমাপ্ত কৰিম —
‘যোগিনামপি সৰ্বেষাং মদগতেনান্তৰাত্মনা।
শ্ৰদ্ধাবান্ ভজতে যো মাং স যুক্ততমো মতঃ।।’
অৰ্থাৎ, সমস্ত যোগীসকলৰ মাজতো শ্ৰদ্ধান্বিত হৈ সমাহিত অন্তঃকৰণেৰে যিয়ে মোক ভজে, তেওঁ শ্ৰেষ্ঠতম যোগী – এয়েই মোৰ মত।
সৰলঃ ‘সকলো যোগীৰ মাজত যিজনে মোকেই ভজনা কৰে
অনন্ত শ্ৰদ্ধাৰে হৃদয় উজাৰ কৰি,
মোতেই উছৰ্গা কৰে যিজনে নিজকে পৰিপূৰ্ণভাবে,
দিওঁ মই তেওঁকেই বৰণ-অঞ্জলি যোগীশ্ৰেষ্ঠ বুলি।’
মুক্তাকংকনঃ সুন্দৰ। অতি সুন্দৰ।
ঋষিকৃষ্ণঃ ৰাধে! ৰাধে!!
খাউন্ডঃ সকলোকে প্ৰণাম। আজি ইমানতে শেষ কৰিলো।
অহাকালি সপ্তম অধ্যায়। অৰ্থাৎ, জ্ঞান-বিজ্ঞান যোগ।
আজিৰ পৰা সকলোৱে ঘৰতেই যি পাৰে প্ৰসাদ বিতৰণ কৰিলে ভাল। ওচৰ চুবুৰীয়াকো দিব পাৰে। প্ৰসাদৰ অৰ্থ ‘লক-ডাউন’ৰ পটভূমিত কিছু সুকীয়া। কোনোবাৰ ঘৰত চাউলৰ অভাৱ, পাৰিলে অলপ চাউল, কাৰোবাক দাইল -তেল-আলু এইবোৰেই প্ৰসাদ।
।ওঁ।
অহাকালিও সময় একেই থাকিব। প্ৰণাম।
সকলোৱেঃ প্ৰণাম।
।। ষষ্ঠ অধ্যায় সমাপ্ত।।
••••••••••••••••••••••••••••••••••••••••••••••••
।। ওঁ ।।
০২/০৪/২০২০ (বৃহস্পতিবাৰ)
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা- আলোকপাত@ লক-ডাউন||
সপ্তম অধ্যায়
জ্ঞান-বিজ্ঞান যোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
৯) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ আজি গীতাৰ সপ্তম অধ্যায়, অৰ্থাৎ আজি আমি কৰ’নাজনিত ‘লক-ডাউন’ৰ পটভূমিত সপ্তম দিনা একেলগ হৈছো। আজি যিগৰাকী পৰম কৰুণাময় ঈশ্বৰৰ কৃপাত আমি একেলগ হৈ গীতালোচনা কৰিবলৈ সক্ষম হৈছো, সেই নেদেখাজনলৈ শতকোটি প্ৰণাম জনাইছো আৰু নেদেখা ‘কোভিড-১৯’ ভাইৰাছৰ পৰাও সকলোকে সাৱধানে থাকিবলৈ অনুৰোধ জনাইছো। সমগ্ৰ বিশ্বত আজি ৯০৩৭৭৯ গৰাকী ব্যক্তি কৰ’না – আক্ৰান্ত। ইতিমধ্যে ৪৫৩৩৪ জনৰ মৃত্যু হ’ল।
শান্ত- সমাহিত হৈ থকা অসমৰ পৰিস্থিতিও হঠাৎ অতি উদ্বেগজনক হৈ পৰিল। জানুৱাৰী মাহতেই দিল্লীত কৰ’না পজিটিভ ব্যক্তিৰ সন্ধান ওলোৱাৰ পিছতো আৰু ১২ মাৰ্চত দিল্লীত সামাজিক সমাৱেশ নিষিদ্ধ কৰাৰ পিছতো নিজামুদ্দিনৰ তবলিগি জামাতত কিদৰে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বীৰ সমাৱেশ হ’ল – কিয় দিল্লীৰ পুলিচ নিৰ্লিপ্ত হৈ থাকিল, সুদীৰ্ঘ মাৰ্চ মাহলৈ কিয় লক-ডাউন কৰা নহ’ল, কিয় এনেদৰে জন-সমাৱেশ অনুষ্ঠিত কৰিবলৈ দিয়া হৈ থাকিল – এইবোৰ মৌলিক প্ৰশ্নৰ উত্তৰ যিয়েই নহওক, সেই সমাৱেশত উপস্থিত থকা অসমৰ ৫৪৭ জনৰ ভিতৰত এতিয়াও ১১৭ জনে আত্মগোপন কৰি আছে, তথা অসমলৈ উভতি অহা সকলৰ তথা তেওঁলোকৰ দ্বাৰা সংক্ৰমিত হৈ যোৱাকালি সন্ধিয়ালৈ ১৩ জন আৰু আজি পুৱা পুনৰ ৩ জন কৰ’না পজিটিভৰ সন্ধান পোৱাৰ পিছত এতিয়ালৈ মুঠ ১৬ জন অসমত কৰ’না পজিটিভ হ’ল। ইয়ালৈ লক্ষ্য কৰিলেই, আৰু তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ কিমান হাজাৰ মানুহৰ সৈতে সংস্পৰ্শলৈ গ’ল আৰু তাৰফলত পৰিস্থিতি কেনে হৈ পৰিল – চিন্তা কৰিলেই ভয়াবহতাৰ উমান পোৱা যায়। গতিকে নিজে সাৱধান হৈ থাকিব লাগিব আৰু সকলোকে সাৱধান কৰিব লাগিব। সন্দেহজনক সকলৰ আৰু তেওলোকে সন্দেহজনক কৰি তোলা সকলৰ বিষয়েও যিসকলে জানে বা জ্ঞাত হ’ব – সংশ্লিষ্ট বিভাগক অৱগত কৰাব লাগিব। সেইবাবেই, ‘সন্দেহজনক’ লোকৰ পৰা শাক-পাচলি, মাছ বয়-বস্তু নিকিনিব তথা কাষলৈ আহিব নিদিব, নিজেও কাষ নাচাপিব। চাবোনেৰে হাত ধুই থাকক। সাৱধান হৈ থাকক, ঘৰতে থাকক।
এতিয়া আমি আমাৰ গীতালোচনালৈ আগবাঢ়ি যাওঁহক ….
নিষ্কাম কৰ্মযোগৰ অনুষ্ঠানৰ স’তে জপ-ধ্যানৰ মাধ্যমেৰে সাধকে যেতিয়া শ্ৰীভগৱানৰ আশীষ লাভ কৰে শ্ৰীভগৱানক হৃদয়মন্দিৰত পাবলৈ, তেতিয়া সাধকে যি সৰ্বসংশয়ৰহিত জ্ঞান লাভ কৰে – সেই জ্ঞানৰ বিষয়েই শ্ৰীকৃষ্ণই এই অধ্যায়ত বৰ্ণনা কৰিছে–
‘ জ্ঞানং তেহহং সবিজ্ঞানমিদং বক্ষ্যাম্যশেষতঃ।
যজ্জ্ঞাতা নেহ ভূয়োহন্যজ্ জ্ঞাতব্যমবশিষ্যতে।।’
অৰ্থাৎ, বিজ্ঞানৰ সৈতে এই জ্ঞান মই সম্পূৰ্ণৰূপে তোমাক অৱগত কৰিম – যি জ্ঞান জ্ঞাত হ’লে তোমাৰ শ্ৰেয়লাভ সম্পৰ্কে পুনৰাই অন্য জ্ঞাতব্য বিষয় অৱশিষ্ট নাথাকিব।
ঋষিকৃষ্ণঃ জ্ঞান আৰু বিজ্ঞান একেই নহয় নেকি?
খাউন্ডঃ গীতাত ভগৱানে যি কৈছে সেয়া হৃদয়াঙ্গম কৰিবলৈ হ’লে আমি বুজিব লাগিব যে জ্ঞান হ’ল শ্ৰীগুৰুৱে দিয়া জ্ঞান বা গ্ৰন্হ পঢ়ি বা শ্ৰৱণ কৰি লাভ কৰা জ্ঞান। এই যে মই কৈ আছো আৰু এই ‘লকডাউন’ৰ সময়ত ধৈৰ্য ধৰি সকলোৱে শুনি আছে – সেয়া হ’ল শ্ৰৱণযোগে লভা জ্ঞান। কিন্তু বিজ্ঞান হ’ল অনুভৱজাত জ্ঞান। অগ্নিয়ে দাহ কৰে – ইয়াক সাধাৰণভাৱে জনাটো হ’ল জ্ঞান, কিন্তু শৰীৰত জুই লাগিলে যি জ্বলনৰ জ্ঞান অনুভৱ হয় – সেয়া বিজ্ঞান। শ্ৰীভগৱান আছে বুলি জনাটো জ্ঞান আৰু তেওঁক প্ৰত্যক্ষভাৱে অনুভৱ কৰাৰ নাম বিজ্ঞান।
‘মনুষ্যাণাং সহস্ৰেষু কশ্চিদ্ যততি সিদ্ধয়ে।
যততামপি সিদ্ধানাং কশ্চিন্মাং বেত্তি তত্ত্বতঃ।।’
অৰ্থাৎ, সহস্ৰ মানুহৰ মাজত কোনো এজনেহে সিদ্ধিৰ বাবে চেষ্টা কৰে, সেই যত্নশীল সিদ্ধসমূহৰ মাজৰ কোনোজনে মোৰ তত্ত্ব সম্পৰ্কে অৱগত হয়।
মুক্তাকংকনঃ খাউন্ড দা, মই এইখিনি মোৰ ডায়েৰীত টুকি থৈছো -‘ Out of many thousands among men, one may endeavour for perfection, and of those who have achieved perfection, hardly one knows Me in truth.’
মিশ্ৰঃ মুক্তা হ’ল ‘চুপা ৰুস্তম’# তলে তলে কেতিয়াবাই পকি আছে#
নেওগঃ আপুনি? আপুনিও কম নহয় দিয়কচোন, সকলো ‘বেদ’ অধ্যয়ন সৰুৰে পৰাই আপোনাৰ ‘ব্ৰত’ হেতুকে আপোনাৰ নাম লোৱা আৰু চাৰিখন বেদ পিঠিত কঢ়িওৱা একেই কথা! দেখিলে গমেই নাপায়!
খাউন্ডঃ শ্ৰীকৃষ্ণই ক’লে – পৃথিৱী, জল, তেজ, বায়ু, আকাশ, মন, অহংকাৰ, বুদ্ধি – এই আঠবিধ ভেদ বিশিষ্ট প্ৰকৃতি ময়েই।
তনয়জিৎঃ দাদা, একমিনিট লৈছো…
‘প্ৰথমতে শুনা মোৰ ৰূপহীন প্ৰকৃতিৰ অৰূপ ৰূপৰ কথা;
মাটি, পানী, জুই, বায়ু আৰু আকাশৰ স’তে
মন, বুদ্ধি আৰু মই-বোধ
— এই আঠোটা বিষয় আছে মোৰ প্ৰকৃতিৰ।’
খাউন্ডঃ উত্তম! অতি উত্তম!!
ঋষিকৃষ্ণঃ ৰাধে! ৰাধে!!
নয়ন আৰু সৰলঃ। কৃষ্ণ! কৃষ্ণ!
খাউন্ডঃ শ্ৰীকৃষ্ণই ক’লে, হে মহাবাহু! কিন্তু এই প্ৰকৃতি অপৰা প্ৰকৃতি; ইয়াতকৈ মোৰ অন্যৰূপৰ জীৱৰূপা প্ৰকৃতিক শ্ৰেষ্ঠ বুলি জানিবা – যাৰ দ্বাৰা এই জগত বৰ্তি আছে। সৰ্বভূত এই দুই প্ৰকাৰৰ প্ৰকৃতিৰ পৰাই উৎপন্ন বুলিও জানিবা। ইয়াকো জানিবা যে ময়েই সমস্ত জগতৰ উৎপত্তিৰ কাৰণ আৰু প্ৰলয়ৰো কাৰণ।
হে ধনঞ্জয়! এই জগতত মোতকৈ শ্ৰেষ্ঠ অইন একো নাই। সূতাৰে মণিবোৰ গাঁঠি থোৱাৰ দৰে মোতেই সকলোবোৰ গাঁঠি থোৱা আছে।
শ্ৰীযুত গণেশ শৰ্মা, আপুনিও ধৰক অলপ….! মই এপিয়লা উষ্ণ-জল গ্ৰহণ কৰো।
গণেশ শৰ্মাঃ এইখিনিৰ পিছত, শ্ৰী কৃষ্ণই ক’লে যে হে কৌন্তেয়! মই জলত ৰস, চন্দ্ৰ- সূৰ্যত দীপ্তি, সমস্ত বেদত প্ৰণব, আকাশত শব্দ, নৰগণত পৌৰুষ হৈ থাকো। তাৰোপৰি পৃথিৱীত পৱিত্ৰ গোন্ধ হৈ থাকো, অগ্নিত তেজ হৈ থাকো, সৰ্বজীৱত জীৱন আৰু তপস্বীত তপস্যা হৈ থাকো। গতিকে হে পাৰ্থ, মোক সৰ্বভূতৰ সনাতন বীজ বুলি জানিবা, মই বুদ্ধিমানসকলৰ বুদ্ধি, তেজস্বীসকলৰো তেজ! মোতেই সকলো আছে।
হে সখা, চাৰিপ্ৰকাৰৰ পূণ্যাত্মাই মোক ভজে – আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী, জ্ঞানী। ইয়াৰে ভিতৰত জ্ঞানীয়েই শ্ৰেষ্ঠ। মই জ্ঞানীৰ অতি প্ৰিয় আৰু মোৰো জ্ঞানী প্ৰিয়।
নেওগঃ অৰ্থাৎ, চাৰিবিধ জ্ঞানীৰ ভিতৰত তত্ত্বজ্ঞানী ভক্তই পৰম শ্ৰেষ্ঠ..লিখি থব লাগিব।
মুক্তাকংকনঃ মই আপোনাক WhatsApp কৰি দিম..( মোবাইল টিপিবলৈ ধৰে)…
[ অলপ পিছত…]
নেওগঃ মুক্তা, এয়া কি দিলা? ইংৰাজীত হে আহিল দেখোন…’Of these, the one who is in full knowledge and who is always engaged in pure devotional services is the best. For I am very dear to him, and he is dear to Me’!….
আছে যদি অসমীয়াত দিবা। এইটোও থাকক, কেইজনমান আছে – ফৰ্ফৰাই ইংৰাজী কয়, ইংৰাজীতে পানীও খায়, ভাতো খায়- তেওঁলোকৰ বাবে এইটো থাকক বাৰু।
মুক্তাকংকনঃ হ’ব দাদা।
খাউন্ডঃ
‘অব্যক্তং ব্যক্তিমাপন্নং মন্যন্তে মামবুদ্ধয়।
পৰং ভাবমজানন্তো মমাব্যয়মনুত্তমম্।।’
অৰ্থাৎ, বুদ্ধিহীন পুৰুষসকলে মোৰ অক্ষয়, সৰ্বোত্তম, শ্ৰেষ্ঠ ভাবক উপলব্ধি কৰিব নোৱাৰি মোক সাধাৰণ মানুহ বুলি গণ্য কৰে। যিদৰে কংস, শিশুপালে ভাবিছিল।
‘নাহং প্ৰকাশঃ সৰ্বস্য যোগমায়াসমাবৃতঃ।
মূঢ়োহয়ং নাভিজানাতি লোকো মামজমব্যয়ম্।।’
অৰ্থাৎ, মই যোগমায়াৰ দ্বাৰা আবৃত, আচ্ছাদিত, সকলোৰে বাবে প্ৰকাশিত নহয়; এই মূঢ় লোকসকলে মোক জন্মৰহিত অব্যয় বুলি বুজি নাপায়। কাৰণ যোগমায়াই তেওঁলোকক ভ্ৰমিত কৰি ৰাখে।
নেওগঃ আমাৰ ৰাজনৈতিক নেতাসকলো কিন্তু কম নহয়, তেওলোকৈ যোগমায়াৰেই সু-সন্তান! কিমান যে ভ্ৰমিত কৰিলে! এতিয়াও কৰিয়েই আছে। মিত্ৰজোট আদিও একপ্ৰকাৰৰ ভ্ৰম নহয় নে মিশ্ৰ ডাঙৰীয়া?
মিশ্ৰঃ ‘ভ্ৰম’ মানে## তেওঁলোকে যোগমায়াৰ ভ্ৰমৰ ‘ফ্ৰেন্সাইজি’ লৈ বহি আছে#
নেওগঃ অসম আন্দোলন, অসম চুক্তি, আই- এম-ডি-টি, নাগৰিকপঞ্জী, ৬ নং দফা, কেব, কা, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে আহল-বহল পথ, সকলোৰে একাউণ্টত ১৫ লাখকৈ টকা, বিমুদ্ৰাকৰণ, অসমৰ পৰা বিদেশীয়ে টালি টোপোলা বান্ধি যাব লাগিব বুলি কোৱা, কাগজ কল মুকলি কৰা, ইত্যাদি কিমান যে মায়াৰ আচ্ছাদন!!
মুক্তাকংকনঃ ছক্ৰেটিছে কিন্তু কৈ গৈছে -‘ Remember, no human condition is ever permanent. Then you will not be overjoyed in good fortune nor too scornful in misfortune.’
ঋষিকৃষ্ণঃ তেনে ধৰণৰ কৰ্মৰে ৰাজনৈতিক নেতাসকলে মানুহৰ বিশ্বাসৰ মথাউৰিত সৃষ্টি কৰে গৰাখহনীয়া!
মুক্তাকংকনঃ You are absolutely right শৰ্মা, it’s like a cheating….shame on those!
নয়নঃ বহুসময়ত চৰম দৈন্যদশা আৰু নৈৰাশ্যৰ পৰাই আধ্যাত্মিক নৱজন্মৰ কথা শুনা যায়।
সৰলঃ হয়। একদম ঠিক। বিপৰীত বুদ্ধ। বুদ্ধৰ নৱজন্ম বাসনাৰ শান্তায়নৰ পৰা।
তনয়জিৎঃ হয়। চূড়ান্ত ভোগ-বিলাসৰ মাজতো সমস্ত বাসনাই তৃপ্তি লাভ কৰিলেও হ’ব পাৰে অতিভোজন আৰু অপুষ্টিৰ অস্বস্তি।
মুক্তাকংকনঃ। Exceeeeelent… তনয়জিৎ, মাইন্ডব্লোয়িং!
খাউন্ডঃ
‘বেদাহং সমতীতানি বৰ্তমানানি চাৰ্জুন।
ভবিষ্যিণি চ ভূতানি মাং তু বেদ ন কশ্চন।।’
অৰ্থাৎ, হে অৰ্জুন! মই অতীত, বৰ্তমান, ভৱিষ্যত – সৰ্বভূতক জানো, কিন্তু মোক কোনোৱেই নাজানে।
‘ইচ্ছাদ্বেষসমুত্থেন দ্বন্দমোহেন ভাৰত।
সৰ্বভূতানি সন্মোহং সৰ্গে যান্তি পৰন্তপ।।’
অৰ্থাৎ, হে পৰন্তপ ভাৰত! সৃষ্টিকালত সৰ্বভূত ইচ্ছাদ্বেষৰ পৰা উদ্ভূত সুখ-দুঃখ আদি দ্বন্দাজনিত মোহৰ দ্বাৰা সেইসকল সন্মোহিত হয়। মুনিকৃষ্ণ শৰ্মা, কিবা ক’ব খুজিছে?
ঋষিকৃষ্ণঃ আপুনি ঠিকেই কৈছে। যিয়ে নিজৰ সুখ ভোগৰ ইচ্ছা ত্যাগ কৰিব পাৰে, প্ৰভুৱে তেওঁৰ জীৱন আনন্দময় কৰি তোলে। কিন্তু ইচ্ছা ত্যাগ কৰা বৰ কঠিন। আজি ত্যাগ কৰিলে অহাকালি পুনৰ প্ৰকট হয়। ইচ্ছা মায়াৰেই প্ৰকাশ। ইচ্ছা কৰিবলৈ খুব ভাল লাগে। ঘৰ বান্ধিম, গাড়ী কিনিম, বিয়া কৰাম, সন্তান হ’ব, মন্ত্ৰী হ’ম, ধনী হ’ম, বিদেশ ভ্ৰমণলৈ যাম…! কত কিমান ইচ্ছা! কিন্তু ভগৱানৰেই ইচ্ছা, প্ৰকৃতিক সকাহ দিবলৈ; সেইবাবেই কৰ’না! আজিৰ পৃথিৱীত মানুহ কৌৰৱ! অইন জীৱ-জন্তু হ’ল পান্ডৱ!! ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰাৰ দৰে সমগ্ৰ অৰণ্যৰ বস্ত্ৰহৰণত লিপ্ত মানুহ…পিতামহ ভীষ্ম, গুৰু দ্ৰোণাচাৰ্য আদি সকলো নীৰৱ, ধৃতৰাষ্ট্ৰ অন্ধ! গতিকেই শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ দৰে সমগ্ৰ বিশ্বত আজি কৰ’না!! কিহৰ জীৱশ্ৰেষ্ঠ?? অইন জীৱ-জন্তুৰো সমান অধিকাৰ আছে । আমি কিছুমান যদি মানুহ নহৈ ওৰাং ওটাং হ’লোহেতেন আৰু মগজু থাকিলহেতেন, আমিও আমাৰ বাসস্থান ধ্বংস কৰা মানুহবোৰৰ বাসস্থানত জুই জ্বলাই নিদিলোহেতেন নেকি? গতিকে এই কৰ’না প্ৰকৃতিৰ অভিশাপ, ভগৱানৰ অভিশাপ, মানুহৰ অত্যাচাৰ বাঢ়ি যোৱাৰ পটভূমিত। আজি তথাকথিত ‘জীৱশ্ৰেষ্ঠ’ এটা সৰু অদৃশ্য ভাইৰাছৰ প্ৰকোপতে আতংকত গৃহবন্দী হৈ আছে, কিহৰ ‘জীৱশ্ৰেষ্ঠ’? মানুহ নাথাকিলেও পৃথিৱীৰ একো হানি নহয়! ক’ত গ’ল মঙ্গল যানৰ বাহাদুৰি,পাৰমাণৱিক বোমাৰ বাহাদুৰি? আৰু কোভিড-১৯ ভাইৰাছেই শেষ কথা নহয়। যুগে যুগে অত্যাচাৰ বাঢ়িব, যুগে যুগে ভাইৰাছ, ঘূৰ্ণি, ভূমিকম্প, চুনামী আহি থাকিব; মানুহে একো কৰিব নোৱাৰে! গতিকে, মানৱজাতি সংযত হ’ব লাগে।
নেওগঃ ৱাঃ ৱাঃ, শৰ্মা, লা-জবাব, ৱাঃ…!!
মুক্তাকংকনঃ শৰ্মা, you are absolutely right. So, it’s in my mind after your most valuable words, as and when the forced lockdown is lifted,
there is a serious case for the International Community to consider observing a voluntary lockdown on a fixed day every month to allow Mother Earth to rejuvenate Herself.
A campaign in this regard may be a symbolic expression of gratitude to Nature who nurtures all sentient beings on the planet….!
তনয়জিৎঃ ঈশ্বৰৰ ইচ্ছাৰে এই জগত সৃষ্টি। সৃষ্টিৰ পিছত আদ্যাশক্তি জগতৰ ভিতৰতেই বিৰাজিত। জগত প্ৰসৱ কৰি জগততেই লীন হৈ থাকে – যিদৰে মকৰাই নিজৰ জাল নিজৰ ভিতৰৰ পৰাই বাহিৰ কৰি সেই জালতেই বিৰাজ কৰে। ঈশ্বৰ জগতৰ আধাৰ আৰু আধেয়।
মিশ্ৰঃ তনয়জিৎ ডেকাই ঠিকেই কৈছে #বেদতো আছে ‘ঊৰ্ণনাভি’ৰ কথা # মকৰা# আৰু মকৰাৰ জাল#…!
নেওগঃ বেদ, চাৰিবেদ, আৰু মিশ্ৰ। আপুনি কেইখন বেদৰ অধিকাৰী বা? এখন হ’লে বেদী, দুখনত দ্বিবেদী, তিনিখনত ত্ৰিবেদী, চাৰিখন হ’লে চতুৰ্বেদী, ..!
(মিশ্ৰ ডাঙৰীয়াই এটা বেঁকা হাঁহিৰে প্ৰশ্নটো সামৰি থয়!)
খাউন্ডঃ
‘যেষাং ত্বন্তগতং পাপং জনানাং পুণ্যকৰ্মণাম্।
তে দ্বন্দমোহনিৰ্মুক্তা ভজন্তে মাং দৃঢ়ব্ৰতাঃ।।’
অৰ্থাৎ, যিসকল পুণ্যকৰ্মকাৰী মানুহৰ পাপ বিনষ্ট হৈছে, তেওঁলোকে দ্বন্দজনিত মোহৰ পৰা মুক্ত হৈ দৃঢ়ভাৱে মোকেই ভজে।
এতিয়া আমি আজিৰ জ্ঞান-বিজ্ঞান যোগৰ অন্তিম শ্লোকটো পাঠ কৰিম…
‘সাধিভূতাধিদৈবং মাং সাধিযজ্ঞং চ যে বিদুঃ।
প্ৰয়াণকালেহপি চ মাং তে বিদুৰ্যুক্তচেতসঃ।।’
অৰ্থাৎ,….
মুক্তাকংকনঃ খাউন্ড দা, মই ক’ব পাৰো?
খাউন্ডঃ মই অনুমতি দিবলৈ কোন? তুমিয়েই বা সুধিবলৈ কোন? আমি সকলো ভগৱানৰ সন্তান। তথাপি সুধিছা যেতিয়া দিলো অনুমতি, নিশ্চয় কোৱা।
মুক্তাকংকনঃ এই ব্যাখ্যা ইংৰাজীত সুন্দৰকৈ দিয়া হৈছে–‘ Those in full consciousness of Me, who know Me, the Supreme Lord, to be the governing principle of the material manifestation, of the demigods, and all methods of sacrifice, can understand and know Me, the Supreme Personality of Godhead, even at the time of death.!’
খাউন্ডঃ অতি উত্তম।
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ!
সৰলঃ অসমীয়াত এনেদৰেও আছে (এখন কাগজৰ পিনে চাই চাই পাঠ কৰে)-
‘যিবোৰে সিদৰে জানে মোকেই নিয়ন্তা বুলি
অধিভূত, অধিদৈৱ, অধিযজ্ঞ সকলোটি জীৱন-কৰ্মৰ;
থাকে মোতে যুক্ত হৈ সকলো সিবোৰ
যাবৰ পৰতো ধেমালি সামৰি এই ওমলাঘৰৰ।’
তনয়জিৎঃ বঢ়িয়া… কৃষ্ণ! কৃষ্ণ!
ঋষিকৃষ্ণঃ ৰাধে! ৰাধে!
খাউন্ডঃ আজি ইমানতে সামৰিলো। অহাকালি , অৰ্থাৎ ৩ এপ্ৰিল শুক্ৰবাৰে আমি আৰম্ভ কৰিম অষ্টম অধ্যায় ‘অক্ষৰব্ৰহ্মযোগ’।
এতিয়া আমি সকলোৱে প্ৰণাম কৰিম। তাৰপিছত সকলোৱে সাধ্যমতে নিজৰ নিজৰ ঘৰত প্ৰসাদ বিতৰণ কৰিব।
প্ৰণাম!
সকলোৱেঃ প্ৰণাম
•••••••••••••••••••••••••••••••••••••••••••••••••
।। ওঁ ।।
০৩/০৪/২০২০ (শুক্ৰবাৰ)
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা- আলোকপাত@ লক-ডাউন||
অষ্টম অধ্যায়
অক্ষৰব্ৰহ্মযোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীযুত গণেশ শৰ্মা
৮) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ আজি গীতাৰ অষ্টম অধ্যায়, আজি আমি অক্ষৰব্ৰহ্মযোগ অধ্যায়ৰ ওপৰত আলোচনা কৰিম। ইয়াৰ পূৰ্বে, কৰ’না সংক্ৰান্তীয় অসমৰ উদ্বেগময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি পৰম পিতা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে মানৱৰ বাবে প্ৰকৃতিৰ পৰাই উদ্ভূত এক অপশক্তিস্বৰূপ ভয়ংকৰ কোভিড-১৯ নামৰ ভাইৰাছক নিয়ন্ত্ৰণ কৰে আৰু মানৱক প্ৰকৃতিৰ সন্তান হিচাপে অইন জীৱ-জন্তু তথা প্ৰকৃতিৰ আন অংগবোৰৰ দৰে এক সমতুল জীৱন- যাত্ৰাৰে ভৱিষ্যতৰ দিনবোৰ আগবঢ়াৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰেৰণ কৰে। উল্লেখযোগ্য যে আজি ৰাতিপুৱালৈ বিশ্বত ৯,৮২,৩০৭ গৰাকী ব্যক্তি কৰ’না আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে ৫০২৭৮ জনলৈ। আমি মৃতকসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তাৰ বাবে প্ৰাৰ্থনা কৰিম। অসমতো যাতে কৰ’না অধিক সম্প্ৰসাৰণ নহয়, তাৰ বাবেও প্ৰাৰ্থনা কৰিম। আমি আশা কৰিম সংশ্লিষ্ট কৰ্তৃপক্ষই নিজৰ ক্ষুদ্ৰ স্বাৰ্থত প্ৰকৃত সহৃদয়াতকৈ ‘সহৃদয়তাৰ অভিনয়ৰ আয়োজন’তেই নিজকে ব্যস্ত নাৰাখে যেন।
এতিয়া আমি আগবাঢ়োহক….
ভগৱানৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ মুখেৰে জ্ঞান বিজ্ঞান যোগৰ কথা শুনি অৰ্জুনে ক’লে –
‘কিং তদ্ব্ৰহ্ম কিমধ্যাত্মং কিং কৰ্ম পুৰুষোত্তম।
অধিভূতং চ কিং প্ৰোক্তমধিদৈবং কিমুচ্যতে।।
••••••
অধিযজ্ঞঃ কথং কোহত্ৰ দেহেহস্মিন্ মধুসূদন।
প্ৰয়াণকালে চ কথং জ্ঞেয়োহসি নিয়তাত্মভিঃ।।’
অৰ্থাৎ, অৰ্জুনে ক’লে, হে পুৰুষোত্তম! সেই ব্ৰহ্ম কি, আধ্যাত্ম কি, কৰ্ম কি, অধিভূত কাক কয়, আৰু অধিদৈব কি? হে মধুসূদন, এই শৰীৰত অধিযজ্ঞ কি আৰু কিভাবে অৱস্থিত তথা প্ৰয়াণকালত সমাহিতচিত্ত পুৰুষসকলৰ বাবে তুমি কিদৰে জ্ঞেয় হোৱা?
মুক্তাকংকনঃ ইন্টাৰেষ্টাং কুৱেশ্যন ইন্দিড্!
মিশ্ৰঃ তাকেই।
ঋষিকৃষ্ণঃ অৰ্জুন প্ৰকৃততে জিজ্ঞাসু। সেইবাবেই সুধিছে – ব্ৰহ্ম কি! অধ্যাত্ম কি! কৰ্ম কি!
খাউন্ডঃ শ্ৰীকৃষ্ণই অৰ্জুনক উদ্দেশ্য কৰি উত্তৰ দিছে –
‘অক্ষৰং ব্ৰহ্ম পৰমং স্বভাবোহধ্যাত্মমুচ্যতে।
ভূতভাবোদ্ভবকৰো বিসৰ্গঃ কৰ্মসংজ্ঞিতঃ।।’
••••••••••
‘অধিভূতং ক্ষৰো ভাবঃ পুৰুষশ্চাধিদৈবতম্।
অধিযজ্ঞোহহমেবাত্ৰ দেহে দেহভৃতাং বৰ।।’
অৰ্থাৎ, শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, অক্ষৰ শব্দৰ অৰ্থ হ’ল পৰম ব্ৰহ্ম, স্বভাৱ বা আত্মাৰ ভাব অধ্যাত্ম বুলিয়েই উক্ত হয়। প্ৰাণীবোৰৰ উৎপত্তি আৰু বৃদ্ধিকাৰক যজ্ঞাদিৰূপ ত্যাগক কৰ্ম বোলা হয়। হে দেহভৃতাংবৰ ( দেহধাৰীৰ মাজত শ্ৰেষ্ঠ) ! ক্ষয়শীল পদাৰ্থ অধিভূত আৰু পুৰুষ অধিদৈবত, এই দেহত ময়েই অধিযজ্ঞ।
শ্ৰীভগৱানে কৈছে যে ‘অক্ষৰং পৰমং ব্ৰহ্ম’, ইয়াত ‘অক্ষৰ’ শব্দৰ অৰ্থ হ’ল -‘ ন ক্ষৰতি চলতি ইতি অক্ষৰং পৰমাত্মা’, অৰ্থাৎ যাৰ নাশ আৰু বিকাৰ নাই, সেই পৰমানন্দ ৰূপ পৰমাত্মাই ব্ৰহ্ম। ইয়াত উল্লেখিত ‘ব্ৰহ্ম’ শব্দ হ’ল নিৰূপাধিক ব্ৰহ্ম বা উপাধিশূণ্য ব্ৰহ্ম। উপাধিয়ে বস্তু বা ব্যক্তিক সীমিত কৰে, অইন বস্তু বা ব্যক্তিৰ পৰা পৃথক কৰে। অক্ষৰব্ৰহ্ম সেয়ে উপাধিশূণ্য। ই স্বজাতীয়, বিজাতীয় আৰু স্বগত ভেদশূণ্য। দুদাল বৃক্ষৰ মাজত বৃক্ষভেদে যি প্ৰভেদ, তাক স্বজাতীয় ভেদ বোলে; বৃক্ষ আৰু মানুহৰ মাজৰ ভেদক বিজাতীয় ভেদ বোলে, আৰু একেই দেহৰ মাজত বিভিন্ন অংগৰ যি ভেদ তাক স্বগত ভেদ বোলে। ব্ৰহ্ম এই ত্ৰিবিধ ভেদশূণ্য। ব্ৰহ্ম সৰ্বব্যপ্ত হেতুকে উপাধি প্ৰয়োগ নহয়।
গণেশ শৰ্মাঃ ব্ৰহ্মৰ স্বৰূপ হ’ল সত্য, জ্ঞান আৰু অনন্ত। এই ব্ৰহ্ম এই ব্ৰহ্মগুহাৰ মাজত, অৰ্থাৎ হৃদয়গুহাৰূপী গুপ্তস্থানৰ শ্ৰেষ্ঠ আকাশত – হৃদয়াকাশত লুকাই আছে। যিয়েই এই ব্ৰহ্মক জানিবলৈ সক্ষম হৈছে- তেওঁৰেই সৰ্বাভিষ্ট সিদ্ধ হৈছে।
এই ব্ৰহ্মৰ পৰাই আকাশ, আকাশৰ পৰাই। বায়ু, বায়ুৰ পৰাই অগ্নি, অগ্নিৰ পৰাই পানী, পানীৰ পৰাই পৃথিৱী, পৃথিৱীৰ পৰাই বৃক্ষ, বৃক্ষৰ পৰাই অন্ন, অন্নৰ পৰাই ৰেতঃ, ৰেতঃৰ পৰাই মানুহ…!
নেওগঃ মুক্তাকংকন, অলপ সহজকৈ ইংৰাজীত ক’বা নেকি? মোৰ মামাৰ ল’ৰাৰ ল’ৰাটোৱে ইংৰাজীত বেছি সাৱলীল, কাষতেই বহি আছে, একাদশত পঢ়ে, এইকেইদিন লক-ডাউন বাবে মোৰ লগত আছে আৰু আজি মিশ্ৰ বৰদেউতাকৰ পৰা ব্যাখ্যা শুনাৰ আগ্ৰহ কৰি পুৱাই উঠি বহি আছে। এইমাত্ৰ খাউন্ড আৰু ঋষিকৃষ্ণ শৰ্মাই কোৱাখিনি তাৰ বাবে কিছু জটিল বাবে চাৰিলাইন মানত হোৱাকৈ….এইটো, কাষত আছে, উদ্দালক, সৌৱা মিশ্ৰ বৰদেউতা, নমস্কাৰ কৰা বাবা…!
(নেওগৰ কথা শুনি উদ্দালকে মিশ্ৰক নমস্কাৰ কৰে, মিশ্ৰই গ্ৰহণ কৰি আশীৰ্বাদ দিয়া দেখা যায়।)
মুক্তাকংকনঃ হাই! উদ্দালক, হাও আৰ ইউ? নেওগ দা, এনে কথাবোৰ মোৰ বাবেও দুৰূহ। মই এখন কিতাপৰ সহায় লৈ কৈছো বাৰু, দোষ নধৰিব কিন্তু!
নেওগঃ কথাও যে কোৱা আৰু!! দোষ ধৰিবলৈ মই কোন? যাৰ দোষ ধৰিছিলো, অৰ্থাৎ বন্ধু দিলদাৰ পাটগিৰিৰ, তেওঁ স্থিতপ্ৰজ্ঞ, তেওঁৰ মতে মোৰ সহপাঠী বসুমতাৰী আৰু আনোৱাৰে হেনো তেওঁৰ পুত্ৰ আৰু জীয়ৰীৰ বিয়াত দেহে-কেহে খাটি দি নিষ্কাম কৰ্মহে কৰিছিল, গতিকে খানাৰ কথা কোৱা ভুল! তুমিয়েই কৈছিলা! গতিকে ভুল নধৰো, প্লিজ… মাত্ৰ দুষাৰমান!
মুক্তাকংকনঃ ( এখন কিতাপ হাতত লৈ) Sri Krishna said, the indestructible, transcendental living entity is called Brahma(n), and his eternal nature is called adhya`tma, the self. Action pertaining to the development of the material bodies of the living entities is called karma, or fruitive activities…..!
নেওগ দা, তেওঁৰ বাবে হ’ব নেকি!! তেওঁৰ বয়সো কম, পিছত মিশ্ৰ-দাৰ ঘৰলৈ লৈ গ’লে একেবাৰে সৰল সহজকৈ বুজাই দিব পাৰিব। নে কি কয়? Am I wrong?
নেওগঃ ঠিক, ঠিক! তাকেই কৰিম। মিশ্ৰ ডাঙৰীয়াৰ ঘৰলৈকে লৈ যাম, সিধা এটাও লৈ যাব লাগিব।
সৰলঃ সিধা মানে?
নেওগঃ গুৰুদক্ষিণাৰ দৰে কথা আৰু! খালীহাতে জ্ঞান লাভ কৰিবলৈ যাব নাপায়! গতিকে অলপ আলু, বাৰমহীয়া বেঙেনা, মনোৰমা ঘি, তুলসী জঁহা চাউল, …!
মিশ্ৰঃ নেওগ# হ’ব নেকি # মূল কথাৰ পৰা এনেকৈ আতৰি গ’লে বেয়া হ’ব নেকি#..
নয়নঃ মাত্ৰ এক মিনিট লৈছো মই। এই যে খালী হাতে জ্ঞান লাভ কৰিব নালাগে বুলি কৈছে, আমিও দেখোন খালী হাতে জ্ঞান লৈ আছো। আমাৰো দায়িত্ব আছে খাউন্ড দা, মিশ্ৰ ভিনদেউ, ঋষিকৃষ্ণ দাদাহতক সিধা বা দক্ষিণা দিয়াৰ! ছেঃ, বেয়া হ’ল কথাটো।
সৰলঃ নয়ন দা,এতিয়া লক-ডাউনত কেনেকৈ দিব? বৰ বেছি একাউণ্টত দক্ষিণা ট্ৰেন্সফাৰ কৰি দিব পাৰি..যদিহে মান্তি হয়। আমি পিছত পাতিম কথাটো।
তনয়জিৎঃ হ’ব, ময়ো আছো!
( নেওগে মিশ্ৰৰ ফালে চাই মৃদু হাঁহি মাৰে…, মিশ্ৰ নিৰ্বিকাৰ হৈ থকা দেখা যায়।)
খাউন্ডঃ আমি আগলৈ যাও….
‘অন্তকালে চ মামেব স্বৰন্ মুক্ত্-বা কলেবৰম্।
যঃ প্ৰয়াতি সঃ মদ্ভাবং যাতি নাস্ত্যত্ৰ সংশয়।।’
••••••
‘যং যং বাপি স্মৰন্ ভাবং ত্যজত্যন্তে কলেবৰম্।
তং তমেবৈতি কৌন্তেয় সদা তদ্ভাবভাবিতঃ।।’
অৰ্থাৎ, মৃত্যুকালতো মোক স্মৰণ কৰি যিয়ে দেহত্যাগ কৰে, এইবিষয়ে সন্দেহ নাই যে তেওঁ মোৰেই ভাব প্ৰাপ্ত হয়। গতিকে হে কৌন্তেয়! যিয়ে যি ভাব স্মৰণ কৰি মৃত্যুৰ সময়ত দেহ ত্যাগ কৰে, সেই ভাবেই প্ৰাপ্ত হয়।
সেয়েহে সকলো সময়তে মোক স্মৰণ কৰা, আৰু যুদ্ধ কৰা, মোতেই মন বুদ্ধি অৰ্পণ কৰিলে যে মোকেই প্ৰাপ্ত কৰিবা, তাত সংশয় নাই। হে পাৰ্থ, অভ্যাসৰ যোগযুক্ত একনিষ্ঠ চিত্তৰ দ্বাৰা পুন: পুন: চিন্তা কৰিলে পৰম দিব্য পুৰুষক লাভ কৰিব পাৰি।
যি সৰ্বজ্ঞ, চিৰন্তন, সৰ্বনিয়ন্তা, অণুতকৈও সূক্ষ্ম, সকলোৰে পালনকৰ্তা, অচিন্ত্যৰূপী, আদিত্যবৎ স্বপ্ৰকাশ, প্ৰকৃতিৰ অতীতকো যি স্মৰণ কৰে, সেইজনক পাবলৈ মৃত্যুকালত একাগ্ৰ মনেৰে ভক্তিৰ দ্বাৰা তথা যোগবলেৰে যুক্ত হৈ ভ্ৰূদ্বয়ৰ মাজত প্ৰাণবায়ুক সম্যকভাবে নিবদ্ধ কৰে আৰু সাধকে সেই পৰমজ্যোতিস্বৰূপ পুৰুষক প্ৰাপ্ত কৰে।
গণেশ শৰ্মা ডাঙৰীয়া, আপুনি সেইদিনা যে মোক কৈছিল, অলপ কৈ দিয়ক…!
গণেশ শৰ্মাঃ কৃষ্ণ! কৃষ্ণ!
মই উপযুক্ত নহয় যদিও আজ্ঞা পালন নকৰো বাৰু। সাধ্যমতে যত্ন কৰিম।
‘যোগবলেন চৈব ভ্ৰুবোৰ্মধ্যে প্ৰাণমাবেশ্য সম্যক্’ – অৰ্থাৎ, দুয়ো ভ্ৰুৰ মাজলৈ প্ৰাণবায়ুক সম্যকৰূপে আকৰ্ষণ কৰিব লাগে। ভুল হ’লে কৈ দিব খাউন্ড ডাঙৰীয়া…
খাউন্ডঃ নিশ্চয়।
গণেশ শৰ্মাঃ মানবহৃদয়ত ১০১ ডাল প্ৰধান নাড়ী আছে। প্ৰত্যেক নাড়ীৰ সৈতে ১০০ শাখানাড়ী সংলগ্ন হৈ আছে। এই শাখানাড়ীৰ সৈতে ৭২০০০ ডালকৈ সূক্ষ্ম নাড়ী আছে। অথৰ্ববেদৰ প্ৰশ্নোপনিষদত ইয়াৰ বিৱৰণ আছে, মিশ্ৰ ডাঙৰীয়াই নিশ্চয় জানিব। এই নাড়ীসমূহৰ মাজত ইড়া, পিঙ্গলা, সুষুন্মা নাড়ীয়েই প্ৰধান। সুষুন্মা নাড়ী সৰ্বশ্ৰেষ্ঠ। মানৱদেহৰ বাওঁফালে ইড়া আৰু সোঁ-ফালে পিঙ্গলা নাড়ীৰ স্থান, সুষুন্মা নাড়ী মাজত থাকে। লিঙ্গৰ উৰ্দ্ধত আৰু নাভিৰ অধঃপ্ৰদেশক কন্দ বা গ্ৰন্হিস্থান বোলা হয়। সেই স্থানৰ পৰাই নাড়ীবোৰ সমুৎপন্ন হৈ সমগ্ৰ শৰীৰত পৰিব্যপ্ত হৈছে। সুষুন্মা নাড়ী কন্দপ্ৰদেশৰ পৰা উৎপন্ন হৈ মূৰলৈ বিস্তৃত হৈছে। এই সুষুন্মা নাড়ী সুক্ষ্ম হ’লেও তাৰ মাজত বজ্ৰাখ্যা নামে এক সুক্ষ্মতৰ নাড়ী আছে আৰু বজ্ৰাখ্যাৰ মাজত চিত্ৰিনী নামে আৰু এক অতি সুক্ষ্মতম নাড়ী আছে। সেই নাড়ীৰ মাজেৰে এক অত্যন্ত সুক্ষ্মতম ব্ৰহ্মনাড়ী মূলাধাৰৰ পৰা নিঃসৃত হৈ শিৰলৈ বিস্তৃত হৈ আছে। এই ব্ৰহ্মনাড়ীৰ মাজতেই মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ, আজ্ঞাচক্ৰ, সহস্ৰদল চক্ৰ – এনে সাতটা চক্ৰ আছে। এই চক্ৰসমূহৰ আকাৰ বিকশিত পদুম ফুলৰ দৰেই। প্ৰত্যেক পদ্ম সুষুন্মা নাড়ীৰ মাজৰ ব্ৰহ্মনাড়ীৰ সৈতে সংযুক্ত। আধাৰচক্ৰ মূলাধাৰ নামে অভিহিত, আৰু ইয়াতেই কুল- কুন্ডলিনী শক্তি বিৰাজমান। …..
এই কুল-কুন্ডলিনী জাগ্ৰত কৰাটোৱেই সাধকৰ লক্ষ্য। মই ইয়াতকৈ আগলৈ যাব নোৱাৰো, গুৰুদেৱৰ আজ্ঞা নাই। ই এক সুকীয়া পদ্ধতি। সদগুৰুৰ কৃপা হ’লেহে এনে পদ্ধতি আয়ত্বাধীন হয়।
এতিয়া এইখিনিকেই ক’লো আৰু….!
খাউন্ডঃ বহুত ধন্যবাদ শৰ্মা।
মিশ্ৰঃ বহুত শিকিলো। ধন্যবাদ শৰ্মা।
মুক্তাকংকনঃ বহুত ধন্যবাদ শৰ্মা ডাঙৰীয়া।
খাউন্ডঃ শ্ৰীগুৰুদেৱৰ কৃপা অবিহনে প্ৰকৃততে একো লাভ কৰা নাযায়। সদগুৰু লাভ কৰাও কঠিন। যি কি নহওঁক, আমি আগলৈ যাও…
কৃষ্ণই পুনৰ অৰ্জুনক ক’লে- হে অৰ্জুন! ব্ৰহ্মলোকৰ পৰা আৰম্ভ কৰি সমস্ত পুনৰাবৰ্তনশীল, কিন্তু হে কৌন্তেয়, মোক প্ৰাপ্ত কৰাসকলৰ পুনৰ্জন্ম নহয়।
ইয়াৰ পিছত কৃষ্ণই ক’লে-
‘সহস্ৰযুগপৰ্যন্তমহৰ্ষদ্ ব্ৰহ্মণো বিদুঃ।
ৰাত্ৰিং যুগসহস্ৰান্তাং তেহহোৰাত্ৰবিদো জনাঃ।।’
অৰ্থাৎ, এক সহস্ৰ চৰ্তুযুগক ব্ৰহ্মাৰ এদিন বোলা হয়, বিষ্ণুপুৰাণত আছে, একেদৰে ব্ৰহ্মাৰ এটা ৰাতিৰ দৈৰ্ঘও একেসমান। যুগ হ’ল চাৰিটা – সত্য, ত্ৰেতা, দ্বাপৰ, কলি। শাস্ত্ৰমতে, কলিযুগৰ আয়ুস ৪৩২০০০ বছৰ, দ্বাপৰৰ ৮৬৪০০০ বছৰ, ত্ৰেতাৰ ১২,৯৬,০০০ বছৰ, সত্যৰ ১৭,২৮,০০০ বছৰ। এই চাৰিওটা যুগ মিলি এক চৰ্তুযুগ, অৰ্থাৎ ৪৩২০০০০ বছৰ। এক সহস্ৰ চৰ্তুযুগ হ’ল ৪৩,২০,০০০,০০০বছৰ। ই হ’ল ব্ৰহ্মাৰ এদিন! একেদৰে এক ৰাতিও একেই সমান। যিসকল যোগীয়ে যোগবলেৰে এনে তত্ত্ব জানিব পাৰে, তেওঁলোকক অহোৰাত্ৰবিদ বোলা হয়। শ্লোকত প্ৰয়োগ হোৱা ‘ব্ৰহ্মণঃ’ শব্দৰ অৰ্থ ব্ৰহ্মা। এই সূত্ৰে ব্ৰহ্মাৰ আয়ু হ’ল এশ বছৰ, তাৰপিছত ব্ৰহ্মাৰো লয় হয়।
সৰলঃ এই অধ্যায়ে মোক বুজাইছে যে মই কিমান অজ্ঞানী!
নয়নঃ সচাই…!
ঋষিকৃষ্ণঃ অগ্নি, জ্যোতি, শুক্লপক্ষ, দিলস, উত্তৰায়ণৰ ছয়মাহ – সেই মাৰ্গৰ দ্বাৰা প্ৰয়াত ব্ৰহ্মবিদ্ পুৰুষসকলে ব্ৰহ্মলোকলৈ গমন কৰে। সকলোৰে মৃত্যুৰ সময়ত হৃদয়ৰ নাড়ীমুখ প্ৰজ্জ্বলিত হয়। কিন্তু ভক্তৰ ক্ষেত্ৰত এই সময়ত মোক্ষদ্বাৰ নামৰ মূৰ্দ্ধণ্য নাড়ীও বিকশিত হৈ উঠে। এয়া সম্ভৱ হয় শ্ৰীগুৰুৰ কৃপাৰ বাবে। এই নাড়ী সুষুন্মা নাড়ী! আমি আগতে কৈ আহিছো। এয়া এক বিশাল অধ্যায়, কেতিয়াবা সময় সুযোগ পালে শ্ৰীগুৰুদেৱৰ সৈতে বহিলে বিশদভাৱে বুজাই দিব। মই ইমানতে এৰিলো।
খাউন্ডঃ এতিয়া মাত্ৰ দুটা শ্লোক বাকী আছে, তাৰপিছত আমি সামৰিম….
‘নৈতে সৃতী পাৰ্থ জানন্ যোগী মুহ্যতি কশ্চন।
তস্মাৎ সৰ্বেষু কালেষু যোগযুক্তোভবাৰ্জুন।।
•••••••
‘বেদেষু যজ্ঞেৰ তপঃসু চৈব।
দানেষু মৎ পুণ্যফলং প্ৰদিষ্টম্।।
অত্যেতি তৎ সৰ্বমিদং বিদিত্বা
যোগী পৰং স্থানমুপৈতি চাদ্যম্।।’
অৰ্থাৎ, হে পাৰ্থ! এই দুয়োটা মাৰ্গৰ বিষয়ে অৱগত হোৱা যোগী কেতিয়াও মোহপ্ৰাপ্ত নহয়, গতিকে, হে অৰ্জুন, সদায় যোগযুক্ত হৈ থাকিবা। এয়া অৱগত হ’লে বেদ, যজ্ঞ, তপস্যা, দানৰ দ্বাৰা যি পূণ্যফল লাভ হৈছে, যোগীয়ে সেই সমস্ত অতিক্ৰম কৰি সনাতন পৰমপদ প্ৰাপ্ত হয়।
নেওগঃ আচলতে ইয়াকেই বৈৰাগ্য বুলি কয়। উপাধি ‘যোগী’ হ’লেও ‘মুখ্যমন্ত্ৰী’ৰ আসনত বহি থকা যোগী প্ৰকৃততে যোগী হ’ব নোৱাৰে! একে কথা ডাঙৰজনৰ ক্ষেত্ৰতো প্ৰযোজ্য – ইমান মিছা কৈ কৈ নিৰ্বাচনৰ আগতে হিমালয়ৰ গুহাত ধ্যান…হাঃ হাঃ ..কি নাটক!
তনয়জিৎঃ
‘যিবোৰ যোগীয়ে জানে দুয়োটা বাটৰে কথা-
পোহৰৰ আন্ধাৰৰ, মুক্তি আৰু সংসাৰবন্ধৰ,
নহয় সিবোৰ বন্দী কোনোকালে মোহৰ মুঠিৰ;
জানি সেই কথা হে অৰ্জুন,
সকলো কালতে থাকা যোগযুক্ত হৈ একান্ত ভক্তিৰ।
###
পৰম যোগীয়ে জানে – বেদজ্ঞান সাধনাৰ, যজ্ঞকৰ্ম পালনৰ,
আৰু দানধৰ্ম-তপস্যাৰ আছে বহু বিচিত্ৰ পূণ্যৰ ফল;
জানে তেওঁ সিবোৰতো বঢ়া পূণ্যফল আছে ক’ৰবাত,
সিজনেই লভে আদ্যধাম সদানন্দময় অচল -অটল।’
নয়নঃ বঢ়িয়া!
ঋষিকৃষ্ণঃ ৰাধে! ৰাধে!!
মিশ্ৰঃ কৃষ্ণ! কৃষ্ণ!!
মুক্তাকংকনঃ আজি একোতেই মন ধবহিব! কি এক অপূৰ্ব অধ্যায়!
খাউন্ডঃ আজি ইয়াতেই সামৰিলো। ইয়াৰ পিছত প্ৰাৰ্থনা আৰু প্ৰসাদ বিতৰণ, যি যিদৰে পাৰে।
অহাকালি আমি প্ৰৱেশ কৰিম নৱম অধ্যায়ত, ‘ৰাজযোগ’ত! সময় একেই থাকিব।
প্ৰণাম।
সকলোৱেঃ প্ৰণাম।
•••••••••••••••••••••••••••••••••••••••••••••••
।। ওঁ ।।
০৪/০৪/২০২০ (শনিবাৰ)
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
নৱম অধ্যায়
ৰাজযোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীযুত গণেশ শৰ্মা
৫) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ পৰম পৰিতাপৰ বিষয় এয়ে যে আজি কেইদিনমানৰ আগতে আমাৰ অসমত কৰ’নাই কাকো স্পৰ্শ কৰা নাছিল যদিও আজি ৰাতিপুৱা ২৪ জনলৈ বৃদ্ধি পালে। আমি বিশেষভাৱে সাৱধান হ’বৰ হ’ল আৰু সকলোকে সজাগ কৰিবৰ হ’ল!
এতিয়া আমি আগবাঢ়িম আমাৰ আলোচনালৈ…।
গীতাৰ ব্যাখ্যা শুনিবলৈ আগ্ৰহীজন মহাপাপী হ’লেও বৈকুন্ঠগামী হৈ স্বয়ং বিষ্ণুৰ সৈতে আনন্দৰে বাস কৰে। কল্হনৰ ‘ৰাজতৰঙ্গিনী’ত গীতা সম্পৰ্কে এক উল্লেখযোগ্য তথ্য পোৱা যায়। ৰজা অৱন্তীবৰ্মণক হেনো মৃত্যুশয্যাত গীতা পাঠ কৰি শুনোৱা হৈছিল। ভাৰতৰ প্ৰথম ইংৰাজ বৰলাট ৱাৰেন হেষ্টিংছে গীতা সম্পৰ্কে চাৰ্লচ উইলকিন্সে ইংৰাজীলৈ অনুবাদ কৰা ‘গীতা’ৰ পাতনিত লিখিছিল -‘ পৰম সত্তাৰ সাৰ্থক বন্দনাত গাম্ভীৰ্যপূৰ্ণ প্ৰকাশৰ ই এনে এক প্ৰমাণ, যাক মিল্টনৰ উৎকৃষ্টতায়ো ঢুকি পোৱা নাই!’ গীতাৰ ভাব- সম্পদ আৰু কাব্য-সৌন্দৰ্যৰ সংস্পৰ্শলৈ আহি সম্ৰাট শ্বাহজাহানৰ বৰপুত্ৰ দাৰা শ্বিকোই প্ৰশংসা কৰি কৈছিল যে গীতা স্বৰ্গীয় আনন্দৰ অফুৰন্ত উৎস। এই গ্ৰন্হত প্ৰদৰ্শিত হৈছে সাৰ্বভৌম সত্য উপলব্ধিৰ সুগম পথ; বিধৃত হৈছে পৰম পুৰুষৰ ৰহস্য কথা; আৰু ব্যাখ্যাত হৈছে নিৰ্গুণ ব্ৰহ্মৰ তত্ত্বকথা। গীতাই মুঠতে মুকলি কৰি দিছে ইহলোক আৰু পৰলোকৰ শ্ৰেষ্ঠতম আৰু নিগুঢ়তম সত্যৰ দুৱাৰ।’ জাৰ্মান দাৰ্শনিক ৱিলিয়াম ফন হামবোল্ড্টৰ মতে গীতা হ’ল আমি জনা যি কোনো ভাষাৰেই সুন্দৰতম , আৰু সম্ভৱতঃ একমাত্ৰ, প্ৰকৃতাৰ্থত দাৰ্শনিক সংগীত। দৰ্শনৰ ইতিহাস-প্ৰণেতা এল.ডি. বাৰ্ণেটৰ মতে জীৱনৰ প্ৰতিটো কৰ্মকেই অনাসক্তিৰ জুইত পুৰি বিশুদ্ধ উপাসনাৰ ৰূপত শোধন কৰি লোৱাৰ যি অপূৰ্ব কৌশল গীতাই প্ৰদান কৰিছে, সেয়া মানুহৰ কৰ্মময় জীৱনৰ এক অনন্য অৱলম্বন।
আজি আমি সেইহেন গীতাৰ নৱম অধ্যায়ত আহি উপনীত হ’ব পৰাও এক বিৰল ঘটনা।
নেওগঃ আমি পঢ়াশালিত থাকোতে অৱসৰ গ্ৰহণ কৰা শিক্ষক মহোদয়সকলক একোখনকৈ গীতা, এটা মহেন্দ্ৰ দত্তৰ ছাটি, এখন শৰাই দিয়া হৈছিল। আমাৰ ‘মহাবাহু’ৰো বহু সদস্য ইতিমধ্যে জ্যেষ্ঠ নাগৰিক হৈ পৰা স্বত্ত্বেও গীতা অধ্যয়নৰ সুবিধা পোৱা নাছিল, আমাৰ এই আলোচনাই তেওলোকক এক নতুন দুৱাৰ মুকলি কৰি দিব পাৰিব। অধিক অধ্যয়ন কৰি বৈকুণ্ঠৰ পথ সুচল কৰি ল’ব পাৰিব। লক-ডাউন নহ’লে ক’ত এনেদৰে বহিব পাৰিলোহেতেন! মিশ্ৰ ডাঙৰীয়াই বা কি কয়?
মিশ্ৰঃ আমি একেখন নাওঁৰে যাত্ৰী নেওগ। কিছুমানে ভাবি আছে যে তেওঁলোকে অমৃত পান কৰিছে!
খাউন্ডঃ ‘আমি’ বা ‘মই’ কোন? শত বছৰৰ তপস্যাইও দিব নোৱাৰে সেই সমিধান, যদিহে নাথাকে গুৰুকৃপা! গীতা নামৰ এই গ্ৰন্হখন ৰঙা কাপোৰেৰে বান্ধি গোঁসাইৰ ঘৰত বা মন্দিৰত থৈ দিলে নহ’ব , ফঁহিয়াই থাকিব লাগিব, ব্যৱহাৰ কৰিব লাগিব।
‘ৰাজযোগ’ অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে-
‘ইদং তু তে গুহ্যতমং প্ৰবক্ষ্যাম্যনসূয়বে।
জ্ঞানং বিজ্ঞানসহিতং যজ্জ্ঞাত্বা মোক্ষ্যসেহশুভাৎ।।’
অৰ্থাৎ, শ্ৰীকৃষ্ণই ক’লে যে দোষদৃষ্টিৰহিত তোমাক এই গুহ্যতম বা অতি গোপনীয় জ্ঞান বিশেষভাবে বিজ্ঞানৰ সৈতে ৰজিতা খুৱাই মই এতিয়া ক’ম, যি জ্ঞানৰ সহায়ত তুমি অশুভৰ পৰা মুক্ত হ’ব পাৰিবা। শ্ৰীকৃষ্ণই অৰ্জুনক ইমান গোপনীয় তত্ত্ব প্ৰকাশ কৰি দিছিল, তাৰ কাৰণ আছিল অৰ্জুন আছিল শ্ৰীকৃষ্ণৰ একান্ত ভক্ত। গাইগৰুৰ কাষলৈ দামুৰী অহাৰ লগে লগে যিদৰে স্তনৰ পৰা গাখীৰ স্বতঃস্ফুৰ্তভাৱে ওলাবলৈ ধৰে, একেদৰে সু-শিষ্য সদগুৰুৰ কাষ চাপিলেই সদগুৰুৱেও সকলো ঢালি বাকি দিবলৈ ধৰে।
‘ৰাজবিদ্যা ৰাজগুহ্যং পবিত্ৰমিদমুত্তমম্।
প্ৰত্যক্ষাবগমং ধৰ্ম্যং সুসুখং কৰ্তুমব্যয়ম্।।’
অৰ্থাৎ, এই ৰাজবিদ্যাৰ জ্ঞান বিদ্যাসমূহৰ মাজত শ্ৰেষ্ঠ, গুহ্যতম, অত্যন্ত পৱিত্ৰ, প্ৰত্যক্ষানুভূতিৰ বিষয়, ধৰ্মৰ প্ৰবৃত্তিবৰ্ধক, সুখসাধ্য আৰু অক্ষয়ফলপ্ৰদ।
তনয়জিৎঃ খাউন্ড দা, এনেদৰেও আছে, টুকি আনিছো..
‘সাৰ্বভৌম এই জ্ঞান পৰম গোপন আৰু পৱিত্ৰ উত্তম,
নিজৰ চকুৰে দেখা জীৱন্ত দৃশ্যৰ দৰে অত্যন্ত প্ৰাঞ্জল,
ধৰ্মৰ লগত ঘনিষ্ঠ সংগতি থকা,
অনায়াসে পালন কৰিব পৰা আৰু অক্ষয় ফলেৰে ভৰা।’..
ঋষিকৃষ্ণঃ সাধু! সাধু!
মুক্তাকংকনঃ নেওগ দা, এনেদৰেও পাইছো….’This knowledge is the king of education, the most secret of all secrets. It is the purest knowledge, and because it gives direct perception of the self by realization, it is the perfection of religion. It is everlasting, and it is joyfully performed.’ আপোনাৰ ভতিজাৰ বাবে কামত লাগিব!
নেওগঃ বঢ়িয়া মুক্তা!
মিশ্ৰঃ কৃষ্ণ! কৃষ্ণ!!
নয়নঃ ৰাধে! ৰাধে!
গণেশ শৰ্মাঃ এই বিদ্যা অব্যয়। আত্মবিদ্যা চিৰস্থায়ী। ই নষ্ট নহয়। যিজনৰ আত্মদৰ্শন হৈ গৈছে, তেওঁৰ চিৰকালৰ বাবে শান্তি হৈ গৈছে। ভগৱানে যাক এবাৰ কোলাত উঠাই লয়, সেইজনক কেতিয়াও নমাই নিদিয়ে।
খাউন্ডঃ সুন্দৰ ব্যাখ্যা শৰ্মা।
শ্ৰীকৃষ্ণই পুনৰ ক’লে-
‘অশ্ৰদ্দধানাঃ পুৰুষা ধৰ্মস্যাস্য পৰন্তপ।
অপ্ৰাপ্য মাং নিবৰ্তন্তে মৃত্যুসংসাৰবত্ম্ৰনি।।’
অৰ্থাৎ, হে পৰন্তপ! এই ধৰ্মৰ প্ৰতি অশ্ৰদ্ধাকাৰী পুৰুষসকলে মোক নাপাই মৃত্যুময় সংসাৰচক্ৰত ভ্ৰমণ কৰে।
ঋষিকৃষ্ণ শৰ্মাই অলপ ব্যাখ্যা কৰিলে ভাল হ’ব। মিশ্ৰ ডাঙৰীয়াইও পাৰে…
মিশ্ৰঃ শৰ্মাই ক’লে বেছি ভাল হ’ব।
নেওগঃ মিশ্ৰ ডাঙৰীয়াই আমাক পিছত বেদৰ আলোচনা কৰাই শুনাব বুলি আশা কৰিলো। লক-ডাউন বাঢ়ি গ’লে..?
মিশ্ৰঃ আপত্তি নাই# সময়# সুবিধা চাই।
ঋষিকৃষ্ণঃ এই পথ যিমান সহজ, সিমান কঠিন। মানুহে লৌকিক সুখ একোকেই এৰিব নিবিচাৰে। এই লৌকিক ৰমণীয় পৃথিৱীৰ বাহিৰত যে আনন্দময় শ্ৰীভগৱানৰ ৰাজ্য থাকিব পাৰে, মানুহে সেয়া ভাবিবই নোৱাৰে। অলেখ মানুহ শ্ৰদ্ধাহীন। মুক্ত বায়ু, মুক্ত পোহৰ, মুক্ত সূৰ্যৰশ্মি লাভ কৰি থকা মানুহে এবাৰো নাভাবে যে এইবোৰ কোনে যোগান ধৰি আছে! বহুতে কয় যে আমি শ্ৰীভগৱান বা শ্ৰীগুৰুৰ বাবে আগ্ৰহী নহয়, কিন্তু আমি সৎকৰ্ম কৰো। এনে ব্যক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ তথাকথিত’সৎকৰ্ম’ই সুপ্ত অহমিকাৰ সৃষ্টি কৰে। বেছিভাগ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে পৰৱৰ্তীকালত সমাজৰ পৰা সন্মান লাভ নকৰি বিষাদগ্ৰস্ত হৈ পৰে। বহুতে ইন্দ্ৰিয়ভোগৰ বশৱৰ্তী হৈ নিষিদ্ধ কৰ্মত লিপ্ত হয়।
শ্ৰীকৃষ্ণই কৈছিল যে হে ধনঞ্জয়! জীৱসমূহৰ কৰ্মই অনাসক্ত আৰু উদাসীন মোক মোৰ কৰ্ম পৰা আতৰাব নোৱাৰে। মূঢ়ব্যক্তিসকলে মোৰ মহাভূতৰ মহেশ্বৰৰূপৰ পৰম ভাবক নাজানি মনুষ্যৰ দেহত আশ্ৰয় ধাৰণ কৰি মোক অৱজ্ঞা কৰি থাকে। সেইকাৰণে শ্ৰীশঙ্কৰাচাৰ্যই কৈছিল–
‘ভজ গোবিন্দং ভজ গোবিন্দং ভজ গোবিন্দং মূঢ়মতে।
প্ৰাপ্তে সন্নিহিতে মৰণে ন হি ন হি ডু-কৃং কৰণে।’
অৰ্থাৎ, শ্ৰীগোবিন্দ ভজনেই মূল , জীৱনৰ সাৰ। মৃত্যুকাল আহিলে ব্যাকৰণৰ কোনো সূত্ৰ কামত নালাগে। যেনে কৰ’নাৰ ক্ষেত্ৰত পাৰমাণৱিক বোমা বা ফেচবুক-হোৱাটচ্এপৰ আলোচনা কোনো কামত অহা নাই বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰসমূহো কোনো কামত অহা নাই।
নেওগঃ হয়! কথাটো হয়!
গণেশ শৰ্মাঃ কিন্তু শ্ৰীকৃষ্ণই কৈছে যে মহাত্মাসকলে দৈৱী প্ৰকৃতিক আশ্ৰয় কৰি অনন্যমনা হৈ মোক সৰ্বভূতৰ আদিত স্থিত অব্যয় বুলি জানি ভজি থাকে আৰু কিছুমানে জ্ঞানযজ্ঞৰ দ্বাৰা পূজা কৰি মোক উপাসনা কৰে, কিছুমানে অভেদবুদ্ধিৰে তথা কিছুমানে ভেদবুদ্ধিৰে উপাসনা কৰে। মোক জনাসকলে জানে যে ময়েই ক্ৰতু, ময়েই যজ্ঞ, ময়েই স্বধা (শ্ৰাদ্ধাদি ক্ৰিয়া), ময়েই ঔষধ, ময়েই আজ্য (ঘিউ), ময়েই অগ্নি, ময়েই হোম।
অৰ্থাৎ ভগৱান সকলোৰে বীজ।
খাউন্ডঃ সুন্দৰ শৰ্মা। শ্ৰীকৃষ্ণই কৈছে-
‘গতিৰ্ভৰ্তা প্ৰভুঃ সাক্ষী নিবাসঃ শৰণং সুহৃৎ।
প্ৰভবঃ প্ৰলয়ঃ স্থানং নিধানং বীজমব্যয়ম্।।’
অৰ্থাৎ, ময়েই জগতৰ গতি, পালনকৰ্তা,প্ৰভু, সাক্ষী, নিবাসস্থান, আশ্ৰয়, সুহৃৎ সৃষ্টিকৰ্তা, প্ৰলয়কৰ্তা, আধাৰ, প্ৰলয়স্থান আৰু অবিনাশী বীজস্বৰূপ।
আৰু কৈছে, হে অৰ্জুন! মই তাপ প্ৰদান কৰো, জল আকৰ্ষণ কৰো, পুনৰায় বৰ্ষণ কৰো, ময়েই জীৱন আৰু ময়েই মৃত্যু, ময়েই সৎ আৰু ময়েই অসৎ। বেদসমূহৰ কৰ্মকান্ড অনুসৰণকাৰীসকলে যজ্ঞৰ দ্বাৰা মোক পূজা কৰি পাপমুক্ত হৈ স্বৰ্গ লাভ কৰে। অনন্যচিত্তে যিসকলে মোক চিন্তা কৰি কৰি উপাসনা কৰে, মই তেনে একনিষ্ঠ ভক্তৰ যোগক্ষেম বহন কৰো।
সৰলঃ যোগক্ষেম মানে কি দাদা?
ঋষিকৃষ্ণঃ যোগক্ষেম শব্দৰ সাধাৰণ অৰ্থ হ’ল ভক্তই যিহেতু নিজৰ ক্ষেত্ৰত চিন্তাশূণ্য হৈ ভগৱানকেই ভজি থাকে, সেইকাৰণে ভগৱানে তেওঁৰ দায়িত্ব বহন কৰে। ‘ক্ষেম’ শব্দৰ অৰ্থ হ’ল, ভগৱানে প্ৰেম দানন কৰি ভক্তক ৰক্ষা কৰে, যোগক্ষেম হ’ল অবিচ্ছেদ্য প্ৰেম দান।
শ্ৰীকৃষ্ণই কৈছিল, হে কৌন্তেয়! যিহকেই কৰা, যি ভোজন কৰা, যি হবন কৰা, যি দান কৰা, যি তপস্যা কৰা, সেই সকলোবোৰ মোক অৰ্পণ কৰা। এনেদৰেই কৰ্মবন্ধনৰ পৰা , কৰ্মফলৰ পৰা মুক্তিপ্ৰাপ্ত হ’বা আৰু মোক প্ৰাপ্ত কৰিবা। মই সৰ্বভূততেই সমভাবাপন্ন, মোৰ দ্বেষৰ পাত্ৰ নাই, প্ৰিয়ও নাই; এনে ক্ষেত্ৰত মোক যিহকলে ভক্তিৰে ভজে – তেওঁ মোতেই অৱস্থান কৰে আৰু মইও তেওঁত অৱস্থান কৰো। হে কৌন্তেয়, নিশ্চিতভাৱে জানিবা যে মোৰ ভক্ত বিনাশপ্ৰাপ্ত নহয়।
খাউন্ডঃ ঋষিকৃষ্ণ শৰ্মা ডাঙৰীয়াক অলেখ ধন্যবাদ। আপুনি প্ৰায় সমাপ্তই কৰিলে। এতিয়া মাত্ৰ দুটা শ্লোক আছে, তাৰপিছত আমি আজি সমাপ্ত কৰিম।..নয়ন, কিবা ক’বা?
নয়নঃ শেষৰ শ্লোকটো ময়েই পাঠ কৰো নেকি বাৰু?
খাউন্ডঃ ভজগোবিন্দম। আগবঢ়া।
মিশ্ৰঃ কৃষ্ণ! কৃষ্ণ!
নেওগঃ ৰাধে! ৰাধে!
নয়নঃ
‘মোতেই নিবিষ্ট চিত্তে মোৰেই যজন কৰা,
মোকে প্ৰণিপাত কৰি মোতেই শৰণ লোৱাঁ;
মোলৈকে আহিবা বুলি শয়নে-সপোনে ভাবি
কৃত্যকৰ্ম সকলোটি মাথোঁ তুমি কৰি যোৱাঁ।’
মিশ্ৰঃ সুন্দৰ নয়ন! কি গলগলীয়া কন্ঠ! আমি অভিভূত! ধন্যবাদ। বহুত ধন্যবাদ।
নয়নঃ মই নিমিত্ত মাত্ৰ মিশ্ৰ ভিনদেউ। আপোনাকো প্ৰণাম।
মুক্তাকংকনঃ নেওগ দাৰ অনুৰোধক্ৰমে মইও দুষাৰ কৈছো বাৰু….. ‘Engage your mind always in thinking of Me, become My devotee, offer obeisances to Me and worship Me. Being completely absorbed in Me, surely you will come to Me.’
খাউন্ডঃ এতিয়াহে কেৰাহীৰ তেল গৰম হৈছে। সকলোৱে ভাবযুক্ত হৈ পৰিছে। সকলোকে ধন্যবাদ।
অহাকালি দশম অধ্যায়ৰ ওপৰত আমি সাধ্যমতে আলোচনা কৰিম।
সৰলঃ অহাকালিৰ অধ্যায়টোৰ নাম?
খাউন্ডঃ বিভূতিযোগ। অহাকালি বিভূতিযোগ।
প্ৰণাম।
সকলোৱেঃ প্ৰণাম
••••••••••••••••••••••••••••••••••••••••••••••••••
। ।। ওঁ ।।
০৫/০৪/২০২০ (দেওবাৰ)
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
দশম অধ্যায়
বিভূতিযোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ আজি দেওবাৰ। এইকেইদিন প্ৰতিটো দিনেই যেন দেওবাৰৰ দিন। ‘লক-ডাউন’ আৰু ‘দৈহিক ব্যৱধান’ – দুয়োবিধেই আমাৰ বাবে এক নতুন অভিজ্ঞতা। তাতে আকৌ এইধৰণৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গীতালোচনা! ইয়ো এক বিৰল অভিজ্ঞতা। আজি পুৱাবেলালৈ সমগ্ৰ বিশ্বৰ ২০৬ খন দেশত আৰু অঞ্চলত ১২০১৯৬৩ জন মানুহ কৰ’নাক্ৰান্ত হ’ল, ৬৪৭২৭ জনৰ মৃত্যু হ’ল, ২৪৬৬৩৮ জন ইতিমধ্যে সুস্থ হ’ল। অসমতো ইতিমধ্যে ২৬ জন কৰ’না পজিটিভ ব্যক্তি চিনাক্ত হ’ল। দেখা যাওক, অদূৰ ভৱিষ্যতে ই কেনে ৰূপ ধাৰণ কৰে! আমি সাৱধান হোৱাৰ বাহিৰে অইন উপায় নাই। এতিয়া আমি আমাৰ গীতালোচনালৈ আগবাঢ়িম….
‘বিভূতিযোগ’ অধ্যায় অতি চমকপ্ৰদ। এই অধ্যায়ত ভগৱানে নিজৰ পৰম বাক্য অৰ্জুনক শুনাবলৈ বিচাৰিছে। ‘পৰম’ শব্দৰ অৰ্থ হ’ল শ্ৰেষ্ঠ। উপনিষদত পৰাবিদ্যা আৰু অপৰাবিদ্যাৰ কথা কোৱা হৈছে। পৰাবিদ্যা হ’ল ব্ৰহ্মবিদ্যা – যি বিদ্যা শ্ৰীগুৰুদেৱৰ পৰা লাভ হয়। এই বিদ্যাৰ দ্বাৰা আত্মদৰ্শন বা Self-Realisation হয়। ইয়াৰ প্ৰত্যক্ষ ফল হ’ল সংসাৰ বন্ধন নাশ। অপৰাবিদ্যাৰ অৰ্থ হ’ল জাগতিক বিদ্যা, যাৰ দ্বাৰা গ্ৰাসাচ্ছাদন আৰু বস্ত্ৰাদিৰ ব্যৱস্থা হয়। অপৰাবিদ্যা হ’ল পৰাবিদ্যাৰ সহায়ক। শ্ৰীকৃষ্ণই অৰ্জুনক পৰাবিদ্যা লাভৰ যোগ্য কৰি তুলিবলৈ দশম অধ্যায়ত নিজমুখেৰে দিক্দৰ্শন কৰাইছে।
শ্ৰীকৃষ্ণই ক’লে-
‘ভূয় এব মহাবাহো শৃণু মে পৰমং বচঃ।
যত্তেহহং প্ৰীয়মাণায় বক্ষ্যামি হিতকাম্যয়া।।’
অৰ্থাৎ, হে মহাবাহু! পুনৰ মোৰ পৰম বাক্য শ্ৰৱণ কৰা। যি বাক্য তোমাৰ হিতকামনাৰ্থে প্ৰীয়মান তোমাক মই ক’ম। ‘মহাবাহু’ শব্দৰ অৰ্থ হ’ল শক্তিশালী, ইয়াৰ দ্বাৰা অৰ্জুনক বুজোৱা হৈছে। অৰ্জুন কৰ্তব্য পালনত দক্ষ পাৰদৰ্শী। নিজৰ যোগ্যতা তেওঁ বাৰম্বাৰ প্ৰমাণ কৰিছে। সেয়ে মহাবাহু। আমাৰো এই আলোচনা য’ত ডাঙি ধৰাৰ বাবে লিপিবদ্ধ হৈ আছে, তাৰো নাম মহাবাহু! www.mahabahoo.com
মিশ্ৰঃ চমৎকাৰ!
নেওগঃ কি চমৎকাৰ মিশ্ৰ?
মিশ্ৰঃ আপুনি বৈঠকৰ শেষত সুধিব, বহলাই ক’ম। এতিয়া প্ৰসংগ সলনি হৈ যাব।
নেওগঃ কৃষ্ণ! কৃষ্ণ! আপুনি যি ভাল দেখে!
খাউন্ডঃ অৰ্জুনৰ আন্তৰিকতাই আৰু জ্ঞান লাভৰ আগ্ৰহে পৰমেশ্বৰক কৃপা বৰ্ষণৰ বাবে বাধ্য কৰাইছে, যিদৰে সন্তানৰ দুগ্ধ পানৰ পিপাসাই মাতৃবক্ষৰ পৰা দুগ্ধ নিঃসৰণ কৰায়। শ্ৰীভগৱান হ’ল অফুৰন্ত অমৃত ভান্ড। সাধক অমৃত পিয়াসী। গীতা হ’ল অমৃত নিঃসৰণ। লক-ডাউনৰ এই দিনবোৰত গীতালোচনা সম্ভৱপৰ হৈছে শ্ৰীযুত গণেশ শৰ্মা, নেওগ, মিশ্ৰ, মুক্তা, ঋষিকৃষ্ণ, তনয়জিৎ, সৰল, নয়নৰ আগ্ৰহৰ বাবে। সকলোকে প্ৰণাম।
‘ন মে বিদুঃ সুৰগণাঃ প্ৰভবং ন মহৰ্ষয়ঃ।
অহমাদিৰ্হি দেবানাং মহৰ্ষীনাঞ্চ সৰ্বশঃ।।’
অৰ্থাৎ, দেৱতাসকলেও মোৰ উৎপত্তিৰ সম্যক তত্ত্ব নাজানে, মহৰ্ষিসকলেও নাজানে, যিহেতু মই সকলোৰে সকলোপ্ৰকাৰৰ আদিকাৰণ। তাৰোপৰি যিয়ে মোক জন্মৰহিত, আদিৰহিত, লোকমহেশ্বৰ বুলি জানে – তেওঁ মানৱসমাজত মোহমুক্ত হৈ সকলোপ্ৰকাৰৰ পাপৰ পৰা মুক্ত হয়।
ঋষিকৃষ্ণঃ বুদ্ধি, জ্ঞান, মোহশূণ্যতা, সত্য, ক্ষমা, বাহেন্দ্ৰিয় সংযম, চিত্ত সংযম, দুখ সুঃখ, জন্ম, মৃত্যু, ভয় -অভয়, অহিংসা, সমতা, তুষ্টি, দান, যশ, অযশ – বিভিন্ন ধৰণৰ ভাব জীৱসকলে ভগৱানৰ পৰাই পায়।
খাউন্ডঃ শ্ৰীকৃষ্ণই আৰু ক’লে – মই জগতৰ উৎপত্তিৰ কাৰণ, মোৰপৰাই সকলো প্ৰৱৰ্তিত হয়, ইয়াকে জানি জ্ঞানীসকলে প্ৰীতিযুক্ত হৈ মোৰ ভজনা কৰে তথা মোৰ সৈতে সৰ্বদা যুক্ত হৈ থকা প্ৰীতিপূৰ্বক ভজনশীল সেই ভক্তসকলক বুদ্ধিযোগ প্ৰদান কৰো – যাৰদ্বাৰা তেওঁলোকে মোক প্ৰাপ্ত কৰে।
নেওগঃ মোৰ মতে মোৰ সহপাঠী বসুমতাৰীয়েও তেনেদৰে ভজনা কৰিলেহে শ্ৰীকৃষ্ণৰ কৃপাত শ্ৰীদিলদাৰ পাটগিৰিৰ ধনৰ টোপোলাৰ গাঁঠি শিথিল হ’ব আৰু বসুমতাৰীৰ লগতে আনোৱাৰৰো মনোকামনা পূৰ্ণ হ’ব! তেওঁলোকে ‘খানা’ খাব পাৰিব। আজি বসুমতাৰীক ক’ব লাগিব।
মিশ্ৰঃ নেওগক আগৰ ৯ টা অধ্যায়েও সেই ‘খানা’ৰ বিষয়টো পাহৰাব নোৱাৰাটো বৰ আশ্বৰ্যজনক!! আপুনি গীতাৰ মাজত সোমোৱাই নাই, এনেয়ে Time Pass কৰি আছে যেন হে লাগিছে। বসুমতাৰী আৰু আনোৱাৰক, লগতে আপোনাকো ময়েই খুৱাম, হ’ব? ইয়াৰ পিছত আৰু নুলিয়াব কিন্তু!
নেওগঃ আপোনাৰ খানা বাকী আছে। আমি চিন্তা কৰা নাই। কিন্তু আপুনি বেলেগৰ ধাই-মাতৃ হ’ব খুজিছে কিয়? কি প্ৰয়োজন? মই ইচ্ছা কৰা নাই। আজি গীতালোচনাৰ আগে আগে বসুমতাৰীয়ে ফোন কৰিছিল, কৈছিল যে ভগৱানৰ বতাহ-পানীৰে দেহ ধাৰণ কৰিম, কিন্তু খেতিয়ক পৰিষদৰ সভাপতি শ্ৰীদিলদাৰ পাটগিৰিক শাক-পাচলিৰ কথা নকও! এদাল লেচেৰাও হেনো দিয়া নাই এই সংকটৰ দিনত! মনটো বেয়া লাগি আছিল বাবে ওলাই গ’ল। মই কিছুমানৰ দৰে পেটত কথা ৰাখি থব নোৱাৰো! আপোনালোকৰ সময় নষ্ট কৰা বাবে দুঃখিত।
মুক্তাকংকনঃ নেওগ দা! সকলো ভগৱানৰ ইচ্ছা। তেৰাৰ ইচ্ছাতেই কথাবোৰ হয়তো ওলাইছে। মিশ্ৰ দা, ইয়াৰো কাৰণ থাকিব লাগিবই!
খাউন্ডঃ শ্ৰীকৃষ্ণই ক’লে , এই জ্ঞান নিৰ্বাধ – সৰ্ববাধাৰহিত। তেতিয়া অৰ্জুনে ভগৱানক সুধিলে-
‘পৰং ব্ৰহ্ম পৰং ধাম পবিত্ৰং পৰমং ভবান্।
পুৰুষং শাশ্বতং দিব্যমাদিদেবমজং বিভুম্।
আহুস্ত্বামৃষয়ঃ সৰ্বে; দেবৰ্ষিৰ্নাৰদস্তথা।
অসিতো দেবলো ব্যাসঃ স্বয়ং চৈব ব্ৰবীষি মে।।’
অৰ্থাৎ, আপুনি পৰম ব্ৰহ্ম, পৰম ধাম, পৰম পবিত্ৰ। সকলো ঋষি আৰু দেবৰ্ষি নাৰদ, অসিত, দেবল, ব্যাস আদিয়ে আপোনাক নিত্য, দিব্যপুৰুষ, আদিদেব, জন্মৰহিত, বিভু বুলি কৈ থাকে আৰু সেয়া আপুনিও মোক কৈছিল।
নয়নঃ খাউন্ড দা, এক মিনিট লৈছো…
‘ অৰ্জুনে ক’লেঃ
জানিছো জানিছো মই তুমিয়ে পৰম ব্ৰহ্ম,
পৰম গন্তব্য, একান্ত পাৱন আৰু শাশ্বত পুৰুষ তুমি;
জানো মই আদিতম দেৱ তুমি,
পৰম অনাদি আৰু সৰ্বব্যাপ্তিমান।
শুনিছো ইবোৰ কথা কালে কালে বহুতো ঋষিয়ে কোৱা –
দেৱৰ্ষি নাৰদ, অসিত, দেৱল আৰু
ব্যাসদেৱে আপোন মুখেৰে কৈ থৈ যোৱা,
তদুপৰি এইমাত্ৰ শুনিছোঁ তোমাৰো অমৃত মুখৰ পৰা।’
সৰলঃ বাঃ বাঃ, তনয় দা, বঢ়িয়া!
মিশ্ৰঃ সুন্দৰ।
মুক্তাকংকনঃ বঢ়িয়া নয়ন, তোমাৰ কন্ঠস্বৰৰ জবাব নাই!
খাউন্ডঃ অৰ্জুনে ক’লে, হে পুৰুষোত্তম! হে ভূতভাৱন! হে ভূতেষ! হে দেবদেব! হে জগৎপতূ! আপুনি স্বয়ং নিজেহে নিজক জানে!
নেওগঃ মিশ্ৰ ডাঙৰীয়াইও স্বয়ং নিজেহে নিজক জনাৰ দৰে!
মিশ্ৰঃ আপোনাৰো জবাব নাই কিন্তু! দিব্য আত্মবিভূতিসম্পন্ন শ্ৰীকৃষ্ণই হে যিদৰে সম্পূৰ্ণৰূপে এইকথা ক’ব পাৰে যে কি কি বিভূতিৰে সমস্ত লোকসমূহ কিদৰে ব্যাপ্ত হৈ আছে, আৰু শ্ৰীকৃষ্ণৰ ইমান গুঢ়তত্ত্ব শুনিও অৰ্জুনৰ যিদৰে মন তৃপ্ত হোৱা নাছিল বাবেহে অৱশেষত অৰ্জুনে দিব্যৰূফ দেখিবলৈ সক্ষম হৈছিল – একেদৰে খাউন্ড ডাঙৰীয়াৰ আৰু মুনিকৃষ্ণ শৰ্মা ডাঙৰীয়াৰ গীতালোচনাইও আপোনাক তৃপ্ত কৰিব নোৱাৰা বাবে মই নিশ্চিত যে আপুনি বসুমতাৰীক অৰ্দ্ধকোটিপতিৰ দিব্যৰূপ প্ৰত্যক্ষ কৰাবলৈ তথা নিজেও সেই ৰূপ ‘জালুকবাৰী ধাবা’ত দৰ্শন কৰি ধন্য হ’ব! কিন্তু ‘লক-ডাউন’ শেষ হোৱালৈ অপেক্ষা কৰকচোন!
খাউন্ডঃ
‘হন্ত তে কথয়িষ্যামি দিব্যা হ্যাত্মবিভূতয়ঃ।
প্ৰাধান্যতঃ কুৰুশ্ৰেষ্ঠ নাস্ত্যন্তো বিস্তৰস্য মে।।’
অৰ্থাৎ, শ্ৰীভগৱানে ক’লে, হে কুৰুশ্ৰেষ্ঠ! দিব্য আত্মবিভূতিসমূহৰ প্ৰধান প্ৰধানসমূহ মই তোমাক ক’ম, যিহেতু মোৰ বিভূতি বিস্তাৰৰ অন্ত নাই।
ঋষিকৃষ্ণঃ হৰি অনন্ত! হৰি কথাও অনন্ত! কৃষ্ণ! কৃষ্ণ!
তনয়জিৎঃ ৰাধে! ৰাধে!
খাউন্ডঃ শ্ৰীকৃষ্ণই পুনৰ ক’লে- হে গুড়াকেশ! ময়েই সকলো প্ৰাণীৰ হৃথয়স্থিত আত্মা, মই ভূতৰ আদি, মধ্য আৰু অন্ত। আদিত্যসকলৰ মাজত মই বিষ্ণু, জ্যোতিষ্কবোৰৰ মাজত ৰশ্মিবিকিৰণ কৰা সূৰ্য, বায়ুৰ মাজত মৰীচি আৰু নক্ষত্ৰাদিৰ মাজত চন্দ্ৰ। মই বেদৰ মাজত সামবেদ, দেৱতাৰ মাজত ইন্দ্ৰ, ইন্দ্ৰিয়ৰ মাজত মন আৰু প্ৰাণীবোৰৰ মাজত চেতনা। মই ৰুদ্ৰসকলৰ মাজত শঙ্কৰ, যক্ষ-ৰাক্ষসৰ মাজত কুবেৰ, বসুসকলৰ মাজত অগ্নি আৰু পৰ্বতবোৰৰ মাজত সুমেৰু। হে অৰ্জুন! মই পুৰোহিতসকলৰ মাজত বৃহস্পতি, সেনাপতিসকলৰ মাজত কাৰ্তিক আৰু জলাশয়বোৰৰ মাজত সাগৰ। মই মহৰ্ষিসকলৰ মাজত ভৃগু, শব্দসমূহৰ মাজত একাক্ষৰ (ওঁ), যজ্ঞসমূহৰ মাজত জপ ৰূপ যজ্ঞ আৰু স্থাবৰসকলৰ মাজত হিমালয়। বৃক্ষসমূহৰ মাজত মই অশ্বত্থ, দেৱৰ্ষিসকলৰ মাজত চিত্ৰৰথ আৰু সিদ্ধসকলৰ মাজত কপিল মুনি।…..
মুনিৰ কথা আহিল ঋষিৰ কথাও আহিল। ঋষিকৃষ্ণ শৰ্মাই অলপ আগবঢ়ালে সকাহ পাম। নে কি কয় মিশ্ৰ ডাঙৰীয়া?
মিশ্ৰঃ হৰিয়েই হৰ# হৰেই হৰি# শৰ্মা ডাঙৰীয়াই আমাক অলোকপাত কৰিব নিশ্চয়!
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ! শ্ৰীকৃষ্ণই আৰু ক’লে- অস্ত্ৰবোৰৰ মাজত মই বজ্ৰ, ধেনুবোৰৰ মাজত মই কামধেনু, প্ৰাণীৰ উৎপত্তি হেতু মই কামদেৱ, আৰু সৰ্পসকলৰ মাজত মই বাসুকি। মই নাগসমূহৰ মাজত অনন্ত, জলচৰসমূহৰ মাজত বৰুণ, পিতৃগণৰ মাজত অৰ্যমা আৰু ধৰ্মাধৰ্মৰ নিয়ন্ত্ৰণকাৰীৰ মাজয ময়েই যম। দৈত্যসকলৰ মাজত মই প্ৰহ্লাদ, গণনাকাৰীৰ মাজত কাল, পশুসকলৰ মাজত মই বিনতানন্দন গৰুড়। মই বেগবানসকলৰ মাজত পবন, শস্ত্ৰধাৰীসকলৰ মাজত ৰাম আৰু মৎস্যগণৰ মাজত মকৰ তথা নদ-নদীৰ মাজত জাহ্নবী।
হে অৰ্জুন! ময়েই সৃষ্টিৰ বস্তুবোৰৰ মাজত আদি, মধ্য আৰু অন্ত, বিদ্যাৰ মাজৰ অধ্যাত্মবিদ্যা আৰু তৰ্কবিদ্যাৰ মাজত বাদ। মই অক্ষৰসমূহৰ মাজত অ-কাৰ, সমাসবোৰৰ মাজত দ্বন্দ, ময়েই অক্ষয়কাল আৰু সৰ্বতোমুখ বিধাতা। মই সৰ্বসংহাৰকাৰী মৃত্যু আৰু ভৱিষ্যতৰ উদ্ভৱৰ কাৰণ, নাৰীসকলৰ মাজত কীৰ্তি, শ্ৰী, বাক্, স্মৃতি, মেধা, ধৃতি আৰু ক্ষমা।….
ভগৱানৰ অলেখ বাক্য। এইবাৰ আমি মিশ্ৰ ডাঙৰীয়াৰ পৰাও অলপ শুনো নেকি! এনে সুন্দৰ আবৃত্তি কৰে তেখেতে..!
মিশ্ৰঃ মই #মোক কিয় টানে বাৰু# মই পঢ়িহে যাম# ব্যাখ্যা কৰিবলৈ মই অপাৰগ…
নেওগঃ ঠিক আছে, ঠিক আছে! কন্ঠস্বৰটো শুনা পাম! পাঠেই কৰকচোন।
মিশ্ৰঃ মোক খোঁচ এটা নামাৰালৈ আপোনাৰ ক’ত শান্তি হ’ব!! শ্বোলেৰ আপুনি জয়, মই বীৰু!
মুক্তাকংকনঃ য়ে দোস্তি…হম নেহি তোৰেংগে…
নয়ন আৰু সৰলঃ তোৰেংগে হাম মগৰ….তেৰা চাথ…
মিশ্ৰঃ (মিচিকিয়াই হাঁহে)
‘বৃহৎসাম তথা সান্মাং গায়ত্ৰী ছন্দসামহম্।মাসানাং মাৰ্গশীৰ্ষোহহমৃতুনাং কুসুমাকৰঃ।।’
অৰ্থাৎ, মই সামসকলৰ মাজত (গানযোগ্য শ্ৰুতি) বৃহৎ সাম, ছন্দসমূহৰ মাজত গায়ত্ৰী, মাহবোৰৰ মাজত আঘোণ আৰু ঋতুবোৰৰ মাজত বসন্ত।
নেওগঃ। ৱাঃ, ৱাঃ, … মিশ্ৰ ডাঙৰীয়া, ঈৰশ্বাদ ঈৰশ্বাদ!
গণেশ শৰ্মাঃ মই ছলনাকাৰীসকলৰ মাজত দ্যুত, তেজস্বীসকলৰ মাজত তেজ, মই জয়, উদ্যম, সাত্ত্বিকৰ সত্ত্বগুণ। ## মই বৃষ্ণিবংশৰ মাজত বাসুদেব, পান্ডৱৰ মাজত ধনঞ্জয়, মুনিসকলৰ মাজত ব্যাস আৰু কবিসকলৰ মাজত শুক্ৰাচাৰ্য।## মই দমনকাৰীসকলৰ দন্ড, জয়েচ্ছুসকলৰ নীতি, গুহ্যবিয়সবোৰৰ মৌনতা, আৰু জ্ঞানীসকলৰ জ্ঞান।## হে অৰ্জুন! যি সৰ্বভূতৰ বীজ- সেয়াও মই, যিবোৰ স্থাবৰজঙ্গমাত্মক পদাৰ্থ আছে- সেইবোৰো মই।….
খাউন্ড ডাঙৰীয়া, মোৰ বাবে এইখিনিয়েই যথেষ্ট। বেছি নাইও বোধহয়!
খাউন্ডঃ আমি আহি আহি বিভূতিযোগৰ শেষ পৰ্যায় পাইছো। মিশ্ৰ আৰু শৰ্মাই পাঠ কৰা বাবে ধন্যবাদ। ইয়াৰ পিছত ভগৱানে ক’লে– হে পৰন্তপ! মোৰ দিব্য বিভূতিসমূহৰ অন্ত নাই হেতুকে এইখিনিকেই সংক্ষেপে ক’লো।
ইয়াৰ পিছত মাত্ৰ দুটা শ্লোক আছে। মুক্তাই সেইদুটা কওক, তাৰপিছত আমাৰ তনয়জিৎ ডেকাই মোখনি মাৰিব।
মুক্তাকংকনঃ অসমীয়াত নে ইংৰাজীত?
নেওগঃ সহজ ইংৰাজী হ’লে ভাল। ডেকাই অসমীয়াত ক’বই যেতিয়া!
মুক্তাকংকনঃ
‘Know that all opulent, beautiful and glorious creations spring from but a spark of My splendor.’
##
‘But what need is there, Arjuna, for all this detailed knowledge? With a single fragment of Myself I pervade and support this entire universe.’
নেওগঃ অভিনন্দন মুক্তাকংকন। বঢ়িয়া! বঢ়িয়া!
সৰলঃ খুব সুন্দৰ।
নয়নঃ অতি প্ৰাঞ্জল, দাদা।
খাউন্ডঃ এতিয়া তনয়জিৎ…..!
তনয়জিৎঃ
‘য’তেই বিচাৰি পোৱা বিভূতিৰ কিবা ছিটিকনি,
ঐশ্বৰ্য, সমৃদ্ধি অথবা প্ৰভাৱ কিহবাৰ লিপ্তি,
জানি ৰাখা সিবোৰৰ কোনোটোৱে’ নহয় একোকে আন,
সিবোৰ মাথোন মোৰেই প্ৰকাশ কোনোবা অংশৰ দীপ্তি।’
###
‘জানিব খুজিছা তুমি সকলোটি তেনেই খৰচি মাৰি,
তেনেদৰে জানিবৰ প্ৰয়োজন আছে জানো কিবা!
জগতৰ সকলোটি মোতে বৰ্তমান ময়েই ৰাখিছো ধৰি,
মোৰেই এপদ বুলি গোটেই জগত মুঠতে জানিবা।’
খাউন্ডঃ ধন্যবাদ তনয়জিৎ। বিভূতিযোগ অধ্যায় সমাপ্ত হ’ল। ই প্ৰকৃততে বিশ্ব পৰিক্ৰমা। প্ৰভুৱে আমাক সকলো ভ্ৰমণ কৰাই বুজাই দিলে যে সকলঝ ভগৱানৰেই অংশ। আমি ধন্য। এনে এক পৰিক্ৰমা কৰিবলৈ পাই। অনন্তকালৰ পৰা আঘোণ মাহলৈ, নক্ষত্ৰমন্ডলৰ পৰা জঙ্গললৈ, সৃষ্টিৰ আদিৰ পৰা মৃত্যুলৈ, ওঁ-ৰ পৰা নাৰীলৈ – সকলোতে আমাক তেখেতে বিচৰণ কৰালে। আমিও অৰ্জুনৰ দৰেই ধন্য, সঞ্জয়ৰ দৰেই ধন্য। এই বিচৰণ প্ৰয়োজন এইবাবেই যে অহাকালি আমি একাদশ অধ্যায়ত প্ৰৱেশ কৰিম, আৰু আমি প্ৰত্যক্ষ কৰিম ভগৱানৰ বিশ্বৰূপ!
অহাকালি ‘বিশ্বৰূপদৰ্শন যোগ’!
সময় একেই থাকিব।
এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু সকলোৱে সাধ্যমতে প্ৰসাদ বিতৰণ কৰিব।
প্ৰণাম।
সকলোৱেঃ প্ৰণাম।
•••••••••••••••••••••••••••••••••••••••••••••••••
|| ওঁ ||
০৬/০৪/২০২০ (সোমবাৰ)
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
একাদশ অধ্যায়
বিশ্বৰূপদৰ্শন-যোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৫) শ্ৰীযুত গণেশ শৰ্মা
৭) শ্ৰীমান তনয়জিৎ ডেকা
৮) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৯) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ আজিৰ বাৰ্তা অনুসৰি সমগ্ৰ বিশ্বত কৰ’নাক্ৰান্তৰ সংখ্যা হৈছে ১২৭৩৯৯০ জন ব্যক্তি, আৰু ৬৯৪৪৪ জনৰ মৃত্যু হৈছে। আমেৰিকাৰ অৱস্থা গম্ভীৰ। ৩৩৬৯৫৮ গৰাকী আমেৰিকান আক্ৰান্ত হৈছে আৰু ৯৬২৬ জনৰ মৃত্যু হৈছে। ইটালীৰ আক্ৰান্তৰ সংখ্যা হৈছে ১২৮৯৪৮ গৰাকী ইটালিয়ান, আৰু ১৫৮৮৭ জনৰ মৃত্যু হৈছে। স্পেইনৰ ১৩১৬৪৬ জন আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা ১২৬৪১। ভাৰতৰ ৪২৮৮ জন আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা ১১৭ জন। আমাৰ অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা নাই, ২৬ জনেই হৈ আছে। মুঠতে এখন বিৰাটাকাৰ বিশ্বযুদ্ধৰ আমি অংশীদাৰ হৈ পৰিছো, শত্ৰু অদৃশ্য, আৰু আমি সাৱধান হ’লেহে শত্ৰু পৰাভূত হ’ব!
এতিয়া আমি আগবাঢ়োহক…
জীৱনত প্ৰথমবাৰৰ বাবে আমাৰ সকলোৰে ই এক বিৰল অভিজ্ঞতা যে আমি অবিৰতভাৱে এটাৰ পিছত অইনটো অধ্যায় সমাপ্ত কৰি আজি একাদশ অধ্যায়ৰ নঙলামুখত উপস্থিত হৈছো। অৰ্জুনক ভগৱানে যি বিশ্বৰূপ দেখুৱাইছিল, সেই বিশ্বৰূপ আমি অনুভৱ কৰাই কঠিনতম বিষয়। কিন্তু আমি যে আলোচনাৰ মাজেৰেই ধন্য হৈ পৰিম, সেয়া নিশ্চিত। শ্ৰীকৃষ্ণৰ মুখৰ পৰা কথাবোৰ শুনি অৰ্জুনৰ অন্তৰত ব্যাকুলতা বৃদ্ধি পালে, ইতিমধ্যে তেওঁ ভগৱানৰ বিভূতিৰ বিষয়ে অৱগত হৈছে। ভক্তই মাথো শুনিয়েই তৃপ্ত নহয়, ভক্তই দৰ্শন কৰিব বিচাৰে, স্পৰ্শ কৰিব বিচাৰে, প্ৰৱেশ কৰিব বিচাৰে, নিজকে বিলীন কৰি দিব বিচাৰে।
অৰ্জুনে ক’লে-
‘মদনুগ্ৰহায় পৰমং গুহ্যমধ্যাত্মসংজ্ঞিতম্।
যৎত্বয়োক্তং বচস্তেন মোহোহয়ং বিগতো মম।।’
অৰ্থাৎ, পৰম গুহ্য আধ্যাত্মিক তত্ত্ব বিষয়ক যিবোৰ কথা মোক তুমি ক’লা, সেইবোৰৰ দ্বাৰা মোৰ মোহ দূৰ হৈছে।
প্ৰাণীবোৰৰ উৎপত্তি আৰু বিনাশ তথা তোমাৰ অব্যয় মাহাত্ম্যও তোমাৰ পৰা মই বিস্তৃতভাৱে শ্ৰৱণ কৰিলো।
‘এবমেতদ্ যথাথ ত্বমাত্মানং পৰমেশ্বৰ।
দ্ৰষ্টুমিচ্ছামি তে ৰূপমৈশ্বৰং পুৰুষোত্তম্।।’
গতিকে, হে পৰমেশ্বৰ! তুমি নিজৰ ৰূপৰ যিদৰে বৰ্ণনা কৰিছা, হে পুৰুষোত্তম, মই সেইধৰণেই তোমাৰ ৰূপ দৰ্শন কৰিবলৈ ইচ্ছা কৰো।
হে প্ৰভু, মোক যদি সেই ৰূপ দৰ্শন কৰাৰ বাবে যোগ্য বুলি বিবেচনা কৰা, তেন্তে হে যোগেশ্বৰ, তুমি মোক অবিনাশী নিজ ৰূপ দৰ্শন কৰোৱা।
অৰ্জুনৰ ব্যাকুলতাপূৰ্ণ প্ৰাৰ্থনা শুনি ভগৱানে ক’লে-
‘হে পাৰ্থ! আকৃতিবিশিষ্ট মোৰ অলৌকিক ৰূপ নানাপ্ৰকাৰে আৰু নানা বৰ্ণৰে তথা শত-সহস্ৰপ্ৰকাৰে দৰ্শন কৰা।’
‘হে অৰ্জুন! আদিত্যসকলক, বসুসকলক, ৰুদ্ৰসকলক, অশ্বিনীকুমাৰদ্বয়ক, মৰুতসকলক দৰ্শন কৰা, অদৃষ্টপূৰ্ব বহু আশ্বৰ্যজনক ৰূপসমূহ দৰ্শন কৰা।’
‘হে গুড়াকেশ! মোৰ এই শৰীৰত একত্ৰে স্থিত সচৰাচৰ সমগ্ৰ জগৎ আৰু অইন যি যি চাবলৈ ইচ্ছা কৰা, সেইবোৰ আজি দৰ্শন কৰা।’
‘ন তু মাং শক্যসে দ্ৰষ্টুমনেনৈব স্বচক্ষুষা।
দিব্যং দদামি তে চক্ষুঃ পশ্য মে যোগমৈশ্বৰম্।।’
অৰ্থাৎ, তুমি এই মনুষ্যৰ চকুৰে মোক দৰ্শন কৰিবলৈ সক্ষম নহ’বা, গতিকে মই তোমাক দিব্যচকু প্ৰদান কৰো – তুমি মোৰ যোগেশ্বৰ্য দৰ্শন কৰা।
ইয়াকে কৈ শ্ৰীকৃষ্ণই অৰ্জুনক বিশ্বৰূপ দৰ্শন কৰাবলৈ আৰম্ভ কৰিলে। সেই ৰূপৰ বৰ্ণনা আমি এতিয়া গণেশ শৰ্মা ডাঙৰীয়াৰ মুখেৰে শুনিম….! শৰ্মা ডাঙৰীয়া, আৰম্ভ কৰক।
গণেশ শৰ্মাঃ কৃষ্ণ! কৃষ্ণ!
মিশ্ৰঃ ৰাধে! ৰাধে!
গণেশ শৰ্মাঃ অৰ্জুনে দেখিলে – সেই বিশ্বৰূপ অনেক মুখ তথা নেত্ৰবিশিষ্ট বহু অদ্ভুত দৰ্শন দৃশ্যযুক্ত অনেক অলঙ্কাৰবিশিষ্ট অজস্ৰ দিব্য উদ্যত অস্ত্ৰযুক্ত। দিব্য মালা আৰু বস্ত্ৰশোভিত, দিব্য গন্ধযুক্ত অনুলেপন বিশিষ্ট সকলোৰে বিস্ময় উৎপাদক, জ্যোতিৰ্ময়, অনন্ত তথা সৰ্বদিশে মুখবিশিষ্ট।
ইয়াৰ পিছতেই গীতাত আমি পাম সেই অসাধাৰণ বৰ্ণনা-
‘দিবি সূৰ্য সহস্ৰস্য ভবেদ্ যুগপদুত্থিতা।
যদি ভাঃ সদৃশী সা স্যাদ্ভাসস্তস্য মহাত্মনঃ।।’
নয়নঃ আমেৰিকাই পৃথিৱীৰ বুকুত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলক পৰমাণু বোমা বিস্ফোৰণ কৰাৰ সময়ত যেতিয়া সফলভাৱে বিস্ফোৰিত হৈছিল, তেতিয়া পৰমাণু বোমাটোৰ পিতৃপুৰুষ অ’পেনহাইমাৰৰ মুখেৰে স্বত:স্ফূৰ্তভাৱে এইমাত্ৰ শৰ্মা ডাঙৰীয়াই কোৱা শ্লোকটো নিৰ্গত হৈছিল।
মুক্তাকংকনঃ নয়ন ইজ্ এবছ’লিউট্-লি ৰাইট্….’If hundreds of thousands of suns were to rise at once into the sky, their radiance might resemble the effulgence of the Supreme Person in that universal form.’ অ’পেনহাইমাৰে গীতাৰ শ্লোক আওৰাইছিল- পৰমাণু বোমাৰ বিশাল-উজ্জ্বলতম ৰূপ দৰ্শন কৰি!
তনয়জিৎঃ
‘উপমাবিহীন উদ্ভাসিত সেই ৰূপ অনন্ত মহিমাময়,
ভাষাৰ অতীত দৃশ্য হ’ব পাৰে যাৰ স’তে অনন্য তুলনা
ভাস্বৰিত ইকাশত প্ৰদীপ্ত সহস্ৰ সূৰ্য,
আলোকপ্লাৱন যাৰ নৌৱাৰে মানুহে কৰিব কল্পনা।’
ঋষিকৃষ্ণঃ অৰ্থাৎ, সেই দীপ্তিৰ কোনো তুলনা নাই। যদি আকাশত একেলগে সহস্ৰ সূৰ্য প্ৰকাশ হয়, তেতিয়া যেনে জ্যোতিৰ আৱিৰ্ভাৱ হ’ব- তেনে জ্যোতিৰ সৈতে এই বিশ্বৰূপৰ কিছু সাদৃশ্য হয়তো থাকিব পাৰে। অ’পেনহাইমাৰে পৰমাণু বোমাৰ বিস্ফোৰণৰ সৈতে বেলেগ একোকে তুলনা কৰিব নোৱাৰা বাবে মুখেৰে ওলাই আহিছিল গীতাৰ সেই কালজয়ী শ্লোক..!
নেওগঃ আমাৰ জন্মৰ আগতেই, দ্বিতীয় বিশ্বযুদ্ধৰ সময়তেই আমেৰিকাৰ ৰবাৰ্ট অ’পেনহাইমাৰৰ মুখেৰে গীতাৰ শ্লোক আৰু আজি লক-ডাউনৰ সময়ত মিশ্ৰ ডাঙৰীয়াৰ মুখেৰে সেই একেই শ্লোক – কি যে এক সংযোগ! সেই দিনতেই তেওঁলোকে পঢ়িছিল, আৰু আমি পঢ়িছো আজি! বহুত ধন্যবাদ শৰ্মা !
ঋষিকৃষ্ণঃ ধন্যবাদ। এতিয়া পিছৰখিনিত মন দিয়ক…
‘তত্ৰৈকস্থং জগৎ কৃৎস্নং প্ৰবিভক্তমনেকধা।
অপশ্যদ্দেবদেবস্য শৰীৰে পান্ডবস্তদা।।’
অৰ্থাৎ, তাৰপিছত অৰ্জুনে দেবৰো দেবৰ সেই শৰীৰত অনেক প্ৰকাৰে বিভক্ত সমস্ত জগৎ একত্ৰস্থিত অৱস্থাত দৰ্শন কৰিলে। সেই বিশ্বৰূপ দৰ্শন কৰি অৰ্জুন বিস্ময়াভিভূত হৈ পৰিল, আনন্দত সমগ্ৰ শৰীৰ ৰোমাঞ্চিত হৈ পৰিল। তাৰপিছত তেওঁ আবগবিহ্বল হৈ স্তুতি কৰিবলৈ আৰম্ভ কৰিলে।
আমিও এতিয়া সেই স্তুতিৰ লগে লগে সেই অবৰ্ণনীয় ৰূপ হৃদয়াঙ্গম কৰিবলৈ প্ৰয়াস কৰিম।
নেওগঃ আজি বসুমতাৰীক অৰ্দ্ধকোটিপতি শ্ৰীদিলদাৰ পাটগিৰিয়ে খানা খুওৱা সম্পৰ্কে একোকেই নকও।
মিশ্ৰঃ নকও বুলি ক’লেই দেখোন! আৰু, আপোনাৰো ধৈৰ্য মানিছো কিন্তু!
নেওগঃ ৰামায়ণ, মহাভাৰত সকলোতে পাব – ঋষিসকলে ভগৱানৰ এটা বৰ পাবলৈ কিমানযুগ সাধনা কৰিব লাগিছিল! আমি ঋষি নহয়, কিন্তু কষ্টৰ ফল মিঠা! এদিন নহয় এদিন আমি সফল হ’মেই, তেওঁ দেখা দিবই, খানাও খুৱাবই, চাব!
মিশ্ৰঃ
‘পশ্যামি দেবাংস্তব দেব কেহে
সৰ্বাংস্তথা ভূতবিশেষসঙ্ঘান্।
ব্ৰহ্মাণমীশং কমলাসনস্থ —
মৃষীংশ্চ সৰ্বানুৰগাংশ্চ দিব্যান্।।
অৰ্থাৎ, অৰ্জুনে ক’লে -হে দেব! আপোনাৰ শৰীৰত সমস্ত দেবতাসকলক আৰু সমস্ত জীৱসকলক , পদ্মাসনত বহি থকা ব্ৰহ্মাক, মহেশ্বৰক, দিব্য ঋষিসকলক আৰু সমস্ত নাগসমূহক মই দৰ্শন কৰিছো।
হে বিশ্বেশ্বৰ! আপোনাক সৰ্বত্ৰতে অলেখ বাহু, উদৰ, মুখ আৰু নয়নযুক্ত তথা অনন্তৰূপবিশিষ্ট হিচাপে দেখি আছো, কিন্তু আপোনাৰ আদি-মধ্য-অন্ত মই একোকেই দেখা নাই। এই দিব্য ৰূপৰ আৰম্ভ বা অন্ত অৰ্জুনে একো দেখা নাছিল – যিহেতু এই ৰূপ সৰ্বব্যাপক। আপোনাক কিৰীটিযুক্ত, গদাযুক্ত, চক্ৰধাৰী, সকলোপিনে দীপ্তিমান তেজোৰাশি স্বৰূপে দেখিবলৈ পাইছো, দেখিছো অপ্ৰমেয়, প্ৰদীপ্ত অনল আৰু সূৰ্যৰ দৰে দ্যুতিবিশিষ্ট!
হে প্ৰভু! আপুনি অক্ষৰ পৰব্ৰহ্ম, জ্ঞাতব্য, আপুনি এই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আশ্ৰয়, আপুনি নিত্য, সনাতন ধৰ্মৰ পালক, আপুনি সনাতন পুৰুষ – এয়েই মোৰ মত। আপোনাক আদি, মধ্য, অন্তহীন, অনন্ত শক্তিসম্পন্ন, অনন্ত বাহুযুক্ত, চন্দ্ৰ-সূৰ্যৰ দৰে নয়নবিশিষ্ট , প্ৰজ্জ্বলিত অগ্নিস্বৰূপ মুখবিশিষ্ট আৰু নিজৰ তেজৰ দ্বাৰা এই বিশ্বক তাপিত কৰিছে – মই তাকো দেখিছো। হে মহাত্মা! স্বৰ্গ আৰু পৃথিৱীৰ এই মাজভাগ আৰু সকলো দিশ একমাত্ৰ আপোনাৰ দ্বাৰাই পৰিপূৰ্ণ হৈছে। আপোনাৰ এনে অদ্ভূত উগ্ৰৰূপ দেখি ত্ৰিলোক ভীতিবিহ্বল হৈ পৰিছে।……
ইয়াৰ পিছত ঋষিকৃষ্ণ ডাঙৰীয়াই বৰ্ণনাত ধৰিলে ভাল হয়! নে কি খাউন্ড ডাঙৰীয়া?
নেওগঃ আপুনিয়েই শেষ কৰিব লাগিছিল! ইমান সুন্দৰকৈ বুজাই আছিল! উপায় নাই আৰু এই মিশ্ৰ ডাঙৰীয়াৰ লগত – হ’ব দিয়ক।
মিশ্ৰঃ ঋষিকৃষ্ণ শৰ্মাই নেওগৰ ফালে কাণ নিদিব।
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ!
সৰলঃ ৰাধে! ৰাধে!
ঋষিকৃষ্ণঃ মিশ্ৰ ডাঙৰীয়াই এৰাৰ পিছৰ পৰা ক’বলৈ হ’লে অৰ্জুনে এনেদৰে ক’লে – সমস্ত দেৱতা আপোনাতেই প্ৰৱেশ কৰিছে , কোনো কোনোৱে ভয়তে হাতযোৰ কৰি ভজিবলৈ ধৰিছে, মহৰ্ষি আৰু সিদ্ধসকলে ‘স্বস্তি’ শব্দ উচ্চাৰণ কৰি উৎকৃষ্ট শ্লোকেৰে আপোনাৰ স্তব আৰম্ভ কৰিছে। ৰুদ্ৰসকলে, আদিত্যহকলে , বসুসকলে , সাধ্যগণে, বিশ্বদেৱগণে, অশ্বিনীকুমাৰদ্বয়ে, মৰুদগণৰ লগতে উষ্মপায়ী পিতৃগণে, গন্ধৰ্ব-যক্ষ-অসুৰ-সিদ্ধগণে, সকলোৱে বিস্মিত হৈ আপোনাক নিৰীক্ষণ কৰি আছে।
হে মহাবাহু! আপোনাৰ বহু মুখ আৰু নয়নবিশিষ্ট , বহু বাহু, বহু উৰু, বহু পাদযুক্ত, বহু উদৰযুক্ত, বহু দন্তৰে ভীষণ বিৰাট ৰূপ দৰ্শন কৰি সকলোৱে যিদৰে ভয়তে বিহ্বল হৈছে – মইও একেধৰণে ভীতিবিহ্বল হৈছো। হে বিষ্ণু(বিষ্ণো), আকাশষ্পৰ্শী , দীপ্তিময়, অনেক বৰ্ণবিশিষ্ট, বিস্ফাৰিত মুখযুক্ত, দীপ্তবিশাল নেত্ৰবিশিষ্ট তোমাক দৰ্শন কৰি মোৰ অন্তৰাত্মা অত্যন্ত ব্যথিত হোৱাত মই ধৈৰ্য আৰু শান্তি পোৱা নাই। গতিকে হে দেৱেশ! প্ৰসন্ন হোৱা!
‘অমী চ ত্বাং ধৃতৰাষ্ট্ৰস্য পুত্ৰাঃ
সৰ্বে সহৈবাবনিপালসঙ্ঘৈঃ।
ভীষ্মো দ্ৰোণঃ সূতপুত্ৰস্তথাসৌ
সহাস্মদীয়ৈৰপি যোধমুখ্যৈঃ।।
…….
অৰ্থাৎ, সমস্ত ৰাজন্যবৰ্গৰ সৈতে সৌৱা ধৃতৰাষ্ট্ৰৰ সমস্ত পুত্ৰই তথা ভীষ্ম, দ্ৰোণ, আৰু সৌৱা সূতপুত্ৰ কৰ্ণ আমাৰ মুখ্য যোদ্ধাসকলৰ সৈতে তোমাৰ পিনে প্ৰচন্ড গতিৰে ধাবমান হৈছে আৰু বিৰাট দন্তযুক্ত তোমাৰ বিকট মুখৰ ভিতৰত সোমাই চূৰ্ণীকৃত হৈছে। গতিকে অৰ্জুন বিতত নহ’ব বা কিয়? নদীবোৰৰ বহু জলপ্ৰবাহ যিদৰে বৈ গৈ সাগৰত প্ৰৱেশ কৰে, সেইদৰে মনুষ্যলোকৰ বীৰসকলেও তোমাৰ প্ৰদীপ্ত মুখ অভিমুখে গতি কৰিছে। পতঙ্গবোৰে যিদৰে দ্ৰুতবেগে বিনাশৰ বাবে প্ৰদীপ্ত অগ্নিত প্ৰৱেশ কৰে, সেইদৰে যোদ্ধাসকলেও তোমাৰ মুখলৈ লয়প্ৰাপ্তিৰ বাবে গতি কৰিছে।
আপোনাৰ জ্বলন্ত মুখবোৰে সমস্ত লোকক চতুৰ্দিশৰ পৰা গ্ৰাস কৰি কৰি লেহন কৰিছে; হে বিষ্ণো! আপোনাৰ উগ্ৰ দীপ্তিময় তেজে সমগ্ৰজগত ব্যপ্ত কৰি ৰাখিছে।
‘আখ্যাহি মে কো ভবানুগ্ৰৰূপো
নমোহস্তু তে দেববৰ প্ৰসীদ।
বিজ্ঞাতুমিচ্ছামি ভবন্তমাদ্যং
ন হি প্ৰজানামি তব প্ৰবৃত্তিম্।।’
অৰ্থাৎ, হে উগ্ৰৰূপী! আপুনি কোন, মোক কওক। আপোনাক নমস্কাৰ কৰিছো; হে দেবশ্ৰেষ্ঠ! প্ৰসন্ন হওক! আপোনাক জানিবলৈ ইচ্ছা কৰো, হে আদিপুৰুষ, যিহেতু আপোনাৰ প্ৰবৃত্তি সম্পৰ্কে মই অজ্ঞ!
খাউন্ড ডাঙৰীয়া, ইয়াৰ পিছত ভগৱানে দিয়া উত্তৰ আপুনি ব্যক্ত কৰিলে সুখী হ’ম। মোৰ কন্ঠস্বৰ কৰ্ণপ্ৰিয় নহয়!
খাউন্ডঃ ঠিক আছে। মই পাঠ কৰি যাম, কিন্তু শ্লোকসমূহলৈ বৰকৈ নাযাও। কাৰণ এই অধ্যায়টোৰ বাবে মই বহুবছৰ আগতে এবাৰ চাৰিদিনৰ বৈঠকত বহিছিলো। এতিয়া আমাক সাৰাংশৰ হে অধিক প্ৰয়োজন। অংশগ্ৰহণকাৰীসকলে সমগ্ৰবছৰ নিজৰ নিজৰ গৃহত চৰ্চা কৰি থাকিব পাৰিব।
যি কি নহওক, অৰ্জুনৰ উত্তৰ হিচাপে ভগৱানে ক’লে – ময়েই কাল। লোকক্ষয়কাৰী ভয়ংকৰ কাল হৈ মই এই সময়ত প্ৰবৃত্ত হৈছো, তুমি যুদ্ধত প্ৰবৃত্ত নহ’লেও প্ৰতিপক্ষৰ যোদ্ধাসকল জীৱিত হৈ নাথাকে। গতিকে তুমি উত্থিত হোৱা, যশ লাভ কৰা, শত্ৰুসকলক সংহাৰ কৰি সমৃদ্ধ ৰাজ্য ভোগ কৰা, প্ৰতিপক্ষৰ সকলোবোৰ ইতিমধ্যে মোৰ দ্বাৰা নিহত হৈয়েই আছে। হে , সব্যসাচী, তুমি নিমিত্ত মাত্ৰ হোৱা। মোৰ দ্বাৰা ইতিমধ্যে নিহতদ্ৰোণ, ভীষ্ম, জয়দ্ৰথ, কৰ্ণ আৰু অইন যোদ্ধাসকলক তুমি বধ কৰা, ব্যথিত নহ’বা, যুদ্ধ কৰা, যুদ্ধত শত্ৰুপক্ষক জয় কৰিব পাৰিবাই।
শ্ৰীকৃষ্ণৰ বাক্য শ্ৰৱণ কৰি কম্পিত অৰ্জুনে কৃতাঞ্জলি হৈ শ্ৰীকৃষ্ণক প্ৰণাম কৰি আত্মসমৰ্পন কৰিলে, আৰু ক’লে – হে হৃষীকেশ! আপোনাৰ মাহাত্ম্য কীৰ্তনৰ দ্বাৰা জগত প্ৰহৃষ্ট হয় আৰু অনুৰাগযুক্ত হয়, ৰাক্ষসসকল ভীত হৈ চাৰিওফালে পলায়ন কৰে তথা সিদ্ধসকলে নমস্কাৰ কৰে। হে অনন্তৰূপ! আপুনি আদিদেব, প্ৰাচীন পুৰুষ, এই বিশ্বৰ আপুনি পৰম নিধান, আপুনি জ্ঞাতা- জ্ঞেয় আৰু পৰম স্থিতিস্থান, আপোনাৰ দ্বাৰাই বিশ্ব ব্যপ্ত হৈ ৰৈছে। আপুনি বায়ু, যম, অগ্নি, বৰুণ, চন্দ্ৰ, প্ৰজাপতি ব্ৰহ্মা, আৰু ব্ৰহ্মাৰো জনক, আপোনাক সহস্ৰবাৰ নমস্কাৰ কৰো, পুনৰায় কৰো, বাৰম্বাৰ নমস্কাৰ কৰো। আপোনাক সকলোফালৰ পৰাই নমস্কাৰ কৰো। হে অনন্তবীৰ্য, আপুনি অমিতবিক্ৰমশালী, সমস্ত বিশ্বতে আপুনি বিয়পি আছে, গতিকে আপুনিয়েই সৰ্ব!
আপোনাৰ এনে মহিমাৰ বিষয়ে গম নাপাই মই মোহবশতঃ বা প্ৰণয়বশতঃ সখা বুলি ধৰি লৈ হে কৃষ্ণ! হে যাদব! হে অচ্যুত! বিহাৰ, শয়ন, উপবেশন, ভোজনৰ সময়ত, অকলে থকা সময়ত বা বন্ধুৰে পৰিবেষ্টিত হৈ থকা সময়ত পৰিহাসৰ বাবে যি অৱজ্ঞাত হৈছিল, মই তাৰবাবে আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছো। আপোনাতকৈ শ্ৰেষ্ঠতৰ কোনো নাই, মই শৰীৰ দন্ডৱৎ নিপাতিত কৰি আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো – যিদৰে পুত্ৰই পিতৃৰ ওচৰত বিচাৰে, সখাই সখাৰ ওচৰত বিচাৰে, প্ৰিয়ই প্ৰিয়াৰ ওচৰত বিচাৰে। হে প্ৰভু, ক্ষমা কৰক! হে দেব! আপুনি আগৰ ৰূপতেই মোক দৰ্শন দিয়ক -আগেয়ে কেতিয়াও নেদেখা আপোনাৰ এনে অদ্ভূত ৰূপ দেখি যিদৰে হৰ্ষিত হৈছো, ভয়েও মোৰ মন ব্যথিত কৰিছে। হে দেৱেশ! প্ৰসন্ন হওক। হে সহস্ৰবাহু, আপুনি চতুৰ্ভুজ ৰূপতেই প্ৰকাশিত হওক- সেই ৰূপতেই আপোনাৰ দৰ্শন কামনা কৰিছো।
ভগৱানে ক’লে-
‘ময়া প্ৰসন্নেন তবাৰ্জুনেদং
ৰূপং পৰং দৰ্শিতমাত্মযোগাৎ।
তেজোময়ং বিশ্বমনন্তমাদ্যং
ষন্মে ত্বদন্যেন ন দৃষ্টপূৰ্বম্।।’
অৰ্থাৎ, হে অৰ্জুন! মই প্ৰসন্ন হৈ আত্মযোগৰ দ্বাৰা মোৰ এই তেজোময় , অনন্ত, আদ্য, পৰম বিশ্বৰূপ তোমাৰ বাবে দৰ্শাত হ’ল – যি ৰূপ তোমাৰ বাহিৰে অইন কোনেও দৰ্শন কৰা নাই।
এইখিনিতে এটা কথা কৈ থওঁ যে সমগ্ৰ কুৰুক্ষেত্ৰ যুদ্ধৰ বৰ্ণনা অন্ধ ধৃতৰাষ্ট্ৰৰ সন্মুখত বিবৰি থকা সঞ্জয়েও দিব্যচক্ষুৰে ভগৱানৰ সেই ৰূপ দৰ্শন কৰিছিল। সেই অধ্যায় পিছত কেতিয়াবা মিশ্ৰ ডাঙৰীয়াই সকলোকে শুনাব বুলি আশা কৰিলো। কাৰণ এতিয়া সেইবিষয়ে বকলা মেলিলে আজিৰ অধ্যায় শেষ নহব।
ইয়াৰ পিছত অলপ ব্যাখ্যা ঋষিকৃষ্ণ শৰ্মা ডাঙৰীয়াক কৰিবলৈ অনুৰোধ জনালো।
ঋষিকৃষ্ণঃ ইও এক পৰম ভাগ্য।
সৰলঃ নিশ্চিতভাৱে আমাৰো পৰম ভাগ্য!
ঋষিকৃষ্ণঃ ভগৱানে অৰ্জুনক পুনৰ ক’লে যে হে কুৰুপ্ৰবীৰ! তোমাৰ বাহিৰে মনুষ্যলোকত কোনোৱেই বেদ, যজ্ঞ আৰু অধ্যয়ন, দান, বিভিন্ন ক্ৰিয়া তথা উগ্ৰ তপস্যাৰ দ্বাৰাও মোৰ এনে ৰূপ দৰ্শন কৰিবলৈ সমৰ্থ হোৱা নাই। মোৰ এনে ভয়ানক ৰূপ দৰ্শন কৰি তোমাৰ যাতে মনৰ ব্যথা নহয় আৰু বুদ্ধিৰ মোহো নহয় – সেয়েহে মোৰ আগৰ ৰূপকেই তুমি পুনৰ দৰ্শন কৰা!
এইখিনি কৈয়েই শ্ৰীভগৱানে পুনৰ অৰ্জুনক নিজৰ স্বাভাৱিক ৰূপ দৰ্শন কৰালে। তেতিয়া অৰ্জুনে ভগৱানক ক’লে – হে জনাৰ্দ্দন! আপোনাৰ এই সৌম্য মনুষ্যৰূপ দৰ্শন কৰি এতিয়াহে সুস্থচিত্ত হৈ প্ৰকৃতিস্থ হ’লো।
তনয়জিৎঃ শৰ্মা, একমিনিট…!
অৰ্জুনে ক’লে-
‘পাইছো আকৌ দেখা সমুখত ৰূপ মনোহৰ,
আহিছা আকৌ ঘূৰি ৰূপ ধৰি তুমি মানুহৰ,
গুচিল এতিয়া মোৰ সকলোটি আশংকা মনৰ,
হে জনাৰ্দ্দন, লভিছো সান্তনা —
দেখা পাই সমুখত তোমাকেই চিনাকি ৰূপৰ।’
শ্ৰীকৃষ্ণই ক’লে-
‘মোৰ যি স্বৰূপৰ ৰূপ এইমাত্ৰ দেখা পালা তুমি,
সেই ৰূপ জানা কোনেও নেপায় দেখা
পাঠ কৰি চাৰি বেদ, হেজাৰ তপস্যা কৰি,
দানেৰে বোৱাই নদী অথবা যজ্ঞৰ জুইত আহুতি ঢালি।’
#####
‘যিজনেই কৰে কৰ্ম মোতেই সকলো সপি নেৰাখি আসক্তি,
মোকেই ভজনা কৰে উজাৰি প্ৰাণৰ ভক্তি,
জীৱনৰ চোতালত যাৰ অসূয়াৰো নপৰে মলিন ছায়া,
প্ৰাপ্তি ঘটে সিজনৰে মোতেই অক্ষয় গতি।’
নয়নঃ বঢ়িয়া। একেবাৰে ভিতৰলৈ সোমাই গৈছে। ধন্যবাদ সকলোকে! আজি গা – মন কিবা এক বিশেষ ধৰণৰ আৱেশে যেন আচ্ছন্ন কৰি তুলিছে।
নেওগঃ মোৰো হে! মই তাকেই ভাবিছো, কিয় ইমান দেৰি কৰিলো! তনয়জিৎ, সৰল, মুক্তা, শৰ্মা – এওঁলোকৰ বয়স হোৱা নাই; এওঁলোক ভাগ্যবান হেতুকে খাউন্ড – মিশ্ৰ ডাঙৰীয়াৰ দৰে আধ্যাত্মিক ব্যক্তিৰ সান্নিধ্য পাইছে। মোৰেই বহুত পলম হৈ গ’ল! তথাপিও যে ইমান অধ্যায় অতিক্ৰম কৰিব পাৰালো।
সকলোকে বহুত বহুত ধন্যবাদ।
খাউন্ডঃ আজি আমাৰো ইমানতে সমাপ্ত হ’ল। এইবাৰ আমি সাৰাংশ হে আলাপ কৰিছো। পিছলৈ বহলভাৱে আগবাঢ়িবলৈ সুবিধা হ’ব।
অহাকালি আৰম্ভ হ’ব দ্বাদশ অধ্যায়, ‘ভক্তি-যোগ’!
এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু সকলোৱে সাধ্যমতে প্ৰসাদ বিতৰণ কৰিব।
আজিলৈ সামৰিলো।
সকলোকে ধন্যবাদ।
সকলোৱেঃ ধন্যবাদ।
••••••••••••••••••••••••••••••••••••••••••••••••
|| ওঁ ||
০৭/০৪/২০২০ (মঙলবাৰ)
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
দ্বাদশ অধ্যায়
ভক্তিযোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্ত্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ আজি ৰাতিপুৱা পোৱা অনুসৰি বিশ্বত ১৩১২৪৯৬ জন কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা হৈছে ৭২৬৩৬ জন। অসমত এজনো বৃদ্ধি হোৱা নাই – ই এক সুখবৰ। আনহাতে আকৌ আমেৰিকাৰ নিউয়ৰ্কৰ চিৰিয়াখানা নিবাসী বাঘিনীৰ শৰীৰতো কৰ’নাই সকলোকে চিন্তাত পেলাইছে। আমি সজাগ হৈ থাকিবই লাগিব। এতিয়া আমি আগবাঢ়ো…
গীতাৰ দ্বাদশ অধ্যায়ৰ নাম ভক্তিযোগ। ভক্তিযোগৰ শ্লোকসমূহ অমূল্য ৰত্নভান্ডাৰ। কাৰণ স্বয়ং ভগৱানে ভক্তিৰ শিক্ষা প্ৰদান কৰিছে। ভগৱান যেতিয়া দূৰত থাকে, তেতিয়া তেওঁ শ্ৰীভগৱান; ওচৰলৈ আহিলে তেখেত শ্ৰীগুৰু। শ্ৰীকৃষ্ণৰ কথা সেইকাৰণে শ্ৰীগুৰুৰ মুখত ইমান সুন্দৰ লাগে।
গীতাৰ ভক্তিযোগ আৰম্ভ হৈছে অৰ্জুনৰ এটা প্ৰশ্নৰ দ্বাৰা। অৰ্জুনে প্ৰশ্ন কৰিছে –
‘এবম্ সততযুক্তা যে ভক্তাস্ত্বাং পৰ্যুপাসতে।
যে চাপ্যক্ষৰমব্যক্তং তেষাং কে যোগবিত্তমাঃ।।’
অৰ্থাৎ, অৰ্জুনৰ প্ৰশ্ন – এনে প্ৰকাৰে সদা যুক্ত হৈ যিসকল ভক্তই আপোনাক উপাসনা কৰে আৰু যিসকলে অক্ষৰব্ৰহ্মক উপাসনা কৰে, তেওঁলোকৰ মাজত কোন সৰ্বশ্ৰেষ্ঠ যোগবিৎ? যিসকলে অনবৰতে ভগৱানৰ যি কোনো অৱতাৰৰ বিগ্ৰহত মনোনিৱেশ কৰি পূজা অৰ্চনা কৰি থাকে আৰু যিসকলে ভগৱানৰ মূৰ্তি নামানি অক্ষৰ নিৰাকাৰ অনিৰ্দ্দেশ্য অব্যক্ত ব্ৰহ্মৰ উপাসনা কৰে – এওঁলোকৰ ভিতৰত কোন শ্ৰেষ্ঠ? যোগ শব্দৰ অৰ্থ হ’ল সাধন, উপায়!
ইয়াৰ উত্তৰ ভগবানে দিছে এনেদৰে- মোক নিজৰ মনত একাগ্ৰতাৰে ধাৰণ কৰি, নিত্যযুক্ত হৈ, পৰম শ্ৰদ্ধাবান হৈ যিসকলে মোক উপাসনা কৰে, তেওঁলোক শ্ৰেষ্ঠ যোগবিৎ – এয়াই মোৰ মত। সৰ্ববিষয়ত সমবুদ্ধিসম্পন্ন সৰ্বভূতৰ হিতে ৰত যিসকলে ইন্দ্ৰিয়সমূহ বশীভূত কৰি অনিৰ্দেশ্য, অব্যক্ত, সৰ্বব্যাপী, অচিন্ত্য, অচল, নিত্য আৰু কূটস্থ অক্ষৰ ব্ৰহ্মক উপাসনা কৰে – তেওঁলোকেই মোক প্ৰাপ্ত কৰে।
অৰ্থাৎ, যিসকলে সৰ্বত্ৰ সমবুদ্ধি সম্পন্ন হৈ সৰ্বপ্ৰাণীৰ মঙ্গল কাৰ্যত ৰত হৈ থাকি নিজৰ ইন্দ্ৰিয়সমূহ সংযত কৰি ৰাখি, নিয়ন্ত্ৰিত কৰি ৰাখি, ইন্দ্ৰিয়ৰ অগোচৰ, অনিৰ্দ্দেশ্য, অৰ্থাৎ ইন্দ্ৰিয়ৰ দ্বাৰা যাক নিৰ্দিষ্ট কৰা নাযায়, অচিন্ত্যনীয়, সৰ্বত্ৰগামী, সকলোৰ মূলত অৱস্থিত , চঞ্চলতাৰহিত, ত্ৰিগুণৰ ঊৰ্দ্ধত অৱস্থিত, নিত্য নিৰ্বিশেষে ব্ৰহ্মক উপাসনা কৰে – সেইসকলে মোক লাভ কৰে। ইয়াত অক্ষৰ শব্দৰ অৰ্থ হ’ল যি ‘ক্ষৰ’ নহয়। ক্ষৰ শব্দৰ অৰ্থ হ’ল যি নশ্বৰ বা জড় পদাৰ্থ। জড় পদাৰ্থ হ’ল যি নিজে নিজক নাজানে।
ইয়াৰ পিছত ভগৱানে আৰু ক’লে যে অব্যক্ত, নিৰাকাৰ, অচিন্ত্যনীয় ব্ৰহ্মত আসক্ত চিত্তৰ লোকসকলৰ অধিকতৰ ক্লেশ হয়, কাৰণ দেহধাৰী মানুহৰ পক্ষে সেই ৰূপাতীত ব্ৰহ্মত মনোনিৱেশ কৰা অতি কষ্টকৰ। গতিকে সমস্ত কৰ্ম মোক অৰ্পণ কৰি সমস্ত প্ৰাণ ঢালি যি ভগৱানৰ উপাসনা কৰে, সেই সমৰ্পিত চিত্ত ভক্তসবক মই এই মৃত্যুময় সংসাৰ সাগৰৰ পৰা অতি শীঘ্ৰে উদ্ধাৰ কৰো।
গতিকে, মোতেই মন স্থাপন কৰা। মোতেই বুদ্ধি নিবিষ্ট কৰা। এনে কৰিলে মৃত্যুৰ পিছতো তুমি মোৰ সৈতেই বাস কৰিবা – কোনো সন্দেহ নাই।
মই সকলোবোৰ শ্লোক আওৰোৱা নাই। গদ্যাকাৰে সাধাৰণভাৱে কৈ গৈছো। ইয়াৰ পিছৰ শ্লোকটো ডাক্টৰ ডেকাই পাঠ কৰি দিব পাৰে। তেওঁৰ মুখমন্ডলত দেখিছো উদগ্ৰীৱতাৰ উজ্জ্বল আভাস….
তনয়জিৎঃ ধন্যবাদ খাউন্ড দা। এফাকি নপঢ়িলে শান্তি নোপোৱা হৈছো।
‘নোৱাৰিব পাৰা তুমি মোত স্থাপন কৰিব চিত্ত;
তাতো যদি হোৱা ব্যৰ্থকাম, নহয় গোটোৱা পূণ্যৰ সঞ্চয়,
বাচি ল’বা বাট তুমি পৰিপাটি অভ্যাস যোগৰ,
অভ্যাসৰ থাপনাতে পাবা মোক, জানিবা নিশ্চয়।’
অৰ্থাৎ, হে ধনঞ্জয়! তুমি যদি মোত মনস্থিৰ কৰিবলৈ সক্ষম নোহোৱা, চিত্তক সমাহিত কৰিব নোৱাৰা, তেন্তে এই অভ্যাসযোগৰ দ্বাৰা মোক পাবলৈ ইচ্ছা কৰা।
মিশ্ৰঃ ঠিকেই। জপ কৰিলে প্ৰথমতে তিক্ত ঔষধৰ খোৱাৰ দৰেই জপ কৰি যাব লাগিব। ভাল নালাগিলেও নিয়ম কৰি প্ৰতিদিনে জপ কৰি যাব লাগিব। লাহে লাহে সময় বঢ়াব লাগিব। কিছুদিনৰ পিছত লাহে লাহে মনলৈ জপৰ আনন্দ আহিবলৈ ধৰে। ইয়াৰ পিছত এনে এক আনন্দময়তাই আচ্ছন্ন কৰে যে মনটোৱে জপ এৰিবই নিবিচাৰে! দীৰ্ঘকালীন নিৰন্তন অভ্যাসৰ ফলত এনে হয়। নিজৰ অজানিতেও জপ হৈ থাকে। আনকি নিশা নিদ্ৰাৰত অৱস্থাতো মনে জপৰ কাম কৰি থাকে। এনে অৱস্থা হ’লে সাধক নিশ্চিন্ত হয় আৰু এই অৱস্থাক মন্ত্ৰসিদ্ধ বুলি কোৱা হয়।…
নেওগঃ মিশ্ৰ ডাঙৰীয়া, আপুনি! মই ক’ত আছো? মই কিয় অৰ্জুনৰ দৰে শ্ৰীকৃষ্ণক চিনা নাছিলো? বহুত ধন্যবাদ। বহুত তত্ত্বগধূৰ কথাৰে আমাক আপ্লুত কৰিলে। প্ৰণাম!
ঋষিকৃষ্ণঃ দুৰ্দান্ত! মিশ্ৰ ডাঙৰীয়া, সাংঘাটিক ! আজিহে জপৰ মাহাত্ম্য অলপমান ধৰিব পাৰিলো!
মিশ্ৰঃ ধন্যবাদ শৰ্মা। কিন্তু নেওগৰ কথা বেলেগ, তেওঁৰ মনটো সৰহভাগ সময় বাণিজ্য আৰু ‘খানা’ আদিত ব্যস্ত কাৰণে জপ কৰাৰ সময় ক’ত? যি নহওক, নেওগকো ধন্যবাদ।
নয়নঃ তাৰপিছত?
তনয়জিৎঃ শ্ৰীকৃষ্ণই পুনৰ কৈছে-
‘হ’ব পাৰা কেনেবাকে’ অভ্যাসৰ ৰীতিতো অক্ষম তুমি,
কৰিবা তেতিয়া কিবাকিবি কেতিয়াবা মোৰেই নিমিত্তে;
মোৰে পৰিপুষ্টি-কামনাৰে কৰিব পাৰিলে কৰ্ম,
সিদ্ধি হ’ব অযাচিতে অভাবিত তোমাৰো কামনা।’
## ##
‘নোৱাৰা কৰিব যদি সকলোটি ইবোৰৰ কোনো এটি কিবা,
মোতেই শৰণ লৈ কৃত্যকৰ্ম এনেয়ে কৰিবা;
মাথোন কৰিবা তাকে স্বাৰ্থবুদ্ধি সকলো দমন কৰি
আৰু জানা ফলৰ বাসনা একোকে নজপি।’
ইয়াৰ পিছত ভগৱানে কৈছে যে অভ্যাসতকৈ জ্ঞান শ্ৰেষ্ঠ, জ্ঞানতকৈ ধ্যান শ্ৰেষ্ঠ, ধ্যানতকৈ কৰ্মফলত্যাগ শ্ৰেষ্ঠ, আৰু ত্যাগৰ পৰাই আহে পৰম শান্তি।
ঋষিকৃষ্ণঃ যি কাকো হিংসা নকৰে, সকলোৰে প্ৰতি মৈত্ৰীভাবাপন্ন, সকলোৰে প্ৰতি দয়াবান, যাৰ বাবে আপোন-পৰ ভেদ নাই, যি অহংকাৰ শূণ্য, সুখে- দুঃখে অবিচলিত চিত্ত, ক্ষমাশীল, সকলো অৱস্থাতেই সন্তুষ্ট হৈ থাকে, সংযত স্বভাৱ, মোক পাবলৈ যি দৃঢ়-সংকল্প কৰিছে, যি মোৰ চৰণত সম্পূৰ্ণ মন-বুদ্ধি সমৰ্পণ কৰিছে – তেনে ভক্ত মোৰ প্ৰিয়।
খাউন্ডঃ আজি বৰ আনন্দ অনুভৱ কৰিছো। সকলোবোৰ স্বতঃস্ফুৰ্তভাৱে আগবাঢ়িছে। এইবাৰ সৰলে দুষাৰ কওক, তাৰপিছত মুক্তাৰ পাল!
সৰলঃ মইও ভাগ্যবান!! শুনক তেন্তে,..
ইয়াৰ পিছত ভগৱানে ক’লে যে যিয়ে লোকক উদ্বেগজনক অৱস্থালৈ ঠেলি নিদিয়ে, নিজেও উদ্বিগ্ন নহয়, যি হৰ্ষ-অমৰ্ষ-ভয়-উদ্বেগৰ পৰা মুক্ত – সেইসকল মোৰ প্ৰিয়। ইয়াত ‘অমৰ্ষ’ শব্দৰ অৰ্থ হ’ল যিটো বিষয় কোনোবাই বিচাৰি আছে অথচ নোপোৱা হেতুকে মনৰ ভিতৰত অসহিষ্ণুতা জন্মিছে – তাকেই অমৰ্ষ বোলে। অথবা পৰৰ উন্নতি বা ভাল দেখি মনৰ ভিতৰত যি জ্বলন হয় – তাকো অমৰ্ষ বোলে। ই হ’ল চিত্তৰ একপ্ৰকাৰৰ বিকাৰ! ভক্তসকল এনে বিকাৰৰ পৰা দূৰত থাকিব লাগে।
ইয়াৰ পিছত ভগৱানে আৰু ক’লে যে যিসকল ভক্ত অনপেক্ষ, শুচি, অনলস, উদাসীন, প্ৰসন্নচিত্ত, দক্ষ, সৰ্বকৰ্মাৰম্ভ পৰিত্যাগী – তেওঁলোক মোৰ প্ৰিয়। ইয়াত অনপেক্ষ শব্দৰ অৰ্থ হ’ল যি ভগৱানৰ বাহিৰে অইনৰ আশ্ৰয় নলয়। যি আনন্দৰ বাবে ইন্দ্ৰিয়সুখৰ অপেক্ষা নকৰে, আৰ্থিক কষ্টৰ পৰা হাত সাৰিবলৈ ধনী ব্যক্তিৰ ওচৰত হাত নাপাতে। কষ্টকৰ জীৱন হ’লেও হাঁহি মুখত লাগি থাকে। এনে ভক্ত ভগৱানৰ প্ৰিয়।
যি ভক্ত হৃষ্ট নহয়, দ্বেষ নকৰে, শোক নকৰে, আকাঙ্খ্যা নকৰে, শুভাশুভ পৰিত্যাগ কৰে- তেনে ব্যক্তি ভগৱানৰ প্ৰিয়। ইয়াত হৃষ্ট শব্দটো ‘ ন হৃষতি’ ৰ পৰা আহিছে, অৰ্থাৎ যি ভক্তই সাংসাৰিক ভোগত আনন্দ নাপায়, ইন্দ্ৰিয়সুখ ভাল নাপায়।
তাৰোপৰি ভগৱানে আৰু ক’লে যে যি ভক্তই শত্ৰু-মিত্ৰ, মান-অপমান, শীত-উষ্ণ, সুখ-দুঃখ, নিন্দা-স্তুতি সকলোতে সমভাব প্ৰদৰ্শন কৰে, যি মৌনী, সকলো অৱস্থাতেই সন্তুষ্ট, নিৰ্দিষ্ট বাসস্থানবিহীন, স্থিৰচিত্ত – তেনে ভক্ত মোৰ প্ৰিয়।
খাউন্ডঃ বহুত ধন্যবাদ সৰল। ইয়াৰ পিছত মাত্ৰ এটা শ্লোক আছে ‘ভক্তিযোগ’ অধ্যায়ত।
‘যে তু ধৰ্ম্যামৃতমিদং যথোক্তং পৰ্যুপাসতে।
শ্ৰদ্দধানা মৎপৰমা ভক্তাস্তেহতীব মে প্ৰিয়াঃ।।’
অৰ্থাৎ, এই শ্লোকৰ ব্যাখ্যা প্ৰথমতে মুক্তাকংকনে কৈ লওক, আগৰ বন্দৱস্তমতে….!
মুক্তাকংকনঃ নালাগে নেকি দাদা, আপুনিয়েই সমাপ্ত কৰি দিব পাৰে দেখোন!
নেওগঃ উদ্দালকৰ খাটিৰত সহজ-সৰল ইংৰাজীত ক’বা দেই!
মুক্তাকংকনঃ ‘Those who follow this imperishable path of devotional service and who completely engage themselves with faith, making Me the supreme goal, are very, very dear to Me.’
নেওগঃ বঢ়িয়া, মণিকংকন, সুন্দৰ।
গণেশ শৰ্মাঃ ওঁ নমঃ বাসুদেবায়ঃ!
নয়নঃ ৰাধে! ৰাধে!
খাউন্ডঃ তনয়জিৎ ডেকাই শেষৰ শ্লোক কাব্যাকাৰে এবাৰ পাঠ কৰি দিলে ভাল হ’ব।
তনয়জিৎঃ বাৰু…
‘যিবোৰে পালন কৰে ইবোৰ মহান ধৰ্ম অপূৰ্ব নিষ্ঠাৰে,
সিবোৰ পৰম ভক্ত মোতেই আসক্ত, জানো মই কিয়!
কাৰণ সিবোৰে জানে লভিব মোতেই মুক্তি মোতে মাৰ গৈ,
সেইবাবে সিবোৰ ভক্তই মোৰ প্ৰাণতো অধিক প্ৰিয়।’
খাউন্ডঃ অৰ্থাৎ, শ্ৰীকৃষ্ণই ইতিমধ্যে কোৱা কথাবোৰ শ্ৰদ্ধাবান হৈ পালন কৰাসকল ভগৱানৰ অতি প্ৰিয়।
আমাৰ আজি ‘ভক্তিযোগ’ অধ্যায় ইমানতে সামৰিলো। এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু সকলোৱে সাধ্যমতে নিজৰ নিজৰ গৃহত প্ৰসাদ বিতৰণ কৰিব।
অহাকালি আমি আলোচনা কৰিম ত্ৰয়োদশ অধ্যায়। ক্ষেত্ৰক্ষেত্ৰজ্ঞবিভাগ যোগ!
আজিলৈ বিদায়। প্ৰণাম!
সকলোৱেঃ প্ৰণাম।
••••••••••••••••••••••••••••••••••••••••••••••••••
|| ওঁ ||
(বুধবাৰ) ০৮/০৪/২০২০
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
ত্ৰয়োদশ অধ্যায়
ক্ষেত্ৰক্ষেত্ৰজ্ঞবিভাগ যোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ এক সংকটজনক পৰিস্থিতিৰ মুখামুখি হৈছে আজিৰ পৃথিৱী। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কৰ’না আক্ৰান্ত হৈ এতিয়া আই-চি-ইউত ভৰ্তি হৈ আছে। লিবিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যুবৰণ কৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে মেলেৰিয়াৰ ঔষধ নপঠিয়ালে প্ৰত্যাঘাত কৰা হ’ব বুলি ধমক দিয়াত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেও মানি ঔষধ পঠিওৱা হ’ব বুলি ঘোষণা কৰিছে। চীনৰ চাংহাই বিমানবন্দৰৰ পৰা ফ্ৰান্সলৈ যাবলগীয়া ‘মাস্কভৰ্তি বিমান’ আমেৰিকাই তিনিগুণ মূল্য দি ‘হাইজেক’ কৰা বুলি বাতৰি আহিছে। ইটালী অভিমুখে চীনৰ পৰা গৈ থকা ‘মাস্কবাহী’ জাহাজ সাগৰৰ পৰাই চেক্ ৰিপাব্লিকে অপহৰণ কৰাৰ বাতৰি আহিছে। অসমত কৰ’না আক্ৰান্তৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পাইছে। কৰ’না ভাইৰাছ আক্ৰান্তৰ চিকিৎসালয়ত সাময়িক চাফাইকৰ্মী নিয়োগৰ বাবে বিজ্ঞাপন দিয়াৰ পিছত যোৱাকালি অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ – এম. বি .এ. উত্তীৰ্ণ প্ৰায় তিনিহাজাৰ নিবনুৱাই গুৱাহাটীত সাক্ষাৎকাৰ দিবলৈ শাৰী পাতিছে। কল -কাৰখানা বন্ধ, দৰমহা নাই,…এক ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈ আছো আমি। এনে এক পৰিস্থিতিত, এক সুকীয়া কুৰুক্ষেত্ৰত আমি এতিয়া আগবাঢ়োহক আমাৰ গন্তব্যস্থলীলৈ, গীতাৰ আলোচনালৈ।
আজি আমি ত্ৰয়োদশ অধ্যায়ত বিচৰণ কৰিম। ই এক পৰম সৌভাগ্য। আজিৰ অধ্যায়ৰ নাম হ’ল ক্ষেত্ৰক্ষেত্ৰজ্ঞবিভাগ যোগ। এই অধ্যায়ৰ আৰম্ভণিতে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে- হে কৌন্তেয়! এই শৰীৰ ক্ষেত্ৰ বুলি অভিহিত হয়। যি ইয়াক জানে তেওঁক ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ তত্ত্ববিৎ পুৰুষসকলে তেওঁক ক্ষেত্ৰজ্ঞ বুলি অভিহিত কৰে।
অৰ্থাৎ, শ্ৰীকৃষ্ণৰ কথাৰ মাহাত্ম্য এয়েই যে শৰীৰক ক্ষেত্ৰ বোলা হয়, কাৰণ এই শৰীৰ কৰ্মবীজৰ দ্বাৰা জন্মগ্ৰহণ কৰে আৰু ভৱিষ্যতৰ বাবে কৰ্মবীজৰ সৃষ্টি কৰিবলৈ এই শৰীৰৰ পৰা সংসাৰ ৰূপী অংকুৰ উৎপন্ন হয় তথা পিছলৈ সি পত্ৰ, পুষ্প, শাখা, প্ৰশাখা আদিৰে সমন্বিত বৃক্ষ ৰূপ ধাৰণ কৰে। এয়ে শৰীৰ ক্ষেত্ৰ। ই দুবিধ বিষয়ৰ ভূমি (field)। অজ্ঞানতাৰ দ্বাৰা এই শৰীৰত আত্মাক বান্ধি থোৱা হয়। আৰু জ্ঞান ভক্তিৰ দ্বাৰা এই শৰীৰৰ পৰা আত্মাক মুক্ত কৰা হয়। অৰ্থাৎ ভোগ আৰু অপবৰ্গ সাধন এই শৰীৰ ৰূপী অধিস্থানত অনুষ্ঠিত কৰা হয়। শৰীৰে আত্মাৰ বন্ধন ৰূপৰ ক্ষয় সাধন কৰে আৰু অপবৰ্গৰ দ্বাৰা আত্মাৰ ত্ৰাণ সাধন কৰে, সেয়ে ই শৰীৰ ক্ষেত্ৰ। ক্ষেত্ৰই নিজে একো কৰিব নোৱাৰে। এজন খেতিয়ক প্ৰয়োজন, যি বীজ ৰোপন কৰে। সেই খেতিয়ক জন হ’ল ভগৱান।
যিসকলে শৰীৰটোক আত্মা বুলি জানে, তেওঁলোক হ’ল বদ্ধজীৱ আৰু যিসকলে শৰীৰৰ পৰা নিজকে পৃথক বুলি জানে – তেওঁলোক হ’ল মুক্তজীৱ। শৰীৰক যিয়ে পৃথক হিচাপে জানে তেওলোক হ’ল ক্ষেত্ৰজ্ঞ। শৰীৰটোক যিসকলে আত্মা বুলি ভাবে, তেওঁলোকে শৰীৰৰ পৰা উৎপন্ন কামনা-বাসনা আদিৰ দ্বাৰা ইমান বেছি আসক্ত হৈ পৰে যে তেওঁলোকে সংসাৰ বৃক্ষৰ দুঃখৰূপী ফলেই ভোগ কৰি থাকে, আৰু যিসকলে নিজকে শৰীৰৰ পৰা পৃথক বুলি ভাবে – তেওঁলোকে সংসাৰত থাকিও অনাসক্ত হৈ শ্ৰীভগৱানৰ সান্নিধ্য লাভ কৰি পৰম সুখ প্ৰাপ্ত কৰে।
‘ক্ষেত্ৰজ্ঞঞ্চাপি মাং বিদ্ধি সৰ্বক্ষেত্ৰেষু ভাৰত।
ক্ষেত্ৰক্ষেত্ৰজ্ঞয়োৰ্জ্ঞানং যত্তজ্ জ্ঞানং মতং মম।।’
অৰ্থাৎ, হে ভাৰত (অৰ্জুন)! সমস্ত ক্ষেত্ৰতেই মোকেই ক্ষেত্ৰজ্ঞ বুলি জানিবা। ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ যি জ্ঞান – সিয়েই যথাৰ্থ জ্ঞান।এই শৰীৰৰ মাজত যিয়ে ক্ষেত্ৰজ্ঞ হৈ বাস কৰিছে, সেই আত্মাই পৰমাত্মা।…..
এতিয়া গণেশ শৰ্মা ডাঙৰীয়াই অলপ ব্যাখ্যা। কৰক। এই অধ্যায়ৰ ক্ষেত্ৰত তেওঁ বিশেষ পাৰদৰ্শী বুলি মই অৱগত।
গণেশ শৰ্মাঃ পাৰদৰ্শী ঠিক নহয়, দুদিন এই অধ্যায়টোক লৈ নেওগৰ সৈতে চৰ্চা কৰিছিলো..! নেওগেও ভালদৰেই জানে।
নেওগঃ মই জনাটো বাদ দিয়কচোন শৰ্মা ডাঙৰীয়া! মই কিমান জানো ময়ো জানো আৰু মোৰ জনাখিনিৰ বিষয়ে আপুনিও জানে! কিন্তু মিশ্ৰৰ কথা সুকীয়া।
মিশ্ৰঃ কিয় সুকীয়া?
নেওগঃ ‘গণনি’ বা নামাকৰণৰ দিনটোৰ পৰাই বেদৰ সৈতে আপোনাৰ ওতঃপ্ৰোত সম্পৰ্ক! এতিয়া সেইবোৰ আলোচনা কৰি আপুনি কিমান বেদজ্ঞ মই সেই ঢোল নবজাও বাৰু, কিন্তু ‘খানা’ আপোনাৰো জমা হৈ আছে!
গণেশ শৰ্মাঃ এই ক্ষেত্ৰ প্ৰকৃততে চতুৰ্বিংশ প্ৰকাৰৰ, অৰ্থাৎ চতুৰ্বিংশ তত্ত্বযুক্ত মূল প্ৰকৃতিয়েই ক্ষেত্ৰ। সেই ক্ষেত্ৰক অৱলম্বন কৰিয়েই ভগৱানে লীলা খেলা কৰে। ভগৱানে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপেৰে এই প্ৰকৃতিক ভোগ কৰে। ভগৱানৰ এনে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপক জীৱাত্মা বোলে। প্ৰকৃতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপ জীৱাত্মাৰ বাসস্থানকেই শৰীৰ বোলে। প্ৰকৃতিৰ সৈতে পুৰুষৰ সংযোগৰ দ্বাৰা প্ৰকৃতিত নানা বিকাৰ উৎপত্তি হয়, যেনে – কামনা, বাসনা, ইচ্ছা, দ্বেষ, ইত্যাদি; ইয়াকে সংসাৰ বোলে। এই সকলো ঘটে ভগৱানৰ ইচ্ছাতেই, যিহেতু ভগৱান ক্ষেত্ৰজ্ঞ। শৰীৰৰ মাজত ভগৱানে বাস কৰাৰ সময়ত ভগৱানৰ সংজ্ঞা জীৱাত্মা হৈ পৰে।
মুক্তাকংকনঃ God within the body is individual soul!
নেওগঃ সুন্দৰ।
গণেশ শৰ্মাঃ এই ক্ষেত্ৰজ্ঞ হ’ল জ্ঞাতা বা দ্ৰষ্টা, প্ৰকৃতি হ’ল দৃশ্য। প্ৰকৃতি আৰু পুৰুষৰ মাজত যি ব্যৱধান – তাকে জ্ঞান বোলে। ঋষিসকলে বিভিন্ন বেদৰ দ্বাৰা পৃথক পৃথকভাবে যুক্তিযুক্ত আৰু সংশয়হীন ব্ৰহ্মসূত্ৰসমূহ বহুধৰণে ব্যাখ্যা কৰিছে। এইখিনিতে নেওগক কৈ থওঁ যে ব্ৰহ্মসূত্ৰৰ অৰ্থ হ’ল বেদান্ত দৰ্শন, বা বেদৰ যি শ্ৰেষ্ঠ অংশ সেয়ে বেদান্ত।
নেওগঃ আমি ধন্য। আমি পৰম ভাগ্যবান।
নয়নঃ কিয় দাদা?
নেওগঃ বেদোজ্জ্বলৰ সৈতে লগেভাগে বেদান্ত!! ভাগ্য নহয় কি?
মিশ্ৰঃ খাউন্ড ডাঙৰীয়াই নিজেই ধৰিলে ভাল হ’ব নেকি? আপুনি এইবাৰ মোক ক’বলৈ দিছে, কিন্তু মই কৈ থাকিলে কিছুমানে বুজি পোৱাত অসুবিধা পাব পাৰে! যেনে নেওগ!
খাউন্ডঃ নেওগৰ কথা ঠিকেই আছে। আপুনি আগবাঢ়ক।
মিশ্ৰঃ আত্মতত্ত্ব আলোচনা অতি দীঘল। ভগৱানে সংক্ষেপে অৰ্জুনক কৈছে। মই শ্লোক নপঢ়ি গদ্যাকাৰে কৈ যাম। মহাভূতৰ কথা ভগৱানে কৈছে। মহাভূত কি? মহাভূত হ’ল ক্ষিতি, অপ, তেজ, মৰুৎ, ব্যোম, অহংকাৰ, বুদ্ধি, অব্যক্ত বা প্ৰকৃতি, নয়ন, কাণ, নাক, জিভা, ত্বক, বাক্, পাণি, পাদ, পায়ু, উপস্থ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ, মন; এই ২৪ বিধ! এইবোৰৰ দ্বাৰা বিকাৰযুক্ত পৃথিৱীখনকেই সংসাৰ বোলা হয়। এনে সংসাৰ বৃক্ষৰ দুটি বীজ – পাপ আৰু পূণ্য। অনন্ত বাসনা হ’ল মূল। পঞ্চভূত, অৰ্থাৎ ক্ষিতি, অপ, তেজ, মৰুৎ, ব্যোম হ’ল প্ৰধান শাখা। শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ হ’ল ৰস।বাত, পিত্ত, কফ এই বৃক্ষৰ তিনিখন ছাল। এই সংসাৰ বৃক্ষৰ বিস্তৃতি সূৰ্যমন্ডল পৰ্যন্ত। এই বিস্তাৰকেই ব্ৰহ্মাণ্ড বোলে।
শব্দ, ৰূপ, ৰস আদি বিষয়ত আসক্ত ব্যক্তিসকলে এই বৃক্ষত বাস কৰা শকুনিৰ দৰে থাকি দুঃখ ৰূপী ফল ভোগ কৰে , কিন্তু উদাসীন সাধু-সন্যাসীসকলে এই সংসাৰবৃক্ষত ৰাজহংসৰ দৰে থাকে আৰু বৈৰাগ্যজনিত আনন্দৰে নিৰ্বিষয় আনন্দ লাভ কৰে। এনে আনন্দক আত্মিক আনন্দ বোলে।
এইবাৰ ঋষিকৃষ্ণ শৰ্মা ডাঙৰীয়াই আমাক অলোকপাত কৰিলে ভাল হ’ব নেকি?
খাউন্ডঃ ঠিক আছে। মিশ্ৰই অলপ জিৰণি লওক। নেওগে বুজিছে নিশ্চয় মই কিয় মিশ্ৰ ডাঙৰীয়াৰ মুখেৰে শুনিব বিচাৰিছিলো। যি ‘ক্ষেত্ৰ’ৰ বিষয়ে তেওঁ ক’লে – সেই ক্ষেত্ৰ তেওঁৰ নিজস্ব ক্ষেত্ৰ। নহ’লে আপোনাকো ক’ব পাৰিলোহেতেন!
নেওগঃ আপোনাৰ সিদ্ধান্ত সঠিক। মোক ক’ব দিলে যোগবিদ শ্ৰীদিলদাৰ পাটগিৰিয়ে ক্ৰিকেট খেলত ‘ফাষ্টব’ল’ দিয়াৰ দৰে হ’লহেতেন! মিশ্ৰ ডাঙৰীয়াই আজি মোৰ অন্তৰৰ শ্ৰদ্ধা মই গম নোপোৱাকৈয়ে নিজস্ব গুণেৰে কিডনেপ কৰিছে। ধন্যবাদ মিশ্ৰ।
ঋষিকৃষ্ণঃ অমানিত্ব, দম্ভৰাহিত্য, অহিংসা, সহিষ্ণুতা, সৰলতা, আচাৰ্যোপাসনা, শৌচ, স্থৈৰ্য, ইন্দ্ৰিয়সংযম, ইন্দ্ৰিয়ৰ ভোগ্য বিষয়ৰ প্ৰতি বৈৰাগ্য, অহংকাৰশূণ্যতা, জন্ম-মৃত্যু- জৰা-ব্যাধি আৰু সুখ-দুঃখ আদি দোষৰ পুনঃ পুনঃ আলোচনা, স্ত্ৰী-পুত্ৰ-গৃহ আদিৰ প্ৰতি আসক্তিৰহিত্য, মমত্বহীনতা, ইষ্ট-অনিষ্টপ্ৰাপ্তিত সৰ্বদা সমচিত্ততা, মোৰ প্ৰতি অনন্যযোগৰ দ্বাৰা অব্যভিচাৰিণী ভক্তি, একান্ত স্থানত বাসৰ ইচ্ছা, জনসংসৰ্গৰ প্ৰতি অনুৰাগহীনতা, আত্মজ্ঞানত সদা নিষ্ঠা, নিধিধ্যাসন – এই সকলোবোৰকে জ্ঞান বুলি কোৱা হৈছে;: আৰু যি ইয়াতকৈ অইন প্ৰকাৰৰ – সেয়া ‘অজ্ঞান’! ইয়াৰে অমানিত্বম হ’ল অপমান সহ্য কৰিব পৰা ক্ষমতা। যেতিয়ালৈ পৰৰ অপমান সহ্য কৰাৰ ক্ষমতা নহয়, তেতিয়ালৈ অধ্যাত্ম পথৰ যাত্ৰাই আৰম্ভ নহয়।
শ্ৰীকৃষ্ণই পুনৰ ক’লে-
‘জ্ঞেয়ং যত্তং প্ৰবক্ষ্যামি যজৃ জ্ঞাতা অমৃতমশূতে।
অনাদিমৎ পৰং ব্ৰহ্ম ন সত্তন্নাসদুচ্যতে।।’
অৰ্থাৎ, যি জ্ঞেয়, যাক জ্ঞাত হ’লে মোক্ষ প্ৰাপ্ত হয়, তাৰে স্বৰূপ মই বৰ্ণনা কৰিম। তেওঁ অনাদি, পৰব্ৰহ্ম, সৎ -অসৎ -অৰ উৰ্দ্ধত। তেওঁ সৰ্বত্ৰ হস্তপদবিশিষ্ট, সৰ্বত্ৰ চক্ষু- মস্তক-মুখবিশিষ্ট আৰু সৰ্বত্ৰ শ্ৰৱণেন্দ্ৰিয়যুক্ত হৈ জগতৰ সমস্ত পদাৰ্থক আৱৰি স্থিত হৈ আছে। তেওঁ ভিতৰতো আছে, বাহিৰতো আছে। স্থাৱৰতো আছে, জঙ্গমতো আছে। অতি সুক্ষ্ম বাবে তেওঁক জনাও নাযায়। তেওঁ দূৰতকৈও দূৰৈৰ আৰু ওচৰতকৈও ওচৰৰ। জীৱৰ হৃদয়ৰ মাজত তেওঁ আত্মা হৈ বিৰাজ কৰি আছে। বাহিৰতো সকলো জীৱৰ মাজত তেওঁ বিৰাজিত। তেওঁ ভূতৰ মাজত অবিভক্ত অথচ বিভক্তভাবেও স্থিত। তেওঁ ভূতসকলৰ পালনকৰ্তা, সংসাৰকৰ্তা আৰু সৃষ্টিকৰ্তা। তেওঁ সূৰ্যাদি জ্যোতিৰ্ময় পদাৰ্থসমূহৰ প্ৰকাশক, অজ্ঞানৰূপী অন্ধকাৰৰ দুয়োপাৰেও স্থিত বুলিও উক্ত, তেওঁ জ্ঞান-জ্ঞেয়-জ্ঞানৰ দ্বাৰা প্ৰাপ্য আৰু সকলোৰে হৃদয়ত অধিস্থিত।
এই ক্ষেত্ৰ আৰু জ্ঞানৰ তথা জ্ঞেয় সংক্ষেপে কোৱা হ’ল যাতে ভক্তই এইসম্পৰ্কে অৱগত হৈ মোৰ ভাব উপলব্ধি কৰিবলৈ যোগ্য হৈ উঠে। প্ৰকৃতি আৰু পুৰুষ উভয়েই অনাদি। মায়া নামৰ ত্ৰিগুণাত্মিকা প্ৰকৃতি পুৰুষৰ শক্তি বুলিয়েই অনাদি। সত্ত্ব, ৰজঃ, তম – এই তিনিটা গুণ মন, বুদ্ধি, শৰীৰ আদি বিকাৰ- প্ৰকৃতিৰ পৰাই উদ্ভৱ। যিহেতু পুৰুষ প্ৰকৃতগত স্থিত হৈ প্ৰকৃতিসম্ভূত গুণবোৰ ভোগ কৰি থাকে- গতিকে পুৰুষৰ উত্তম-অধম যোনিত জন্মগ্ৰহণৰ ক্ষেত্ৰত গুণবোৰেই কাৰণ।
মুক্তাকংকনঃ পুৰুষে প্ৰকৃতি সঙ্গ কৰাৰ বাবেই সৎ -অসৎ যোনিত জন্মগ্ৰহণ কৰে। স্বৰূপতঃ পুৰুষ নিত্য, শুদ্ধ, বুদ্ধ, মুক্ত স্বভাৱৰ। সচ্চিদানন্দ স্বৰূপ। কিন্তু প্ৰকৃতিৰ সৈতে সঙ্গ কৰাৰ পিছত প্ৰকৃতিৰ ধৰ্মবোৰ নিজৰ বুলি ভাবে। অহংকাৰী হৈ নিজকে কৰ্ত্তা বুলি ভাবে। অহংকাৰ যুক্ত আত্মা সংসাৰ মুগ্ধ আত্মা হৈ পৰে।
সৰলঃ দাদা, ইমান গুঢ়তত্ত্ব আজিহে শুনিলো। আৰু শুনিব লাগিব।
মিশ্ৰঃ মন্হন প্ৰয়োজন।
খাউন্ডঃ এই শৰীৰত পৰমপুৰুষজনা সাক্ষীস্বৰূপ, অনুমোদনকৰ্তা, ভৰ্তা, ভোক্তা, মহেশ্বৰ আৰু পৰমাত্মা বুলিও কথিত হয়। যিয়ে গুণবোৰৰ সৈতে প্ৰকৃতি আৰু পুৰুষক এনেপ্ৰকাৰে বুজি পায়, তেওঁ সৰ্বাৱস্থাত বৰ্তমান হৈ থাকিলেও পুনৰ জন্মগ্ৰহণ নকৰে। কিছুমানে ধ্যানযোগেৰে আত্মাত আত্মাৰ দ্বাৰা আত্মাকেই দৰ্শন কৰে , কিছুমানে সাংখ্যযোগেৰে , কিছুমানে কৰ্মযোগেৰে দৰ্শন কৰে। কিছুমানে এই প্ৰকাৰসমূহ নাজানি অইনৰ ওচৰত বহি শ্ৰৱণ কৰি উপাসনা কৰে আৰু তেওঁলোকেও শ্ৰুতিপৰায়ণ হৈ মৃত্যুক অতিক্ৰম কৰে।
শ্ৰীকৃষ্ণই পুনৰ ক’লে- হে অৰ্জুন! যিবোৰ স্থাবৰ জঙ্গম পদাৰ্থ উৎপন্ন হৈ থাকে, সেইবোৰ ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ সংযোগৰ পৰা উৎপন্ন হোৱা বুলি জানিবা। সৰ্বভূতত সমভাৱে স্থিত বিনাশশীল পদাৰ্থৰ মাজত অবিনাশী পৰমেশ্বৰক যিয়ে দৰ্শন কৰে , তেওঁ যথাৰ্থ দৰ্শন কৰে আৰু শ্ৰেষ্ঠ গতি লাভ কৰে। যিয়েই প্ৰকৃতিৰ দ্বাৰা সমস্ত কৰ্ম নিষ্পন্ন হোৱা দৰ্শন কৰে আৰু আত্মাক অকৰ্তা হিচাপে দৰ্শন কৰে, তেওঁ যথাৰ্থ দৰ্শন কৰে। হে কৌন্তেয়! অনাদিত্ব আৰু নিৰ্গুণত্ব হেতু এই অব্যয় পৰমাত্মা দেহৰ মাজত স্থিত হৈও কোনো কৰ্ম নকৰে, লিপ্তও নহয়।
তনয়জিৎ ডেকা, এতিয়া মাত্ৰ দুটামান শ্লোক আছে। তোমাৰ মুখেৰেই শুনোহক!
তনয়জিৎঃ ঠিক আছে দাদা। মইও ভাল পালো।
‘আকাশে সাৱটি ৰাখে উৰি ফুৰা বতাহৰ প্ৰতিটো ধূলিৰ কণা,
অতি সূক্ষ্ম নীলাকাশ, ধূলি -বালি লাগি সিযে নহয় মলিন;
আত্মাও সিদৰে সূক্ষ্ম, দেহে দেহে বৰ্তমান আধাৰ স্বৰূপে,
জগতৰ স্থূলতাই নোৱাৰে সানিব তাত একোকে কৰ্মৰ গ্লানি –
আকাংক্ষা-অতীত সেই আত্মা আপোনাতে আপুনি প্ৰলীন।’
##
‘মাথোন একেটি সূৰ্য থাকে পোহৰাই গোটেই আকাশখন —
উজলি জিলিকি উঠে সমস্ত জগত তাৰে পোহৰত;
ক্ষেত্ৰজ্ঞ সিদৰে এক সকলো সামৰি থোৱা যেনিবা একেটি সূৰ্য,
ক্ষেত্ৰ মাথোঁ তাতে দীপ্যমান ক্ষেত্ৰজ্ঞৰ প্ৰাণ-সঞ্চাৰত।
##
‘যিবোৰ সাধকে জানে ভেদাভেদ ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞানৰ —
জ্ঞানৰ চকুৰে দেখে জগতৰ সকলো বিনয়,
আৰু জানে মুক্তিৰ উপায় প্ৰকৃতি-অধীন সকলো জীৱৰ,
সিবোৰেই পাৰ হৈ হ’ব পাৰে ব্ৰহ্মতে বিলয়।’
খাউন্ড দা, এই অধ্যায় সমাপ্ত হ’ল।
খাউন্ডঃ ধন্যবাদ তনয়জিৎ ডেকা। এই শ্লোকটোৰে ত্ৰয়োদশ অধ্যায় সমাপ্ত কৰিছে স্বয়ং ভগৱানে। ইয়াৰ মাধ্যমেৰে ভগৱানে প্ৰথমতে যি ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ স্বৰূপ নিৰ্ণয় কৰিছিল, তাৰেই উপসংহাৰ কৰিছে। আত্মা যে শৰীৰ নহয়, মন নহয়, বুদ্ধি নহয়, অহংকাৰ নহয়, চিত্ত নহয়, প্ৰকৃতি নহয় – সকলোতকৈ বেলেগ, আত্মা যে সচ্চিদানন্দ স্বৰূপ, নিত্য- শুদ্ধ- বুদ্ধ- মুক্ত – এই বোধত উপনীত হোৱাই সৰ্বশাস্ত্ৰৰ সাৰ, উপসংহাৰ, আৰু সকলো সাধনাৰ অন্তিম গন্তব্যভূমি – যাৰ পিছত একো নাই- তাকেই বুজাইছে। লগতে আমিও বুজিছো যে ‘মোৰ শৰীৰ’ মানে ‘মই শৰীৰ’ নহয়। শৰীৰ আৰু মই পৃথক। শৰীৰৰ মাজত মই বাস হে কৰো। শৰীৰটো একপ্ৰকাৰৰ ভাৰাঘৰ! একেদৰে আমি মন্হন কৰি থাকিলে বুজি পাম যে মই শৰীৰ নহয়, বুদ্ধি নহয়, অহংকাৰ নহয়, মন নহয়, প্ৰকৃতি নহয়, ‘মই’ এক পৃথক, স্বতন্ত্ৰ! মই। ‘মই’ জানিবলৈ সাধনা কৰিব লাগিব। আপ্ত পুৰুষৰ অনুভৱৰ ওপৰত ভৰষা কৰি সত্য পথেৰে সাধনা কৰিলে ইয়াৰ স্বৰূপ নিজে নিজেই প্ৰকাশিত হৈ পৰে। ই স্বয়ং প্ৰকাশ। আত্মাই নিজেই নিজকে জানে।
আজি ইমানতে এৰিলো। এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু সকলোৱে সাধ্যমতে ঘৰত প্ৰসাদ বিতৰণ কৰিম। অহাকালি আমি আলোচনা কৰিম চতুৰ্দশ অধ্যায়। সেই অধ্যায়ৰ নাম হ’ল ‘গুণত্ৰয়বিভাগ যোগ’!
সকলোকে প্ৰণাম।
সকলোৱেঃ প্ৰণাম।
•••••••••••••••••••••••••••••••••••••••••••••••••
|| ওঁ ||
(বৃহস্পতিবাৰ) ০৯/০৪/২০২০
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
চতুৰ্দশ অধ্যায়
গুণত্ৰয় বিভাগ যোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ আজি অসমত ‘কোৱাৰেন্টাইন’ত থকা বা সঙ্গৰোধ অৱস্থাত থকা ৭৪০০০ মানুহ ‘সঙ্গৰোধ’ৰ অৱস্থাৰ পৰা মুকলি হ’ব যদিও ‘লক-ডাউন’ৰ মাজতেই সীমাবদ্ধ হৈ থাকিব লাগিব। সমগ্ৰ ভাৰততে লক-ডাউনৰ সময়সীমা বৃদ্ধি কৰা হ’ব বুলিও বাৰ্তা পোৱা গৈছে। ইতিমধ্যে সমগ্ৰ বিশ্বতে কৰ’নাত আক্ৰান্ত হৈ ৮৮৫০২ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে, আক্ৰান্ত হৈছে ১৫,১৮,৭১৯ জনে! সকলো বিতত হৈ পৰিছে। আমেৰিকাই বিশ্ব স্বাস্হ্য সংস্থাক ভাবুকি দিছে সময়মতে আমেৰিকাক সতৰ্ক নকৰা বাবে। এইবাৰ হেপাহৰ বিহুত লাগিছে কোভিড-১৯ ভাইৰাছৰ আঁচোৰ। মুঠতে পৰিস্থিতি গম্ভীৰ। এনেধৰণৰ গম্ভীৰ পৰিস্থিতিতেই গীতা হ’ল পোহৰৰ বাট দেখুৱাওতা….; এতিয়া আমি আগবাঢ়োহক।
গীতাৰ প্ৰতিটো অধ্যায় একোটা একোটা গভীৰ অৰণ্যাঞ্চল অতিক্ৰম কৰাৰ দৰেই জটিল অভিযান। গীতাৰ দ্বাৰা ভগৱানে সংসাৰৰ ঘন অন্ধকাৰৰ মাজেৰে অতি সন্তৰ্পনে এক উজ্জ্বল পোহৰেৰে অৰ্জুনক আগবঢ়াই লৈ গৈছে আৰু এতিয়া আমাকো আগবঢ়াই নিছে। প্ৰথম অধ্যায়ত অৰ্জুন সম্পূৰ্ণৰূপে নিৰাশাত ডুব গৈ আছিল, সেই বিষাদৰ পৰা ভগৱানে তেওঁক উদ্ধাৰ কৰিছে। অৰ্জুনক বিশ্বৰূপ দৰ্শন কৰাইছে। নানা তত্ত্বকথা কৈছে। অৰ্জুনে বুজি পাইছে যে অসম্ভৱ একোৱেই নহয়। ভগৱান যদি সঙ্গী হয়, সকলো সম্ভৱ। গীতাই আমাকো বিশ্বাসেৰে ভৰপূৰ কৰি তুলিছে। মুক্তি সাধনা দুঃসাধ্য হ’লেও অসাধ্য নহয়। এই চতুৰ্দশ অধ্যায়ত শ্ৰীকৃষ্ণই আলোকপ্ৰাপ্ত হৃদয় আৰু অধিক পোহৰাই তুলিছে। গীতাৰ এটা এটা অধ্যায়ৰ অন্ত পৰে আৰু আমি অনুভৱ কৰো এটাতকৈ অইনটো অধিক জ্ঞানৰ ভান্ডাৰ। এয়া হ’ল হৃদয়ৰ বোধৰ উত্তৰণ মাথোন।
শ্ৰীকৃষ্ণই অৰ্জুনক ক’লে –
‘পৰং ভূয়ঃ প্ৰবক্ষ্যামি জ্ঞানানাং জ্ঞানমুত্তমম্।
যজ্জ্ঞাতা মুনয়ঃ সৰ্বে পৰাং সিদ্ধিমিতো গতাঃ।।’
অৰ্থাৎ, জ্ঞানসমূহৰ মাজত থকা উত্তম জ্ঞান সম্পৰ্কে মই এতিয়া তোমাক পুনৰ ক’ম – যি জ্ঞান লাভ কৰি বহু ঋষি -মুনিয়ে এই সংসাৰত পৰম সিদ্ধি প্ৰাপ্ত হৈছে। এই জ্ঞানক আশ্ৰয় কৰি মোৰ স্বৰূপ প্ৰাপ্ত হৈ মুনিসকলে সৃষ্টিকালত জন্মগ্ৰহণো নকৰে আৰু প্ৰলয়কালতো ব্যথা নাপায়।
শ্ৰীকৃষ্ণই আৰু ক’লে- হে কৌন্তেয়! সমস্ত যোনিত যিসমূহ মূৰ্তি উৎপন্ন হয়, প্ৰকৃতিয়েই সেইসমূহৰ উৎপত্তি স্থান(মাতৃস্বৰূপা), আৰু মই গৰ্ভাধান কৰ্তা পিতৃ। হে মহাবাহু! প্ৰকৃতিজাত সত্ত্ব, ৰজঃ, তমঃ – এই গুণবোৰে অব্যয় আত্মাক দেহত আৱদ্ধ কৰে। হে অৰ্জুন? ৰজোগুণক অনুৰাগাত্মক, তৃষ্ণা আৰু আসক্তিৰ পৰা উৎপন্ন হোৱা বুলি জানিবা। ই দেহী আত্মাক কৰ্মত আসক্ত কৰি আৱদ্ধ কৰে। হে কৌন্তেয়! তমোগুণক অজ্ঞানতাৰ পৰা উৎপন্ন আৰু সকলো দেহী জীৱৰ মোহোৎপাদক বুলি জানিবা। তমোগুণে প্ৰমাদ, এলাহ, নিদ্ৰাৰে আত্মাক বান্ধি পেলায়।
এইখিনিতে এইকথা কৈ থব পাৰি যে সিংহৰ দৰে বলবীৰ্যসম্পন্ন নিষ্কাম কৰ্মবীৰকেই গুৰুশক্তিয়ে আশ্ৰয় কৰে। অলস, কৰ্মবিমুখ, বাক্যবিশাৰদ, কপট ব্যক্তিয়ে গুৰুকৃপা লাভ নকৰে। এইবোৰ ব্যক্তি তমোগুণী। তমোগুণ অবৰোধক। তমোগুণী ব্যক্তি কৰ্মত্যাগী, অলস, চিন্তাচ্ছন্ন আৰু বিষাদগ্ৰস্ত। তমোগুণীয়ে প্ৰমাদ , আলস্য, নিদ্ৰাৰে আত্মাক বান্ধি থয়। এওলোকতকৈ ৰজোগুণী ব্যক্তি উৎকৃষ্ট। শ্ৰীকৃষ্ণই পুনৰ ক’লে- হে অৰ্জুন! সত্ত্বগুণে সুখত নিমগ্ন কৰে, ৰজোগুণে কৰ্মত আৰু তমোগুণে জ্ঞানক আবৃত কৰে। তাৰোপৰি সত্ত্বগুণে ৰজোগুণ আৰু তমোগুণক, ৰজোগুণে সত্ত্ব আৰু তমোগুণক, আৰু তমোগুণে সত্ত্ব তথা ৰজোগুণক অভিভূত কৰি উদ্ভূত হয়। আৰু যেতিয়া এই দেহত সমস্ত ইন্দ্ৰিয়দ্বাৰত জ্ঞানৰূপী প্ৰকাশ উপজাত হয়, তেতিয়াই সত্ত্বগুণ বৃদ্ধিপ্ৰাপ্ত হোৱা বুলি ধৰিব পাৰি। হে অৰ্জুন! লোভ, প্ৰবৃত্তি, অশান্তি, স্পৃহা – এইবোৰ ৰজোগুণ বৃদ্ধি পালে উৎপন্ন হয়। হে কুৰুনন্দন! অবিবেক, অপ্ৰবৃত্তি, প্ৰমাদ আৰু মোহ – তমোগুণ বৃদ্ধি পালে উৎপন্ন হয়। আৰু হে কৌন্তেয়! সত্ত্বগুণ বৃদ্ধি পালে দেহধিৰী জীৱ যেতিয়া মৃত্যুপ্ৰাপ্ত হয়, তেতিয়া ব্ৰহ্মবিদসকলৰ বিশুদ্ধলোক প্ৰাপ্তি হয়।
অৰ্থাৎ, মৰণকালত যি গুণৰ প্ৰৱলতা হয়, সেই ফলে সমস্ত জীৱনব্যাপী কৰা কৰ্ম- অনুষ্ঠানক অতিক্ৰম কৰে। মৃত্যুৰ সময়ত মানুহৰ আচল পৰীক্ষা হয়।সমস্ত জীৱনৰ অধীত বিদ্যা, অৰ্জিত জ্ঞান সকলো বিপৰ্যস্ত হৈ যায়। সমগ্ৰ জীৱনৰ সাধনা -সংস্কাৰ বলবান হৈ চিত্তত ভাঁহি উঠে আৰু সেই অনুযায়ী পৰৱৰ্তী জীৱন বা ইতি নিৰ্দ্ধাৰিত হয়। মানুহে মুখেৰে বহু জ্ঞানৰ কথা ক’ব পাৰে, অইনক বুজাবও পাৰে, নিজে সেই জ্ঞান সত্য বুলি অনুভৱ কৰিবও পাৰে – কিন্তু তাৰ অৰ্থ এনে নহয় যে সেই জ্ঞানে তেওঁক মৃত্যুৰ সময়ত সহায় কৰিব। সময় থাকোতেই মানুহে যদি দৃঢ়ভূমি লাভ কৰিব নোৱাৰে, ভগৱানক সাৰ-সৰ্বস্ব কৰিব নোৱাৰে, তেন্তে মৃত্যুৰ সময়ত মায়াই তেওঁৰ পথৰ অৱৰোধক হৈ পৰে। গতিকে সত্ত্বগুণৰ বৃদ্ধি অৱস্থাত মৃত্যু হ’লে মানুহে উত্তম লোকলৈ গতি কৰিব পাৰে।……
এতিয়া মিশ্ৰ ডাঙৰীয়াই আৰম্ভ কৰক।
নেওগঃ প্ৰস্তাৱটো মই আন্তৰিকতাৰে সমৰ্থন কৰিলো।
মিশ্ৰঃ। ধন্যবাদ।
ইয়াৰ পিছত ভগৱানে ক’লে যে – হে অৰ্জুন! ৰজোগুণৰ প্ৰাবল্যত মৃত্যু হ’লে কৰ্মাসক্ত মানুহৰ মাজত জন্ম হয় আৰু তমোগুণৰ প্ৰাবল্যৰ মাজত মৃত্যু হ’লে মূঢ়যোনিসমূহত জন্ম হয়। সাত্ত্বিক কৰ্মৰ ফল সাত্ত্বিক নিৰ্মল সুখ, ৰাজসিক কৰ্মৰ ফল দুঃখ, আৰু তামসিক কৰ্মৰ ফল অজ্ঞান বুলি কোৱা হয়।
সত্ত্বগুণত স্থিত ব্যক্তিসকলে ঊৰ্দ্ধলোকলৈ গমন কৰে, ৰাজসিক ব্যক্তিসকলে মধ্যস্থগত লোক (মনুষ্যলোক)ত থাকে , জঘণ্যগুণ বৃত্তিত অৱস্থান কৰা তামসিকসকলে অধোগতি প্ৰাপ্ত হয়।
অৰ্থাৎ, সহজ ভাষাত, নেওগে বুজিব পৰাকৈ ক’বলৈ হ’লে – ভাল বীজ মাটিত পৰিলে এদিন নহয় এদিন সেই বীজৰ পৰা অংকুৰ দেখা দিবই। একেদৰে শুভকৰ্মই আজি নহলেও অহাকালি মনুষ্যজীৱনৰ উত্তৰণ ঘটায়। শুভকৰ্মই মানুক্ষক দেৱতালৈ পৰিণত কৰে।
‘নান্যং গুণভ্যঃ কৰ্তাৰং যদা দ্ৰষ্টাহনুপশ্যতি।
গুণেভ্যশ্চ পৰং বেত্তি মদ্ভাবং সোহধিগচ্ছতি।।’
অৰ্থাৎ, যেতিয়া দ্ৰষ্টা গুণত্ৰয়ৰ পৰা পৃথক কোনো কৰ্তাক দেখা নাপায় আৰু গুণত্ৰয়ৰ পৰা অতীত(আত্মা)ক অৱগত হয়, তেতিয়া তেওঁ মদ্ভাৱ (আমাৰ ভাব) প্ৰাপ্ত হয়। গুণত্ৰয় বুদ্ধিৰূপে পৰিণত হয়। মন গুণত্ৰয়ৰ পৰিণাম। অহংকাৰো গুণত্ৰয়ৰ পৰিণাম। ইন্দ্ৰিয়ও গুণত্ৰয়ৰ পৰিণাম। বিষয়সমূহ আৰু পঞ্চভূতো গুণত্ৰয়ৰ পৰিণাম। বুদ্ধিৰ মাজত সত্ত্বঃ, ৰজঃ তমঃ গুণৰ বাহিৰে একো নাই। চিত্তও এই ত্ৰিগুণৰ সমন্বয়ৰে সৃষ্টি। চিত্তাকাশত এই ত্ৰিগুণৰ ক্ৰিয়া অহৰহ ঘটি আছে। সংসাৰত ত্ৰিগুণেই ত্ৰিগুণক লৈ ব্যস্ত হৈ আছে। মাথোন কেইটামান বৰ্ণমালা লৈ যিদৰে অলেখ সাহিত্যৰ সৃষ্টি, একেদৰে এই ত্ৰিগুণক লৈ বিচিত্ৰ জগত সৃষ্টি। এই বিচিত্ৰ জগতত এই ত্ৰিগুণৰেই কৰ্ম কোলাহল।….
গণেশ শৰ্মা, এইবাৰ আপুনি!
নয়নঃ এক মিনিট ল’ব পাৰো?
গণেশ শৰ্মাঃ দুই মিনিট বা পাঁচ মিনিটেই লওক! কাম বন নাই, লক-ডাউনৰ কৃপাত!
নয়নঃ মই টুকি অনা দুটিমান ফাকি পাঠ কৰিম মাত্ৰ…..
মুক্তাকংকনঃ Nayan, pleeeeeeez carry on!
সৰলঃ পঢ়ক তনয় দা!
নয়নঃ
‘ এই যে তিনিটা গুণ ওপজে যিবোৰ মাথোন দেহৰ পৰা,
দেহীয়ে যেতিয়া পাৰে সিবোৰৰ প্ৰভাৱ চেৰাই যাব,
খহি পৰে তেতিয়াই জন্ম মৃত্যু আৰু ব্যাধিৰ বন্ধন,
লাভ কৰে তেতিয়াই তেওঁ অমৃতৰ অমৰ স্পৰ্শন।’
##
অৰ্জুনে সুধিলে-
‘হে মোৰ পলম প্ৰভু, জানিব খুজিছো আৰু দুটি সৰু কথা;
পাৰিলে যিবোৰ হ’ব গুণাতীত গুণবান,
সিবোৰৰ চিন কেনেকুৱা — কিহত চিনিব পাৰি;
জীৱন যাপন কৰে সিবোৰে কিদৰে কিহৰ আচাৰ মানি,
আৰু পাৰ হয় গুণৰ প্ৰভাৱ কোন সেতুৱেদি?’
##
শ্ৰীকৃষ্ণই পুনৰ ক’লে-
‘নোৱাৰে কৰিব স্পৰ্শ কোনোটো গুণৰ কোনোটো প্ৰভাৱে,
সত্ত্বৰ পোহৰে, ৰজসৰ তাড়ণাই, তমসৰো অন্ধ মূঢ়তাই;
নহয় উতলা হ’লেও প্ৰকাশ সিবোৰৰ কোনোবা গুণৰ,
মচ খালে চিন-চাব নেপেলায় চকুপানী মনৰ দুখৰ;
উদাসীন সকলো গুণৰ প্ৰতি, গুণেও নকৰে অথিৰ- অবিৰ,
ভাবি লয় গুণবোৰে কৰে কাম আপোন আপোন,
নিজতে খোপনি পুতি থাকে ৰৈ অলৰ -অচৰকৈ;
চিন জানা ইবোৰেই গুণাতীত সকলোজনৰ।’
তনয়জিৎঃ কৃষ্ণ! কৃষ্ণ!
নেওগঃ ৰাধে! ৰাধে!
গণেশ শৰ্মাঃ নয়ন ডাঙৰীয়াই বহুত আগবঢ়াই দিলে। শুনিও ভাল লাগিল। বুজাতো সুবিধা হ’ল।
ইয়াৰ পিছত ভগৱানে ক’লে যে হে ধনঞ্জয়! সুখ আৰু দুঃখত সমবুদ্ধিসম্পন্ন, আত্মস্বৰূপে প্ৰতিষ্ঠিত, মৃত্তিকা, প্ৰস্তৰ, সুৱৰ্ণ – সকলোৰে ক্ষেত্ৰত সমভাৱাপন্ন, প্ৰিয় আৰু অপ্ৰিয়ৰ ক্ষেত্ৰত তুল্যভাববিশিষ্ট, ধীৰ, নিন্দা আৰু স্তুতিত সমভাবসম্পন্ন, মান – অপমানৰ ক্ষেত্ৰত তুল্যজ্ঞানসম্পন্ন, মিত্ৰ আৰু শত্ৰুৰ বাবেও তুল্যজ্ঞানসম্পন্ন – তেওঁকেই গুণাতীত বুলি কোৱা হয়। তাৰোপৰি যিজনে ঐকান্তিক ভক্তিযোগেৰে মোকেই সেৱা কৰি থাকে, তেওঁ এই গুণসমূহ সম্যকৰূপে অতিক্ৰম কৰি ব্ৰহ্মক লাভ কৰে।
এতিয়া মাত্ৰ এটা শ্লোক আছে। খাউন্ড ডাঙৰীয়াই মোখনি মাৰিলে ভাল হ’ব! …. …কৃষ্ণ! কৃষ্ণ!
মুক্তাকংকনঃ সেই অন্তিম শ্লোকটো হ’ল …’And I am the basis of the impersonal Brahman, which is immortal, imperishable and eternal and is the constitutional position of ultimate happiness.’
খাউন্ড দা, চান্সটো ল’লো।
খাউন্ডঃ চান্স?? মুঠেও নহয়! এয়াও শ্ৰীভগৱানৰ লীলাৰেই অংশ! শ্ৰীভগৱানে মণিৰ কন্ঠৰে নিগৰাইছে সেই অমৃত বাক্য- যিবোৰ শুনিবলৈ উদগ্ৰীৱ হৈ থাকে নেওগৰ সম্পৰ্কীয় উদ্দালক! সাধু! সাধু!
মূল শ্লোকটো হ’ল–
‘ব্ৰহ্মণো হি প্ৰতিষ্ঠাহহমমৃস্যাব্যয়স্য চ।
শাশ্বতস্য চ ধৰ্মস্য সুখস্যৈকান্তিকস্য চ।।’
অৰ্থাৎ, যিহেতু ময়েই ব্ৰহ্মৰ , অব্যয়ৰ, অমৃতৰ, শাশ্বত ধৰ্মৰ আৰু ঐকান্তিক সুখৰ প্ৰতিমা।
গতিকে, শ্ৰীকৃষ্ণত তন্ময় হ’ব পাৰিলে একো বাকী নাথাকে। তেওঁৱেই ব্ৰহ্ম, তেওঁৱেই প্ৰেম, তেওঁৱেই শাশ্বত ধৰ্ম, তেওঁৱেই চিৰন্তন সুখ। ইয়াৰোপৰি, আমি যিবোৰ কথা কোৱা নহ’ল- অজ্ঞানতাৰ হেতু, সেয়াও তেওঁ!
তনয়জিৎঃ
‘ময়েই অব্যয় ময়েই অমৃত আৰু ময়ে ঘনীভূত ব্ৰহ্ম,
মোকে বোলে প্ৰতিমূৰ্ত্তি শাশ্বত ধৰ্মৰ;
ব্ৰহ্মতো অধিক মই বিৰাজিছো পৰম ঈশ্বৰ,
ময়ে জানা চিৰন্তন সুখৰ আকৰ।’
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ!
সৰলঃ ৰাধে! ৰাধে!
খাউন্ডঃ আজিলৈ ইমানতে সামৰিলো।
অহাকালি আমি পঞ্চদশ অধ্যায় আলোচনা কৰিম। অহাকালি ‘পুৰুষোত্তম যোগ’ অধ্যায়।
সকলোৱে অধ্যায়বোৰ মন্হন কৰক।
এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু সামৰিম। সকলোৱে তাৰপাছত সাধ্যমতে প্ৰসাদ বিতৰণ কৰিব। নমস্কাৰ।
সকলোৱেঃ প্ৰণাম!
••••••••••••••••••••••••••••••••••••••••••••••••••
|| ওঁ ||
(শুক্ৰবাৰ) ১০/০৪/২০২০
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
পঞ্চদশ অধ্যায়
পুৰুষোত্তম যোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ সমগ্ৰ ভাৰতৰ পৰিস্থিতি অতি শোচনীয়। আৰ্থিক পৰিস্থিতি এনেধৰণৰ গম্ভীৰ যে কোৱা হৈছে ভাৰত ভূত(spectre)ৰ দেশত পৰিণত হ’ব! সমগ্ৰ বিশ্ব থৰথৰকৈ কপি আছে কোভিড-১৯ ৰ প্ৰতাপত। ৯৫৭৩১ জনৰ এতিয়ালৈকে মৃত্যু হ’ল। আক্ৰান্ত হৈছে ১৬,০৩,৭৫১ জন। লক-ডাউন আৰু বৃদ্ধি হ’ব পাৰে। প্ৰয়োজনত হয়তো জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ’ব পাৰে। আনহাতে আকৌ উত্তৰ মেৰুত অ’জন স্তৰত বৃহৎ বিন্ধা হৈ এক অইন ভয়ানক বাৰ্তা কঢ়িয়াই আনিছে। ‘অক্সফেম’ নামৰ সংস্থাই কৈছে যে কৰ’নাই বিশ্বৰ ৫০ কোটি মানুহক নতুনকৈ দৰিদ্ৰ কৰি তুলিব। মুঠতে কৰ’নাৰ আগৰ পৃথিৱীৰ সৈতে কৰ’নাৰ পৰৱৰ্তী পৃথিৱীখন বহুত সলনি হ’ব আৰু প্ৰতিষেধক নোলোৱালৈ ভাইৰাছৰ আতংকৰ মাজতেই মানুহে কম্পিত হৈ জীৱন নিৰ্বাহ কৰিব লাগিব। এনেধৰণৰ পৰিস্থিতিতেই সবল নেতৃত্ব প্ৰয়োজন । উপযুক্ত নেতা প্ৰয়োজন। সেইবাবেই কুৰুক্ষেত্ৰৰ ৰণাঙ্গণত ভগৱানে অৰ্জুনক শিক্ষা প্ৰদান কৰিছিল। গীতাৰ উদ্ভৱ কুৰুক্ষেত্ৰৰ ৰণাঙ্গণত। আমিও এক বিশেষ সময়ত গীতাৰ অধ্যায়সমূহৰ মাজত সোমাই পৰিছো। এতিয়া আমি আগবাঢ়োহক…!
কোনো লক্ষ্যত উপনীত হ’বলৈ হ’লে উপায় যিদৰে চিন্তা কৰিব লাগিব, অপায় সম্পৰ্কেও চিন্তা কৰিব লাগিব। উপায় হ’ল লক্ষ্যস্থানত উপনীত হোৱাৰ সাধন আৰু অপায় হ’ল লক্ষ্যস্থানত উপনীত হোৱাৰ ক্ষেত্ৰত পোৱা বাধাসমূহ। শ্ৰীকৃষ্ণই কৈছে যে–
‘ঊৰ্দ্ধমূলমধঃশাখমশ্বত্থং প্ৰাহুৰব্যয়ম্।
ছন্দাংসি যস্য পৰ্ণানি যস্তং বেদ স বেদবিৎ।।’
অৰ্থাৎ, ভগৱানে ক’লে যে সংসাৰৰূপী বটবৃক্ষৰ মূল ঊৰ্দ্ধগামী আৰু শাখা অধোগামী – ই অব্যয়, বেদসক্ষমূহ হ’ল ইয়াৰ পাত, আৰু যিয়ে ইয়াক জানে – তেওঁ বেদবিৎ!
নেওগঃ বেদবিৎ আৰু বেদোজ্জ্বলৰ মাজত পাৰ্থক্য কি বা?
খাউন্ডঃ বহল অৰ্থত কোনো বিশেষ পাৰ্থক্য নাই। বেদত যি ব্ৰতী হৈ থাকে তেওঁৱেই বেদবিৎ হৈ পৰে! বা বেদোজ্জ্বল মানেও বেদৰেই উজ্জ্বল। এনে মানুহ সত্ত্বগুণৰ অধিকাৰী হয়!
নেওগঃ এইবিষয়েও পিছত আলোচনা কৰিলে ভাল হ’ব। নে কি মিশ্ৰ ডাঙৰীয়া?
মিশ্ৰঃ আপুনি প্ৰথমতে নিজে ‘উপায়’ নে ‘অপায়’ – গীতালোচনাৰ পটভূমিত, সেয়া সঠিক হ’লে আলোচনা কৰিব পৰা যাব!
নেওগঃ হ’ব। আপোনাৰ যিদৰে পৰিৱৰ্তন দেখা পাইছো, মোৰো অলপ অচৰপ হোৱা যেন লাগিছে। সৎসঙ্গই মূল কাৰণ! ইমানদিন যে টিকি আছো!
খাউন্ডঃ সেইবোৰ আলোচনা কৰা হ’ব। সুকীয়াকৈ। গীতালোচনাত বহি ‘জয় মা সন্তোষী’ চিনেমা বা ‘বেদেৰ মেয়ে জ্যোৎস্না’ৰ আলোচনা কৰিলে মূল উদ্দেশ্য সাধন নহ’ব। ভগৱানে কৈছে যে এই সংসাৰ এক বটবৃক্ষৰ দৰে। বটবৃক্ষৰ অইন এক নাম হ’ল অশ্বথ। ‘অশ্বথ’ শব্দটো ভাঙিলে আমি পাওঁ- ‘শ্ব’ মানে আহি থকা সময়, ‘শ্বত্থ’ হ’ল – যি আগন্তুক কাললৈ থাকে। ‘অশ্বত্থ’ মানে হ’ল যি যি আগন্তুক কাললৈ নাথাকে। অৰ্থাৎ এই সংসাৰত আমি স্থায়ীভাৱে থাকিব নোৱাৰো। আকাশৰ মেঘে যিদৰে বায়ুৰ ক্ষমতা নাজানে, সেইদৰে আমিও ভগৱানৰ ক্ষমতা নাজানো। আমি যিমানেই সংসাৰক আকোৱালি থাকিব নিবিচাৰো কিয়, ভগৱানে আমাক স্থায়ীভাৱে থাকিবলৈ নিদিয়ে। নেপ’লিয়ন, ছেংগিজ খান, আলেকজেণ্ডাৰ, হিটলাৰ, চিলাৰায়, কোনোৱেই স্থায়ীভাৱে থাকিব পৰা নাই- যিমান ডাঙৰ বীৰ নহওক কিয়! যিয়ে সংসাৰৰ সৈতে ‘ফেবিকল’ৰ আঠাৰ দৰে আঠা লাগি থাকিব বিচাৰে, তেওঁ সিমানেই আঘাত পায়। কবীৰে কৈছে-
‘চলতি চাক্কী দেখ্ কৰ্ দিয়া কবীৰা ৰোয়
দো পট্টন কা বীজ মে সাবুদ বাচা না কোঈ।’
অৰ্থাৎ, সংসাৰৰ যাঁতকলত সকলোকে কাল-এ পিহি আছে, কোনোৱেই ৰক্ষা পোৱা নাই। যুধিস্থিৰক যক্ষই যেতিয়া সুধিছিল – সংসাৰৰ স্বৰূপ কি? তেতিয়া যুধিস্থিৰে উত্তৰ দিছিল – সংসাৰৰূপী কেৰাহীত সূৰ্যৰ ৰশ্মিৰূপী অগ্নিৰে আৰু মাহ-ঋতুৰূপী ‘হাতা’-‘খন্তি’ৰে ওলোটাই- বগৰাই সকলো জীৱকেই অনবৰতে ৰান্ধি আছে – এয়াই সংসাৰৰ স্বৰূপ!
এই সংসাৰক ‘অব্যয়’ বোলা হৈছে, অৰ্থাৎ প্ৰবাহ ৰূপে নিত্য। সংসাৰ নিত্য প্ৰবাহশীল। মই গুচি যাম, মোৰ স্থানত নতুন বাটৰুৱা আহিব নতুন উদ্যমেৰে, তেওঁ এদিন গুচি যাব, পুনৰ নতুনকৈ আহিব। সংসাৰ ৰূপী অশ্বত্থ বৃক্ষক ঊৰ্দ্ধমূল বোলা হৈছে। এইবিষয়ে মই পিছত ক’ম। ছন্দ বা বেদক এই অশ্বথ বৃক্ষৰ পাত বোলা হৈছে। এই সংসাৰৰূপী অশ্বথ বৃক্ষৰ গুণত্ৰয়ৰ দ্বাৰা বৃদ্ধিপ্ৰাপ্ত বিষয়ৰূপ পল্লৱযুক্ত শিখাবোৰ নিম্ন আৰু ঊৰ্দ্ধলৈ বিস্তৃত হৈছে। কৰ্মপ্ৰবাহ সৃষ্টিকাৰী মূলবোৰ অধোদিশে মনুষ্যলোকলৈ অনুপ্ৰবিষ্ট হৈ বিস্তৃত হৈছে। এই সংসাৰ বৃক্ষৰ ঊৰ্দ্ধশাখা গন্ধৰ্ব, কিন্নৰ, দেৱতা আদিৰ বাসস্থান ;আধোশাখা হ’ল পশু আদিৰ বাসস্থান; আৰু ইয়াৰ মাজতে মনুষ্যৰ বাসস্থান। ইয়াতেই মানুহৰ কৰ্মভূমি। ইয়াৰ পৰাই মানুহে কৰ্মানুযায়ী ঊৰ্দ্ধলোকলৈ বা নিম্নলোকলৈ গমন কৰে। ভূঃ, ভুবঃ, স্বঃ, মহঃ,জন, তপ, সত্য – এই সপ্তলোকৰ ভিতৰত ভূঃ লোক নিম্নত। এয়ে কৰ্মলোক। ঊৰ্দ্ধলোকসমূহৰ মূল (কাৰণ) কৰ্মসমূহ এই লোকতেই বিস্তৃত।…..
এতিয়া গণেশ শৰ্মা ডাঙৰীয়াই আমাক অলোকপাত কৰিব।
গণেশ শৰ্মাঃ কৃষ্ণ! কৃষ্ণ!
সৰলঃ ৰাধে! ৰাধে!
নয়নঃ ওঁ নমঃ বাসুদেৱায়ঃ।
গণেশ শৰ্মাঃ ইয়াৰ পিছত ভগৱানে ক’লে যে ইহলোকত এই ৰূপসমূহ উপলব্ধি নহয়। সেইদৰে আদি, অন্ত, প্ৰতিষ্ঠাস্থানৰো উপলব্ধি নহয়। এই অশ্বথ বৃক্ষৰ মূল খুব গভীৰত প্ৰোথিত। হৃদয়ৰ অভ্যন্তৰত আছে পুঞ্জীভূত পূৰ্বৰ জন্মৰ সংসাৰ ভোগৰ সংস্কাৰ। তাৰে পৰাই দুৰ্গন্ধময় বুদবুদৰ দৰে অহৰহ কামনা, বাসনা, খং, দ্বেষ উত্থিত হৈ অন্তৰাকাশক ক্ষুব্ধ, ঘোলা কৰি পেলায়। গতিকে হৃদয়াকাশত আত্মাৰ দৰ্শনো নহয়, শান্তিও নাথাকে। সেয়ে বৈৰাগ্য নামৰ অস্ত্ৰৰে সংসাৰৰ মূল ভোগাসক্তি কাটি পেলাব লাগিব। কোনো মায়া ৰাখিলে নহ’ব। য’ত মোৰ আচল ঘৰ, সেই ঘৰলৈ যাবলৈ ভগৱানৰ সাহায্য ল’ব লাগিব। মান- অপমান- মোহবৰ্জিত , আসক্তিৰূপী দোষবৰ্জিত, অধ্যাত্মজ্ঞানেৰে প্ৰতিস্থিত, নিষ্কাম, সুখ আৰু দুঃখ নামৰ দ্বন্দৰ পৰখ বিমুক্ত আৰু অবিদ্যাবিৰহিত ব্যক্তিসকলে সেই অব্যয় পদ প্ৰাপ্ত হয়। এই পদ প্ৰাপ্ত হোৱাৰ পিছত যোগীসকলে পুনৰাবৰ্তন নকৰে, কাৰণ সেয়া মোৰ সৰ্বশ্ৰেষ্ঠ ধাম- যাক সূৰ্যই উদ্ভাসিত কৰিব নোৱাৰে, চন্দ্ৰইও নোৱাৰে, অগ্নিয়েও নোৱাৰে।
দেহৰ ঈশ্বৰৰূপী জীৱ যেতিয়া শৰীৰপ্ৰাপ্ত হয় আৰু যেতিয়া পৰিত্যাগ কৰি গমন কৰে, বায়ুই যিদৰে আধাৰৰ পৰা গন্ধ আহৰণ কৰি প্ৰস্থান কৰে, সেইদৰে জীৱাত্মাই এই ইন্দ্ৰিয়সমূহ গ্ৰহণ কৰি দেহান্তৰলৈ গমন কৰে। এই জীৱাত্মাই কাণ, চকু, ত্বক, জিভা, নাক আৰু মনৰ দ্বাৰা বিষয়বোৰ উপভোগ কৰে। ……
মই বহুত আগবঢ়ালো। এতিয়া আমাৰ মিশ্ৰ ডাঙৰীয়াই সকলোকে আগবঢ়াই লৈ যাব বুলি আশা কৰিলো।
মিশ্ৰঃ মুক্তাকংকনে ক’লে ভাল হ’ব নেকি!
মুক্তাকংকনঃ দাদা, মই পিছত এবাৰ উদ্দালকৰ বাবে ক’ম বাৰু। এতিয়া আপোনাৰ পাল!
মিশ্ৰঃ শৰ্মাই এৰাৰ পিছত আমি দহ নং শ্লোক পাম। মই শ্লোকটো পাঠ নকৰো, পিছত সকলোৱে ঘৰতো কৰিব পাৰিব। সেই শ্লোকৰ দ্বাৰা শ্ৰীকৃষ্ণই কৈছে যে অজ্ঞসকলে উৎক্ৰমণৰ অৱস্থাতেই হওক বা দেহাৱস্থানকালতেই হওক বা বিষয়ভোগৰ সময়তেই হওক – ইন্দ্ৰিয়াদি সমন্বিত জীৱক দেখা নাপায়, জ্ঞানচক্ষুবিশিষ্ট ব্যক্তিসকলে হে দেখা পায়। যত্নশীল যোগীসকলে এই আত্মাক নিজৰ দেহত অৱস্থান কৰা দেখা পায়, অশুদ্ধচিত্ত অবিবেকী পুৰুষে যত্নবান হ’লেও এই আত্মাক দৰ্শন কৰিবলৈ সমৰ্থ নহয়।
ভগৱানে আৰু ক’লে যে সূৰ্যত বিৰাজিত যি তেজে সমস্ত জগতখনক প্ৰকাশিত কৰে, সেই তেজ চন্দ্ৰ তথা অগ্নিতো আছে, আৰু সেয়া মোৰেই তেজ বুলি জানিবা। ময়েই নিজ শক্তিৰ দ্বাৰা পৃথিৱীত প্ৰৱেশ কৰি ভূতসমূহক ধাৰণ কৰো আৰু ৰসাত্মক চন্দ্ৰ হৈ শস্যসমূহক পুষ্ট কৰো। মই সকলোৰে হৃদয়ত অধিস্থিত হৈ আছো, সমস্ত বেদৰ ময়েই জ্ঞেয়, ময়েই বেদৰ প্ৰণয়নকৰ্তা আৰু বেদবিৎ।…..
তনয়জিৎ ডেকাই দুটা শ্লোক পাঠ কৰিবলৈ ইচ্ছুক হৈ আছে বুলি মই জানো। তনয়জিৎ ডেকা….
তনয়জিৎঃ
‘আছে এই জগতত দুজন পুৰুষ ক্ষৰ আৰু অক্ষৰ;
ক্ষৰ মানে ক্ষয়শীল সকলোটি স্থাবৰ – জঙ্গম;
আৰু জানা অবিনাশী অক্ষৰ যিজন,
তেওঁকেই সকলোৱে আখ্যা দিয়ে পুৰুষ কূটস্থ-
মায়াৰে উমলি ফুৰা জগতৰ গৰাকী সিজন।’
##
‘উভয়ৰে শিখৰত আছে আৰু এগৰাকী পুৰুষ উত্তম,
তেওঁকেই বোলে সকলোৱে পৰমাত্মা সিপাৰ ঘাটৰ;
আছে তেওঁ ত্ৰিলোক প্ৰৱেশি আচলতে ঈশ্বৰ অব্যয়,
স্বৰ্গ মৰ্ত্য পাতালৰো পালয়িতা তেওঁ।’
##
‘ক্ষৰৰ অতীত মই – নহওঁ স্থাৱৰ নহওঁ জঙ্গম,
অক্ষৰকো অতিক্ৰমি পৰম উত্তম;
মাথোঁ সেইবাবে মুখে মুখে প্ৰচাৰিত বেদতো প্ৰখ্যাত
একেটা চিনাকি মোৰ পুৰুষ -উত্তম।’
মিশ্ৰঃ ধন্যবাদ ডেকা। মণি#…উদ্দালকৰ বাবে?
মুক্তাকংকনঃ ‘ Because I am transcendental, beyond both the fallible and the infallible, and because I am the greatest, I am celebrated both on the world and in the Vedas as the Supreme Person.’
খাউন্ডঃ ধন্যবাদ মিশ্ৰ ডাঙৰীয়া, ধন্যবাদ তনয়জিৎ, ধন্যবাদ মুক্তাকংকন, সকলোকে ধন্যবাদ। এতিয়া মাত্ৰ দুটা শ্লোক আছে এই পুৰুষোত্তম-যোগৰ। উনৈশ নং শ্লোকৰ দ্বাৰা শ্ৰীকৃষ্ণই কৈছে যে হে ধনঞ্জয়! হে ভাৰত! মোহহীন যিসকল ব্যক্তিয়ে মোকেই পুৰুষোত্তম বুলি অবগত হয়, তেওঁ সৰ্বজ্ঞ হৈ মোকেই ভজি থাকে।
সৰলঃ মই যি বূজিলো -নদীয়ে যেতিয়ালৈ সাগৰৰ সৈতে মিলিত নহয়, শিশুৱে যেতিয়ালৈ মাকক নাপায়, গোপীয়ে যেতিয়ালৈ শ্যামসুন্দৰক নাপায় তেতিয়ালৈ যিদৰে অশান্ত হৈ থাকে – একেদৰে ভগৱানক নোপোৱা পৰ্যন্ত সাধক ৰৈ থাকিব নালাগিব।
খাউন্ডঃ উত্তম।
ঋষিকৃষ্ণঃ সাধু! সাধু!
নয়নঃ সুন্দৰ।
খাউন্ডঃ
‘ইতি গুহ্যতমং শাস্ত্ৰমিদভুক্তং ময়ানঘ।
এতদ্বুদ্ধা বুদ্ধিমান। স্যাৎ কৃতকৃত্যশ্চ ভাৰত।।’
অৰ্থাৎ, হে অনঘ ভাৰত (অৰ্জুন), এইপ্ৰকাৰে সৰ্বাপেক্ষা অধিক গুহ্য এই শাস্ত্ৰ মোৰদ্বাৰা বৰ্ণনা কৰা হ’ল; এইসম্পৰ্কে অৱগত হ’লে বুদ্ধিমান আৰু কৃতাৰ্থ হ’বাহক!
আজি আমি ইয়াতেই সামৰিলো। অহাকালি ষোড়শ অধ্যায়ৰ ওপৰত আলোকপাত কৰা হ’ব। অহাকালি এক গুৰুত্বপূৰ্ণ অধ্যায় -‘ দৈবাসুৰ সম্পদ বিভাগ যোগ’!
এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু সকলোৱে সাধ্যমতে নিজৰ নিজৰ গৃহত প্ৰসাদ বিতৰণ কৰিব।
প্ৰণাম।
সকলোৱেঃ প্ৰণাম।
••••••••••••••••••••••••••••••••••••••••••••••••
|| ওঁ ||
(শনিবাৰ) ১২/০৪/২০২০
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
ষষ্ঠদশ অধ্যায়
দেবাসুৰ-সম্পদবিভাগ যোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ সমগ্ৰ পৃথিৱী আজি কোভিড-১৯ ভাইৰাছৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন। প্ৰশ্নৰ উদ্ৰেক হৈছে – মানুহৰ অস্তিত্ব কি বিলুপ্ত হৈ পৰিব নেকি? সমস্ত পৃথিৱীত লক্ষ লক্ষ জীৱ, জন্তু, পোক- পতঙ্গ, বেক্টেৰিয়া, ভাইৰাছ বাস কৰে। আমি নিজেই নিজকে ‘শ্ৰেষ্ঠ’ জীৱ বুলি দাবী কৰি পৃথিৱীৰ কৰ্তৃত্ব নিজৰ হাতলৈ নি পৃথিৱীৰ বক্ষত, আকাশত, সাগৰ-মহাসাগৰত, মহাকাশত অত্যাচাৰ কৰিছিলো, অহংকাৰ কৰিছিলো। কিন্তু অদৃশ্য ক্ষুদ্ৰ এক ভাইৰাছে আজি ‘জীৱশ্ৰেষ্ঠ’ক ভয়ংকৰ আক্ৰমণ কৰিছে আৰু বিপন্ন হৈ পৰিছে মানৱ- সভ্যতা। যিহেতু এতিয়াও প্ৰতিষেধক বাহিৰ হোৱা নাই, গতিকে সাৱধানতা অৱলম্বন কৰাৰ বাহিৰে কোনো উপায় নাই।
এতিয়া আমি আগবাঢ়োহক…!
যোৱা অধ্যায়ত ভগৱানে ভালেমান উপদেশ দিছিল। সমগ্ৰ গীতা ভগৱানৰেই উপদেশ। কিন্তু ভগৱানে ক’লে- বুলিয়েই সকলোৱে যে ভগৱানৰ কথা মানি ল’ব – তেনে নহয়। এই সংসাৰত দুই প্ৰকাৰৰ মানুহ আছে – দৈৱিক প্ৰকৃতিৰ মানুহ আৰু আসুৰিক প্ৰকৃতিৰ মানুহ। মানুহৰ দুটা জাতি – সৎ আৰু অসৎ। হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, খৃষ্টান ধৰ্ম, ইছলাম ধৰ্ম – এই সকলোবোৰ ভগৱান প্ৰাপ্তিৰ বাবে একো একোটা পথ। ঐই পথসমূহেৰে যিসকলে যথাযথভাবে আগবাঢ়ে , তেওঁলোক হ’ল দৈৱিক প্ৰকৃতিৰ মানুহ আৰু সেই একেগৰাকী ভগৱানকেই অনুসৰণ কৰে। এনেবোৰ ধৰ্ম গ্ৰহণ কৰাসকলৰ মাজত আকৌ এনে মানুহ বহুত আছে যিসকলে পথবোৰ যথাযথভাবে অনুসৰণ নকৰে। এইসকল আসুৰিক প্ৰকৃতিৰ মানুহ। এইবোৰে নিজৰ মত প্ৰতিস্থাৰ বাবে অইন ধৰ্মৰ মতক আঘাত কৰে। এওঁলোক সংকীৰ্ণমনা। এইসকলে আসুৰিক প্ৰকৃতি লৈয়েই জন্মগ্ৰহণ কৰিছে। যিসকলে ভাবে যে সমগ্ৰ বিশ্বতে হিন্দু ধৰ্ম প্ৰতিস্থা কৰিম – তেওঁলোকে পাহৰি যায় যে কৌৰৱ আৰু পাণ্ডৱ হিন্দু আছিল! মুছলমানৰ মাজতো চিয়া – চুন্নী, খৃষ্টানৰ মাজত কেথলিক- প্ৰটেষ্টান্ট! মূল সমস্যাটো মানুহৰ প্ৰকৃতিক লৈ হে সৃষ্টি। কাৰণ হমস্ত ধৰ্মৰ মাজত আছে সৎ আৰু অসৎ। সৎ মানুহে অইন ধৰ্মকো সমভাৱে লয়, সত্য বুলি স্বীকাৰ কৰে। তেওঁলোকে সকলো মানুহক এজন ভগৱানৰ সন্তান বুলি গ্ৰহণ কৰে। গীতা, কোৰাণ, বাইবেল আদিয়ে একে কথাকেই কৈ আহিছে। গীতাৰ ষষ্ঠদশ অধ্যায়ত ভগৱানে এই দুই প্ৰকাৰৰ প্ৰকৃতিৰ মানুহৰ বিষয়ে উল্লেখ কৰিছে।
শ্ৰীকৃষ্ণই অৰ্জুনক এই অধ্যায়ৰ আৰম্ভণিতে কৈছে- ভয়াভাব (অভয় – ভয়াভাব), জ্ঞান আৰু যোগত অৱস্থিতি, দান, ইন্দ্ৰিয়দমন, যজ্ঞ, স্বাধ্যায় (সৎ গ্ৰন্হ অধ্যয়ন), তপস্যা, সৰলতা, অহিংসা, সত্য, অক্ৰোধ, ত্যাগ, শান্তি, পৰোক্ষে পৰদোষ কথনত বিমুখিতা, দীনজনৰ প্ৰতি সহমৰ্মিতা, লোভশূণ্যতা, মৃদুতা, অসৎকৰ্মকৰণত লজ্জা, অনৰ্থক ক্ৰিয়াহীনতা, তেজ, ক্ষমা, ধৃতি, শৌচ, অদ্ৰোহ, নাতিমানিতা( নিজকে অতি পূজনীয় বুলি ভবাকেই অতিমানিতা বোলে) – এই সমূহ দৈৱিক সম্পদৰ প্ৰতি আগ্ৰহ তথা সেইবোৰ গ্ৰহণ মনোভাৱ দৈৱিক মানুহে কৰে। এই সম্পদবোৰ শ্ৰীভগৱৎ দৰ্শনৰ অনুকূল।
শ্ৰীকৃষ্ণই পুনৰ ক’লে- হে পাৰ্থ! দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, নিষ্ঠুৰতা, অজ্ঞানতা আদিৰ প্ৰতি আকৰ্ষণ আসুৰিক প্ৰকৃতিৰ মানুহৰ থাকে। দৈৱিক সম্পদ মোক্ষৰ বাবে আৰু আসুৰিক সম্পদ বন্ধনৰ বাবে বুলি বিবেচিত হয়। হে পান্ডৱ! তুমি দৈৱিক সম্পদৰ অভিমুখী হৈ জন্মগ্ৰহণ কৰিছা, শোক নকৰিবা। হে পাৰ্থ! এই জগতত দেৱ আৰু অসুৰ – এনে দুই প্ৰকাৰৰ জীৱ সৃষ্টি হৈছে। দৈৱিক প্ৰকৃতিৰ মানুহ সম্পৰ্কে তোমাক ইতিমধ্যে বহুত কোৱা হৈছে। এতিয়া তুমি মোৰ মুখৰ পৰা আসুৰিক প্ৰকৃতিৰ বিষয়ে সবিস্তাৰে শুনা।
এতিয়া আমাক মিশ্ৰ ডাঙৰীয়াই আসুৰিক প্ৰকৃতিৰ বিষয়ে ক’ব।
মিশ্ৰঃ কৃষ্ণ! কৃষ্ণ! (নেওগলৈ দৃষ্টিনিক্ষেপ কৰে)…
নেওগঃ আসুৰিক প্ৰকৃতিৰ বিষয়ে ক’বলৈ ওলাই মোৰ পিনে বক্ৰ দৃষ্টি দিলে যে!
মিশ্ৰঃ দৈৱিক দৃষ্টি দিয়া হৈছে#গ্ৰহণ কৰিলে মঙ্গলময়#
এতিয়া আমি আগবাঢ়িম। শ্ৰীকৃষ্ণই ক’লে – হে অৰ্জুন! অসুৰ-স্বভাৱৰ মানুহে প্ৰবৃত্তি আৰু নিবৃত্তি নাজানে। তেওঁলোকৰ মাজত শৌচ নাই, আচাৰ নাই, সত্যও নাই।
অৰ্থাৎ, মনুষ্যশৰীৰ লৈও যিসকলে মানুহৰ দৰে আচৰণ নকৰে, সেইসকলে পাপৰ ফল ভোগা নিশ্চিত। তেওঁলোকক সৎ উপদেশ দিলেও উপদেশ-দাতাক উপহাস কৰে । তেওঁলোকৰ কোনো বাহ্যিক বা আভ্যন্তৰীণ শুচি নাথাকে। তেওলোকে জগতক মিছা, প্ৰতিষ্ঠাহীন, ঈশ্বৰহীন বুলি অভিহিত কৰে আৰু কয় যে স্ত্ৰী-পুৰুষৰ কামনা-সঙ্গমৰ ফলত হে জগত সৃষ্টি। অৰ্থাৎ, কামনাৰ প্ৰবাহেই মূল কাৰণ বুলি কয়। তেওঁলোকে পিতৃ-মাতৃ কাকো শ্ৰদ্ধা নকৰে। মায়াই হৰণ কৰা জ্ঞানৰ বাবে তেওঁলোক অজ্ঞানতাৰ কোলাত থাকে আৰু নষ্টস্বভাৱৰ, অল্পবুদ্ধিসম্পন্ন, উগ্ৰকৰ্মা, অহিতকাৰী এনে মানুহ জগতৰ ধ্বংসৰ বাবে জন্ম লয়! এওলোক মদমত্ত, অহংকাৰী হয় আৰু কামুক হৈ ব্যাভিচাৰী হৈ পৰে। মৃত্যুৰ সময়লৈ এওঁলোকে স্থায়ী আৰু অপৰিমেয় চিন্তাক আশ্ৰয় কৰি কাম উপভোগেই জীৱনৰ পৰম পুৰুষাৰ্থ বুলি ধৰি লয়। মাছ যিদৰে জালত বন্দী হয়, এওলোকো আশাৰ জালত বন্দী হয়। পৃথিৱীত নিজৰ কাম সমাপ্ত হোৱা বুলি বুজালেও, বিষয়ক বিষ বুলি ক’লেও, সংসাৰৰ প্ৰতি আসক্তি ৰখা উচিত নহয় বুলি ক’লেও – এওঁলোকৰ কাণত প্ৰৱেশ নকৰে। অন্তিমকালত বিষয় ভোগত অসমৰ্থ হৈ তেওঁলোক বিষয় পৰিবেষ্টিত হৈ পৰি থাকে আৰু প্ৰলাপ বলকিবলৈ ধৰে।
শ্ৰীকৃষ্ণই পুনৰ কৈছে- তেনে আসুৰিক প্ৰকৃতিৰ মানুহে শত্ৰুক মোৰদ্বাৰা বধ কৰিম বুলি কয়, লগতে কয় -মই ঈশ্বৰ, মই ভোগী, মই সিদ্ধ, মই বলবান, মই সুখী। কংস, হিৰণ্যকশিপু আদিয়েও তেনেকৈ প্ৰলাপ বকিছিল!
এতিয়া ঋষিকৃষ্ণ শৰ্মা ডাঙৰীয়াই ক’লে বৰ ভাল হয়।
মুক্তাকংকনঃ জীৱনৰ অন্তিমকালত নেপ’লিয়নেও প্ৰলাপ বকিছিল – Where is my sword, where is my sword?
নয়নঃ সুন্দৰ ব্যাখ্যা।
সৰলঃ কৃষ্ণ! কৃষ্ণ!
তনয়জিৎঃ ৰাধে! ৰাধে!
ঋষিকৃষ্ণঃ আসুৰিক প্ৰকৃতিৰ মানুহে নিজকে ধনবান, কুলীন, ‘মোৰ দৰে অইন কোনোৱেই নাই’- এনে ভাব, মই যজ্ঞ কৰিম, ডাঙৰকৈ পূজা পাতি সকলোকে দেখুৱাই দিম, মই দান কৰিম, মই আনন্দ কৰিম – এনেধৰণৰ অজ্ঞানতাৰে বিমোহিত হৈ থাকে। এনেধৰণৰ বহু চিন্তাৰে এওঁলোকৰ চিত্ত বিভ্ৰান্ত হৈ থাকে, মোহজালেৰে আবৃত হোৱাৰ লগতে কাম্য বিষয়ভোগত আসক্ত হৈ অশুচি নৰকত পতিত হয়। এনে আসুৰিক প্ৰকৃতিৰ মানুহে নিজকে অইনৰ দ্বাৰা পূজ্য বুলি অভিমান কৰে, অবিনীত হয়, ধনৰ বাবে গৰ্বী হৈ পৰে, মদমত্ত হয়, দাম্ভিক হয়, আৰু শাস্ত্ৰবিধি উলংঘা কৰি যজ্ঞ অনুষ্ঠান কৰে। এওঁলোকৰ পূজা-যজ্ঞ- দান হ’ল দম্ভ প্ৰদৰ্শন!
তনয়জিৎঃ শৰ্মা ডাঙৰীয়া, দুই মিনিট ল’ব পাৰো?
ঋষিকৃষ্ণঃ দহ মিনিট, বিশ মিনিট যিমান লাগে লৈ লওক!
ডাঃ নয়নজিৎঃ ধন্যবাদ শৰ্মা।
”আছে কোন মোৰ দৰে ধনৰ চহকী আৰু মানৰ গৰাকী,
কোনেনো কৰিব পাৰে অতবোৰ দানৰ যোগাৰ,
কোনেনো গোটাব পাৰে ঠাহখোৱা যজ্ঞ+ উপচাৰ,
আৰু এইদৰে চ’ৰাঘৰ ওপচোৱা সুৰ আৰু সুৰাৰ সম্ভাৰ!’
— সিবোৰে জনাই ফুৰে এনেবোৰ কথা মাথোঁ মূঢ়তাৰ।’
সৰলঃ একমিনিট দাদা….
‘ অসুৰপ্ৰকৃতি সেইবোৰে থ’বকে নোখোজে ভৰি শুদা মজিয়াত,
বল দৰ্প কাম ক্ৰোধ সকলোটি সিবোৰৰ মনৰ ভূষণ,
সেইবোৰ পাষন্ডই অন্তৰ্যামী মোকো নিন্দা কৰে;
নেজানে সিবোৰে থাকোঁ মই আত্মাৰূপে
সিবোৰৰো শৰীৰ-সজাত আৰু বহুতো অন্যৰে।’
‘ঈশ্বৰবিদ্বেষী সেইবোৰ নৰাধম অতি ক্ৰুৰমতি,
সিবোৰৰ নাই কাম-বন, লিপ্ত মাথোঁ কদৰ্য কৰ্মত;
সিবোৰকে পঠাওঁ ঘূৰাই আকৌ ল’বলে জন্ম
বাঘ, ঘোং, সাপ আদি অৰ্বাচীন জন্তুৰ গৰ্ভত।’
মুক্তাকংকনঃ উদ্দালকৰ বাবে…’ Self- complacent and always impudent, deluded by wealth and false prestige, they sometimes proudly perform sacrifices in name only, without following any rules or regulations.’
নেওগ দা, আপোনাৰ ভতিজা উদ্দালকৰ বাবে আজি এইখিনিয়েই।
নেওগঃ আজি মোৰ পিনে চায়েই আৰম্ভ হৈছে! মোৰ বা কি প্ৰকৃতি?
গণেশ শৰ্মাঃ শ্ৰীকৃষ্ণই অৰ্জুনক পুনৰ ক’লে যে অহংকাৰ, বল, দৰ্প, কিম, ক্ৰোধক অৱলম্বন কৰি নিজৰ আৰু পৰদেহত মোক বিদ্বেষ কৰি থাকে হেতুকে তেওঁলোকৰ দোষ হয়। তেনে দ্বেষকাৰী, ক্ৰুৰ, পাপাচাৰী নৰাধমসকলক মই বাৰম্বাৰ সংসাৰৰ আসুৰিক যোনিতেই নিক্ষেপ কৰি থাকো। হে কৌন্তেয়! মূঢ়সকলে জন্মে জন্মে আসুৰিক যোনি প্ৰাপ্ত হয়। মোক লাভ কৰিব নোৱাৰি তেওঁলোকৰ তেনে অধম গতি প্ৰাপ্ত হয়।
ইয়াৰ পিছত ভগৱানে আৰু ক’লে যে কাম, ক্ৰোধ, লোভ হ’ল নৰকৰ দুৱাৰ! আত্মাৰ বিনাশকাৰী। গতিকে এই তিনিটাক ত্যাগ কৰিব লাগে।
খাউন্ডঃ মুঠতে শ্ৰীভগৱানে মহাভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবলৈ সংক্ষিপ্ত, কিন্তু সাৰগৰ্ভ উপদেশ দিছে। ভগৱানৰ নিৰ্দেশ ষ্পষ্ট। ভগৱানে মানবজীৱনক কামত লগাবলৈ উপদেশ দিছে। শ্ৰীকৃষ্ণই পুনৰ কৈছে- হে কৌন্তেয়! এনে তিনিপ্ৰকাৰৰ দুৱাৰৰ পৰা বিমুক্ত মানুহে আত্মকল্যাণ সাধন কৰে আৰু শ্ৰেষ্ঠ গতি প্ৰাপ্ত হয়।
মন কেতিয়াও শূণ্য হৈ নাথাকে। কাম, ক্ৰোধ, লোভ আদিক লৈ মন ব্যতিব্যস্ত হৈ থাকে। সেইবোৰৰ পৰা আতৰাই আনিব পাৰিলে বিবিধ সদগুণে আহি হৃদয় অধিকাৰ কৰে। লাহে লাহে মনৰ মলিনতা দূৰ হৈ চিত্ত বিশুদ্ধ হৈ পৰে। তেতিয়া ভগৱৎ ভক্তিয়ে চিত্ত অধিকাৰ কৰে। কামনা হৃদয়ৰ পৰা প্ৰস্থান কৰে আৰু সংসাৰ বন্ধন লাহে লাহে শিথিল হৈ আহে। অৱশেষত মানুহে মোক্ষ লাবৰ পথলৈ অগ্ৰসৰ হয়।
শ্ৰীকৃষ্ণই পুনৰ কৈছে- যিয়ে শাস্ত্ৰবিধি উলংঘা কৰি স্বেচ্ছাচাৰত প্ৰবৃত্ত হয়, তেওঁ সিদ্ধি লাভ নকৰে, সুখ লাভ নকৰে, পৰমগতিও লাভ নকৰে।
এই অধ্যায়ৰ অন্তিম শ্লোকৰ দ্বাৰা শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন! সেয়েহে কৰ্ত্তব্যাকৰ্ত্তব্য নিৰূপণ সম্পৰ্কে শাস্ত্ৰ তোমাৰ প্ৰমাণ। গতিকে শাস্ত্ৰীয় বিধান বুজি লৈ এই মনুষ্যলোকত কৰ্ম কৰাহক!
তনয়জিৎঃ
‘ কৰিব লাগে কোনটো নেলাগে ইবোৰৰ বাবে
শাস্ত্ৰকেই ধৰি ল’বা উত্তম প্ৰমাণ;
পাৰিবা সফল হ’ব কৰি গ’লে ত্ৰুটিহীন কৰ্ম আপোনাৰ,
জানি ল’ব লাগে মাথোঁ যথাযথ শাস্ত্ৰৰ বিধান।’
নমস্কাৰ।
খাউন্ডঃ আজি ইয়াতেই অধ্যায় শেষ হ’ল। অহাকালি আমি আলোচনা কৰিম সপ্তদশ অধ্যায়। অৰ্থাৎ, শ্ৰদ্ধাত্ৰয়বিভাগ যোগ।
এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু সকলোৱে সাধ্যমতে প্ৰসাদ বিতৰণ কৰিম।
প্ৰণাম।
সকলোৱেঃ প্ৰণাম।
••••••••••••••••••••••••••••••••••••••••••••••••••
|| ওঁ ||
( দেওবাৰ) ১৩/০৪/২০২০
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
সপ্তদশ অধ্যায়
শ্ৰদ্ধাত্ৰয়বিভাগ যোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ এতিয়ালৈ বিশ্বত ১৭,৮০,৩১৫ জন ব্যক্তি কৰ’না- আক্ৰান্ত হ’ল আৰু ১,০৮,৮২৮ জনৰ মৃত্যু হ’ল। অসমতো ‘লক-ডাউন’ বৃদ্ধি হ’ব পাৰে। এনেস্থলত এইবাৰ বিহুৰ নামত মানুহে ভীৰ নকৰাই মঙ্গল। আজি আমি আমাৰো সপ্তদশ দিনত অন্তৰ্ভুক্ত হৈছো। ইও এক বিৰল অনুভূতি।
শ্ৰোতা যদি শ্ৰদ্ধাবান আৰু বুদ্ধিমান হয়, তেনেহ’লে দাৰ্শনিক আলোচনা উজ্জ্বীৱিত হৈ পৰে তথা শ্ৰোতাই যেতিয়া আধ্যাত্মিক আলোচনা নিজৰ প্ৰয়োজন বুলি অনুভৱ কৰে, তেতিয়া সেই আলোচনাত তেওঁ আনন্দ পায়। অৰ্জুন আছিল আগ্ৰহী আৰু সচেতন শ্ৰোতা। তেওঁৰ সন্মুখত ভীষণ সমস্যা। ভয়ংকৰ যুদ্ধক্ষেত্ৰত অংশগ্ৰহণ কৰি কৌৰৱক সংহাৰ কৰিবলৈ স্বয়ং ভগৱানে তেওঁক উৎসাহিত কৰিছে। অৰ্জুনৰ মনত নানান প্ৰশ্ন। গীতাৰ এই সপ্তদশ অধ্যায়ৰ আৰম্ভণিতে অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছে- হে কৃষ্ণ! যিসকলে শাস্ত্ৰবিধি পৰিত্যাগ কৰি শ্ৰদ্ধাযুক্ত হৈ পূজা-অৰ্চনা কৰে, তেওঁলোকৰ নিষ্ঠা কেনেপ্ৰকাৰৰ – সাত্ত্বিক, তামসিক নে ৰাজসিক?
অৰ্জুনৰ এনে প্ৰশ্নৰ উত্তৰত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে- দেহধাৰী জীৱৰ সাত্ত্বিক, ৰাজসিক, তামসিক এনে তিনিপ্ৰকাৰৰ শ্ৰদ্ধা থাকে। সেইবিষয়ে মই এতিয়া তোমাক কওঁ, শুনা। হে অৰ্জুন, যাৰ যি ধৰণৰ শ্ৰদ্ধা – সেইমতেই হয়। যি সাত্ত্বিক হয়, তেওঁৰ শ্ৰদ্ধা সত্ত্বগুণী; যি ৰাজসিক, তেওঁৰ শ্ৰদ্ধা ৰজোগুণী! যি তামসিক, তেওঁৰ শ্ৰদ্ধা তমোগুণী হয়। সাত্ত্বিকসকলে দেৱ-দেৱীক পূজা অৰ্চনা কৰে, ৰাজসিকসকলে যক্ষ- ৰাক্ষসসকলক পূজা অৰ্চনা কৰে, তামসিকসকলে ভূত-প্ৰেতৰ পূজা অৰ্চনা কৰে। দম্ভ আৰু অহংকাৰী হৈ, কামনা- আসক্তিৰে মদমত্ত হৈ বিচাৰ- বিবেচনাহীন যিবোৰ মানুহে শৰীৰস্থ ভূতসমূহক আৰু শৰীৰৰ অভ্যন্তৰত থকা মোকো ক্লেশ দি অশাস্ত্ৰবিহিত ঘোৰ তপস্যা কৰে – তেওঁলোকক নিশ্চিতভাৱে আসুৰিক প্ৰকৃতিৰ মানুহ বুলি জানিবা। নিজৰ নিজৰ প্ৰকৃতি অনুসৰি যিদৰে খাদ্যও তিনিপ্ৰকাৰৰ হয়, সেইদৰে যজ্ঞ-তপস্যা-দানো তিনিপ্ৰকাৰৰ হয়।
শ্ৰীকৃষ্ণই পুনৰ ক’লে- আয়ু, উৎসাহ, শক্তি, আৰোগ্য, সুখ, প্ৰীতিবৰ্দ্ধনকাৰী, ৰসাল, স্নিগ্ধ, দেহত সাৰাংশৰ উৎপাদক, মনোজ্ঞ আহাৰ্য খাদ্য-সামগ্ৰীবোৰ সাত্ত্বিক মানুহৰ প্ৰিয়। …
নেওগঃ খাউন্ড ডাঙৰীয়াই অনুমতি দিলে ৰাজসিক মানুহৰ প্ৰিয় খাদ্য সম্পৰ্কে মইও ক’ব পাৰো। যোৱানিশা সেইসম্পৰ্কে সামান্য পঢ়ি আৰু মিশ্ৰ ডাঙৰীয়াৰ সৈতে আলোচনা কৰি উদ্দালকক কৈছিলো। গীতাৰ সপ্তদশ অধ্যায়ৰেই কথা..!
খাউন্ডঃ ই পৰম আনন্দৰ কথা। মই অনুমতি দিবলৈ কোন? আপুনিয়েই বা নকবলৈ কোন? সকলো দেহত শ্ৰীভগৱান বিৰাজমান। সেইকাৰণেই কিবা এক বিশেষ উদ্দেশ্যত আপোনাৰ কন্ঠৰে নিগৰিব খুজিছে ৰাজসিক ব্যক্তিৰ প্ৰিয় খাদ্যৰ বিষয়ে! আৰম্ভ কৰক নেওগ ডাঙৰীয়া।
নেওগঃ ধন্যবাদ খাউন্ড ডাঙৰীয়া। যোৱাকালি দিনৰ ভাগত মোক উদ্দেশ্য কৰি মিশ্ৰ ডাঙৰীয়াই ১০১ বিধ শাক-পাচলি আৰু তাৰে গুণ ডাঙি ধৰিছিল। সেই সূত্ৰে মই সেই শাক-পাচলিৰ বিষয়ে মোৰ ভতিজাকো ক’লো। ভতিজা মানে উদ্দালক। কিছুমান বুজি পোৱা নাছিলো বাবে মিশ্ৰ ডাঙৰীয়াৰ সহায় ললো, যিহেতু তেওঁ সাত্ত্বিক ব্যক্তি হিচাবে শাক-পাচলিৰ বিশেষজ্ঞ স্বৰূপ।
খাউন্ডঃ বৰ ভাল কথা।
নয়নঃ কি কি শাক-পাচলি নেওগ দা?
নেওগঃ মোৰ ক’ত মনত থাকিব হে? তোমাক হোৱাটচ্এপ কৰি দিম পিছত।
সৰলঃ বহাগ বিহুৰ সময়ত ১০১ বিধ শাক-পাচলি অসমীয়া মানুহে খায়। কি কি আছিল জানো মিশ্ৰ দা?
মিশ্ৰঃ মই কৈ দিব পাৰো। স্মৃতিশক্তি শাক-পাচলিয়ে ঠিকেই ৰাখিছে। দীঘল হ’ব পিচে!
তনয়জিৎঃ এতিয়া আমাৰ সময়েই সময়। লাহে লাহে কৈ যাওক। অঞ্জন শৰ্মা দা-ই লিখাত সুবিধা হ’ব।
মিশ্ৰঃ মই যোৱাকালিও নেওগক কৈছিলো ।
এতিয়া পুনৰ কওঁ বাৰু…
আমি সাধাৰণতে পোৱা আৰু খোৱা শাক পাচলি সমূহৰ গুণাগুণ এনেধৰণৰঃ
১) সৰু মানিমুনি – স্মৰণ শক্তি বৰ্দ্ধক, গ্ৰহণী নাশক ।
২) বৰ মানিমুনি – পেটৰ ৰোগ নাশক, স্নায়ুসবল কাৰক ।
৩) মচন্দৰী – গ্ৰহণী নাশক, জ্বৰ, নিউমোনিয়া ৰোগত উপকাৰী ।
৪) নৰসিংহ – চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, পেটৰ বিষ নাশক ।
৫) তিতা ভেঁকুৰী – ক্ৰিমি নাশক, তেজ পৰিষ্কাৰক, হাঁইফাই নাশক ।
৬) পনৌনৌৱা – ৰক্তবৃদ্ধি কাৰক, শোথনাশক, ঘাঁ শুকুৱায় ।
৭) ভেদাইলতা – শক্তিদায়ক, বাত, গ্ৰহণী নাশক ।
৮) ঢেঁকীয়া – পেট পৰিষ্কাৰক, ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক ।
৯) তিতামৰা – ক্ৰিমি, পেলু, বহুমূত্ৰ, জ্বৰ নাশক ।
১০) টেঙেচি – স্মৰণ শক্তি বৃদ্ধিকাৰক, গ্ৰহণী নাশক ।
১১) চজিনা – কুকুৰীকণা প্ৰতিৰোধক, বায়ুনাশক ।
১২) কালমেঘ – যকৃত শক্তি দায়ক, মেলেৰীয়া, বহুমূত্ৰ নাশক, ৰক্ত পৰিষ্কাৰক।
১৩) জিলমিল – ভোক বৃদ্ধি কাৰক, বায়ু, পিত্ত, ক্ৰিমি নাশক ।
১৪) কচুঠুৰি – ৰক্তবৰ্দ্ধক, তেজ পৰিষ্কাৰক, শুক্ৰবৰ্দ্ধক ।
১৫) কলমৌ শাক – স্তনত গাখীৰ বৃদ্ধি কৰে, শুক্ৰবৰ্দ্ধক ।
১৬) কেহৰাজ – চুলি ক’লা কৰে, জণ্ডিচত উপকাৰী ।
১৭) খুতুৰা শাক – ভোক লগায়, পিত্ত, কফ, বিষ নাশক ।
১৮) কাটা খুতুৰা – গ্ৰহণী আৰু বিষ নাশক।
১৯) গাজৰ – কৰ্কট ৰোগ প্ৰতিৰোধক, কুকুৰীকণা ৰোগীৰ সুপথ্য, শুক্ৰ বৰ্দ্ধক।
২০) লাইজাবৰি – কফ নাশক, চাইনাচাইটিচত উপকাৰী।
২১) শুকলতি – গ্ৰহণী, প্ৰসূতি ৰোগ নাশক, গাঁঠিৰ বিষ উপশম কৰে।
২২) দহিকচু – ফিটাপেলু নাশক, কোষ্ঠকাঠিন্য নাশক।
২৩) ওলকচু – কেঁচুমূৰীয়া, সঞ্চিতগ্ৰহণী নাশক।
২৪) টিকনিবৰুৱা – শক্তিদায়ক।
২৫) ধনিয়া পাত– চকুৰ দৃষ্টিশক্তি বৰ্দ্ধক, প্ৰজনন শক্তি বৃদ্ধিকাৰক, যক্ষ্মা, দন্তক্ষয়, পেটৰ শব্দ নাশক।
২৬) চুকাশাক – বায়ু নাশক।
২৭) দোৰোণবন – বাতশ্লেষ্মা নাশক, হজমী কাৰক, অৰ্শ, শোথৰ সুপথ্য।
২৮) নেফাফু – উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত।
২৯) পদিনা – গাৰ দুৰ্গন্ধ নাশক, ৰক্ত বৃদ্ধি কাৰক, পেটৰ বিষ নাশক, বাধক বেদনা নাশক।
৩০) পুৰৈশাক – পুষ্টিকৰ, কুকুৰীকণা নাশক, এলাৰ্জিত উপকাৰী, স্মৃতি শক্তি বৰ্দ্ধক।
৩১) পালেংশাক – ৰক্ত, পিত্ত, বিষ দোষ নাশক, শিশুৰ পয়াঁলগা ৰোগ ভাল কৰে, ছাল নিমজ কৰে।
৩২) পাতেগজা – প্ৰস্ৰাৱৰ ৰোগ নাশক, বৃক্কৰ পাথৰ নাশক, জণ্ডিচ ৰোগৰ সুপথ্য।
৩৩) পানীটেঙেচি – ত্ৰিদোষ নাশক, অগ্নিবৰ্দ্ধক, নিদ্ৰাকাৰক, গ্ৰহণী ৰোগত উপকাৰী।
৩৪) ব্ৰাহ্মীশাক – স্মৰণ শক্তি বৃদ্ধিকাৰক, মৃগী ৰোগ নাশক, মাত পৰিষ্কাৰ কৰে, বায়ু সবল কৰে।
৩৫) বাহক তিতা – কফ বাহিৰ কৰে, যক্ষ্মাৰোগ নাশক, প্ৰমেহ, কুষ্ঠ নাশক।
৩৬) ভাঙৰ পাত – ভোক লগায়, কামভাৱ জাগৃত কৰে, নিদ্ৰাজনক।
৩৭) মহাভৃংগৰাজ – চুলিৰ টনিক, পাণ্ডুৰোগ নাশক।
৩৮) মটৰ মাহ – স্তনত গাখীৰ বৃদ্ধি কৰে।
৩৯) মহানিম – তেজ পৰিষ্কাৰক, মেলেৰীয়া, বহুমূত্ৰ ৰোগ নাশক, বীজাণু আৰু কীটাণু নাশ কৰিব পাৰে।
৪০) মেথিশাক – বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰক, মাজু আইত উপকাৰী।
৪১) মাটিকাঁদুৰি – পেটৰ ৰোগৰ কাৰণে উপকাৰী।
৪২) মূলা – পাথৰি ৰোগৰ কাৰণে উপকাৰী।
৪৩) মালভোগ শাক – পিত্তৰোগ নাশক, অগ্নিবৰ্দ্ধক, অৰ্শ নাশক।
৪৪) মৰিচা শাক – স্মৰণ শক্তি বৰ্দ্ধক, শৌচ স্বাভাৱিক কৰে, কৰ্কট ৰোগৰ পথ্য।
৪৫) মানকচু – ৰক্ত পিত্ত আৰু শোথ নাশক।
৪৬) সৰিয়হ শাক – বায়ু, পিত্ত, কফ নাশক, চকুৰ কাৰণে উপকাৰী।
৪৭) কাচকল – ক্ৰিমি, গ্ৰহণী নাশক, ৰক্তবৰ্দ্ধক।
৪৮) বনজালুক – ছালৰ ৰোগ, পেটৰ ৰোগ নাশক।
৪৯) টেঙামৰা – গ্ৰহণী নাশক।
৫০) তিতাফুল – হাঁইফাই, পেলুনাশক, তেজ বৰ্দ্ধক।
৫১) চেংমৰা – কেঁচুমূৰীয়া নাশক, প্ৰসূতি ৰোগ নাশক।
৫২) মধুসোলেং – গ্ৰহণী আৰু পেটৰ ৰোগ নাশক।
৫৩) তিতা কেৰেলা – ৰক্ত পৰিষ্কাৰক, বহুমুত্ৰ ৰোগ নিয়ন্ত্ৰক, ৰক্তবৰ্দ্ধক, খজুৱতি নাশক।
৫৪) কপৌঢেঁকীয়া – শক্তিদায়ক।
৫৫) বেতগাজ – ক্ৰিমি নাশক, ৰক্তবৰ্দ্ধক।
৫৬) তেজপাত –সুগন্ধিদায়ক, হৃদযন্ত্ৰ শক্তি দায়ক।
৫৭) তিয়ঁহ – পিত্ত পাথৰি ৰোগ নাশক, চকু উজ্জ্বল কৰে।
৫৮) চিৰতা – মেলেৰিয়া, বহুমূত্ৰ, তেজৰ ৰোগ নাশক।
৫৯) কেঁচা জলকীয়া – স্মৰণ শক্তি বৰ্দ্ধক, ডিঙি, মুখ, খাদ্যনলীৰ বীজাণু নাশক, চকুৰ কাৰণে উপকাৰী।
৬০) কালজিৰা – গৰ্ভাশয় ৰোগত উপকাৰী,
৬১) উৰহী – শুক্ৰকাৰক, বলকাৰক।
৬২) পচলা – শৌচ স্বাভাৱিক কৰে, যক্ষ্মাৰোগ নাশক।
৬৩) কঁঠাল – বলকাৰক, গুটি – শুক্ৰবৰ্দ্ধক।
৬৪) অমিতা – হজম কাৰক, যকৃত টনিক, কৰ্কটৰোগ, কুকুৰীকণা নাশক, পেটৰ ঘা শুকুৱায়।
৬৫) ৰঙালাউ – চকুৰ দৃষ্টি শক্তি বৰ্দ্ধক, পাতে হাড়, দাঁত মজবুত কৰে, গুটিয়ে শুক্ৰ বৃদ্ধি কৰে।
৬৬) মৰলীয়া – পেট পৰিষ্কাৰক, পেটৰ ঘা, বদহজম, গ্ৰহণী, অনিদ্ৰা নাশক, বুদ্ধিকাৰক, মেদ নিবাৰিত কৰে।
৬৭) বাবৰিশাক – ক্ৰিমি নাশক, ছালৰ কমনীয়তা বৰ্দ্ধক, বীৰ্যবৰ্দ্ধক, চকুৰ বাবে উপকাৰী।
৬৮) হেলচি শাক – স্নায়ু সবল কৰে, গনোৰিয়া, চিফিলিচ ৰোগৰ পথ্য, শুক্ৰ গাঢ় কৰে।
৬৯) শুহনিবন – জিভাৰ আৰু মুখৰ ভিতৰত ঘা নাশক, কফ বাহিৰ কৰে।
৭০) তিতাফুল – মেলেৰিয়া, কলাজ্বৰ, ক্ৰিমি, অৰুচি নাশক, বাতবিষত উপকাৰী, জণ্ডিচত সুপথ্য।
৭১) মোৱা আলু – মহিলাৰ স্তনত গাখীৰ বৃদ্ধি কৰে।
৭২) বকফুল – ক্ৰিমি, ৰক্ত পিত্ত নাশক, স্মৰণ শক্তি বৰ্দ্ধক, মৃগী ৰোগীৰ সুপথ্য।
৭৩) ভাতকেৰেলা – পুষ্টিকাৰক।
৭৪) আদা – হজমিকাৰক, কাহ, বমি, বীজাণু নাশক।
৭৫) হালধি – কৰ্কট ৰোগ প্ৰতিৰোধক, তেজ পৰিষ্কাৰক, বিসনাশক, পিত্ত, এলাৰ্জি নাশক।
৭৬) ভূতমলা – পালজ্বৰ নাশক।
৭৭) ফুটকলা – মুখৰ ভিতৰৰ ঘা শুকায়, ৰক্তবৰ্দ্ধক(ফল), গ্ৰহণী নাশক।
৭৮) জেতুলীপকা – ৰক্তবৰ্দ্ধক।
৭৯) কলডিল – ৰক্ত বৃদ্ধিকাৰক, নিম্ন ৰক্তচাপৰ সুপথ্য।
৮০) বিলাহী – তেজবৰ্দ্ধক, ছাল নিমজ কাৰক।
৮১) চয়াবিন– যকৃতৰ টনিক, পিত্ত, কৰ্কট ৰোগ প্ৰতিৰোধক।
৮২) নহৰু– মহৌষধি, বীজাণুনাশক, স্নায়ুসবল কাৰক, হজমিকাৰক, বহুমূত্ৰ ৰোগত উপকাৰী।
৮৩) পিয়াঁজ– মুখৰ আৰু খাদ্যনলীৰ বীজাণুনাশক, ৰক্তবৰ্দ্ধক, যক্ষ্মাৰোগৰ বীজাণু নাশক, শুক্ৰবৰ্দ্ধক।
৮৪) জালুক– বীজাণু নাশক, গা বিষ নাশক।
৮৫) ৰঙাআলু– ৰক্তবৰ্দ্ধক, শুক্ৰবৰ্দ্ধক।
৮৬) আলু– পুষ্টিকাৰক, জুইয়ে পোৰা ঘা শুকুৱায়।
৮৭) পানীলাউ– পুষ্টিকৰ, শীত বীৰ্য, শুক্ৰবৰ্দ্ধক।
৮৮) ৰঙা মৰিচা– স্মৰণ শক্তি বৰ্দ্ধক, কোষ্ঠকাঠিন্য নাশক।
৮৯) ভোট জলকীয়া– পেটৰ ঘা নাশক, বীজাণু নাশক।
৯০) কাজিনেমু– ছাল নিমজ কৰে, খাদ্য হজম কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰক।
৯১) শেৱালি ফুল– ক্ৰিমি নাশক, জ্বৰ নাশক।
৯২) বেঙেনা– ৰক্তবৰ্দ্ধক।
৯৩) জিকা – পুষ্টিকৰ, গুটি চাইনাচাইটিচ নাশক।
৯৪) ভোল – পুষ্টিকাৰক।
৯৫) ফেচবিন – শৰীৰ বাঢ়নত সহায় কৰে ।
৯৬) ভেন্দি – পুষ্টিকৰ, বগাস্ৰাৱ নাশক ।
৯৭) মানধনিয়া – হজমিকাৰক, সুগন্ধিদায়ক, ৰুচিকৰ ।
৯৮) লেচেৰামাহ – পুষ্টিকৰ খাদ্য ।
৯৯) হাতীভেঁকুৰি – ৰক্ত পৰিষ্কাৰক, পেটৰ ৰোগৰ সুপথ্য ।
১০০) ভুঁই আমলখি – জণ্ডিচ ৰোগ নাশক, যকৃত শক্তিশালী কৰে ।
১০১) ধঁপাত তিতা – ক্ৰিমি নাশক, মেলেৰিয়া জ্বৰ নাশক ।
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ! মিশ্ৰ ডাঙৰীয়াক মানিছো কিন্তু! ব্ৰাহ্মীশাকৰ কি আচৰিত গুণ!! আজিহে গম পালো।
মুক্তাকংকনঃ …..Waao! ….Wow…!! Fantastic! Mind blowing মিশ্ৰ দা…proud of you…Hats off!
নেওগঃ সকলোৱে আজি গম পোৱা বাবে ভাল লাগিল। যোৱাবছৰ মোৰ ওপজাদিনত মোৰ বাসগৃহলৈ আহি মিশ্ৰ ডাঙৰীয়াই উপহাৰ হিচাপে সাতবিধ শাক দিছিল। অনন্য উপহাৰ। জীৱনত প্ৰথমবাৰৰ বাবে পাইছিলো। কোনোদিনে নাপাহৰো সেই উপহাৰ!
অৱশ্যে এই লক-ডাউনৰ সময়ত আমাৰ শ্ৰীদিলদাৰ পাটগিৰি ডাঙৰীয়াই ওচৰৰ দুঘৰ মানুহক কঠালৰ গুটি বিতৰণ কৰি নিজে তেওঁলোকৰ পৰা ৰঙালাও আৰু কোমোৰা ছিঙি অনা বুলি শ্ৰীআনোৱাৰ ডাঙৰীয়াই মোক কৈছে। কঠালৰ গুটিও এনে দিনত সাহায্য হিচাপে কম নহয়! আকৌ, তেওঁ কঠালৰ গুটি বিতৰণ কৰিবলৈ গৈ কিছুমান প্ৰচাৰ বিচৰা মানুহৰ দৰে কঠালৰ গুটিৰ সৈতে ‘ছেলফি’ বা ফটোও উঠা নাই!
যি কি নহওক, বাহুল্যৰ ভয়ত বেছি নকওঁ। ৰাজসিক ব্যক্তিসকলৰ প্ৰিয় হ’ল তিতা, অম্ল, লুণীয়া, অতি গৰম, জ্বলা, প্ৰদাহকাৰী, দুঃখ-শোক- ৰোগ উৎপাদন কৰা খাদ্যসমূহ। এনেবোৰ খাদ্যই মনত বিকাৰ উৎপন্ন কৰে।
আৰু তামসিক প্ৰকৃতিৰ মানুহবোৰে এক প্ৰহৰৰ আগতে ৰন্ধা নীৰস, বাহি, উচ্ছিষ্ট, অভক্ষ্য ভোজন ভাল পায়।
মিশ্ৰঃ যেনে? এক প্ৰহৰৰ আগতে ৰন্ধা খাদ্য কেনেকুৱা! ‘ছুইগি’ নে ‘জমেটো’!
নেওগঃ আপুনি মানুহ মাৰি দিব দেই! ক’ত কুৰুক্ষেত্ৰ আৰু ক’ত ছুইগি? আপুনি মোক উদ্দেশ্য কৰি গুগলি বল দিছে যেন পাইছো।
মিশ্ৰঃ কোনে কাক গুগলি দিছে সময়েহে ক’ব!
সৰলঃ দাদা, একমিনিট, মই পঢ়ি দিছো। একেবাৰে পৰিষ্কাৰ হৈ যাব।
‘অতিপাত টেঙেচিয়া, লুণীয়া-লুণীয়া, জাল-জলকীয়া বেচি,
জুই-ছাই তপত ভীষণ আৰু ভাজি-পুৰি ৰস শুহি থোৱা;
ৰোগক আলহী কৰি দুখৰ কাৰণ হোৱা;
ৰাজসিকে ভোগ কৰে সদায় টকালি পাৰি অন্ন তেনেকুৱা।’
##
‘আগদিনা ৰান্ধি থৈ দিয়া, ৰস-পম শুকাই নোহোৱা হোৱা;
গোন্ধ উঠি টেঙেচি টেঙেচি লগা,
জুহালৰ লোহোৰাতে ৰৈ যোৱা মাথোঁ অৱশিষ্ট,
নহ’লেবা খাই যোৱা পাতৰ উচ্ছিস্ত; ইবোৰকে খাই-মেলি সাতোটা উগাৰ মাৰে মাথোঁ তামসিকে।’
ঋষিকৃষ্ণঃ ৰাধে! ৰাধে!
গণেশ শৰ্মাঃ কৃষ্ণ! কৃষ্ণ!
খাউন্ডঃ ইয়াৰ পিছত ভগৱানে ক’লে যে ফলাকাঙ্খাৰহিত ব্যক্তিসকলৰ দ্বাৰা শাস্ত্ৰবিহিত যজ্ঞ কৰা আৱশ্যকীয় কৰ্তব্য বুলি মন সমাহিত কৰি যি যজ্ঞ অনুষ্ঠিত কৰা হয়, সেয়া সাত্ত্বিক যজ্ঞ। ফলৰ উদ্দেশ্যে আৰু দম্ভ প্ৰকাশৰ বাবে যি যজ্ঞ অনুষ্ঠিত কৰা হয়, সেয়া ৰাজসিক যজ্ঞ। শাস্ত্ৰীয় বিধিবৰ্জিত , অন্নদানবিহীন , মন্ত্ৰহীন, দক্ষিণাবিহীন আৰু শ্ৰদ্ধাৰহিত যজ্ঞক তামসিক যজ্ঞ বোলা হয়। দেৱতা, ব্ৰাহ্মণ, গুৰু-জ্ঞানীসকলক কৰা পূজা, শৌচ, সৰলতা, ব্ৰহ্মচৰ্য, অহিংসাক শাৰীৰিক তপস্যা বুলি কোৱা হয়। এনে পূজাত অবিশ্বাস ৰাখি পূজা কৰিলে পূজা বিফল হয়। দেৱতাৰ পূজা অৰ্চনা কৰাৰ পিছতেই ভগৱানে দ্বিজ বা ব্ৰাহ্মণক পূজা কৰাৰ বিষয়ে কৈছে। অতিন্দ্ৰিয়ৰ সংযম, বহিৰ্ন্দ্ৰিয়ৰ সংযম, শৌচ – অৰ্থাৎ বাহ্যিক- আভ্যন্তৰীণ পবিত্ৰতা, ক্ষান্তি- অৰ্থাৎ সৰ্বংসহা ভাব, সৰলতা, জ্ঞানী তথা শাস্ত্ৰবিশাৰদ, বিজ্ঞান – অৰ্থাৎ সাধন অনুভূতি, আস্তিক্য- অৰ্থাৎ সৰ্বভূতত ঈশ্বৰ বিদ্যমানতাত বিশ্বাসী — এইবোৰ ব্ৰাহ্মণৰ স্বভাৱজাত গুণ; এনে মানুহ পৃথিৱীৰ সম্পদ। এওঁলোক পূজনীয়। ব্ৰাহ্মণক কেতিয়াও অসন্মান কৰিব নাপায়। ব্ৰাহ্মণ অসন্মানিত হ’লে ভগৱানে দুঃখ পায়। ব্ৰাহ্মণৰ পিছতেই গুৰুদেৱক পূজা কৰাৰ বিষয়ে ভগৱানে কৈছে। উপনিষদত আছে যে ভগৱানক যিদৰে ভক্তি কৰিব লাগে, একেধৰণে গুৰুদেৱকো ভক্তি কৰিব লাগে। শ্ৰীভগৱান গুৰুমূৰ্তিতেই প্ৰকাশিত হয়। গুৰুদেৱৰ পিছত ভগৱানে প্ৰাজ্ঞসকলক, অৰ্থাৎ বয়োঃবৃদ্ধ আৰু জ্ঞানবৃদ্ধসকলক পূজা কৰাৰ বিষয়ে কৈছে। এই শ্লোকটো আছিল-
‘দেবদ্বিজগুৰুপ্ৰাজ্ঞপূজনং শৌচমাৰ্জবম্।
ব্ৰহ্মচৰ্যমহিংসা চ শাৰীৰং তপ উচ্যতে।।’
ইয়াৰ পিছত ঋষিকৃষ্ণ শৰ্মাই আমাক আলোকপাত কৰিলে বাধিত হ’ম….।
ঋষিকৃষ্ণঃ ধন্যবাদ খাউন্ড ডাঙৰীয়া। ইয়াৰ পিছত ভগৱানে ক’লে যে অনুদ্বেগকৰ, সত্য, প্ৰিয়, হিতজনক বাক্য আৰু স্বাধ্যায়াভ্যাসক বাঙ্ময় তপস্যা বুলি কোৱা হয়।
অৰ্থাৎ, যি বাক্যই শ্ৰোতাৰ উদ্বেগ নজন্মায়, তেনে বাক্য বাঙ্ময় তপস্যাৰ অন্তৰ্গত। যিবোৰ বাক্যই মানুহৰ উদ্বেগ বঢ়ায়, বেলেগৰ শান্তিনষ্ট কৰে, তেনে বাক্য প্ৰয়োগৰ ফলত বক্তা নৰকগামী হয়। তাৰোপৰি ৰূঢ়, কৰ্কশ, কটু বাক্য প্ৰয়োগ কৰিব নাপায়।
ইয়াৰ পিছত ভগৱানে ক’লে যে মনৰ প্ৰসন্নতা, অক্ৰুৰতা, মৌন, আত্মসংযম, ভাবশুদ্ধি – এইবোৰক মানস তপস্যা বোলা হয়।
ইয়াৰ পিছত ভগৱানে দানৰ বিষয়ে কৈছে। সেইসম্পৰ্কে তনয়জিৎ ডেকা ডাঙৰীয়াই পাঠ কৰিবলৈ ইচ্ছুক বাবে তেখেতক অনুৰোধ জনালো।
তনয়জিৎঃ ধন্যবাদ শৰ্মা ডাঙৰীয়া।
‘দান সিযে দানতে সমাপ্তি ভাবি দিলে কিবা দান,
দেশ কাল পাত্ৰ সকলোটি অনুকূলে,
দুহাত উজাৰ কৰি এনে কোনো গ্ৰহীতাক,
যাৰ পৰা দাতাজনে কোনোকালে একো পোৱা নাই —
সেই দান পৰম মহিমাময় মহাৰ্ঘ সাত্ত্বিক।’
#
‘আৰু যদি কিবা দান কোনোবাই কৰে কাৰোবাক
আশা কৰি উপকাৰ অথবা পূণ্যৰ ফল,
দান কৰি চিন্তা কৰে গ’ল নেকি এনেয়ে অথলে,
খ্যাতিমন্ত সেই দান খ্যাতি তাৰ মাথোঁ ৰাজসিক।’
#
‘দেশ কাল পাত্ৰ কোনোটোৰে নাই কোনো বিবেচনা,
নাই য’ত কৰুণাৰ কোনো চিটিকনি,
আছে মাথোঁ কুন্ঠা আৰু গ্ৰহীতাত পৰম অৱজ্ঞা,
মহিমাবিহীন সেই দান ঘোৰ তামসিক।’
খাউন্ডঃ শ্ৰীকৃষ্ণই অৰ্জুনক পুনৰ ক’লে যে ওঁ তৎ সৎ – ব্ৰহ্মৰ এনে তিনিবিধ নাম প্ৰচলিত আছে। ইয়াৰ দ্বাৰা পৌৰাণিক কালত ব্ৰাহ্মণ, বেদ, যজ্ঞৰ সৃষ্টি হৈছে। গতিকে ‘ ওঁ ‘ মন্ত্ৰ উচ্চাৰণ কৰিহে শাস্ত্ৰোজ্ঞ যজ্ঞ, দান, তপস্যা আদি কৰ্ম অনুষ্ঠিত কৰা হয়। ‘তৎ’ শব্দৰ উচ্চাৰণৰ দ্বাৰা মোক্ষাভিলাষী ব্যক্তিসকলে ফলকামনাৰহিত হৈ নানান যজ্ঞ, তপস্যা, দান আদি কৰে। হে অৰ্জুন! ‘সৎ’ শব্দ উচ্চাৰণৰ দ্বাৰা সৎভাৱে আৰু সাধুভাৱে মাঙ্গলিক কৰ্মত সেই শব্দ প্ৰযুক্ত কৰা হয়। যজ্ঞ, তপস্যা, দানত একনিষ্ঠতা ‘সৎ’ বুলি কথিত হয় আৰু তেনেদৰে তেনে কৰ্মত লিপ্তসকলৰ বাবে অইন কৰ্মসমূহো সৎ বুলি কোৱা হয়।
এতিয়া মাত্ৰ এটা শ্লোক আছে। তাৰ পিছতেই আজি সপ্তদশ অধ্যায়ৰ সমাপ্তি হ’ব।
অন্তিম শ্লোকটো সংস্কৃত ভাষাত পাঠ নকৰি সুন্দৰ কন্ঠাধিকাৰী নয়নক কাব্যৰূপেৰে পাঠ কৰিবলৈ অনুৰোধ জনালো।
নয়নঃ ধন্যবাদ খাউন্ড দা। সুন্দৰ কন্ঠ নহয় পিছে, শ্ৰীমতীয়ে ‘গৰখীয়া কন্ঠ’ বুলিহে কয়!
‘অশ্ৰদ্ধাৰ ভাব ৰাখি নকৰিবা দান-যজ্ঞ আদি,
নকৰিবা তপস্যা অথবা অন্য কোনো কৰ্ম;
অশ্ৰদ্ধাৰে মেৰ খালে সকলো অসৎ,
নেপায় একোকৈ ফল ইহকাল- পৰকাল ক’তো,
জানিবা শ্ৰদ্ধাৰ এয়েই গভীৰ মৰ্ম।’
নেওগঃ উদ্দালকৰ বাবে?
মুক্তাকংকনঃ হাঃ হাঃ হাঃ…’ Anything done as sacrifice, charity or penance without faith in the Supreme, O Partha, is impermanent. It is called ‘asat’ and is useless both in this life and the next.’
নেওগ দা….done!
নেওগঃ বহুত ধন্যবাদ।
খাউন্ডঃ অৰ্থাৎ, অশ্ৰদ্ধাৰে, ভক্তিহীনভাবেৰে, বিশ্বাসহীনভাবেৰে, নিষ্ঠাহীনভাবেৰে, তাচ্ছিল্যভাবেৰে, অমনোযোগীভাবেৰে, অৱহেলাভাবেৰে যি হোম কৰা হয়, দান কৰা হয়, তপস্যা কৰা হয়, বা যিহকেই কৰা হয় – সকলো অসৎ! ইয়াৰ দ্বাৰা স্থায়ী কল্যাণ নহয়।
নেওগঃ অৰ্থাৎ, কোনোবাই যদি ওপৰোক্ত ভাবসমূহ ধাৰণ নকৰি খানা খুৱায় – তেনে ধৰণৰ খানা নোখোৱাই ভাল!?
মিশ্ৰঃ কাক উদ্দেশ্য কৰি ক’লে বা?
নেওগঃ আপুনি বেদজ্ঞ মানুহ, অন্তৰ্যামী! মোক সুধি লাজ নিদিব।
খাউন্ডঃ আজি আমি ইয়াতেই সামৰিলো। এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু সকলোৱে সাধ্যমতে প্ৰসাদ বিতৰণ কৰিম।
অহাকালি শেষৰ অধ্যায় , অৰ্থাৎ অষ্টাদশ অধ্যায়। বিষয় ‘মোক্ষযোগ’।
সময় একেই থাকিব।
সকলোকে প্ৰণাম।
সকলোৱেঃ প্ৰণাম।
••••••••••••••••••••••••••••••••••••••••••••••••••
|| ওঁ ||
( সোমবাৰ) ১৩/০৪/২০২০
সময়ঃ ৰাতিপুৱা ৭ বজাত।
||গীতা-আলোকপাত@ লক-ডাউন||
অষ্টাদশ অধ্যায় তথা অন্তিম অধ্যায়
মোক্ষযোগ
••••••••••••••••••••••••••••••••••••••••••••••••••
সঞ্চালকঃ শ্ৰীযুত অপূৰ্ণ খাউন্ড
গীতানুৰাগী অংশগ্ৰহণকাৰীবৃন্দঃ
১) শ্ৰীযুত হিতেশ্বৰ নেওগ
২) শ্ৰীযুত বেদোজ্জ্বল মিশ্ৰ
৩) শ্ৰীমান মুক্তাকংকন বৰুৱা
৪) শ্ৰীমান সৰল দত্ত
৬) শ্ৰীমান তনয়জিৎ ডেকা
৭) শ্ৰীমান ঋষিকৃষ্ণ শৰ্মা
৮) শ্ৰীমান নয়ন চক্ৰৱৰ্তী
৯) শ্ৰীযুত গণেশ শৰ্মা
১০) আলাপ-লেখক ‘মৌনব্ৰতী’ শৰ্মা
খাউন্ডঃ সুপ্ৰভাত।
সকলোৱেঃ সুপ্ৰভাত।
খাউন্ডঃ এয়া এক বিপন্ন সময় আৰু সেই বিপন্ন সময়তেই আজি উপস্থিত আমাৰ বিষণ্ণ ব’হাগ। কোনোৱেই কোনোকালে ভবা নাছিল যে আমাৰ ৰঙালীৰ ৰং এনেদৰে এক অদৃশ্য সুক্ষ্ম ভাইৰাছে নোহোৱা কৰি পেলাব! কোনোৱেই কাহানিও ভবা নাছিল যে ম’হৰ শিঙাৰ পেঁপা বজোৱা পাহোৱাল ডেকাটিৰ মুখত ‘মাস্ক’ লাগি থাকিব – যিদৰে ধাননি পথাৰৰ মাজেৰে নিবলগীয়া গৰুৰ মুখত সময়সাপেক্ষে ‘মাস্ক’ লগাই দিয়া হয়। এই ব’হাগ যেন অচিনাকী ব’হাগ। আজি গৰু বিহু, কিন্তু ক’তো একো উমঘাম নাই। ঢোলৰ গুমগুমণি নাই, পেঁপাৰ টিহিটি টিহিটি শব্দ নাই। পথাৰত গেলি আছে- পচি আছে কুইন্টলে কুইন্টলে পাচলি। বতাহৰ বোকোচাত আজি বিহুগীত ভাঁহি অহা নাই, ব’হাগৰ বতাহৰ বোকোচাত আজি ভাঁহি আহিছে কৰ’না ভাইৰাছৰ কিৰীলি। এইবাৰ ‘লক-ডাউন’ ৰঙালী ! কিন্তু প্ৰকৃতিৰ কোনো কাৰ্পণ্য নাই। এইবাৰ মানুহক প্ৰকৃতিয়ে ভাইৰাছৰ সহায় লৈ যেন বৰ্জন কৰিছে আৰু নিজাববীয়াকৈ অনুষ্ঠিত কৰিছে প্ৰকৃতিৰ ৰঙালী! কুলিৰ মাত শুনিছো, অলেখ চৰাই উৰি ফুৰা দেখিছো, আকাশ নিৰ্মল-পৰিষ্কাৰ হৈছে, প্ৰদূষণৰ মাত্ৰা হু হু কৈ নামিছে, বতাহত ধূলি নাই, তাৰে মাজত কপৌফুল ফুলিছে, নাচনীৰ খোপা উকা হৈ ৰলেও প্ৰকৃতি উকা হৈ ৰোৱা নাই। প্ৰকৃতি এইবাৰ অধিক সমৃদ্ধ হৈছে। কোনেও ছিঙিবলৈ যোৱা নাই কপৌফুল – প্ৰেয়সীৰ খোপাত গুজি দিবলৈ। এইবাৰ বিহুত গামোচা নাই। পুৰণি গামোচাৰে মুখ-নাক আবৃত কৰিবলগীয়া হৈছে এইবেলি। এইবোৰো এক নতুন অভিজ্ঞতা। আমাৰ প্ৰজন্মটোৱে বহু কিবাকিবিয়েই দেখিছিলো, কিন্তু অতিমাৰী বা ‘পেনডেমিক’ দেখা নাছিলো। এইবাৰ সেয়াও দেখিলো। অংশগ্ৰহণো কৰিলো। চিৰিয়াখানাৰ জন্তুৰ কেনে অনুভৱ হয় – লকডাউনৰ সময়ত উপলব্ধি কৰিবলৈ প্ৰয়াস কৰিলো। যোৱা ২৪ ঘন্টাৰ ভিতৰতে চীন চাংহাইত পুনৰ কৰ’নাই মূৰ ডাঙি উঠিছে আৰু ৯৯ জনক আক্ৰান্ত কৰিছে। কৰ’নাৰ বিৰুদ্ধে এঘড়ি যুদ্ধ দি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা ছিংগাপুৰত যোৱা ২৪ ঘন্টাত ১৯১ জন আক্ৰান্ত হৈছে। ভাৰততো ৯২০৫ জন আক্ৰান্ত হৈছে। সমগ্ৰ বিশ্বত কৰ’নাক্ৰান্তৰ সংখ্যা হৈ পৰিছে ১৮৫৩১৫৫ জন আৰু মৃত্যুৰ সংখ্যা হৈছে ১১৪২৪৭ জন। এয়া এক মহাসমৰ। মানুহ বনাম এক ক্ষুদ্ৰ অদৃশ্য ভাইৰাছৰ মাজত! তাৰেই পটভূমিত সকলোকে গৰুবিহুৰ কথা সোঁৱৰাই দিলো। এইখিনিতে এষাৰ কথা কৈ থব খুজিছো..। আমি ব’হাগৰ সৈতে প্ৰকৃতিক টানি আনো। প্ৰকৃতিনিৰ্ভৰ ৰঙালী বুলি কওঁ। কিন্তু ৰঙালীয়ে যেন নিজস্ব গৰিমা হেৰুৱাই পেলাইছিল বাবে এইবাৰ প্ৰকৃতিয়ে মানুহক বাদ দি ব’হাগত নিজাববীয়াকৈ আয়োজন কৰিছে। পাব’লো কোহ্লোৱে কৈছিল – ‘ছেভ প্লেনেট’ শব্দ দুটা অৰ্থহীন, কাৰণ মানুহ যেতিয়া পৃথিৱীত নাছিল – পৃথিৱী আছিল, আৰু মানুহ নাথাকিলেও পৃথিৱী থাকিব। পৃথিৱীৰ যদি কোনোবাই ক্ষতি কৰিছে – সেয়া হ’ল মানুহ। গতিকে এইবেলি আমি পুৰণি গামোচাৰে মুখমন্ডল ঢাকি থাকিম আৰু প্ৰকৃতিয়ে নিজেই নিজৰ ব্যৱস্থা গ্ৰহণ কৰি নিজকে অধিক সুসজ্জিত কৰিব। সকলোৰে মঙ্গল কামনা কৰিলো। এতিয়া আমি আগবাঢ়োহক….!
ভগৱানৰ সৈতে অৰ্জুনৰ আলোচনা গভীৰৰ পৰা গভীৰতৰ হৈ পৰিছে। স্থান, কাল, কোলাহল যেন স্তব্ধ হৈ পৰাৰ লগতে অদৃশ্য হৈ পৰিছে। মাথো আছে ভগৱান আৰু অৰ্জুন। শ্ৰান্ত, ক্লান্ত, বিধ্বস্ত অৰ্জুনে শ্ৰীকৃষ্ণৰ কৃপাৰ অমৃত সাগৰত স্নান কৰি সমস্ত মালিন্য, মোহ, ক্লান্তি ত্যাগ কৰি ঈশ্বৰীয় বলেৰে বলীয়ান হৈ নিজৰ স্বৰূপত জাগ্ৰত হৈ উঠিছে। একাদশ অধ্যায়ত বিশ্বৰূপ দৰ্শন কৰি অৰ্জুনৰ একাদশ ইন্দ্ৰিয় যেন স্তব্ধ হৈ পৰিছিল। অষ্টাদশ বা অন্তিম অধ্যায়ত ভগৱানে অৰ্জুনৰ সূক্ষ্ম শৰীৰৰ অষ্টাদশ অবয়ব আত্মসাৎ কৰি তেওঁৰ হৃদয়ত নিজকে প্ৰতিষ্ঠিত কৰাইছে। অৰ্জুনৰ হৃদয়ত স্বৰাজ্য প্ৰতিষ্ঠা হৈছে। ভগৱানে নিজে এই সম্পৰ্কে কৈছে – ‘ জ্ঞানস্য যা পৰা নিষ্ঠা।’ অৰ্থাৎ, জ্ঞানৰ এয়েই শেষ সীমা।
আজি আমাৰ পৰম সৌভাগ্য যে আমি অন্তিম অধ্যায়ত উপনীত হ’ব পাৰিছো। সৌভাগ্য এইবাবেই যে গীতা অধ্যয়ন কৰিবলৈ আমাৰ কোনোদিনে সময় হোৱা নাছিল আৰু এনেদৰে আমি সকলোৱে বহি একাদিক্ৰমে গীতা সম্পৰ্কে আলোচনা কৰিম বুলি কাহানিও সপোনতো দেখা নাছিলো। তেনেস্থলত এয়া কিদৰে আৰু কিয় সম্ভৱ হ’ল – তাকো কৰ’নাই সমগ্ৰ বিশ্বতে আতংকময় পৰিস্থিতি সৃষ্টি কৰা সময়ছোৱাত? যুদ্ধভূমিত যিদৰে গীতাৰ সৃষ্টি হৈছিল, কৰ’নাৰ বিশাল আক্ৰমণৰ পটভূমিত ভাইৰাছ বনাম মানুহৰ মাজত আজি যি এক বিশাল যুদ্ধক্ষেত্ৰৰ সৃষ্টি হৈছে – সেই যুদ্ধভূমিৰ পটভূমিত আমাৰ এই গীতালোচনাৰ ক’ৰবাত নহয় ক’ৰবাত কিবা সংযোগ আছে! অন্যথাই এয়া এক অকল্পনীয় কথা। নামবোৰো চাওক – ঋষি+ কৃষ্ণ; বেদ+ উজ্জ্বল; হিত+ ঈশ্বৰ; মুক্তা+ কঙ্কণ (বলয় বা ভূষণ); তনয় (পুত্ৰ); সৰল ( স্বচ্ছ, সহজবোধ্য); নয়ন (চকু); অপূৰ্ণ, গণেশ …!! আমি আলোচনাত ভাগ লোৱাসকল আগৰ কালৰ ৯/১০ জন ঋষি, মুনি নহয়তো? হঠাৎ মনলৈ অহা প্ৰশ্ন। তাৰোপৰি গীতালোচনাত ‘আনোৱাৰ’ কিয়? ‘ দিলদাৰ পাটগিৰি’ কিয়? ‘বসুমতাৰী’? উদ্দালক একা? এওঁলোকৰ সৈতেও আমাৰ কিবা ঋণানুবন্ধ আছে! আমি কোন, আমি কি আছিলো- সেয়া ভগৱানে হে জানিব! কিন্তু এই মিলনৰ কিবা নহয় কিবা তাৎপৰ্য আছে।এইহেন আতংকভূমিৰ মাজত আমাৰ এই অবিৰত আলোচনা!
গীতাৰ অন্তিম অধ্যায়ৰ আৰম্ভণিতে অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছে-
‘সন্ন্যাসস্য মহাবাহো তত্ত্বমিচ্ছামি বেদিতুম্।
ত্যাগস্য চ হৃষীকেশ পৃথক্ কেশনিষূদন।।’
অৰ্থাৎ, হে মহাবাহু! হে হৃষীকেশ! হে কেশিনিষূদন! সন্ন্যাসৰ আৰু ত্যাগৰ তত্ত্ব পৃথক পৃথকভাবে জানিবলৈ মই ইচ্ছা কৰো।
শ্ৰীকৃষ্ণই অৰ্জুনক সেই প্ৰশ্নৰ উত্তৰ এনেদৰে দিছে যে জ্ঞানীসকলে কাম্য কৰ্মসমূহ পৰিত্যাগ কৰাকেই সন্ন্যাস বুলি জানে আৰু বিচক্ষণ পুৰুষসকলে সকলো কৰ্মৰ ফলত্যাগ কৰাকেই ত্যাগ বুলি জানে। কোনো কোনো মনিষীয়ে সমস্ত কৰ্মকেই দোষযুক্ত বুলি কয় তথা সেইবাবেই ত্যাজ্য বুলি কয়, আকৌ অইন কিছুমানে যজ্ঞ, দান, তপস্যা আদি কৰ্ম পৰিত্যাজ্য নহয় বুলি বিশ্বাস কৰে। গতিকে হে অৰ্জুন! ত্যাগ সম্পৰ্কে তুমি এতিয়া মোৰ মুখৰ পৰা শ্ৰৱণ কৰা। হে পুৰুষব্যঘ্ৰ অৰ্জুন, ত্যাগ তিনিপ্ৰকাৰৰ বুলি কোৱা হয়। যজ্ঞ, দান তপস্যা – এইবোৰ কৰ্ম পৰিত্যাজ্য নহয়, এইবোৰ কৰা উচিত; যজ্ঞ, দান আৰু তপস্যাই বিবেকী মনিষীসকলৰ বাবে চিত্তশুদ্ধিকৰ। কিন্তু হে পাৰ্থ! আসক্তি আৰু ফলকামনা ত্যাগ কৰিহে এনে কৰ্ম কৰা কৰ্তব্য। মোৰো সেয়ে মত। শাস্ত্ৰবিহিত কৰ্মত্যাগ যুক্তিসংগত নহয়, মোহবশতঃ তাক পৰিত্যাগ কৰিলে তামস বুলি কোৱা হয়। এনেবোৰ কৰ্ম দুঃখদায়ক বুলি বিচাৰ কৰি প্ৰকৃততে শাৰীৰিক ক্লেশৰ ভয়তে যিসকলে কৰ্ম ত্যাগ কৰে- সেয়া ৰাজসিক ত্যাগ বুলি কোৱা হয় আৰু তেনে ত্যাগৰ একো ফল প্ৰাপ্ত নহয়। হে অৰ্জুন! আসক্তি আৰু ফলৰ কামনা ত্যাগ কৰি যিসকলে শাস্ত্ৰবিহিত কৰ্ম কৰে – তেনে ত্যাগক সাত্ত্বিক বুলি কোৱা হয়।সত্ত্বগুণত প্ৰতিস্থিত সংশয়ৰহিত আৰু তীক্ষ্ণবুদ্ধিসম্পন্ন ত্যাগী পুৰুষে দুঃখজনক কৰ্মক দ্বেষ নকৰে তথা সুখদায়ক কৰ্মতো আসক্তিচিত্ত নহয়। দেহধাৰী জীৱই কৰ্ম নকৰাকৈ থকা অসম্ভৱ, কিন্তু যিসকল কৰ্মফলত্যাগী তেনে লোকক ত্যাগী বুলি ক’ব পাৰি। ‘অত্যাগী’ পুৰুষসকলে কৰ্মৰ অনিষ্ট, ইষ্ট, মিশ্ৰ – এনে তিনিপ্ৰকাৰৰ ফল দেহত্যাগৰ পিছত ভোগ কৰিব লাগে যদিও সন্ন্যাসীসকলে কোনো স্থানতেই তেনে ফল ভোগ কৰিব নালাগে। গতিকে হে মহাবাহু! সকলো কৰ্মৰ সিদ্ধিৰ বাবে সাংখ্যশাস্ত্ৰত, বেদান্তশাস্ত্ৰত কথিত এনে পাঁচধৰণৰ কাৰণ মোৰ পৰা তুমি শুনা।….
এতিয়া মই ঋষিকৃষ্ণ শৰ্মা ডাঙৰীয়াক অনুৰোধ জনালো আমাক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ…
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ!!
ভগৱানে কৈছে যে কোনো কাৰ্য সিদ্ধিৰ বাবে পাঁচটা কাৰণ লাগে। এইসমূহ হ’ল অধিষ্ঠান, কৰ্ত্তা, কৰণ, চেষ্টা আৰু দৈৱ। এই তত্ত্ব সাংখ্য আৰু কৃতান্ত বা বেদান্ত শাস্ত্ৰত উল্লেখিত আছে। এইসম্পৰ্কে খাউন্ড মহোদয়ে যথাযথ সময়ত বিৱৰি ক’ব। মানুহে শৰীৰ, বাক্য, মনৰ দ্বাৰা যিবোৰ ন্যায্য বা তাৰে বিপৰীত যিকোনো কৰ্ম কৰে – তাৰে মূলতেও পাঁচোটাই কাৰণ। সমস্ত কাৰ্যসিদ্ধিৰ পঞ্চকাৰণৰ মাজত ‘জীৱ’ও এটা কাৰণ হে মাত্ৰ। মূল ভগবান। এই সত্যক অস্বীকাৰ কৰি যিয়ে নিজকে কৰ্ত্তা বুলি ভাবে, ভগবানে তেনে মানুহক ‘অকৃতবুদ্ধি’ বুলি কৈছে। ‘অকৃতবুদ্ধি’ৰ অৰ্থ হ’ল অমাৰ্জিত বুদ্ধি। নিজৰ বুদ্ধি যিয়ে পৰিষ্কাৰ কৰিব পৰা নাই, সেয়াই অমাৰ্জিত বুদ্ধি বা অকৃতবুদ্ধি। তেনে মানুহে কোনো জগৎকল্যাণ কৰিব নোৱাৰে। ভগবানে এনে লোকক দুৰ্মতি বুলি কৈছে। কিন্তু যাৰ কৰ্ত্তা ভাব নাই, যাৰ বুদ্ধি কৰ্মত আসক্ত নহয়, তেওঁ বৃহৎ বিশ্বকৰ্মযজ্ঞৰ নিজকে এক অঙ্গ বুলি বুজি পায়। তেওঁ যদি সমগ্ৰ বিশ্বৰ মানুহক হননো কৰে – তথাপি নিজকে নিমিত্ত বুলি ধৰি লৈ সকলো ভগবানে কৰিছে বুলি এক বিশেষ বোধত প্ৰতিষ্ঠিত হৈ থাকে বাবে তেওঁৰ কোনো পশ্চাত্তাপ নহয়, পাপেও তেওঁক স্পৰ্শ নকৰে আৰু কৰ্মই তেওঁক আৱদ্ধ কৰিব নোৱাৰে। জ্ঞান, জ্ঞেয়, জ্ঞাতা হ’ল তিনিপ্ৰকাৰ কৰ্মপ্ৰবৃত্তিৰ হেতু। কৰণ, কৰ্ম, কৰ্ত্তা হ’ল তিনি প্ৰকাৰৰ কৰ্মৰ আশ্ৰয়।…
এতিয়া তনয়জিৎ ডেকাই পাঠ কৰিলে সুখদায়ক হ’ব নেকি? নে কি কয়?
খাউন্ডঃ উত্তম প্ৰস্তাৱ।
তনয়জিৎঃ ধন্যবাদ শৰ্মা ডাঙৰীয়া।
‘যেই জ্ঞানে ওপজায় এনেটি ধাৰণা জ্ঞাতাৰ মনত
থানবান সকলো ৰূপতে আছে একেটি অব্যয় ভাব,
থাকিলেও সিচঁৰতি হৈ , থুপ খাই মাথোন একেটি;
সেই জ্ঞান অখন্ড ভাবৰ জানি ৰাখা পৰম সাত্বিক।’
#
‘যেই জ্ঞানে ঘটে ঘটে দেখুৱায় ঘটময় পৰম স্বৰূপ,
ওপজাব নোৱাৰে ধাৰণা সিবোৰত একৰ একান্ত ৰূপ,
নানাদৰ্শী সেই জ্ঞান বিচিত্ৰসন্ধানী,
জ্ঞানৰ সেইটো ৰূপ জানি ৰাখা মহা ৰাজসিক।’
#
‘যেই জ্ঞানে প্ৰতিবিম্ব-বিকাৰতে দেখুৱায় স্বৰূপৰ ৰূপ,
নজনায় এক আৰু বহুতৰ একো ভেদাভেদ,
সেই জ্ঞান যুক্তিহীন নিৰাশ্ৰিত পৰম তত্ত্বত,
তেনেকুৱা জ্ঞানকেই বোলে জানা শূণ্য তামসিক।’
#
‘নাই য’ত ফলৰ আকাংক্ষা, কৰ্ম মাথোঁ নিমিত্ত সাধনা,
অনুৰাগ-অনীহাৰ পৰা নাই কোনো চিটিকনি য’ত
হকলোটি আসক্তি ৰহিত,
তেনেকুৱা কৰ্মকেই বোলে জানা গুণযুক্ত পৰম সাত্ত্বিক।’
#
‘আছে য’ত ফলৰ আকাংক্ষা, কামনাৰ পৰিতুষ্টি-লোভ,
আৰু আছে অভিমানী চেতনাৰো ছায়া,
আয়াসবহুল যি কৰ্ম পৰম আড়ম্বৰপূৰ্ণ,
তেনেকুৱা কৰ্মবোৰ জানি ৰাখা মহা ৰাজসিক।’
#
‘নাই য’ত শুভাশুভ পৰিণাম – চিন্তাৰ আভাস,
অৰ্থক্ষতি, প্ৰাণীহিংসা, সামৰ্থ্যৰ নাই একো বিবেচনা,
আছে মাথোঁ মোহেৰে আৱিষ্ট কৰ্মৰ যুক্ততা,
তেনেবোৰ কৰ্মকেই বোলে জানা ঘোৰ তামসিক।’
এই অধ্যায়টো বহু দীঘলীয়া বাবে অলপ বেছিকৈ পাঠ কৰিলো। সৰল আৰু নয়নেও আজি অন্তিম দিনা পাঠ কৰিবলৈ ইচ্ছা কৰিছে বুলি আমাৰ আলোচনাৰ পূৰ্বে জনাইছে। মই এতিয়া এইখিনিকেই পাঠ কৰিলো।
খাউন্ডঃ ধন্যবাদ তনয়জিৎ ডেকা।
এতিয়া নেওগ ডাঙৰীয়াই আমাক দুষাৰ ক’ব।
নেওগঃ বৰ আনন্দ পালো। আজি অন্তিম যদিও এয়া আমাৰ এক নতুন পথৰ আৰম্ভণিহে মাথোঁ। বহুদিন আগতেই মিশ্ৰ ডাঙৰীয়াই মোক ব্যক্তিগতভাবে ৰাগিয়াল বস্তু, যেনে তামোল-পাণ, জৰ্দা, ধপাত আদিৰ পৰা দূৰৈত থাকিবলৈ কৈছিল। মই এতিয়াহে বুজিছো তেওঁ স্বয়ং ভগৱানৰ কথাকেই কৈছিল। মই তেওঁক সুধিছিলো – ৰাগিয়াল বস্তুৰ বিকল্প কি? তেখেতে নিজৰ ‘পোণে-পাঞ্জাৱী’ চোলাৰ জেপৰ পৰা সৰু তামৰ বাকচ এটা উলিয়াই সাৱধানে খুলি মোৰ হাতৰ তলুৱাত বিকল্প বস্তু এটা দিছিল, কৃষ্ণবৰ্ণৰ শুকান বস্তু এটা। মই মুখত দি গম পাইছিলো – এক অমূল্য সম্পদ ‘শিলিখা’! সেইদিনা গম পোৱা নাছিলো যছ এনেদৰে গীতালোচনাত কাহানিবা অংশ ল’ম আৰু সাত্ত্বিক, ৰাজসিক, তামসিক খাদ্য, ব্যক্তিত্ব ইত্যাদিৰ আলোচনাৰে বিধৌত হ’ম। মিশ্ৰ ডাঙৰীয়াৰ বহুত অৱদান আছে। মোৰ ওপজা দিনত শাক উপহাৰ দিয়া, মোক ‘ৰজনীগন্ধা-তুলসী’ৰ দৰে ৰাগিয়াল সামগ্ৰীৰ পৰা আতৰত ৰাখিবলৈ মোক যেতিয়াই লগ পায় শিলিখা- শুকান আদা- আমলখি- ভোমোৰা আদি বলপূৰ্বক খুৱাই খুৱাই অভ্যাস কৰোৱা, ইত্যাদি কিমান নো ক’ম! সেইবাবেই হয়তো এতিয়া মোৰ পাল পৰিছে!
এতিয়া মই সাধ্যমতে ক’ম। শ্ৰীকৃষ্ণই অৰ্জুনক কৈ গৈছে – আসক্তিৰহিত, অহমিকাশূণ্য, ধৃতি আৰু উৎসাহযুক্ত, সিদ্ধি আৰু অসিদ্ধিত নিৰ্বিকাৰ কৰ্ত্তাক সাত্ত্বিক ব্যক্তি বোলা হয়। ভোগত অনুৰাগযুক্ত, কৰ্মফলাকাঙ্খী, লোভী, হিংসুক, শৌচবৰ্জিত আৰু হৰ্ষশোকযুক্ত কৰ্ত্তাক ৰাজসিক বুলি কোৱা হয়। অসংযতচিত্ত, বিবেকহীন, জড়বুদ্ধি, প্ৰৱঞ্চক, পৰৰ জীবিকা নষ্ট কৰোতা, উদ্যমশূণ্য, বিষাদাচ্ছন্ন, দীৰ্ঘসূত্ৰী কৰ্ত্তাক তামসিক বোলা হয়।
ইয়াত ধৃতিৰ অৰ্থ হ’ল শ্ৰীভগবানক লাভ কৰিবলৈ চেষ্টা আৰম্ভ কৰাৰ পিছত বিঘিনি আৰম্ভ হ’লে সাধনাক ধৰি ৰখাৰ সামৰ্থ্য হ’ল ধৃতি। ইয়াৰ পিছত ভগৱানে আৰু ক’লে যে হে ধনঞ্জয়! গুণানুসাৰে বুদ্ধিৰ আৰু ধৃতিৰ তিনিপ্ৰকাৰৰ ভেদ পৃথক পৃথকভাবে মই এতিয়া তোমাক কওঁ, শুনিবা। যি বুদ্ধিৰ দ্বাৰা প্ৰবৃত্তি আৰু নিবৃত্তি, কাৰ্য আৰু অকাৰ্য, ভয় আৰু অভয়, বন্ধ আৰু মোক্ষক জানিব পাৰি, তাকেই সাত্ত্বিক বুদ্ধি বোলা হয়। যি বুদ্ধিৰ দ্বাৰা ধৰ্ম আৰু অধৰ্ম, কাৰ্য আৰু অকাৰ্য যথাযথভাবে জ্ঞাত হ’ব নোৱাৰি, সেই বুদ্ধি ৰাজসিক। আৰু, হে অৰ্জুন! যি বুদ্ধি তমোগুণেৰে আবৃত হৈ অধৰ্মক ধৰ্ম আৰু সকলোৰে অৰ্থ বিপৰীত বুলি ভাবি লয় – সেই বুদ্ধি তামসিক।
ইয়াৰ পিছত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে যোগাভ্যাসৰ দ্বাৰা অব্যভিচাৰিণী যি ধৃতিৰে মন, প্ৰাণ আৰু ইন্দ্ৰিয়ৰ ক্ৰিয়াসমূহক নিয়ন্ত্ৰিত কৰা হয় – সেয়া হ’ল সাত্ত্বিক ধৃতি। যি ধৃতিৰে ধৰ্ম, অৰ্থ আৰু কাম সম্পৰ্কে ধাৰণা কৰা হয়- আৰু তেনে প্ৰসঙ্গৰ দ্বাৰা ফলাকাঙ্খী হয় – তেনে ধৃতি ৰাজসিক ধৃতি। হে পাৰ্থ! দুৰ্বুদ্ধিসম্পন্ন পুৰুষে যি ধৃতিৰে নিদ্ৰা, ভয়, শোক, বিষাদ, মত্ততা পৰিত্যাগ নকৰে – সেই ধৃতিক তামসিক বোলা হয়।
খাউন্ড ডাঙৰীয়া, মই ইমানতেই সামৰিলো।
খাউন্ডঃ মুক্তাকংকন! প্লিজ্ …!
মুক্তাকংকনঃ থেংক ইউ দাদা!
আজি মনটো অলপ বিষাদগ্ৰস্ত হৈ পৰিছে। ১৮ দিনৰ এই যাত্ৰাৰ শেষত উপস্থিত হৈ! মই মাত্ৰ দুষাৰমান সহজ ভাষাত কৈ সামৰিম। মই যোগ্যও নহয়!
খাউন্ডঃ কোন যোগ্য , কোন অযোগ্য সেইবোৰ বিচাৰ কৰিবলৈয়েই বা যোগ্য কোন? একমাত্ৰ প্ৰত্যয়পত্ৰ বা ‘চাৰ্টিফিকেট’ দিব পাৰে স্বয়ং শ্ৰীকৃষ্ণই, বেলেগে নোৱাৰে। এতিয়া নিজে যিদৰে বুজি পোৱা সম্ভৱ হৈছে – সেইমতে ক’লেই হ’ল। প্লিজ….!
নেওগঃ উদ্দালকৰ কথাটোও মনত ৰাখিলে আনন্দ পাম।
মুক্তাকংকনঃ নেওগ দাই য’ত এৰিলে, তাৰপিছত ভগৱানে কৈছে যে হে ধনঞ্জয়! এতিয়া তুমি মোৰ পৰা তিনি প্ৰকাৰৰ সুখৰ বিষয়ে শুনাহক। এইবোৰ অভ্যাস কৰিলে চিত্ত অতিশয় প্ৰফুল্ল হয় আৰু দুঃখৰ অৱসান হয়। যি সুখ আৰম্ভণিতে কষ্টকৰ, বিষতুল্য যেন অনুভৱ হয়, সেই সুখৰ পৰিণাম অমৃতসদৃশ হয়- যিহেতু আত্মবুদ্ধিজনিত প্ৰসন্নতাৰ পৰা উৎপত্তি হয়! এনে সুখ সাত্ত্বিক। অৰ্থাৎ, ‘ That which in the beginning may be just like poison but at the end is just like nectar and which awakens one to Self-Realisation is said to be happiness in the mode of goodness.’
ইয়াৰ পিছত ভগৱানে ক’লে যে বিষয়ৰ সৈতে ইন্দ্ৰিয়সংযোগবশতঃ যি সুখ আৰম্ভণিতে অমৃত যেন লাগে, সেই সুখ শেষৰ ফালে বিষতুল্য হৈ পৰে। এনে সুখক ৰাজসিক সুখ বোলা হয়।
অৰ্থাৎ, ‘ That happiness which is derived from contact of the senses with their objects and which appears like nectar at first but poison at the end is said to be of the nature of passion.’
ইয়াৰ পিছত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে যি সুখ নিদ্ৰা, আলস্য, প্ৰমাদৰ পৰা উৎপন্ন , আৰম্ভ আৰু অৱশেষত আত্মাৰ মোহোৎপাদক – সেই সুখক তামসিক বুলি কয়।
অৰ্থাৎ, ‘ And that happiness which is blind to self-realisation, which is delusion from beginning to end and which arises from sleep, laziness and illusion is said to be of the nature of ignorance.’
মই এইখিনিতে সামৰিলো। সুবিধা দিয়া বাবে ধন্যবাদ।
নেওগঃ সহজ সৰল ইংৰাজীৰেও বুজোৱা বাবে বহুত ধন্যবাদ।
মুক্তাকংকনঃ welcome দাদা!
খাউন্ডঃ বহুত ধন্যবাদ মুক্তাকংকন। এইবাৰ গণেশ শৰ্মা ডাঙৰীয়াই সকলোকে আগবঢ়াই লৈ যাব।
গণেশ শৰ্মাঃ মই পাতনি নেমেলো। মুক্তাকংকনে এৰাৰ পিছত অষ্টাদশ অধ্যায়ত শ্ৰীকৃষ্ণই অৰ্জুনক পুনৰ ক’লে যে পৃথিৱীত বা স্বৰ্গত দেৱতাসকলৰ মাজতো এনে প্ৰাণী নাই যি প্ৰকৃতিসম্ভূত এই ত্ৰিগুণৰ পৰা মুক্ত! হে অৰ্জুন! ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰসকলৰ কৰ্ম অনুসাৰে নিজ নিজ স্বভাৱজাত গুণানুসাৰে ভাগ হৈছে। শম, দম, তপ, শৌচ, ক্ষান্তি, সৰলতা, জ্ঞান, বিজ্ঞান আৰু আস্তিক্য ব্ৰাহ্মণৰ স্বভাৱজাত গুণ।
ইয়াত শম মানে ঐকান্তিক পৰমেশ্বৰ নিষ্ঠা, দম মানে বহিৰিন্দ্ৰিয় সংযম, তপ মানে পৰৰ অপমান নিন্দা বা ভগৱানে দিয়া দুঃখ হাঁহিমুখে সহ্য কৰা, শৌচ মানে অভক্ষ্য পৰিহাৰ-গুণীৰ সৈতে সংসৰ্গ- স্বধৰ্মত অৱস্থান, ক্ষান্তি মানে ক্ষমা, আস্তিক্য মানে শ্ৰীভগবানত বিশ্বাস।
ইয়াৰ পিছত ভগৱানে ক’লে যে শৌৰ্য, তেজ, ধৃতি, দক্ষতা, যুদ্ধত অপৰাঙ্মুখতা, দান আৰু প্ৰভুত্বভাব স্বভাৱ হ’ল ক্ষত্ৰিয়ৰ কৰ্ম। কৃষিকৰ্ম, গো আৰু পশুপালন, বাণিজ্য বৈশ্যসকলৰ কৰ্ম তথা পৰিচৰ্যামূলক কামসমূহ শূদ্ৰৰ স্বভাৱজাত। প্ৰত্যেকেই যদি নিজৰ কৰ্ম আচৰণ কৰে তেনেহ’লে সেই কৰ্মৰ দ্বাৰাই সিদ্ধিলাভ কৰিব পাৰে। এনে সিদ্ধিলাভৰ বিষয়ে মই এতিয়া তোমাক কওঁ, শুনা!
খাউন্ড ডাঙৰীয়া, মই ইমানতেই সামৰিলো। নয়ন আৰু সৰল অপেক্ষাৰত। তেওঁলোকৰ মুখৰ পৰাও অলপ শুনোহক।
খাউন্ডঃ সকলোৰে বাবে ভান্ডাৰ আছে মিশ্ৰ ডাঙৰীয়া, চিন্তা নকৰিব।
নয়ন, এইবাৰ তোমাৰ পাল!
নয়নঃ ধন্যবাদ দাদা।
‘প্ৰবাহিত যাৰ পৰা সকলোটি প্ৰাণীৰ জীৱন-ধাৰা,
যিজনা বিয়পি আছে এই গোটেই জগতখন,
সিজনাক কৰিলে অৰ্চনা আপোন কৰ্মৰ যোগে,
সাধনাৰ সিদ্ধি জানা পোৱা যায় হাতৰ মুঠিতে।’
#
‘বৰং বহুত ভাল ত্ৰুটিপূৰ্ণ ৰূপে স্বধৰ্ম পালন কৰা,
নহয় সমান তাৰ ত্ৰুটিহীন কৰ্মযজ্ঞ পৰৰ ধৰ্মৰ;
কৰিলে পালন সেইবাবে স্বভাৱেৰে নিৰূপিত কৰ্ম,
নেলাগে পতিত হ’ব কোনোৱেই কৰ্তা পাপৰ পংকত।’
#
‘নহয় উচিত কাহানিও কাৰো বাবে স্বভাৱী কৰ্মৰ ত্যাগ,
ক্ষতি নাই যদিওবা হয় সেই কৰ্ম কিছু ত্ৰুটিযুক্ত;
কৰ্মযজ্ঞ বুলিলেই থাকে তাত ত্ৰুটিৰ মলিন ছায়া,
জুই বুলি ক’লেই যিদৰে সেয়া ধোঁৱাৰে আৱৰি থোৱা।’
#
‘যিজনৰ বুদ্ধি জানা সকলোতে ছিদ্ৰহীন অনাসক্ত,
যিজনে কৰিছে জয় বিষয়জড়িত আত্মা,
ভোগ আৰু কামনাত নাই যাৰ বিন্দুমাত্ৰ স্পৃহা,
তেৱেঁই বিচাৰি পায় সন্ন্যাসৰ বাট পাৰ হৈ
পৰিণামবিহীন কৰ্মৰ পৰম সিদ্ধিৰ শান্তি।’
খাউন্ড দা, আপোনাৰ নিৰ্দেশ মানি এইখিনিকেই পাঠ কৰি ধন্য হ’লো। প্ৰণাম।
খাউন্ডঃ নিৰ্দেশ! আদেশ!! নিৰ্দেশ দিবলৈ মই কোন?
সকলোকে ধন্যবাদ জনালো। এতিয়া মই এটা বিশেষ কথা সকলোকে অৱগত কৰাব বিচাৰিছো। কথাটো হ’ল, মোক্ষযোগ অধ্যায়টো বহুত দীঘলীয়া। আমি এতিয়ালৈ ঊন-পঞ্চাছ(৪৯)টা শ্লোক অতিক্ৰম কৰিলো। মোক্ষযোগৰ মুঠ শ্লোক হৈছে আঠ-সত্তৰটা(৭৮)! অৰ্থাৎ, এতিয়াও উনত্ৰিশটা (২৯)টা আলোচনা বা পাঠ কৰিবলৈ আছে। গতিকে আজি সকলোৰে ভাগত বেছিকৈ পৰিব।
মণিকংকনঃ ……it’s awesome proposal from you actually…!
তনয়জিৎঃ বঢ়িয়া।
সৰল আৰু নয়নঃ বৰ ভাল পালো।
খাউন্ডঃ সকলো ভগৱানৰ ইচ্ছা।
এইখিনিতে আজিয়েই সুবিধা লৈ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো। অহাকালি ব’হাগৰ প্ৰথমটো দিন। গীতাৰ অষ্টাদশ অধ্যায়ৰ মোক্ষযোগৰ সমাপ্তিৰে সমাপ্ত হ’ব আমাৰ অসমীয়া বছৰৰ অন্তিম দিন। কি এক দুৰ্লভ সামৰণি! আৰু কি এক মধুৰতম পৰিসমাপ্তি – গীতাৰ অধ্যায়ৰ! কিন্তু গীতালোচনা, গীতামন্হন, গীতা হৃদয়াংগম ইত্যাদিৰ সমাপ্তি নাই। আগন্তুক দিনবোৰত, নতুন বছৰটোত সকলোৱে গভীৰভাৱে বাৰম্বাৰ গীতাৰ অধ্যায়সমূহ মন্হন কৰি থাকিলে হে এই আলোচনাৰ সাৰ্থকতা হ’ব।
আজি এক সংকটময় পৰিস্থিতিৰ মাজত আৰম্ভ হ’ব আমাৰ ৰঙালী বিহু তথা ব’হাগ মাহ। কৰ’নাই ওলট – পালট কৰি পেলাইছে সকলো সমীকৰণ, মানব সভ্যতা। চৌদিশে মৃত্যুৰ কিৰিলী। সমগ্ৰ বিশ্ব কম্পিত। আমাৰ অসমতো আজিৰ পৰা বৃদ্ধি হ’ব পাৰে ‘লক-ডাউন’। কিন্তু দিনবোৰ কিদৰে পাৰ হৈ গ’ল আমি যেন তৰ্কিবই নোৱাৰিলো। এতিয়া আমি আগবাঢ়োহক…!
এতিয়া আমি মোক্ষযোগৰ অৰ্থাৎ পঞ্চাছ নং শ্লোকৰ পৰা আৰম্ভ কৰিম। ইতিমধ্যে আমি উন্পঞ্চাছ(৪৯) টা শ্লোক পৰ্যন্ত অতিক্ৰম কৰিছিলো।
পঞ্চাছ নং শ্লোকৰ জৰিয়তে শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে মানুহে নৈষ্কৰ্মসিদ্ধি লাভ কৰি যিদৰে ব্ৰহ্মপ্ৰাপ্তি কৰে আৰু যিদৰে জ্ঞানৰ পৰিসমাপ্তি কৰে – সেইবিষয়ে এতিয়া মোৰ মুখৰ পৰা ওলোৱা কথাবোৰ শ্ৰৱণ কৰা।
অৰ্থাৎ, পৰমাত্মাক নিজৰ আত্মা বুলি অনুভৱ কৰাকেই জ্ঞানৰ চৰম সীমা, বা চৰম পৰিসমাপ্তি বুলি কোৱা হয়। কঠোপনিষদত কোৱা হৈছে যে আত্মা আৰু পৰমাত্মাৰ ভেদকাৰক অহংকাৰ আদি গ্ৰন্হিসমূহ যেতিয়া ছিন্ন হয়, তেতিয়াই মানুহে অমৃত লাভ কৰে। এয়াই বেদান্ত শাস্ত্ৰৰ অনুশাসন, ইয়াতকৈ অধিক একো নাই।
কিদৰে এই যোগ্যতা বা নৈষ্কৰ্ম্যসিদ্ধি অৱস্থা লাভ কৰা সম্ভৱ, সেই সম্পৰ্কে শ্ৰীভগবানে কৈছে– বিশুদ্ধ বুদ্ধিযুক্ত ধাৰণাৰ দ্বাৰা চিত্তক সংযত কৰি শব্দাদি বিষয়সমূহ ত্যাগ কৰি আৰু অনুৰাগ- বিদ্বেষ পৰিত্যাগপূৰ্বক নিৰ্জন স্থানবাসী হৈ – অল্পহাৰী হৈ বাক্য, শৰীৰ, মনক সংযত কৰি সৰ্বদা ধ্যানযোগপৰায়ণ হৈ যিয়ে বৈৰাগ্যক আশ্ৰয় কৰি অহংকাৰ, বল, দৰ্প, কাম, ক্ৰোধ পৰিত্যাগ কৰি মমতাশূণ্য হৈ , শান্ত হৈ থাকিব পাৰে , তেওঁ ব্ৰহ্ম ভাবত স্থিত হোৱাৰ যোগ্যতা অৰ্জন কৰে।
অৰ্থাৎ, নদীয়ে যিদৰে নিজৰ নাম, ৰূপ, গতি, শক্তি সকলো পৰিত্যাগ কৰি সমুদ্ৰত প্ৰৱেশ কৰে, ব্ৰহ্মবিদ্ পুৰুষেও সকলো পৰিত্যাগ কৰি পৰাৎপৰ স্বপ্ৰকাশক ব্ৰহ্মত প্ৰৱেশ কৰে।
ব্ৰহ্মভাবপ্ৰাপ্ত প্ৰসন্নচিত্ত পুৰুষে শোক নকৰে, আকাংক্ষা নকৰে, তেওঁ সৰ্বভূতত সমদৰ্শী হৈ ভগবানত পৰাভক্তি লাভ কৰে। শ্ৰীকৃষ্ণই পুনৰ কৈছে-হে কৌন্তেয়, মোক আশ্ৰয় কৰা ব্যক্তিয়ে সমস্ত কৰ্ম সৰ্বদাই সম্পন্ন কৰিও মোৰ প্ৰসাদ লাভ কৰি অনাদি অব্যয় পদ লাভ কৰে। গতিকে শুদ্ধ চিত্তৰ দ্বাৰা সমস্ত কৰ্ম মোতে সমৰ্পণ কৰি মোৰ একান্ত শৰণাগত হৈ বুদ্ধিযোগৰ আশ্ৰয় লৈ সৰ্বদা মদগত চিত্তৰ অধিকাৰী হোৱাহক!
মদগত চিত্তৰ অৰ্থ হ’ল ভগবানৰ একান্ত শৰণাগত হৈ থকা। শ্ৰীকৃষ্ণই আকৌ কৈছে যে মদগত চিত্ত হ’লে মোৰ অনুগ্ৰহত সকলো দুঃখ অতিক্ৰম কৰিব পাৰিবা। আৰু যদি অহংকাৰবশতঃ মোৰ বাক্য শ্ৰৱণ নকৰা, তেনে ক্ষেত্ৰত বিনাশপ্ৰাপ্ত হ’বা।….
এইবাৰ মুক্তাকংকনে আলোকপাত কৰক।
নেওগঃ মুক্তা, শুভেচ্ছা জনালো।
মুক্তাকংকনঃ ধন্যবাদ দাদা… So nice of you…
শ্ৰীকৃষ্ণই অৰ্জুনক কৈ গৈছে যে অহংকাৰক আশ্ৰয় কৰি যুদ্ধ নকৰো বুলি যদি তুমি মনেৰে ভাবিছা, তোমাৰ তেনে সংকল্প মিথ্যাত পৰিণত হ’ব। মোহবশতঃ যি যুদ্ধ কৰিবলৈ তুমি ইচ্ছা কৰা নাই, নিজৰ স্বভাৱ অনুসৰি কৰ্মৰ দ্বাৰা আৱদ্ধ হৈ সেই কৰ্ম তুমি কৰিবই লাগিব।
অৰ্থাৎ, If you do not act according to My direction and do not fight, then you will be falsely directed. By your nature, you will have to be engaged in warfare.’
হে অৰ্জুন! ঈশ্বৰে সকলো জীৱৰ হৃদয়ত বিৰাজ কৰি আছে আৰু মায়াৰে জীৱসৱক ভ্ৰাম্যমাণ কৰাই আছে। গতিকে হে পাৰ্থ! সকলোপ্ৰকাৰে তেওঁৰেই কথা শ্ৰৱণ কৰা, যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত আশ্ৰয় প্ৰাপ্ত হয়।
অৰ্থাৎ, ‘The Supreme Lord is situated in everyone’s heart, O Arjuna, and is directing the wandering of all living entities, who are seated as on a machine, made of the material energy. So surrender to Him utterly. By His grace you will attain transcendental peace and Supreme and eternal abode.’
দাদা, ইমানতে এৰিলো। সুবিধাকণ দিয়া বাবে বহুত ধন্যবাদ।
খাউন্ডঃ ভগবান সৰ্বব্যাপ্তিমান। তেওঁৰ ইচ্ছাতেই সকলো ঘটি আছে। মই সুবিধা দিবলৈ কোন!!
এইবাৰ ঋষিকৃষ্ণৰ পাল…।
ঋষিকৃষ্ণঃ কৃষ্ণ! কৃষ্ণ!
নয়নঃ ৰাধে! ৰাধে!
সৰলঃ ওঁ বাসুদেৱায় নমঃ।
ঋষিকৃষ্ণঃ ইয়াৰ পিছত ভগৱানে ক’লে-
‘ইতি তে জ্ঞানমাখ্যাতং গুহ্যাদ্ গুহ্যতৰং ময়া।
বিমৃশ্যৈতদশেষেণ যথেচ্ছসি তথা কুৰু।।’
অৰ্থাৎ, এই গুহ্যৰ পৰা গুহ্যতম জ্ঞান মোৰ দ্বাৰা তোমাক উদ্দেশ্যি কোৱা হ’ল; সম্পূৰ্ণভাবে সকলোবোৰ পৰ্যালোচনা কৰি তোমাৰ যেনে ইচ্ছা- তাকেই কৰা।
আৰু ক’লে যে মোতেই চিত্ত সমৰ্পণ কৰা, মোৰেই ভক্ত হোৱা, মোৰেই পূজক হোৱা, মোকেই নমস্কাৰ কৰা; এইবোৰ কৰিলে তুমি মোক প্ৰাপ্ত কৰিবা- এই কথা মই তোমাৰ ওচৰত সত্যপ্ৰতিজ্ঞা কৰি ক’লো, যিহেতু তুমি মোৰ প্ৰিয়!
তনয়জিৎঃ কি অপূৰ্ব! কি অদ্ভুত!
ঋষিকৃষ্ণঃ শ্ৰীকৃষ্ণই অৰ্জুনক পুনৰ ক’লে যে এই উপদেশ তুমি তপস্যাবিহীন ব্যক্তিক, অভক্তক, শ্ৰৱণ কৰিবলৈ অনিচ্ছুক ব্যক্তিক তথা মোক যিয়ে অৱজ্ঞা কৰে – সেইসকলক কেতিয়াও নকবা।
গণেশ শৰ্মাঃ একেবাৰে সচা কথা। অপাত্ৰত দান কৰি লাভ নাই। সেইকাৰণেই ভগবানৰ ইচ্ছাতেই এই গীতা-আলোচনা সম্ভৱ হ’ল বোধহয়!
‘মোৰ এই তত্ত্বকথা নক’বা ভুলতো তপস্যাৰহিত কাকো,
নুশুনাবা কাহানিও কোনো অভক্তজনকো;
গা’ত পৰি নুশুনাবা কেতিয়াও শুনিব নোখোজা কাকো,
আৰু মোৰ প্ৰতি অসূয়াৰে ভৰপূৰ নাস্তিকবোৰকো।’
মিশ্ৰঃ ওঁ নমঃ বাসুদেবায়ঃ। ওঁ নমঃ কৃষ্ণায়ঃ।
খাউন্ডঃ যিয়ে এনে পৰম গোপনীয় তত্ত্বজ্ঞান মোৰ ভক্তসকলক ব্যাখ্যা কৰিব, তেওঁ মোতেই পৰাভক্তি লাভ কৰি মোক প্ৰাপ্ত কৰিব। যিয়ে গীতাৰ কথা শ্ৰীভগবানৰ ভক্তসকলক বৰ্ণনা কৰিব, তেনে ব্যক্তি মোতকৈও অধিক প্ৰিয় কাৰ্য কৰিছে বুলি মই ধৰি লওঁ, আৰু মোৰ বাবে তেওঁলোকৰ দৰে প্ৰিয় ব্যক্তি এই সংসাৰত অইন কোনো নাই, ভৱিষ্যতেও নহব।
শ্ৰীকৃষ্ণই আকৌ কৈছে যে যিয়েই আমাৰ এই ধৰ্মীয় আলোচনা অধ্যয়ন কৰিব, তেওঁ জ্ঞানযজ্ঞৰ দ্বাৰা মোৰেই পূজা কৰিছে বুলি মই জ্ঞান কৰিম। শ্ৰদ্ধাবান আৰু দোষদৃষ্টিশূণ্য হৈ যি মানুহে গীতাৰ ব্যাখ্যা শ্ৰৱণ কৰিব, তেওঁ মুক্ত হৈ পূণ্যকৰ্মাসকলে লাভ কৰা পূণ্যলোক লাভ কৰিব।
শ্ৰীকৃষ্ণই অৰ্জুনক পুনৰ ক’লে যে হে পাৰ্থ! তুমি একাগ্ৰচিত্তেৰে এই কথাবোৰ শুনিলানে বাৰু? হে ধনঞ্জয়! অজ্ঞানতাৰ পৰা উৎপন্ন হোৱা তোমাৰ মোহ সম্পূৰ্ণৰূপে বিনষ্ট হৈছে নে বাৰু?
এইখিনি কথা শ্ৰীকৃষ্ণই অৰ্জুনক এইবাবেই কৈছিল যিহেতু কুৰুক্ষেত্ৰৰ আৰম্ভণিতে অৰ্জুন একেবাৰে বিষণ্ণ হৈ গান্ডীৱ ত্যাগ কৰিবলৈ ওলোৱাত অৰ্জুনক শ্ৰীকৃষ্ণই বুজাবলগীয়া হৈছিল- যি উপদেশৰ পৰাই গীতাৰ সৃষ্টি। অৰ্জুনে সেই অমৃতবাক্য শ্ৰৱণ কৰিছিল। কাল যেন স্তব্ধ হৈ পৰিছিল।
‘কচ্চিদেতচ্ছ্ৰতং পাৰ্থ ত্বয়ৈকাগ্ৰেণ চেতসা।
কচ্চিদজ্ঞানসন্মোহঃ প্ৰনষ্টস্তে ধনঞ্জয়।।’
গীতাৰ শ্লোকসমূহৰ ভিতৰত ভগবানৰ সেইটোৱেই আছিল অন্তিম শ্লোক।
উত্তৰত অৰ্জুনে কৈছিল-
‘নষ্টো মোহঃ স্মৃতিৰ্লব্ধা তৎপ্ৰসাদান্ময়াচ্যুত।
স্থিতোহস্মি গতসন্দেহঃ কৰিষ্যে বচনং তব।।’
অৰ্থাৎ, হে অচ্যুত! তোমাৰ অনুগ্ৰহত মোহ নষ্ট হৈছে, সংশয়মুক্ত হৈ স্থিৰবুদ্ধি হৈছে, মোৰ স্মৃতিলব্ধ হৈছে ; মই তোমাৰ বাক্য পালন কৰিম।
শ্ৰীকৃষ্ণ-অৰ্জুন সংবাদত অৰ্জুনৰ বাক্যৰ ইয়াতেই পৰিসমাপ্তি।
অৰ্থাৎ, আমাৰ পৰম সৌভাগ্য যে আজি আমি লগেভাগে গীতা আলোচনা সমাপ্ত কৰিবলৈ সক্ষম হ’লো। তাতে আজি অসমীয়াৰ বছৰটোৰ অন্তিম দিন, অহাকালি বহাগৰ প্ৰথম তাৰিখ! কি এক আনন্দদায়ক পৰিসমাপ্তিৰে এক নতুনৰ আৰম্ভণি!
ইয়াৰ পিছত দিব্যচক্ষু লাভ কৰি সমস্ত কুৰুক্ষেত্ৰৰ কাহিনী দৰ্শন কৰি সেইসমূহ অন্ধ ধৃতৰাষ্ট্ৰক কাণৰ কাষত কৈ থকা সঞ্জয়ৰ দুটামান শ্লোক আছে- যিহেতু ঐই সমস্ত ঘটনা সঞ্জয়ৰো দৃষ্টিগোচৰ হৈছিল। কিন্তু সেই শ্লোককেইটা আমি ইয়ালৈ টানি নানো – যিহেতু আমি সঞ্জয়ক ইতিপূৰ্বে আলোচনালৈ অনা নাই।
সকলোকে প্ৰণাম।
আমাৰ ইয়াতেই গীতাৰ অধ্যায়ৰ পৰিসমাপ্তি হ’ল।
ইয়াৰ পিছত সকলোৱে নিজে নিজে মন্হন কৰি যোগাযোগ ৰক্ষা কৰিলেই উদ্দেশ্য সাধন হ’ব।
এতিয়া আমি প্ৰাৰ্থনা কৰিম আৰু সকলোৱে সাধ্যমতে আগৰদৰেই প্ৰসাদ বিতৰণ কৰিম।
সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো।
সকলোৱেঃ আমিও জনালো। [ গীতাৰ সকলো অধ্যায়ৰ ইমানতেই সামৰণি পৰিল আৰু আমি লক-ডাউনৰ ১৮ টা দিন ১৮ টা অধ্যায়ৰ মাজেৰে পাৰ কৰিবলৈ সমৰ্থ হ’লো!]
© অঞ্জন শৰ্মা
* [এই আলোচনা আগবঢ়াই নিওতে ড° মহেন্দ্ৰ বৰাদেৱৰ ‘গীতা’ৰ লগতে অইন ভালেকেইখন গীতাৰ সহায় লোৱা হৈছে।]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)