• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, February 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

নহৰুৰ উপকাৰিতাসমূহ জানেনে ?

- ডা৹ ভূপেন শইকীয়া

by Admin
June 14, 2021
in food, Health, Lifestyle
Reading Time: 1 min read
0
two white garlics

Photo by Isabella Mendes on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

– ডা৹ ভূপেন শইকীয়া |

অসমীয়া লোকাচাৰ মতে বিহুৰ হুঁচৰিত আশীৰ্বাদত দিওঁতে গাই আহিছে-
“এটা বাটিত নহৰু, এটা বাটিত পনৰু, এটা বাতিত খুতৰা শাক
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক।”
গতিকে অসমীয়া জনজীৱনত পনৰু (পিয়াঁজ)আৰু নহৰুৰ ওত:প্ৰোত সম্বন্ধ অতীজৰ পৰা চলি আহিছে ৷ পিয়াঁজৰ বিষয়ে কেইদিনমান আগতে নিবন্ধ এটি লিখাৰ পিছৰে পৰা কেইবাজনো বন্ধুৱে দাবী তুলি আছে মই সোনকালে নহৰুৰ বিষয়ে জনাই লিখিব লাগে ৷ সেয়ে আজিৰ আলোচ্য বিষয় বাচি ল’লোঁ নহৰু ৷কি নাম দি মাতিম তোমাক ?
নহৰুৰ বৈজ্ঞানিক নাম হ’ল- Allium sativum ৷ বংশ Allioideae ( Onion family) ৷
লহচুন (হিন্দী আৰু উৰ্দু), লচহুনা(সংস্কৃত), ৰচুন (বাংলা), ৰচুনা (ওৰিয়া), লচুন (নেপালী), লচুণ (মাৰাঠী), বেলুল্লি (কানাড়া),ভেলুথুল্লি  (মলয়ালম), ভিলাই পুন্দু (তামিল), তেল্লাগুদ্দি আৰু ভেলুলি (তেলেগু), সামব্ৰাম গুফুৰ (বড়ো),সামপ্ৰাম গুফু (ডিমাচা), হাৰচুন কিলক (কাৰ্বি), তা:লাপ / দি:লাব (মিচিং), ৰুচুন (টিৱা),ৰুনচুন (খাচী) ৷  ইংৰাজীত Garlic বুলে ৷ পুৰণি দিনত  Garleac লিখিছিল ৷  লেটিন নাম হ’ল-Allium ৷ আন আন বিদেশী ভাষাত নহৰুৰ  পৰিচয়  হ’ল এইদৰে : গ্ৰীক (স্কৰডো), আইৰিচ (গাৰলিগ), কোৰিয়ান (গাল-ৰিগ), ফৰাচী (এইল),  স্পেনিচ (এল-এজো), ইটালিয়ান (এজলিয়ো), ফিলিপিনো ( বাৱাং), ইণ্ডোনেচিয়ান  (বাৱাং পুটিন), জৰ্জিয়ান (নিয়’ৰি),জাৰ্মান (নবলাউচ্),পৰ্টুগিজ আৰু ব্ৰাজিল (এল্হো), তুৰস্ক  (চাৰ্মচাক),ভিয়েটনাম (কে টয়), চীনা (চ্যাউন টাউহ আৰু ডা-চুৱান) জাপানী (গাৰিক্কো),  সিংহলী (চুডোলুনু) ৷নহৰুৰ প্ৰাপ্তিস্থান : নহৰু আজিকালি বিশ্বৰ প্ৰায়বোৰ অঞ্চলতেই উৎপাদন কৰা হয় ৷ জানিবলৈ পোৱা মতে নহৰুৰ প্ৰথম উৎপত্তিস্থল আছিল চাইবেৰিয়া ৷ ৫০০০ বছৰ বা তাতোকৈ আগৰ পৰা চাইবেৰিয়াৰ পৰা নহৰুৰ সঁচ বিশ্বৰ আন ঠাইলৈ বিয়পিব ধৰে ৷ চাইবেৰিয়াৰ ওপৰিও এচিয়া মহাদেশৰ উত্তৰ আৰু মধ্য অংশত আগৰ পৰাই নহৰুৰ বেচি উৎপাদন হয় ৷ ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰত দেশখনৰ সৰ্বোচ্চ (প্ৰায় ২৯ শতাংশ) উৎপাদন হয় ৷ আন আন উল্লেখযোগ্য উৎপাদনকাৰী প্ৰদেশ হ’ল- ৰাজস্থান, হৰিয়ানা, টেলেংগানা, আন্ধ্ৰ প্ৰদেশ, মধ্যপ্ৰদেশ,গুজৰাট,কৰ্ণাটক আৰু বিহাৰ ৷
বৰ্তমান বিশ্বত ৪০০ৰ অধিক প্ৰজাতিৰ নহৰু আছে বুলি জনা যায় ৷ তাৰে ভিতৰত আটাইটকৈ সুলভ বিধৰ নাম হ’ল- Softneck Garlic ৷ অন্যান্য কিছুমানৰ নাম হ’ল- Hardneck Garlic, Silverneck Garlic, Elephant/ Buffalo Garlic., Red Garlic, Artichoke Garlic ইত্যাদি ৷  আকাৰ, প্ৰকৃতি আৰু বৰণৰ  প্ৰজাতিভেদে তাৰতম্য দেখা যায় ৷ অসমত এপহীয়া সৰু আকৃতিৰ নহৰু এবিধ দেখা যায় ৷

RelatedPosts

Korean Beauty Hydrating Sheet Mask !

Korean Beauty Hydrating Sheet Mask !

January 31, 2023
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023

নহৰুৰ বিষয়ে বুৰঞ্জীয়ে কি কয় ?
ভাৰতবৰ্ষত সংস্কৃতত ৰচনা কৰা বিভিন্ন গ্ৰন্থত আজিৰ পৰা প্ৰায়  ৫০০০ বছৰ আগৰ পৰাই নহৰুৰ ঔষধি গুণৰ চৰ্চা আছিল বুলি জনা যায় ৷ প্ৰাচীন ইজিপ্তত পিৰামিডৰ ভিতৰত স্থাপিত কৰা মমিৰ সৈতে বীজানুনাশক হিচাবে নহৰু ব্যৱহাৰ কৰা হৈছিল ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত মহামাৰীৰ ৰূপ ধাৰণ কৰা কলেৰা আৰু যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে নহৰু ব্যৱহৃত হৈছিল ৷ ইউৰোপত প্লেগ মহামাৰীৰ সময়ত নহৰুক প্ৰতিষেধক হিচাবে ব্যৱহাৰ কৰা হৈছিল ৷

নহৰু কেনেকৈ সেৱন কৰিব ?  ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা নিতৌ খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী ৷ চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে কোনেও দিনটোত ডাঙৰ আকৃতিৰ নহৰু তিনিফুটাতকৈ বেচি নাখায় যেন ৷  মছলা হিচাবে নহৰুৰ আদাৰ সৈতে অতি সুন্দৰ সংমিশ্ৰণ; যাক মাংস,মাছ, কণী বা আন তৰকাৰীৰ সৈতে মিহলাই ৰন্ধা হয় ৷ নহৰুৰ আচাৰ, চুপ আদিও বনোৱা হয় আৰু পিজ্জাৰ টপিং দিবৰ বাবে ব্যৱহাৰ কৰা হয় ৷ আকৌ  বহুতে নহৰু সৰু সৰুকৈ কূটি কম তেলত ৰঙচুৱাকৈ ভাজি জুতি লগাই খায় ৷ স্বাস্থ্যৰ দিশত কেঁচা নহৰু বেচি উপযোগী ৷ ৰাতিপুৱা খালি পেটত নহৰু খাব পাৰে ৷ কিবা অসুবিধা পালে দিনটোৰ যি কোনো সময়তে নহৰু খাব পাৰে ৷ বজাৰত নহৰুৰ কেপচুল আৰু নহৰুৰ তেল উপলব্ধ ৷

কি কি লাগতিয়াল তত্ব নহৰুত থাকে ? নহৰুত থকা আটাইতকৈ লাগতিয়াল  তত্ববিধ হ’ল চালফাৰযুক্ত এলিচিন (Allicin – diallyl disulphide oxide) – যাৰ অতুলনীয় এন্টিঅক্সিডেন্ট গুণৰ বাবে আমাৰ শৰীৰ নানা ধৰণে উপকৃত হয় ৷ নহৰুৰ বিশিষ্ট গোন্ধটোৰ কাৰণ এই চালফাৰ পদাৰ্থবিধ ৷ নহৰুত থকা খনিজসমূহ  হ’ল- আইৰণ, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম,  ফচফৰাচ, কেলচিয়াম ৷ ভিটামিন হ’ল-ভিটামিন-চি  আৰু  ভিটামিন-বি গোট (বি-১,বি-২,বি-৩,বি-৬, ফলেট) ; ইলেকট্ৰলাইট থাকে- চ’ডিয়াম আৰু প’টেচিয়াম ৷   ৷ ১০০গ্ৰাম নহৰুত শক্তি থাকে ১৫০কেলৰি, কাৰ্বোহাইড্ৰেট ৩৩গ্ৰাম, প্ৰটিন ৬.৩৬ গ্ৰাম, ফেট ৫০০মিলিগ্ৰাম আৰু ফাইবাৰ থাকে ২.১ গ্ৰাম ৷

নহৰুৰ  উপকাৰিতাসমূহৰ সৈতে অৱগত হওঁক :
• হৃদৰোগৰ পৰা সুৰক্ষা- নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে ৷ তেজৰ নলীত চৰ্বি (Atheroma) জমা হব নিদিয়ে ৷ নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায় ৷ গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে ৷
• উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে ৷

• তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে ৷ দুফুটা নহৰু আৰু অকণমান  নেমুৰস নিতৌ  পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয় ৷
• কৰ্কট ৰোগ প্ৰতিৰোধ – বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰ, মাল্টিপ’ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ ৷
• ইমিউনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয় ৷
• পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে ৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি  অভিজ্ঞলোকে কয় ৷
• নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে ৷
• ৰজোনিবৃত্তি হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমোনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে ৷
• ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী ৷
• হাঁড়ৰ বিষ (Osteoatrhritis) থকা ৰোগীৰ বাবে নহৰু উপকাৰী ৷
• চৰ্মৰোগ যেনে স্কেৰ’ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক ৷
• লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয় ৷

অসমৰ গ্ৰাম্য চিকিৎসাত নহৰুৰ ভূমিকা : –
কেইটিমান থলুৱা অসমীয়া চিকিৎসাৰ কথা নিলিখিলে নহৰুৰ ৰচনাখন অপূৰ্ণ হৈ ৰব ৷ তাৰে কেইটিমান উল্লেখনীয় হ’ল :-
• মিঠাতেলত নহৰু কেইফুটামান দি জুইত ভালদৰে তপতাব লাগে ৷ সেই তেল (‘চেঙা তেল’) নুশুকোৱা ঘাঁত লগাব লাগে ৷
• একেই চেঙা তেল নখচুকীয়াত দি চিকিৎসা কৰা হয় ৷ নহৰুৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ ইয়াৰ দ্বাৰা সিদ্ধ হয় ৷
• গাৰ বিষ,কঁকালৰ বিষ, খুন্দা খাই পোৱা বিষৰ উপশম ঘটাবলৈ গৰম নহৰু-মিঠাতলৰ মালিশ কৰিব লাগে ৷
• পানী লগা, চৰ্দিত গৰম নহৰু-মিঠাতলৰ মালিশ বুকু,নাক আৰু ডিঙিত কৰিব লাগে ৷
• নহৰু আৰু পদিনাৰ চাটনিয়ে আভোক আতৰ কৰে ৷

নহৰুৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা :
– নহৰু গৰ্ভৱতীৰ মহিলাৰ বাবেও উপকাৰী ৷ কিন্তু প্ৰসৱৰ সময়ৰ দুসপ্তাহমানৰ আগৰ পৰা নহৰু খোৱা বন্ধ ৰাখিব লাগে ৷ মেৰিলেণ্ড ইউনিভাৰ্চিটিৰ এটি সতৰ্কবাণীত কোৱা হৈছে যাতে প্ৰসৱ কালত বা যি কোনো অপাৰেচনৰ সময়ত অতিৰিক্ত ৰক্তক্ষৰণ নহয় ৷

-আন আন লোকেও অপাৰেচনৰ সময়চোৱাত নহৰু খোৱা একে কাৰণত বন্ধ ৰাখিব ৷

– কোনো কোনো হাপানি ৰোগীৰ অসুখ বেচি হোৱা দেখিলে নহৰু খোৱা বন্ধ কৰিব ৷

– কেঁচা নহৰু চোবাই খোৱাৰ পিছত মুখৰ গোন্ধ বেচ কিছুপৰ থাকিব পাৰে ৷   তেনেস্থলত  নহৰু দিনৰ পৰিবৰ্তে ৰাতি খাব ৷

– কাচিৎ কোনো কোনো জনৰ নহৰুৰ পাৰ্শ্বক্ৰিয়া হিচাবে বমি,ওকালি বা ডায়েৰিয়া হব পাৰে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: নহৰুলহচুন
Admin

Admin

Related Posts

Korean Beauty Hydrating Sheet Mask !
Lifestyle

Korean Beauty Hydrating Sheet Mask !

by Admin
January 31, 2023
0

Korean Beauty Hydrating Sheet Mask AGRITA CHHIBBER Agrita Chhibber What is the main advantage of sheet masks? Hydration! Your skin...

Read more
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023
Must Visit Places in Jammu

Must Visit Places in Jammu

January 30, 2023
পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

January 27, 2023
woman sitting on wooden planks

Make Stress-Less Life Your Lifestyle

January 26, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 4, 2023
Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 4, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    449 shares
    Share 180 Tweet 112
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    83 shares
    Share 33 Tweet 21
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    68 shares
    Share 27 Tweet 17
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কমতাপুৰ ধ্বংস কাব্য

    75 shares
    Share 30 Tweet 19
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    51 shares
    Share 20 Tweet 13
  • সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

    48 shares
    Share 19 Tweet 12
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: