• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

নহৰুৰ উপকাৰিতাসমূহ জানেনে ?

ডা৹ ভূপেন শইকীয়া

by Anjan Sarma
September 27, 2023
in Health, food, Lifestyle
Reading Time: 4 mins read
0
two white garlics

Photo by Isabella Mendes on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

নহৰুৰ উপকাৰিতাসমূহ জানেনে ?

ডা৹ ভূপেন শইকীয়া

Bhupen Saikia
ডা৹ ভূপেন শইকীয়া

অসমীয়া লোকাচাৰ মতে বিহুৰ হুঁচৰিত আশীৰ্বাদত দিওঁতে গাই আহিছে-


“এটা বাটিত নহৰু, এটা বাটিত পনৰু, এটা বাতিত খুতৰা শাক
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক।”

গতিকে অসমীয়া জনজীৱনত পনৰু (পিয়াঁজ)আৰু নহৰুৰ ওত:প্ৰোত সম্বন্ধ অতীজৰ পৰা চলি আহিছে ৷ পিয়াঁজৰ বিষয়ে কেইদিনমান আগতে নিবন্ধ এটি লিখাৰ পিছৰে পৰা কেইবাজনো বন্ধুৱে দাবী তুলি আছে মই সোনকালে নহৰুৰ বিষয়ে জনাই লিখিব লাগে ৷ সেয়ে আজিৰ আলোচ্য বিষয় বাচি ল’লোঁ নহৰু ৷

কি নাম দি মাতিম তোমাক ?


নহৰুৰ বৈজ্ঞানিক নাম হ’ল- Allium sativum ৷ বংশ Allioideae ( Onion family) ৷


লহচুন (হিন্দী আৰু উৰ্দু), লচহুনা(সংস্কৃত), ৰচুন (বাংলা), ৰচুনা (ওৰিয়া), লচুন (নেপালী), লচুণ (মাৰাঠী), বেলুল্লি (কানাড়া),ভেলুথুল্লি  (মলয়ালম), ভিলাই পুন্দু (তামিল), তেল্লাগুদ্দি আৰু ভেলুলি (তেলেগু), সামব্ৰাম গুফুৰ (বড়ো),সামপ্ৰাম গুফু (ডিমাচা), হাৰচুন কিলক (কাৰ্বি), তা:লাপ / দি:লাব (মিচিং), ৰুচুন (টিৱা),ৰুনচুন (খাচী) ৷  ইংৰাজীত Garlic বুলে ৷

পুৰণি দিনত  Garleac লিখিছিল ৷  লেটিন নাম হ’ল-Allium ৷ আন আন বিদেশী ভাষাত নহৰুৰ  পৰিচয়  হ’ল এইদৰে : গ্ৰীক (স্কৰডো), আইৰিচ (গাৰলিগ), কোৰিয়ান (গাল-ৰিগ), ফৰাচী (এইল),  স্পেনিচ (এল-এজো), ইটালিয়ান (এজলিয়ো), ফিলিপিনো ( বাৱাং), ইণ্ডোনেচিয়ান  (বাৱাং পুটিন), জৰ্জিয়ান (নিয়’ৰি),জাৰ্মান (নবলাউচ্),পৰ্টুগিজ আৰু ব্ৰাজিল (এল্হো), তুৰস্ক  (চাৰ্মচাক),ভিয়েটনাম (কে টয়), চীনা (চ্যাউন টাউহ আৰু ডা-চুৱান) জাপানী (গাৰিক্কো),  সিংহলী (চুডোলুনু) ৷

নহৰুৰ প্ৰাপ্তিস্থান : নহৰু আজিকালি বিশ্বৰ প্ৰায়বোৰ অঞ্চলতেই উৎপাদন কৰা হয় ৷ জানিবলৈ পোৱা মতে নহৰুৰ প্ৰথম উৎপত্তিস্থল আছিল চাইবেৰিয়া ৷ ৫০০০ বছৰ বা তাতোকৈ আগৰ পৰা চাইবেৰিয়াৰ পৰা নহৰুৰ সঁচ বিশ্বৰ আন ঠাইলৈ বিয়পিব ধৰে ৷ চাইবেৰিয়াৰ ওপৰিও এচিয়া মহাদেশৰ উত্তৰ আৰু মধ্য অংশত আগৰ পৰাই নহৰুৰ বেচি উৎপাদন হয় ৷ ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰত দেশখনৰ সৰ্বোচ্চ (প্ৰায় ২৯ শতাংশ) উৎপাদন হয় ৷

আন আন উল্লেখযোগ্য উৎপাদনকাৰী প্ৰদেশ হ’ল- ৰাজস্থান, হৰিয়ানা, টেলেংগানা, আন্ধ্ৰ প্ৰদেশ, মধ্যপ্ৰদেশ,গুজৰাট,কৰ্ণাটক আৰু বিহাৰ ৷


বৰ্তমান বিশ্বত ৪০০ৰ অধিক প্ৰজাতিৰ নহৰু আছে বুলি জনা যায় ৷ তাৰে ভিতৰত আটাইটকৈ সুলভ বিধৰ নাম হ’ল- Softneck Garlic ৷ অন্যান্য কিছুমানৰ নাম হ’ল- Hardneck Garlic, Silverneck Garlic, Elephant/ Buffalo Garlic., Red Garlic, Artichoke Garlic ইত্যাদি ৷  আকাৰ, প্ৰকৃতি আৰু বৰণৰ  প্ৰজাতিভেদে তাৰতম্য দেখা যায় ৷ অসমত এপহীয়া সৰু আকৃতিৰ নহৰু এবিধ দেখা যায় ৷

নহৰুৰ উপকাৰিতাসমূহ জানেনে ?

নহৰুৰ বিষয়ে বুৰঞ্জীয়ে কি কয় ?


ভাৰতবৰ্ষত সংস্কৃতত ৰচনা কৰা বিভিন্ন গ্ৰন্থত আজিৰ পৰা প্ৰায়  ৫০০০ বছৰ আগৰ পৰাই নহৰুৰ ঔষধি গুণৰ চৰ্চা আছিল বুলি জনা যায় ৷ প্ৰাচীন ইজিপ্তত পিৰামিডৰ ভিতৰত স্থাপিত কৰা মমিৰ সৈতে বীজানুনাশক হিচাবে নহৰু ব্যৱহাৰ কৰা হৈছিল ৷ দ্বিতীয় মহাযুদ্ধৰ সময়ত মহামাৰীৰ ৰূপ ধাৰণ কৰা কলেৰা আৰু যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে নহৰু ব্যৱহৃত হৈছিল ৷ ইউৰোপত প্লেগ মহামাৰীৰ সময়ত নহৰুক প্ৰতিষেধক হিচাবে ব্যৱহাৰ কৰা হৈছিল ৷

নহৰু কেনেকৈ সেৱন কৰিব ? 

ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা নিতৌ খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী ৷ চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে কোনেও দিনটোত ডাঙৰ আকৃতিৰ নহৰু তিনিফুটাতকৈ বেচি নাখায় যেন ৷  মছলা হিচাবে নহৰুৰ আদাৰ সৈতে অতি সুন্দৰ সংমিশ্ৰণ; যাক মাংস,মাছ, কণী বা আন তৰকাৰীৰ সৈতে মিহলাই ৰন্ধা হয় ৷ নহৰুৰ আচাৰ, চুপ আদিও বনোৱা হয় আৰু পিজ্জাৰ টপিং দিবৰ বাবে ব্যৱহাৰ কৰা হয় ৷

আকৌ  বহুতে নহৰু সৰু সৰুকৈ কূটি কম তেলত ৰঙচুৱাকৈ ভাজি জুতি লগাই খায় ৷ স্বাস্থ্যৰ দিশত কেঁচা নহৰু বেচি উপযোগী ৷ ৰাতিপুৱা খালি পেটত নহৰু খাব পাৰে ৷ কিবা অসুবিধা পালে দিনটোৰ যি কোনো সময়তে নহৰু খাব পাৰে ৷ বজাৰত নহৰুৰ কেপচুল আৰু নহৰুৰ তেল উপলব্ধ ৷

নহৰুৰ উপকাৰিতাসমূহ জানেনে ?

কি কি লাগতিয়াল তত্ব নহৰুত থাকে ?

নহৰুত থকা আটাইতকৈ লাগতিয়াল  তত্ববিধ হ’ল চালফাৰযুক্ত এলিচিন (Allicin – diallyl disulphide oxide) – যাৰ অতুলনীয় এন্টিঅক্সিডেন্ট গুণৰ বাবে আমাৰ শৰীৰ নানা ধৰণে উপকৃত হয় ৷ নহৰুৰ বিশিষ্ট গোন্ধটোৰ কাৰণ এই চালফাৰ পদাৰ্থবিধ ৷ নহৰুত থকা খনিজসমূহ  হ’ল- আইৰণ, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম,  ফচফৰাচ, কেলচিয়াম ৷

ভিটামিন হ’ল-ভিটামিন-চি  আৰু  ভিটামিন-বি গোট (বি-১,বি-২,বি-৩,বি-৬, ফলেট) ; ইলেকট্ৰলাইট থাকে- চ’ডিয়াম আৰু প’টেচিয়াম ৷   ৷ ১০০গ্ৰাম নহৰুত শক্তি থাকে ১৫০কেলৰি, কাৰ্বোহাইড্ৰেট ৩৩গ্ৰাম, প্ৰটিন ৬.৩৬ গ্ৰাম, ফেট ৫০০মিলিগ্ৰাম আৰু ফাইবাৰ থাকে ২.১ গ্ৰাম ৷

নহৰুৰ  উপকাৰিতাসমূহৰ সৈতে অৱগত হওঁক :


• হৃদৰোগৰ পৰা সুৰক্ষা- নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে ৷ তেজৰ নলীত চৰ্বি (Atheroma) জমা হব নিদিয়ে ৷ নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায় ৷ গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে ৷
• উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে ৷

• তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে ৷ দুফুটা নহৰু আৰু অকণমান  নেমুৰস নিতৌ  পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয় ৷
• কৰ্কট ৰোগ প্ৰতিৰোধ – বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰ, মাল্টিপ’ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ ৷
• ইমিউনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয় ৷
• পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে ৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয় ৷
• নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে ৷
• ৰজোনিবৃত্তি হোৱা মহিলাৰ ইষ্ট্ৰোজেন হৰমোনত ক্ৰিয়া কৰি হাঁড়ক সুৰক্ষা দিয়ে ৷
• ডায়েবেটিচ ৰোগীৰ বাবে নহৰু উপকাৰী ৷
• হাঁড়ৰ বিষ (Osteoatrhritis) থকা ৰোগীৰ বাবে নহৰু উপকাৰী ৷
• চৰ্মৰোগ যেনে স্কেৰ’ডাৰ্মা আদিৰ চিকিৎসাত সহায়ক ৷
• লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয় ৷

নহৰুৰ উপকাৰিতাসমূহ জানেনে ?
অসমৰ গ্ৰাম্য চিকিৎসাত নহৰুৰ ভূমিকা : –


কেইটিমান থলুৱা অসমীয়া চিকিৎসাৰ কথা নিলিখিলে নহৰুৰ ৰচনাখন অপূৰ্ণ হৈ ৰব ৷ তাৰে কেইটিমান উল্লেখনীয় হ’ল :-


• মিঠাতেলত নহৰু কেইফুটামান দি জুইত ভালদৰে তপতাব লাগে ৷ সেই তেল (‘চেঙা তেল’) নুশুকোৱা ঘাঁত লগাব লাগে ৷
• একেই চেঙা তেল নখচুকীয়াত দি চিকিৎসা কৰা হয় ৷ নহৰুৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ ইয়াৰ দ্বাৰা সিদ্ধ হয় ৷
• গাৰ বিষ,কঁকালৰ বিষ, খুন্দা খাই পোৱা বিষৰ উপশম ঘটাবলৈ গৰম নহৰু-মিঠাতলৰ মালিশ কৰিব লাগে ৷
• পানী লগা, চৰ্দিত গৰম নহৰু-মিঠাতলৰ মালিশ বুকু,নাক আৰু ডিঙিত কৰিব লাগে ৷
• নহৰু আৰু পদিনাৰ চাটনিয়ে আভোক আতৰ কৰে ৷

নহৰুৰ উপকাৰিতাসমূহ জানেনে ?

নহৰুৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা :


– নহৰু গৰ্ভৱতীৰ মহিলাৰ বাবেও উপকাৰী ৷ কিন্তু প্ৰসৱৰ সময়ৰ দুসপ্তাহমানৰ আগৰ পৰা নহৰু খোৱা বন্ধ ৰাখিব লাগে ৷ মেৰিলেণ্ড ইউনিভাৰ্চিটিৰ এটি সতৰ্কবাণীত কোৱা হৈছে যাতে প্ৰসৱ কালত বা যি কোনো অপাৰেচনৰ সময়ত অতিৰিক্ত ৰক্তক্ষৰণ নহয় ৷

-আন আন লোকেও অপাৰেচনৰ সময়চোৱাত নহৰু খোৱা একে কাৰণত বন্ধ ৰাখিব ৷

– কোনো কোনো হাপানি ৰোগীৰ অসুখ বেচি হোৱা দেখিলে নহৰু খোৱা বন্ধ কৰিব ৷

– কেঁচা নহৰু চোবাই খোৱাৰ পিছত মুখৰ গোন্ধ বেচ কিছুপৰ থাকিব পাৰে ৷   তেনেস্থলত  নহৰু দিনৰ পৰিবৰ্তে ৰাতি খাব ৷

– কাচিৎ কোনো কোনো জনৰ নহৰুৰ পাৰ্শ্বক্ৰিয়া হিচাবে বমি,ওকালি বা ডায়েৰিয়া হব পাৰে ৷

July, 2021

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: নহৰুলহচুন
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
July 7, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

June 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026
Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d