• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, November 14, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি

গৌতম শৰ্মা

by Anjan Sarma
December 15, 2022
in Heritage, Tech
Reading Time: 2 mins read
0
পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ পুখুৰী খনন প্ৰযুক্তি

গৌতম শৰ্মা

পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
গৌতম শৰ্মা

ৰাজ্যখনৰ বহুঠাইত আজিও মাজে-সময়ে পুৰণি অসমত খন্দোৱা বহু ঐতিহাসিক পুখুৰীৰ সম্ভেদ পোৱা যায়।

বিবর্তিত সময়ৰ পাকচক্ৰত পৰি বহু এনে পুৰণি পুখুৰী কালৰ বুকুত চিৰদিনৰ বাবে নিঃশেষ হৈ গ’লেও এতিয়াও তেনে বহু পুখুৰী কিন্তু অক্ষত অৱস্থাতো আছে।

RelatedPosts

Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit

Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit

October 6, 2025
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

September 28, 2025
অসমৰ শৈল-চিত্ৰকলা

অসমৰ শৈল-চিত্ৰকলা

August 29, 2025

প্ৰাচীন অসমত ৰাজত্ব কৰা বিভিন্ন ৰাজবংশৰ ৰজাসকলৰ লগতে মধ্যযুগৰ অসমত ৰাজত্ব কৰা আহোম, কোচ, চুতীয়া, কছাৰী, ভূঞা আদি ভিন্ন ৰাজবংশীয় ৰজাসকলেও এনেবোৰ ঐতিহাসিক পুখুৰী খন্দোৱাইছিল; বিশেষকৈ এইক্ষেত্ৰত আহোম ৰজাসকলৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

মূলতঃ সৰ্বসাধাৰণ ৰাইজক খোৱাপানী যোগান, যুদ্ধ জয়ৰ চিনস্বৰূপে, ৰাজ্যখণ্ডৰ সীমা নিৰ্ধাৰণত, খেতি-পথাৰলৈ পানীযোগান অৰ্থাৎ জলসিঞ্চন ব্যৱস্থাৰ উন্নতি, জীৱ-জন্তুৰ লগতে ৰাজহুৱা কামত সকলোৱে ব্যৱহাৰ কৰা, সৌন্দৰ্যবৰ্দ্ধন, প্ৰতিৰক্ষা, ৰজা বা ৰাজপৰিয়ালৰ লোকৰ স্মৃতি ৰক্ষার্থে আদিকে কৰি বিভিন্ন কাৰণত পুৰণি অসমত বহু ঠাইত বহু পুখুৰী খন্দোৱা হৈছিল।

এইক্ষেত্ৰত প্ৰাচীন অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ ৰজা হজৰবৰ্মনে বৰ্তমানৰ শোণিতপুৰ আৰু আগৰ তেজপুৰ চহৰৰ আশে-পাশে এখন ৰাজধানী পাতি এটা পুখুৰী খান্দিছিল বুলি আমাক ইতিহাসে কয়। হজৰবৰ্মনে নিৰ্মাণ কৰা আৰু খন্দোৱা সেই বিশেষ ঠাইখনক তেওঁৰ নামানুসৰী হজৰাপাৰ আৰু পুখুৰীটোক হজৰপুখুৰী নামেৰে আজিকোপতি জানি অহা হৈছে। উল্লেখ্য যে, প্ৰাচীন এই হজৰপুখুৰীয়েই হৈছে এতিয়ালৈকে আৱিষ্কৃত অক্ষত অতি পুৰণি পুখুৰী।

মধ্যযুগৰ অসমত ৰাজত্ব কৰা ৰাজবংশবোৰৰ ভিতৰত পুখুৰী খনন প্ৰযুক্তিলৈ অত্যাধিক গুৰুত্ব দিছিল আহোম ৰজাসকলে। তেওঁলোকে পৰম্পৰাগত হ’লেও অতি অত্যাধুনিক কৌশলগত প্ৰক্ৰিয়াৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কিছুমান পুখুৰী খন্দোৱাৰ কাম শুভাৰম্ভ কৰিছিল। যিবোৰ পুৰণি তথা আহোম ৰজাদিনীয়া পুখুৰীয়ে ছশ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱৰ প্ৰতীক হিচাপে এতিয়াও থিয় দি আছে।

সেইসমূহৰ ভিতৰত সততে আমাৰ মনলৈ অহা বিখ্যাত পুখুৰীকেইটা হৈছে মাটিকালি ফালৰ পৰা পাৰৰ সৈতে ২৫৭ একৰ আৰু পানীত ১৫০ একৰ শিৱসাগৰ পুখুৰী, পাৰৰ সৈতে ৩১৮ একৰ আৰু পানীত ১৫৫ একৰ জয়সাগৰ পুখুৰী; পাৰৰ সৈতে ২৯৩ একৰ আৰু পানীত ১৫০ একৰ গৌৰীসাগৰ পুখুৰী। ঐতিহাসিক শিৱসাগৰৰ চহৰৰ গাতে লাগি থকা আজিও অক্ষত অৱস্থাত থকা এই বিখ্যাত পুখুৰীকেইটাই সদায় আমাক  হাতবাউল দি মাতে।

এইকেইটা বিশেষ পুখুৰীৰ উপৰিও পুৰণি অসমত বিভিন্ন ঠাইত, বিভিন্ন কাৰণত খন্দোৱা অন্য কেতবোৰ অতি জনপ্ৰিয় পুখুৰী আছিল ক্ৰমে- পদুম পুখুৰী, বামুণ পুখুৰী, গণক পুখুৰী, নাগশংকৰ পুখুৰী, দীঘলী পুখুৰী, ডিমৌ পুখুৰী, মিঠা পুখুৰী, ৰাধা পুখুৰী, লিগিৰী পুখুৰী, লেতেকুপুখুৰী, কলিয়াবৰ পুখুৰী, বগীদ’ল পুখুৰী, ৰহঢলা পুখুৰী, ৰূপহী পুখুৰী ইত্যাদি। এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল হ’ব যে, বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা এইসমূহ পুৰণি অসমৰ পুখুৰীক একমাত্ৰ আহোম ৰজাসকলৰ সৈতে সংযুক্ত কৰি ৰজাদিনীয়া পুখুৰী হিচাপে আমি নামকৰণ কৰিলে কিন্তু ভুল হ’ব।

পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
জয়সাগৰ পুখুৰী image: tourmyindia.com

যি নহওক, ৰাজ্যখনৰ ভিন্ন ঠাইত সিঁচৰিত এই এই পুৰণি পুখুৰীবোৰৰ খনন প্ৰযুক্তি আছিল অতি উচ্চ মানৰ। যি প্ৰযুক্তিগত কৌশল দেখি ঊনিবিংশ শতিকাৰ আগভাগত অসমলৈ অহা ব্ৰিটিছ প্ৰতিনিধিসকলে তবধ মানিছিল। বুৰঞ্জীবিদ ড° লীলা গগৈ দেৱে পুৰণি অসমৰ বিশেষকৈ আহোম যুগৰ পুখুৰী খনন প্ৰযুক্তিৰ বিষয়ে তেখেতৰ এটি প্ৰবন্ধত এনেদৰে উল্লেখ কৰি গৈছে- “আহোম যুগত আহোম প্ৰশাসনৰ অধীনত থলুৱা প্ৰক্ৰিয়াৰে ৰসায়ন শাস্ত্ৰৰ কথা আৰু কাম নিয়ন্ত্ৰণ কৰিবলৈ ৰসেন্দ্ৰ বৰুৱা নামেৰে এজন বিষয়াক নিয়োগ কৰা হৈছিল। আনহাতে মাটিৰ গুণাগুণ পৰীক্ষা কৰি ঠাই নিৰ্বাচন কৰিবলৈকো  দৰৱধৰা বৰুৱা নামেৰে আন এজন বিষয়া আছিল।

তদুপৰি মাটি চেলেকা বৰুৱা নামৰ আন এজন বিষয়া আছিল। এই তিনিওজনৰ সন্মিলিত প্ৰচেষ্টাত পুখুৰীৰ স্থান নিৰ্বাচন, নাদ খনন আৰু পাৰা স্থাপন কৰা হৈছিল। নাদৰ মুখেদি যাতে হো-হোকৈ পানী ওলাই আহিব নোৱাৰে সেইবাবে নাদৰ মুখত কাঠৰ ঠিলা কৰি পানী নিয়মীয়াকৈ ওলাই আহিব পৰাকৈ দিয়া হৈছিল। উঁহৰ পানী অধিককৈ ওলালে পানী উপচি বয়। সেইবাবে প্ৰত্যেক পুখুৰীতে পানী ওলাই যাবলৈ ধোন্দ দিয়া থাকে।”

উল্লেখযোগ্য যে, পুৰণি অসমত পুখুৰীবোৰ খান্দিবলৈ বিশেষকৈ উঁহ বা পুং কেনেকৈ বাছি উলিয়াব পাৰি সেই সম্পৰ্কে দুটা প্ৰখ্যাত পৰম্পৰাগত মতবাদ আছিল বুলি লেখক দেৱেশ্বৰ বৰুৱাই তেখেতৰ ‘ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সংক্ষিপ্ত ইতিহাস’ গ্ৰন্থখনত উল্লেখ কৰিছে। ইয়াৰে প্ৰথমটো অনুসৰি, পুখুৰী খান্দিবলৈ নিৰ্বাচন কৰা ঠাইখনৰ মাটিখিনিক প্ৰথমে মাটি চেলেকা বৰুৱাৰ তত্ত্বাৱধানত চেলেকি চাই সেই ঠাইৰ মাটিৰ গুণাগুণ ঠিক পালে তাত আন্ধাৰ ৰাতি মিঠাতেলৰ চাকিবোৰ জ্বলোৱা হৈছিল। এনে জ্বলোৱা চাকিবোৰ বতাহ নবলাৰ পিছতো লগতে চাকিৰ তেল থকা স্বত্বেও য’তেই চাকিবোৰ নুমাইছিল তাতেই একোটাকৈ খুঁটি পোতা হৈছিল।

ইয়াৰ পিছত অন্য এটা ডাঙৰ চাকি জ্বলাই আগেয়ে পোতা খুঁটিবিলাকৰ ঠাইত দিলে যি ঠাইত এই ডাঙৰ চাকিটো নুমাই গৈছিল তাতেই পানীৰ উঁহ বা পুং থকাটো প্ৰমাণিত হৈছিল; আৰু সেই ঠাইখনতেই শেষত পুখুৰী খন্দা হৈছিল।  অন্যহাতেদি প্ৰচলিত আনটো পৰম্পৰাগত মতবাদৰ মতে, নৰা বগৰীৰ ঠাল এটা প্ৰায় এহাতমান দীঘলকৈ ক‍ঁৰালি সমতলৰ সমান্তৰালভাৱে অৰ্থাৎ আনুভূতিকভাৱে বুকুত লগাই লৈ নিৰ্বাচিত ঠাইখনত খোজকাঢ়ি ফুৰিলে হঠাতে বৈদ্যুতিক গতিৰে ঠালটো যি ঠাইত উলম্ব হৈ পৰে, সেই ঠাইতেই পানীৰ উঁহ হা পুং থকাটো গম পোৱা যায়; আৰু সেইখিনি ঠায়েই পুখুৰী খননৰ উপযুক্ত ঠাই হিচাপে বিবেচিত হৈছিল।

পুৰণি অসমত খন্দোৱা পুখুৰীসমূহৰ প্ৰযুক্তিগত ক্ষেত্ৰত মনকৰিবলগীয়া অন্য এক প্ৰধান দিশ আছিল ৰহ বা পাৰা ঢলা কাৰ্য। বিশেষকৈ যিবোৰ ঠাইত পুখুৰী খান্দিলে চাফা বা ব্যৱহাৰযোগ্য পানী পোৱা নগৈছিল তেনেবোৰ ঠাইত পুখুৰীত নাগফুটাই ৰহ ঢলা হৈছিল। এই নাগফুটাই কৰা নাগমাৰিডাল শালকাঠেৰে তৈয়াৰী। আগৰ পৰা গুৰিলৈকে গছত লতাই খামুচি বগাই যোৱাদি লোৰ (পানী যোৱা ঠাই) কৰা হৈছিল; সেই লোৰেদিয়েই পুং বা উঁহৰ পৰা পানী নিয়মীয়াকৈ ওপৰলৈ ওলাই আহিছিল। পুঙৰ পৰা পানীয়ে একো বাধা নোপোৱাকৈ সৰকি আহিব পৰাকৈ এটা তামৰ পাত্ৰত শালকাঠৰ নাগমাৰি বহুৱাই লৈ ৰহ ঢলা হৈছিল।

কেতিয়াবা আকৌ এই ৰহৰ পৰিৱৰ্তে এঙাৰ আৰু শিলগুটি আদি দিয়া হৈছিল। তামৰ পাত্ৰত ৰহখিনি সহজে লাগি ধৰে। বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই উল্লেখ কৰা মতে, পুখুৰীৰ তলত এনেকৈ ৰহ স্থাপন কৰাৰ ফলত পানীৰ গতি নিয়মিত আৰু স্বচ্ছ হয়। লগতে পুখুৰীৰ পানী লেতেৰা কৰিব পৰা জলজ উদ্ভিদো কম হয়।  আহোম যুগত এনেকৈ ৰহ ঢালি খন্দোৱা পুখুৰীবোৰক সাধাৰণতে ৰহঢলা পুখুৰী নামেৰে জনা গৈছে। অসম বুৰঞ্জীত অতি প্ৰখ্যাত এই ৰহঢলা শব্দৰে আজিও বহু ঠাইত এনে বহু ঐতিহাসিক পুখুৰী পোৱা যায়। সেইসমূহৰ ভিতৰত গোলাঘাট জিলাৰ ঢেকিয়ালৰ বিখ্যাত ৰহঢলা পথাৰৰ কাষতে থকা সংকটাপন্ন ৰহঢলা পুখুৰীকেইটা এই শ্ৰেণীৰ পুখুৰীৰ উৎকৃষ্টতম নিদৰ্শন।

পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
শিৱসাগৰ পুখুৰী Image: wikipedia.org

পুৰণি অসমত খন্দোৱা ৰজাদিনীয়া পুখুৰীবোৰৰ অন্য এক বিশেষত্ব আছিল ইয়াৰ নিৰ্মাণৰ সুদৃঢ় ৰূপটো। যিটো সেই যুগৰ পুখুৰী খননৰ প্ৰযুক্তিগত দিশত প্ৰভাৱ বিস্তাৰ কৰিছিল। সেই অনুসৰি, বহু পুখুৰীৰ পাৰবোৰ ওখ আৰু মজবুতকৈ বন্ধা হৈছিল। ভিতৰৰ ফালে তিনি-চাৰি খাপমান খান্দি বাহিৰে দ খাৱৈ খান্দি হাতীৰে গছকাই পুখুৰীৰ পাৰবোৰ মজবুত কৰা হৈছিল। যিবোৰ দিশে পুৰণি অসমৰ পুখুৰী খনন প্ৰযুক্তিত সেইসময়ৰ লোকসকলৰ উচ্চ প্ৰযুক্তিগত জ্ঞানৰ কথাকেই আমাক কয়।

প্ৰসংগক্ৰমে, লেখনিৰ শেষত উল্লেখ কৰিব খুজিছোঁ যে, পৰিৱৰ্তিত প্ৰেক্ষাপট, প্ৰাকৃতিক বা ভৌগোলিক ককাৰক, বেদখল, ঐতিহ্য সংৰক্ষণৰ প্ৰতি থকা আমাৰ চূড়ান্ত অনীহা আৰু অজ্ঞতা আদিৰ ফলত আমাৰ চৌপাশে ইতিমধ্যে বহুবোৰ ঐতিহাসিক পুখুৰী কালৰ বুকুত নিশ্চিহ্ন হৈ গৈছে; ইয়াৰ সমান্তৰালকৈ বহুবোৰ পুখুৰীয়ে মৃত্যুৰ ক্ষণ গণিছে। যিটো দিশত চোৱাচিতা কৰাৰ আজি বিশেষ সময় আহি পৰিছে।  বহু গৌৰৱময় ইতিহাস, ঐতিহ্য, সভ্যতা, সংস্কৃতি উত্থানৰ বহু কাহিনী বিজড়িত পুৰণি অসমৰ এনেবোৰ আপুৰুগীয়া সম্পদক সংৰক্ষণ কৰাৰ প্ৰৱণতা অচিৰেই সকলোৱে গঢ়ি তোলো আহক।

লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: +৯১৯৯৫৪০০০২০০

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

 

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
Anjan Sarma

Anjan Sarma

Related Posts

Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit
Tech

Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit

by Editor
October 6, 2025
0

Reimagining Space Access: How HyImpulse Is Democratizing the Way to Orbit At an exclusive gathering hosted by the Gütermann Family...

Read moreDetails
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

September 28, 2025
অসমৰ শৈল-চিত্ৰকলা

অসমৰ শৈল-চিত্ৰকলা

August 29, 2025
Data breach and masking of data

তথ্য-শোষণ ! আমাৰ তথ্য–আমাৰ অধিকাৰ

August 28, 2025
India’s IT Revolution: Story of India’s Journey from Colonial Rule to Digital Leader

India’s IT Revolution: Story of India’s Journey from Colonial Rule to Digital Leader

August 16, 2025
মাজুলীত জনজাতীয় পৰ্যটনৰ সম্ভাৱনা

Indigenous Knowledge At The Intersection of Culture and Conservation

August 9, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

Can Brazil Balance Oil, Forests, and Climate Leadership as COP30 Begins?

November 11, 2025
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংশীদাৰী মহাবিদ্যালয় হিচাপে আৰম্ভ হওক বজালী মহাবিদ্যালয়

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অংশীদাৰী মহাবিদ্যালয় হিচাপে আৰম্ভ হওক বজালী মহাবিদ্যালয়

November 10, 2025
The Titanic: Why did it take 73 years to find the Titanic after it Sank?

The Titanic: Why did it take 73 years to find the Titanic after it Sank?

November 10, 2025
নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

নাগা ভদ্ৰলোক, খাউণ্ড, মহৰ্ষি ভৃগু, তিৰুপতিৰ বালাজী আৰু ঋণগ্ৰস্ত অসম!

November 10, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    16345 shares
    Share 6538 Tweet 4086
  • কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

    868 shares
    Share 347 Tweet 217
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3157 shares
    Share 1263 Tweet 789
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    8257 shares
    Share 3303 Tweet 2064
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2827 shares
    Share 1131 Tweet 707
  • সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতত ব্ৰহ্মপুত্ৰ

    1221 shares
    Share 488 Tweet 305
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    720 shares
    Share 288 Tweet 180
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    561 shares
    Share 224 Tweet 140
  • জুবিন গাৰ্গ: মায়াবিনী ৰাতিৰ বুকুত জিলিকা তৰাৰ জীৱন-দীপিতি

    134 shares
    Share 54 Tweet 34
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    3650 shares
    Share 1460 Tweet 913
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d