• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি

গৌতম শৰ্মা

by Anjan Sarma
December 15, 2022
in Heritage, Tech
Reading Time: 2 mins read
0
পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
Share on FacebookShare on TwitterShare on LinkedIn

অসমৰ পুখুৰী খনন প্ৰযুক্তি

গৌতম শৰ্মা

পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
গৌতম শৰ্মা

ৰাজ্যখনৰ বহুঠাইত আজিও মাজে-সময়ে পুৰণি অসমত খন্দোৱা বহু ঐতিহাসিক পুখুৰীৰ সম্ভেদ পোৱা যায়।

বিবর্তিত সময়ৰ পাকচক্ৰত পৰি বহু এনে পুৰণি পুখুৰী কালৰ বুকুত চিৰদিনৰ বাবে নিঃশেষ হৈ গ’লেও এতিয়াও তেনে বহু পুখুৰী কিন্তু অক্ষত অৱস্থাতো আছে।

প্ৰাচীন অসমত ৰাজত্ব কৰা বিভিন্ন ৰাজবংশৰ ৰজাসকলৰ লগতে মধ্যযুগৰ অসমত ৰাজত্ব কৰা আহোম, কোচ, চুতীয়া, কছাৰী, ভূঞা আদি ভিন্ন ৰাজবংশীয় ৰজাসকলেও এনেবোৰ ঐতিহাসিক পুখুৰী খন্দোৱাইছিল; বিশেষকৈ এইক্ষেত্ৰত আহোম ৰজাসকলৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

মূলতঃ সৰ্বসাধাৰণ ৰাইজক খোৱাপানী যোগান, যুদ্ধ জয়ৰ চিনস্বৰূপে, ৰাজ্যখণ্ডৰ সীমা নিৰ্ধাৰণত, খেতি-পথাৰলৈ পানীযোগান অৰ্থাৎ জলসিঞ্চন ব্যৱস্থাৰ উন্নতি, জীৱ-জন্তুৰ লগতে ৰাজহুৱা কামত সকলোৱে ব্যৱহাৰ কৰা, সৌন্দৰ্যবৰ্দ্ধন, প্ৰতিৰক্ষা, ৰজা বা ৰাজপৰিয়ালৰ লোকৰ স্মৃতি ৰক্ষার্থে আদিকে কৰি বিভিন্ন কাৰণত পুৰণি অসমত বহু ঠাইত বহু পুখুৰী খন্দোৱা হৈছিল।

এইক্ষেত্ৰত প্ৰাচীন অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ ৰজা হজৰবৰ্মনে বৰ্তমানৰ শোণিতপুৰ আৰু আগৰ তেজপুৰ চহৰৰ আশে-পাশে এখন ৰাজধানী পাতি এটা পুখুৰী খান্দিছিল বুলি আমাক ইতিহাসে কয়। হজৰবৰ্মনে নিৰ্মাণ কৰা আৰু খন্দোৱা সেই বিশেষ ঠাইখনক তেওঁৰ নামানুসৰী হজৰাপাৰ আৰু পুখুৰীটোক হজৰপুখুৰী নামেৰে আজিকোপতি জানি অহা হৈছে। উল্লেখ্য যে, প্ৰাচীন এই হজৰপুখুৰীয়েই হৈছে এতিয়ালৈকে আৱিষ্কৃত অক্ষত অতি পুৰণি পুখুৰী।

মধ্যযুগৰ অসমত ৰাজত্ব কৰা ৰাজবংশবোৰৰ ভিতৰত পুখুৰী খনন প্ৰযুক্তিলৈ অত্যাধিক গুৰুত্ব দিছিল আহোম ৰজাসকলে। তেওঁলোকে পৰম্পৰাগত হ’লেও অতি অত্যাধুনিক কৌশলগত প্ৰক্ৰিয়াৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কিছুমান পুখুৰী খন্দোৱাৰ কাম শুভাৰম্ভ কৰিছিল। যিবোৰ পুৰণি তথা আহোম ৰজাদিনীয়া পুখুৰীয়ে ছশ বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱৰ প্ৰতীক হিচাপে এতিয়াও থিয় দি আছে।

সেইসমূহৰ ভিতৰত সততে আমাৰ মনলৈ অহা বিখ্যাত পুখুৰীকেইটা হৈছে মাটিকালি ফালৰ পৰা পাৰৰ সৈতে ২৫৭ একৰ আৰু পানীত ১৫০ একৰ শিৱসাগৰ পুখুৰী, পাৰৰ সৈতে ৩১৮ একৰ আৰু পানীত ১৫৫ একৰ জয়সাগৰ পুখুৰী; পাৰৰ সৈতে ২৯৩ একৰ আৰু পানীত ১৫০ একৰ গৌৰীসাগৰ পুখুৰী। ঐতিহাসিক শিৱসাগৰৰ চহৰৰ গাতে লাগি থকা আজিও অক্ষত অৱস্থাত থকা এই বিখ্যাত পুখুৰীকেইটাই সদায় আমাক  হাতবাউল দি মাতে।

এইকেইটা বিশেষ পুখুৰীৰ উপৰিও পুৰণি অসমত বিভিন্ন ঠাইত, বিভিন্ন কাৰণত খন্দোৱা অন্য কেতবোৰ অতি জনপ্ৰিয় পুখুৰী আছিল ক্ৰমে- পদুম পুখুৰী, বামুণ পুখুৰী, গণক পুখুৰী, নাগশংকৰ পুখুৰী, দীঘলী পুখুৰী, ডিমৌ পুখুৰী, মিঠা পুখুৰী, ৰাধা পুখুৰী, লিগিৰী পুখুৰী, লেতেকুপুখুৰী, কলিয়াবৰ পুখুৰী, বগীদ’ল পুখুৰী, ৰহঢলা পুখুৰী, ৰূপহী পুখুৰী ইত্যাদি। এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল হ’ব যে, বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা এইসমূহ পুৰণি অসমৰ পুখুৰীক একমাত্ৰ আহোম ৰজাসকলৰ সৈতে সংযুক্ত কৰি ৰজাদিনীয়া পুখুৰী হিচাপে আমি নামকৰণ কৰিলে কিন্তু ভুল হ’ব।

পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
জয়সাগৰ পুখুৰী image: tourmyindia.com

যি নহওক, ৰাজ্যখনৰ ভিন্ন ঠাইত সিঁচৰিত এই এই পুৰণি পুখুৰীবোৰৰ খনন প্ৰযুক্তি আছিল অতি উচ্চ মানৰ। যি প্ৰযুক্তিগত কৌশল দেখি ঊনিবিংশ শতিকাৰ আগভাগত অসমলৈ অহা ব্ৰিটিছ প্ৰতিনিধিসকলে তবধ মানিছিল। বুৰঞ্জীবিদ ড° লীলা গগৈ দেৱে পুৰণি অসমৰ বিশেষকৈ আহোম যুগৰ পুখুৰী খনন প্ৰযুক্তিৰ বিষয়ে তেখেতৰ এটি প্ৰবন্ধত এনেদৰে উল্লেখ কৰি গৈছে- “আহোম যুগত আহোম প্ৰশাসনৰ অধীনত থলুৱা প্ৰক্ৰিয়াৰে ৰসায়ন শাস্ত্ৰৰ কথা আৰু কাম নিয়ন্ত্ৰণ কৰিবলৈ ৰসেন্দ্ৰ বৰুৱা নামেৰে এজন বিষয়াক নিয়োগ কৰা হৈছিল। আনহাতে মাটিৰ গুণাগুণ পৰীক্ষা কৰি ঠাই নিৰ্বাচন কৰিবলৈকো  দৰৱধৰা বৰুৱা নামেৰে আন এজন বিষয়া আছিল।

তদুপৰি মাটি চেলেকা বৰুৱা নামৰ আন এজন বিষয়া আছিল। এই তিনিওজনৰ সন্মিলিত প্ৰচেষ্টাত পুখুৰীৰ স্থান নিৰ্বাচন, নাদ খনন আৰু পাৰা স্থাপন কৰা হৈছিল। নাদৰ মুখেদি যাতে হো-হোকৈ পানী ওলাই আহিব নোৱাৰে সেইবাবে নাদৰ মুখত কাঠৰ ঠিলা কৰি পানী নিয়মীয়াকৈ ওলাই আহিব পৰাকৈ দিয়া হৈছিল। উঁহৰ পানী অধিককৈ ওলালে পানী উপচি বয়। সেইবাবে প্ৰত্যেক পুখুৰীতে পানী ওলাই যাবলৈ ধোন্দ দিয়া থাকে।”

উল্লেখযোগ্য যে, পুৰণি অসমত পুখুৰীবোৰ খান্দিবলৈ বিশেষকৈ উঁহ বা পুং কেনেকৈ বাছি উলিয়াব পাৰি সেই সম্পৰ্কে দুটা প্ৰখ্যাত পৰম্পৰাগত মতবাদ আছিল বুলি লেখক দেৱেশ্বৰ বৰুৱাই তেখেতৰ ‘ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সংক্ষিপ্ত ইতিহাস’ গ্ৰন্থখনত উল্লেখ কৰিছে। ইয়াৰে প্ৰথমটো অনুসৰি, পুখুৰী খান্দিবলৈ নিৰ্বাচন কৰা ঠাইখনৰ মাটিখিনিক প্ৰথমে মাটি চেলেকা বৰুৱাৰ তত্ত্বাৱধানত চেলেকি চাই সেই ঠাইৰ মাটিৰ গুণাগুণ ঠিক পালে তাত আন্ধাৰ ৰাতি মিঠাতেলৰ চাকিবোৰ জ্বলোৱা হৈছিল। এনে জ্বলোৱা চাকিবোৰ বতাহ নবলাৰ পিছতো লগতে চাকিৰ তেল থকা স্বত্বেও য’তেই চাকিবোৰ নুমাইছিল তাতেই একোটাকৈ খুঁটি পোতা হৈছিল।

ইয়াৰ পিছত অন্য এটা ডাঙৰ চাকি জ্বলাই আগেয়ে পোতা খুঁটিবিলাকৰ ঠাইত দিলে যি ঠাইত এই ডাঙৰ চাকিটো নুমাই গৈছিল তাতেই পানীৰ উঁহ বা পুং থকাটো প্ৰমাণিত হৈছিল; আৰু সেই ঠাইখনতেই শেষত পুখুৰী খন্দা হৈছিল।  অন্যহাতেদি প্ৰচলিত আনটো পৰম্পৰাগত মতবাদৰ মতে, নৰা বগৰীৰ ঠাল এটা প্ৰায় এহাতমান দীঘলকৈ ক‍ঁৰালি সমতলৰ সমান্তৰালভাৱে অৰ্থাৎ আনুভূতিকভাৱে বুকুত লগাই লৈ নিৰ্বাচিত ঠাইখনত খোজকাঢ়ি ফুৰিলে হঠাতে বৈদ্যুতিক গতিৰে ঠালটো যি ঠাইত উলম্ব হৈ পৰে, সেই ঠাইতেই পানীৰ উঁহ হা পুং থকাটো গম পোৱা যায়; আৰু সেইখিনি ঠায়েই পুখুৰী খননৰ উপযুক্ত ঠাই হিচাপে বিবেচিত হৈছিল।

পুৰণি অসমত খন্দোৱা পুখুৰীসমূহৰ প্ৰযুক্তিগত ক্ষেত্ৰত মনকৰিবলগীয়া অন্য এক প্ৰধান দিশ আছিল ৰহ বা পাৰা ঢলা কাৰ্য। বিশেষকৈ যিবোৰ ঠাইত পুখুৰী খান্দিলে চাফা বা ব্যৱহাৰযোগ্য পানী পোৱা নগৈছিল তেনেবোৰ ঠাইত পুখুৰীত নাগফুটাই ৰহ ঢলা হৈছিল। এই নাগফুটাই কৰা নাগমাৰিডাল শালকাঠেৰে তৈয়াৰী। আগৰ পৰা গুৰিলৈকে গছত লতাই খামুচি বগাই যোৱাদি লোৰ (পানী যোৱা ঠাই) কৰা হৈছিল; সেই লোৰেদিয়েই পুং বা উঁহৰ পৰা পানী নিয়মীয়াকৈ ওপৰলৈ ওলাই আহিছিল। পুঙৰ পৰা পানীয়ে একো বাধা নোপোৱাকৈ সৰকি আহিব পৰাকৈ এটা তামৰ পাত্ৰত শালকাঠৰ নাগমাৰি বহুৱাই লৈ ৰহ ঢলা হৈছিল।

কেতিয়াবা আকৌ এই ৰহৰ পৰিৱৰ্তে এঙাৰ আৰু শিলগুটি আদি দিয়া হৈছিল। তামৰ পাত্ৰত ৰহখিনি সহজে লাগি ধৰে। বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই উল্লেখ কৰা মতে, পুখুৰীৰ তলত এনেকৈ ৰহ স্থাপন কৰাৰ ফলত পানীৰ গতি নিয়মিত আৰু স্বচ্ছ হয়। লগতে পুখুৰীৰ পানী লেতেৰা কৰিব পৰা জলজ উদ্ভিদো কম হয়।  আহোম যুগত এনেকৈ ৰহ ঢালি খন্দোৱা পুখুৰীবোৰক সাধাৰণতে ৰহঢলা পুখুৰী নামেৰে জনা গৈছে। অসম বুৰঞ্জীত অতি প্ৰখ্যাত এই ৰহঢলা শব্দৰে আজিও বহু ঠাইত এনে বহু ঐতিহাসিক পুখুৰী পোৱা যায়। সেইসমূহৰ ভিতৰত গোলাঘাট জিলাৰ ঢেকিয়ালৰ বিখ্যাত ৰহঢলা পথাৰৰ কাষতে থকা সংকটাপন্ন ৰহঢলা পুখুৰীকেইটা এই শ্ৰেণীৰ পুখুৰীৰ উৎকৃষ্টতম নিদৰ্শন।

পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
শিৱসাগৰ পুখুৰী Image: wikipedia.org

পুৰণি অসমত খন্দোৱা ৰজাদিনীয়া পুখুৰীবোৰৰ অন্য এক বিশেষত্ব আছিল ইয়াৰ নিৰ্মাণৰ সুদৃঢ় ৰূপটো। যিটো সেই যুগৰ পুখুৰী খননৰ প্ৰযুক্তিগত দিশত প্ৰভাৱ বিস্তাৰ কৰিছিল। সেই অনুসৰি, বহু পুখুৰীৰ পাৰবোৰ ওখ আৰু মজবুতকৈ বন্ধা হৈছিল। ভিতৰৰ ফালে তিনি-চাৰি খাপমান খান্দি বাহিৰে দ খাৱৈ খান্দি হাতীৰে গছকাই পুখুৰীৰ পাৰবোৰ মজবুত কৰা হৈছিল। যিবোৰ দিশে পুৰণি অসমৰ পুখুৰী খনন প্ৰযুক্তিত সেইসময়ৰ লোকসকলৰ উচ্চ প্ৰযুক্তিগত জ্ঞানৰ কথাকেই আমাক কয়।

প্ৰসংগক্ৰমে, লেখনিৰ শেষত উল্লেখ কৰিব খুজিছোঁ যে, পৰিৱৰ্তিত প্ৰেক্ষাপট, প্ৰাকৃতিক বা ভৌগোলিক ককাৰক, বেদখল, ঐতিহ্য সংৰক্ষণৰ প্ৰতি থকা আমাৰ চূড়ান্ত অনীহা আৰু অজ্ঞতা আদিৰ ফলত আমাৰ চৌপাশে ইতিমধ্যে বহুবোৰ ঐতিহাসিক পুখুৰী কালৰ বুকুত নিশ্চিহ্ন হৈ গৈছে; ইয়াৰ সমান্তৰালকৈ বহুবোৰ পুখুৰীয়ে মৃত্যুৰ ক্ষণ গণিছে। যিটো দিশত চোৱাচিতা কৰাৰ আজি বিশেষ সময় আহি পৰিছে।  বহু গৌৰৱময় ইতিহাস, ঐতিহ্য, সভ্যতা, সংস্কৃতি উত্থানৰ বহু কাহিনী বিজড়িত পুৰণি অসমৰ এনেবোৰ আপুৰুগীয়া সম্পদক সংৰক্ষণ কৰাৰ প্ৰৱণতা অচিৰেই সকলোৱে গঢ়ি তোলো আহক।

লেখক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষক। ফোন: +৯১৯৯৫৪০০০২০০

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: পুৰণি অসমৰ পৰম্পৰাগত পুখুৰী খনন প্ৰযুক্তি
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

নাগৰিকৰ মগজু ‘হেক’ কৰা স্নায়ুৰাজনৈতিক বিশেষজ্ঞৰ এতিয়া জয়জয়াকাৰ!

July 17, 2026
EMPOWERING SUB-SAHARAN AFRICA: COMMUNITY-BASED HYBRID MICROGRIDS FOR RENEWABLE ENERGY ACCESS

EMPOWERING SUB-SAHARAN AFRICA: COMMUNITY-BASED HYBRID MICROGRIDS FOR RENEWABLE ENERGY ACCESS

July 3, 2026
ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

কামাখ্যা, যাৰ বিষয়ে আমি বহু কথাই নাজানো!

June 26, 2026
CHARAIDEO

World Heritage Day: Preserving Culture, Protecting Identity

April 18, 2026
AGRICULTURE : Smart solutions for high yield hydration

AGRICULTURE : Smart solutions for high yield hydration

April 12, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d