• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

মৰ্ত্যৰ অমৃত- মৌ

-ডাঃ ৰেইনী দেৱী

by Anjan Sarma
July 5, 2021
in Health, Lifestyle, Special Report
Reading Time: 2 mins read
0
honey on white bowl

Photo by Pixabay on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ ৰেইনী দেৱী |

মৰ্ত্যৰ_অমৃত_মৌ:- মৌ হৈছে মানৱ জাতিৰ বাবে  প্ৰকৃতিৰ এক অনবদ্য উপহাৰ। ৰঙ বিৰঙী বিবিধ ফুলৰ পৰা ৰেণু কঢ়িয়াই আনি মৌ মাখিয়ে অশেষ কষ্টেৰে এই অমৃৎস্বৰূপ ‘মৌ’ বা ‘মধু’ তৈয়াৰ কৰে। সোৱাদত মিঠা এই মৌৰ বহুতো  চমৎকাৰী গুণ আছে। প্ৰিয়জনৰ মুখৰ মিঠা মাতষাৰক ‘ মৌ সনা মিঠা মাত’ বুলি ৰিজনী দি কোৱা  কথাষাৰেই ইয়াৰ গুৰুত্ব সুন্দৰকৈ বুজাই দিয়ে। ‘মৌ’ শব্দটো ইমানেই মিঠা যে বিদেশত প্ৰিয়জনক মৰমেৰে ‘Honey’ বুলি মতা হয়। অতীতৰে পৰা শিশুক মৌ চেলেকাই দিয়া পৰম্পৰা চলি আহিছে । কান্দি থকা শিশুৰ জিভাত মাত্ৰ অকনমান মৌ চেলেকাই দিলে তৎক্ষণাত কান্দোন বন্ধ হৈ যায়। কেঁচুৱাৰ জিভা চাফা কৰোতেও মৌ ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ গৰ্ভৱতী স্ত্ৰীক পঞ্চামৃত খুৱাওঁতেও মৌ ব্যৱহাৰ কৰা হয়। প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত মধু বা মৌৰ বিষয়ে বিস্তৃত বিৱৰণ পোৱা যায়। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি মাক্ষিকা , ভ্ৰামৰ আদি কেইবাপ্ৰকাৰৰ মধু আছে। প্ৰত্যেকবিধ মৌৰ গুণাগুণ বেলেগ আৰু ভিন ভিন চিকিৎসাত ব্যৱহৃত হৈছিল। মৌৱে ত্ৰিদোষ ( বাত, পিত্ত, কফ) সাম্য অৱস্থাত ৰাখে। বহু আয়ুৰ্বেদিক ঔষধৰ লগত মৌক অনুপান ( as an adjuvent) হিচাবে খাবলৈ দিয়া হয়। ই ঔষধৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও মেদবহুলতা, কৌষ্ঠকাঠিন্য, নিদ্ৰাহীনতা, ৰক্তহীনতা, হাপানী আদি বিভিন্ন ৰোগ নিৰাময়ত মৌৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰম্পৰাগত চিকিৎসা পদ্ধতিত বহুতো ৰোগৰ চিকিৎসাত মৌৰ ব্যৱহাৰ হয়। শিশুসকলৰ কফজনীত সমস্যাত আদা, তুলসীৰ ৰসৰ লগত মৌ মিহলাই খাবলৈ দিয়া হয়। বৰ্তমান সময়ত স্বাস্থ্যসচেতন বহু লোকে চেনিৰ সলনি মৌ ব্যৱহাৰ কৰে। বিশেষকৈ ডায়েট প্লেনত থকা বহু লোকেই পুৱাই পুৱাই নেমুৰ ৰস আৰু মৌ মিহলি কুহুমীয়া পানীৰ সেৱন কৰে। ঠিক তেনেকৈ বিভিন্ন প্ৰকাৰৰ হাৰ্বেল টিত মৌ মিহলাই খোৱাটো এটা ফেশ্যনো হৈ পৰিছে। তদুপৰি সৌন্দৰ্য্য চর্চাতো মৌ ব্যৱহাৰ হয় ।  ছালৰ বাবে ক্লিনজাৰ, টনাৰ ( toner), মইচাৰাইজাৰ (moisturiser), মাস্ক হিচাবে বা চুলিৰ কণ্ডিচনাৰ হিচাবেও মৌৰ ব্যৱহাৰ হয়। বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন বনাওঁতেও মৌৰ ব্যৱহাৰ হয়। গ্লুকজ, ফ্ৰুক্টজ , প্ৰটিন,আইৰণ, কেলচিয়াম, এমিন’ এচিড, এনজাইম আৰু বিভিন্ন এন্টিঅক্সিডেন্ট সমৃদ্ধ মৌ অজস্ৰ গুনেৰে ভৰপূৰ। আমাৰ শৰীৰৰ বাবে অমৃৎস্বৰূপ এই মৌৰ উপকাৰীতাসমূহ হৈছে:-

🌺 বিভিন্ন এন্টিঅক্সিডেন্ট থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু জ্বৰ, কাহ  আদি বিভিন্ন সমস্যা প্ৰতিৰোধ কৰে।

🌺 কাহ, তনচিলাইটিছ, ফেৰিঞ্জাইটিছ , ব্ৰংকাইটিছ, হাপানী (asthma) আদিত মৌ উপকাৰী। এই ৰোগসমূহ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা ভিন ভিন ঔষধিৰ লগত মৌ দিয়া হয়। যেনে তুলসী পাতৰ ৰস, আদাৰ ৰস, শেৱালি পাতৰ ৰস আদিৰ লগত মৌ মিহলাই ৰোগীক খাবলৈ দিয়া হয়। মৌ দিয়াৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু ই ঔষধিৰ গুণাগুণো বৃদ্ধি কৰে। শিশুৰ কফজনীত সমস্যাত মৌ খুৱালে সুফল পোৱা যায়। সেয়েহে কফৰ বহু আয়ুৰ্বেদিক ঔষধ, লজেঞ্চ আদিত মৌ থাকে।

🌺 কৌষ্ঠকাঠিন্য সমস্যাতো মৌ উপকাৰী।

🌺 মৌৱে তেজ পৰিষ্কাৰ কৰে, ৰক্তহীনতা দূৰ কৰে।

🌺শিশুসকলৰ স্বাস্থ্য ৰক্ষাত মৌ উপকাৰী। ই শিশুৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে। যিসকল শিশুৰ ভোক কম লাগে তেওঁলোকক মৌ খুৱাব লাগে।

🌺 কলেষ্টৰলৰ সমস্যাতো মৌ উপকাৰী। শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড কম কৰে আৰু উপকাৰী HDL কলেষ্টৰল বৃদ্ধি কৰে। সেয়েহে মৌ হাৰ্টৰ বাবেও উপকাৰী।

🌺  মৌ মেদবহুলতাৰ সমস্যাত উপকাৰী। মৌ দি বনোৱা গ্ৰীণ টি, জিনজাৰ টি, লেমন টি, মিণ্ট টি ,ডালচিনি টি আদিয়ে মেদবহুলতা ৰোধ কৰে। কুহুমীয়া পানীৰ লগত নেমুৰ ৰস আৰু মৌ মিহলাই পোৱা খালি পেটত খালে পেটৰ চৰ্বি কম হয়।  ডালচেনিৰ গুৰিৰ লগত মৌ মিহলাই খালে ওজন কমি যোৱাত সহায় হয়। শাৰীৰিক পৰিশ্ৰম আৰু খাদ্যভ্যাসৰ ওপৰতো চকু দিব লাগিব।

🌺 মুখৰ ভিতৰত হোৱা ঘাঁত ( mouth ulcer) মৌ লগালেও সুফল পোৱা যায়। ইয়াত থকা জীৱাণুনাশক গুণৰ বাবে দেহত হোৱা বিভিন্ন সংক্ৰমণজনীত ৰোগত মৌ উপকাৰী।

🌺 নিদ্ৰাহীনতাত ( insomnia) ভোগা লোকৰ বাবেও মৌ উপকাৰী। কাৰণ ইয়াত থকা এবিধ এমিন এচিডে টোপনি অহাত সহায় কৰে। নিতৌ এগিলাচ কুহুমীয়া গাখীৰত এচামুছ মৌ মিহলাই শোৱাৰ আগত খালে সুফল পোৱা যায়।

🌺 মৌত থকা এন্টিঅক্সিডেন্টে ফ্ৰী ৰেদিকেলৰ প্রতিকূল প্ৰভাৱৰ পৰা বচাই ৰাখে আৰু সোনকালে বাৰ্ধক্য অহাত বাধা দিয়ে। ইয়াৰ উপৰিও বৃদ্ধ লোকৰ বাৰ্ধক্যজনীত বহু ৰোগ প্ৰতিৰোধ কৰাত মৌৱে সহায় কৰে ।

🌺 দাঁতৰ সুস্বাস্থ্যৰ বাবে মৌ উপকাৰী। চেনিয়ে দাঁতৰ ক্ষতি কৰে , কিন্তু মৌৱে দাঁতৰ উপকাৰহে কৰে।

🌺 এলাৰ্জিৰ সমস্যাত ভোগা লোকে নিতৌ এক চামুচ মৌ সেৱন কৰিলে সুফল পায়। ইয়াৰ লগতে পথ্য অপথ্যৰ ওপৰতো গুৰুত্ব দিয়া উচিত। যেনে কেঁচা হালধিৰ ৰস গাখীৰৰ লগত, মাজে মাজে তুলসীৰ পাত দুখিলা বা তিনিখিলাকৈ খালে এলাৰ্জিৰ সমস্যা বহুখিনি কমি যায়।

🌺 ষ্ট্ৰেছ কম কৰাতো মৌ উপকাৰী। মানসিক দুচিন্তা, উদ্বিগ্নতা আদি সমস্যাত ভোগা লোকে মৌ সেৱন কৰা উচিত।

🌺  মৌৱে পুৰুষ, স্ত্ৰীৰ যৌনক্ষমতা অটুট ৰখাত সহায় কৰে। ই স্ত্ৰী ,পুৰুষ উভয়ৰে হৰম’নসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

🌺 ছালৰ উজ্জ্বলতা বৃদ্ধি কৰা, শালমন , খজুৱতি আদি ছালৰ বিভিন্ন সমস্যা নিৰ্মূল কৰাত মৌ ব্যৱহাৰ কৰা হয়। মৌৰ লগত নেমুৰ ৰস মিহলাই লগালে ই ফেচৱাছৰ দৰে কাম কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও বিভিন্ন ফেচপেক, ফেচমাস্ক আদিতো মৌৰ ব্যৱহাৰ হয়।

🌺চুলিৰ সৌন্দৰ্য্য বৰ্ধন, উফিৰ সমস্যা, চুলি সৰা, চুলি ফটা  (split ends) সমস্যাত মৌ উপকাৰী। কণী , নাৰিকল তেল আদিৰ লগত  মৌ মাস্ক হিচাবে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। শ্বেম্পু কৰাৰ পিছত মৌ মিহলি পানীৰে চুলি খিনি ধুলে ই কণ্ডিচনাৰৰ দৰে কাম কৰে।

          উৎকৃষ্ট গুণসমৃদ্ধ মৌক সঁচাকৈয়ে অমৃতৰ লগত তুলনা কৰিব পাৰি। ইয়াৰ গুণসমূহৰ উপকাৰীতা লাভ কৰিবলৈ হ’লে বিশুদ্ধ মৌ সেৱন কৰিব লাগে। বজাৰত উপলব্ধ সকলো মৌ বিশুদ্ধ নহয়। তদুপৰি ঘৰে ঘৰে বিক্ৰী কৰিবলৈ অহা মৌজোলৰ বেপাৰীয়ে মানুহক ঠগাও দেখা পোৱা যায়। সেয়েহে মৌ কিনোতে অলপ সতৰ্কতা অৱলম্বন কৰা উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: মৌ
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

June 4, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

June 7, 2026
From universities to influence networks: Russia’s long-term strategy for India

From universities to influence networks: Russia’s long-term strategy for India

June 7, 2026
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34013 shares
    Share 13605 Tweet 8503
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15189 shares
    Share 6076 Tweet 3797
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    552 shares
    Share 221 Tweet 138
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3802 shares
    Share 1521 Tweet 951
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d