সংক্ষেপে: সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
অঞ্জন শৰ্মা
ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে বিভীষিকা। কিৰিলী মৃত্যুৰ। তেজৰ চেকুৰা।
সেইহেন পৰিস্থিতিত গুৱাহাটীত খোপনি পুতি ইংৰাজ ডেভিড স্কটে ঘোষণা কৰিলেঃ ” হে অসমৰ প্ৰজাসকল, আমি আপোনালোকৰ দেশ জয় কৰিবলৈ অহা নাই। সেই আকাংক্ষাও আমাৰ নাই। আমাৰ শত্ৰুক খেদি আপোনালোকৰ দেশ পাতিবলৈহে আহিছো…..
[ ঠিক যেন মোডীয়ে অসমৰ পৰা বাংলাদেশীক টালি-টোপোলা বান্ধিবলৈ দিয়া ঘোষণা বা ক’লা ধন উদ্ধাৰ কৰি প্ৰত্যেকৰে একাউন্টত ১৫ লাখকৈ টকা ভৰাই দিয়াৰ দৰে প্ৰতিশ্ৰুতি বা ৰাজনৈতিক ‘ঝুমলা’ অথবা অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে ৰূপায়ণ কৰা হ’ব বুলি গুজৰাটী অমিত শ্বাহে ভাৰতৰ গৃহমন্ত্ৰী হিচাপে কৰা ষড়যন্ত্ৰমূলক ‘মিছা’ ঘোষণা; আ:, কিমান যে হাততালি অসমীয়াৰ – সেইবোৰ ঘোষণা শুনি শুনি]!”
আহোমৰ ৰাজ্যখন ব্ৰহ্মদেশে ধ্বংস কৰি দিয়ালৈ লক্ষ্য ৰাখি ভৱিষ্যতে ইংৰাজৰ উপনিৱেশতো ব্ৰহ্মদেশৰ আক্ৰমণ হ’ব পাৰে বুলি শংকা কৰিয়েই ডেভিড স্কটৰ নিযুক্তিপত্ৰত স্বাক্ষৰ কৰা হৈছিল [ …Assam was conquered by the Burmese, and their aggressive spirit as manifested in their outrages committed in British districts, was viewed as a source of insecurity to the frontier of Bengal. Government had forseen that a rupture with the Burmese was inevitable, and it was therefore thought necessary that the conduct of the political relations and negotiations should be committed to “an officer of approved talents, judgement and experience.” On November 14, 1823, David Scott was appointed, in addition to his existing charge, Agent to the Governor General on the North East Frontier on a consolidated pay of Rupees 52,000 per year. His duties as Agent were thus defined in the Governor General’s minute to the Board: “He should exercise a general control and superintendence over our political relations and intercourse with the petty states in that quarter, including Sikkim, Bootan, Tibet, Cooch Behar, Bijnee, Assam, Cachar, Manipur and Jyntia, and other independent states.” – Captain Adam White’s “Memoir of the late David Scott”, published in 1832; and East India Company’s Bengal Civil Servants by H.T. Prinsep and R.C. Doss, 1844 ]
সেইহেন ডেভিড স্কটে ঘোষণা কৰিছিল যে তেওঁ অসম দেশ পাতিবলৈ আহিছে !
ঝুমলা !?
হয় সেয়াও ‘ঝুমলা‘ আছিল!!
বগা চাল, ইংৰাজী শব্দ, যেন সৰগৰ দেৱতা হে নামি আহিছিল অসমলৈ !
অসমৰ মানুহে পদুম ফুলৰ মাজত যিদৰে অসম নিৰ্মাণ কৰিবলৈ গুজৰাটৰ পৰা – দিল্লীৰ পৰা বিমানেৰে অসমলৈ নামি অহা দেৱতাবোৰক দেখি ঢলি পৰিছিল, আনন্দতে মতলীয়া হৈছিল, ডেভিড স্কটৰ ক্ষেত্ৰতো তেনে হৈছিল। তেতিয়া ৰায়বাহাদুৰ, ৰায়চাহাব খিতাপ দিছিল; ১৯৪৭ চনৰ পিছত আৰম্ভ কৰা হ’ল “পদ্ম“! সেইবোৰ পাবলৈ যে গোলাম সকলৰ কেনে হাবিয়াস !! কেনে লয়লাস বেলেৰিনা!
মূলতঃ ঝুমলা আৰু প্ৰতাৰণা ; আৰু অসমৰ মানুহে ৰ লাগি চাই আছিল – এতিয়াও যিদৰে চাই আছে। এইবোৰ, এই ৰ লাগি চাই থকা, মতলীয়া হৈ পৰা, ইত্যাদি, এই মুলুকৰ গোলামসকলৰ ‘ডি-এন-এ’ৰ সৈতে জড়িত বিষয় বুলি ডেভিড স্কটেও জানিছিল, পেটেল-নেহৰু-ইন্দিৰাইও জানিছিল, এতিয়া মোডী-ভাগৱতেও জানে। সেইবাবেই উচ্চাৰিত নহয় ৰঙামাটি – হাদিৰাচকী, উচ্চাৰিত নহয় ইয়ান্ডাবু, উচ্চাৰিত নহয় পৰাধীনতা।
প্ৰায় সকলোৱেই জপিয়াই থাকিল পাতত, শাখা-প্ৰশাখাত, কোনোৱেই শিপাৰ পৰা জ্ঞান আহৰণৰ প্ৰয়াস নকৰিলে! ডেভিড স্কটৰ দৰে নেহৰুৰ চালচটাও বগা আছিল বাবে তেওঁলৈও ৰ লাগি চাই ৰ’ল, শিপালৈ কোন যায়! কোনেও জ্ঞাননাথ বৰাৰ দৰে উদাত্ত কন্ঠেৰে একাষাৰো নকলে – ‘ ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়’ !
৬ বছৰ ধৰি আন্দোলন কৰি লক্ষ লক্ষ বিদেশীক বৰপীৰা পাৰি দিয়া এখন নিৰ্লজ্জ চুক্তি কৰি উঠাৰ পিছতো যোৱা ৩৯ বছৰে যিদৰে অসমক প্ৰতাৰণা কৰা হ’ল, যিদৰে ভাৰতবৰ্ষৰ উপনিৱেশ কৰি ৰখা হ’ল, আৰু মূল সমস্যা বা শিপাত প্ৰৱেশ ৰূদ্ধ কৰিবলৈ যিদৰে সময়ে সময়ে আই-এম-ডি-টি, কেব, কা, ৫ নং, ৬ নং, আদি কৰি কৰি অসমক বিধ্বস্ত কৰা হ’ল অসমৰ কিছুমান ফেউৰাৰ সহযোগত, মলুৱাৰ সহযোগত, ৰাজহাড়হীন প্ৰতাৰকৰ সহযোগত, একেদৰেই ৰঙামাটি, হাদিৰাচকী, ইয়ান্ডাবুক তল পেলাবলৈ গ্ৰুপিঙত অসমৰ মানুহক ব্যস্ত ৰখা হৈছিল কিছুমানৰ ষড়যন্ত্ৰত, আৰু এসময়ৰ গৰিমাময় দেশ কোচবিহাৰকো আতৰাই নি বঙ্গৰ অঙ্গ কৰি এখন জিলালৈ ৰূপান্তৰিত কৰি পেলোৱা হৈছিল।
যি কি নহওঁক, এতিয়া সেইবোৰ ফহিয়াবলৈ নাযাও। আমি আগবাঢ়ো আমাৰ গন্তব্যস্থললৈ।
ইতিহাসৰ সাধাৰণ জ্ঞান থকা সকলে জানে যে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখৰ ইয়ান্ডাবু সন্ধি স্বাক্ষৰিত হোৱাৰ পিছত কেৱল আহোম ৰাজত্বৰ অংশহে ইংৰাজৰ অধীন হৈছিল; অইন অংশ, অৰ্থাৎ গোৱালপাৰা, কামৰূপ, দৰং আদি কিছু বছৰ আগতেই মোগলৰ পৰা ইংৰাজৰ হাতলৈ গৈছিল। সেই অঞ্চলক মোগলেও ‘কোচ হাজো’ বুলিয়েই অভিহিত কৰিছিল।
কোচ হাজো অঞ্চলৰ একাংশ ১৭৫৭ চনৰ পলাশী যুদ্ধৰ পিছৰে পৰাই ইংৰাজৰ অধীন হৈছিল। হৰকান্ত সদৰামীনৰ আত্মজীৱনীত উল্লেখ আছে – ” এবং ১৭৪৫ শকৰ চৈত্ৰ মাহে ১২৩০ চন, ১৮২৩/২৪ ইংৰাজী মাৰ্চ মাহত ইংৰাজে কামৰূপত প্ৰৱেশ কৰে।” ইয়াৰ আগতে ১৭৯৩ চনত গৌৰীনাথ সিংহ আৰু কেপ্তেইন ৱেলছৰ বুজা-পৰা চুক্তি অনুসৰি উজনি-নামনি অসমত কোম্পানীৰ বেপাৰীয়ে আহি খুটি পুতি বহে।
কামৰূপৰ সৌমাৰ অঞ্চললৈ চুকাফাৰ আগমন হৈছিল ১২২৮ চনত। চুকাফাৰ আগমনৰ পৰা ১৮২২ চনৰ ২১ জুন তাৰিখৰ হাদিৰাচকীত অসমৰ স্বাধীনতা লুপ্ত হোৱাৰ দিনটোলৈ সৰ্বমুঠ ৫৯৪ বছৰ হয়। কিন্তু পৰ্যায়ক্ৰমে সঙ্কুচিত হৈ পৰা, গড়গাঁওৰ পৰা লক্ষ্য কৰিলে ‘নামনি’ৰ ( আজিকালি ‘পশ্চিম অসম’ বুলিয়েই উল্লেখ কৰি ভাল পাওঁ) কামৰূপ ১৬১৫ চনত হে পোনপ্ৰথমবাৰৰ বাবে আহোম ৰাজত্বৰ অধীন হয়।
পুনৰ ১৬৩৯ চনৰ পৰা ১৬৫৮ চনলৈ ১৯ বছৰ , ১৬৬৩ চনৰ পৰা ১৬৬৭ চনলৈ ৪ বছৰ, ১৬৭৯ চনৰ পৰা ১৬৮২ চনলৈ ৩ বছৰ, অৰ্থাৎ ২৬ বছৰ মোগলে এসময়ৰ বিশাল কামৰূপৰ সঙ্কুচিত অঞ্চল ‘কামৰূপ’ শাসন কৰে ( সেই সঙ্কুচিত কামৰূপৰ পৰা পৰিৱৰ্তিত হৈ আমাৰ শৈশৱৰ “কামৰূপ জিলা” হৈ পৰা জিলাখনকো এতিয়া ভাঙি ছিঙি যথাক্ৰমে কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নলবাৰী, বাস্কা, বৰপেটা আদিত বিভক্ত কৰি পেলোৱা হ’ল)।
গতিকে ১২২৮ চনৰ পৰা ১৬১৫ চনলৈ মুঠ ৪৮৭ বছৰ, আৰু মোগলৰ ছেগা-চোৰোকাকৈ কৰা শাসনকালৰ মুঠ ২৬ বছৰ, অৰ্থাৎ মুঠ ৫১৩ বছৰ কামৰূপ আহোম ৰাজত্বৰ অধীন নাছিল (এইসম্পৰ্কে ইতিহাসবিদ তথা বুৰঞ্জী বিষয়ৰ অধ্যাপক সকলে ভালদৰে ফঁহিয়াব পাৰিব হেতুকে তথ্যৰ ভুল হ’লে মাৰ্জনা কৰে যেন) ।
কিন্তু গদাধৰ সিংহই মানাহ নদীপৰ্যন্ত ১৬৮২ চনত আহোম ৰাজত্বৰ সীমা বিস্তাৰ কৰাৰে পৰা ১৮২২ চনলৈ মাত্ৰ ১৪০ বছৰ আহোম ৰাজত্বৰ অধীন হৈ আছিল বুলি ইতিহাসত পোৱা যায়। কোচবিহাৰৰ ইতিহাস, কামৰূপৰ ইতিহাস অধ্যয়ন কৰিলে জানিব পাৰি যে ১৬৮২ চনৰ পৰাহে কামৰূপৰ একাংশ তথা দৰং অঞ্চল আহোমৰ অধীন হৈ পৰে। উত্তৰ-পশ্চিম কামৰূপ, গোৱালপাৰা ১৭৬৫ চনত পোনপটীয়াকৈ কোচ ৰজাৰ পৰা আৰু মোগলৰ পৰা ইংৰাজৰ হাতলৈ গুচি যায়।
ইয়াৰ পূৰ্বে আহোমৰ দিনত কামৰূপত আহোম প্ৰতিনিধি থাকিলেও আহোম স্বৰ্গদেউসকলৰ দৃষ্টিত ‘কামৰূপ-দৰং‘ দুখন দেশৰ মাজৰ মধ্যৱৰ্তী দেশ ( Buffer State) হিচাপে গণ্য হৈছিল।
সূৰ্যকুমাৰ ভূঞাই লিখিছে-” Kamrup, which was contiguous to territories of the Moghuls and later those of the East- India Company was regarded by the Ahoms as more or less a buffer -state.” সূৰ্যকুমাৰ ভূঞাই আৰু লিখিছে যে কামৰূপীয়া মানুহক আৰু দৰঙীয়া মানুহক আহোম ৰাজ্যত বিদেশীৰ দৰে গণ্য কৰা হৈছিল [ “The Kamrupis and Darrangis were not ordinarily allowed to enter the Ahom capital”] !
এইখিনিতে উল্লেখ কৰিব বিচাৰো যে খাঁ চৌধুৰী আমানতউল্লা আহমেদৰ ‘কোচবিহাৰৰ ইতিহাস‘ নামৰ ঐতিহাসিক দস্তাবেজ স্বৰূপ গ্ৰন্হখনৰ অনুবাদ কৰোতে লেখা অনুবাদকৰ পাতনিত, আৰু কনকলাল বৰুৱাৰ ‘Early History of Kamrupa‘ নামৰ অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক গ্ৰন্হৰ অসমীয়া অনুবাদ “প্ৰাচীন কামৰূপৰ ইতিহাস“ৰ অনুবাদকৰ টোকাত আমি বাৰম্বাৰ উল্লেখ কৰিছো যে ‘কামৰূপৰ ইতিহাস’ বা ‘কোচবিহাৰৰ ইতিহাস’ আদি অধ্যয়ন নকৰিলে অসমৰ ভেটি কোনোদিনে সবল নহ’ব; আমি আমাৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাসৰ গভীৰতা অনুধাৱন নকৰি মাত্ৰ ৫৯৪ বছৰৰ ইতিহাসত সীমিত হৈ থাকিলে সেই পোতন কোনোদিনে দৃঢ় নহ’ব।
মাত্ৰ ৮১ বছৰ আহোম ৰাজত্বৰ অধীন হৈ থকা কামৰূপ অঞ্চল, দৰং অঞ্চল, আৰু গোৱালপাৰা অঞ্চল, কোচবিহাৰ অঞ্চল- এই বিশাল ভূখণ্ডৰ আছে এক কামৰূপীয়া হাজাৰ হাজাৰ বছৰৰ ইতিহাস, ঐতিহ্য, সংস্কৃতিৰ মেটমৰা ভান্ডাৰ; কিন্তু এই অঞ্চলক ৰাজনৈতিকভাৱে সচেতনতাৰে অৱহেলা কৰাৰ ফলতেই আজিও সোলোক-ধোলোক হৈ থাকিল অসমীয়া সত্বা – আজি কোনোবা গেৰুৱা সিংহলেও ঠেলা মাৰে, কোনোবা শিলাদিত্যইও বগৰাব বিচাৰে !
আমাৰ একান্ত অনুৰোধ, কামৰূপী সত্বা বা পৰৱৰ্তী কালৰ অসমীয়া সত্বা নিৰ্মাণত কামৰূপ-কমতাৰ অৱদান সম্পৰ্কে অতি দায়বদ্ধতাৰে আলোচনা-বিলোচনা সচেতন সকলে কৰিব লাগে। তেতিয়াহে সত্বা শক্তিশালী হৈ পৰিব, অন্যথাই ই হৈ থাকিব বোকাৰ কচুৰ দৰে – ইফালেও হালে, সিফালেও হালে !
আমাৰ এই মুলুকৰ সৰ্বাত্মক উন্নতিৰ বাবে কেৱল ডাল, পাতত দৃষ্টি দি থাকিলে নহ’ব, শিপাৰ সন্ধান কৰিব লাগিব। কাৰণ, যি জ্ঞান শিপাৰ পৰা প্ৰাপ্ত হয়, সেই জ্ঞান পাতত বিচাৰিলে নহব। জ্ঞানীলোকে কৈ গৈছে, শাখা-প্ৰশাখা দেখি ভ্ৰমিত হব নালাগে, ফল-ফুল দেখিও পথভ্ৰষ্ট হবৰ প্ৰয়োজন নাই; কাৰণ শিপা পালেই সমস্ত বৃক্ষকে পোৱা যাব। এইসম্পৰ্কে এতিয়া বিশেষ আলোচনা নকৰো, কাৰণ আমাৰ বিষয়বস্তু সুকীয়া।
প্ৰায় ৬০০ বছৰীয়া আহোম ৰাজত্বকালত মাত্ৰ ১৩.৬% সময় আহোম ৰাজত্বৰ অধীন হৈ থকা কামৰূপ অঞ্চলতো ১৫৫৫ চনৰে পৰাই সীমিত ভাৱে মহাৰাজ নৰনাৰায়ণৰ দিনৰ পৰা প্ৰচলন হোৱা ‘নাৰায়ণী মুদ্ৰা’ৰ প্ৰচলন আছিল। আগতে যদিও গোৱালপাৰা, কামৰূপৰ খেতিয়কে ‘বিনিময় প্ৰথা’ৰে খাজনা আদায় দিছিল, পিছলৈ মোগলে সপ্তদশ শতিকাৰ আৰম্ভণিত কোচ-হাজো দখল কৰি ৰায়তৰ পৰা অধিক খাজনা আদায় কৰিবলৈ আৰম্ভ কৰে।
মোগলৰ এনে শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয় আৰু গোৱালপাৰা-কামৰূপ আদি অঞ্চলত কোচ-ৰাজবংশীসকলে নৱ, সনাতন, পৰশুৰাম আদিৰ নেতৃত্বত মোগলক খাজনা আদায় দিবলৈ অস্বীকাৰ কৰে। এই প্ৰতিবাদৰ কেন্দ্ৰ হৈ পৰিছিল বজালী অঞ্চল।
পিছলৈ মোগলক অপসাৰণ কৰিলেও, মোগলৰ দৰেই ইংৰাজেও অধিক হাৰত খাজনা আদায় কৰিবলৈ আৰম্ভ কৰে। খাজনা আদায় কৰিবলৈ আৰু কোম্পানীৰ কৰ্ম সুচাৰুভাৱে চলাবলৈ ইংৰাজৰ প্ৰতিনিধি হিচাপে ১৭৬৫ চনৰ ১ নৱেম্বৰ তাৰিখে হিউজ বেইলী (Huge Baillie)ক গোৱালপাৰাত কোম্পানীৰ এজেণ্ট হিচাবে নিযুক্তি দিয়া হয়, টম লিৱিছ(Tom Lewis)ক ৰংপুৰত, হাৰগ্ৰীভ(Haregreave)ক চিলমাৰীত নিযুক্তি দিয়া হয়।
ইয়াৰে বেইলীৰ নিযুক্তি আছিল বিশেষভাৱে উল্লেখনীয়, কাৰণ হিচাপে “Company’s Trade with Assam” নামৰ অধ্যায়ত এনেদৰে লিখা হৈছে – ” The selection of Baillie to the agency ( Society of Trade of East India Company ) at Goalpara which was established to supply the articles of inland trade to Assam & other neiboring countries probably due to his earlier experience of the trade with those areas in which he had been engaged as the agent of Henry Vansittart, Governor of Bengal & other merchants and so close to the company…!”
সেইসময়ৰ বঙ্গত যথেষ্ট পৰিমাণে পাণ-চুপাৰি আদি উৎপাদন হৈছিল যদিও কামৰূপ বা অসমলৈ পাণ-চুপাৰি আমদানি নহৈছিল, কাৰণ প্ৰাচীন কামৰূপৰ সকলোতে – অৰ্থাৎ পিছলৈ সঙ্কুচিত হৈ পৰা কামৰূপ, দৰং, অসম হৈ পৰা অঞ্চলত ঘৰে ঘৰে তামোল-পাণৰ বাৰী আছিল। এই অঞ্চলত ধপাতো উৎপাদন হৈছিল। গতিকে বঙ্গৰ পৰা ধপাতো আমদানি নহৈছিল।
গতিকে পাণ-তামোল-ধপাত বাদ দি ১৭৬৭ চনৰ আগষ্টত কোম্পানীয়ে কেৱল নিমখত মনোনিৱেশ কৰিলে, কাৰণ কামৰূপ-দৰং-অসম অঞ্চলত, বা পিছলৈ সামগ্ৰিকভাৱে অসমত নিমখৰ চাহিদা সাংঘাটিক আছিল। বৰহাট আৰু শদিয়াত নিমখ উৎপাদন হয় যদিও চাহিদা পূৰণ নহৈছিল। অসমত বছৰেকত বঙ্গৰ পৰা অহা নিমখ প্ৰয়োজন হৈছিল ১০০০০০ মোণ। প্ৰথম বছৰতেই কোম্পানীৰ খুব লাভ হৈছিল। গতিকেই গোৱালপাৰাত বেইলীৰ নিযুক্তি!
কিন্তু এনেধৰণৰ বাণিজ্য সৰহদিন নচলিল ( The society of trade ceased to exist from Aug 1, 1768 and the inland trade was thrown open to all persons, Indians & Europeans.)। ১৭৬৯ চনত বেইলিয়ে ইংলেন্ডলৈ প্ৰত্যাৱৰ্তন কৰিলে আৰু ১৭৭৩ চনলৈ ইংলেণ্ডত থাকিল। ১৭৬৭ চনৰ জানুৱাৰীত ৰবাৰ্ট ক্লাইভেও বঙ্গৰ পৰা বিদায় লৈছিল। এই ঘটনা কোম্পানীৰ বাবে হৈ পৰিছিল এক ‘টাৰ্ণিং পইন্ট’।
এইখিনি সময়ত বঙ্গ, মাদ্ৰাজ, বোম্বাইত সামৰিক আৰু অসামৰিক খাতাত ব্যয় বৃদ্ধি হৈছিল হেতুকে কোম্পানীয়ে ইংলেণ্ডত থকা মন্ত্ৰীসকলক ঋণৰ আবেদন কৰিছিল। মন্ত্ৰীসকল এনে সুযোগৰ অপেক্ষাত ৰৈ আছিল! কাৰণ কোম্পানীৰ সৈতে জড়িত ইংৰাজ সকলৰ ধন-সোণ দেখি, বৈভৱ দেখি ইংলেণ্ডত বহুতৰে ঈৰ্ষা আৰম্ভ হৈছিল, মন্ত্ৰীসকলৰো চকুত টোপনি নহা হৈছিল।
গতিকে প্ৰশ্ন উত্থাপন হৈছিল যে এটা ব্যক্তিগত কোম্পানীয়ে ৰাজনৈতিক কৰ্ম-কান্ড ( political operation) কৰিব পাৰেনে – ইংলেণ্ডৰ ৰাজসিংহাসনৰ অনুমতি অবিহনে?
সেয়েহে ১৭৭২ চনত ইংলেণ্ডত দুখন কমিটি গঠন হ’ল। The Select Committee আৰু Committee of Secrecy ( to enquire the state, nature & condition of the company & British Affairs in India); ক্লাইভে বহুত উত্তৰ দিবলগীয়া হৈছিল। ১৭৭৩ চনত দুখন আইন প্ৰণয়ন কৰা হৈছিল আৰু ‘গৱৰ্ণৰ জেনেৰেল’ পদবী সৃষ্টি কৰা হৈছিল।
সেইসময়ৰ ইংলেণ্ডত ইংৰাজ সকলৰ অসম, কামৰূপ, গোৱালপাৰা, ভূটান আৰু সমীপৰ অইন দেশবোৰৰ বিষয়ে জ্ঞান নাছিল; কিন্তু বেইলিৰ কিছু জ্ঞান আছিল। পিছে ইংলেণ্ডৰ কোৰ্টে বেইলিক প্ৰথমতে নিযুক্তি দিয়া নাছিল। বেইলিৰ ওপৰত চকু পৰি আছিল ডিৰেক্টৰ সকলৰ, কাৰণ বেইলিৰ অসম, কামৰূপ, গোৱালপাৰা আদিৰ জ্ঞান থকাৰ লগতে তেওঁৰ নামোল্লেখ ক্লাইভেও কৰিছিল।
যি কি নহওঁক, ইউৰোপৰ পণ্যৰ বাণিজ্য অসম-ভূটান আদিত কৰিবলৈ অৱশেষত বেইলিক কোৰ্টে নিৰ্বাচিত কৰিছিল। ১৭৭২ চনৰ ৯ এপ্ৰিলত ৱাৰেণ হেষ্টিংচ্-এও গৱৰ্ণমেণ্ট অফ বেঙ্গলৰ দায়িত্ব লৈছিল।
ইয়াৰ পিছত বহুত ঘটনা। ভূটানৰ সৈতে বাণিজ্য কৰিবলৈ গৈ হোৱা বিফলতা ; যেনেঃ ভূটীয়াই নিজে বোৱা কাপোৰ পিন্ধে, ইংলেণ্ডৰ বস্ত্ৰৰ প্ৰতি কোনো আকৰ্ষণ নাই। তেওঁলোকে কম্বলো ব্যৱহাৰ কৰে যদিও নিজে প্ৰস্তুত কৰা কম্বল হে ব্যৱহাৰ কৰে! তদুপৰি বিনিময় প্ৰথাত হে বিশ্বাসী ভূটীয়াসকল! এনেবোৰ ঘটনাই ইংৰাজ বেপাৰীৰ আশাত চেঁচা পানী ঢালিছিল।
অসমৰ ক্ষেত্ৰতো একে ঘটনা। অসমতো ইংৰাজ বেপাৰীয়ে লাভৰ অঙ্ক কৰিব পৰা নাছিল।
ৰংপুৰৰ কালেক্টৰ হাৰ্বাৰ্ট হেৰিছ-এ সেইসম্পৰ্কে খোলোচাকৈ কৈছিল ( Herbert Harris, Collector of Rungpore, said that the “Bhutias wore their own blankets and used no other kind of clothes; and they possessed a mixed kind of metal from which they made all their utensils. As regards to Assamese, Harris observed, that the quantity of clothes and metals taken by them was very inconsiderable, and that an exchange of muga-dhutis and stick lac for salt and little cloth constituted the whole of their traffic. Harris confirmed that he had never seen European articles sent into Assam by the traders, who would have certainly done so if there had been any profit in that business.”– Harris to Hastings, Aug 27, Beng, Pub. Cons, Sept 13, 1773, No 3)!
কেৱল ইংৰাজ বেপাৰীয়ে নহয়, সেইসময়ত গোৱালপাৰাত কেইজনমান ফৰাছী বেপাৰীও আছিল – অসমৰ সৈতে বেহা-বেপাৰৰ বাবে।
তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হ’ল লাভাল, গিবলট আৰু কেম্পেগনেক আদি ( Laval, Giblot, Campagnac)। বঙ্গৰ নায়েব দেৱান মহম্মদ ৰেজা খানৰ তিনি বছৰীয়া অনুমতি লৈ গোৱালপাৰাত গোলা পাতিছিল চুবেৰাম পালিত, গণিৰাম সৰকাৰে। মুৰ্চিদাবাদৰ বিখ্যাত জগৎ শেঠৰ গোলা আছিল গোৱালপাৰা, যোগীঘোপা, গুৱাহাটীত, আৰু তেওঁৰ ছত্ৰছায়াত আহি প্ৰৱেশ কৰিছিল মাৰোৱাৰী বেপাৰীয়েও।
যি কি নহওঁক, আমি ইতিমধ্যে বহুত ফালৰি কাটি আহিলো। গতিকে এইসম্পৰ্কে অধিক গভীৰলৈ নাযাও। ইতিমধ্যে ব্ৰহ্মপুত্ৰ, তিষ্টা, কৰতোৱা, মানাহেৰে বহু পানী বাগৰি গৈছিল। ৰাজনৈতিক পট বহুত পৰিৱৰ্তন হৈছিল। সেইবোৰ বিশাল অধ্যায়।
ঐতিহাসিক সত্য, গোৱালপাৰা কেতিয়াও আহোম ৰাজত্বৰ অধীন নাছিল। গোৱালপাৰা আছিল প্ৰাচীন কামৰূপৰ অংশ, পিছলৈ কোচ ৰাজ্যৰ অংশ হৈ পৰিছিল, আৰু তাৰপিছত মোগলৰ অধীন হৈছিল। মোগলে বঙ্গ আৰু গোৱালপাৰা পৰগণা কিছুমানত বিভক্ত কৰি ‘চৌধুৰী’ উপাধিধাৰী জমিদাৰসদৃশ ব্যক্তিৰ দ্বাৰা ৰাজহ সংগ্ৰহ কৰিছিল। এই ৰাজহৰ ৫ ভাগৰ ২ ভাগ চৌধুৰী ওৰফে জমিদাৰে মোগলক দিব লাগিছিল আৰু বাকী ৩ ভাগ নিজে ৰাখিব পাৰিছিল।
মোগলৰ দিনত বাণিজ্যৰ বিকাশ হৈছিল হেতুকে চৌধুৰী সকলৰো বিকাশ হৈ তেওঁলোক প্ৰতিপত্তিশালী হৈ পৰিছিল। চৌধুৰীসকলে ৰজাৰ দৰেই বৰকান্দাজ ৰাখিছিল আৰু একো একোজন সৰু সুৰা ৰজাৰ দৰেই আচৰণ কৰিছিল। ইয়াৰোপৰি, মোগলক ৰাজহৰ অংশ হিচাপে ধন নিদি কপাহ, আগৰ (অগৰু) কাঠ, হাতী দিলেও গ্ৰহণ কৰিছিল হেতুকে চৌধুৰী সকলে যত্ন কৰিছিল যাতে ধন হাতত ৰাখি হাতী, আগৰ,কপাহৰ দ্বাৰা ৰাজহ দিব পৰা যায়।
ইতিহাসৰ পৃষ্ঠা লুটিয়ালে এয়া জানিব পাৰি যে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা কেৱল আহোম ৰাজত্বৰ অংশটোহে ইংৰাজৰ তলতীয়া হয় । গোৱালপাৰা , কামৰূপ আৰু দৰং তাৰ প্ৰায় ৬০ বছৰ আগতেই মোগলৰ হাতৰপৰা ইংৰাজে দখল কৰে । মোগলে গোৱালপাৰা , কামৰূপ আৰু দৰঙক ‘কোঁচ হাজো ‘ আখ্যা দিছিল আৰু সেই বিশাল অঞ্চলৰ একাংশ ১৭৬৫ চনৰ পলাচী যুদ্ধৰ পৰিণতিত ইংৰাজৰ তলতীয়া হয় ।
ইয়াণ্ডাবু সন্ধিৰ আগতেই কামৰূপ ইংৰাজৰ অধীনলৈ আহিছিল । “হৰকান্ত সদৰামীনৰ আত্মজীৱনী”ত এনেদৰে লেখা আছে —” এবং ১৭৪৫ শকৰ চৈত্ৰ মাহে ১২৩০ সন , ১৮২৩/২৪ ইংৰাজী মাৰ্চ মাহে ইংৰাজে কামৰূপ প্ৰৱেশ কৰে ।” ইয়াৰ আগতে ১৭৯৩ চনত আহোম ৰজা গৌৰীনাথ সিংহ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ বণিজ চুক্তি অনুসৰি উজনি আৰু নামনি অসমত কোম্পানীৰ বেপাৰী সোমাইছিল ( ড° হেৰম্ব কান্ত বৰপুজাৰী ) ।
কামৰূপত পূৰ্বৰে পৰা এক ধৰণৰ গোলামী প্ৰথা চলি আহিছিল। সেই গোলামী প্ৰথা ( Slavery) ইংৰাজে ১৮৪৩ চনত বন্ধ কৰাত সামন্তবাদী মধ্যবিত্তসকল সমস্যাৰ সন্মুখীন হৈছিল – যিহেতু পথাৰৰ কাম-কাজকে ধৰি অন্যান্য কাম-কাজো ধনৰ বিনিময়ত হে শ্ৰমিকৰ দ্বাৰা কৰাবলগীয়া হৈছিল । তাৰোপৰি আহোমৰ দিনতকৈ কামৰূপত ইংৰাজৰ দিনত খাজনা অতিপাত বৃদ্ধি পাইছিল ।
হৰকান্ত সদৰামীনৰ আত্মজীৱনীত পোৱা যায়- “কামৰূপত আসাম ৰাজাৰ আমলে বাৰিবস্তিৰ ও ফৰিঙ্গতিৰ খাজনা নাছিল । কেৱল ৰুপিতৰ এক আনা , ডেৰ আনা খাজনা আছিল “। এনে তেজশোহা খাজনা পদ্ধতি (Unjust system of taxation)য়ে কামৰূপত অশান্তিৰ সৃষ্টি কৰিছিল । কৃষকে খাজনা দিবলৈ সুতত ঋণ লব লগা হৈছিল বা পথাৰত শস্য নৌওলাওঁতেই বিক্ৰীৰ বাবে নামমাত্ৰ দামতেই অগ্ৰিম নগদ ধন সুতখোৰ মহাজনৰ পৰা লবলগীয়া হৈছিল ।
১৮৯১ চনৰ পিয়লমতে কামৰূপ জিলাতেই ১২২১ জন তেনে ধন ধাৰে দিয়া ব্যৱসায়ী আছিল হেনো । গতিকে কামৰূপৰ ৰাইজ তথা কামৰূপৰ মধ্যবিত্ত সামন্ত সকল সাম্ৰাজ্যবাদী ইংৰাজৰ বিৰোধী হৈ পৰিছিল ।
ইতিমধ্যে ১৮৬০-৬২ চনত নগাঁওৰ সমীপৰ ফুলগুৰিত বৃটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ আৰম্ভ হয় । ১৮৬১ চনৰ ১৭ ছেপ্তেম্বৰৰ পৰা ১৮ অক্তোবৰলৈ চলি থকা এই কৃষক বিদ্ৰোহৰ বাতৰিয়ে কামৰূপতো প্ৰভাৱ পেলাইছিল । সেই প্ৰভাৱৰ বাবে তথা ইতিপূৰ্বে জাপি দিয়া খাজনা আদিৰ পটভূমিত উমি উমি জুই জ্বলি থকাৰ পিছতো পুনৰ ১৮৬৮-৬৯ চনত মাটিৰ খাজনা ২৫ৰ পৰা ৫০ ভাগ ইংৰাজে বৃদ্ধি কৰে ।
কেৱল সেয়াই নহয়, পুনৰ ১৮৯২ চনত অসমৰ চীফ কমিছনাৰ উইলিয়াম ৱাৰ্ডে ১০০ শতাংশ খাজনা বৃদ্ধি কৰি দমনমূলক নীতিৰে প্ৰজাৰ পৰা খাজনা আদায় কৰা আৰম্ভ কৰে। ফলস্বৰূপে বিদ্ৰোহৰ অগ্নি জ্বলি উঠিল।
এই সম্পৰ্কে এক লেখাত উল্লেখ আছে- ‘১৮৯৩ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এটা দশক ধৰি আসাম ৰায়ত ( Assam Riot ) নামে এলানি বিদ্ৰোহ আৰম্ভ হ’ল । কৃষকসকলে খাজনা পৰিশোধ নকৰা ( No tax campaign ) ৰ সিদ্ধান্ত ল’লে । ফলস্বৰূপে ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ পৰা কামৰূপৰ ৰঙিয়াত কৃষক বিদ্ৰোহৰ সূচনা হৈ ১৮৯৪ চনৰ ১০ জানুৱাৰীত কণ গোসাঁই নামৰ মুখীয়াল লোক এজনৰ সভাপতিত্বত ৩০০০ কৃষক লগ হৈ ৰাইজমেল অনুষ্ঠিত কৰে ।
ইয়াৰ পিছতো উপায়ুক্ত মেক কেবে ( Mc Cabe ) ৰঙিয়াৰ কৃষকৰ পৰা ৬০০০০ টকা খাজনাৰ প্ৰথম কিস্তি হিচাপে দমনমূলকভাৱে আদায় কৰে । ইয়াৰ সমান্তৰালকৈ বজালী , পাতিদৰং , উপৰ বৰভাগ , নলবাৰী ,বৰমা আৰু সৰুক্ষেত্ৰী মৌজা তথা তহচিলত ৰাইজে খাজনা নিদিয়াৰ সিদ্ধান্ত লৈছিল ।’
বজালী অঞ্চলতো বিদ্ৰোহৰ জুই জ্বলি উঠিছিল ৰাইজমেলৰ জৰিয়তে । পাঠশালা ,পাটাছাৰকুছি,চৌখুটী আদিৰ উপৰিও বজালী অঞ্চলৰ সমীপৰ সৰ্থেবাৰী আদিতো ৰাইজে খাজনা নিদিয়া আন্দোলনত যোগদান কৰিছিল ৰাইজমেলসমূহৰ জৰিয়তে। ইতিপূৰ্বে ১৮৮৬ চনতো কুৱাৰাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। পাঠশালাৰ ওচৰৰ গোবিন্দপুৰ নামৰ গাঁৱত ১৮৮৯ চনত পোনপ্ৰথমবাৰৰ বাবে ৰাইজমেল অনুষ্ঠিত হয়।
সেইখন ৰাইজমেলত পাঠশালাকে ধৰি সমগ্ৰ বজালীৰ অলেখ মানুহৰ উপস্থিতিত খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয়। সেই ৰাইজমেলৰ বিষয়ে ইংৰাজ শাসকপক্ষক এচাম পদলেহনকাৰীয়ে বঁটা -বাহনৰ লোভত খবৰ যোগান ধৰিছিল তথা এনে ৰাইজমেল দমন কৰাত শাসকপক্ষক সহায় কৰিবলৈ উঠি-পৰি লাগিছিল – যিদৰে অসম আন্দোলনৰ সময়ত এচামে শাসকপক্ষক সহায় কৰিছিল।
কিছুমান বিদ্ৰোহীক আটক কৰা হৈছিল এনে পদলেহনকাৰী পক্ষৰ সহযোগত। কিন্তু ৰাইজমেল চলি আছিল বিভিন্ন স্থানত। ৰাইজমেল দমন কৰাত ব্যৰ্থ হোৱাৰ বাবে আৰু ৰাইজমেলত উপস্থিত থকা প্ৰতিবাদকাৰীক দমন – আটক কৰিব নোৱাৰা হেতুকে সেইসময়ৰ পাটাছাৰকুছি থানাৰ দাৰোগা দেৱেন্দ্ৰ নাথ শৰ্মাক চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ।
১৮৯৪ চনত পুনৰ ৰাইজমেল অনুষ্ঠিত হৈছিল। দিলীপ কুমাৰ ৰয়ে তেওঁৰ এক নিৱন্ধত লিখিছে – পাটাছাৰকুছি , বামাখাটা , যোগদলা , হেলনা আদি গাঁওত ১৮৯৪ চনৰ ১০ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ ৰাইজমেল অনুষ্ঠিত হৈছিল । প্ৰথমখন ৰাইজমেল বৰ্তমান পাটাছাৰকুছি হাইস্কুল ( আগতে পাটাছাৰকুছি ছোৱালী হাইস্কুল আছিল ) থকা ঠাইত বহিছিল । ( পাটাছাৰকুছিৰ ইতিহাসত এভূমুকি — ছেৰিফউদ্দিন আহমদ )।
এই ৰাইজমেল বন্ধ কৰাৰ বাবে তদানীন্তন চৰকাৰী বিষয়া হৰেশ্বৰ তহচিলদাৰে তেওঁৰ সংগীসকলৰ লগ হৈ ৰাইজমেলৰ গুৰিধৰোঁতা বুলি বামাখাটাৰ অতিৰাম চৌধুৰী , বাঙৰ মঞ্জুৰা চৌধুৰী , বাং খন্দোপাৰাৰ মেৰমেৰিয়া চৌধুৰী , ভোগপুৰৰ সুকৰু তালুকদাৰ আৰু জয়চন্দ্ৰ শৰ্মা , গহেপাৰাৰ ধনোৰাম মহাজন , আৰু আনন্দপুৰৰ যজ্ঞেশ্বৰ গোস্বামীৰ নাম চৰকাৰক দাখিল কৰিছিল আৰু তেওঁলোকৰ দ্বাৰা বাঁহ আনি পাটাছাৰকুছিত এটি খোৱাৰ ( ফাটেকখানা) বন্ধাই তাতে ৰাখিছিল । ইয়াৰে অতিৰাম চৌধুৰীক বিৱস্ত্ৰ কৰি নিৰ্যাতন দিছিল । তাৰোপৰি আন কিছুমানক গৰুৰ দৰে ব্যৱহাৰ কৰি হালত লগাই দিছিল । সেই সময়ত গাঁৱে ভূঁয়ে মুখৰোচক গীত এনেধৰণে প্ৰচাৰ হৈছিল —
‘শুন্চানা আপীগিলা খাজ্না বাঢ়োইছি ।
দিবা নোল্লি নিবো ধোৰি পিয়াদা লুগোইছি!’
১৯১৩ চনত পাঠশালাৰ ওচৰৰ চৌখুটীত ” বজালী বান্ধৱ সন্মিলন ” নামৰ এটি ছাত্ৰ সংগঠন গঠিত হৈছিল । এইকথা প্ৰণিধানযোগ্য যে বজালী বান্ধৱ সন্মিলন গঠন হোৱাৰ ৩ বছৰ পিছত হে ১৯১৬ চনত গঠন হৈছিল ‘অসম ছাত্ৰ সন্মিলন‘ ! কিন্তু এইকথা উল্লেখ কৰা দেখা নাযায়। অসম ছাত্ৰ সন্মিলনৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা আদি জড়িত আছিল।
অসম ছাত্ৰ সন্মিলন গঠন হোৱাৰ পিছত সেই একধৰণৰ শৈলীৰে ১৯১৭ চনত বজালী বান্ধৱ সন্মিলন নামৰ সংগঠঠনটো “বজালী ছাত্ৰ সন্মিলন”লৈ ৰূপান্তৰিত হয় । বজালী ছাত্ৰ সন্মিলনৰ সভাপতি আছিল কামেশ্বৰ দাস আৰু সম্পাদক সোণাপতি দেৱশৰ্মা । এই ছাত্ৰ সন্মিলনেও বৃটিছৰ বিৰুদ্ধে বজালীৰ ৰাইজৰ বিদ্ৰোহৰ ভাবক উত্তেলিত কৰি তুলিছিল ।
বৃটিছৰ উপনিবেশ ভাৰতবৰ্ষত ১৯২০-২২ চনলৈ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল অসহযোগ আন্দোলন। বিলাতী বস্ত্ৰ বৰ্জন , খাজনা বন্ধ , মাদক দ্ৰব্য বৰ্জন , আদালত বৰ্জন আৰু পঞ্চায়ত গঠনৰ বাবে উপনিৱেশৰ প্ৰজাসকল তৎপৰ হৈছিল । পূৰ্বৰ স্বাধীন দেশ কামৰূপ, পূৰ্বৰ স্বাধীন দেশ অসম যিহেতু বৃটিছৰ উপনিৱেশ হৈ পৰিছিল – সেইবাবেই আগতে ভাৰতৰ সৈতে কোনো ৰাজনৈতিক সম্পৰ্ক নাথাকিলেও বৃটিছক এশিকনি দিয়াৰ মানসেৰে বজালী অঞ্চলতো অসহযোগ আন্দোলনৰ আৰম্ভ হৈছিল।
এই সম্পৰ্কে লিখা আছে- এই আন্দোলনৰ সূচনা হৈছিল পাটাছাৰকুছিত । ইয়াৰ উদ্দেশ্য সমূহ প্ৰচাৰ কৰাৰ উদ্দেশ্যে পাটাছাৰকুছিত এখন সভা বহিছিল আৰু তাৰ পৰাই বজালীৰ বিভিন্ন ঠাইত অসমৰ নেতা দেশভক্ত তৰুণৰাম ফুকন , কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ , কামাখ্যা ৰাম বৰুৱা আদিৰ লগতে বৰপেটাৰ ধনীৰাম তালুকদাৰ , জগদীশ মেধি , বসন্ত কুমাৰ ওজা আদি নেতা সকলৰ উপস্থিতিত সভা অনুষ্ঠিত হৈছিল । চৌখুটী আৰু ৰিহাবাৰীত অনুষ্ঠিত বিৰাট ৰাজহুৱা সভাত “বিদেশী বস্ত্ৰ দাহ যজ্ঞ ” অনুষ্ঠিত হৈছিল । গঙ্গাৰাম চৌধুৰী , লক্ষ্মীকান্ত দাস , হলিৰাম দাস , কান্তেশ্বৰ চৌধুৰী , ৰামনাথ শৰ্মা , কেশৱ চন্দ্ৰ দাস আৰু জল্পেশ্বৰ পাঠক আদিৰ দৰে ছাত্ৰসকলে বিদ্যালয় এৰিছিল । কাহাৰপাৰা গাঁওৰ ধনেশ্বৰ মহাজনৰ ঘৰত কংগ্ৰেছৰ কাৰ্যালয় স্থাপন কৰা হৈছিল । কংগ্ৰেছ কমিটিৰ সম্পাদক আছিল ভোগপুৰৰ লক্ষ্মীকান্ত দাস । পিপলা , যোগদলা , নাওশালী , ৰিহাবাৰী , কালজিৰাপাৰা , বনগাঁও , পাঠশালা আৰু পাটাছাৰকুছিত শিবিৰ পাতি সূতা কটা , খদ্দৰ পৰিধান , মাদক দ্ৰব্য বৰ্জন আদি কাৰ্যসূচী চলিল । তিৰোতাসকলেও স্বাধীনতাৰ আও-ভাও বুজি গাবলৈ ল’লে এইদৰে:
তৰুণ ফুকন নবীন দলে ।
গাঁৱে গাঁৱে মিটিং কৰে ।।
মিটিং কৰি ঘিটিং মাৰে ।
তিৰি চোলি পাছত ঘূৰে ।।
অসহযোগ আন্দোলনৰ সময়ছোৱাত বজালী অঞ্চলৰ বিভিন্ন স্থানৰ বহু ব্যক্তিয়ে দুই মাহৰ পৰা ছয় মাহ পৰ্যন্ত ফাটেক খাটিবলগা হৈছিল ।
সেইসকলৰ ভিতৰত উল্লেখযোগ্য হ’ল—
বামুণকুছিৰ দেৱকুমাৰ শৰ্মা আৰু তাৰক চন্দ্ৰ শৰ্মা ,
হেলনাৰ পীতাম্বৰ ডেকা ,
কাহাৰপাৰাৰ মহেন্দ্ৰ নাথ দাস ,
গাড়ীসত্ৰৰ ৰামনাথ শৰ্মা ,
সৰু মাণিকপুৰৰ হৰিমোহন দাস ,
বৈৰাগীৰ জলেশ্বৰ তালুকদাৰ ,
পাঠশালাৰ ভাৰত চন্দ্ৰ ঠাকুৰীয়া, কেশৱলাল দাস,
ভেৱলাৰ সুখনাৰাম দাস ,
ভোগপুৰৰ লক্ষ্মীকান্ত দাস আৰু ধৰ্মকান্ত শৰ্মা ,
বামাখাটাৰ হৰকান্ত তালুকদাৰ ,
বিচানকুছিৰ কীৰ্তিনাথ শৰ্মা ,
ভুতেপোৱাবড়ীৰ হলিৰাম দাস ,
ৰিহাবাৰীৰ ঘনশ্যাম চৌধুৰী ,
কালজিৰাপাৰাৰ কেশৱচন্দ্ৰ গোস্বামী ,
ৰতনপুৰৰ ডাঃ কেশৱ চন্দ্ৰ দাস ,
পিপলাৰ কালীকান্ত চৌধুৰী ,
বনগাঁওৰ চক্ৰধৰ গোস্বামী ,
চৌধুৰীপাৰাৰ গঙ্গাৰাম চৌধুৰী ,
অকয়াৰ গোলক চন্দ্ৰ পাঠক ,দশৰথ পাঠক , লক্ষ্মীকান্ত পাঠক , সুখনাৰাম বায়ন আৰু পানীমল বেপাৰী ,
আৰু পাটাছাৰকুছিৰ কান্তেশ্বৰ চৌধুৰী, ইত্যাদি ।
১৯৩০ চনত পাঠশালাৰ দক্ষিণে থকা ডুবিত বিষ্ণুৰাম মেধিৰ সভাপতিত্বত বহা ৰাজহুৱা সভাত বজালীৰ প্ৰথম এড্ হক কংগ্ৰেছ কমিটি গঠন হয় আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষ উপনিৱেশৰ দৰেই একে আৰ্হিৰে বজালীতো আইন অমান্য আন্দোলনৰ আৰম্ভ হয় ।
এই সম্পৰ্কে লিপিৱদ্ধ হৈ আছে- পাটাছাৰকুছিৰ ভবেন্দ্ৰ নাথ শৰ্মাই সেই সভাতেই চৰকাৰী চাকৰি বাদ দি আন্দোলনত জড়িত হৈ পৰে । কামেশ্বৰ দাসে ওকালতি ত্যাগ কৰি মহেন্দ্ৰ নাথ দাস , অক্ষয় কুমাৰ দাস আৰু মহেন্দ্ৰ মোহন চৌধুৰীৰ লগ হৈ এই আন্দোলন তীব্ৰতৰ কৰি তোলে । মুগুৰীয়াৰ সুৰেন্দ্ৰ নাথ শৰ্মাই কলিকতাৰ পৰা আহি সেই গাঁওৰে নৰনাৰায়ণ গোস্বামীৰ লগ হৈ আন্দোলনত ভাগ ল’লে ।
চোৰাংচোৱাই সুৰেন্দ্ৰ নাথ শৰ্মাক কলিকতাৰ বিদ্ৰোহী সংগঠনৰ লগত সম্বন্ধ থকাৰ সন্দেহ কৰি সেই চনৰ চাৰি ছেপ্তেম্বৰ তাৰিখে মুগুৰীয়া গাঁও ঘেৰাও কৰি দুয়োজনকে বন্দী কৰি ফাটেক দিয়ে । বামাখাটাৰ ছাত্ৰ প্ৰমোদ চন্দ্ৰ শৰ্মা , ভোগপুৰৰ প্ৰিয়নাথ শৰ্মা আৰু গণাগাঁওৰ মোহনী মোহন শৰ্মাই গুৱাহাটীলৈ গৈ পিকেটিং কৰে আৰু সেই অপৰাধত ফাটেক খাটিবলগীয়া হয় ।
জালাহৰ দেৱেন্দ্ৰ বিজয় সিংহই গাজা আৰু কানিৰ দোকানত পিকেটিং কৰাৰ অপৰাধত কাৰাবৰণ কৰে । ১৯৪০ চনৰ আগষ্ট মাহত ভাইচৰয়ে বিখ্যাত আগষ্ট প্ৰস্তাৱ ঘোষনা কৰাত গান্ধীৰ নেতৃত্বত অক্তোবৰ মাহত কংগ্ৰেছ দলে ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহন কৰে । ইয়াক দিল্লীলৈ ব’লক ( দিল্লী চলো ) সত্যাগ্ৰহ বুলিও জনা গৈছিল । বজালীত এই সত্যাগ্ৰহত কামেশ্বৰ দাসে বৰপেটা মহকুমাৰ প্ৰথম সত্যাগ্ৰহী হিচাপে কাৰাবৰণ কৰে ।
কাৰাবৰণ কৰিবলগা হোৱা আন সত্যাগ্ৰহী সকল আছিল –ডাঃ জিনাৰাম দাস , ডাঃ কেশৱ চন্দ্ৰ দাস আৰু ডাঃ প্ৰিয়নাথ শৰ্মা । কিছুমান সত্যাগ্ৰহীয়ে পুলিচৰ ভয়ত ছয় মাহ পৰ্যন্ত ঘৰলৈ আহিব নোৱাৰি পলাই আছিল । সেই সকলৰ ভিতৰত সৰ্বেশ্বৰ পাটগিৰী , ৰজনী কান্ত দেৱচৌধুৰী , গোপীনাথ ডেকা , শৰৎ চন্দ্ৰ বৰ্মন , ধৰ্মকান্ত চৌধুৰী , গুণেশ্বৰ দাস , অভিৰাম ডেকা , ভক্তিৰাম চৌধুৰী , লক্ষ্মীকান্ত তালুকদাৰ , ৰবিৰাম ডেকা ইত্যাদি ।
ইতিমধ্যে ক্ৰিপছ মিছন ব্যৰ্থ হৈছিল । মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪২ চনৰ ১৪ জুলাইত কংগ্ৰেছ কাৰ্যকৰী সমিতিয়ে তৃতীয় বৃহৎ ” ভাৰত ত্যাগ ” আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ৮ আগষ্টত বোম্বেত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভাত অনুমোদিত কৰোৱা হয়। ১৯৪২ চনত হোৱা বাবে ‘৪২ ৰ আন্দোলন হিচাপেও ই জনপ্ৰিয় হৈ পৰে। ৯ আগষ্টত মহাত্মা গান্ধীক বৃটিছে গ্ৰেপ্তাৰ কৰে আৰু অইন বহু নেতাকো গ্ৰেপ্তাৰ কৰে।
দিলীপ কুমাৰ ৰয়ৰ লেখাত উল্লেখ কৰা হৈছে- ‘৪২ ৰ আন্দোলনৰ জুই বজালীতো লাগিল । ১০ আগষ্ট তাৰিখে পাটাছাৰকুছিৰ প্ৰিয়নাথ দেৱচৌধুৰীৰ হোমিওপ্যাথিক চিকিৎসালয়ত নিশা ন বজাত ধৰণীধৰ দাসৰ নিৰ্দ্দেশ মতে প্ৰিয়নাথ চৌধুৰী , হোমেশ্বৰ দেৱচৌধুৰী , ডাঃ উপেন শৰ্মা , ৰজনী কান্ত শৰ্মা , বিশ্বেশ্বৰ দেৱচৌধুৰী আৰু প্ৰভাত শৰ্মাই জ্বলি থকা চাকি হাতত লৈ গান্ধীৰ “কৰিম কিম্বা মৰিম ” কাৰ্যসূচী ফলৱতী কৰাৰ কাৰণে প্ৰতিজ্ঞা কৰিলে । পিছলৈ এওঁলোকৰ লগত বিশ্বশ্বৰ শৰ্মা , পূৰ্ণানন্দ কলিতা , গোবিন্দ নাথ শৰ্মা আদিয়েও আন্দোলন কৰি নিৰ্যাতন ভূগিছিল ।
পাঠশালাত এই দায়িত্ব দিছিল ৰজনী দেৱচৌধুৰী , ধৰ্মকান্ত চৌধুৰী , কেশৱলাল দাস আৰু গৌৰীকান্ত শৰ্মাৰ ওপৰত । কংগ্ৰেছ কমিটি ভংগ কৰি কৰ্ম পৰিষদ ( Council of Action ) গঠনৰ যোগেদি আন্দোলন চলোৱাৰ বাবে ওপৰৰ নেতৃবৰ্গৰ পৰা নিৰ্দ্দেশ অহাত বজালীত ডাঃ কেশৱ চন্দ্ৰ দাসক সৰ্বাধিনায়ক ( Dictator) আৰু নৰকান্ত দাসক সম্পাদক হিচাপে লৈ বজালীত কৰ্ম পৰিষদ গঠন কৰা হৈছিল ।
পৰিষদৰ আন সদস্য সকল আছিল — ডাঃ জিনাৰাম দাস , মহেন্দ্ৰ নাথ দাস , চন্দ্ৰপ্ৰভা শইকীয়ানী , ধৰণীধৰ দাস , ভবানন্দ দত্ত , মাণিক তালুকদাৰ , সদানন্দ চৌধুৰী , ফটিক ডেকা , ৰামচৰণ তালুকদাৰ , সূৰ্যকান্ত চৌধুৰী , গুণেশ্বৰ দাস , সৰ্বেশ্বৰ পাটগিৰী , জয়ৰাম পাটগিৰী , গুণেশ্বৰ শৰ্মা , গোপীনাথ ডেকা , মণিকান্ত স্বৰ্গীয়াৰী , লক্ষ্মীকান্ত তালুকদাৰ , শান্তিৰাম মেধি , ডাঃ অনন্ত মোহন দাস , নগেন শৰ্মা , চৈবাৰীৰ গুণেশ্বৰ দাস আৰু গৌৰীকান্ত শৰ্মা , প্ৰভাত শৰ্মা আৰু সিন্ধিৰাম পাটগিৰী । ‘৪২ ৰ আন্দোলন বজালীত মূলত ছাত্ৰ আন্দোলন বুলিব পাৰি ।
ছাত্ৰসকলে ইয়াত সক্ৰিয় হোৱাত আন্দোলন তীব্ৰতৰ হৈছিল । বজালীৰ ছাত্ৰসকলে ১২ আগষ্ট তাৰিখে পাটাছাৰকুছিত পাটাছাৰকুছি বিদ্যাপীঠৰ ছাত্ৰ একতা সভাৰ সম্পাদক হৰিণ বৰুৱাৰ নেতৃত্বত পাটাছাৰকুছি পুৰণি হাটখোলাত হৰতাল কৰে । ঠিক তেনেকৈ বজালী হাইস্কুলৰ ছাত্ৰসকলেও পাঠশালাত হৰতাল কৰে । পাটাছাৰকুছিত সেই উপলক্ষে হোৱা সভাত সভাপতিত্ব কৰিছিল ডাঃ হোমেশ্বৰ দেৱচৌধুৰীয়ে আৰু সেই অপৰাধত ১৩ আগষ্টত তেওঁক পাটাছাৰকুছি থানাৰ দাৰোগা তুলাৰাম কেওঁটে গ্ৰেপ্তাৰ কৰে । পাটাৰকুছিৰ বিশ্বশ্বৰ শৰ্মাও গ্ৰেপ্তাৰ হৈছিল ।
পাঠশালাত কংগ্ৰেছ কৰ্মী ৰজনীকান্ত দেৱচৌধুৰী আৰু কেশৱলাল দাসক পুলিচে গ্ৰেপ্তাৰ কৰে । তেতিয়াৰ কলেজীয়া ছাত্ৰ পিছলৈ পাটাছাৰকুছি বিদ্যাপীঠৰ শিক্ষক মোহন চন্দ্ৰ চৌধুৰীয়ে আন্দোলনত ভাগ লৈ গ্ৰেপ্তাৰ হৈছিল ।
পাটাছাৰকুছি থানালৈ বজালীৰ ভিন্ন প্ৰান্তৰ ছাত্ৰসকলক যেতিয়া গ্ৰেপ্তাৰ কৰি অনা হৈছিল তেতিয়া সেইসকল ছাত্ৰক খাদ্যৰ ব্যৱস্থা কৰাৰ দায়িত্ব দিয়া হৈছিল পাটাছাৰকুছি বিদ্যাপীঠৰ পৰৱৰ্তী কালত উপাধ্যক্ষ হোৱা গণেশ দেৱচৌধুৰী , অখিল চন্দ্ৰ গোস্বামী আৰু ৰজত চন্দ্ৰ কলিতা আদি ছাত্ৰক । পিছলৈ এইসকলৰ লগতে নলীকুছিৰ প্ৰভাত চন্দ্ৰ কলিতাইও যোগ দিছিল । ছাত্ৰ সকলক পৰিচালনা কৰাৰ বাবে ভবানন্দ দত্তক অধিনায়ক আৰু সূৰ্যকান্ত চৌধুৰীক সহকাৰী হিচাপে নিয়োগ কৰা হৈছিল ।
‘৪২ ৰ গণ আন্দোলন সমগ্ৰ অসমত আগষ্ট ছেপ্তেম্বৰ মাহত তীব্ৰতৰ হৈ উঠে । ২৫/২৬ আগষ্টত নগাঁওৰ বেবেজীয়াত শান্তি সেনাবাহিনীৰ কলাই কোঁচ আৰু হেমৰাম বৰাক আসাম ৰাইফলছৰ লোকে গুলীয়াই হত্যা কৰা , সেইদিনাই জোঙালবলহু গড়ৰ সমীপত হেমৰাম পাটৰ আৰু গুণাভি বৰদলৈক গুলীয়াই হত্যা কৰা , ২৮ আগষ্টত বাৰপুজীয়াত তিলক ডেকাক হত্যা কৰাৰ প্ৰতিবাদত ১৬ ছেপ্তেম্বৰৰ দিনটো সমগ্ৰ অসমতে “পঞ্চবীৰ দিৱস” হিচাপে পালন কৰা হয় । ইয়াৰ পিছতো ১৮ ছেপ্তেম্বৰত বৰহমপুৰত লক্ষ্মী হাজৰিকা , ঠগীৰাম সুত আৰু বলোৰাম সুত , ২০ ছেপ্তেম্বৰত ৭০ বছৰীয়া ভোগেশ্বৰী ফুকননীক গুলীয়াই হত্যা কৰা হয় । ২০ ছেপ্তেম্বৰত গহপুৰত কনকলতা বৰুৱা আৰু মকুন্দ কাকতিৰ মৃত্যু হয় । সমগ্ৰ অসমত এনে হত্যাকাণ্ডৰ প্ৰতিবাদত নগাঁও দিৱস পালন কৰাৰ সংকল্প লোৱা হ’ল ।
ইতিমধ্যে বজালীত কৰ্ম পৰিষদৰ নেতৃত্বত ৩২ টা সংঘ গঠন কৰি সমান্তৰাল চৰকাৰ গঠন কৰা হৈছিল । ২৫ ছেপ্তেম্বৰত বজালীৰ জালাহ , নিত্যানন্দ , বামুণকুছি আৰু চৌখুটীত চাৰিখন ৰাজহুৱা সভা পাতি নগাঁও দিৱস পালন কৰা হয় । অৱশ্যে বিশেষ কাৰণত বামুণকুছিৰ সভাখন নহ’ল । জালাহৰ সভাত গিৰীশ চন্দ্ৰ চৌধুৰী , নিত্যানন্দত ভাৰত চন্দ্ৰ গোস্বামী আৰু চৌখুটীত নৰকান্ত দাস সভাপতি আছিল ।
নিত্যানন্দ আৰু চৌখুটীৰ সভা চলি থকা সময়ত জালাহত গুলী চালনা হোৱাৰ খবৰ আহিল । জালাহৰ সভাত কেবাহেজাৰ লোক গোট খাইছিল আৰু বক্তাদ্বয় ক্ৰমে ৰজনীকান্ত শৰ্মা ( পাটাছাৰকুছি ) আৰু ভদ্ৰেশ্বৰ দাসে নগাঁও দিৱসৰ কথা ৰাইজক বুজাই থকা সময়তে পাটাছাৰকুছি থানাৰ দাৰোগা তুলাৰাম কেওঁট আৰু তেওঁৰ সহযোগী চালামত আৰু সম্ভুই নিৰস্ত্ৰ লোকক প্ৰথমে লাঠী , হাণ্টাৰ আৰু বেয়নেটেৰে আঘাত কৰি পিছত ৰাইজক ছত্ৰভংগ দিয়াবলৈ তুলাৰামে গুলীচালনা কৰে । গুলীত পেমেৰাম দাস গুৰুতৰভাৱে আহত হোৱাৰ লগতে খৰ্গেশ্বৰ টটলাই বেয়নেটৰ খোঁচ খায় ।
জানকী বালা বৈষ্ণৱিনী আৰু আন তিনিজন ডেকা প্ৰতিবাদীয়ে বন্দুকৰ আগত বুকু পাতি দি ভয়াৰ্ত্ত জনতাক সাহস যোগাইছিল । তুলাৰামে সভাপতি আৰু বক্তাদ্বয়ক গ্ৰেপ্তাৰ কৰি ঘোঁৰা আৰু চাইকেলত উঠাই পাটাছাৰকুছি থানা অভিমুখে গতি কৰে । গুলীচালনাৰ ঘটনা লগে লগে ৰাষ্ট্ৰ হৈ আহিল এনেদৰে —“গুলীচালনা কৰা তুলাৰামসহ তেওঁৰ সহযোগী দুজনক ৰাইজে আটক কৰি ৰাখিছে , এতিয়া ৰাইজ আহি কি শাস্তি দিয়ে দিব লাগে । ”
এই বাতৰি পোৱাৰ লগে লগে ৰাইজ সকলো পিনৰ পৰা জালাহ অভিমুখে ৰাওনা হব ধৰিলে । কিন্তু বাটত ওলোটাহে দেখিলে যে সভাপতি আৰু বক্তা দুজনকহে পুলিচে আনি আছে । ৰাইজ উত্তেজিত হৈ “তুলাৰামৰ মাথা লাগে , তুলাৰামৰ তেজ পিম ” আদি ধ্বনিৰে আগবাঢ়ি গৈ থাকোতে ৰিহাবাৰীত উত্তেজিত জনতা তুলাৰামৰ মুখামুখী হয় । ৰাইজে বন্দী কৰি অনা নেতা তিনিজনক মোকলাই দিয়াৰ দাবী জনাই ।
তুলাৰাম এই দাবীত সৈমান নোযোৱাত ৰাইজ উগ্ৰ হৈ পৰিল আৰু অৱশেষত তুলাৰামে জালাহৰ পিছত দ্বিতীয়বাৰৰ বাবে গুলী চলালে । গুলীত বজালী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ভোগপুৰ গাঁওৰ বলীৰাম বৰ্মনৰ পুত্ৰ মদন বৰ্মন আৰু সাদেৰীৰ বিধৱা ভাবে কোঁচৰ পুত্ৰ ৰাউতা ৰাম কোঁচ গুলীবিদ্ধ হৈ মৃত্যুক সাবতি লয় । তেওঁলোকৰ লগতে, পাঠশালাৰ ছাত্ৰ অৰ্জুন চন্দ্ৰ শৰ্মা , আৰু নৃপেন্দ্ৰ নাথ শৰ্মা , গুণেশ্বৰ শৰ্মা আৰু অভয় শাস্ত্ৰী আদি গুলিবিদ্ধ হয় । গুলী কৰি তুলাৰাম পুনৰ আহি থাকোতে এইবাৰ নিত্যানন্দত উত্তেজিত জনতাক দেখা পাই তৃতীয়বাৰৰ বাবে গুলী চলাই আৰু কালজিৰাপাৰাৰ মেমেৰাম ভড়ালীয়ে গুৰুতৰভাৱে আঠুত আঘাত পায়।
বজালীৰ মুক্তিযুঁজাৰুৰ তালিকা
[List of Freedom Fighters as per Enquiry Report of
Freedom Fighters – 1978, Govt. of Assam]
ক্ৰমিক নং | প্ৰয়াত মুক্তিযুঁজাৰুৰ নাম | ঠিকনা |
১ | মদন দাস (বৰ্মন) শ্ৱহীদ | জালাহ, সাদেৰী |
২ | ৰাউতা কোঁচ (শৰণীয়া) শ্ৱহীদ | সাদেৰী |
৩ | ইউচুফ আলি | পাটাছাৰকুছি |
৪ | ৰামো ৰাম বড়ো | বাঘমাৰা |
৫ | ঘনকান্ত বড়ো | শিলবাৰী, বাঘমাৰা বাজাৰ |
৬ | অভয় চন্দ্ৰ বড়ো | ঐ |
৭ | শৰৎ চন্দ্ৰ বড়ো | পাঠশালা |
৮ | ডা০ নীলকান্ত ভূঁঞা | পাঠশালা |
৯ | কৰুণাকান্ত বায়ন | সৰুপেটা |
১০ | শ্ৰীৰাম চন্দ্ৰ বায়ন | অকয়া |
১১ | পানীমল বেপাৰী | অকয়া |
১২ | ধনীৰাম বেপাৰী | ভৱানীপুৰ |
১৩ | শ্ৰীকান্ত বসুমতাৰী | সাদেৰী |
১৪ | ফটিক চন্দ্ৰ বৈশ্য | ভৱানীপুৰ |
১৫ | নৰম বসুমতাৰী | পশ্চিম ৰিহাবাৰী |
১৬ | শুকনাৰাম ভৰালী | সৰুপেটা |
১৭ | ফণীন্দ্ৰ নাথ চৌধুৰী | ভৱানীপুৰ |
১৮ | ঋষভ চন্দ্ৰ চৌধুৰী | ভৱানীপুৰ |
১৯ | ভগৱান চৌধুৰী | ভৱানীপুৰ |
২০ | ৰেছাব চৌধুৰী | ভৱানীপুৰ |
২১ | ঘনশ্যাম চৌধুৰী | ৰিহাবাৰী |
২২ | কালীকান্ত চৌধুৰী | পিপলা |
২৩ | সূৰ্য কুমাৰ চৌধুৰী | পাঠশালা |
২৪ | গঙ্গাৰাম চৌধুৰী | চৌধুৰীপাৰা (নিত্যানন্দ) |
২৫ | প্ৰিয়নাথ চৌধুৰী | পাঠশালা |
২৬ | ভূপেন্দ্ৰ দাস | বজালী |
২৭ | ভক্তিৰাম চৌধুৰী | বামাখাটা |
২৮ | গঙ্গানাথ চৌধুৰী | পাঠশালা |
২৯ | ভোলানাথ চৌধুৰী | পাঠশালা |
৩০ | হৰেন্দ্ৰ নাথ চৌধুৰী | কাহাৰপাৰা (নিত্যানন্দ) |
৩১ | মোহন চন্দ্ৰ চৌধুৰী | পাটাছাৰকুছি |
৩২ | গোপীনাথ চৌধুৰী | ভৱানীপুৰ |
৩৩ | ধৰণীধৰ চৌধুৰী | ভৱানীপুৰ |
৩৪ | বসন্ত কুমাৰ চৌধুৰী | ভৱানীপুৰ |
৩৫ | দীননাথ চৌধুৰী | ভৱানীপুৰ |
৩৬ | ৰজনী কান্ত চৌধুৰী | পাঠশালা |
৩৭ | গিৰীশ চন্দ্ৰ চৌধুৰী | কাহাৰপাৰা (নিত্যানন্দ) |
৩৮ | ধৰ্মকান্ত চৌধুৰী | বৰবাং |
৩৯ | সূৰ্যকান্ত চৌধুৰী | অকয়া |
৪০ | উমেশ চন্দ্ৰ চৌধুৰী | পাটাছাৰকুছি |
৪১ | হৰেন্দ্ৰ চৌধুৰী | ৰায়পুৰ |
৪২ | ৰাজেন্দ্ৰ চৌধুৰী | ভৱানীপুৰ |
৪৩ | ডা০ হোমেশ্ৱৰ চৌধুৰী | পাটাছাৰকুছি |
৪৪ | ৰজনীকান্ত চৌধুৰী | পাণবাৰী (নিত্যানন্দ) |
৪৫ | সোণাৰাম চৌধুৰী | ভৱানীপুৰ |
৪৬ | কৃপানাথ চৌধুৰী | পাঠশালা |
৪৭ | কনক চন্দ্ৰ চৌধুৰী | গঙ্গাপাৰা (পাঠশালা) |
৪৮ | ভাবিৰাম চৌধুৰী | বৰবাং |
৪৯ | মন্মথ চৌধুৰী | হস্তিনাপুৰ (বামাখাটা) |
৫০ | সদানন্দ চৌধুৰী | বামাখাটা |
৫১ | দেৱেন্দ্ৰ নাথ চৌধুৰী | বৰবাং |
৫২ | ঘনশ্যাম চৌধুৰী | ভৱানীপুৰ |
৫৩ | গণেশ দেৱ চৌধুৰী | পাটাছাৰকুছি |
৫৪ | বিশ্বেশ্বৰ দেৱ চৌধুৰী | সৰিহ চাকলা (পাটাছাৰকুছি) |
৫৫ | সোণেশ্বৰ দেৱ চৌধুৰী | পাণবাৰী (সাদেৰী) |
৫৬ | ডা০ জিনাৰাম দাস (প্ৰাক্তন বিধায়ক) | পাঠশালা |
৫৭ | কামেশ্বৰ দাস (M.Sc.) | বামাখাটা |
৫৮ | ৰামমোহন দাস | সৰুপেটা |
৫৯ | মুৰা ৰাম দাস (পিতৃ: কাশীনাথ) | তিতকা |
৬০ | ৰতিকান্দ দাস (পিতৃ: পুৰন্দৰ) | চাপৰাবড়ী (পাটাছাৰকুছি) |
৬১ | উমাকান্ত দাস (পিতৃ: হৰিৰাম) | সৰুপেটা |
৬২ | সুখীন ৰাম দাস | ভেবলা (জালাহ) |
৬৩ | হলিৰাম দাস | শুকুলাপাৰা (বাঘমাৰা বাজাৰ) |
৬৪ | ডা০ কেশৱ চন্দ্ৰ দাস | ৰতনপুৰ (নিত্যানন্দ) |
৬৫ | মহেন্দ্ৰ নাথ দাস | কাহাৰপাৰা (নিত্যানন্দ) |
৬৬ | গণেশ্ৱৰ দাস (পিতৃ: নাথিৰাম) | মুগুৰীয়া (পাঠশালা) |
৬৭ | আদিৰাম দাস | গণাগাঁও, পাঠশালা |
৬৮ | ভবেন চন্দ্ৰ দাস | চৈবাৰী, অকয়া |
৬৯ | নৰকান্ত দাস | বামাখাটা |
৭০ | অনন্ত মোহন দাস | বাঘমাৰা |
৭১ | পেমোৰাম দাস | বাঘমাৰা |
৭২ | ডা০ নৃপেন্দ্ৰ নাথ দাস | ৰিহাবাৰী, অকয়া |
৭৩ | হৰিমোহন দাস | সৰু মাণিকপুৰ |
৭৪ | কাশীনাথ দাস | পাঠশালা |
৭৫ | সুৰেন্দ্ৰ নাথ দাস | ভবানীপুৰ |
৭৬ | কেশৱলাল দাস | পাঠশালা |
৭৭ | ৰবিৰাম দাস | সাদেৰী |
৭৮ | হৰেন্দ্ৰ নাথ দাস | কলবাৰী |
৭৯ | দয়াৰাম দাস | ডুমুৰীয়া |
৮০ | গণেশ্বৰ দাস | চৈবাৰী, অকয়া |
৮১ | সুবোধ চন্দ্ৰ দাস | চাপৰাবৰী, অকয়া |
৮২ | উপেন্দ্ৰ নাথ দাস | চৈবাৰী, অকয়া |
৮৩ | হৰেন্দ্ৰ নাথ দাস | সৰুপেটা |
৮৪ | (শ্ৰীমতী) ৰোহিণী দাস | চাপৰাবৰী |
৮৫ | কালিচৰণ দাস | পাটাছাৰকুছি |
৮৬ | ভগবান চন্দ্ৰ দাস | ভৱানীপুৰ |
৮৭ | কামেশ্ৱৰ দাস | অকয়া |
৮৮ | কেশৱ চন্দ্ৰ দাস | ৰতনপুৰ |
৮৯ | হৰমোহন দাস | পাঠশালা |
৯০ | (শ্ৰীমতী) সুন্দৰবালা দাস | পাঠশালা |
৯১ | ডা০ খৰ্গেশ্বৰ দাস | গণাগাঁও, পাঠশালা |
৯২ | দেৱেন দাস | কঠালমুৰি ঘাট |
৯৩ | (শ্ৰীমতী) গয়াপ্ৰিয়া দাস | কৰ্দ্দৈগুৰি, সৰুপেটা |
৯৪ | হাঁহিৰাম দাস | পাঠশালা |
৯৫ | ভুবনেশ্ৱৰ দাস | চৈবাৰী, অকয়া |
৯৬ | লক্ষ্মীকান্ত দাস | ভোগপুৰ, বামাখাটা |
৯৭ | অশ্বিনী কুমাৰ দাস | পাঠশালা |
৯৮ | বালাপ্ৰিয়া দাস | গণাগাঁও, পাঠশালা |
৯৯ | লক্ষ্মীকান্ত দাস | গোবিন্দপুৰ |
১০০ | নৰেশ্ৱৰ দাস | পাঠশালা |
১০১ | অশোক চন্দ্ৰ দাস | গোবিন্দপুৰ |
১০২ | যোগেশ চন্দ্ৰ দাস | বিছানকুছি, নিত্যানন্দ |
১০৩ | অৰুণ চন্দ্ৰ দাস | খাগৰাবাৰী, জালাহ |
১০৪ | বিপিন চন্দ্ৰ দাস | পুঠিমাৰী, ওদালগুৰি |
১০৫ | সুবোধ দাস | চাপৰাবৰী |
১০৬ | হৰমোহন দাস | কালজিৰাপাৰা, নিত্যানন্দ |
১০৭ | (শ্ৰীমতী) ঘুনুচা বালা দাস | হকাৰটুপ, ওদালগুৰি |
১০৮ | বিপিন চন্দ্ৰ দাস | পুঠিমাৰী, ওদালগুৰি |
১০৯ | দেৱেন্দ্ৰ নাথ দাস | পুঠিমাৰী, ওদালগুৰি |
১১০ | হৰেন্দ্ৰ নাথ দাস | কলবাৰী, সৰুপেটা |
১১১ | ভদ্ৰেশ্বৰ দাস | জালাহ |
১১২ | গোপীনাথ ডেকা | হেলনা |
১১৩ | ডা০ ধৰ্মেশ্বৰ ডেকা | ৰিহাবাৰী, অকয়া |
১১৪ | পুৰন্দৰ ডেকা | ৰিহাবাৰী, অকয়া |
১১৫ | কৃষ্ণকান্ত ডেকা | সৰুপেটা |
১১৬ | পীতাম্বৰ ডেকা | হেলনা |
১১৭ | ফটিক চন্দ্ৰ ডেকা | ভেবলা, জালাহ |
১১৮ | ৰামচৰণ ডেকা | ভৱানীপুৰ, বৰপেটা |
১১৯ | অভিৰাম ডেকা | আমদহ |
১২০ | অখিল চন্দ্ৰ ডেকা | ভৱানীপুৰ |
১২১ | গোপীনাথ দত্ত | পাঠশালা |
১২২ | উমেশ চন্দ্ৰ দত্ত | পাঠশালা |
১২৩ | পৰশুৰাম দত্ত | তিতকা |
১২৪ | লক্ষ্মী মোহন দত্ত | সাদেৰী |
১২৫ | ভবানন্দ দত্ত | ৰতনপুৰ |
১২৬ | কালীচৰণ দত্ত | পাঠশালা |
১২৭ | হীৰালাল দত্ত | পাঠশালা |
১২৮ | কন্দৰ্প দৰ্জী | ডুমুৰীয়া |
১২৯ | ৰজনীকান্ত দেৱ চৌধুৰী | পাঠশালা |
১৩০ | ভৱনেশ্ৱৰী দেৱী | মুগুৰীয়া |
১৩১ | হোমেশ্বৰ দেৱ চৌধুৰী | পাটাছাৰকুছি |
১৩২ | মোহন চন্দ্ৰ দেৱ চৌধুৰী | পাটাছাৰকুছি |
১৩৩ | নাৰায়ণ গোস্বামী | মুগুৰীয়া |
১৩৪ | কেশৱ চন্দ্ৰ গোস্বামী | কালজিৰাপাৰা, নিত্যানন্দ |
১৩৫ | উমেশ চন্দ্ৰ গোস্বামী | মুগুৰীয়া |
১৩৬ | ডা০ তৰুণ চন্দ্ৰ গোস্বামী | মুগুৰীয়া |
১৩৭ | অখিল গোস্বামী | পাঠশালা |
১৩৮ | গিৰিজা গোস্বামী | জালিখাটা, হেলনা |
১৩৯ | কীৰ্তিনাথ গোস্বামী | পাঠশালা |
১৪০ | চক্ৰেশ্বৰ গোস্বামী | পাঠশালা |
১৪১ | ধনীৰাম গয়াৰী | পশ্চিম ৰিহাবাৰী, বাঘমাৰা |
১৪২ | মনোৰাম হীৰা | কালজিৰাপাৰা, নিত্যানন্দ |
১৪৩ | পং কোঁচ | জালাহ |
১৪৪ | ধনীৰাম কোঁচ | পাঠশালা |
১৪৫ | কালীচৰণ কলিতা | ভালুকী |
১৪৬ | খৰ্গেশ্বৰ কলিতা | সৰুপেটা |
১৪৭ | ভবেন চন্দ্ৰ কলিতা | পাটাছাৰকুছি/চাপ্ৰাবড়ি |
১৪৮ | সুৰেন্দ্ৰ নাথ কলিতা | ভৱানীপুৰ |
১৪৯ | উমেশ চন্দ্ৰ কলিতা | সৰুপেটা |
১৫০ | উমেশ চন্দ্ৰ কলিতা | ভালাগুড়ি, পাটাছাৰকুছি |
১৫১ | কীৰ্তিনাথ কলিতা | চৈবাৰী, পাটাছাৰকুছি |
১৫২ | প্ৰভাত চন্দ্ৰ কলিতা | পাটাছাৰকুছি |
১৫৩ | পূৰ্ণ চন্দ্ৰ কলিতা | ভালুকী |
১৫৪ | ভবেন্দ্ৰ কলিতা | সৰুপেটা |
১৫৫ | পানীৰাম কলিতা | সৰুপেটা |
১৫৬ | গঙ্গাৰাম কলিতা | পাঠশালা |
১৫৭ | ছয়াতী কলিতানী (বাৰেণী বুঢ়ী) | চৌখুটি |
১৫৮ | ধনীৰাম কলিতা | চাপ্ৰাবড়ি, সৰুপেটা |
১৫৯ | ৰজত চন্দ্ৰ কলিতা | পাটাছাৰকুছি |
১৬০ | সোণেশ্বৰী কলিতা | ডুমুৰীয়া |
১৬১ | পুষ্পা কলিতা | বৰবাং |
১৬২ | দনগা কলিতা | বৰবাং |
১৬৩ | খৰ্গেশ্বৰ কলিতা | সৰুপেটা |
১৬৪ | গৰ্গেশ্বৰ কাকতি | মুগুৰীয়া, পাঠশালা |
১৬৫ | সৰ্বানন্দ কলিতা | চৈবাৰী, অকয়া |
১৬৬ | চন্দ্ৰকান্ত কাকতি | চৈবাৰী, অকয়া |
১৬৭ | লোহিত চন্দ্ৰ কাকতি | হাগুৰীগাঁও, বজালী |
১৬৮ | ডা০ কেশৱ চন্দ্ৰ কাকতি | অকয়া |
১৬৯ | কমলাকান্ত কাকতি | কলবাৰী, ভৱানীপুৰ |
১৭০ | চন্দ্ৰকান্ত খাটনিয়াৰ | কুৰোবাহা |
১৭১ | মৰাৰাম কেউট | তিতকা |
১৭২ | কৃষ্ণকান্ত লহকৰ | পাঠশালা |
১৭৩ | দন্তিৰাম মেধি | সৰুপেটা |
১৭৪ | বাপাৰাম মেধি | ডুমুৰীয়া |
১৭৫ | মুকুন্দ মেধি | ভবানীপুৰ |
১৭৬ | হৰিনাৰায়ণ মজুমদাৰ | পাটাছাৰকুছি |
১৭৭ | হাগুৰা মেধি | পাটাছাৰকুছি |
১৭৮ | হৰগোবিন্দ মিস্ত্ৰি মেধি | ডুমুৰীয়া |
১৭৯ | অচ্যুত মহন্ত | বাঘমাৰা |
১৮০ | পূৰ্ণ মহন্ত | বাঘমাৰা |
১৮১ | ভগৱান মহন্ত | চৈবাৰী |
১৮২ | সতীশ চন্দ্ৰ মেম্বৰ | হস্তিনাপুৰ |
১৮৩ | বিদ্যাচৰণ মহাপাত্ৰ | সৰুপেটা |
১৮৪ | শম্ভুৰাম নাথ | জালাহ |
১৮৫ | দূৰ্গেশ্ৱৰ নাথ | জালাহ |
১৮৬ | মিত্ৰৰাম পাঠক | চাপাগুড়ি, পাটাছাৰকুছি |
১৮৭ | ভবিন চন্দ্ৰ পাঠক | সৰুপেটা |
১৮৮ | বিন্তিৰাম পাঠক | সৰুপেটা |
১৮৯ | হৰেকৃষ্ণ পাঠক | সৰুপেটা |
১৯০ | লোহিত পাঠক | সৰুপেটা |
১৯১ | লক্ষ্মীকান্ত পাঠক | অকয়া |
১৯২ | দশৰথ পাঠক | অকয়া |
১৯৩ | গোলক চন্দ্ৰ পাঠক | অকয়া |
১৯৪ | নীলকান্ত পাঠক | সৰুপেটা |
১৯৫ | উমেশ চন্দ্ৰ পাঠক | পাটাছাৰকুছি |
১৯৬ | অৰবিন্দ পাঠক | বাঘমাৰা |
১৯৭ | ধনীৰাম পাঠক | সৰুপেটা |
১৯৮ | সৰ্বেশ্বৰ পাটগিৰি | পাঠশালা |
১৯৯ | লংকেশ্বৰ পাটগিৰি | পাঠশালা |
২০০ | অক্ষয় কুমাৰ পাটগিৰি | পাঠশালা |
২০১ | উপেন্দ্ৰ কুমাৰ পাটগিৰি | সৰুপেটা |
২০২ | ৰোহিনী পাটগিৰি | বামাখাটা |
২০৩ | মোহন চন্দ্ৰ পাটগিৰি | পাঠশালা |
২০৪ | পদ্মা প্ৰিয়া পাটগিৰি | পাঠশালা |
২০৫ | শিকন পাটগিৰি | পাঠশালা |
২০৬ | সিদ্ধেশ্বৰ পাটগিৰি | বামাখাটা |
২০৭ | ফণীধৰ পাল | পুঠিমাৰী |
২০৮ | হৰেন্দ্ৰ ৰয় চৌধুৰী | ৰায়পুৰ |
২০৯ | ভদ্ৰেশ্বৰ ৰয় | জালাহ |
২১০ | হৰমোহন ৰয় | পুঠিমাৰী |
২১১ | পৃথু ৰয় | পুঠিমাৰী |
২১২ | গোটাকিশোৰ ৰয় | ভৱানীপুৰ |
২১৩ | বিশ্বনাথ শৰ্মা | পাটাছাৰকুছি |
২১৪ | ৰামনাথ শৰ্মা | গাড়ীসত্ৰ |
২১৫ | দামোদৰ শৰ্মা | গণাগাঁও |
২১৬ | প্ৰিয়নাথ শৰ্মা | ভোগপুৰ |
২১৭ | গৰ্গনাৰায়ণ শৰ্মা | পাঠশালা |
২১৮ | পদ্মনাথ শৰ্মা | পাঠশালা |
২১৯ | দ্বীপ চৰণ পাঠক | সৰুপেটা |
২২০ | দেৱেন্দ্ৰ নাথ শৰ্মা | বামুণকুছি |
২২১ | মহেশ শৰ্মা | পাঠশালা |
২২২ | ককন চন্দ্ৰ শৰ্মা | পাটাছাৰকুছি |
২২৩ | দেৱীনাথ শৰ্মা | পাটাছাৰকুছি |
২২৪ | তাৰক চন্দ্ৰ শৰ্মা | ধৰমতলা |
২২৫ | মোহিনী শৰ্মা | গণাগাঁও |
২২৬ | ৰজনীকান্ত শৰ্মা | তঙাৰকুৰ/পাটাছাৰকুছি |
২২৭ | পদ্মনাথ শৰ্মা | পাঠশালা |
২২৮ | অনন্তৰাম শৰ্মা | পাঠশালা |
২২৯ | মহেশ্বৰ শৰ্মা | পাঠশালা |
২৩০ | হৰিশ চন্দ্ৰ শৰ্মা | নতুন বৰলা/বাঘমাৰা |
২৩১ | পীতাম্বৰ শৰ্মা | বনগাঁও |
২৩২ | তাৰক চন্দ্ৰ শৰ্মা | ধৰমতলা |
২৩৩ | তাৰক চন্দ্ৰ শৰ্মা | মুগুৰীয়া |
২৩৪ | দেৱকুমাৰ শৰ্মা | বামুণকুছি |
২৩৫ | পীতাম্বৰ কুমাৰ শৰ্মা | গণাগাঁও |
২৩৬ | ৰত্নেশ্বৰ শৰ্মা | নতুন বৰলা |
২৩৭ | পুৰন্দৰ শৰ্মা | গণাগাঁও |
২৩৮ | পুৰন্দৰ শৰ্মা (পিতৃ: পৰশুৰাম) | গণকগাঁও |
২৩৯ | গৌৰীকান্ত শৰ্মা | মুগুৰীয়া |
২৪০ | দেৱীৰাম শৰ্মা | বৰুৱাপাৰা |
২৪১ | পুষ্প চন্দ্ৰ শৰ্মা | ভালুকী |
২৪২ | হৃদয় চন্দ্ৰ শৰ্মা | বামুণকুছি |
২৪৩ | ৰজনী শৰ্মা | বজালী |
২৪৪ | অভয় চন্দ্ৰ শৰ্মা | গণাগাঁও |
২৪৫ | অৰ্জুন চন্দ্ৰ শৰ্মা | পাঠশালা |
২৪৬ | জগন্নাথ শৰ্মা | পাঠশালা |
২৪৭ | কনক চন্দ্ৰ শৰ্মা | গণাগাঁও |
২৪৮ | প্ৰভাত চন্দ্ৰ শৰ্মা | বামুণকুছি |
২৪৯ | হৰেন্দ্ৰ নাথ শৰ্মা | মুগুৰীয়া |
২৫০ | উমেশ চন্দ্ৰ শৰ্মা | মুগুৰীয়া |
২৫১ | নগেন্দ্ৰ নাথ শৰ্মা | মুগুৰীয়া |
২৫২ | যামিনী মোহন শৰ্মা | বামাখাটা |
২৫৩ | ৰমণী প্ৰসাদ শৰ্মা | পাঠশালা |
২৫৪ | নগেন্দ্ৰ নাথ শৰ্মা | বৰভালা |
২৫৫ | মহোদৰ শৰ্মা | মুগুৰীয়া |
২৫৬ | গঙ্গাধৰ শৰ্মা | গণাগাঁও |
২৫৭ | সুৰেন্দ্ৰ নাথ শৰ্মা | মুগুৰীয়া |
২৫৮ | হৰিচন্দ্ৰ শৰ্মা | নতুন বৰলা |
২৫৯ | দামোদৰ শৰ্মা | পাটাছাৰকুছি |
২৬০ | শশীমোহন শৰ্মা | মুগুৰীয়া |
২৬১ | দেৱেশ্বৰ নাথ শৰ্মা | পাঠশালা |
২৬২ | নৰেন্দ্ৰ নাথ শৰ্মা | মুগুৰীয়া |
২৬৩ | প্ৰতাপ চন্দ্ৰ শৰ্মা | ধৰমতলা |
২৬৪ | মাধৱ চন্দ্ৰ শৰ্মা | কটহকুছি |
২৬৫ | ভাৰত শৰ্মা | মুগুৰীয়া |
২৬৬ | ভূপেন্দ্ৰ নাথ শৰ্মা | পানীখাইটি |
২৬৭ | জীৱনানন্দ শৰ্মা | বামুণকুছি |
২৬৮ | ধৰ্মকান্ত শৰ্মা | ভোগপুৰ |
২৬৯ | ললিত চন্দ্ৰ শৰ্মা | কালজিৰাপাৰা |
২৭০ | গঙ্গাধৰ শৰ্মা | মুগুৰীয়া |
২৭১ | অক্ষয় শৰ্মা (পিতৃ: নৰেশ্বৰ শৰ্মা) | পাঠশালা |
২৭২ | কনক চন্দ্ৰ শৰ্মা | বীৰকলা |
২৭৩ | মাধৱ চন্দ্ৰ শৰ্মা | জালিখাটা |
২৭৪ | গোবিন্দ্ৰ চন্দ্ৰ শৰ্মা | পাটাছাৰকুছি |
২৭৫ | চন্দ্ৰপ্ৰভা শইকীয়ানী | পাঠশালা |
২৭৬ | পুৰন্দৰ সিংহ | সৰুপেটা |
২৭৭ | দেৱেন্দ্ৰ বিজয় সিংহ | জালাহঘাট |
২৭৮ | ভাণ্ডা ৰাম (পিতৃ: চক্ৰধৰ) | সৰুপেটা |
২৭৯ | মণিকান্ত স্বৰ্গীয়াৰী | ৰিহাবাৰী, অকয়া |
২৮০ | অভয় চন্দ্ৰ শাস্ত্ৰী | পাঠশালা |
২৮১ | ৰমেশ চন্দ্ৰ শৰ্মা দলৈ | পাঠশালা |
২৮২ | নৰোত্তম শালৈ | পাঠশালা |
২৮৩ | ৰত্নকান্ত তালুকদাৰ | পাঠশালা |
২৮৪ | ফটিক চন্দ্ৰ তালুকদাৰ | ভৱানীপুৰ |
২৮৫ | যোগেশ চন্দ্ৰ তালুকদাৰ | সৰুপেটা |
২৮৬ | হৰকান্ত তালুকদাৰ | বামাখাটা |
২৮৭ | জলেশ্বৰ তালুকদাৰ | বৈৰাগী |
২৮৮ | ৰাজেন্দ্ৰ নাথ তালুকদাৰ | জালাহ |
২৮৯ | গঙ্গাৰাম তালুকদাৰ | পাঠশালা |
২৯০ | নাৰদ চন্দ্ৰ তালুকদাৰ | পাঠশালা |
২৯১ | অমৃত চন্দ্ৰ তালুকদাৰ | মুগুৰীয়া |
২৯২ | পূৰ্ণচন্দ্ৰ তালুকদাৰ | মহাৰাণী |
২৯৩ | মাণিক চন্দ্ৰ তালুকদাৰ | বামাখাটা |
২৯৪ | যোগেশ চন্দ্ৰ তালুকদাৰ | টংলা, ভৱানীপুৰ |
২৯৫ | শান্তিৰাম তালুকদাৰ | কুৰোবাহা, ভৱানীপুৰ |
২৯৬ | পীতাম্বৰ তালুকদাৰ | নিত্যানন্দ |
২৯৭ | যুগল চন্দ্ৰ তালুকদাৰ | নিত্যানন্দ |
২৯৮ | সুধন চন্দ্ৰ তালুকদাৰ | সৰুপেটা |
২৯৯ | ভূতিমালতী তালুকদাৰ | পাঠশালা |
৩০০ | হৰকান্ত তালুকদাৰ | পাঠশালা |
৩০১ | মধু তালুকদাৰ | পাঠশালা |
৩০২ | দুলাল চন্দ্ৰ তালুকদাৰ | বামাখাটা |
৩০৩ | কৃষ্ণকান্ত তালুকদাৰ | বদনকুছি, সাদেৰী |
৩০৪ | লক্ষ্মীকান্ত তালুকদাৰ | পাঠশালা |
৩০৫ | মাণিক চন্দ্ৰ তালুকদাৰ | বামাখাটা |
৩০৬ | ডা০ নাৰায়ণ তালুকদাৰ | চৈবাৰী, সৰুপেটা |
৩০৭ | যাদৱ চন্দ্ৰ তালুকদাৰ | নলীপাৰা |
৩০৮ | শিৱ তালুকদাৰ | পাঠশালা |
৩০৯ | অশধ তালুকদাৰ | পাঠশালা |
৩১০ | ঘনকান্ত তালুকদাৰ | পুঠিমাৰী |
৩১১ | থানেশ্বৰ তালুকদাৰ | ভৱানীপুৰ |
৩১২ | হৰেশ্বৰ তালুকদাৰ | পাঠশালা |
৩১৩ | ভাৰত চন্দ্ৰ ঠাকুৰীয়া | পাঠশালা |
৩১৪ | ৰামমোহন ঠাকুৰীয়া | কুৰোবাহা |
৩১৫ | শিৱ ঠাকুৰীয়া | বামাখাটা |
৩১৬ | ভকত তালুকদাৰ | আমগুৰি, সৰুপেটা |
৩১৭ | দেবেন্দ্ৰ নাথ উজীৰ | চাপৰবড়ী |
৩১৮ | কাশীনাথ তালুকদাৰ | চাপৰবড়ী |
৩১৯ | মহীৰাম দাস (পিতৃ: মদন দাস) | কৰ্দৈগুৰি, সৰুপেটা |
৩২০ | গোপীনাথ ডেকা (পিতৃ: ধনপতি ডেকা) | হেলনা |
৩২১ | কান্তেশ্বৰ দেৱ চৌধুৰী | পাটাছাৰকুছি |
৩২২ | হৰেন্দ্ৰ নাথ শৰ্মা (পিতৃ: চণ্ডীৰাম) | পানীখাইটি |
৩২৩ | ৰোহিত শৰ্মা | বজালী |
৩২৪ | মাধৱ চন্দ্ৰ শৰ্মা | ভালাগুৰি |
৩২৫ | গজেন তহবিলদাৰ | নিত্যানন্দ |
৩২৬ | ডা০ কেশৱ চন্দ্ৰ কাকতি | নিত্যানন্দ |
৩২৭ | গোপীনাথ ডেকা (পিতৃ: ধনপতি ডেকা) | হেলনা |
৩২৮ | মহীৰাম দাস | সৰুপেটা |
৩২৯ | যতীন গোস্বামী | বেজকুছি |
৩৩০ | ভুবনেশ্বৰ বৰ্মন | কালজিৰাপাৰা |
৩৩১ | যোগেশ্বৰী ইজাৰদাৰ | ভালাগুৰি |
৩৩২ | পীতাম্ৱৰ শৰ্মা | ভালুকী |
৩৩৩ | শিৱ শৰ্মা | আমদহ |
৩৩৪ | দেৱেন্দ্ৰ নাথ শৰ্মা | পলহা |
(সংক্ষেপে এনেদৰেই কামৰূপৰ বজালী অঞ্চলৰ ৰাইজ বৃটিছৰ বিৰুদ্ধে সংঘবদ্ধ হৈ সংগ্ৰামৰ পথত অৱতীৰ্ণ হৈছিল। কিন্তু পুৰণি কামৰূপৰ, গোৱালপাৰাৰ, কোচবিহাৰৰ তথা গৰিমাময় অসমৰ ৰাইজে প্ৰকৃততে কেনে ‘স্বাধীনতা’ লাভ কৰিলে – সেই ইতিহাস এতিয়াও সম্ভৱতঃ লেখা হোৱা নাই!)
[ লেখাটোৰ প্ৰথমছোৱা মোৰ অইন এক দেখা ‘ ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত নিৰুদ্দিষ্ট এক মহাবিদ্ৰোহী’ আৰু বজালী সম্পৰ্কীয় তলৰফালে উল্লেখিত লেখাখিনিৰ বাবে বিভিন্ন জনৰ লেখাই হ’ল মূল মেৰুদণ্ড । সেই সকলৰ ওচৰত ঋণী হৈ ৰ’লো; লগতে উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলো যে এই লেখাৰ অন্তিম পেৰাগ্ৰাফত উল্লেখ থকা গুলিবিদ্ধ ছাত্ৰ অৰ্জুন চন্দ্ৰ শৰ্মা (২০০২ চনত মৃত্যুবৰণ কৰে) মোৰ পিতৃ আছিল- লেখক]
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)