-মহাবাহুৰ বিশেষ: |
দেহৰক্ষী নোহোৱাকৈ ভ্ৰমণ কৰে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতিয়ে ভিয়েনাঃ এখন দেশৰ ৰাষ্ট্ৰপতিয়ে কোনো দেহৰক্ষী নোহোৱাকৈ নিজৰ দেশৰ ৰেলষ্টেচনত বিদেশলৈ যাবলগীয়া ৰেলগাড়ীৰ অপেক্ষাত ৰৈ আছে — এনে দৃশ্য কল্পনা কৰিব পাৰিনে? দেশখনৰ ৰাষ্ট্ৰপতিজনৰ নাম আলেকজেণ্ডাৰ ভন দ্যা ব্যালন, তেওঁ অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি, আৰু তেওঁ ভিয়েনাৰ ৰেলষ্টেচনত অইন সাধাৰণ যাত্ৰীৰ দৰেই ইটালীলৈ যাবলগীয়া ৰেলগাড়ীৰ অপেক্ষাত ৰৈ আছে। শুকুৰবাৰে (২২/১১/২০১৯) তেওঁ এনেদৰে ষ্টেচনৰ প্লেটফৰ্মত ৰৈ থকা ছৱি ফেচবুক আৰু টুইটাৰত প্ৰকাশ হোৱাৰ পিছতেই ভাইৰেল হৈ পৰে। ষ্টেচনত ৰাষ্ট্ৰপতিজনৰ হাতত চুটকেছ এটাও আছে। এই ছৱিয়ে অজস্ৰজনৰ ধন্যবাদ সংগ্ৰহ কৰিছে। বহুতেই কৈছে যে এনে ৰাষ্ট্ৰপতি বিৰল।