অসমীয়া নাট্যসাহিত্য : অতীত, বৰ্তমান আৰু ভৱিষ্যত!
অঞ্জন শৰ্মা
নাট্য সাহিত্য হ’ল এক সৃষ্টিশীল কৰ্ম। নাট্যসাহিত্যক পৰিহাৰ কৰি সাহিত্য সম্পূৰ্ণ নহয়। দৃশ্য-শ্ৰৱ্য মাধ্যম হিচাপেও নাট্য সুদূৰ অতীতৰে পৰাই সমাদৃত হৈ আহিছে।
‘অসমীয়া নাট্য সাহিত্য : অতীত, বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক বিষয়ত সাধ্যানুসৰি যৎকিঞ্চিত নিৱেদন কৰাৰ পূৰ্বে সংক্ষেপে অৱগত কৰোৱাৰ লোভ সম্ৱৰণ কৰিব পৰা নাই যে পাঠশালা চহৰৰ ৰেল ষ্টেচনৰ উত্তৰে সংলগ্ন গাঁওখনত মই জন্মলাভ কৰা হেতুকেই, শৈশৱ-কৈশোৰ কালৰে পৰাই নাটকৰ ঢৌৰ ছিটিকণিৰে আমি অহৰহ তিতিছিলো।
কাৰণ, চেমনীয়া কালতেই পিতৃহাৰা হৈ জীৱনৰ নানা ঘাত-প্ৰতিঘাত নেওচি সমগ্ৰ অসমৰ বাবেই অসামান্য অভিনেতা হৈ পৰা নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰীও আমাৰ গাঁৱৰে বাসিন্দা আছিল।
কেৱলমাত্ৰ সেয়াই নহয়, বিদ্যালয়লৈ খোজকাঢ়ি অহা-যোৱা কৰোতেও আমি দৈনিক দুবাৰকৈ অতিক্ৰম কৰিছিলো ভ্ৰাম্যমান থিয়েটাৰৰ মহীৰূহ অচ্যুত লহকৰৰ বাসগৃহ তথা নটৰাজ থিয়েটাৰৰ আখৰাগৃহ। দৈনিক পাৰ হৈছিলো সদা লহকৰৰ নটৰাজ শিল্পী নিকেতনৰ চৌহদ, অসম ষ্টাৰ থিয়েটাৰৰ প্ৰযোজক কুমুদ শৰ্মাৰ নঙলামুখ।
বৰ্তমানেও আমাৰ বাসগৃহৰ উত্তৰে কহিনুৰ থিয়েটাৰ আৰু পশ্চিমে আৱাহন থিয়েটাৰৰ চৌহদ। তাৰোপৰি বিদ্যালয়ৰ দিনবোৰতেই সন্তৰাম চৌধুৰী সোঁৱৰণী একাংকিকা নাট প্ৰতিযোগিতালৈ সমগ্ৰ অসমৰ পৰা অহা বিভিন্ন চৌখিন নাট্যদলৰ নাটক উপভোগ কৰিবলৈও আমি সক্ষম হৈছিলো।
তাৰোপৰি পিছলৈ সহপাঠী হিচাপে পাইছিলো এতিয়াৰ প্ৰখ্যাত অভিনেতা তপন দাস, হিৰণ্য ডেকা আদিক।
“ডিজিটেল যুগ তথা কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত নাট্য সাহিত্যৰ ভৱিষ্যৎ অনিশ্চয়তাৰ সন্মুখীন হোৱা বুলি ভাৱ হ’লেও, প্ৰকৃতাৰ্থত এই যুগে অপাৰ সম্ভাৱনাও কঢ়িয়াই আনিছে। ওজাপালি, পুতলা নাচৰ পৰা যাত্ৰাপাৰ্টিলৈ, অপেৰা পাৰ্টিৰ পৰা ভ্ৰাম্যমান থিয়েটাৰলৈ, মাটিৰ ভেটিৰ পৰা ওখ চাঙলৈ, কাঠেৰে নিৰ্মিত অস্থায়ী ৰঙ্গমঞ্চৰ পৰা স্থায়ী ৰঙ্গমঞ্চলৈ—সময়ে যিদৰে পৰিৱৰ্তন কৰিছিল; যিদৰে ব্ৰজনাথ শৰ্মাই সহ-অভিনয় প্ৰচলন কৰাই পৰিৱৰ্তন সাধন কৰিছিল আৰু জ্যোতিপ্ৰসাদে ‘জয়মতী’ নিৰ্মাণ কৰি পৰিৱৰ্তন আনিছিল—আজি নাট্যকলাও তেনে এক পৰিৱৰ্তনৰ দুৱাৰদলিত উপনীত হৈছে। এই পৰিৱৰ্তনৰ সৈতে অনিবাৰ্যভাৱে নাট্য সাহিত্যও যুক্ত হৈ পৰিছে।“
চন্দ্ৰ চৌধুৰীয়ে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতেই সন্তৰাম চৌধুৰীৰ আহ্ৱানক্ৰমে পাঠশালা নাট্য সমিতিৰ ৰঙ্গমঞ্চত অভিনয় কৰা প্ৰথমখন নাটক আছিল ‘বিজয় বসন্ত’। চন্দ্ৰ চৌধুৰীৰ মুখতেই শুনিছিলো, ১৯৩১ চনত তেওঁ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল অসমৰ নাট্য জগতৰ বিশাল মহীৰূহ ব্ৰজনাথ শৰ্মাৰ।
হয়, ব্ৰজনাথ শৰ্মা।
১৮৯৪ চনত বৰপেটাৰ সমীপৱৰ্তী শিলা গাঁৱত জন্মগ্ৰহণ কৰা ব্ৰজনাথ শৰ্মাই ১৯১৬ চনত কলিকতাত ৪২নং বেঙ্গল ৰেজিমেণ্টত যোগদান কৰি চাকৰি সূত্ৰে মেচ’পটেমিয়া, কেপুৱা, বাগদাদ, কুট আমৰা, বাকুৱা, ভিয়েনা আদিলৈ গৈছিল আৰু ভিয়েনাত থাকোতেই মিঃ জৰ্জ নামৰ এজন সঙ্গীতজ্ঞৰ ওচৰত এবছৰ সঙ্গীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ১৯১৮ চনত তেওঁ বছোৰালৈ বদলি হয় আৰু তাতেই অভিনয় জীৱনৰ পাতনি মেলে।
বছোৰাত ‘ৱেষ্ট বেঙ্গল ড্ৰামাটিক ক্লাৱ’ৰ সদস্য হৈ তেওঁ ‘বাজীৰাও’ নাটকত শংকৰা ৰাওৰ ভাও লয় আৰু তাৰ পিছত ‘চন্দ্ৰগুপ্ত’ নাটকত এণ্টিগোনাচ, ‘মিছৰ কুমাৰী’ত খাৰেব, ‘মোগল-পাঠান’ত শ্বেৰশ্বাহ, ‘ৰাণা প্ৰতাপ’ত শক্তি সিংহ আদিৰ চৰিত্ৰত অভিনয় কৰে। ১৯২১ চনত বিদেশৰ পৰা উভতি আহি তেওঁ জন্মস্থানত আৰম্ভ কৰে ‘শিলা কালিকা অপেৰা পাৰ্টি’ নামৰ যাত্ৰাদল।
এই যাত্ৰাদল আৰম্ভ কৰিয়েই তেওঁ অনুভৱ কৰে যে মঞ্চস্থ কৰিবলৈ উপযুক্ত অসমীয়া নাটক নাই। গতিকে অনুবাদ কৰিলে ‘বাজীৰাও’ আৰু ‘ৰাণাপ্ৰতাপ সিংহ’ অসমীয়ালৈ। ব্ৰজনাথ শৰ্মাই পিছলৈ জড়িত হোৱা ‘দক্ষিণ গণকগাড়ী অপেৰা পাৰ্টি’তো নাটকসমূহ আছিল ধাত্ৰী পান্না, বাচস্পতি, শান্তি, ৰাখী বন্ধন, ৰণজিৎ সিংহ, কালাপাহাৰ ইত্যাদি।
চন্দ্ৰ চৌধুৰীৰ মুখেৰে শুনা মতে, তেওঁ যেতিয়া ১৯৩০ চনত বৰনগৰত ‘কোহিনুৰ অপেৰা পাৰ্টি’ আৰম্ভ কৰে—য’ত চন্দ্ৰ চৌধুৰীয়েও ১৪/১৫ বছৰত যোগ দিছিল, সেই ‘কোহিনুৰ’তো নাটকবোৰ আছিল এনে ধৰণৰ— বেদ উদ্ধাৰ, ভাস্কৰ পণ্ডিত, কালাপাহাৰ, হিন্দুবীৰ, ললিতাদিত্য, পানিপথ, শিৱাজী, গুলেনাৰ, ৰঞ্জিত সিংহ, মৰাণ জীয়ৰী, বাণৰজা, ইত্যাদি। অৰ্থাৎ এইবোৰ নাটকৰো সৰহভাগেই বঙালী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা নাটক আছিল।
জাৰ্মানীৰ সংগ্ৰহালয়ৰ শিলালিপিৰ অধ্যয়নৰ দ্বাৰা ইতিহাসবিদসকলৰ বুজন সংখ্যকে মত পোষণ কৰিছে যে ‘নাটক’ নামৰ অনুষ্ঠানৰ আৰম্ভণি সৰ্বপ্ৰথমে হৈছিল নীল নদীৰ পাৰত। সমাজৰ সকলোকে সহজে আকৰ্ষণ কৰিব পৰা মাধ্যম বা ‘মেডিয়া’ৰ পিতৃপুৰুষ নাটকৰ প্ৰয়োজনতেই সৃষ্টি হ’ল অনন্য সাহিত্য, নাট্য সাহিত্য। সুদূৰ অতীজৰে পৰাই নাটক বা নাট্য সাহিত্যই গল্প, উপন্যাস, কবিতা, গদ্যতকৈ অধিক মনোগ্ৰাহী কলা হিচাপে বিবেচিত হৈ আহিছে।
কিন্তু নাট্য সাহিত্যই যি মৰ্যদাপূৰ্ণ স্থান লাভ কৰিব লাগিছিল, তেনে স্থানত উপৱিষ্ট হ’ব পৰা নাই। হয়তো নাট্য সাহিত্যৰ সৈতে মঞ্চ, অভিনয়, অভিনেতা, পোহৰ, শব্দ আদি বিভিন্ন বিষয় জড়িত হৈ পৰাত সাহিত্যৰ দিশটো যেন অৰ্ন্তলীন হৈ ৰ’ল—আমাৰ শৰীৰত সোমাই থকা হাওফাও বা হৃৎপিণ্ডৰ লেখিয়াকৈ। এয়া বিশেষভাৱে প্ৰযোজ্য আমাৰ অসমত।
সপ্তম শতিকাৰো আগৰে পৰাই অসমত পুতলা নাচ, ঢুলীয়া, ওজাপালি আদি লোকনাটৰ প্ৰচলন আছিল আৰু ১৪৬৮ চনৰ পৰাই নাট্য সাহিত্যৰ লিখিত ৰূপ আৰম্ভ হয়।
অৰ্থাৎ, ‘চিহ্নযাত্ৰা’ নাটকখনৰ দ্বাৰাই অসমৰ প্ৰথমগৰাকী নাট্যকাৰ হিচাপে শ্ৰীমন্ত শংকৰদেৱেই হ’ল অসমীয়া নাট্য সাহিত্যৰ পথ প্ৰদৰ্শক। শ্ৰীশংকৰদেৱে (১) চিহ্নযাত্ৰা, (২) পত্নীপ্ৰসাদ, (৩) কালীয়দমন, (৪) ৰুক্মিণীহৰণ, (৫) পাৰিজাত হৰণ, (৬) কেলিগোপাল, (৭) ৰামবিজয় নাট ৰচনা কৰি নাট্য সাহিত্যৰ যাত্ৰা আৰম্ভ কৰি থৈ গৈছে।
এইকেইখন নাটকৰ উপৰিও ‘জন্মযাত্ৰা’ নামৰ অইন এখন নাটক শ্ৰীশংকৰদেৱে ৰচনা কৰা বুলি শ্ৰীৰামচৰণ ঠাকুৰৰ চৰিত পুথিত উল্লেখ আছে। এই নাটকসমূহ মূলতঃ ভাগৱতৰ ওপৰত আধাৰিত আছিল আৰু তেওঁ ব্ৰজাৱলী মিহলি অসমীয়া ভাষাতহে লিখিছিল।
শংকৰদেৱৰ শিষ্য মাধৱদেৱেও ভাগৱতকেন্দ্ৰিক নাট অৰ্জুনভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভোজন বিহাৰ, ভূমি লুটিৱা আদি নাট ৰচনা কৰে। মাধৱদেৱৰ শিষ্য গোপাল আতাই জন্মযাত্ৰা, নন্দোত্সৱ, উদ্ধৱযান নাটক ৰচনা কৰে। মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ পুত্ৰ দৈত্যাৰি ঠাকুৰে ‘নৃসিংহ যাত্ৰা’ আৰু শ্যামন্ত হৰণ’ ৰচনা কৰে।
এনেদৰে অসমৰ নাট্য সাহিত্যই পোখা মেলিছিল। অসমৰ স্ৱৰ্গদেউ চন্দ্ৰকান্ত সিংহ (১৮২০-১৮২২) ৰ অনুপ্ৰেৰণাত লক্ষ্মীনাথ দাসে ৰচনা কৰে ‘কুমৰ হৰণ’। সেই সময়ত অইন নাটক ৰচনা হৈছিল, যেনে—ৰামচন্দ্ৰ গোঁসাইৰ কংসবধ।
চন্দ্ৰকান্ত সিংহৰ সময়ছোৱাত অসমত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক পৰিস্থিতি নাজল-নাথল হৈ পৰিছিল। মানৰ অকল্পনীয় অত্যাচাৰ, চন্দ্ৰকান্তৰ পৰাজয়, ইংৰাজৰ আগমন—এইবোৰৰ পটভূমিত নাট্য সাহিত্যৰ বিকাশ স্থবিৰ হৈ পৰে।
কিন্তু পিছলৈ ইংৰাজৰ শাসনৰ সময়ত লাহে লাহে অংকীয়া নাটৰ সমান্তৰালকৈ নতুন ধৰণৰ নাটকৰ প্ৰৱাহ আৰম্ভ হয়। উল্লেখযোগ্য ভূমিকা পালন কৰে মিছনাৰীৰ ‘অৰুনোদই’ সম্ৱাদ পত্ৰই। সেই অৰুনোদই-ৰ পৃষ্ঠাতেই খণ্ড খণ্ডকৈ ১৮৫৮ চনৰ মাৰ্চৰ পৰাই প্ৰকাশ হয় গুণাভিৰাম বৰুৱাৰ ‘ৰাম নৱমী’ নাটকখন—যিখন হৈ পৰে আধুনিক অসমীয়া নতুন নাট্যধাৰাৰ প্ৰথমখন নাটক, প্ৰথমখন সামাজিক নাটক।
১৯৬১ চনত প্ৰকাশ হয় হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্ত্তন’। ৰুদ্ৰৰাম বৰদলৈয়ে ১৮৭১ চনত ৰচনা কৰে ‘বঙাল বঙালনী’। লক্ষ্মীনাথ বেজবৰুবাই লেখে ‘লিটিকাই’। আৰম্ভ হয় এক নতুন ধাৰা।
সেইছোৱা সময়ত অসমীয়া ছাত্ৰৰ বাবে কলিকতা উচ্চ শিক্ষাৰ কেন্দ্ৰ হোৱা হেতুকেই অসমীয়া ছাত্ৰই পশ্চিমীয়া ৰীতিৰ ৰঙ্গমঞ্চত ইংৰাজী আৰু বঙালী নাটকৰ দ্বাৰা চেক্সপীয়েৰৰ নাটকৰ ৰসপান কৰিছিল। তাৰেই ফলস্বৰূপে কলিকতাত পঢ়ি থকা ৪ জন ছাত্ৰ ৰত্নধৰ বৰুৱা, গুঞ্জানন বৰুৱা, ঘনশ্যাম বৰুৱা আৰু ৰমাকান্ত বৰকাকতিয়ে চেক্সপীয়েৰৰ ‘কমেডি অব্ এৰৰছ’ অসমীয়ালৈ অনুবাদ কৰিছিল।
ক্ৰমাৎ, চেক্সপীয়েৰৰ নাটকবোৰৰ ভাবানুবাদ, ৰূপান্তৰে অসমীয়া নাটকলৈ বৈচিত্ৰতা আনিলে আৰু কুৰি শতিকাৰ তৃতীয় দশকলৈ চেক্সপীয়েৰৰ ৰীতিয়ে অসমীয়া নাট্য সাহিত্য তথা নাটকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি থাকিল।
ইয়াৰ লগতে ধীৰে ধীৰে অসমীয়া নাট্য সাহিত্যত লাগিবলৈ ধৰিলে ইবছেনৰ বাস্তৱধৰ্মী নাটকৰ বতাহ। যুক্তিবাদী গতিশীল সংলাপে অধিকাৰ কৰিলে অলংকাৰী সংলাপৰ স্থান। তাৰেই ফল হিচাপে পিছলৈ অসমত কেইবাখনো উল্লেখযোগ্য নাটক ৰচনা হয়। ইবছেনৰ প্ৰভাৱৰ লগতে ব্ৰেখটৰ এপিকধৰ্মী নাট্যৰীতিয়েও খুন্দা মাৰে অসমৰ নাট্য সাহিত্যত।
এইবোৰৰ বীজ অংকুৰিত হৈ অসমত ৰচিত হয় আহাৰ (অৰুণ শৰ্মা), মৃগতৃষ্ণা (বসন্ত শইকীয়া), ভিক্ষা (সমৰেন্দ্ৰ নাৰায়ণ দেৱ), সভ্যতাৰ সংকট (মুনিন শৰ্মা), ইত্যাদি।
অইনপিনে, গতানুগতিকতাৰ পৰা ফালৰি কাটি, অসমীয়া নাট্য সাহিত্যক বৰ্ণময় কৰি তোলে জ্যোতিপ্ৰসাদ আগৰৱালাই। ১৯১৭ চনত, তেওঁৰ ১৪ বছৰ বয়সতেই উলিয়ায় ‘শোণিত কুঁৱৰী’। পিছলৈ তেওঁ লিখি উলিয়ায় কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতী কন্যা। সামাজিক নাট, বিশদ নাটকীয় নিৰ্দেশনা, ভিন ভিন পৰিৱেশ সৃষ্টি তেওঁৰ নাটকত পৰিলক্ষিত হয়।
১৯৪০ চন মানৰ পৰাই পৌৰাণিক নাট ৰচনাৰ সুঁতিটো শুকাবলৈ ধৰে আৰু দ্বিতীয় মহাসমৰ তথা স্বাধীনতা আন্দোলনৰ পটভূমিত নাট্য সাহিত্যও প্ৰভাৱান্ৱিত হ’বলৈ ধৰে। সৃষ্টি হয় লভিতা (জ্যোতিপ্ৰসাদ), আহুতি (অতুল চন্দ্ৰ হাজৰিকা), বিয়াল্লিচ-পঞ্চলিচ (গোলোক খাউণ্ড), প্ৰতিবাদ (অনিল চৌধুৰী), কিয় (ফণী শৰ্মা), ইত্যাদি।
এনেদৰেই আহি আহি অসমীয়া নাট্য সাহিত্য জীপাল হ’বলৈ ধৰিলে আৰু নাট্য সাহিত্যৰ সৈনিক হিচাপে অৱতীৰ্ণ হ’ল মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা, অৰূপ চক্ৰবৰ্তী, ৰত্ন ওজা, আব্দুল মজিদ, অখিল চক্ৰৱৰ্তী, বসন্ত শইকীয়া, প্ৰফুল্ল বৰা—ভিন্ন ভিন্ন শৈলীৰে; নাট্য সাহিত্যক সমৃদ্ধ কৰিবলৈ ধৰিলে যুগল দাস, অনিল চৌধুৰী, প্ৰবীৰ মল্ল বৰুৱা, হেমন্ত কুমাৰ শৰ্মা, ৰুদ্ৰ চৌধুৰী, সত্য প্ৰসাদ বৰুৱা, ভৱেন্দ্ৰ নাথ শইকীয়া, গণেশ গগৈ, মুনীন ভূঞা, হিমেন্দ্ৰ কুমাৰ বৰঠাকুৰ, সাৰদা কান্ত বৰদলৈ আদিয়ে।
সত্যপ্ৰসাদ বৰুৱাই উল্লেখযোগ্য অনুবাদ কৰে এণ্টিগনি, ৰজা ইডিপাছ, মেকবেথ। ৰাম গোস্বামীয়ে অনুবাদ কৰে আগাথা ক্ৰিষ্টিৰ ‘মাউচট্ৰেপ’ (পিঞ্জৰা) ইত্যাদি। তাৰোপৰি, অপেশাদাৰী নাট্য গোষ্ঠীসমূহে মঞ্চস্থ কৰা নাট্যৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা আগবঢ়ায় আলি হাইদৰ, বিনোদ শৰ্মা, ৰঞ্জিত শৰ্মা, বিৰিঞ্চি ভট্টাচাৰ্য, জগদীশ পাটগিৰি, শ্যামা প্ৰসাদ শৰ্মাৰ দৰে বহু নাট্যকাৰে।
অসমৰ বহু চহৰত শিক্ষিত লোকসকলে নাটকৰ বিকাশৰ ক্ষেত্ৰত জড়িত হ’বলৈ ধৰাত নাট্যকলাই এক নতুন মাত্ৰা লাভ কৰে।
১৯ শতিকাৰ শেষৰফালে আৰু বিংশ শতিকাৰ আৰম্ভণি কালত অসমৰ বিভিন্ন চহৰত ৰঙ্গমঞ্চ স্থাপন হ’বলৈ ধৰাত নাটকে গুৰুত্ৱ লাভ কৰে। ৰাধানাথ ফুকন, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোঁহাঞিবৰুৱা, ভৱানীচৰণ ভট্টাচাৰ্য, ৰামৰতন চৌধুৰী, মাণিকচন্দ্ৰ বৰুৱা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰুৱা, ৰঘুনাথ চৌধাৰী, নবীন চন্দ্ৰ বৰদলৈ, বেণুধৰ ৰাজখোৱা, শৈলধৰ ৰাজখোৱা, ৰজনীকান্ত বৰদলৈ, চন্দ্ৰধৰ বৰুৱা, ৰাধাকান্ত সন্দিকৈ, দুৰ্গেশ্বৰ শৰ্মা আদিৰ দৰে বিশিষ্ট ব্যক্তিৰ এইক্ষেত্ৰত ভূমিকা স্মৰণীয়।
মঞ্চাভিনয়ত উল্লেখনীয় অৱদান আগবঢ়োৱা নাট্যমঞ্চ হিচাপে পৰিগণিত হ’ল গুৱাহাটীৰ ভাস্কৰ নাট্য মন্দিৰ, আৰ্য নাট্যমঞ্চ, তেজপুৰৰ বাণ থিয়েটাৰ, যোৰহাটৰ এমেচাৰ থিয়েটাৰ, ডুমডুমা ৰঙ্গমঞ্চ, শ্বিলঙৰ আচাম ক্লাৱ, শিৱসাগৰৰ নাট্য মন্দিৰ, বিশ্বনাথ চাৰিআলিৰ বীণাপানী নাট্যমন্দিৰ, বিহপুৰীয়াৰ সন্মিলিত নাট্য সমাজ আৰু ইউনিয়ন থিয়েটাৰ, নাজিৰা নাট্য মন্দিৰ, বৰপেটাৰ তৰুণৰাম ফুকন হল, নলবাৰীৰ নাট্য মন্দিৰ, ইত্যাদি।
এইবোৰৰ ভিতৰত ‘বাণ থিয়েটাৰ’ আৰু ‘শিৱসাগৰ নাট্য মন্দিৰ’-এ শতবৰ্ষ অতিক্ৰম কৰিলে। অসমৰ পুৰণি ৰঙ্গমঞ্চ ‘বাণ ৰঙ্গমঞ্চ’তেই বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ফণী শৰ্মা আদিৰ দৰে মহাৰথীসকলে নাট্যসাধনা কৰিছিল। এই ৰঙ্গমঞ্চত অভিনয় কৰিবলৈ মৌলিক নাটকৰ প্ৰয়োজন হোৱাত নাট্য সাহিত্যৰ বাবেও বিকাশৰ পথ মুকলি হৈ পৰে।
আমি প্ৰত্যক্ষ কৰা অনুসৰি, নাটক তথা নাট্য সাহিত্যৰ বিকাশৰ পথ অমসৃণ হৈ পৰে ৬ বছৰীয়া অসম আন্দোলনৰ সময়ছোৱাত। মঞ্চাভিনয়, নাট্য সাহিত্য, নাট্যানুৰাগৰ স্বাভাৱিক প্ৰৱাহত যেন অস্থিৰতা আহি পৰে। সৰহভাগ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো মৌলিক নাটকৰ স্থান দখল কৰিবলৈ ধৰে হিন্দী বোলছৱি/ধাৰাবাহিক সদৃশ জোৰা-তাপলি মৰা তেনেই সস্তীয়া নাটকে। নাট্যকাৰৰ সংখ্যাও যেন হ্ৰাস পাবলৈ ধৰে।
এনে পৰিস্থিতি বৰ্তি থাকিল পিছলৈও। আজি কিছু বছৰ আগতে এজন উদীয়মান নাট্যকাৰৰ এখন নাটকৰ সংকলন নিখুঁটভাৱে ছপা-বন্ধা কৰি বজাৰত বিক্ৰীৰ বাবে উলিয়াই দি অভিজ্ঞতা হ’ল যে বিগত ৭ বছৰত মাত্ৰ ২০খন গ্ৰন্থ বিক্ৰী হৈছে! অইন এখন নাট্যকলা সম্পৰ্কীয় মৌলিক গ্ৰন্থ বিগত ৬ বছৰত বিক্ৰী হ’ল মাত্ৰ ৩খন! এয়া ব্যক্তিগত অভিজ্ঞতা—যিহেতু মুদ্ৰণ আৰু প্ৰকাশনৰ সৈতে বিগত কেইটামান দশকজুৰি জড়িত হৈ আছো।
গতিকে, নাট্য সাহিত্য কিদৰে ঠন ধৰি উঠিব? যদি নাটক লিখাৰ পিছত মঞ্চস্থ নহয়, নাট্যসাহিত্যৰ গ্ৰন্থ যদি বিক্ৰী নহয়—কিহৰ তাড়ণাত সৃষ্টি হ’ব নতুন নাট্যকাৰ? কিদৰে সৃষ্টি হ’ব নাট্য সাহিত্য?
এনে এক সময় আছিল, যেতিয়া নাট্যকলাই আছিল মনোৰঞ্জনৰ প্ৰধান মাধ্যম। কিন্তু সাম্প্ৰতিক কালত নাট্যকলা প্ৰদৰ্শন হোৱা মঞ্চবোৰ বাদেই, নাটকৰ স্থান দখল কৰা চিনেমা হলবোৰো ক্ৰমাৎ বিবাহ ভৱনলৈ ৰূপান্তৰিত হ’বলৈ ধৰিলে। সহস্ৰ বাহু মেলি প্ৰচণ্ড গতিৰে, অকল্পনীয় শক্তিৰে ডিজিটেল অধ্যায়ে ইণ্টাৰনেটৰ বোকোচাত উঠি প্ৰৱেশ কৰিলে আমাৰ শোৱনিকোঠাত, বৈঠকখানাত, যাত্ৰাপথত, সৰ্বত্ৰত; হাতৰ মুঠিত থকা স্মাৰ্টফোনত উপলব্ধ হ’ল সমগ্ৰ বিশ্ব।
আমাৰ যেন সময় নোহোৱা হৈ পৰিল। কি চোৱা যায়—ইউটিউব নে ইন্সটাগ্ৰাম, ফেচবুক নে হোৱাটচ্এপ, নেটফ্লিক্স নে মেছেঞ্জাৰ, ৰীল নে আমাজন—আঙুলিবোৰ ব্যস্ত হৈ পৰিল! আৰু তেনে সময়তেই দুৰন্ত গতিৰে প্ৰৱেশ কৰিলে ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ বা কৃত্ৰিম বুদ্ধিমত্তা, এনে পৰিস্থিতিৰ সৈতে জড়িত হ’ল ক’ভিদকালীন পৰিস্থিতি।
এইহেন এক পটভূমিত নাট্য সাহিত্য আৰু নাটকৰ অৱস্থা যেন হৈ পৰিল আমি ইতিমধ্যে পাহৰি যোৱা পুৰণি টেপৰেকৰ্ডাৰ, গীতৰ কেছেট, ভিচিপি, ভিচিআৰ, চিডি, পিচিঅ’ আদিৰ দৰে। তাৰ মাজতো যিসকলে নাট্যচৰ্চা কৰি থাকিল—তেওঁলোকৰো সৰহভাগৰেই ‘চখ’ পূৰণ হ’ল, কিন্তু খৰছ হোৱা ধনখিনিও বহুতৰে ঘূৰি নাহিল।
২০০৬ চনৰ জুলাই মাহত ‘অসমীয়া সা-ৰে-গা-মা’ আলোচনীত ‘নাটকৰো নাটকীয় পৰিৱৰ্তন : ভাৰ্চুৱেল ৰিয়েলিটি নাটক’ শীৰ্ষক এটি প্ৰবন্ধ লিখিছিলো। সেই লেখাত উল্লেখ কৰিছিলো,–কৃষি বিপ্লৱ, শিল্প বিপ্লৱ সংঘটিত হৈ যোৱা বিশ্বখনক তৃতীয় বিপ্লৱ ‘প্ৰযুক্তি বিপ্লৱ’-এ ছানি পেলোৱাৰ পটভূমিত অদূৰ ভৱিষ্যতে বিশ্ৱখনৰ যিবোৰ ক্ষেত্ৰ সবাতোকৈ আকৰ্ষণীয় হৈ পৰিব (কৰ্ম সংস্থাপনৰ বিষয়টোও ইয়াৰ লগত জড়িত), তেনে দহোটা ক্ষেত্ৰৰ চতুৰ্থ স্থানত বিশ্ববিখ্যাত ‘টাইম’ (TIME) আলোচনীয়ে স্থান দিছে ‘ভাৰ্চুৱেল ৰিয়েলিটি’ অভিনেতাক। বিভিন্ন ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন উদ্ভাৱন আৰু প্ৰয়োগে যিদৰে কল্পনাতীত পৰিৱৰ্তনৰ সূচনা কৰিছে, মঞ্চ-বোলছৱি-অভিনয়ৰ জগততো তাৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে। শৈশৱৰ পৰা কৈশোৰলৈ, কৈশোৰৰ পৰা বৰ্তমানলৈ আমি ‘নাটক’ বুলিলে যি বুজিছিলো, বৰ্তমানেও যি বুজি আছো, অদূৰ ভৱিষ্যতে সেইবোৰ হয়তো হৈ পৰিব ‘বুঢ়ী আইৰ সাধুকথা’। যোগাযোগৰ ক্ষেত্ৰখনতো ফেক্স, মোবাইল, ইণ্টাৰনেট আদিয়ে যি অকল্পনীয় বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিলে, সেই পৰিৱৰ্তনে নাটক-অভিনয়ৰ জগতলৈও পৰিৱৰ্তনৰ বতাহ বলাবলৈ আৰম্ভ কৰিছে।
আমেৰিকাৰ কেনচাচ বিশ্ববিদ্যালয়ৰ বোলছৱি আৰু মঞ্চ বিভাগৰ অধ্যাপক মাৰ্ক ৰিণীয়ে পেৰিচত দিয়া এক বক্তৃতাৰ এঠাইত এইদৰে কৈছিল—‘ভাৰ্চুৱেল ৰিয়েলিটি নাটকৰ স’তে প্ৰচলিত নাটকৰ শৈলীৰ ভালেমান মিল আছে। এখন নাটকত কৰা অভিনয় আৰু এখন ভাৰ্চুৱেল ৰিয়েলিটি নাটকত কৰা অভিনয়—দুয়োটা অভিজ্ঞতা সময় নিৰ্ভৰ। মনোৰঞ্জন, শিক্ষা, তথ্য-প্ৰচাৰ, জ্ঞান বিতৰণৰ প্ৰয়োজনত নাটকত যিদৰে মঞ্চসজ্জা কৰা হয়, ভাৰ্চুৱেল ৰিয়েলিটি নাটকতো কম্পিউটাৰ আদিৰ সহায়ত কাল্পনিক জগত এখন তৈয়াৰ কৰা হয়। অৰ্থাৎ, দুয়োবিধ নাটকৰ উদ্দেশ্য একেই।
কেনচাচ বিশ্ববিদ্যালয়ত বিগত বহু বছৰ ধৰি ভাৰ্চুৱেল ৰিয়েলিটি নাটকৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই নতুন কিছুমান প্ৰযুক্তিগত কৌশল উদ্ভাৱন কৰা হৈছে যাতে সেইবোৰ মঞ্চৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰা যায়।
সেয়েহে নতুন পথৰ সন্ধান আৰম্ভ হৈছিল। থিয়েটাৰ কোম্পানীসমূহে নতুন নতুন নাট্য সাহিত্য সৃষ্টি কৰিবলৈ মনোনিৱেশ কৰিলে আৰু নাট্যকলাৰ পৰা ৰাজহ আহৰণ কৰিবলৈ প্ৰযুক্তিৰ সহায় লৈ ‘ষ্ট্ৰীমিং প্লেটফৰ্ম’ ব্যৱহাৰ কৰিবলৈ ধৰিলে।
থিয়েটাৰ কোম্পানী ‘ৱাইজ চিল্ড্ৰেন’ৰ ‘ৰোমাণ্টিক্স এনানিমাচ’-অৰ এক ‘ডিজিটেল প্ৰডাকচন’-এ সমগ্ৰ বিশ্বতে ১১০০০ ‘ষ্ট্ৰীমিং পাছ’ বিক্ৰী কৰিবলৈ সক্ষম হ’ল আৰু এই কাৰ্যই ব্ৰিষ্টলৰ ‘ওল্ড ভিক থিয়েটাৰ’ৰ সৰ্বোচ্চ বা সৰ্বাধিক ক্ষমতা ৫ নিশাৰ ভিতৰতে অতিক্ৰম কৰি ৪০৭% মাত্ৰা স্পৰ্শ কৰিলে।
Economist Impact-অৰ এক সমীক্ষা অনুসৰি সমগ্ৰ ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইনত প্ৰতি ৪ জন লোকৰ ভিতৰত এজনে ভাৰ্চুৱেল থিয়েটাৰত অংশ লোৱাৰ বিষয়ে সদৰি কৰিছ। উল্লেখযোগ্য যে ডিজিটেল থিয়েটাৰক প্ৰতিবন্ধী দৰ্শকেও ভালদৰে গ্ৰহণ কৰিছিল।
অইন অইন শৈল্পিক ক্ষেত্ৰসমূহৰ দৰে নাট্য সাহিত্যও সম্প্ৰতি এক অভাবনীয় ৰূপান্তৰৰ দিশে অগ্ৰসৰ হৈছে আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ উন্নতিৰ তালে তালে তাৰ গতিবেগ অধিক বৃদ্ধি পাইছে। ডিজিটেল যুগে সমলৰ সৃষ্টি আৰু বিতৰণৰ ক্ষেত্ৰত গণতান্ত্ৰিকীকৰণ কৰিছে—যাৰ ভিতৰত নাট্যকলাও সোমাই পৰিছে।
‘অনলাইন প্লেটফৰ্ম’ সমূহৰ উদয়ে নাট্যকাৰসকলক তেওঁলোকৰ কৰ্ম ভাগ-বতৰা কৰাৰ নতুন পথ প্ৰদান কৰিছে, যাৰ ফলত পাৰম্পৰিক স্থানসমূহৰ বাহিৰৰ দৰ্শককো নাট্যকৰ্মৰ সোৱাদ দিবলৈ সক্ষম হৈছে। কৰ’না মহামাৰীৰ সময়ত ডিজিটেল স্ক্ৰিপ্ট, ভাৰ্চুৱেল ৰিডিং, আৰু অনলাইন প্ৰদৰ্শন অধিক প্ৰচলিত হৈ পৰিছিল—যি সময়ত অনেক থিয়েটাৰে অস্থায়ীভাৱে নিজৰ প্ৰেক্ষাগৃহ বন্ধ কৰিবলগীয়া হৈছিল আৰু দৰ্শকৰ সৈতে জড়িত হ’বলৈ বিকল্প পদ্ধতি বিচাৰিবলগীয়া হৈছিল।
যি কি নহওক, ডিজিটেল যুগ তথা কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত নাট্য সাহিত্যৰ ভৱিষ্যৎ অনিশ্চয়তাৰ সন্মুখীন হোৱা বুলি ভাৱ হ’লেও, প্ৰকৃতাৰ্থত এই যুগে অপাৰ সম্ভাৱনাও কঢ়িয়াই আনিছে।
ওজাপালি, পুতলা নাচৰ পৰা যাত্ৰাপাৰ্টিলৈ, অপেৰা পাৰ্টিৰ পৰা ভ্ৰাম্যমান থিয়েটাৰলৈ, মাটিৰ ভেটিৰ পৰা ওখ চাঙলৈ, কাঠেৰে নিৰ্মিত অস্থায়ী ৰঙ্গমঞ্চৰ পৰা স্থায়ী ৰঙ্গমঞ্চলৈ—সময়ে যিদৰে পৰিৱৰ্তন কৰিছিল; যিদৰে ব্ৰজনাথ শৰ্মাই সহ-অভিনয় প্ৰচলন কৰাই পৰিৱৰ্তন সাধন কৰিছিল আৰু জ্যোতিপ্ৰসাদে ‘জয়মতী’ নিৰ্মাণ কৰি পৰিৱৰ্তন আনিছিল—আজি নাট্যকলাও তেনে এক পৰিৱৰ্তনৰ দুৱাৰদলিত উপনীত হৈছে। এই পৰিৱৰ্তনৰ সৈতে অনিবাৰ্যভাৱে নাট্য সাহিত্যও যুক্ত হৈ পৰিছে।
এয়া ৰূপান্তৰৰ সময়।
অসমৰ নাট্যকাৰ, প্ৰযোজক, পৰিচালক, অভিনেতা-অভিনেত্ৰী, কলা-কুশলী, অসম নাট্য সন্মিলন, বিভিন্ন নাট্যগোষ্ঠী—সকলো সাজু হ’বৰ হ’ল—নতুন প্ৰযুক্তিক আলিঙ্গন কৰিবলৈ। আমি আন্তৰিকতাৰে ভাবো—এই ক্ষেত্ৰত গুৱাহাটী আই.আই.টি-ৰ সহযোগত অসম নাট্য সন্মিলন, বাণ ৰঙ্গমঞ্চ ইত্যাদিয়ে বাটকটীয়াৰ ৰূপত অৱতীৰ্ণ হ’ব পাৰে।
সামৰণিত মাইক্ৰ’ছফ্টৰ প্ৰতিস্থাপক বিল গেটচ্-অৰ এষাৰ কথা উল্লেখ কৰো। তেওঁ কৈছে—‘এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ আৰম্ভ হৈছে। মই মোৰ জীৱনকালত দুবাৰকৈ মানুহৰ জীৱনধাৰা সলনি কৰি পেলোৱা প্ৰযুক্তিৰ জয়জয়কাৰ দেখিলো—প্ৰথমবাৰ হ’ল মোবাইল আৰু ইণ্টাৰনেটৰ আৰম্ভণি, আৰু দ্বিতীয়বাৰ—কৃত্ৰিম বুদ্ধিমত্তা।’
[সাহিত্য অকাডেমিৰ উদ্যোগত আৰু নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ৰ সহযোগত ২৫.০২.২০২৪ তাৰিখে ‘অসমীয়া নাট্য সাহিত্য : অতীত, বৰ্তমান আৰু ভৱিষ্যত’ সম্পৰ্কে হোৱা আলোচনাত আগবঢ়োৱা বক্তব্যৰ কিঞ্চিৎ জিলিকণি।]
24-02-2024
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)