-* মহাবাহু |
ৱাশ্বিংটন : বজাৰত প্ৰচলিত জনপ্ৰিয় মুখৰোচক খাদ্য ভক্ষণ কৰি শকত হোৱা বা পেটৰ সমস্যাত ভোগা ঘটনা নতুন কথা নহয়, কিন্তু ‘ফাষ্টফুড’ খাই দৃষ্টিশক্তিহীন হোৱা ঘটনাই হতবাক কৰি তুলিছে আমেৰিকাৰ চিকিৎসকসকলক।
ৱাশ্বিংটনৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰই সুদীৰ্ঘ ৭ বছৰ ধৰি নিতৌ ফ্ৰেঞ্চফাই ভক্ষণ কৰি আছিল। দিনত বা ৰাতি, খোৱাৰ নামত একমাত্ৰ ফ্ৰেঞ্চফাই খায়েই সন্তুষ্ট আছিল তেওঁ। অইন কোনো খাদ্য ছাত্ৰজনৰ পছন্দৰ তালিকাত নাছিল। ৰাতিপুৱা টোপনিৰপৰা সাৰ পোৱাৰ লগে লগেই ফ্ৰেঞ্চফাই, দুপৰীয়া টিফিনৰ বাকচতো ফ্ৰেঞ্চফাই। চিকিৎসকসকলে সময়ে সময়ে তেওঁক পৰামৰ্শ দি আহিছিল যে ‘ফাষ্টফুড’ৰপৰা ভৱিষ্যতে বিপদ অনিবাৰ্য। কিন্তু তেওঁ কৰ্ণপাত কৰা নাছিল। ৩ বছৰমান আগতে ছাত্ৰজনৰ শৰীৰত অক্সিজেনৰ অভাৱ ধৰা পৰে—পৰীক্ষা কৰোতে। সেই সময়ত উপসৰ্গ হিচাপে তেওঁৰ শৰীৰ একেবাৰে ক্লান্ত হৈ পৰিছিল। পিছলৈ অইন পৰীক্ষাত ধৰা পৰিছিল যে তেওঁৰ শৰীৰত ভিটামিন বি-১২ অস্বাভাৱিক হাৰত হ্ৰাস পাইছে। ভিটামিনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা চলাওঁতে দেখা যায় যে তেওঁৰ তেজত হিমোগ্ল’বিনৰ মাত্ৰা ক্ৰমশঃ হ্ৰাস পাইছে। অৱশেষত দেখা যায় যে তেজৰ পৰিমাণো অস্বাভাৱিক হাৰত কমিবলৈ ধৰিছে। এইখিনি ধৰা পৰাৰ পিছত দেখা গ’ল যে নতুন উপসৰ্গ হিচাপে তেওঁ চকুৰেও ভালদৰে দেখা নোপোৱা হৈছে। মাত্ৰ কেইমাহমানৰ ভিতৰতেই দৃষ্টিশক্তি হ্ৰাস হৈ হৈ সম্পূৰ্ণভাৱে দুয়োটা চকুৰেই একেবাৰে নেদেখা হৈ পৰে তেওঁ। চিকিৎসকসকলে ঘোষণা কৰিলে যে কোনোপধ্যেই দৃষ্টিশক্তি ওভতাই নাপাব। এই বিষয়টোক কেন্দ্ৰ কৰি ইতিমধ্যে ৱাশ্বিংটনৰ এগৰাকী পুষ্টিবিদে গৱেষণা আৰম্ভ কৰিছে। নিধি প্ৰকাশ নামৰ পুষ্টিবিদগৰাকীয়ে জনাইছে যে দীৰ্ঘদিন ধৰি শৰ্কৰাজাতীয় খাদ্যৰ অভাৱৰ বাবেই কিশোৰজনৰ শৰীৰত ক্যাৰোটিনৰ মাত্ৰা কমি গৈছিল আৰু সেইবাবেই চকুৰ কোষবোৰে সুদীৰ্ঘ ৭ বছৰ পুষ্টি পোৱা নাছিল। একেৰাহে মছলা আৰু তেলযুক্ত খাদ্য নিয়মিতভাৱে ভক্ষণ কৰি থকাৰ ফলত শৰীৰত ওমেগা এচিডৰ পৰিমাণো অত্যধিকভাৱে বাঢ়ি যোৱাত দেহৰ ৰক্তকণিকাত থকা লোহাৰ কণিকাবোৰো ভাঙিবলৈ ধৰিছিল।