-মহাবাহু |
কাঠমাণ্ডু, ১২ মে’, ২০১৯ : মাউণ্ট এভাৰেষ্টত যে ইমান আৱৰ্জনা জমা হৈছে, নেপালে ভাবিবই পৰা নাছিল। আৱৰ্জনাৰ পৰিমাণ দেখি নেপাল শংকিত হৈ পৰিছে। বিগত কিছু বছৰ ধৰি পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট জয় কৰাৰ বাসনা বিদ্যুৎগতিৰে বৃদ্ধি পাইছে। সমগ্ৰ বছৰ ধৰি কোনোবা নহয় কোনোবা দল এভাৰেষ্ট অভিযানলৈ গৈ আছে। দলে দলে অভিযাত্ৰী গৈ এভাৰেষ্টত পেলাই আহিছে টনৰ পিছত টন আৱৰ্জনা। যোৱা এপ্ৰিল মাহৰপৰা এভাৰেষ্ট পৰিষ্কাৰৰ কাম হাতত লৈছে নেপাল চৰকাৰে। কিছু সপ্তাহৰ ভিতৰতেই যি পৰিমাণৰ আৱৰ্জনা এভাৰেষ্টৰপৰা সংগ্ৰহ কৰা হৈছে, সেয়া গম পালে সকলোৰে চকু কপালত উঠিবই।
চাৰি সপ্তাহৰ ভিতৰতেই এভাৰেষ্টৰপৰা ৫০০০ কিলোগ্ৰাম আৱৰ্জনা সংগ্ৰহ কৰা হৈছে। নেপালৰ সৈন্যবাহিনীৰ হেলিকপ্টাৰৰ সাহায্যেৰে সেই আৱৰ্জনা ‘এয়াৰলিফ্ট’ কৰা হৈছে। সেই আৱৰ্জনাৰ ভিতৰত আছে অভিযাত্ৰীসকলে ব্যৱহাৰ কৰা অক্সিজেনৰ চিলিণ্ডাৰ, টিনৰ ‘ক্যান’, প্লাষ্টিকৰ বেগ। তদুপৰি ভালেমান বৰ্জ্য উদ্ধাৰ কৰা হৈছে।
নেপালৰ পৰ্যটন বিভাগৰ সঞ্চালক প্ৰধান দণ্ডুৰাজ ঘিমিৰে জনাইছে যে এভাৰেষ্টক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ নতুন নিয়ম প্ৰচলন কৰা হ’ব। এই নিয়ম অনুসৰি প্ৰতিজন অভিযাত্ৰীয়ে ৮ কিলোগ্ৰাম আৱৰ্জনা এভাৰেষ্টৰ পথ উভতি আহোতে কঢ়িয়াই আনিব লাগিব। এভাৰেষ্টৰ এনে পৰিষ্কাৰকৰণৰ কামত সৈন্যবাহিনীয়ে সহায় কৰাৰ উপৰি শ্বেৰপা আৰু বিভিন্ন চৰকাৰী বিভাগেও হাতে-কামে নামি পৰিব।