-ভাস্কৰজ্যোতি মহন্ত |
এক
চৌপাশে ক’ৰোনাৰ বিভীষিকা। দেশৰ ৰাজধানীতে অক্সিজেনৰ ব্যাপক নাটনি। ফেচবুক খুলিলেই দেখা যায় কাল ক’ৰোনাই প্ৰাণকাঢ়ি নিয়া চিনাকি-অচিনাকিজনৰ অলেখ ফটো, তেওঁলোকৰ আত্মাৰ সদ্গতি কামনাৰে প্ৰাৰ্থনা অথবা মৃতকৰ পৰিয়ালৰ প্ৰতি শোকবাৰ্তা। মৃত্যু সহজ হৈ পৰা এই পৰিৱেশত বিভিন্ন ধৰণৰ চৰ্চা হৈছে। চৰ্চা হৈছে আমি প্ৰকৃতিৰ অন্তহীন উৎসৰ পৰা অহৰহ লৈ থকা একোটা উশাহৰ দামক লৈয়ো। ভেণ্টিলেটৰে হাঁওফাঁওৰ মাধ্যমেৰে শৰীৰক যোগান ধৰিব বিচৰা অক্সিজেন যেতিয়া অকামিলা হৈ পৰা হাঁওফাঁওৰ বাবে শৰীৰে ল’ব নোৱাৰা হৈ আছে, তেতিয়া? তেতিয়াও উপায় আছে। তেতিয়া ই চি এম অ’ৰ জৰিয়তে, অৰ্থাৎ শৰীৰৰ বাহিৰত স্থাপন কৰা এটা মেচিনৰ জৰিয়তে হাঁওফাঁওৰ কামটো কৰাই ৰোগীক অক্সিজেন যোগান ধৰা হয়। পিছে ইয়াৰ বাবে খৰচ হয় দিনে প্ৰায় এক লাখ টকা। এইমছৰ চিকিৎসকেই হিচাপ কৰি দেখুৱাইছে, আমি যদি এক মিনিটত গড়ে বাৰটাকৈ উশাহ লওঁ, তেনেহ’লে প্ৰতিটো উশাহত খৰচ পৰিব প্ৰায় পাঁচ টকা। প্ৰথমবাৰলৈ ক’ৰোনাই উপলব্ধি কৰালে, মানুহৰ উশাহৰো দাম থাকে। পিছে, কেৱল দামেইনে?
দুই
কেৱল দামেই নহয়, উশাহৰ মানৱীয় মূল্যও থাকে। শাহুমাকৰ গুৰুতৰ অসুস্থতা, চিকিৎসাধীন অৱস্থা, আনকি মৃত্যুৰ সময়তো হেঁচা মাৰি ধৰা দুখ-বেজাৰ কাষৰীয়া কৰি থৈ কৰ্তব্য সম্পাদন কৰা এজন আৰক্ষী বিষয়াৰ কাহিনী এয়া। চিকিৎসকে আৰক্ষী বিষয়াজনক বুজাই দিছিল—শাহুমাকৰ শাৰীৰিক সমস্যাবোৰ বাৰ্ধক্যজনিত। চিকিৎসকৰ ফালৰ পৰা সকলো ধৰণৰ চেষ্টা কৰা হৈছে। সেই বয়সত আৰু শৰীৰৰ সেই অৱস্থাত কৃত্ৰিম শ্বাস-প্ৰশ্বাসেৰে বেছিদিন জীয়াই ৰখাটো অসম্ভৱ। এই পৃথিৱীত তেওঁ আৰু বৰ বেছিদিনৰ আলহী নহয়। তেওঁৰ মৃত্যু নিশ্চিত। ভেণ্টিলেটৰৰ সংযোগ বিচ্ছিন্ন কৰিলেই তেওঁ কাহানিও উভতি নহাৰ বাটেৰে গুচি যাব।
চিকিৎসকৰ সৈতে কথা পাতি তেৱোঁ বুজি পাইছিল—এয়া মাথোন কেইটামান মুহূৰ্ত অথবা কেইটামান দিনৰ অপেক্ষাৰ কথা তাৰ পিছতেই সকলো শেষ হৈ যাব। এতিয়া প্ৰকৃতি আৰু বিজ্ঞানৰ টনা-আঁজোৰাত, জীৱন আৰু মৃত্যুৰ মাজত পেণ্ডুলামৰ দৰে দৰে ডুলি আছে তেওঁৰ শাহুমাক। বাস্তৱক স্বীকাৰ কৰি লোৱাৰ সাহসখিনিৰে আৰু এগৰাকী আৰক্ষীয়ে ক’ব নোৱাৰাকৈয়ে মনৰ মাজত কঢ়িয়াই লৈ ফুৰা কঠোৰতাখিনিৰে তেওঁ চিকিৎসকক ভেণ্টিলটৰৰ সংযোগ বিচ্ছিন্ন কৰাৰ অনুমতি দিব পাৰিলেহেঁতেন। কিন্তু নিদিলে। কিয়নো, তেৱোঁ উপলব্ধি কৰে—উশাহৰ মানৱীয় মূল্য বহুত বেছি, লাগিলে সেই উশাহ কৃত্ৰিমেই হওক!
মাক হাস্পতালত ভৰ্তি হোৱাৰে পৰা ঘৰৰ মানুহগৰাকী কিদৰে জঁয় পৰি গৈছে, সেই কথা তেওঁ ভালদৰেই উপলব্ধি কৰিছে। খাৱন-শোৱন প্ৰায় বাদ দিয়া মানুহগৰাকীৰ মুখলৈ চাব নোৱাৰা অৱস্থা। মাকে মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিও মানুহগৰাকীয়ে কিবা এটা মিৰাকল আশা কৰি আছিল। এই যেন হাস্পতালৰ বিছনাৰ পৰা উঠি আহিব, আগৰ দৰেই হাঁহিব, কথা ক’ব…! ঘৰৰ মানুহ গৰাকীৰ এই আচৰণ স্বাভাৱিক। কিয়নো হাইস্কুলৰ ডেওনা পাৰ হোৱাৰ পিছতে পিতৃহাৰা হোৱা মানুহগৰাকীৰ বাবে মাকেই আছিল সকলো। ওৰেটো জীৱন ডেউকাৰে আৱৰি ৰখা সেই মাক কাহানিও উভতি নহাৰ বাটেৰে কোনোবা অচিন মুলুকলৈ চিৰদিনৰ বাবে গুচি যাব—এই সত্যটো মানি ল’বলৈ মানুহগৰাকী সাজু নোহোৱাটোৱে স্বাভাৱিক।
জীৱন এই জটিল সময়খিনিত তেওঁ মানুহগৰাকীৰ কাষত ছাঁটোৰ দৰে থাকিবলৈ পালে আটাইতকৈ বেছি ভাল পালেহেঁতেন। পিছে নিৰ্বাচনী ব্যস্ততাৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। এফালে খাকী পোছাকযোৰে অহৰহ সোঁৱৰাই থকা দায়িত্ব আৰু কৰ্তব্যবোধৰ তাড়না আৰু আনফালে আপোনজনক হেৰুওৱাৰ আশংকাত সেই পোছাকযোৰৰ আঁৰত থকা আৱেগ-অনুভূতিশীল মনটোৰ হাহাকাৰ—এই দুটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাটোৱেই আছিল সেই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছদিনাই তিনিদিনীয়া ভ্ৰমণসূচীৰে তেওঁ নামনি অসমলৈ যাবলগীয়া হ’ল। যোৱাৰ আগমুহূৰ্তত হাস্পতাললৈ গৈ শাহুমাকৰ মুখখন এবাৰ চালে। চিকিৎসকৰ সৈতে কথা পাতিলে আৰু ঘৰৰ মানুহগৰাকীক কৈ গ’ল—‘বাস্তৱক স্বীকাৰ কৰি লোৱাটো ভাল’। পিছে ইমান সহজতে বাস্তৱক স্বীকাৰ কৰি ল’বলৈ মানুহগৰাকী সাজু নাছিল। কিবা এটা মিৰাকল আশা কৰি থকা মানুহগৰাকীয়ে পিছদিনা বৰ আগ্ৰহেৰে তেওঁলৈ ফোন কৰি খবৰটো দিছিল—‘মায়ে চকু মেলিছে।‘ মাক ভাল হৈ উঠিব বুলি মানুহগৰাকীয়ে একধৰণৰ সৰল বিশ্বাস কঢ়িয়াই লৈ ফুৰা কথাটোৱে তেওঁক দুখ দিছিল। তেওঁ ঠিকেই বুজিছিল—বন্তি এগছি নুমাই যোৱাৰ আগমুহূৰ্তত এবাৰ জ্বলি উঠে।
তিনিদিনীয়া ভ্ৰমণ সামৰি নামনি অসমৰ পৰা ঘূৰি অহাৰ দিনা তেওঁ বাহিৰে বাহিৰে হাস্পতাললৈ গ’ল। তেতিয়া নিশা চাৰে আঠ মান বাজিছিল। আৰক্ষীৰ পোছাকতে তেওঁ আই চি ইউত সোমাল আৰু শাহুমাকৰ কাণৰ কাষলৈ গৈ মন্ত্ৰ এটি গুণগুণালে—ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ…। তেওঁ বিশ্বাস কৰে—শব্দ ব্ৰহ্ম। তেওঁ বিশ্বাস কৰে— এই মন্ত্ৰ মাতিলে এক দিব্য জ্যোতি তেওঁৰ শাহুমাকৰ পাৰ্থিৱ শৰীৰত বিলীন হৈ যাব আৰু মুক্তিৰ পথ প্ৰশস্ত হ’ব। তাৰ পিছত তেওঁ শাহুমাকৰ পথানলৈ গ’ল আৰু পদযুগল স্পৰ্শ কৰি সেৱা জনালে। ক’লে—‘আপুনি যাওকগৈ’। চিকিৎসকৰ সৈতে কথা পাতি তেওঁ ইতিমধ্যে বুজি উঠিছিল—বিদায় সমাগত।
পিছদিনা পুৱাই হাস্পতালৰ পৰা খবৰটো আহিল—মনিটৰত জীয়াই থকাৰ ইংগিতসূচক সকলো তৰংগ লাহে লাহে সৰল ৰেখাৰ দৰে হৈ পৰিছে। কেৱল হৃদস্পন্দন আছে। হয়তো সেয়াও সম্ভৱ হৈছে কৃত্ৰিম পেচমেকাৰৰ বাবেহে। তেওঁ লৰালৰিকৈ যাবলৈ সাজু হ’ল। দেখিলে ঘৰৰ মানুহগৰাকীয়ে সোণৰ গহনা পিন্ধি, নিজকে সজাই-পৰাই হাস্পতাললৈ যাবলৈ ওলাইছে। কোনোদিন বাহ্যিকতাক গুৰুত্ব নিদিয়া, সৰল জীৱন যাপনত বিশ্বাসী আৰু বিয়া-সবাহলৈ গ’লেও অলংকাৰ পিন্ধিবলৈ নিবিচৰা মানুহগৰাকীয়ে এইদৰে হাস্পতাললৈ যোৱাৰ সময়ত, তাকো মৃত্যুশয্যাত থকা মাকক শেষবাৰলৈ চাবলৈ যোৱাৰ সময়ত এইদৰে নিজকে সজাই-পৰাই তোলা দেখি তেওঁ স্তম্ভিত হ’ল। লগতে, ঘৰৰ মানুহগৰাকীৰ মানসিক অৱস্থাৰ কথা অনুভৱ কৰি কিছু শংকিতও হ’ল। এটা সময়ত মানুহগৰাকীয়ে তেওঁক সাবটি ধৰি হুকহুকাই কান্দি উঠিল আৰু ক’লে—‘মায়ে মোক সদায় গহনা নিপিন্ধাৰ বাবে গালি পাৰিছিল। আজি শেষবাৰৰ বাবে মাক চাবলৈ ওলাইছোঁ। মায়ে ভাল পাব বাবেই গহনা-গাঁথৰি সকলো পিন্ধিছোঁ।’
এটা সময়ত হয়তো পেচমেকাৰৰ শক্তিও লাহে লাহে কমি আহিল। আই চি ইউৰ মনিটৰত হৃদস্পন্দনৰ তৰংগও সৰল ৰেখাৰ দৰে হৈ পৰিল। ভেণ্টিলেটৰৰ সংযোগ বিচ্ছিন্ন কৰাৰ দৰে এক কঠোৰ আৰু ভাবিলেই কষ্টদায়ক সিদ্ধান্ত নোলোৱাকৈয়ে এটা সময়ত সেই বিদুষী মহিলাই স্বাভাৱিক মৃত্যুক সাবটি ল’লে। এগৰাকী মহীয়সী নাৰীৰ জীৱন ৰথৰ চকৰী স্তব্ধ হৈ পৰিল। এপাহ জীৱন ফুল সৃষ্টিৰ বুকুত সৰি পৰিল, যিপাহ ফুল দুনাই আৰু কেতিয়াও নুফুলে।
সাগৰসম ব্যক্তিত্বৰ অধিকাৰী তেওঁৰ শাহুমাক আছিল সঁচা অৰ্থত এগৰাকী দায়িত্বশীল, সাহসী আৰু আধুনিক মনৰ মহিলা। জ্ঞান অন্বেষমৰ প্ৰতি তেওঁৰ আছিল আজন্ম ধাউতি। আনুষ্ঠানিক শিক্ষা বৰ বেছি নাছিল যদিও খুব কিতাপ পঢ়িছিল তেওঁ। মনৰ দিগন্ত প্ৰসাৰিত কৰিবলৈ অহৰহ যত্ন কৰিছিল আৰু গ্ৰন্থ অধ্যয়নক জীৱনৰ ব্ৰত হিচাপে লৈছিল। তেওঁ আছিল মানৱদৰদী, ধৰ্মপৰায়ণ আৰু সৰবৰহী। জীৱনৰ আদবয়সতে স্বামীক হেৰুওৱাৰ পিছত তেওঁ মৌজাদাৰ হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছিল। সমান্তৰালভাৱে ছটাকৈ সন্তানক মানুহ কৰাৰ দায়িত্বও মূৰ পাতি ল’বলগীয়া হৈছিল। জীৱনৰ শেষ সময়লৈকে অশীতিপৰ শাহুমাকে এই দায়িত্বসমূহ নিয়াৰিকৈ আৰু সফলভাৱে পালন কৰিছিল।
খোল-তাল বজাই এক মাংগলিক পৰিৱেশৰ মাজেৰে শৱদেহটো গাঁৱৰ ঘৰলৈ লৈ যোৱা হ’ল। বিয়লিৰ ভাগত শহুৰ দেউতাকৰ স্মৃতিসৌধৰ কাষতে শাহুমাকৰ চিতাৰ জুইকুৰা জ্বলি উঠিল। পথটোৰ ইপাৰে চিতাৰ জুইকুৰা জ্বলি আছিল, স্মৃতিৰ কুঁকুঁহাবোৰ উৰি আছিল। আৰু পথটোৰ সিপাৰে? বিষাদগধুৰ এটা পদূলিয়ে, উদং হৈ পৰা এখন চোতালে যেন উচুপি আছিল।
শেষকৃত্যৰ নীতি-নিয়মত ব্যস্ত থকাৰ বাবে কিছু সময় ম’বাইলটো চোৱা হোৱা নাছিল তেওঁৰ। শাহুমাকৰ পাৰ্থিৱ শৰীৰটো পঞ্চভূতত বিলীন হৈ থকাৰ পৰতে এবাৰ ম’বাইলটো চাই তেওঁ হঠাৎ উদ্বিগ্ন হৈ পৰিল। এক বিশ্বাসযোগ্য সূত্ৰই হোৱাটছএপত বাৰ্তা পঠিয়াইছে—পিছদিনা বিটিএডিত অনুষ্ঠিত হ’বলগীয়া আৰু এগৰাকী ৰাষ্ট্ৰীয় নেতা উপস্থিত থাকিবলগীয়া গুৰুত্বপূৰ্ণ নিৰ্বাচনী সভাখনত বিঘিনি ঘটোৱাৰ হুংকাৰ এটি উগ্ৰপন্থী সংগঠনৰ। ইমানপৰে দুখৰ বৰষুণত জুৰুলি-জুপুৰি হৈ আছিল তেওঁ। এৰি অহা দিনবোৰৰ অলেখ স্মৃতিয়ে মনৰ মাজত জুমুৰি দি ধৰিছিল তেওঁৰ। মুহূৰ্ততে সেইখিনি একাষৰীয়া কৰি থৈ এইবাৰ তেওঁ হোৱাটছএপ বাৰ্তাটোক লৈ ব্যস্ত হৈ পৰিল। অধঃস্তন বিষয়াক ইটোৰ পিছত সিটো নিৰ্দেশ দিলে। ফোনত সঁহাৰি নোপোৱাৰ বাবে দুই-একক ধমক দিলে। সভাখনলৈ কোন কোন পথেৰে মানুহ আহিব তাৰ সবিশেষ ল’লে। আৰক্ষীৰ উপৰি সেনাবাহিনীৰ সহযোগত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হ’ল। উগ্ৰপন্থীৰ সম্ভাব্য আশ্ৰয়স্থলীত তালাচীৰ ব্যৱস্থা কৰা হ’ল। তেতিয়াও চিতাৰ জুইকুৰা জ্বলি আছিল, দুখৰ বৰষুণজাক পৰি আছিল।
পিছদিনা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। শাহুমাকৰ চিতাৰ কাষৰ পৰা বাহিৰে বাহিৰে তেওঁ মধ্য অসমৰ এখন স্পৰ্শকাতৰ জিলালৈ ৰাওনা হ’ল। জিলাখনত সাম্প্ৰদায়িক সংঘৰ্ষৰ উকমুকনি এটা আছিল। সেয়ে জিলাখনৰ আটাইতকৈ স্পৰ্শকাতৰ থানাকেইখনলৈ গৈ তেওঁ পৰিস্থিতিৰ বুজ ল’লে, আৰক্ষীৰ মনোবল বৃদ্ধি কৰাৰ যত্ন কৰিলে আৰু তেওঁৰ উপস্থিতিৰে দুষ্টচক্ৰক এটি বাৰ্তা দিলে। সাৱধান বাৰ্তা।
নিশাটো তাতে কটাই পিছদিনা তেওঁ উগ্ৰপন্থীৰ সম্ভাব্য আক্ৰমণৰ ভয় থকা পাহাৰীয়া জিলা এখনলৈ গ’ল। জিলাখনৰ দুৰ্গম পাহাৰীয়া অঞ্চলত নিৰ্বাচনী দায়িত্বত নিয়োজিত আৰক্ষীৰ সৈতে ছেটেলাইট ফোনেৰে সংযোগ স্থাপন কৰি তেওঁলোকক অভয় দিলে। আগদিনা হাস্পতালৰ সেই বিশেষ ফোনকলটো অহাৰে পৰা পিছদিনা পাহাৰীয়া জিলাখনত উপস্থিত হোৱালৈকে মাজৰ সময়খিনি তড়িৎ গতিত পাৰ হৈ গৈছিল। ব্যস্ততা, বিষাদগধুৰতা আৰু পৰম্পৰাগত নীতি-নিয়ম— এই সকলোৰে সংমিশ্ৰিত প্ৰভাৱত ভোক-পিয়াহ পাহৰি থকাৰ দৰে হৈছিল তেওঁ। দীৰ্ঘবিৰতিৰ মূৰত তেওঁ প্ৰথমবাৰলৈ কিছু সিদ্ধ আহাৰ গ্ৰহণ কৰিলে। সেই নিশা তেওঁ শোকসাগৰত ডুবি থকা ঘৰখনলৈ ঘূৰি আহিল। শাহুমাকবিহীন ঘৰখনৰ শূন্যতাই সৃষ্টি কৰা সেই কৰুণ পৰিৱেশত বুদ্ধৰ হাতৰ সৰিয়হ মুঠিলৈ তেওঁৰ বৰকৈ মনত পৰিল। সেই নিশাই তেওঁ গুৱাহাটীলৈ উভতিল আৰু বিশেষকৈ বৰাক উপত্যকাত সংঘটিত নিৰ্বাচনকেন্দ্ৰিক এক ঘটনাক ঐ ব্যস্ত হৈ পৰিল। ব্যস্ততাৰ শাম কটালৈ পূবৰ বেলি ওলাওঁ ওলাওঁ হৈছিল। এনেধৰণৰ দুই-এটা বিক্ষিপ্ত ঘটনা বাদ দি ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে পাৰ হৈছিল। কোনোধৰণৰ হানি-বিঘিনি নঘটাকৈ পাৰ হৈছিল বিটিএডিৰ নিৰ্বাচনী সভাখনো।
তিনি
যেতিয়া নিজ সন্তানক হেৰুৱাই আউলি-বাউলি হৈ পৰা এগৰাকী মহিলাই মৃত সন্তানটি জীয়াই দিবলৈ কৈ গৌতম বুদ্ধৰ ওচৰত কাকুতি-মিনতি কৰিছিল, তেতিয়া বুদ্ধই কৈছিল—‘মই আপোনাৰ সন্তানটিক জীয়াই দিম। কিন্তু ইয়াৰ বাবে আপুনি মোক মানুহ নমৰা ঘৰৰ পৰা এমুঠি সৰিয়হ গোটাই দিব লাগিব।‘ বহু চেষ্টা কৰিও মহিলাগৰাকীয়ে সেই সৰিয়হ মুঠি গোটাব পৰা নাছিল। তেওঁ দেখিছিল যে প্ৰতিঘৰ মানুহৰে কোনোবা নহয় কোনোবা মৰিছে। অৰ্থাৎ মানুহ মৰণশীল, জন্মিলে মৃত্যু অনিবাৰ্য। কাল ক’ৰোনাই প্ৰতিদিনে চিনাকি-অচিনাকি অনেকজনক আমাৰ মাজৰ পৰা চিৰদিনলৈ কাঢ়ি নিয়া এই দুৰ্যোগৰ সময়ত, আমি লোৱা প্ৰতিটো উশাহৰ দামক লৈয়ো চৰ্চা হোৱা এই পৰিৱেশত, বুদ্ধৰ হাতৰ সেই সৰিয়হ মুঠি আমাৰ সকলোৰে বাবে সান্তনা হ’ব পাৰে।
[ লেখক অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, ফোন : ৯৪৩৫৫-২৪৫৫৫]