দুইবেলা ভাত
• তনয় চক্ৰৱৰ্তী
বাংলাদেশৰ বগুৰা চহৰৰ কাষৰীয়া অঞ্চলৰ প্ৰাচীৰ, বিদ্যুত পৰিবাহী তাৰৰ খুটাত আঠা লগাই থোৱা এক বিজ্ঞাপনে কিছুদিন ধৰি একপ্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। সেই বিজ্ঞাপন যেতিয়া সামাজিক মাধ্যমত প্ৰচাৰিত হৈ বিয়পি পৰিল, তেতিয়া বিষয়টো দৃষ্টিগোচৰ হয় প্ৰশাসনৰ। কি লেখা আছিল সেই বিজ্ঞাপনত?
এখন ‘এ-ফোৰ'(A 4) আকাৰৰ কাগজত কম্পিউটাৰৰ সহায়ত বাংলা হৰফত লেখা বিজ্ঞাপনটো এনে আছিলঃ ‘ কেৱলমাত্ৰ দুইবেলা ভাতৰ বিনিময়ত পঢ়াবলৈ বিচাৰো ( পুৱা আৰু দুপৰীয়া)’! টিউশ্যন প্ৰাৰ্থী শিক্ষকগৰাকীৰ নাম হ’ল মহম্মদ আলমগীৰ কবীৰ। তেওঁৰ বাসস্থান বগুৰাৰ জহৰুল নগৰত। তেওঁ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ্থীক গণিতৰ বাহিৰে অইন সকলো বিষয়ৰ শিক্ষাদান কৰিবলৈ সাজু বুলিও জনাইছিল। কিন্তু তেওঁৰ টিউশ্যনৰ ক্ষেত্ৰ হ’ব লাগিব জহৰুল নগৰৰ আশে-পাশে। কিন্তু প্ৰাইভেট টিউশ্যন কেন্দ্ৰিক এনে ধৰণৰ বিজ্ঞাপনক লৈ হৈ চৈ লাগিল কিয়?
কবিৰে যদি কেৱলমাত্ৰ প্ৰাইভেট টিউশ্যনৰ বিজ্ঞাপন দিলেহেতেন, তেতিয়া প্ৰশাসনৰ দৃষ্টিত নপৰিলেহেতেন বা চাঞ্চল্যও সৃষ্টি নহলহেতেন। কিন্তু শিক্ষাদানৰ সলনি তেওঁ ধন নিবিচাৰি দুবেলা দুমুঠি খাদ্য বিচৰা হেতুকে সমগ্ৰ বিষয়টো এক ব্যতিক্ৰমী বিষয়ত পৰিণত হ’ল। বিজ্ঞাপনটো প্ৰকাশৰ পিছতেই বাংলাদেশৰ ভালেকেইটা দূৰদৰ্শন চেনেলে কবিৰৰ টেলিফোন নম্বৰ লৈ তেওঁৰ সৈতে যোগাযোগ কৰি সাক্ষাৎকাৰ লয় আৰু চেনেলৰ মুখামুখি হৈ বিষ্ফোৰিত কবিৰে ষ্পষ্টভাৱে জনাই দিয়ে যে ভোকৰ জ্বালা সহ্য কৰিব নোৱাৰি তেওঁ প্ৰাইভেট টিউশ্যন কৰিব বিচাৰিছে। তেওঁ নিজৰ চৰ্তত অটল বুলিও জনাই দিয়ে, কয় যে ‘মোক টকা নালাগে, পুৱা আৰু দুপৰীয়া ভাত দিলেই মই পঢ়াম।’
২০২০ চনত আজিজুল হক কলেজৰ পৰা ৰাষ্ট্ৰবিজ্ঞান বিষয়ত এম-এ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত মহামাৰীৰ পটভূমিত হোৱা লকডাউনৰ বাবে কোনো চৰকাৰী চাকৰিৰ বাবে ইন্টাৰভিউ তেওঁ দিবলৈ সক্ষম হোৱা নাছিল। বেচৰকাৰী কিছুমান সংস্থাৰ পৰা ইন্টাৰভিউৰ বাবে আহ্বান আহিলেও কোনো সংস্থাই তেওঁক চাকৰি দিয়া নাছিল। আবেলি, সন্ধিয়া আৰু নিশাৰ ভাগত তেওঁৰ তিনিটা টিউশ্যন আছে। আবেলি যি ঘৰত তেওঁ পঢ়াবলৈ যায়, তাতেই চাহ খাই লয়। সন্ধিয়া যি ঘৰত পঢ়াবলৈ যায়, সেইঘৰত আগতে তেওঁ টিফিন লাভ কৰিছিল। এতিয়া কবিৰৰ অনুৰোধত সন্ধিয়া আৰু নিশাৰ টিউশ্যনৰ ঘৰত দুবাৰকৈ ভাত খাবলৈ পায়।
নিশাটো পাৰ হ’লেও দিনৰ ভাগত তেওঁ অস্থিৰ হৈ পৰে। কাৰণ ভাতৰ ব্যৱস্থা নাই। ভোকৰ জ্বখলাত ছটফটাই থাকে তেওঁ। সেইবাবেই কোনো বিলাসিতা বা ধনৰ প্ৰয়োজন নাই, পুৱা আৰু দুপৰীয়া কেৱল ভাত পালেই তেওঁ পঢ়াবলৈ সাজু। সকলো মিলাই তেওঁ ৫/৭ টা টিউশ্যন কৰে। মাহৰ শেষত ২৫০০ টকা হাতলৈ আহে যদিও সেইখিনি টকাৰে পুৱা আৰু দুপৰীয়া ভাতৰ যোগাৰ সম্ভৱ নহয়। সেইখিনি টকা তেওঁৰ হাতখৰছ, বিভিন্ন পৰীক্ষাৰ মাচুল, গাড়ী ভাৰাতেই শেষ হৈ যায়।
কবিৰৰ বিজ্ঞাপন ভালেমান দিন ধৰি জহৰুল নগৰত আঠা লাগি থকাৰ পিছত সামাজিক মাধ্যমত প্ৰচাৰিত হয় আৰু তেতিয়া প্ৰশাসনৰ দৃষ্টিত পৰে। যোৱা সোমবাৰে, ০৭-০২-২০২২ তাৰিখে, বগুৰা জিলাৰ পুলিচ অধীক্ষক সুদীপ্ত চক্ৰৱৰ্তীয়ে তেওঁক মতাই আনে আৰু দুঘণ্টামান জেৰা কৰে। কাৰণ, প্ৰশাসনৰ সন্দেহ হৈছিল যে ইয়াৰ অন্তৰালত কিবা কু-অভিসন্ধি থাকিব পাৰে। পুলিচ অধীক্ষক চক্ৰৱৰ্তীক কবিৰে ষ্পষ্টভাৱে জনাই দিয়ে যে ভোকৰ জ্বালাত তেওঁ এই পন্হা ল’বলৈ বাধ্য হৈছে। জিলা পুলিচৰ অপৰাধ দমন শাখাত পৰীক্ষা কৰা হয়, কবিৰৰ পূৰ্বৰ কিবা অপৰাধ আছে নেকি! কিন্তু তাতো একো নাই, কবিৰ নিষ্কলঙ্ক। সকলো পৰীক্ষা কৰি প্ৰশাসন নিশ্চিত হয় যে উচ্চশিক্ষিত হৈও চাকৰি নাপাই ভোকৰ জ্বালাত তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই এনে কাম কৰিছে।
বাংলাদেশৰ শ্ৰম আৰু বাণিজ্য দপ্তৰৰ তৰফৰ পৰা একাধিক শিল্পপতিৰ সৈতে কবিৰৰ চাকৰিৰ বিষয়টোক লৈ যোগাযোগ কৰা হয় আৰু পুলিচৰ ‘নো অবজেক্সন চাৰ্টিফিকেট’ পোৱাৰ পিছত পুলিচৰ দপ্তৰত হাজিৰ হয় বাংলাদেশৰ এগৰাকী বস্ত্ৰ ব্যৱসায়ী। তেওঁ কয় যে লিখিত পৰীক্ষাৰে কবিৰক পৰীক্ষা কৰাৰ পিছত তেওঁ নিজৰ সংস্থাত চাকৰি দিবলৈ আগ্ৰহী। কবিৰে ইতিমধ্যে সেই পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এতিয়া তেওঁ সেই সংস্থাত যোগদানো কৰিলে। কবিৰৰ এই অনবদ্য অধ্যায়ে প্ৰমাণ কৰিলে – বাংলাদেশৰ নিবনুৱা সমস্যা কিমান গভীৰ !