গণতন্ত্ৰ দিৱসৰ চিন্তা
ইন্দুকমল ভূঞা
অসমীয়া মানুহে এনকাউণ্টাৰৰ বিৰুদ্ধে মাত মাতিছে৷ বিশেষকৈ ছাত্ৰ সমাজে Extra Judicial Killing ৰ বিৰুদ্ধে মাত মাতিছে এইটো আটাইতকৈ ডাঙৰ কথা, এনকাউণ্টাৰক লৈ সংবাদমাধ্যমেও চৰ্চা কৰিছে৷
কীৰ্তি কমল বৰাৰ সৈতে সংঘটিত ঘটনাটোৱে আজি অসম আৰক্ষীয়ে ইমান দিনে চলাই অহা এনকাউণ্টাৰ নামৰ নাটকখনৰ স্বৰূপ পোহৰলৈ আনিলে৷ যিদিনা অসমৰ স্বয়ং মূখ্যমন্ত্ৰীজনে এনকাউণ্টাৰ নামৰ ভয়ানক এক সিদ্ধান্ত বীৰদৰ্পে প্ৰকাশ কৰিছিল সেইদিনাই আমি এনকাউণ্টাৰৰ বিৰোধীতা কৰিছিলোঁ৷ এনকাউণ্টাৰ নামৰ এই নাটকখনৰ ফলত এদিন যে নিৰিহ মানুহ, আপুনি-মই আৰক্ষীৰ গুলি বুকুত পাতি দিব লগা হ’ব সেই কথা ইতিমধ্যে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছিলোঁ আৰু সেয়াই হ’ল৷ ইতিমধ্যে অসমত বিগত সময়চোৱাত ৩১ জনকৈ লোকে আৰক্ষীৰ গুলিত প্ৰাণ হেৰুৱাইছে৷ চিৰদিনলৈ ঘূণীয়া হোৱা লোকৰ সংখ্যা তাতোধিক৷ ইয়াৰে কেইবাটাও ঘটনাত কেইবাজনো দাগী অপৰাধীক গুলীবদ্ধ কৰাৰ পৰিবৰ্তে কেইবাটাও ঘটনাত অভিযুক্ত নিৰ্দোষী বুলি দাবী উত্থাপন হৈছে৷
হিন্দী আৰু দক্ষিণ ভাৰতৰ চিনেমাৰ আৰ্হিত কাম কৰি খন্তেকীয়া জনপ্ৰিয়তা অৰ্জন কৰিব বিচৰা অসমৰ কেইজনমান ৰাজনীতিবিদ আৰু কেইজনমান আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ বাবেই আজি অসমখন পুলিচতন্ত্ৰৰ ফালে গতি কৰিছে৷ যিটো অতি ভয়ংকৰ৷ কেইদিনমান পূৰ্বে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন, AFSPA ৰ জৰিয়তে নাগালেণ্ডত কিদৰে সেনাৰ দ্বাৰা নিৰিহ লোকৰ উপৰত হত্যালীলা চলোৱা হ’ল তাক সকলোৱে দেখিছে৷
এইটোৱেই সময়, এদিন মাতৃৰ বাবে ঔষধ আনিবলৈ যাওতেই হওঁক বা অন্য কামত যাওঁতেই হওঁক এনকাউণ্টাৰৰ নামত এদিন কথা ক’লেই দোষী সজাই, ড্ৰাগছ মাফিয়া সজাই, উগ্ৰপন্থী সজাই আৰক্ষীৰ গুলি যাতে আপোনাৰ মোৰ দেহত নালাগেহি তাৰ বাবে আপুনি মই সকলোৱে সমস্বৰে মাত দিয়াৰ প্ৰয়োজন আহি পৰিছে৷ মই পুনৰ উল্লেখ কৰিছোঁ, অসমত গণতন্ত্ৰ থাকিব লাগিব, পুলিচতন্ত্ৰ বা ফেচিবাদী শাসন নহয়৷
আৰু এটা কথা, এইযে অলপ কথাতে কোনো এজন ব্যক্তিক একেদিনাই হিৰ’ সজাই দিয়া হয় আৰু চিনেমাৰ কাইদাৰে কাম কৰিবলৈ লয়, সেইটোও কিন্তু সাংঘাটিক ভয়ংকৰ কথা, প্ৰমাণ..