গৰুৰ মাংস খোৱা কমিলেই অৰণ্য ধ্বংসও কমিব
দিলীপ দৈমাৰী
সমগ্ৰ বিশ্বতে গৰুৰ মাংস খোৱা ২০% কমাই দিলেই আগন্তুক ৩০ বছৰৰ ভিতৰতে অৰণ্য ধ্বংস আৰু গো-পালনৰ সৈতে জড়িত কাৰ্বন নিঃসৰণ আধা কমি যাব!
এনে এক চাঞ্চল্যকৰ তথ্য সদৰি কৰিছে বিজ্ঞান বিষয়ক সাময়িকী ‘নেচাৰ‘ৰ দ্বাৰা প্ৰকাশিত এক গৱেষণাই। বিগত বুধবাৰে, ৪-৫-২০২২ তাৰিখে এই গৱেষণাৰ ফলাফল প্ৰকাশিত হয়।
প্ৰসঙ্গক্ৰমে, কেইমাহমানৰ আগতে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় পেনেলে সতৰ্ক কৰি দিছিল যে বৈশ্বিক উষ্ণতা বৃদ্ধি প্ৰাক-শিল্পযুগতকৈ সৰ্বোচ্চ ডেড় ডিগ্ৰী চেলচিয়াছত সীমাবদ্ধ কৰি ৰাখিবলৈ বিশ্বৰ ক’তো লক্ষ্য অনুযায়ী কাম হোৱা নাই।
বিশ্বত অৰণ্য ধ্বংসৰ বাবে সবাতোকৈ বেছি দায়ী কাৰণসমূহৰ অন্যতম কাৰণ হ’ল গৰুৰ মাংস খোৱা অভ্যাস! কাৰণ ব্ৰাজিলকে ধৰি বহু দেশত প্ৰতিবছৰে গৰুৰ পাম গঢ়ি তুলিবলৈ অৰণ্য ধ্বংস কৰি ভূমি পৰিষ্কাৰ কৰা হয়। আমাজনত প্ৰায়েই জুই জ্বলাই অৰণ্য দাহ কৰা হয় আৰু ইয়াৰ সমান্তৰালভাৱে গৰুৰ পৰা নিঃসৃত বিপুল পৰিমাণৰ মিথেন গেছ হ’ল উষ্ণায়নৰ অন্যতম কাৰণ।
জাৰ্মানীৰ ‘পটাচ্ডাম ইন্সটিটিউট ফৰ ক্লাইমেট ইমপেক্ট ৰিচাৰ্ছ’ৰ বিজ্ঞানী আৰু গৱেষণাৰ প্ৰধান লেখক ফ্লোৰিয়ান হাম্পেনোৰৰে কৈছে, গৰুৰ মাংসৰ বিকল্প তৈয়াৰ হ’লে পৰিৱেশ সুৰক্ষাৰ বাবে বিশেষ সহায়ক হ’ব।
ইয়াৰ আগতে এক গৱেষণাত দেখা গৈছিল, মাইক্ৰো প্ৰোটিন নামৰ মাংসৰ বিকল্প খাদ্য হিচাপে ব্যৱহাৰ কৰিলে পৰিৱেশৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। ইস্পাটৰ টেংকত গ্লুকোজ আৰু অইন উপাদানৰ সৈতে মাটিত সৃষ্টি হোৱা এক বিশেষ চটা( ‘বেংচটা’ জাতীয়) গজাই তুলিলে এক ধৰণৰ খাদ্য উৎপাদিত হয় আৰু সেই খাদ্য মাংসৰ বিকল্প হ’ব পাৰে।
১৯৮০-ৰ দশকত আমেৰিকাত এই খাদ্যৰ প্ৰচলন হয়। এতিয়া এই খাদ্য বহু দেশত পোৱা যায়। পটাচ্ডাম খাদ্যব্যৱস্থাক লৈ অধ্যয়ন কৰা ফ্ৰানজিচ্কা গাউপে কয়, গৰুৰ মাংসৰ বিকল্প হিচাপে মাইক্ৰো প্ৰোটিন ব্যৱহাৰ কৰিলে জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত যে কাৰ্যকৰ হ’ব পাৰে – হামপেনোডৰ তথা তেওঁৰ সহকৰ্মী সকলে প্ৰথমবাৰৰ বাবে এক সুদৃঢ় ধাৰণা আগবঢ়ালে।
গৱেষণাত কোৱা হৈছে, গৰুৰ মাংস খোৱা অভ্যাস ২০% কমাই বিকল্প হিচাপে মাইক্ৰো প্ৰোটিন গ্ৰহণ কৰিলে ২০৫০ চনৰ ভিতৰত মিথেন গেছৰ নিঃসৰণ ১১% কমি যাব পাৰে। তাৰোপৰি অৰণ্য ধ্বংস আৰু তাৰ সৈতে জড়িত দূষণৰ আধা কমি যাব পাৰে।
গৱেষণাৰ মতে, গৰুৰ মাংস খোৱা ৫০% কমাই মাইক্ৰো প্ৰোটিন খাদ্য হিচাপে গ্ৰহণ কৰিলে অৰণ্য উজাৰ কৰা কাৰ্য আৰু কাৰ্বন নিঃসৰণ ৮০% হ্ৰাস পাব। আৰু ৮০% কমাবলৈ সক্ষম হৈ বিকল্প হিচাপে মাইক্ৰো প্ৰোটিন গ্ৰহণ কৰিলে অৰণ্য ধ্বংস আৰু দূষণ ৯০% হ্ৰাস পাব।
উল্লেখযোগ্য যে এই গৱেষণাৰ বিষয়ে প্ৰকাশ কৰা বিজ্ঞান বিষয়ক ‘নেচাৰ’ পত্ৰিকাৰ ১৫০ বছৰ সম্পূৰ্ণ হৈছে ২০১৯ চনতেই।
১২-০৫-২০২২ [ Images are from nature.com]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.
ReplyForward |