-অঞ্জন শৰ্মা |
অসমৰ বিভিন্ন সমস্যাৰ পটভূমিত, আৰু এটা এটা নতুন ঢৌ আহি আগৰ ঢৌবোৰ পাহৰণিৰ গৰ্ভলৈ লৈ গৈ থকাৰ পটভূমিত , তথা ‘দেশপ্ৰেম’ৰ নামত জীৱন উচৰ্গা কৰা তথাকথিত ৰাজনৈতিক নেতাসকলৰ লৰাধপৰা-বিবৃতি-‘ৰোড্-শ্বো’-‘টক্-শ্বো’ আদিৰ পটভূমিত, শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বস্ত শিষ্য চান্দখাঁৰ ‘ঘোষা’আৰু ‘পদ’ মনলৈ কিয়নো আহিল, মই নিজেই আচৰিত!! সেইবাবে সকলোকে বিতৰণ কৰিবলৈ বিচাৰিছো।
মনলৈ অহা তথা চান্দ খাঁই ৰচনা কৰা এটি ৰহস্যময় তত্ত্বপূৰ্ণ বিতোপন গীত আছিল:
ঘোষা:
কিনো গীত গাইলি চান্দে,
ৰে বৰাই কিনো গীত গাইলি চান্দে।
গতুৱা এন্দুকৰ পাৱতে পৰিয়া
বোন্দা বিবলীয়ে কান্দে।।
পদ:
“বাহঁৰে আগতে বেলি চিকেমিকায়
চিলনী কি খাই জীয়ে।
বেজীৰে আগতে ৰান্ধনে- বাঢ়নে
উধানে কি কাপোৰ সীয়ে।।
আমৰে গছৰে তামোল-নাৰিকলে,
কঠালৰ গছতে বেল।।
কবীৰৰ চাৰি ভাই ৰজাৰ হাতী-দাঁত
এন্দুৰৰ গাততে মেল।।
গাই এ গোহালি গিলিলে, বৰাই,
পঘায়ে গিলিলে গৰু।
হাতত লৰু লৈ ৰান্ধনী পলাই গ’ল,
খেদি লৈ গ’ল চৰু।।
বেৰাই বাৰীকে গিলিলে, বৰাই,
দুৱাৰে গিলিলে ঘৰ।
হাতত জপা লৈ চোৰে খেদি গ’লে,
গিৰিহঁত মাৰিলে লৰ।।
চাউলে খুবলি গিলিলে, বৰাই,
তুঁহে উৰুৱালে কুলা।
ৰজাৰে হাতী-দাঁত চিকুটি ছিঙিলে,
কুঠাৰে কাটিলে মূলা।।
সাগৰৰ মাজতে ঘোঁৰাৰ ঠক্-ঠকি
নগৰত বুৰিলে মাৱ।
কহতু চান্দখাঁই এই গীত ৰছিলোঁ
বুজা ভকত ভকতিৰ ভাৱ।।”