জাপানত বিয়া
দিলীপ দৈমাৰী
বিয়া কৰোৱা মানেই খৰছৰ বোজা বঢ়াই লোৱা – সমগ্ৰ বিশ্বতে এনে এক ধাৰণা আছে। কিন্তু বিয়া কৰালে যে চৰকাৰৰ পৰা বুজন পৰিমাণৰ ধন লাভ কৰিব পাৰি, কোনোবাই কেতিয়াবা ভাবিছিল নে?
শুনিবলৈ আচৰিত হ’লেও যোৱা মাহৰ পৰাই জাপানত এনে কান্ড আৰম্ভ হৈছে। এয়া জাপান চৰকাৰৰ এক কল্যাণমুখী প্ৰকল্প। উদ্দেশ্য হ’ল লক্ষ লক্ষ মানুহক বিয়াৰ প্ৰতি আকৃষ্ট কৰা!
বিয়াৰ মাধ্যমেৰে আচলতে জাপান চৰকাৰে দেশখনৰ জনসংখ্যা বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাইছে। যদিও জাপানৰ ফুমিয়ো কিশিদা চৰকাৰে মুখ খুলি সেই প্ৰয়াস সম্পৰ্কে ব্যক্ত কৰা নাই। কেৱল কৈছে, বিয়া কৰালে খৰছ বাঢ়ে হেতুকে কৰ’নি- পৰৱৰ্তী কালত সেই খৰছৰ বোজাৰ পৰা নৱদম্পতীক কিছু সকাহ দিবলৈ চৰকাৰে প্ৰকল্পটো আৰম্ভ কৰিছে।
প্ৰকল্পৰ নামাকৰণ কৰা হৈছে ‘নিউলি ৱেড চাপোৰ্ট প্ৰগ্ৰেম‘।
যিসকলে পৌৰসভা বা চহৰ অঞ্চলত বাস কৰে, তেওঁলোকে এনে প্ৰকল্পৰ সুবিধা পাব। কিন্তু কিয় এনে সিদ্ধান্ত!
চৰকাৰৰ বক্তব্য, বিয়াৰ অৰ্থ হ’ল নতুন জীৱনৰ লগতে নতুন জগতত ভৰি দিয়া। অন্ততঃ টকা-পইচাৰ বাবে যাতে সেই নতুন জীৱনত কোনো ধৰণৰ জটিলতাৰ সৃষ্টি নহয়, সেই কাৰণেই এনে সিদ্ধান্ত লোৱা হৈছে। বিয়াৰ দিনাই নৱদম্পতীৰ যৌথ বেংক একাউণ্টলৈ চৰকাৰৰ চমকপ্ৰদ উপহাৰ হিচাপে আহিব জাপানী মুদ্ৰাৰে ৬ লাখ য়েন!
অৰ্থাৎ, ভাৰতীয় মুদ্ৰাৰে ৩,৬৬,০০০ টকা ( এতিয়া ১ য়েন = ভাৰতৰ ৬১ পইচা)।
জাপান চৰকাৰৰ বক্তব্য, কেৱল নতুন জীৱনত ভৰি দিয়াই নহয়, বিয়া কৰাবলৈও বিপুল পৰিমাণৰ ধন ব্যয় হয়। এই উপহাৰৰ ধন পালেই অনেক যুগলেই বিয়া কৰাই নতুন জীৱনত প্ৰৱেশৰ সপোন দেখিবলৈ আৰম্ভ কৰিব। জাপান চৰকাৰৰ মতে, বিয়াৰ পিছত বহুত নৱদম্পতীয়ে সংসাৰ পাতিবলৈ ভাড়াঘৰত থাকে। এই উপহাৰে তেওঁলোকক কিছু পৰিমাণে হ’লেও সকাহ দিব।
যোৱা ফেব্ৰুৱাৰী মাহত এই সংক্ৰান্তীয় বিজ্ঞপ্তি জাৰী কৰাৰ সময়ত জাপান চৰকাৰে জনাইছিল, এনে প্ৰকল্পৰ সুবিধা লাভ কৰিবলৈ কিছুমান চৰ্ত আছে। যেনে, পাত্ৰ- পাত্ৰী দুয়ো চহৰৰ বাসিন্দা হ’ব লাগিব, চৰকাৰৰ ‘নিউলি ৱেড চাপোৰ্ট প্ৰগ্ৰেম’ত আগতে নাম-ধাম অন্তৰ্ভুক্ত কৰিব লাগিব।
তাৰোপৰি, স্বামী-স্ত্ৰীৰ উভয়ৰে বয়স ৪০ বছৰৰ তলত হ’ব লাগিব। ইয়াৰ বাহিৰেও, দম্পতীৰ সন্মিলিত বাৰ্ষিক আয়ৰ পৰিমাণ ৫৪ লাখ য়েনৰ অধিক হ’ব নালাগিব।
জাপানৰ একাধিক সংবাদ মাধ্যমত প্ৰকল্পটোৰ প্ৰশংসা কৰা হৈছে। সংবাদ মাধ্যমত কোৱা হৈছে, অবিবাহিত হৈ থকা আৰু পলমকৈ বিয়া কৰোৱাৰ প্ৰৱণতাৰ বাবে জাপানত বৰ্তমান নৱজাতকৰ সংখ্যা তেনেই কম।
এখন সংবাদপত্ৰই চৰকাৰৰ ‘ বিশ্বস্ত সূত্ৰ’ৰ উদ্ধৃতি দি কৈছে, চৰকাৰে এনে সুবিধা দিয়াৰ ক্ষেত্ৰত বয়সৰ ঊৰ্দ্ধসীমা বঢ়োৱাৰ বিষয়ে চিন্তা কৰিছে।
ঘটনা হ’ল, এইধৰণৰ প্ৰকল্প জাপানত এয়াই প্ৰথম নহয়। আগতে ৩ লাখ য়েন ‘উপহাৰ’ আছিল, স্বামী-স্ত্ৰীৰ বয়সৰ সীমা ৩৫ বছৰৰ উৰ্দ্ধত হ’ব নালাগিছিল, বাৰ্ষিক আয় ৪৮ লাখ য়েনৰ তলত হ’ব লাগিছিল; এতিয়া নতুন সিদ্ধান্ত অনুসৰি সকলোবোৰ একেকোবে বৃদ্ধি কৰা হৈছে।
কাৰণ আগৰ সুবিধা লাভ কৰিবলৈ আগ্ৰহী হোৱা সকলৰ সংখ্যা তেনেই কম! মে’ মাহৰ দ্বিতীয় সপ্তাহ পৰ্যন্ত জাপানৰ মুঠ ২৮১ খন পৌৰসভা এই প্ৰকল্পৰ লগত জড়িত হৈছে আৰু এই সংখ্যা দেশখনৰ সৰু ডাঙৰ চহৰ মিলাই মুঠ পৌৰসভাৰ মাত্ৰ ১৫% !
27-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.