-মনোজ কুমাৰ ডেকা |
কিছুদিন আগেয়ে বন্ধুৰ সৈতে কথা হৈছিল । বিষয়বস্তু, গাঁঠি । দৈনন্দিন জীৱনত , বিভিন্ন সময়ত আমি বিভিন্ন প্ৰকাৰৰ গাঁঠি মাৰো । গাঁঠিৰ ব্যৱহাৰ কৰোঁ; আৰু, এই গাঁঠিবোৰ ভিন্ন প্ৰকাৰৰ । বিভিন্ন। বেলেগ বেলেগ ।…
(কৈ থকাৰ সময়ত মই জানো, আপোনাৰ অনুভৱে আপোনাক এপাকত মনতো লৈ লৰ মাৰিছে এৰি অহা গাঁৱখনলৈ । য’ত গাঁঠিৰ ব্যৱহাৰ বেছি । কথাৰ গাঁঠিৰ কথা নকোৱেই !)
গাওঁত মানুহে বিভিন্ন ঠাইত, বিভিন্ন কামত বিভিন্ন গাঁঠি মাৰে । জেওৰাখন বান্ধোতে যি গাঁঠি মাৰে, ঘৰৰ ছালখনৰ চিয়াওঁতে সেই গাঁঠি নিদিয়ে । চালৰ গাঁঠি বেলেগ । আকৌ ছালখনৰ ভিন্ন অংশত মৰা গাঁঠিবোৰ বেলেগ বেলেগ । মানুহৰ দৰে । জাতি, জনগোষ্ঠী বা উপজাতি, গোত্ৰ গাঁঠিৰো আছে !…মানে আকাৰ প্ৰকাৰ বেলেগ বেলেগ । ৰং ৰূপ ৰস বেলেগ বেলেগ। মজাৰ । আকৌ, আনফালে যদি চায় দেখিব, পথাৰত ঘাঁহ খোৱাবলৈ নিয়া গাৰুটোৰ শিঙৰ পৰা কানখনত এটা পাক মাৰি দিয়া গাঁঠিটো বেলেগ । বৰ উৎপতিয়া গৰুটোৱেও পতকৈ দৰখ চিগাৰ সাহস গোটাব নোৱাৰে ।
বৰশী চিপটোত মৰা, বৰশীটোত মৰা গাঁঠিটো বা এই পৃথিৱীৰ পৰা অকালতে যাবলৈ ডিঙিত দিয়া ফাঁচীৰ গাঁঠিটোও বেলেগ । মাছ মৰা জালখন বওতে লাহী টান সূতাডালত মাৰি যোৱা গাঁঠিটোও বেলেগ । পেছ আছে তাত । পাহাৰৰ চিনাকি অচিনাকি জনগোষ্ঠীৰ পিঠিত ওলমি থকা, শিলৰ পৰা শাললৈ কঢ়িয়াবা পৰা হোৰাটোৰ গাঁঠিবোৰ বৰ কিবা ধৰণৰ । নিছিগে । নোখোলো । …এবাৰ গাঁঠিলে শেষ ।
এই যে গাঁঠিবোৰ, ই হৈছে চহা জীৱনৰ পৰ্যবেক্ষণ, উদ্ভাৱনৰ বিশুদ্ধ প্ৰতীক । কিন্তু যিকোনো সংবেদনশীল মানুহৰ বাবে চকুপানী ওলোৱা কথাষাৰ হ’ল, ইয়াৰ বিষয়ে ভাবিবলৈ কাৰো আহৰি আজি নাই ।
কিহৰ গাঁঠি…কি গাঁঠি ! কাম নাই আৰু !
কিন্তু, এই যে এই উদ্ভাৱনবোৰ ই সঁচাকৈয়ে এনেকৈ আওকান কৰিব পৰা বিষয় নে ? অনাখৰি অথচ ভীষণ গুণসম্পন্ন আমাৰ পূৰ্বপুৰুষৰ এই উদ্ভাৱনবোৰ য’ত আমি বিচাৰি পাব পাৰো আমাৰ পৰিবেশ, প্ৰকৃতি, ৰীতি নীতি, বিশ্বাস আদিক তাৰ প্ৰতি দেখুওৱা আমাৰ উদাসীনতাই আজি আমাৰ শিপা নোহোৱা কৰিলে । ঠাৰি নোহোৱা কৰিলে । এতিয়া আমি ডলাৰ বগৰিৰ দৰে ! যেনি তেনি নিজস্বতা নোহোৱাকৈ নিজৰ মাটিত বাগৰি ফুৰিব পাৰো !
এয়া মনৰ কথা । বুকুৰ বেথা ।
এৰো এইবোৰ কথা-
মনত পৰিছে আন এটি কথালৈ । এখন সাঁকোৰ কথা কব খুজিছো । সাঁকোখনৰ নিৰ্মান কাৰ্য্যৰ আৰম্ভণি হৈছিল ইংৰাজৰ দিনত । ১৮৪০ চনত ।
মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা প্ৰায় ৬০ কিঃমিঃ আঁতৰত নোহয়েট নামৰ সৰু অথচ মৰমলগা গাঁও এখন পোৱা যায় । ই পৰিষ্কাৰ গাঁও বুলি খ্যাত মৌলিনঙৰ ওচৰত অৱস্থিত । এই গাঁও খনতেই আছে এখনি জীয়া শিপাৰ সাঁকো । …the living root bridge.
নোহয়েট গাঁওৰ তলেৰে বৈ গৈছে ডাইলুং নামৰ নৈ খন । বৰষুণ নিদিয়া সময়ত বা খৰালিৰ সময়ত ভীষণ শান্ত নৈ খনক গাঁওবাসীয়ে এখনি পবিত্ৰ নৈ বুলি মানে । তেওঁলোকৰ মতে ই ভগৱানৰ নদী বা River of God.
এই পবিত্ৰ নৈ খনৰ দুই কাষে ৰবৰ গছ (The ficus elastica : The Indian rubber tree) ৰুই এখন দলঙৰ সপোন দেখিছিল গাঁওখনৰ কেইজনমান দূৰদৰ্শী ব্যক্তিয়ে । প্ৰকৃতিৰ সন্তান, এই লোককেইজনে জানিছিল গছ বন বা প্ৰকৃতিৰ স্বভাৱ । দোষ গুণ । তেওঁলোকে বুজিছিল যে এই গছৰ শিপাৰেই তেওঁলোকে নৈৰ সিপাৰলৈ বুলি বাট বুলিব পাৰিব । মাথো চেষ্টা কৰিব লাগিব বা ধৈৰ্য ধৰিব লাগিব !
তেওঁলোকে কাম আৰম্ভ কৰিলে । অসম আৰু অসমীয়াই তেতিয়া ইংৰাজৰ তলত চতুৰ্দশ বছৰ পাৰ কৰিবলৈ ধৰিছিল । উত্তৰ পূৰ্বাঞ্চলৰ মেঘে ঘৰ সজা দেশৰ কেইজনমান লোকে মাটিৰে বোৱা নৈৰ ওপৰত সাজিবলৈ ধৰিছিল জীয়া শিপাৰ সাঁকোখন ; তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ বাবে । গাঁওৰ বাবে । দহৰ বাবে ।
সপোন ৰুবলৈ ধৰা সেই ব্যক্তি কেইজন আছিল প্ৰয়াত কিৰি খংচাৰ, চংৰুমদাং খংমহৰেম, স্ক’ খংমহৰেম, ৰিত খংলিয়েৰ আদি । এইসকল ব্যক্তিৰ চেষ্টাত পৰৱৰ্তী সময়ত ভগৱানৰ নৈখনৰ ওপৰত টিলটিলকৈ বাঢ়িছিল এখন সপোনৰ সাঁকো …
দুয়োপাৰে ৰুই দিয়া ৰবৰ গছৰ শিপা সযতনে পকাই পকাই জোৰা দিয়া হৈছিল । ভবাৰ দৰে এই কাম সহজ নাছিল । শিপাৰ গঠন, জোৰ কিমান বা শিপাৰ লক্ষণ এই কামৰ বাবে জানিবই লাগিব । ইপিনে গছজোপাই গছৰ দৰেই নিজৰ দায়িত্ব পালন কৰিছিল । বাঢ়ি অহা শিপাই ইডালে সিডালক সাৱটি কপকপিয়া, ছিঙিব নোৱাৰা ওলমা সাঁকোৰ সৃষ্টি কৰিছিল ।
ডাইলুং নৈৰ ওপৰত ক্ৰমশঃ পুৰঠ হব ধৰা দলংখন উপৰোক্ত ব্যক্তিসকলে তেওঁলোকৰ জীৱন কালত ব্যৱহাৰ কৰিব পাৰিলে নে কবলৈ গাওঁত এতিয়া তেনে কোনো ব্যক্তি এতিয়া নাই । গাঁওৰ মানুহে ইয়াকো নাজানে, কেতিয়াৰ পৰা তেওঁলোকৰ সমাজত এনে উপায়েৰে বা এনে পদ্ধতিৰে সাঁকো সজা ব্যৱস্থাৰ উদ্ভৱ হৈছিল …! ( একেই অতীত অৱহেলাৰ নিচাত মছগুল !)
মই বুৰঞ্জী খুচৰি পাইছিলোঁ লেফটেনেন্ট হেনৰী য়ুলেৰ এটি সৰু টোকা । প্ৰকাশ পাইছিল “Asiatic society of Bangal” ত । সেয়া আছিল ১৮৪৪ চনৰ কথা । তাত চাহাবে উল্লেখ কৰিছিল, থলুৱা জনগোষ্ঠীয় সমাজৰ উদ্ভাৱনী শক্তিৰ বিষয়ে, নিৰ্মান বিষয়ত থকা জনগোষ্ঠীয় সমাজৰ দখল বা প্ৰাকৃতিক সমলৰ শুদ্ধ ব্যৱহাৰেৰে জীৱন যাপন কৰা পদ্ধতিৰ বিষয়ে ।
তাৰ পিছত আৰু একো নাই । এতিয়া আনন্দ আছে । টিকট ছপা কৰি অৰ্থ উপাৰ্জনৰ চিন্তা আছে । আৰু একো নাই ।
চেৰাপুঞ্জীকে ধৰি মেঘালয়ৰ আন বহু ঠাইত এনে জীয়া শিপাৰে নিৰ্মিত অনেক দলং দেখা যায় । দেখা যায় চুবুৰীয়া নগালেণ্ডতো । ই স্থানীয় লোকৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থা(Traditional knowledge system)ৰ উজ্জ্বল প্ৰজ্বল উদাহৰণ ।
কেতিয়াবা পাৰিলে যাব । চাব । চেষ্টা কৰিব, কেনেবাকৈ এই ভূখণ্ডৰ লোকৰ উদ্ভাৱনী শক্তিৰ বিষয়ে জানিবলৈ কেনেবাকৈ কিবা আন সমল পাই নেকি উলিয়াবলৈ ! পালে ভাল । আনি বিলালে আৰু ভাল ।
আজিৰ তাৰিখত নোহয়েট গাঁওৰ জীয়া শিপাৰ দলং খনৰ বয়স ১৮০ বছৰ । নিজৰ মানুহৰ উদ্ভাৱনী কৌশলে আজিও নিজৰ কথা নিতৌ হেজাৰজনক কয় । আনন্দ দিয়ে । দিয়ে একাধিক পৰিয়ালক জীয়াই থকাৰ উপায় ।
মই সুযোগ পালেই দৌৰ মাৰো । যাওঁ । চাওঁ । কিয়নো মই শিপা বিচাৰো । শিপাৰ দলং খনৰ দৰেই গৰ্বেৰে শ বছৰ মানুহৰ মনত জীয়াই থাকিব বিচাৰো । কব বিচাৰো আমাৰ জনগোষ্ঠীয় সমাজৰ, আমাৰ সমাজৰ ভাল লগা কথাবোৰ । নিজৰ মানুহৰ গুণবোৰ ।
ভুল কৰিছো নেকি ?