-ডা° সুকৃতি চৌধুৰী |
ল’ৰাজনৰ ঘৰ অসমৰ কোনো এখন জিলা সদৰ টাউনৰ দাতিকাষৰীয়া গাওঁ এখনত ৷ সৰল-সহজ খেতিয়কৰ ঘৰৰ ল’ৰা তেওঁ ৷ দহ নে বাৰ বছৰত দেউতাকৰ মৃত্যু হোৱাত ল’ৰাজনে পঢ়াৰ লগতে হালৰ খুটিটো ধৰিছিল ৷ পঢ়াত বেয়া নাছিল ৷ হাল-কোৰ বাই কঠোৰ পৰিশ্ৰম কৰি তাৰ পিছতো তেওঁ মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী (কমাৰ্চ) প্ৰথম বিভাগতে পাছ কৰিছিল ৷ এইবাৰ তেওঁ জিলা সদৰৰ ডাঙৰ কলেজ খনত ‘বি কম’ পঢ়িবলৈ নামভৰ্তি কৰিলে ৷ তেওঁ হায়াৰ চেকেণ্ডেৰীও ইয়াতে পঢ়িছিল ৷ তেওঁৰ লগতে পঢ়া এজনী ছোৱালী সেই তেতিয়াৰে পৰাই তেওঁৰ ভাল লাগিছিল ৷ তাইৰ লগত বন্ধুত্ব হৈছিল ৷ পাকে-প্ৰকাৰে তাইক ভালপোৱাৰ কথা জনাবলৈ চেষ্টা কৰিছিল যদিও তাই বৰ এটা গুৰুত্ব দিয়া নাছিল ৷ এনেকৈয়ে তাহাতে ‘বি কম’ পাছ কৰিলে ৷ ল’ৰাটো আৰু ছোৱালীজনী দুয়োটাই গুৱাহাটী বিশ্ববিদ্যালয়ত ‘এম কম’ পঢ়িবলৈ আহিল ৷ ছোৱালীজনীয়ে বিশ্ববিদ্যালয়ৰ চিৰিত বা কেন্টিনত বহি তাৰ সৈতে ঘন্টাৰ পিছত ঘন্টা আড্ডা দিব ৷ কিন্ত ভাল পাওঁ বুলি নকয় ৷ সৰল প্ৰকৃতিৰ শান্ত ল’ৰাটোৱে তাইক লৈ সপোন দেখাৰ বাদে আৰু একোৱেই কৰিব নোৱাৰে ৷ এনেদৰে তাহাঁতে এদিন ‘এম কম’ ফাইনেল পৰীক্ষা দি ঘৰলৈ উলটিল ৷ ল’ৰাটোৱে ভাবিছিল হয়তো এই জন্মত ছোৱালীজনী তেওঁৰ নহ’ব কোনোদিনে….
পিছে সেই ধাৰণা ওলট-পালট হৈ গ’ল সেইদিনা আবেলি, যেতিয়া ছোৱালীজনীয়ে হঠাতে তেওঁক কল কৰি ক’লে —“মই ঘৰৰ পৰা ওলাই আহিলো ৷ মোৰ সন্মুখত দুটাই পথ আছে ৷ হয় ৰেলৰ আগত জপিয়াই দি আত্মহত্যা কৰিম নহ’লে তুমি মোক তোমাৰ কৰি লৈ যোৱা ৷ “
ল’ৰাজনে আৰু একোৱেই নেভাবিলে ৷ লগৰ ল’ৰাৰ মটৰচাইকেলখন লৈ ঢাপলি মেলি গৈ তাইক চিৰদিনৰ বাবে নিজৰ কৰি লৈ আহিল ৷ দুদিনমান দুয়োঘৰৰ মাজত বাদ-বিবাদ হ’লেও অৱশেষত অনুষ্টুপীয়াকৈ বিয়াৰ ‘পাৰ্টি ‘ হৈ গ’ল ৷ কিন্ত ছোৱালীজনী ঘৰৰ পৰা সেই দিনা আবেলি ওলাই আহিছিল কিয় ? তাইতো তেওঁক ভাল পোৱা নাছিল ৷ চিৰদিনলৈ তেওঁৰ হৈ আহি তাই এনেদৰে স্বীকাৰোক্তি দিছিল —” মই সৰুৰে পৰাই আন এজন ল’ৰাক ভাল পাই আহিছিলো ৷ তাৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক আছিল ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে সি গুৱাহাটীত এটা ভাড়া ৰূম লৈছিল ৷ বহু দিন মই তাৰ ৰূমলৈ গৈ তাৰ কাপোৰবোৰ ধুই দিছিলো ৷ ৰূমটো পৰিস্কাৰ কৰি দিছিলো ৷ ৰান্ধি-বাঢ়ি ভালকৈ এসাজ খুৱাই থৈ আহিছিলো ৷ কিন্ত সি মোৰ মৰমৰ প্ৰতিদান দিছিল মোৰ শৰীৰটো ব্যৱহাৰ কৰি ৷ এনেকৈ মই দুবাৰ পৰ্যন্ত গৰ্ভপাত কৰাব লগা হৈছিল ৷ এতিয়া সি মোক বাদ দি আন ছোৱালীৰ পিছত ঘুৰে ৷ মই কি কৰো কোৱাচোন ? তুমি মোক ভালপোৱাৰ কথা মইয়ো নুবুজা নহয় ৷ কিন্ত মোৰ জীৱনত যে সি আছিল, মই কি কৰো কোৱা! ব্লেক মেইল হৈ গৈছিলো মই ৷ “
কথাখিনি শুনি ল’ৰাটোৰ চকুৰে লোটক বৈ আহিল ৷ সি তাইক ক’লে –“তুমি এইবোৰ নেভাবিবা ৷ জীৱনত বহুত কিবা হৈ যায় ৷ মই তোমাৰ আৰু একো বেয়া হ’বলৈ নিদিওঁ।”
তাহাঁতৰ মৰমৰ সংসাৰ খন বৰ ধুনীয়াকৈ চলিছিল ঠিকেই ৷ কিন্ত কেৱল মৰমেৰে জানো পেট ভৰে ? ভাত-কাপোৰৰ যোগাৰ কৰিবলৈ টকা লাগে ৷ সি ‘এম কম’ ফাইনেল দি মাত্ৰ ঘৰ আহি পাইছিল হে ৷ চাকৰিৰ বাবে দিব লগা পৰীক্ষা বোৰৰ কাৰণে প্ৰস্তুতি কৰিব লগা সময়ত সি বিয়া কৰি সংসাৰৰ দায়িত্ব লৈছিল ৷ সি পিছে বেছিদিন চিন্তাগ্ৰস্ত হৈ ঘৰতে বহি থাকিব লগা নহ’ল ৷ ভাৰতীয় থল সেনাত চিপাহী ভৰ্তি কৰাবৰ বাবে হোৱা এটা ৰেলিত যোগদান কৰি দৌৰা জপিওৱা আদি সকলো শাৰীৰিক পৰীক্ষাত সফল হৈ এদিন সি অসমৰ বাহিৰৰ কোনোবা এটা ৰেজিমেন্টেল চেন্টাৰলৈ প্ৰশিক্ষণৰ বাবে গ’ল ৷ ঘৰত সি এৰি গ’ল তাৰ মৰমৰ নৱপৰিণীতা পত্নীক ৷ অকলে থাকি যাতে তাই আমনি নেপায়, তাৰ বাবে সি তাইক এটা এন্দ্ৰইদ মোবাইল কিনি দি গ’ল ৷ কঠোৰ সামৰিক প্ৰশিক্ষণ সফলতাৰে সমাপন কৰি সি প্ৰায় এবছৰমান পিছত ঘৰ ওলালহি ৷ চাৰপ্ৰাইজ দিম বুলি সি আগতীয়াকৈ নোকোৱাকৈ আহিছিল ৷ কিন্ত এয়া কি ৷ ছোৱালীজনীৰ যেন সেই আগৰ উৎসাহ, মৰম-চেনেহ নাই ৷ হঠাতে আহি পোৱা ল’ৰাটোৰ বাবে ভাত বনাবলৈ তাই পাকঘৰ সোমাল ৷ এন্দ্ৰইদ মোবাইলটো তাই পাহৰি গৈ শোৱাৰূমতে এৰি গৈছিল আৰু ইয়াৰ লগে লগেই তাহাতঁৰ জীৱনে এটা নতুন মোৰ লৈছিল……
এন্দ্ৰইদ মোবাইলটোৰে তাই পুৰ্বৰ প্ৰেমিকক লগত পুনৰ যোগাযোগ কৰিছিল ৷ তাহাতৰ সীমাচেৰাই যোৱা অশ্লীল কথোপকথন আৰু নগ্ন ফটোৰ বিনিময় আৰু ওৰেটো ৰাতি video কল কৰাৰ ৰেকৰ্ড মোবাইলটোত চাই সি বিচুৰ্তি খালে ৷ তাইক সি একাষৰীয়াকৈ মাতি আনি সোধাত তাই সকলোবোৰ সচাঁ বুলি স্বীকাৰ কৰিলে ৷ কিন্ত মোৰ ভুল হৈ গ’ল , মোক ক্ষমা কৰা বুুলি তাই তাৰ ভৰি দুখনত সাৱটি ধৰিলে ৷ সৰল-সহজ ল’ৰাটোৱে তাইক এইবাৰো ক্ষমা কৰি দিলে ৷ সি মাহেকীয়া ছুটি শেষ কৰি ডিউটি লৈ যাবলৈ ওলোৱাৰ সময়তে তাই অনুভৱ কৰিলে যে তাই এই মাহৰে পৰা মাক হ’বলৈ ওলাইছে…….
সময়বোৰ গৈ থাকিল ৷ তাহাঁতৰ মাজলৈ এজনী ফুটফুটীয়া ধুনীয়া পৰীৰ দৰে মাইনা আহিল ৷ ইপিনে প্ৰশিক্ষণৰ সকলোবোৰ ফৰ্মেলিটি পুৰা কৰি ল’ৰাজন কাশ্মীৰলৈ প্ৰথম পোষ্টিং গ’ল ৷ ছোৱালীজনী কণমানি মাইনাজনীৰে সৈতে নিজৰ মাকৰ ঘৰত ৷ এইবাৰ ছোৱালীজনীয়ে ল’ৰাজনক ক’লে —“মোৰ মায়ে যিহেতু কেচুৱাটো চায়েই, গতিকে মই ঘৰৰ কাষৰ ইংৰাজী মাধ্যমৰ স্কুল খনত পোৱা শিক্ষয়িত্ৰী চাকৰিটোত জইন কৰো ৷ তোমাৰ অবিহনে ইয়াত অকলে ব’ৰ নেলাগিব আৰু হাতলৈ দুটা পইচাও আহিব ৷ “
ল’ৰাজনে পোষ্টিং থকা ঠাইত যিহেতু পৰিয়াল ৰখাৰ ব্যৱস্থা নাছিল, গতিকে তাইৰ কথাটোত ল’ৰাজনে সন্মতি জনালে ৷ পিছে সময়ে ইয়াতো আন কাহিনী ৰাখি থৈছিল ৷ স্কুল খনৰ মালিক আৰু হেডমাষ্টৰ মধ্যবয়সীয়া দুটা সন্তানৰ পিতৃ পুৰুষজন কম দিনৰ ভিতৰতে ছোৱালীজনীৰ নতুন প্ৰেমিক হৈ উঠিল ৷ হেডমাষ্টৰৰ অফিচত স্কুল ছুটীৰ পিছতো দুয়োজন দুৱাৰ বন্ধ কৰি সোমাই থকা আদি কথাবোৰ মুখ বাগৰি মোবাইলযোগে ল’ৰাজনৰ কাণতো পৰিলগৈ। সি ছুটী লৈ মনে মনে দৌৰি আহিল আৰু হাতে-লোটে দুয়োকে ধৰা পেলালেহি ৷ ছোৱালীজনীয়ে আকৌ দোষ স্বীকাৰ কৰি ক্ষমা বিচাৰি ল’ৰাজনৰ ভৰিত খামুচি ধৰিলে ৷ ল’ৰাজন অস্থিৰ হৈ পৰিল ৷ সি তাৰ ইউনিটৰ কমাণ্ডিং অফিচাৰ জনক মোবাইলযোগে আদ্যোপান্ত বিবৰি গ’লে ৷ এই মহানুভৱ বিষয়া জনে তাৰ ডিউটি সলনি কৰি জম্মুত কৰি দিলে য’ত ফেমিলি লগত ৰখাৰ ব্যৱস্থা আছিল ৷ তেখেতে তাক লগত পৰিয়ালটো লৈ আনি জম্মুত ৰিপৰ্ট কৰিবলৈ দিলে ৷ তাত থকাৰ বাবে কোৱাৰ্টাৰৰো ব্যৱস্থা কৰি দিলে ৷ এবছৰমান ল’ৰা-ছোৱালীহাল কণমানি মাইনাজনীৰ সৈতে তাত শান্তিৰে আছিল ৷ কিন্ত কেৰোণ সেইদিনাহে লাগিল যেতিয়া ল’ৰাজনৰ নতুন ঠাইলৈ পোষ্টিং আহিল ৷ সি ছোৱালীজনীক মাইনাজনীৰে সৈতে অসমত থ’বলৈ গ’ল ৷ নতুন ঠাইত কোৱাৰ্টাৰ পালে আকৌ আনিব ৷ পিছে ছোৱালীজনীয়ে অসম যোৱাৰ আগমুহূৰ্তত মনে মনে সেই স্কুলৰ মালিক আৰু হেডমাষ্টৰৰ লগত ফুচফুচাই পাতি থকা কথা ল’ৰাজনে হঠাতে শুনি তাৰ মুৰত যেন আকাশী সৰগ ভাঙি পৰিল ৷ তাই ফোনত কৈ আছিল –“মই তাক নতুন ঠাইত কোৱাৰ্টাৰ ল’বলৈ নিদিওঁ ৷ তাক বুজাই-বঢ়াই সৈমান কৰি মই আকৌ স্কুলত জইন কৰি তোমাৰ কাষতে থাকিম ! “
ল’ৰাজনক মানসিকভাৱে অস্থিৰ কৰি দিবলৈ ইমানখিনি কথায়েই যথেষ্ট আছিল ৷ সি কোনোৰকম ছোৱালীজনীক মাইনাজনীৰ সৈতে অসমত থৈ আহি নতুন ঠাইত মোৰ দাদাৰ ইউনিটত ডিউটি জইন কৰে ৷ কিন্ত তাৰ মানসিক অস্থিৰতা দেখা দিলে ৷ প্ৰথমে একো নুবুজি তাক নতুন ইউনিটত বিভিন্ন শাস্তি দিলে ৷ কিন্ত তাৰ ওল্টা-পাল্টা কাম কৰা বা উদ্ভৎ আচৰণ নকমিল ৷ শেষত তাক বান্ধি লৈ পগলা গৰদলৈ নিব খোজা হৈছিল ৷ কিন্ত তাৰ বান্ধোন খোলাই দি শান্তভাৱে যিজন মানুহে তাৰ মনৰ পৰা ওপৰত কৈ অহা গোটেইবোৰ কাহিনী বাহিৰ কৰিছিল সেয়া আছিল মোৰ দাদা ৷
পিছদিনা মোৰ ই-মেইলত দাদাৰ চাকৰিৰ নগৰ খনলৈ যাবলৈ উৰাজাহাজৰ টিকট আহিল ৷ তাৰ পিছে পিছে দাদাৰ ফোনত আদেশ –“ঐ শেঙুন নাকী , চুপচাপ আহি মোক ৰিপৰ্ট কৰ ৷ মোৰ অসমীয়া ভাইটি এটা বৰ বিপদত পৰিছে ৷ তাক মই বিভাগীয় হস্পিতাললৈ নপঠাওঁ ৷ Out of turn তই আৰু মই মিলি থিক কৰিব লাগিব।”
মই তালৈ গৈ ল’ৰাজনক কিদৰে মানসিকভাৱে সুস্থ কৰাৰ লগতে পিছত তাৰ পত্নীৰ বহুগামীতা আচৰণ আৰু মানসিক ৰোগ থিক কৰি কেনেকৈ তাহাঁতৰ জীৱনত নতুন ৰং সানি দিছিলো সেয়া এক সুকীয়া অধ্যায় ৷
## ##. ##
তাৰপিছত…….ইতিমধ্যে মই থকাৰ বাবে গেষ্ট ৰূমৰ ব্যৱস্থা কৰি ৰখা হৈছিল ৷ দাদাই আচলতে এইটো বিচাৰিছিল যে ল’ৰাটোৰ চাকৰি যাব লগা অৱস্থা নহওঁক বা তাৰ কেৰিয়াৰত উন্নতিৰ বাট ৰূদ্ধ হৈ নেযাওঁক ৷ বিভাগীয় হস্পিতাললৈ পঠিয়ালে তাৰ মানসিক বেমাৰৰ কথা নথিভুক্ত হৈ যাব আৰু চাকৰি যোৱা বা নগ’লেও কেৰিয়াৰত হানি হোৱাৰ তীব্ৰ সম্ভাৱনা আছিল ৷ অন্যথা ল’ৰাজনৰ চিকিৎসা বিভাগীয় হস্পিতালত কৰাটো আছিল বাধ্যতামূলক ৷ মই তালৈ হঠাতে যাব লগা হোৱাৰ বাবে বেছিদিনৰ ছুটী পোৱা নাছিলো ৷ সৰ্বপ্ৰথমে ল’ৰাজনৰ শাৰীৰিক অৱস্থাটোৰ বাবে দুটামান মেডিকেল পৰীক্ষা কৰোৱা হ’ল ৷ বিসংগতি সমূহ চাই দুবিধ ঔষধ দিয়াৰ লগতে অনিদ্ৰা , আভোক আৰু হাইপাৰটেনচন আদিৰো মেৰামতি কৰিববলৈ ঔষধ প্ৰয়োগ কৰা হ’ল ৷ কিন্ত যিমান পাৰি ঔষধৰ শক্তি আৰু পৰিমাণ কমাই দিছিলো ৷ মোৰ কথা মতেই দাদাই তাক সকলো ডিউটিৰ পৰা মুক্ত কৰি তেওঁলোকৰ ইউনিটৰ ফুলনিখনৰ ফুলগছত পানী দিয়া, গুৰি খোচৰা আদি কামত লগাই ৰাখিলে ৷ দিনৰ দিনটো ল’ৰাটো হয় ফুলবোৰৰ মাজত থাকে অন্যথা মোৰ কাউন্সেলিং চেছনত থাকে ৷ ৰাতি তাৰ বেৰেকত শান্তিৰে শুই পৰে (যাৰ বাবে ইতিমধ্যেই তাক ঔষধ দিয়া হৈছিল ) ৷ দাদাইও তাক মৰম কৰি এই বিশ্বাস ঘুৰাই আনিছিল যে সি এজন বিষয়াৰ কাষত থিয় দি বা বহি কথা কোৱা নাই ৷ কৈছে তাৰ ককায়েকক ৷ দাদাই জানি-বুজিয়েই তাক মটৰচাইকেলেৰে বজাৰলৈ পঠিয়াই দি লগা বা তেনে দৰকাৰ নথকা বস্তুও অনায় যাতে এই চেগতে তাৰ ফুৰি অহাৰ দৰে হয় ৷ ইয়াৰ বাদেও মোৰ কথাত দাদাই তেওঁলোকৰ ইউনিটৰ লোক সকলৰ কণ কণ ল’ৰা-ছোৱালী বিলাকৰ ফটো গোটাই ফ্লেক্স ব’ৰ্ডত ডাঙৰকৈ প্ৰিন্ট কৰোৱাই আনি ফুলনিখনৰ মাজত এনেকৈ লগোৱাইছিল যাতে ইয়াতে কাম কৰি থকা ল’ৰাটোৰ চকুত পৰি থাকে ৷ এই শিশুবোৰৰ ফটোৰ মাজত তাৰ মাইনাজনীও আছিল ৷ ‘Our reason to smile’ বুলি এই ডাঙৰ ব’ৰ্ড খনত কেপচন লিখি থোৱা আছিল ৷ মন কৰিছিলো লৰাটোৱে ব’ৰ্ড খনলৈ চাই থাকি মিচিকিয়া হাঁহি মৰা হ’ল ৷ তাৰ ওপৰত সকলোবোৰ প্ৰচেষ্টা সমানে চলি আছিল ৷ ল’ৰাটোক আচলতে ‘betrayal’ ৰ গভীৰ দুখে মানসিকভাৱে অস্থিৰ কৰি পেলাইছিল ৷ তাক এই দৃষ্টিকোণৰ পৰায়েই বিশ্বাস দিয়া হৈছিল যে –“When everything is lost, future still exists. ” ; অথচ তুমিতো একো হেৰুওৱা নাই ৷ মাত্ৰ অলপ বিশৃংখল হৈছে যিটো সহজেই থিক কৰা যাব ৷
কেইদিনমানৰ পিছত ল’ৰাটো একেবাৰেই সুস্থিৰ হৈ উঠিছিল ৷ তেওঁলোকৰ RMO (Regimental Medical Officer) জনৰ সহযোগত ল’ৰাটোক পুনৰ দুটামান পৰীক্ষা কৰাই একেবাৰে ‘নৰ্মেল’ পোৱাত মইয়ো মোৰ টালি-টোপোলা বান্ধি ঘুৰি আহিবলৈ প্ৰস্তুত হৈছিলো ৷ এই খিনিতে কৈ থওঁ যে মই উল্লেখ কৰা RMO জন বৰ সদাশয় ভদ্ৰলোক আছিল ৷ ল’ৰাটোক তেখেতৰ অধীনত চিকিৎসা চলি থকাটো দেখুওৱা হৈছিল আৰু মোক তেখেতে ল’ৰাটোৰ কাউন্সেলিং কৰা, পৰীক্ষা কৰা বা ঔষধ দিয়া আদি কথাত সম্পূৰ্ণ সহযোগ কৰিছিল ৷ তেখেতৰ সহযোগ নহ’লে ল’ৰাটোক ইমানবোৰ ‘process’ কৰাব পৰা নগ’লহেঁতেন ৷
জীৱনত যেতিয়া বহুতো কথাই মগজুত ভিৰ কৰে আৰু অত্যধিক মানসিক হেচাত মানুহে একো উৱাদিহ নোপোৱা হয় তেতিয়াই একোজন শান্ত মানুহো অস্থিৰ হৈ উঠে ৷ এই সময়ত “যি হয় হৈ থাকক, দেখা যাব” বুলি অন্ততঃ অলপ সময়ৰ বাবে হ’লেও সকলো বোৰ কথা এৰি দি মন ভাল লগা যি কোনো কামত (খেলা, লিখা , গাণ গোৱা, ফুলনি কৰা, চিনেমা চোৱা, বজাৰ কৰা, ইত্যাদি) নিজকে নিয়োজিত কৰিলে মনটো শান্ত হ’ব ৷ তেতিয়াহে কি কৰা উচিত বা অনুচিত কথাবোৰ গম পাব ৷
পুখুৰীৰ শান্ত পানী খিনিত হে ধুনীয়া আকাশখন দেখা পায় ৷ লৰি-চৰি থকা পানীত আকাশৰ প্ৰতিবিম্ব ভঙা-ছিঙা দেখিব যিটো আচল প্ৰতিবিম্ব নহয় ৷ মানুহৰ মনৰ ক্ষেত্ৰতো কথাটো একে ৷ শান্ত মন এটাইহে জীৱনৰ প্ৰকৃত পথটো দেখা পায় ৷
এইখিনিলৈকে ল’ৰাজনৰ কথাকেই ক’লো ৷ এইবাৰ ছোৱালীজনীৰ কথা কওঁ ৷ ল’ৰাজনক মই গৈ চিকিৎসা দিয়াৰ সময়ত ছোৱালীজনী মাকৰ ঘৰত আছিল ৷ দাদাই ফোনেৰে তাইৰ মাক-দেউতাক আৰু দাদাকৰ লগত কথা পাতি গোটেইবোৰ কথা নহ’লেও অলপ কিছু কথা কৈছিল ৷ কিন্ত আচৰিত কথাটো হ’ল তাইৰ ঘৰৰ মানুহে কোনোপধ্যেই মানি নলয় যে তাইৰ স্বভাৱ-চৰিত্ৰ এনেধৰণৰ ৷এটা কথাকেই বাৰে বাৰে কয় –“বহুত মৰমত উঠা ছোৱালী। সৰু ছোৱালী ৷ কিবা অলপ চন্ঞ্চলামী কৰিবই পাৰে ৷ তাতে কি হ’ল ? গিৰিয়েকে চম্ভালি ল’লেই হ’ল ৷ “
কি আচৰিত অন্ধ সন্তান প্ৰেম ৷ এনেদৰে অন্ধ মৰমে যে সন্তান নষ্ট কৰি ধ্বংসৰ ফাললৈ ঠেলি দিয়ে, এই কথাৰ উৎকৃষ্ট উদাহৰণ ৷ মহাভাৰতত কৌৰৱৰ এশ জন ভাই-ককাই ধ্বংস কথাটো, ধৃতৰাষ্ট্ৰ অন্ধ হোৱা আৰু গান্ধাৰীয়ে চকু বন্ধ কৰি থোৱা কথাটোৰ লগত ‘connect’ কৰি মাক-দেউতাক সন্তানৰ প্ৰতি অত্যধিক মৰমত অন্ধ হ’লে সন্তান নষ্ট হোৱাটো প্ৰতীকাত্মকভাৱে বুজায় নেকি ভাবি চাব লগা ৷
যি কি নহওঁক, মইয়ো টালি-টোপোলা বান্ধি মোৰ কৰ্মস্থানলৈ উলটিলো ৷ কিছুদিনৰ পিছত দাদাৰ উপদেশ মতে ল’ৰাটোৱে তাৰ ঘৈণীয়েক আৰু মাইনাজনীক লৈ মোৰ কৰ্মস্থানত উপস্থিত হ’লহি ৷ তাক দাদাৰ ইউনিটৰ পৰা মোৰ তেতিয়াৰ কৰ্মস্থানৰ এটা ইউনিটলৈ অস্থায়ীভাৱে নিয়োগ (attachment)কৰি ইয়াত পৰিয়ালটোৰ সৈতে থকাৰ বাবেও ব্যৱস্থা কৰি দিছিল ৷ সমস্যাটো আছিল ছোৱালীজনীয়ে কোনোপধ্যেই নিজৰ দোষ অন্তৰেদি মানি লোৱা নাছিল ৷ তাক ক্ষমা খোজা কথাবোৰো আচলতে অভিনয় হে আছিল ৷ তাইৰ বহুগামীতা স্বভাৱ এক প্ৰকাৰৰ মানসিক ৰোগৰ স্তৰ পাইছিলগৈ ৷ মই নিশ্চিত কৰিছিলো যে তাই ‘চেক্স ফবিয়া’ৰ চিকাৰ হৈছে আৰু অকল নিজৰ স্বামীৰ লগতে সীমাবদ্ধ হৈ থাকিব নোৱাৰা মানসিক স্তৰ পাইছে ৷ এইবিলাকত তাই ইমান ‘addict’ হৈ গৈছিল যে নিজকে হাজাৰবাৰ বুজাইও ক’ব নোৱাৰাকৈ আকৌ একেটা ভুলতে লিপ্ত হৈ পৰে ৷ কিন্ত তাইতো বেয়া চৰিত্ৰ লৈ জন্ম হোৱা নাছিল ৷ জন্মতে সকলোৱে ভাল হিচাপেই জন্ম হয় ৷ পিছৰ কালত মানুহৰ চৰিত্ৰ তিল তিলকৈ গঢ় লয় ৷ মোৰ বিচাৰেৰে ছোৱালীৰ ক্ষেত্ৰত ১৬ বছৰৰ পৰা ১৯ বছৰলৈকে আৰু ল’ৰাৰ ক্ষেত্ৰত ১৯ বছৰৰ পৰা ২৩ বছৰলৈকে যি চৰিত্ৰ গঢ় লয়, সাধাৰণতে গোটেই জীৱন চৰিত্ৰ সেই ভেটিটোৰ ওপৰতে নিৰ্ভৰ কৰে ৷ শৈশৱৰ অভিজ্ঞতা আদি কাৰকবোৰতো আছেই ৷
পুৰুষেই হওঁক বা মহিলাই হওঁক এদিনতে কোনো মানুহৰ মানসিক স্তৰ এনে পৰ্যায় নেপায়গৈ ৷ এনে পৰ্যায় পাবলৈ হ’লে স্তৰ কেইটা খুউব সাধাৰণ ভাবে আমি এনেদৰে চাব পাৰোঃ ‘ফেন্টাছী’ > হঠাতে সুযোগ পাই ফেন্টাছীক লৈ কৰা এডভেন্সাৰ > এডভেন্সাৰৰ ৰিপিট কৰা > অভ্যাস > স্বভাৱ > চৰিত্ৰ > মাত্ৰাধিক আসক্তি > মানসিক বেমাৰ ৷ এই স্তৰ কেইটাৰ ব্যাখ্যাৰ প্ৰয়োজন নাই বুলিয়েই ভাবিছো ৷ পুৰুষেই হওঁক বা মহিলাই হওঁক, সকলোৰে ফেন্টাছী থাকে ৷ এয়া আমাৰ মানবীয় স্বভাৱ ৷ ইয়াত একো ভুল নাই ৷ এটা খুউব পাতল উদাহৰণ — মানুহে সুন্দৰী অভিনেত্ৰী বা ‘হেণ্ডচম’ অভিনেতাৰ প্ৰতি কিয় অনুৰক্ত হয় ? কিন্ত ‘ফেন্টাছী’ৰ লগতে নিজকে শাসন কৰিব পৰা বোধশক্তি সকলোৰে থাকে ৷ সেয়ে বোধশক্তিৰ বাবেই আমি বাচ-বিচাৰ নোহোৱা কাম নকৰো ৷ কোনোবাই হয়তো হঠাতে কিবা এটা পৰিবেশত বোধশক্তিৰ লক্ষ্মণ ৰেখা এবাৰ পাৰ কৰে ৷ কিন্ত অনুতাপ কৰি আগৰ ঠাইলৈ ঘুৰি আহি দ্বিতীয়বাৰ পাৰ নকৰে ৷ কিন্ত যিজনে দ্বিতীয়বাৰ পাৰ কৰি বেয়া এডভেন্সাৰৰ ৰিপিট কৰে, তেওঁৰ এয়া অভ্যাসত পৰিণত হয় ৷ মনৰ মাজৰ শাসনৰ শিকলিডাল ছিঙি যায় ৷ তাৰ পিছৰখিনি আপুনি নিশ্চয় বুজিছেই যে কি হ’ব পাৰে ৷ এটা বেয়া উদাহৰণকে দিওঁ –এজনী ছোৱালী অপহৰণ কৰি আনি মাৰ-ধৰ কৰি, ভয় দেখুৱাই জোৰকৈ বেশ্যালয়ত গ্ৰাহকক মনোৰঞ্জন কৰিবলৈ লগাওঁতে তাইৰো প্ৰথমে লাজ লাগে ৷ সেয়ে কাউন্সেলিং কৰা প্ৰায়বোৰ উদ্ধাৰ কৰি অনা ছোৱালীয়ে এইবুলি কয় যে প্ৰথমেে তাইক বেলেগ বেলেগ গ্ৰাহকৰ লগত জোৰকৈ ‘engage’ কৰা হয় যাতে লাজ নোহোৱা হৈ পৰে বা আন ভাষাত মনৰ শিকলি ডাল ছিঙি যায় ৷ কেইদিনমান পিছত তাইৰ আৰু একো সংকোচ নেথাকে আৰু গ্ৰাহকে বিচৰা মতেই নিজকে আগবঢ়াই দিয়ে ৷ কথাটো থিক এনেকুৱাই ৷
মই আপোনাক কৈ থকা কেচটোৰ ছোৱালীজনীৰ মনৰ শিকলিডাল ছিঙি দিছিল তাইৰ পুৰ্বৰ প্ৰেমিকজনে ৷ মই আগৰ সংখ্যাত কৈছিলো যে তাই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে তাইৰ প্ৰেমিক জনে এটা ৰূম ভাড়া লৈছিল য’ত তাইক ভালপোৱাৰ নামত শাৰীৰিকভাৱে শোষণ কৰিছিল ৷ দুবাৰকৈ গৰ্ভপাত কৰাইছিল তাই ! তাই সমাজৰ বা ‘Morality’ ৰ জোখাৰে এনে এজনী বেয়া ছোৱালী হৈ জন্ম হোৱা নাছিল ৷ মৰম আকলুৱা ছোৱালীজনীক প্ৰেমৰ নামত তাইতকৈ বয়সত বহুত ডাঙৰ প্ৰেমিকজনে তিল তিলকৈ নষ্ট কৰিছিল ৷ সেই পুৰুষজনে তাইৰ মৰেলিটি বা বোধশক্তি শেষ কৰি দিছিল ৷ সমাজে তাইক থু থু দিব ৷ কিন্ত সেই পুৰুষজনক একো নকয় ৷ এইটোৱেই চবতকৈ ডাঙৰ ‘irony’!
মই সকলো পৰীক্ষা কৰাই তাইৰ বিসংগতিবোৰ ধৰা পেলাই প্ৰায় সাত মাহ মান বহুত কষ্ট কৰিছিলো ৷ অনেক ধৰনৰ থেৰাপী আৰু ঔষধৰ মাজেৰে তাইৰ জীৱনটো আগবাঢ়িছিল ৷ মই আপোনাক এই বুলিয়েই ক’ব পাৰো যে মই এতিয়ালৈকে চিকিৎসা কৰা ৰোগী সকলৰ ভিতৰত তাইৰ লগতেই বোধহয় চবতকৈ বেছি কষ্ট কৰিব লগা হৈছিল ৷ তথাপিও মই তাইক ভাল কৰাটো এটা ‘জুনুন’ হিচাপে লৈছিলো আৰু অৱশেষত সফল হৈছিলো ৷ তাইক কৰা চিকিৎসাৰ বিষয়ে অকণমান লিখাৰ মন আছিল যদিও আজিৰ লেখাটো আৰু দীঘল কৰা অনুচিত হ’ব বুলি ইমানতে এৰিলো ৷ সকলো হৈ উঠাৰ পিছত তিনিমাহ তাইক ‘Observation’ ত ৰাখিছিলো ৷ এহাল মানুহৰ স্বাভাৱিক জীৱন ঘুৰি আহিছিল আৰু মই আগবাঢ়িছিলো মোৰ পথেৰে নতুন কেচক প্ৰত্যাহ্বান হিচাপে লৈ…..!