-ববী বড়া |
(গল্প)
কান্দি কান্দি দৌৰি অহা অকনমানিজনী দেখি সাৱত মাৰি বুকুত ভৰাই ল’লে নন্দিতাই। কিছু সময়ৰ আগতেহে গা-পা ধুৱাই দেউতাকৰ ওচৰলৈ পঠিয়াইছিল তাইক। দেউতাক শিৱপ্ৰসাদে নাপিতৰ কাম কৰে। দুপৰীয়া ৰুটি-ভাজি,আমৰ আচাৰেৰে টিফিন দি পঠিয়াইছিল কনমানি ঈশিতাক। বৰজনাকৰ আঠ বছৰীয়া কন্যা দিশাৰ হাতত ধৰি তিনি বছৰীয়া ঈশিতা পখিলীজনীৰ দৰে নাচি নাচি দেউতাকৰ বাবে দুপৰীয়াৰ আহাৰ লৈ গৈছিল।
: কিয় কান্দিছা মাজনী? কি হ’ল তোমাৰ?
কান্দি কান্দি ৰঙা পৰি যোৱা ঈশিতাৰ যেন উশাহ ৰৈ যাব। হিকতিয়াই হিকতিয়াই কান্দি থকা ছোৱালীজনীৰ লগত দিশাও যেন বাকৰুদ্ধ।
: কি হ’ল দিশা ঈচিতাৰ ?
: খুৰী,আমি খুৰাক খাবলৈ দি খেলি আছিলো। তেনেতে ৰাজেন্দ্ৰ বৰদেউতাই ঈচিতাক চকলেট কিনি দিছিল।
তাৰ পাছত মৰম কৰি দোকানৰ পিছফালে লৈ গৈছিল তাইক।
ৰাজেন্দ্ৰহঁত সিহঁতৰ ঘৰৰ কাষতে থাকে। লগালগিকৈ থকা ঘৰবোৰৰ অপৰিস্কাৰ পৰিবেশতে ডাঙৰ হৈছে সিহঁত।ৰাজেন্দ্ৰই শিৱপ্ৰসাদৰ কাষতে পাণ দোকান এখন দি পৰিয়াল পোহপাল দি থাকে। বৰদেউতা বুলিয়েই নিশ্চিন্ত মনেৰে ঈশিতা কোলাত উঠিছিল চকলেট দিম বোলাত। শিৱপ্ৰসাদেও বিশেষ একো ভৱা নাছিল জীয়েকক কোলাত তুলি মৰম কৰা দেখিও।
অজান আশংকাত যেন বুকুখন বৰফ হৈ যাব এনে লাগিল নন্দিতাৰ। এতিয়াহে ঈচিতাৰ মুখলৈ চালে তাই। বেদনাত চিৎকাৰ কৰি ৰোৱা অকমানিজনীৰ ভৰিৰ ফাকেৰে তেজৰ ধাৰা এটি বৈ আহিছে। মূৰটো আচন্দ্ৰাই কৰি উঠিল তাইৰ। বৰমাকো হুলস্থুল শুনি কাষ চাপি আহিল। তাইৰ ল’ৰা ভৱানী দৌৰি গ’ল খুৰাকক মাতিবলৈ।কিছু সময়ৰ ভিতৰতে পৰিবেশ উত্তজনাপূৰ্ণ হৈ উঠিল। কনমানি ঈশিতাৰ অৱস্থা দেখি সকলোৱে ইচআচ কৰিবলৈ ধৰিলে।
সেই সময়তে থানালৈ নতুন কৈ অহা অ .চি . জন সেই বাটেৰে যাওঁতে ভিৰ দেখি তাত খবৰ লওঁতে ঘটনাৰ সবিশেষ শুনি ৰাজেন্দ্ৰক আটক কৰি থানালৈ লৈ আহিল।
মহিলা সমিতিৰ কিছু সদস্যাৰ সৈতে সভানেত্ৰী জোনাকী ঈচিতাৰ ঘৰ পালেগৈ। তাই অফিচত বহি কিছু কাম কৰি থকাৰ মাজতে ঘটনাটো শুনি হতভম্ব হৈ পৰিছিল। তিনি বছৰীয়া ফুলৰ দৰে ঈচিতাক দেখি যেন সকলোৰে নিজৰ শিক্ষা, সভ্যতা-সংস্কৃতিলৈকে ধিক্কাৰ জন্মিল। তাহাঁতি ঘটনাৰ সৱিশেষ শুনি থাকোতেই অপৰাধীটোৰ মাকজনীয়ে ইনাই-বিনাই কান্দি তাতে মজিয়াত বহি আছিল।বাৰে বাৰে হাত যোৰ কৰি মাফ কৰি দিবলৈ অনুৰোধ জনাই আছিল। অপৰাধীটোৰ নাতি-নাতিনী আছে। কিছু দিনৰ পিছতে বিয়া ঠিক হৈ থকা ডেকা পুতেকও দোধোৰ-মোধোৰকৈ তাত ৰৈ আছে। জোনাকীয়ে সুধিলে–
: যদি আপোনাৰ নাতিনীক এই অৱস্থা কোনোবাই কৰিলে হেতেঁন আপুনি মাফ কৰিলে হেতেঁন নে?
মানুহগৰাকীৰ উত্তৰ শুনি আৰু হতভম্ব হ’ল সিহঁত যেতিয়া ক’লে —
:এই ঘটনা ইতিমধ্যে আমাৰ ঘৰত ঘটিছে।
কি আচৰিত কথা!!
কেইবাজন নেতাও গোট খালেহি জোনাকীহঁত অহা বুলি শুনি। ইজন সিজনৰ মুখ বাগৰি তেতিয়া কথাবোৰ ওলাল যে পাষণ্ডটোৱে ওচৰৰ কেইবাজনী সাত,আঠ বছৰীয়া ছোৱালীৰো শালীনতা ভংগ কৰিছে বহুবাৰ।
: তেনেহ’লে আপোনালোক মনে মনে বহি থাকিল কিয়?
জোনাকী যেন গৰজি উঠিল।
:আপোনালোকে সেই মানুহটোৱে প্ৰথম অপৰাধ কৰোতেই যদি প্ৰশাসনৰ সহায় ল’লে হয় আজি এই ঘটনা ঘটিল হেঁতেন নে? ইমানবোৰ ছোৱালীৰ লগত অন্যায় কৰাৰ সাহস পাষণ্ডটোৱে কৰিব পাৰিলে হয় নে ?
সকলোৱে তললৈ মূৰ কৰিলে।
:কিয় ন্যায় ব্যৱস্থালৈ ভয় কৰে মানুহে? কিহৰ ভয় ? কি হেৰুৱাবলৈ বাকি থাকে?
ঈচিতাৰ বৰমাকে মাত দিলে—
: সমাজলৈ ভয় বাইদেউ। সমাজে ছোৱালীজনীকে দুষিব। বিয়া-বাৰুও দিব নোৱাৰিম।আমি বৰ্বাদ হৈ যাম। কেচটো উঠাই দিয়ক।
: সমাজ ? কোনখন সমাজ? য’ত অন্যায় দেখিও চকু মুদা কুলিৰ ভাও দিয়ে সকলোৱে তেনে সমাজক ভয় কৰাৰ নো কি প্ৰয়োজন? এই ছোৱালীকিজনীয়ে জানো জীৱনলৈ এই ভয়ংকৰ অভিজ্ঞতা পাহৰিব? ডাঙৰ হৈ সিহঁতে নোদোষিব নে আপোনালোকক? আমাক? কিয় সকলো জানিও সিহঁতক ন্যায় দিয়া নহ’ল?আমি কেতিয়াবা সিহঁতক মুখ দেখুৱাব পাৰিম নে? সিহঁতে পঢ়ক। কিবা কৰাৰ ৰাষ্টা নিজেই উলিয়াব । আজিৰ দিনত অকল বিয়া দিয়াটোৱেই কেৱল লক্ষ্য হ’ব নালাগে। শিক্ষাৰ বহুত প্ৰয়োজন। উচ্চ শিক্ষাৰে আত্ম নিৰ্ভৰশীল হ’ব সিহঁত। নিজৰ ভৰিত নিজে থিয় হ’ব। মূৰ তুলি সমাজত জীয়াই থাকিব সিহঁত।হাতত জোঁৰ লৈ সমাজক নতুন বাট দেখুৱাব সিহঁতে।
কাৰো মুখত আৰু কথা নাছিল। পিছ দিনা অপৰাধী ৰাজেন্দ্ৰৰ ঘৰৰ মানুহে টকা পঞ্চাশ হাজাৰ দি কেচটো উঠাই ল’বলৈ ঈচিতাৰ দেউতাকক কাবৌ- কোকালি কৰিছিল যদিও অ.চি.জনৰ সবল স্থিতিৰ ওচৰত সকলোৱে হাৰ মানিলে। স্বাস্থ্য পৰীক্ষা কৰোৱাই অপৰাধীটোক জেললৈ পঠিয়াই দিয়া হ’ল।
আৰক্ষীৰ সবল স্থিতিত দোষী সাৰিব নোৱাৰিলে। বিষয়াজনৰ কৰ্তব্য নিষ্ঠা আৰু দৃঢ়তাই যেন পচিবলৈ ধৰা আইন ব্যৱস্থাকে এক ন দিশৰ জ্যােতিৰে আলোকিত কৰিলে।
(সম্পূৰ্ণ সত্য ঘটনাৰ ওপৰত আধাৰিত কাহিনীভাগ।)