–তনয় চক্ৰৱৰ্তী |
আগৰতলাৰ পৰা কলকাতালৈ ৰেলগাড়ীৰে গ’লে সময় লাগিব মাত্ৰ ৬ ঘন্টা, আৰু ঢাকাৰ পৰা কলকাতালৈ মাত্ৰ চাৰে তিনি (৩.৫) ঘন্টা! অবিশ্বাস্য হ’লেও তিনিবছৰ পিছত এয়া বাস্তৱত ৰূপায়িত হ’ব। বাংলাদেশৰ ৰেলবিভাগে তেনেদৰেই ব্যক্ত কৰি কৈছে যে পদ্মা-সেতুৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে কেৱল বাংলাদেশৰ আভ্যন্তৰীণ যোগাযোগেই নহয়, ইন্দো-বাংলাদেশৰ যোগাযোগৰ ক্ষেত্ৰতো বৈপ্লৱিক পৰিবৰ্তন সংঘটিত হ’ব।
বাংলাদেশৰ নিজৰ পুঁজিৰে নিৰ্মাণ হৈ আছে পদ্মা সেতু। ৩০১৯৩ কোটি টকা ব্যয় হ’ব বুলি ধৰিলেও, ব্যয় অধিক হোৱাটোও প্ৰায় খাটাং। ৬.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেতুখনৰ মূল কাঠামো ইতিমধ্যে বাস্তৱত ৰূপায়িত হৈছে। সেতুখনৰ ওপৰেৰে সৰু ডাঙৰ যান-বাহন চলিব আৰু তলেৰে চলিব ৰেলগাড়ী। ৰেলপথেৰে ঢাকাৰ পৰা কলকাতালৈ ৰেলযোগে যাবলৈ এতিয়া সময় লাগে প্ৰায় ২০ ঘন্টা। পদ্মা সেতু সম্পূৰ্ণ হৈ ৰেলগাড়ী চলিব পৰা হ’লে সময় লাগিব মাত্ৰ চাৰে তিনি(৩.৫) ঘন্টা। আকৌ, আগৰতলাৰ পৰা কলকাতালৈ সময় লাগে ৩০ ঘন্টা, কিন্তু সেতুখন সম্পূৰ্ণ হ’লে সময় লাগিব ৬ ঘন্টা! পদ্মা সেতু সম্পূৰ্ণ হ’লে আগৰতলা-কলকাতা বা কলকাতা-আগৰতলা ৰেল চলিব পাৰে ঢাকা হৈ, আৰু সময় অকল্পনীয়ভাৱে ৰাহি হ’ব। বাংলাদেশৰ ৰেলবিভাগে পোনতে ৰেলগাড়ী চলোৱাৰ বিষয়েই চিন্তা কৰি আছে আৰু সেইবাবে আখাউড়া- আগৰতলা পথেৰে ৰেলগাড়ী চলাবলৈ তথা আখাউড়াৰ পৰা ঢাকালৈ ৰেলগাড়ী চলাবলৈ মিটাৰগজৰ কাষে-কাষে ব্ৰডগজ লাইন বহুৱাই আছে। এই কৰ্মযজ্ঞ শেষ হ’লে বাংলাদেশৰ ৰেলপথ ব্যৱহাৰ কৰি বাংলাদেশৰ মাজেৰে আগৰতলা-কলকাতা ৰেলগাড়ী চলিব পাৰে।
মৈত্ৰী এক্সপ্ৰেছ ট্ৰেইনযোগে এতিয়া ঢাকাৰ পৰা পোনে পোনে কলকাতালৈ যাব পাৰি আৰু প্ৰায় ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ অতিক্ৰম কৰোতে সময় লাগে প্ৰায় ১০ ঘন্টা। ২০২৪ চনত প্ৰমত্তা পদ্মা নদীৰ ওপৰেৰে ৰেলসেতুৰ নিৰ্মাণ সম্পন্ন হ’ব আৰু ঢাকা-কলকাতা যাত্ৰাৰ সময় দুই-তৃতীয়াংশ কমি যাব। এই সময়তে আগৰতলা-আখাউড়া হৈ বাংলাদেশৰ ৰেলৰ লগত যুক্ত হ’লে আগৰতলা-কলকাতা পথৰ বাবেও বহুত সময় ৰাহি হ’ব। বৰ্তমান কলকাতা ষ্টেচনৰ পৰা নদিয়া হৈ গেদে, আৰু গেদে হৈ বাংলাদেশৰ সীমান্ত ষ্টেচন দৰ্শনা পাৰ হৈ ঢাকাৰ কেন্টনমেন্ট ষ্টেচনত উপস্থিত হয় মৈত্ৰী এক্সপ্ৰেছ। এই পথছোৱাত প্ৰায় ৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয়। কোভিডকালীন পৰিস্থিতিৰ বাবে সম্প্ৰতি এই ৰেলসেৱা বন্ধ হৈ আছে। কিন্তু পদ্মা নদীৰ সেতু সম্পূৰ্ণ হলে সমগ্ৰ দৃশ্য সলনি হৈ যাব পাৰে বুলিও ৰেলবিভাগে সদৰি কৰিছে। কাৰণ পদ্মা সেতু সম্পূৰ্ণ হ’লে কলকাতা ষ্টেচনৰ পৰা বনগাঁ জংচন ষ্টেচন হৈ সৰিদাসপুৰ সীমান্তৰে বেনাপোল হৈ বাংলাদেশৰ যশোৰ, নড়াইল, ফৰিদপুৰৰভাঙা হৈ ঢাকাত উপস্থিত হ’ব ৰেলগাড়ী। গতিকে দূৰত্ব হৈ পৰিব মাত্ৰ ২৫১ কিলোমিটাৰ, আৰু এইখিনি দৈৰ্ঘ্য অতিক্ৰম কৰোতে চাৰে-তিনি ঘন্টাৰ অধিক সময় নালাগিব। বাংলাদেশৰ ৰেলবিভাগৰ অতিৰিক্ত মহাপৰিচালক ম° শাহাদাত আলিয়ে কৈছে যে ৰাষ্ট্ৰীয় পথেৰে ঢাকাৰ পৰা কলকাতালৈ বাছ-সৰু গাড়ীৰে যাবলৈ হ’লে দিনৰ দিনটো প্ৰায় অতিবাহিত হয়। দূৰত্বৰ উপৰিও, পদ্মাৰ পাৰত ফেৰীৰ বাবে দীৰ্ঘ সময় অপেক্ষা কৰিব লাগে। সেয়েহে পদ্মা সেতুৱে এক অভাৱনীয় পৰিৱৰ্তন অনাটো খাটাং।