-ডা: মনোজ কুমাৰ শইকীয়া |
যৌৱন কালত এই ৰোগ বেছিকৈ (৫০%) হয় কাৰণে আয়ুৰ্বেদিক চিকিৎসক আচাৰ্য্য চৰকে যৌৱন পীড়িকা বুলি কৈছে। সচৰাচৰ যৌৱন কালত হৰমনৰ প্ৰভাৱৰ বাবে তেলেতীয়া ছালৰ (oily skin) মুখত পিম্পলৃচ উঠে। ছালত থকা তৈল গ্ৰন্থি (sebaceous gland) ত চেবাম নামৰ তৈল পদাৰ্থ বেছি উৎপাদন হলে অতিৰিক্ত চেবাম বাহিৰলৈ ওলাই আহে।তেতিয়া ধূলি-বালিৰ লগত মিহলি হয় আৰু নোমকূপত (hair follicles) কামোৰ খাই লাগি ধৰে। এনে অৱস্থাত চেবাম নামৰ তৈল পদাৰ্থ তৈলগ্ৰন্থিত সঞ্চিত হয় আৰু ক্ৰমে তৈলগ্ৰন্থি ক’লা পৰি উখহিবলৈ ধৰে। পিছত ইনফেকৃচন কাৰণে ফোহা ওলাই আৰু বিষাবলৈ ধৰে। কিছুমান যুৱক-যুৱতীয়ে নখৰে ফোহাবোৰ ফুটাই দিয়ে কাৰণে ঘা লাগি মুখখন দেখাত কুৎচিত হয়।
ইয়াৰ প্ৰতিকাৰ
(1) কুহুমীয়া গৰম পানীত নিমখ মিহলাই দিনে দুই-তিনিবাৰ মূখখন ভালকৈ ধুই পৰিস্কাৰ কৰি ৰাখিলে পিম্পলৃচ নুঠে। পিম্পলৃচ হলেও সোনকালে ভাল হব।
(2) পিম্পলৃচ নখৰে নিচিকুতিব।
(3) মুখত কিছুদিন ক্ৰীম নাসানিব। ক্ৰীম সানিলে ধূলি-বালি কামোৰ খাই আকৌ পিম্পলৃচ উঠিব ।
(4) পকা কল আৰু পকা অমিতা সমানে লৈ ফেনেকি লব । অলপ মৌ মিহলাই ফেচিয়েল কৰিব। নোমকূপ পৰিস্কাৰ হব আৰু পিম্পলৃচ সম্পূৰ্ণ ভাল হব, কলা দাগ নোহোৱা হ’ব আৰু ছালৰ উজ্জ্বলতা বাঢ়িব । নতুনকৈ পিম্পলৃচ নুঠে।
(5) জায়ফল আৰু জিৰা পিচি লৈ মুখৰ ছালত সানিলে পিম্পলৃচ নুঠে আৰু উঠিলেও সোনকালে ভাল হয় ।
(6) ৰঙা চন্দন পিচি লৈ মুখত সানিলে পিম্পলৃচ ভাল হোৱাৰ উপৰিও ক’লা দাগ নোহোৱা হব ।
ফোহা উঠি পকিলে তলত দিয়া ঔষধ খাব
(7) Saribadyasav- চাৰি চামুচকৈ দিনে তিনিবাৰ আধাকাপ পানীৰ সৈতে মিলাই আহাৰ খোৱাৰ পিছত খাব।
(8) Kaishore gugulu-দুটাকৈ তিনিবাৰ খাব
সম্পূৰ্ণ ভাল নোহোৱালৈকে খাব। (9) Himalaya Bleminor ক্ৰীম ৰাতি মুখত সানিব.