-তনয় চক্ৰৱৰ্তী |
জেনেভাৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য অধিকৰ্তা টেড্ৰচ আধানাম গেব্ৰিয়াচুচ-এ সমগ্ৰ বিশ্বৰ মানুহক সতৰ্ক কৰি দি কৈছে যে এই মুহুৰ্তত মানুহ যদি সচেতন নহয়, আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰসমূহে যদি টিকাকৰণ কৰ্মসূচী ৰূপায়িত কৰিবলৈ সৰ্বজনীনভাৱে উদ্যোগী নহয়, তেনে ক্ষেত্ৰত আগন্তুক ডেৰ বছৰ পৰ্য্যন্ত কৰ’নাৰ পৰা ৰেহাই পোৱাৰ সম্ভাৱনা নাই। টেড্ৰচ-এ বাৰম্বাৰ টিকাকৰণক লৈ বৈষম্য আতৰ কৰিবলৈ বিশ্বৰ পুঁজিপতি দেশসমূহক আৱেদন জনাই আহিছে। যোৱাবছৰ যেতিয়া জুন-জুলাই মাহৰ পৰা টিকাকৰণক লৈ আন্তৰ্জাতিক মহলে আলোচনা কৰিছিল, টেড্ৰচ-এ তেতিয়াই কৈছিল যে বিশ্বৰ কোনো প্ৰান্তৰ এজন মানুহো যদি টিকাকৰণ কৰ্মসূচীৰ পৰা বাদ পৰি থাকে, তেন্তে আগন্তুক দিনত তেনে ঘটনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। যোৱা শনিবাৰ, ৩১ জুলাই,২০২১ তাৰিখে সেই একেখিনি কথাকেই তেওঁ পুনৰ দোহাৰিলে। টেড্ৰচ-এ কৈছে যে এই মুহুৰ্তত বিশ্বজুৰি প্ৰতি সপ্তাহত ৪০ লাখ মানুহ কৰোনাৰ দ্বাৰা আক্ৰান্ত হৈ আছে আৰু এই হাৰত গৈ থাকিলে আগষ্টৰ মাজলৈ এই সংখ্যা প্ৰতি সপ্তাহে ২.৫ কোটি হ’ব। টিকা লোৱাৰ পিছতো বহুত মানুহ কৰোনাৰ ডেল্টা ষ্ট্ৰেইনৰ দ্বাৰা আক্ৰান্ত হোৱা সম্পৰ্কে তেওঁ কয় যে আক্ৰান্ত হ’লেই যে মৃত্যু হ’ব তেনে নহয়, চিকেন পক্সৰ টিকা লোৱা সকলৰো চিকেন পক্স হ’ব পাৰে – একেই কথা কৰোনাৰ টিকাৰ ক্ষেত্ৰতো প্ৰযোজ্য। কিন্তু টিকা লোৱাৰ ফলত মৃত্যুৰ হাৰ বহুত হ্ৰাস পাব বুলি তেওঁ নিঃসন্দেহ।
টেড্ৰচ-অৰ এইসময়ত সকলোতকৈ বেছি দুঃশ্চিন্তাৰ কাৰণ হৈ পৰিছে ইছলামিক ৰাষ্ট্ৰসমূহ আৰু আফ্ৰিকা মহাদেশৰ সমস্ত দেশ। তেওঁ নিজেই স্বীকাৰ কৰিছে যে ধৰ্মীয় বেৰৰ মাজত আৱদ্ধ হৈ ইছলামিক ৰাষ্ট্ৰসমূহত স্বাস্থ্য কৰ্মীসকলে কামেই কৰিব পৰা নাই। একেলগে তেওঁ কৈছে যে আফ্ৰিকাৰ প্ৰায় সকলো দেশেই কৰোনাৰ টিকাৰ পৰা বঞ্চিত হৈ আছে। তেওঁ টিকাৰ এনে বৈষম্য দূৰ কৰিবলৈ কাৰো নাম উল্লেখ নকৰাকৈ প্ৰথম শ্ৰেণীৰ দেশসমূহক পিছপৰি থকা দেশবোৰৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। কিন্তু এতিয়া যি পৰিস্থিতি, ৰাছিয়াই ঘোষণা কৰিছে যে আগন্তুক ৩ মাহলৈ বিদেশলৈ স্পুটনিক-ভি নামৰ টিকা প্ৰেৰণ কৰা সম্ভৱ নহয়। একেসময়তে আমেৰিকা, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, ফ্ৰান্স আদিতো জপিয়াই জপিয়াই সংক্ৰমিতৰ সংখ্যা বৃদ্ধি কৰিছে কৰোনাই। টেড্ৰচ-এ যিয়েই আহ্বান নজনাওক কিয়, বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন-এ মুকলিকৈ ঘোষণা কৰিছে যে নিজৰ দেশৰ মানুহক সুৰক্ষিত নকৰাকৈ বিদেশৰ মানুহক সুৰক্ষা দিব নোৱাৰি।
কৰোনাৰ সংক্ৰমণ বিয়পি পৰাৰ পটভূমিত আমেৰিকাৰ কেইখনমান প্ৰদেশত, অষ্ট্ৰেলিয়াৰ কেইখনমান চহৰত কঠোৰ লকডাউনৰ ঘোষণা কৰা হৈছে। কৰোনা আৰম্ভ হোৱাৰে পৰাই ৰূপ সলনি কৰি কৰি ভয়ংকৰ বিপদৰ সৃষ্টি কৰা সম্পৰ্কে ভাইৰোলজিষ্টসকলে কৈ আহিছে আৰু সতৰ্ক কৰি আছে। এই সময়ত ডেল্টা ষ্ট্ৰেইন পৃথিৱীৰ ১৩২ খন দেশত বিয়পি পৰিছে আৰু কিয় এনেদৰে বিয়পি পৰিছে – সেই সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীসকলৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানীসকলে অবিৰত গৱেষণা চলাই আছে। লকডাউনৰ ফলত বিশ্বত পুনৰ মন্দাৱস্থাৰ সৃষ্টি হৈছে। বিভিন্ন স্থানত পুনৰ লকডাউন ঘোষণা কৰা হৈছে পুলিচৰ লগত সাধাৰণ নাগৰিকৰ সংঘৰ্ষৰ সৃষ্টি হৈছে, বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে। অষ্ট্ৰেলিয়াতো সহস্ৰাধিক নাগৰিকে বিক্ষোভ প্ৰদৰ্শন কৰিছে – লকডাউনৰ বিৰুদ্ধে। টেড্ৰচ-এ কৈছে যে দুৰ্ভাগ্যবশতঃ আমি কৰোনাৰ তৃতীয় ঢৌৰ প্ৰাথমিক স্তৰত উপনীত হৈছো। এতিয়াও যদি সংক্ৰমণ ৰোধ কৰা নাযায়, প্ৰতি সপ্তাহত ২.৫ কোটি হৈ পৰিব সংক্ৰমিত ব্যক্তি। পৰিস্থিতি অতি ভয়ংকৰ!