–উৎপল শৰ্মা |
৯ ছেপ্টেম্বৰ,২০২১ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাই নিমাতীঘাট আৰু মাজুলীলৈ গৈ দুৰ্ঘটনাটিৰ সবিশেষ বুজ লওঁ। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰি যোৰহাটত আৱদ্ধ হৈ থকা একাংশ লোকক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ খবৰ লওঁ আৰু জিলা প্ৰশাসনৰ সৈতে কথা পাতি তেওঁলোক গৃহাভিমুখী হোৱাৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনাওঁ।নিমাতীঘাটৰ হৃদয়বিদাৰক দুৰ্ঘটনা চৰকাৰ-প্ৰশাসনৰ দীৰ্ঘদিনীয়া হেমাহি আৰু ব্যৰ্থতাৰ ফল। ২০১৪ চনত কেন্দ্ৰত মোডী চৰকাৰ অহাৰ পিছত ছাত্ৰ সন্থাই এক লাখ লোকৰ স্বাক্ষৰ সম্বলিত এক স্মাৰকপত্ৰৰে তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীৰ ওচৰত মাজুলীলৈ দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছিলো। ২০১৬ চনত প্ৰথমবাৰ আধাৰশিলা স্থাপন হোৱাৰ পিছত পুনৰ এবাৰ কেৱল আধাৰশিলাই স্থাপন হ’ল। কিন্তু দলং নিৰ্মাণ নহ’ল। সৰ্বানন্দ সোনোৱালৰ ব্যৰ্থতাৰ চেকাই অসমবাসীৰ লগ এৰা নাই। পাঁচ বছৰে মুখ্যমন্ত্ৰী হৈ থাকিও দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি সাকাৰ কৰিব নোৱাৰা সৰ্বানন্দ সোনোৱালে ছ’চিয়েল মিডিয়াত দুখ প্ৰকাশ কৰাৰ নৈতিক অধিকাৰ নাই। তেওঁ মাজুলীবাসীৰ ওচৰলৈ আহি ক্ষমা ভিক্ষাহে কৰিব লাগে।
চৰকাৰৰ ওচৰত মাজুলীলৈ যাতায়তৰ বাবে ডাঙৰ, অত্যাধুনিক, নিৰাপদ ফেৰী মজুত আছে। কিন্তু ব্যক্তিগত নাওঁসমূহৰ মালিকৰ সৈতে থকা বুজাবুজিৰ বাবেই এই চৰকাৰী ফেৰীসমূহৰ সুব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। মাজুলীলৈ চলা নাওঁসমূহৰ ম্যাদ পৰীক্ষা, চালকসকলৰ দক্ষতা নিৰ্ণয় আৰু যাত্ৰীসকলৰ নিৰাপত্তাৰ ব্যৱস্থাৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে দীৰ্ঘদিন ধৰি চকুমুদা কুলিৰ ভাও ধৰি অহাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পালে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগটো ভালুকৰ সাঙীলৈ পৰ্যবসিত হৈছে।