–তনয় চক্ৰৱৰ্তী |
প্ৰায় ৬ ঘন্টাৰো অধিক সময়ৰ বাবে ফেচবুক, ইন্সটাগ্ৰাম, হোৱাট্চএপ বন্ধ হৈ পৰাৰ বাবে যোৱা সোমবাৰে ( ০৪-১০-২০২১) নিশা হঠাৎ স্তব্ধ হৈ পৰে জনপ্ৰিয় চোছিয়েল মেডিয়া মাধ্যমসমূহ। কিন্তু ইমান সময় বন্ধ হৈ থকাৰ পিছত যেতিয়া পুনৰ সেৱা আৰম্ভ হ’ল – সেই মাধ্যমৰ দ্বাৰা এটা বিবৃতিও প্ৰকাশ নকৰিলে সংস্থাৰ সৰ্বেসৰ্বা মই মাৰ্ক ঝুকেৰবাৰ্গে। ঝুকেৰবাৰ্গৰ সময় যেন ভালদৰে অতিবাহিত হোৱা নাই। যোৱা দেওবাৰে (০৩-১০-২০২১) তেওঁৰ সংস্থাৰ এজন প্ৰাক্তন কৰ্মীয়ে ফেচবুকৰ ভিতৰচৰাৰ গোপন খবৰ প্ৰকাশ কৰি ধুমুহাৰ সৃষ্টি কৰিছে। ফেচবুকৰ হাজাৰ পৃষ্ঠাৰ গৱেষণাপত্ৰ আৰু নথি ৰাজহুৱা কৰিছে ফেচবুকৰ প্ৰাক্তন কৰ্মী ফ্ৰান্সেচ্ হাউগেন-এ। এই গৱেষণা ফেচবুকে নিজা খৰচত আভ্যন্তৰীণ ব্যৱহাৰৰ বাবে কৰিছিল। ফেচবুক ত্যাগ কৰাৰ পিছত তেওঁ যোৱা সোমবাৰে আমেৰিকান টি-ভি চেনেল ‘চি-বি-এচ’-অৰ ‘চিক্সটি মিনিটচ্’ অনুষ্ঠানটোত প্ৰথমবাৰৰ বাবে মুখ খোলে। সেই অনুষ্ঠানত তেওঁ নিজৰ প্ৰাণৰ প্ৰতি সংশয় হোৱা বুলিও উল্লেখ কৰে।
উপভোক্তা অধিকাৰ সুৰক্ষা, পণ্য নিৰাপত্তা আৰু তথ্যৰ সুৰক্ষা বিষয়ক চিনেট উপ-সমিতিৰ সন্মুখত সাক্ষ্য দিয়াৰ বাবে হাউগেনৰ লিখিত বক্তব্য সংগ্ৰহ কৰিছে আমেৰিকান সংবাদ মাধ্যম ‘চি-এন-এন’-এ। মঙলবাৰে হাউগেন-এ সাক্ষ্য দিয়াৰ কথা ( এই লেখা মঙলবাৰৰ ৰাতিপুৱাৰ)। ৱাশ্বিংটনৰ পৰা অহা বাতৰি অনুসৰি লিখিত বক্তব্যৰ জৰিয়তে হাউগেনে কৈছে যে,’ মই যি কৰিছো, সেয়া সঠিক আৰু সাধাৰণৰ ভালৰ বাবেই কৰিছো বুলি মোৰ বিশ্বাস। কিন্তু মই জানো যে ফেচবুকৰ সম্পদৰ সীমা নাই আৰু সেই সম্পদৰ জৰিয়তে মোক নিঃশেষ কৰি দিব পাৰে।’ হাউগেনে আৰু কয় যে,’ মই সন্মুখলৈ আহিছো, কাৰণ মই এক ভয়ংকৰ সত্য প্ৰত্যক্ষ কৰিছো। আৰু সেয়া হ’ল ফেচবুকৰ ভিতৰত কি চলি আছে কোনেও নাজানে। ধপাততকৈও ভয়ংকৰ আসক্তিকৰ হাতিয়াৰ আছে ফেচবুকৰ হাতত আৰু সেই অস্ত্ৰৰ দ্বাৰা নৱীন-প্ৰৱীণ নহয়, সমস্ত প্ৰজন্মকেই শেষ কৰি পেলোৱাৰ ক্ষমতা এতিয়া ফেচবুকৰ হাতত।’
সোমবাৰে নিশা পৰিসেৱা স্বাভাৱিক হোৱাৰ পিছত এক ফেচবুক পোষ্টৰ মাধ্যমেৰে ক্ষমা বিচাৰে ঝুকেৰবাৰ্গ-এ। তেওঁ পৰিসেৱা বিভ্ৰাতৰ বাবে ‘কনফিগাৰেশ্যনত ক্ৰুটিপূৰ্ণ পৰিৱৰ্তন’কেই দায়ী কৰে। কিন্তু কনফিগাৰেশ্যনৰ পৰিৱৰ্তন কোনে কৰিছিল আৰু কিয় কৰা হৈছিল? পৰিকল্পনা অনুসৰি কৰা হৈছিল নে ? এনেবোৰ প্ৰশ্ন উত্থাপন হৈছে যদিও কোনো কৰ্মকৰ্তাই মুখ খোলা নাই। নাম প্ৰকাশত অনিচ্ছুক কেইগৰাকীমান ফেচবুকৰ কৰ্মীয়ে সংবাদ সংস্থা ৰয়টাৰ্চক জনাইছে যে ইন্টাৰনেট ট্ৰেফিক চিষ্টেমৰ ৰুটৰ আভ্যন্তৰীণ ক্ৰুটিৰ বাবে সেই বিভ্ৰাট ঘটিছিল। চাইবাৰ নিৰাপত্তা বিশেষজ্ঞসকলে কৈছে যে সোমবাৰে নিশা ৬ ঘন্টাৰ বিভ্ৰাটৰ কাৰণ এক অনিচ্ছাকৃত ভুল বা পৰিকল্পনা অনুসৰি ভুল-ক্ৰুটি – দুয়োটাই হোৱা সম্ভৱ। কিন্তু নাশকতাৰ বিষয়টোও উলাই কৰিব নোৱাৰি।
মাত্ৰ ৬ ঘন্টাৰ এনে বিভ্ৰাটৰ বাবে মাৰ্ক ঝুকেৰবাৰ্গে প্ৰায় ৭ বিলিয়ন আমেৰিকান ডলাৰৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৫০০০ কোটি টকাৰ ক্ষতিৰ সন্মূখীন হ’ল। স্টেন্ডাৰ্ড মেডিয়া ইনডেক্সৰ অনুমান অনুসৰি গুগলৰ পিছতেই ফেচবুক হ’ল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অনলাইন বিজনেছ প্লেটফৰ্ম। কিন্তু হাউটনে যিদৰে ফেচবুকৰ ভিতৰচৰাক লৈ সৰৱ হৈ পৰিছে, আগন্তুক দিনবোৰত ঝুকেৰবাৰ্গৰ ব্যৱসায়ৰ বিৰাট ক্ষতিও হ’ব পাৰে বুলি বাণিজ্যিক বিশেষজ্ঞসকলে অনুমান কৰিছে।
৩৭ বছৰ বয়সৰ প্ৰাক্তন ফেচবুক কৰ্মী হাউটন প্ৰতিষ্ঠানটোত ‘মিছা তথ্যৰ প্ৰসাৰ ৰোধ কৰা’ দলটোথ পণ্য ব্যৱস্থাপক হিচাপে কৰ্মৰত আছিল। ফেচবুকৰ কৰ্ম-কান্ডত ক্ষুব্ধ হৈ এই বছৰ তেওঁ স্বেচ্ছা-অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় আৰু ফেচবুক ত্যাগ কৰাৰ আগতে ভালেমান আভ্যন্তৰীণ নথি-পত্ৰ তেওঁ হস্তগত কৰে। সেই নথিবোৰ আমেৰিকান দৈনিক ‘ৱাল ষ্ট্ৰীট জাৰ্ণাল’ত তিনি সপ্তাহ ধৰি ধাৰাবাহিকভাৱে প্ৰকাশ কৰা হয়। এই ধাৰাবাহিকৰ শিৰোনাম আছিল ‘ফেচবুক ফাইলচ্’। ফেচবুক কৰ্তৃপক্ষৰ বিৰুদ্ধে মুখ খুলি ‘চি-বি-এচ’-অৰ ‘চিক্সটি মিনিটচ্’ অনুষ্ঠানটোত হাউগেনে কৈছে যে ‘নথিবোৰৰ পৰা জনা যায় যে ফেচবুকে মানুহৰ যে ক্ষতিসাধন কৰি আছে, হিংসা আৰু মিছা তথ্য বিয়পাইছে – সেয়া শীৰ্ষ পদাধিকাৰীসকলৰ জ্ঞাত! কিন্তু তেওঁলোকে কোনো বিহিত ব্যৱস্থা লোৱা নাছিল। বৰং প্ৰমাণ লুকুৱাবলৈ হে যত্ন কৰিছিল।’তেওঁ মাদকদ্ৰব্যৰ বা ড্ৰাগচ-অৰ দৰে ভয়ংকৰ নিচাযুক্ত দ্ৰব্যৰ সৈতে ফেচবুকৰ তুলনা কৰি আমেৰিকাৰ উপভোক্তা বিষয়ক দপ্তৰত অভিযোগ উত্থাপিত কৰিছে।
এই ৬ ঘন্টাৰ বিভ্ৰাট আৰু হাউডেনৰ অভিযোগ – ইয়াৰ বাবেই বিশ্বৰ ধনীৰ তালিকাৰ ওপৰত থকা ঝুকেৰবাৰ্গৰ নাম কিছু ধাপ তললৈ নামি গ’ল আৰু ব্লুমবাৰ্গৰ বিলিয়নাৰ ইনডেক্সৰ হিচাব অনুযায়ী এতিয়া ঝুকেৰবাৰ্গৰ নাম হৈছে ৫ নম্বৰ স্থানত!