ম্যানমাৰ
• অৰবিন্দ ৰাভা
২০২১ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ম্যানমাৰৰ নতুন পাৰ্লিয়ামেন্টত অধিৱেশনৰ প্ৰস্তুতি চলি আছিল। কিন্তু সেই অধিৱেশনৰ আগতেই ৰাতিপুৱাই ম্যানমাৰৰ সেনাবাহিনীয়ে অভিযান চলাই নেশ্যনেল লীগ ফৰ ডেম’ক্ৰেচি ( এন.এল.ডি)ৰ নেত্ৰী আং চান স্যু কি সহকাৰে অইন আইন প্ৰণেতা সকলক আটক কৰে আৰু অভ্যুত্থানৰ দ্বাৰা গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাক স্তব্ধ কৰা হয়। ম্যানমাৰত সেনাবাহিনীৰ শাসন ১ বছৰ সম্পূৰ্ণ হ’ল।
কিন্তু ক্ষমতা দখলৰ এক বছৰ পিছতো ক্ষমতা দখলৰ বিৰুদ্ধে চলি থকা পৰিস্থিতি চম্ভালি ল’বলৈ প্ৰকৃততে সক্ষম হোৱা নাই সামৰিক বাহিনীৰ চৰকাৰে। প্ৰায় প্ৰতিদিনে ঘটিছে সংঘৰ্ষৰ ঘটনা। সামৰিক জুন্টাবিৰোধী বিক্ষোভৰ পটভূমিত নিৰৱধি চলি থকা গ্ৰেপ্তাৰ, অত্যাচাৰ আদিৰ লগতে এতিয়ালৈকে প্ৰায় ১৫০০ অসামৰিক নাগৰিকক হত্যা কৰা হৈছে। ১১০০০+ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। সংবাদ প্ৰতিষ্ঠান এ-এফ-পিৰ এক প্ৰতিবেদনত এজন পৰ্যবেক্ষকৰ তথ্য ডাঙি ধৰি কোৱা হৈছে যে মানৱাধিকাৰ সংগঠনবোৰে সামৰিক জুন্টাৰ বিৰুদ্ধে নিৰ্যাতন আৰু বিচাৰ বহিৰ্ভুত হত্যাকাণ্ডৰ অজস্ৰ অভিযোগ উত্থাপন কৰিছে।
বিশ্লেষক সকলে কৈছে যে সংকটৰ বাবে ম্যানমাৰৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে, বিদ্যালয় – চিকিৎসালয় শূণ্য হৈ পৰিছে, বহুতেই অইন দেশলৈ পলায়ন কৰিছে। অথচ এই সংকট দূৰ হোৱাৰ কোনো লক্ষণেই দেখা দিয়া নাই। জনৈক নাগৰিকে য়াঙ্গুনৰ এখন বজাৰত সংবাদ মাধ্যমক কৈছে যে আমি এতিয়া এক অন্ধকাৰ যুগত বাস কৰিছো। নিজৰ জীৱনৰ লক্ষ্য, ভৱিষ্যতৰ সপোনৰ বিষয়ে ভাবিবলৈ কোনো সুযোগ নাই। বৰং সামৰিক স্বৈৰাচাৰী শাসনৰ অধীনত দৈনন্দিন জীৱন যাপনৰ বাবে কেনেদৰে সংগ্ৰাম কৰিব লাগিব – সেয়াহে ভাবি থাকিবলগীয়া হৈছে।
সামৰিক চৰকাৰে সকলোকে সাৱধান কৰি দিছে যে যিসকলে ৰাস্তাত হৰ্ণ বজাইছে, অন্যান্য পদ্ধতিৰে বিক্ষোভ প্ৰদৰ্শন কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ অনা হ’ব পাৰে। উল্লেখযোগ্য যে ম্যানমাৰত সামৰিক বাহিনীয়ে অভ্যুত্থান ঘটোৱাৰ পিছত এনে প্ৰতিবাদী কাৰ্য জনপ্ৰিয় হৈ পৰে। কিন্তু নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো সেনাবাহিনীৰ বিৰুদ্ধে দৈনিক সংঘাত কমা নাই। বিভিন্ন স্থানত সেনাৰ বিৰুদ্ধে গেৰিলা আক্ৰমণ আৰু মাইন বিস্ফোৰণ সংঘটিত হৈ আছে। ইন্টাৰনেছনেল ক্ৰাইচিছ গ্ৰুপৰ ম্যানমাৰ সম্পৰ্কীয় উপদেষ্টা ৰিচাৰ্ড হোৰচি-এ কৈছে যে এক বছৰৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ ফলত ম্যানমাৰৰ সামৰিক বাহিনীৰ ওপৰত প্ৰভাৱ পৰিছে। সেনাবাহিনীয়ে এতিয়া মনোবল আৰু নিয়োগ-সংকটৰ মাজত আছে। কিন্তু তথাপিও সেনাবাহিনীয়ে ক্ষমতাৰ জৰী হঠাৎ হাতৰ পৰা এৰি নিদিব বুলিও তেওঁ কৈছে।
যোৱা বছৰ ডিচেম্বৰ মাহত বৰদিনৰ দিনা (২৫ ডিচেম্বৰ) ম্যানমাৰৰ পূৰ্বাঞ্চলৰ এক পথত আক্ৰমণ চলাই ৩০ জনৰো অসামিক সাধাৰণ মানুহক হত্যা কৰাৰ বাবে সামৰিক জুন্টাক দায়ী কৰা হয়।নিহত সকলৰ মাজত ‘চেভ দ্য চিল্ডৰেন’ৰ দুজনকৈ কৰ্মীও আছিল। জানুৱাৰী মাহৰ আৰম্ভণিতেই পূৰ্বাঞ্চলৰ এক অঞ্চলত অভ্যুত্থান বিৰোধীতা ৰোধ কৰিবলৈ বিমানেৰে আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে সামৰিক জুন্টাই। নেত্ৰী আং চান স্যু কিৰ বিৰুদ্ধে বিভিন্ন মনে সজা গোচৰো চলি আছে। ইতিমধ্যে কেইটামান গোচৰত তেওঁৰ কাৰাদন্ডও হৈছে। পুনৰ তেওঁৰ সৰ্বাধিক ১৫ বছৰৰ কাৰাদণ্ড হ’ব পাৰে।
ৰাষ্ট্ৰসংঘৰ কোপদৃষ্টিৰ পৰা ম্যানমাৰক বচাই ৰাখিছে চীন আৰু ৰাছিয়াই। তাৰোপৰি ইথিওপিয়া, য়েমেন, ইউক্ৰেণ আদিয়ে অধিক মনোযোগ আকৰ্ষণ কৰা হেতুকে বিশ্বনেতা সকলৰ মনোভাৱ ম্যানমাৰৰ পিনে ভালদৰে পৰা নাই। গতিকে আন্তৰ্জাতিক সম্প্ৰদায়ৰ পৰাও আশা দেখা নাই বিক্ষোভকাৰী সকলে।
ইতিমধ্যে বহুত বিদেশী কোম্পানীয়ে ম্যানমাৰ ত্যাগ কৰিছে। ফলত অদূৰ ভবিষ্যতে দেশখন চৰম আৰ্থিক সমস্যাত পৰিবলৈ উদ্যত হৈছে বুলি অৰ্থনীতিবিদ সকল উদ্বিগ্ন হৈ পৰিছে। এইবোৰৰ মাজত ফ্ৰান্সৰ প্ৰতিষ্ঠান ‘টোটেল এনাৰ্জিচ’, আমেৰিকাৰ ‘শ্বেভৰন’, ফ্ৰান্সৰ বৃহৎ প্ৰতিষ্ঠান ‘ই.ডি.এফ’, ফ্ৰান্সৰেই ‘ভোল্টালিয়া’, নৰৱেৰ ‘টেলিনৰ’, বৃটিছ-আমেৰিকান ট’বাকো, জাপানৰ ‘টয়োটা’, জাপানৰ ‘কিৰিন’ আদি অন্যতম।