শতবৰ্ষৰ দুৱাৰদলিত হাউলী ৰাস মহোৎসৱ
যুগান্ত বায়ন
আশা আৰু প্ৰত্যয় ভৰা এটা ৰাতিপুৱাৰ সন্ধানত….
১৮২২ চনৰ ২১ জুনত বৰপেটা জিলাৰ পশ্চিমসীমাৰ হাদিৰাচকীত আহোম ৰজা চন্দ্ৰকান্ত সিংহ মানৰ সেনাৰ হাতত পৰাজয় বৰণ কৰাৰ ফলস্বৰূপে অসমৰ স্বাধীনতা লুপ্ত হৈ পৰিছিল।
হাদিৰাচকী ৰণৰ প্ৰাক মূহুৰ্তত মইনবড়ীত হাউলীৰ বৰুৱা (ৰজা নামেৰে পৰিচিত) চণ্ডীবৰুৱাক অমানসিকভাৱে হত্যা কৰি ধ্বংস কৰিছিল চণ্ডীবৰুৱাৰ ৰাজ হাউলী। ব্যাপক গণ হত্যাত লিপ্ত হৈছিল অতীতৰ বৃহত্তৰ ৰাজ হাউলী।
মানৰ আক্ৰমণত জৰ্জৰিত আৰু ১৮৯৮ চনত ১২ জুনত ৰিখটাৰ স্কেলত ৮ৰো অধিক প্ৰাবল্যৰ ভূমিকম্পই তচনচ হৈছিল হাউলী অঞ্চল। বিপৰ্য্যস্ত হৈ পৰিছিল হাউলীৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক আন্তঃগাঠনি।
এনে পৰিক্ৰমাৰ মাজতেই ১৯২৮ চনৰ সকলো বিপৰ্যয়, বাধা বিঘিনিক প্ৰত্যাহ্বান জনাই এক নতুন সমাজ জীৱনৰ বাটেৰে বাট বোলাৰ প্রয়াসেৰে হাউলীৰ ৰাইজে ধৰ্মীয় মনোভাৱেৰে আৰম্ভ কৰিছিল ৰাস উৎসৱ।
অতি সম্প্ৰতি এই ৰাস উৎসৱ মহোৎসৱ ধৰ্মীয় চিন্তা ধাৰাৰ মাজতে আৱদ্ধ নাথাকি অঞ্চলটোৰ বিভিন্ন ভাষা ভাষী লোকৰ এক সমন্বয়ৰ উৎসৱলৈ পৰিণত হৈ এই ৰাস মহোৎসৱলৈ ৰূপান্তৰ হৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰে সমাজ জীৱনক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে।
শতবৰ্ষ পালন কৰিবলৈ তিনিটা বছৰ বাকী থকা ৯৬ সংখ্যক ৰাস মহোৎসৱৰ সামৰণিৰ প্ৰাকক্ষণত আগন্তুক শতবৰ্ষ উদযাপন কৰিবলৈ আমি কেনেদৰে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিম, কেনে লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি হাউলী ৰাস মহোৎসৱক এক অনন্য মাত্ৰা প্ৰদান কৰিব পাৰি তাৰ বাবে এক সুচিন্তিত, সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰাৰ বাবে পণ লোৱাটো সময়ৰ আহ্বান হিচাপে আমি সক্ৰিয়ভাৱে বিবেচনা কৰাটো অতি জৰুৰী আৰু প্ৰয়োজনীয় দিশ হিচাপে বিবেচিত হৈছে।
এই সম্পৰ্কত সদ্য প্ৰকাশিত হাউলী ৰাস মহোৎসৱৰ স্মৰণিকা “মুৰুলী“ৰ জৰিয়তে বিশিষ্ট চিন্তাবিদ, সমাজ সংগঠক হেমেন দাসে আগবঢ়োৱা পৰামৰ্শ তথা কৰ্ম আঁচনিসমূহক আমি বাস্তৱ ৰূপ দিয়াৰ বাবে দৃঢ় পদক্ষেপ ল ল’ব লাগিব।
এই ক্ষেত্ৰত “মুৰুলী“ত প্ৰকাশিত ড⁰ নিৰ্মল ৰঞ্জন মজুমদাৰৰ কিছু পৰামৰ্শ আমি বিবেচনা কৰিব পাৰোঁ।
এতিয়াৰ পৰাই আমি শতবৰ্ষ শীৰ্ষক গীতটো প্ৰস্তুত কৰি এক ব্যাপক প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিব পাৰোঁ। শতবৰ্ষ স্মাৰক গ্ৰন্থ, হাউলী বঁটা প্ৰাপক জীৱনী গ্ৰন্থ, “মুৰুলী”ত নিৰ্বাচিত প্ৰবন্ধৰ সংকলনকে ধৰি গ্ৰন্থ প্ৰকাশৰ বাবে এটা নিৰ্বাচিত কোষ গঠন কৰাৰ বিষয়টো সক্ৰিয়ভাৱে বিবেচনা কৰাটো অতি জৰুৰী।
ৰাসৰ দীৰ্ঘ পৰিক্ৰমাক সামৰি এখন তথ্য চিত্ৰ নিৰ্মাণৰ বাবেও অঞ্চলটোৰ অভিজ্ঞ লোকসকলক সামৰি এটা নিৰ্মাণ কোষ গঠন কৰিব পাৰি। এটা অত্যাধুনিক প্ৰেক্ষাগৃহ, শতবৰ্ষ তোৰণ এখন নিৰ্মাণৰ বাবে এতিয়াৰ পৰাই বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰিলে শতবৰ্ষৰ গৰিমা বহু পৰিমাণে বৃদ্ধি হব। হাউলী অঞ্চলৰ বিভিন্ন দিশৰ সামগ্ৰিক প্ৰচাৰৰ বাবে সমূহীয়া অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ বাবেও চিন্তা কৰিব পাৰি।
সংস্কৃতিৰ বিকাশৰ বাবে ভাৰ্চুৱেল বিশ্ববিদ্যালয়ৰ চিন্তা চেতনাও অতি আদৰণীয় পদক্ষেপ। পৰ্যটকৰ আকৰ্ষণৰ বাবে অক্ষৰ ধামৰ আৰ্হিত হাউলীৰ বিশিষ্ট সমাজ সংগঠক মহানন্দ কুমাৰ পাঠকে আগবঢ়োৱা প্ৰদৰ্শনীৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ ৰাস মহোৎসৱৰ শতবৰ্ষৰ এক উল্লেখনীয় আৰু আকৰ্ষণীয় উপাদান হিচাপে নিশ্চয় গ্ৰহণ কৰিব পাৰি।
সামগ্ৰিক ভাৱে হাউলী ৰাস মহোৎসৱক অসম ৰাজ্যিক পৰ্যটন বিভাগৰ বাৰ্ষিক কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰাৰ বাবে এতিয়াৰ পৰাই আমি প্ৰচেষ্টা গ্ৰহণ কৰাটো সঠিক হব। আমাৰ অগ্ৰজ সকলৰ অৱদানক অনুজ সকলে যাতে বিজ্ঞান সন্মত ভাৱে পৰ্যবেক্ষণ কৰিব পাৰে তাৰ বাবে ডিজিটেল আৰ্কাইভৰ অতি প্ৰয়োজন।
সামগ্ৰিক ভাৱে হেমেন দাস আৰু ড° নিৰ্মল মজুমদাৰে শতবৰ্ষ উদযাপনৰ আগমূহুৰ্তত আগবঢ়োৱা পৰামৰ্শ বা প্ৰস্তাৱ সমূহক বাস্তৱ ৰূপ দিয়াৰ বাবে আজি ৯৬ সংখ্যক ৰাস মহোৎসৱৰ সামৰণিৰ মূহুৰ্তত আমি সংকল্প গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিলে নিশ্চয় শতবৰ্ষ এক অনিন্দ সুন্দৰ শতবৰ্ষ হিচাপে আমাৰ লগতে অসমৰ সমাজ জীৱনত স্থান লাভ কৰিবলৈ সক্ষম হব।
ইয়াৰ বাবে লাগিব কেৱল এক সুস্থ আৰু দায়িত্বশীল নেতৃত্ব।
সাময়িক জনপ্ৰিয়তা অৰ্জনৰ বাবে সময়ে সময়ে আৱিৰ্ভাৱ ঘটা লোকৰ সলনি সমাজ আৰু ৰাজহুৱা জীৱনৰ লগতে এই অঞ্চলটোত বৌদ্ধিক, অৰ্থনৈতিক, সাংস্কৃতিক উত্তৰণৰ লগত সততে জড়িত হৈ থকা লোক সকলক এনে দূৰদৰ্শী চিন্তা ধাৰাক সাকাৰ ৰূপ দিয়াৰ কাৰ্যত জড়িত কৰাৰ ব্যবস্থা গ্ৰহণ কৰিলে আমি নিশ্চয় হাউলী ৰাস মহোৎসৱৰ শতবৰ্ষ অনুষ্ঠানক এক অভূতপূৰ্ব নান্দনিক পৰিৱেশেৰে সজাই তুলিবলৈ সক্ষম হম।
যুগান্ত বায়ন, ৮৮৭৬৪১৫০৮৯ (Phone)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)