বিষ্ণু ৰাভা
আজি গুৱাহাটী প্ৰেছ ক্লাৱত শিশু সাহিত্য উত্তৰণৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়।
সভাৰ আৰম্ভনীতে বিষ্ণু ৰাভাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ন কৰে যথাক্ৰমে প্ৰবীন শিল্পী ধনঞ্জয় শৰ্মা আৰু উত্তৰণৰ সভাপতি জগদীন্দ্ৰ ৰায়চৌধুৰীয়ে।
বিষ্ণু ৰাভাৰ গীত পৰিবেশন কৰে শিশু শিল্পী প্ৰাচুৰ্য দাসে। বিষ্ণু ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত কৰা আবৃত্তি প্ৰতিযোগিতাত ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰচিত ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’ – এই কবিতাত অংশ গ্ৰহণ কৰে এজাক শিশু আৰু উদিয়মান কিশোৰ কিশোৰীয়ে।
প্ৰতিযোগিতাখনিত সন্মানীয় বিচাৰকৰ আসন গ্ৰহণ কৰে শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ হিমাংশু শৰ্মাই। সভাৰ বিভিন্ন কাৰ্যসূচীত নিলীমা বৰ্মন, ববিতা লহকৰ, গিতাজ্ঞলী সোণোৱাল, বিবেকানন্দ দাস আৰু ৰবীন পাঠকে বিশেষ ভাবে সহযোগিতা কৰে।
সেইদৰে মূল সভাৰ আঁত ধৰে উত্তৰণৰ প্ৰকাশন সচিব দিলীপ শৰ্মাই।
20-06-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)