সংগীতৰ বোদ্ধিদ্ৰুম জয়ন্ত হাজৰিকা
জয়ন্ত হাজৰিকাৰ ৭৯তম ওপজা দিন উপলক্ষ্যে
যুগান্ত বায়ন
১৯৬০ চনত তেতিয়াৰ মেট্ৰিক পৰীক্ষা দিয়া জয়ন্ত হাজৰিকাই গুৱাহাটী প্ৰগতি শিল্পী সংঘই তিনি নিশা ধৰি নিবেদন কৰা অৰুণ শৰ্মাৰ নাটক “জিন্টি”ৰ জৰিয়তে মাত্ৰ ১৬ বছৰ বয়সতে সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰি অসমৰ সংগীত জগত লৈ কঢ়িয়াই আনিছিল ভাৰতীয় সংগীত আৰু পাশ্চাত্য সংগীতৰ মাজেৰে অসমীয়া আধুনিক গীতৰ এক নৱ অধ্যায়ৰ।
মাত্ৰ ১৬ বছৰ বয়সতে পূৰ্ণাঙ্গ নাটক এখনৰ সংগীত পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰি তেতিয়াই এই কিশোৰ জনে নিজ স্বকীয় প্ৰতিভাৰ উদ্গীৰণ ঘটাইছিল। এনেধৰণৰ সূৰ্য্য সম প্ৰতিভাৰ বিকিৰণৰ দ্বাৰা প্ৰজ্বলিত জয়ন্ত হাজৰিকা জেষ্ঠ্য ভাতৃ গৰাকীৰ দৰে আজন্ম প্ৰতিভাৰ গৰাকী আছিল।
১৯৬০ দশক অসমৰ সংগীত আকাশখন উজ্বলাই তুলিছিল ড⁰ ভূপেন হাজৰিকাই। কিন্তু সুধাকণ্ঠৰ এনে বৰ্ণিল সৃষ্টিৰ মাজতে “বছৰটোৰ ৰেকৰ্ড” সন্মানেৰে সন্মানিত হৈছিল জয়ন্ত হাজৰিকা।
“আগলি বতাহ” নামেৰে এই বিখ্যাত ৰেকৰ্ডখনেৰে জয়ন্ত হাজৰিকা উজ্বলি উঠিছিল। ৰাতিটোৰ ভিতৰতে মাথোঁ ১৮ বছৰ বয়সত এগৰাকী কণ্ঠশিল্পী হিচাপে জয়ন্ত হাজৰিকা ৰাজ্যখনতেই জনপ্ৰিয় হৈ পৰিছিল
জয়ন্ত হাজৰিকাই যিকোনো বাদ্য অলপ সময় হাতত লৈয়ে এগৰাকী অভিজ্ঞ তথা পূৰঠ শিল্পীৰ নিচিনাকৈ বজাব পাৰিছিল। এনে বাদ্যৰ ভিতৰত যিদৰে আছিল অসমৰ দোতাৰা, সেইদৰে আছিল ৰাছিয়াৰ ডোমৰা।
১৯৫৫ চনত ভূপেন হাজৰিকাই পৰিৱেশন কৰা “সাগৰ সঙ্গমত” কালজয়ী গীতটোত জয়ন্ত হাজৰিকাই যাদুকৰী হাতৰ পৰসেৰে সংগত কৰা বংগোৰ ধ্বনিয়ে অগণন শ্ৰোতা-জনতাৰ আবেগ-অনুভূতি শিহৰাই তুলিছিল। তেতিয়া জয়ন্ত হাজৰিকাৰ বয়স আছিল ১২ বা ১৩ বছৰ। এনেধৰণৰ অসাধাৰণ প্ৰতিভাৰে জয়ন্ত হাজৰিকা হৈ পৰিছিল এগৰাকী বিস্ময়কৰ বালক।
১৯৫০-৬০ৰ দশকত ভূপেন হাজৰিকাৰ অনুষ্ঠানসমূহত জয়ন্ত হাজৰিকাই সংগীত ব্যৱস্থাপনাৰ স্বীকৃতিবিহীন অথচ গুৰুদায়িত্ব পালন কৰি হঠাতে এখন লং প্লেইন ৰেকৰ্ড উলিয়াইছিল।
ব্ৰজেন বৰুৱাৰ অৰ্কেষ্ট্ৰাত আৰু ভূপেন হাজৰিকাৰ সংগীতানুষ্ঠানত বাদ্য সংগত কৰি এক পৃথক শৈলীৰ সংমিশ্ৰণেৰে আধুনিক যন্ত্ৰ সংগীতেৰে অসমৰ চহকী লোকসংস্কৃতি প্ৰতিফলিত কৰি ৰেকৰ্ডখনৰ জৰিয়তে পৰিৱেশন কৰা গীতসমূহৰ মাজেৰে অসমীয়া আধুনিক গীতক এক অন্য ৰূপত প্ৰতিষ্ঠা কৰিছিল।
জয়ন্ত হাজৰিকাৰ প্ৰতিটো গীতত লোকসংস্কৃতিৰ পয়োভৰে আজিও তেওঁৰ গীতসমূহক সকলোৰে মাজত চিৰনতুন আৰু জনপ্ৰিয় কৰি ৰাখিছে। তেওঁৰ গীতসমূহ কেৱল মুখস্থ কৰি পৰিৱেশন কৰিলে নহ’ব তেওঁৰ গীতসমূহ তেজে তেজে প্ৰবাহিত হ’ব লাগিব। তেতিয়াহে তেওঁ গীতৰ উচিত মূল্যায়ন হ’ব।
অৱশ্যে ইতিবাচকভাৱে আজিৰ নতুন পুৰুষে জয়ন্ত হাজৰিকাৰ গীতসমূহক হৃদয়ত স্থান দিবলৈ সক্ষম হৈছে। শৈশৱ-কৈশোৰৰ সন্ধিকালত গণ নাট্য আন্দোলনৰ প্ৰভাৱেৰে প্ৰভাৱিত জয়ন্ত হাজৰিকা আছিল এক প্ৰতিবাদী সত্বা। তেওঁৰ প্ৰতিটো গীত স্বদেশ-স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু দেশ প্ৰেমেৰে ভৰা।
১৯৭৭ চনত গঠন কৰা “সুৰবাহিনী”ৰ জৰিয়তে জয়ন্ত হাজৰিকাই নিজকে এগৰাকী “স্ত্ৰীত ছিংগাৰ” হ’ব বুলি ঘোষণা কৰি সদায়ে দুৰ্গত লোকসকলত মাজত থিয় দিছিল।
তেওঁ সংগীত জগতৰ প্ৰকৃততে মাত্ৰ ডেৰটা দশকৰ বাবে কাম কৰিব পৰিছিল। মাত্ৰ ডেৰকুৰি মান গীত উপহাৰ দিয়া জয়ন্ত হাজৰিকাক সেই এমুঠিমান গীতৰ সাৰ্বজনীনতাই তেওঁক আজিলৈকে আমাৰ মাহত জীৱন্ত কৰি ৰাখিছে।
জয়ন্ত হাজৰিকাই অসমৰ শিল্পীসকলৰ প্ৰকৃত জীৱন ছবিখন উদঙাই দি কোৱা এষাৰ কথা আজিও সজীৱ হৈ আছে। তেওঁ কৈছিল – “আমাৰটো ১ তাৰিখ নাই যে দৰমহা পাম। গতিকে গীত গাই দু পইচা নাৰ্জিলে চলিম কেনেকৈ?”
২০ ছেপ্টেম্বৰ জয়ন্ত হাজৰিকাৰ ৭৯তম ওপজা দিন। তেওঁৰ ওপজা দিনৰ পবিত্ৰক্ষণত এই যুগজয়ী শিল্পীগৰাকীক জনাইছোঁ অলেখ শুভকামনা আৰু শ্ৰদ্ধা।
যুগান্ত বায়ন/৮৮৭৬৪১৫০৮৯
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)